SEBA Class 7 Science (Assamese Medium) Lesson 7 – বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন Solutions & Summary
Get the complete SEBA Class 7 Science Lesson 7 – “বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains weather, climate, and how animals adapt to different climatic conditions. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Science
পাঠ – ৭ Ospin Academy
বতৰ , জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
অনুশীলনী
প্রশ্ন ১: এখন ঠাইৰ বতৰ নিৰ্ধাৰণ কৰা কাৰকসমূহৰ নাম লিখা।
উত্তৰঃ এখন ঠাইৰ বতৰ নিৰ্ধাৰণ কৰা কাৰকসমূহৰ নাম হ’ল— উষ্ণতা , আদ্রর্তা , বতাহৰ গতি , বৰষুণ আদি ।
প্ৰশ্ন ২: দিনটোৰ কেতিয়া সর্বোচ্চ আৰু সর্বোনিম্ন উষ্ণতা পৰিলক্ষিত হয়?
উত্তৰঃ দিনটোৰ আবেলি উষ্ণতা সর্বোচ্চ আৰু দোকমােকালি ( ৰাতিপুৱাৰ আগমুহূর্তত উষ্ণতা সর্বনিম্ন হয় ।
প্রশ্ন ৩: খালী ঠাই পূৰ কৰা :
( i ) দীঘলীয়া সময় এছােৱাৰ বাবে পােৱা গড় বতৰকে ………… বােলে ।
( ii ) অতি কম পৰিমাণে বৰষুণ হােৱা আৰু বছৰৰ প্ৰায় ভাগ সময়ে উষ্ণতাৰ মাত্রা অধিক থকা ঠাই এখনৰ জলবায়ু ……..আৰু ………..হয় ।
( iii ) পৃথিবীৰ জলবায়ুৰ অৱস্থা অতি মাত্রা হােৱা ঠাই দুখন হ’ল …………..আৰু ……………।
উত্তৰঃ ( i ) দীঘলীয়া সময় এছােৱাৰ বাবে পােৱা গড় বতৰকে জলবায়ু বােলে ।
( ii ) অতি কম পৰিমাণে বৰষুণ হােৱা আৰু বছৰৰ প্ৰায় ভাগ সময়ে উষ্ণতাৰ মাত্রা অধিক থকা ঠাই এখনৰ জলবায়ু শুকান আৰু বেছি উষ্ণ হয় ।
( iii ) পৃথিবীৰ জলবায়ুৰ অৱস্থা অতি মাত্রা হােৱা ঠাই দুখন হ’ল ক্রান্তীয় আৰু মেৰু ।
প্রশ্ন ৪: তলত দিয়া অঞ্চলৰ জলবায়ুৰ প্ৰকাৰবােৰ লিখাঃ
( a ) জম্মু আৰু কাশ্মিৰ………………….
( b ) কেৰেলা ………………………..
( c ) ৰাজস্থান ………………………..
( d ) উত্তৰ – পূব ভাৰত …………………………
উত্তৰঃ ( a ) জম্মু আৰু কাশ্মিৰ মধ্যমীয়া , উষ্ণ আৰু মধ্যমীয়া আর্দ্র ।
( b ) কেৰেলা অতি উষ্ণ আৰু আর্দ্র ।
( c ) ৰাজস্থান উষ্ণ আৰু শুষ্ক ।
( d ) উত্তৰ – পূব ভাৰত আর্দ্র ।
প্রশ্ন ৫: বতৰ আৰু জলবায়ুৰ কোনটোৰ সঘন পৰিবর্তন ঘটে ?
উত্তৰঃ বতৰৰ জলবায়ুতকৈ সঘন পৰিবর্তন ঘটে । কাৰণ বৰ্তৰ কম সময়ৰ অন্তৰালত ঘটা এটা জটিল পৰিঘটনা ।
প্ৰশ্ন ৬: তলত দিয়াবােৰ কিছুমান প্রাণীৰ বৈশিষ্ট্য । এই বৈশিষ্ট্যবােৰৰ কোনটো ক্রান্তীয় বৰ্ষাৰণ্য আৰু কোনটো মেৰু অঞ্চলৰ অভিযােজন? তুমি ইয়াৰে কোনবােৰ বৈশিষ্ট্য উভয় অঞ্চলৰ অভিযােজনৰ হ’ব পাৰে বুলি ভাবা?
