Class 7 Social Science Chapter 8 Solution (Assamese Medium) – উত্তৰ-পূৱ ভাৰত | SEBA Assam | ভূগোল

SEBA Class 7 Social Science (Assamese Medium) Lesson 8 – উত্তৰ-পূৱ ভাৰত Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 8 – “উত্তৰ-পূৱ ভাৰত” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explores the geography, culture, economy, and resources of Northeast India. It covers the unique landscapes, diverse communities, traditional occupations, and the region’s economic development challenges. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and excel in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science

Chapter – 8                Ospin Academy

উত্তৰ-পূব ভাৰত

অনুশীলনী

১। উত্তৰ লিখা:

(ক) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল।

(খ) কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে?

উত্তৰঃ পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে।

(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰধান নদীসমুহ হ’ল–

অসম- ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানাহ, জীয়াভৰালী, বঢ়ীদিহিং, কপিলী, ধনশিৰি।

অৰুণাচল প্ৰদেশ- লুইত, সোৱণশিৰি, ছিয়াং, জীয়াভৰালী।

ত্ৰিপুৰা- ফেনি, গোমতী, ঢলাই, মুহুৰি।

মণিপুৰ- বৰাক, ইম্ফল, ইৰিল।

নাগালেণ্ড- ঝুমকি, দয়াং, টিজু।

মিজোৰাম- কালাদন, টুইভাই সোণাই, টলং, লংগাই।

মেঘালয়- উমট্ৰু (ডিগাৰু), উমিয়াম (বৰাপানী), সোমেশ্বৰী, দুধনৈ।

(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কার্যত আগবঢ়া কিয়?

উত্তৰঃ সমভূমি অঞ্চলত থকা ৰাজ্যকেইখন কৃষিৰ ক্ষেত্ৰত আগবঢ়া। তুলনামূলকভাৱে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষি কাৰ্য কৰিবলৈ সুবিধাজনক। পাহাৰীয়া অঞ্চলবোৰলৈ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা থাকে। মাটি ওখোৰা মোখোৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ। জলসিঞ্চনৰ ক্ষেত্ৰটো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হব লগীয়া হয়। সমভূমিত নদী-পুখুৰী,জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকেǀ তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়। পাহাৰীয়া ৰাজ্যকেইখনত স্থানান্তৰিত খেতি (ঝুম খেতি) কৰা হয়।

(ঙ) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া।

২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি কৰা হয়? (৫০টা মান শব্দৰ ভিতৰত লিখা)।

উত্তৰঃ পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটি খিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষিকাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান,আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। দুই তিনিবছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়।

৩। খালী ঠাই পূৰণ কৰা–

(ক) উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ____________________ বর্গ কিল’মিটাৰ।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ২,৫৫,০৮৩ বর্গ কিল’মিটাৰ।

(খ) ভাৰতৰ উত্তৰ-পূব অঞ্চল ____________________ উত্তৰ অক্ষাংশৰ পৰা __________________ উত্তৰ অক্ষাংশলৈকে বিস্তৃত।

উত্তৰঃ ভাৰতৰ উত্তৰ-পূব অঞ্চল ২০º উত্তৰ অক্ষাংশৰ পৰা ২৯º৩০৴ উত্তৰ অক্ষাংশলৈকে বিস্তৃত।

(গ) উত্তৰ-পূব মৌচুমী বতাহ __________________ কালত বয়।

উত্তৰঃ উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বয়।

(ঘ) উত্তৰ-পূব ভাৰতত মুঠতে ___________________ খন ৰাজ্য আছে।

উত্তৰঃ উত্তৰ-পূব ভাৰতত মুঠতে খন ৰাজ্য আছে।

(ঙ) __________________ উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।

উত্তৰঃ মিজোৰাম উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।

৪। উত্তৰ-পূব ভাৰতৰ মানচিত্র এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা–

(ক) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা।

(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী।

(গ) অসম, মেঘালয়, মণিপুৰৰ ৰাজধানী।

(ঘ) নামৰূপ সাৰ কাৰখানা।

(ঙ) পৰ্যটন ক্ষেত্ৰ টাৱাং।

উত্তৰঃ

Class 7 social science
Map

Q1: What topics are covered in Class 7 Social Science Chapter 8 “উত্তৰ-পূৱ ভাৰত”?

This chapter covers the geography, economy, culture, and development issues of Northeast India, including its natural resources and industries.

Q2: Where can I find SEBA Class 7 Social Science Chapter 8 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 8 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 8 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top