SEBA Class 7 Social Science (Assamese Medium) Lesson 7 – অসমৰ সম্পদ Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 7 – “অসমৰ সম্পদ” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explores the natural and human-made resources of Assam, including forests, minerals, water bodies, agricultural land, and biodiversity. It also discusses the importance of resource conservation, economic significance, and sustainable development. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and excel in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 7 Ospin Academy
অসমৰ সম্পদ
অনুশীলনী |
---|
১। উত্তৰ লিখা:
(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?
উত্তৰঃ কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ’ল– কাগজকল (জাগীৰোড), জুইশালা (ধুবুৰী)।
(খ) অসমত থকা ব্যঘ্র প্রকল্প দুটাৰ নাম।
উত্তৰঃ অসমত থকা ব্যঘ্র প্রকল্প দুটাৰ নাম হ’ল– নামেৰি আৰু মানাহ।
(গ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?
উত্তৰঃ অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ’ল– কৃষি।
(ঘ) অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত?
উত্তৰঃ অসমৰ ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত।
(ঙ) ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল?
উত্তৰঃ ১৮৮৯ চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়।
২। সঁচা-মিছা লিখা–
(ক) অসমৰ ২০০ ছেল্টিমিটাৰকতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া।
উত্তৰঃ সঁচা।
(খ) শিমলু গছ পর্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত।
উত্তৰঃ সঁচা।
(গ) অসমৰ জিলাসমূহত খাল, বিল আদি বহুতো জলাশয় আছে।
উত্তৰঃ সঁচা।
(ঘ) কপিলী বৰাক নৈৰ এখন উপ-নৈ।
উত্তৰঃ মিছা।
(ঙ) কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্রব্য।
উত্তৰঃ মিছা।
(চ) চাহ এবিধ ৰোপণ কৃষি।
উত্তৰঃ সঁচা।
৩। উদ্ভিদৰপৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।
উত্তৰঃ আমি উদ্ভিদৰ পৰা বিভিন্ন বস্তু পাওঁ। যেনে–
১। উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ আহাৰ সংগ্ৰহ কৰোঁ।
২। গৃহ নিৰ্মাণৰ কাৰণে প্লাইউড, কাঠ, আদি।
৩। আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাওঁ।
৪। উদ্ভিদৰ পৰা আমি অক্সিজেন সংগ্ৰহ কৰোঁ।
৪। বন্য প্রাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্রয়োজন? (৫০টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰঃ এটা সময়ত সমগ্ৰ পৃথিৱীখন জীৱ জন্তুৰ মুক্ত বিশ্বৰণস্থলী আছিল। কিন্তু মানৱ জাতিৰ অগ্ৰাসনৰ লগে লগে প্ৰকৃতিত পশুপক্ষীৰ বাবে বিচৰণৰ ঠাই কমি আহিল। অৰণ্যবোৰ আছিল বন্য প্ৰাণীৰ শেষ আশ্রয়স্থল। মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অৰণ্যবোৰ সংকটৰ সন্মুখীন হল। ঠাই বিশেষে কিছুমান জীৱজন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰাই বিলুপ্ত হল। তাৰে পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্য প্ৰাণীক সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্যসমূহ গঢ়ি উঠিল। অভয়াৰণ্যসমূহত প্ৰাণীবোৰ সুৰক্ষিত হৈ থাকে। প্ৰাণীবোৰ ইয়াত বংশবৃদ্ধি কৰিব পাৰে। অভয়াৰণ্যসমূহলৈ বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীৰো আগমন ঘটে। উদ্ভিদ, বন্য প্ৰাণীৰে সমৃদ্ধ অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসম্যতা ৰক্ষা কৰাৰ লগতে সৌন্দৰ্যবৰ্ধনৰো কাম কৰে।
৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা।
উত্তৰঃ খাৰুৱা তেলৰ পুং থকা ঠাই: নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী, বৰহোলা, দিহিঙ উপত্যকা, ডিগবৈ।
কয়লাখনি থকা ঠাই: উজনি অসমৰ মাৰ্ঘেৰিটা, লিডু, নাফুক, নাগিনিমৰা কাৰ্বি আংলঙৰ কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী আদি।
৬। ভূগৰ্ভজলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০টা শব্দৰ ভিতৰত লিখা।
উত্তৰঃ ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূ-তলজল। ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ। দেশ এখনৰ খোৱাপানী আৰু গৃহকাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে, ভূ-তলজলে। উদ্যোগ আৰু কলকাৰখানা বোৰতো ভূ-তলজল ব্যৱহাৰ হয়। কৃষিকাৰ্যত জলসিঞ্চৰ বাবে ভূ-তলজল অতি প্ৰয়োজনীয়। ভূ-গৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হৈ ওলাই আহে যাক আমি গৰম পানীৰ উহঃ বুলি জানো আৰু সেইবোৰ শক্তিৰ উৎস।
৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা।
(ক) ৩টা খাৰুৱা তেলৰ পুং।
(খ) ৩টা কয়লাখনি।
(গ) ২টা তেল শোধনাগাৰ।
(ঘ) চূণ শিল পোৱা এখন ঠাই।
(ঙ) তাৰা বিল, শিৱসাগৰ পুখুৰী।
(চ) এটি নদী বন্দৰ।
(ছ) সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী উপনৈ।
উত্তৰঃ

Q1: What topics are covered in Class 7 Social Science Chapter 7 “অসমৰ সম্পদ”?
This chapter covers Assam’s natural and human-made resources, their economic importance, conservation, and sustainable utilization.
Q2: Where can I find SEBA Class 7 Social Science Chapter 7 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 7 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 7 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):