( i ) ফলেই মূল আহাৰ ।
( ii ) বগা নােম ।
( iii ) প্ৰব্ৰজনৰ প্রয়ােজন ।
( iv ) উচ্চস্বৰ সমৃদ্ধ ।
( v ) ভৰিত আঠাজাতীয় তৰপ ।
( vi ) ছালৰ তলত চৰ্বীৰ তৰপ ।
( vii ) আহল বহল পতা ( তলুৱা )।
( viii ) উজ্জ্বল ৰং।
( ix ) বলিষ্ঠ নেজ ।
( x ) দীঘল আৰু বহল পিঠি ।
উত্তৰঃ বৈশিষ্ট্য অভিযোজন
( i ) ফলেই মূল আহাৰ – ( i ) ক্রান্তীয় বৰ্ষাৰণ্য ।
( ii ) বগা নােম – ( ii ) মেৰু অঞ্চল ।
( iii ) প্ৰব্ৰজনৰ প্রয়ােজন – ( iii ) মেৰু অঞ্চল ।
( iv ) উচ্চস্বৰ সমৃদ্ধ – ( iv ) ক্রান্তীয় বৰ্ষাৰণ্য ।
( v ) ভৰিত আঠাজাতীয় তৰপ – ( v ) ক্রান্তীয় বৰ্ষাৰণ্য ।
( vi ) ছালৰ তলত চৰ্বীৰ তৰপ – ( vi ) মেৰু অঞ্চল ।
( vii ) আহল বহল পতা ( তলুৱা ) – ( vii ) মেৰু অঞ্চল ।
( viii ) উজ্জ্বল ৰং – ( viii ) ক্রান্তীয় বৰ্ষাৰণ্য ।
( ix ) বলিষ্ঠ নেজ – ( ix ) ক্রান্তীয় বৰ্ষাৰণ্য ।
( x ) দীঘল আৰু বহল পিঠি – ( x ) ক্রান্তীয় বর্ষাৰণ্য ।
ইয়াৰে ( ii ) , ( iii ) , ( iv ) , ( vi ) , ( vii ) বৈশিষ্ট্য কেইটা ক্রান্তীয় বৰ্ষাৰণ্য আৰু মেৰু অঞ্চল উভয়ৰে বৈশিষ্ট্য হ’ব পাৰে।
প্রশ্ন ৭: ক্রান্তীয় বৰ্ষাৰণ্যত নানা প্রকাৰৰ ডাঙৰ ডাঙৰ আবাদী পােৱা যায় । কিয় বর্ণানা কৰা ।
উত্তৰঃ ক্রান্তীয় বৰ্ষাৰণ্যৰ জলবায়ু ঋতু অনুযায়ী কিছু উষ্ণ আৰু কিছু শীতল হয় । বৰষুণ যথেষ্ট বেছি হয় । জলজ আৰু স্থলজ উভয় উদ্ভিদ আৰু প্ৰাণীৰ প্ৰকাৰ আৰু সংখ্যা অতি বেছি । কিছুমান বিশেষ বিশেষ পৰিস্থিতি তন্ত্রৰ সৃষ্টি হয় । ফল – মূলৰ পাত আদি যথেষ্ট বেছি বাবে বিভিন্ন প্ৰকাৰৰ জীৱৰ আহাৰৰ নাটনি নহয় । বিচৰণ ভূমিও যথেষ্ট । বছৰৰ যিকোনাে সময়তে আশ্রয়স্থলৰ অভাৱ নঘটে । গতিকে ক্রান্তীয় বৰ্ষাৰণ্য অঞ্চলত বিভিন্ন প্রকাৰৰ আবাদী থাকে আৰু প্ৰতিটো আবাদীতে প্রাণীৰ সংখ্যা বহুত বেছি হয় ।
প্রশ্ন ৮: আমি কিয় কোনাে এক বিশেষ প্রকাৰৰ প্রাণী কোনাে এটা বিশেষ জলবায়ুত পাওঁ? উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ কোনাে এক বিশেষ জলবায়ুত কিছুমান বিশেষ প্রকাৰৰ প্রাণীহে পােৱা যায় । কাৰণ হ’ল— জলবায়ু অনুযায়ী জীৱবােৰে নিজকে খাপ খুৱাই ল’ব পৰা গুণ অর্জন কৰে । যিবােৰ জীৱই সেই ঠাইৰ জলবায়ুৰ লগত নিজকে খাপ খুৱাব নােৱাৰে সেই জীৱই তাত বৰ্তি থাকিবও নােৱাৰে ।
গতিকে জলবায়ু অনুযায়ী সেই ঠাইত জীৱ পােৱা যায় । উদাহৰণস্বৰূপে শীতলৰক্তী , প্রাণীবােৰে শীতল জলবায়ু সম্পন্ন অঞ্চলতহে থাকিব পাৰে । উষ্ণৰক্তী প্রাণীবােৰে গৰম ঠাইত থাকে । শীত প্রধান অঞ্চল ( যেনে মেৰু ) ত থকা প্রাণীবােৰৰ গাত বগা নােম , ছালৰ তলত চর্বীৰ তৰপ , সাতুৰিবলৈ ভৰিত আহল বহল পতা আদি শাৰিৰীক বৈশিষ্ট্যবােৰ অর্জন কৰি লয়।
