Class 7 Social Science Chapter 4 Solution (Assamese Medium) – আমাৰ পৰিৱেশ | SEBA Assam | ভূগোল

SEBA Class 7 Social Science (Assamese Medium) Lesson 4 – আমাৰ পৰিৱেশ Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 4 – “আমাৰ পৰিৱেশ” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explains the components of the environment, ecological balance, human impact on nature, and conservation measures. It also discusses natural and man-made environmental changes, pollution, and ways to protect biodiversity. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students grasp key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science

Chapter – 4         Dev Library

আমাৰ পৰিৱেশ

অনুশীলনী

১। উত্তৰ দিয়া:

(ক) পৰিৱেশ মানে কি?

উত্তৰঃ আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ’দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ।

(খ) পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি, উদাহৰণ দি লিখা।

উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।

আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্রকৃতিসৃষ্ট পৰ্বত-পাহাৰ, নদ-নদী, সাগৰ, ৰ’দ, বতাহ, মাটি, উদ্ভিদ, প্রাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্রাকৃতিক পৰিৱেশ। আনহাতে মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ পৰিৱেশ বা মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। যেনে– ঘৰ-দুৱাৰ, কল-কাৰখানা, ৰাস্তা-ঘাট ইত্যাদি।

(গ) পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ প্ৰধান উপাংশসমূহ হ’ল– মাটি, বালি, পানী, প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি।

(ঘ) মানৱসৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ সৃষ্ট পৰিৱেশ বোলে। মানুহে নিজৰ সুবিধা মতে বিভিন্ন বস্তুু প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰি বিভিন্ন ধৰণে ঘৰ- দুৱাৰ, দলং, ৰাস্তা-ঘাট আদি বনায়। সেইদৰহে মানৱ সৃষ্ট পৰিৱেশ সৃষ্টি হয়।

২। শুদ্ধ উত্তৰত √ চিন দিয়া–

(ক) কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়?

(১) মাটি।

(২) শিক্ষানুষ্ঠান।

(৩) পৰিবহণ ব্যৱস্থা।

উত্তৰঃ (১) মাটি।

(খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয়?

(১) পৰ্বত।

(২) ঘৰ।

(৩) নদী।

উত্তৰঃ (২) ঘৰ।

(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?

(১) গছ-গছনি।

(২) কল-কাৰখানাৰ আৱৰ্জনা।

(৩) খাদ্য শস্যৰ বৃদ্ধি।

(৪) জনসংখ্যা বৃদ্ধি।

(৫) জীৱ-জন্তু ধ্বংস।

উত্তৰঃ (২) কল-কাৰখানাৰ আৱৰ্জনা।

(৪) জনসংখ্যা বৃদ্ধি।

(৫) জীৱ-জন্তু ধ্বংস।

৩। বাঁওফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।

বাঁওফাল

সোঁফাল

(ক) আমাৰ চৌপাশ

(ক) মাটি

(খ) জলমণ্ডল

(খ) বায়ু

(গ) স্থলমণ্ডল

(গ) পৰিৱেশ

(ঘ) জীৱমণ্ডল

(ঘ) পানী

(ঙ) বায়ুমণ্ডল

(ঙ) জীৱ-জগত

উত্তৰঃ

বাঁওফাল

সোঁফাল

(ক) আমাৰ চৌপাশ

(গ) পৰিৱেশ

(খ) জলমণ্ডল

(ঘ) পানী

(গ) স্থলমণ্ডল

(ক) মাটি

(ঘ) জীৱমণ্ডল

(ঙ) জীৱ-জগত

(ঙ) বায়ুমণ্ডল

(খ) বায়ু

৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে ৮০ টা মান শব্দৰ ভিতৰত লিখা।

উত্তৰঃ পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে। জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্রাণী জগত আৰু উদ্ভিদ জগত বর্তি থকা স্তৰটোৱে হ’ল জীৱমণ্ডল (Biosphere)। অৰ্থাৎ জৈৱিক উপাংশৰ উপাদানসমূহ জীৱমণ্ডলত বৰ্তি থাকে। এই জৈৱিক উপাংশৰ সকলাে উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে, সেউজীয়া উদ্ভিদে সৌৰশক্তি (সূৰ্যৰ তাপ, পোহৰ)ৰ সহায়ত জীয়াই থাকে। তৃণভােজী প্রাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে। সেই প্রাণীক মাংসহাৰী প্ৰাণীয়ে, যেনে– গৰু, ছাগলী, হৰিণা আদিয়ে ঘাঁহ খায়। বাঘ, সিংহ আদিয়ে আকৌ গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ, তৃণভোজী আৰু মাংসহাৰীৰ মৃত্যু হ’লে জীৱাণুৱে সেইবোৰ পচাই মাটিত মিলাই দিয়ে। ইয়াৰপৰা বুজা যায় যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নির্বাহ কৰে। এনেদৰে এটা জীৱন চক্র চলি থাকে।

৫। তুমি কেনেকুৱা পৰিৱেশত থাকিবলৈ বিচৰা চমুকৈ লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

Q1: What topics are covered in Class 7 Social Science Chapter 4 “আমাৰ পৰিৱেশ”?

This chapter covers environmental components, human activities affecting the environment, conservation methods, pollution, and biodiversity protection.

Q2: Where can I find SEBA Class 7 Social Science Chapter 4 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 4 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 4 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top