আনহাতে , ক্রান্তীয় বৰ্ষাৰণ্য আৰু বিযুৱ অঞ্চলৰ প্রাণীবােৰৰ গাৰ ছালত নােম কম , দেহৰ বৰণ বিভিন্ন , উৰিবৰ বাবে ডেউকা , ম’হ- দাঁহ খেদিবলৈ বলিষ্ঠ নেজ , দীঘল ডিঙি আদি শাৰিৰীক বৈশিষ্ট্যবােৰ অৰ্জন কৰি লয় ।
প্ৰশ্ন ৯: ক্রান্তীয় বৰ্ষাৰণ্যত বাস কৰা হাতীবােৰে তাৰ পৰিবেশৰ লগত কেনেদৰে নিজকে খাপ খুৱাই লয় লিখা।
উত্তৰঃ ক্রান্তীয় বৰ্ষাৰণ্যত নানা তৰহৰ ফলমূল বা গা – গছৰ উদ্ভিদ পােৱা যায় । যিবােৰ হাতীৰ খাদ্য । তাৰােপৰি জলবায়ু বিভিন্ন ঋতুত সলনি ঘটে । কেতিয়াবা ঠাণ্ডা আৰু কেতিয়াবা গম ।
গতিকে এনে পৰিবেশৰ লগত খাপখুৱাই চলিবলৈ হাতীৰ এডাল দীঘল নাক থাকে যাক আমি শুৰ বুলি কওঁ । এই শুৰেৰে বহু দূৰৰ ঘ্রাণ পাব পাৰে আৰু ইয়াৰ সহায়ত ওখ ওখ গছৰ পাত চিঙি আনি খাব পাৰে । দীঘল জোঙা দাঁত দুটাৰে গছৰ গা – গছ ফালি তাৰ ছাল খাব পাৰে । কাণ দুখন ডাঙৰ আৰু বহল । ইয়াৰ সহায়ত সৰু শব্দও গ্রহণ কৰিব পাৰে । গাৰ ছাল ডাঠ আৰু নােম কম । এড়াল নেজ আছে । ভৰি তলুৱা কোমল বাবে নিশব্দে খােজ কাঢ়ি ফুৰিব পাৰে ।
প্রশ্ন ১০: তলত দিয়া বিকল্পবােৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা ।
( a ) গাত পটি থকা মাংসহাৰী প্ৰাণীবােৰে নিজৰ খাদ্য ধৰিবৰ সময়ত দ্রুতবেগে দৌৰিব পাৰে । ইয়াক পােৱা সম্ভাব্য স্থান হ’ল—
( i ) মেৰু অঞ্চল ।
( ii ) মৰু অঞ্চল ।
( iii ) সাগৰীয় অঞ্চল ।
( iv ) ক্রান্তীয় বৰ্ষাৰণ্য অঞ্চল ।
উত্তৰঃ ( iv ) ক্রান্তীয় বৰ্ষাৰণ্য অঞ্চল ।
( b ) অতি চেঁচা জলবায়ুত বাস কৰি থাকিবৰ উপযােগী কৰি তােলা পােলাৰ বেয়াৰ ( বগা ভালুক ) ৰ বৈশিষ্ট্যবােৰ কি কি?
( i ) বগা নােম , ছালৰ তলত চৰ্বী , গােন্ধ সংবেদী ।
( ii ) পাতল ছাল , ডাঙৰ চকু , বগা নােম ।
( iii ) দীঘল নেজ , বলিষ্ঠ হাতােৰা , আহল বহল পতা ।
( iv ) বগা শৰীৰ , সাঁতুৰিবলৈ বহল পতা , শ্বাস – প্রশ্বাসৰ বাবে ফুল ।
উত্তৰঃ ( i ) বগা নােম , ছালৰ তলত চৰ্বী , গােন্ধ সংবেদী ।
( c ) তলৰ কোনটো বিকল্পই ক্রান্তীয় বৰ্ষাৰণ্য অঞ্চলৰ উত্তম কাৰক নির্দেশ কৰে?
( i ) উষ্ণ আৰু আর্দ্র।
( ii ) নাতিশীতােষ্ণ , প্রচণ্ড বৰষুণ।
( iii ) শীতল আৰু আর্দ্র।
( iv ) উষ্ণ আৰু শুষ্ক।
উত্তৰঃ ( i ) উষ্ণ আৰু আর্দ্র ।
FAQs:
Q1: What topics are covered in Class 7 Science Chapter 7 “বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন”?
This chapter covers the differences between weather and climate, factors affecting climate, and how animals adapt to different environments.
Q2: Where can I find SEBA Class 7 Science Chapter 7 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 7 “বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 7 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):