Class 7 Social Science Chapter 16 Solution (Assamese Medium) – মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ | SEBA Assam | সমাজ বিজ্ঞান

SEBA Class 7 Social Science (Assamese Medium) Lesson 16 – মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 16 – “মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ” solutions for Assamese medium students. This chapter from ইতিহাস (History) covers the Mughal period in India, exploring the establishment of the Mughal Empire, its expansion, administration, and cultural contributions. It focuses on key Mughal emperors like Babur, Akbar, Jahangir, Shah Jahan, and Aurangzeb, and their policies, military campaigns, and governance. The chapter also highlights the social, economic, and architectural developments under Mughal rule, including the construction of iconic monuments such as the Taj Mahal. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 16                               Ospin Academy
মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
অনুশীলনী

১। উত্তৰ দিয়া:

(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকাৰ্য আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃৰপৰা শাসনকাৰ্য আৰম্ভ কৰিছিল।

(খ) পাণিপতৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উত্তৰঃ পাণিপতৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল।

(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল?

উত্তৰঃ ঔৰংগজেৱে বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।

(ঘ) মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?

উত্তৰঃ মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা মোগল সম্রাটসকলৰ হাতত ন্যস্ত আছিল।

(ঙ) মনচবদাৰী প্রথা কোনে প্রৱর্তন কৰিছিল?

উত্তৰঃ মনচবদাৰী প্রথা মহামতি অকবৰ মোগলে প্রৱর্তন কৰিছিল।

২। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা–

(ক) ভাৰতবৰ্ষত মোগলসকলে ১২০৬ খ্রীঃৰপৰা ১৮৫৭ খ্রীঃলৈ ৰাজত্ব কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) মোগল সাম্রাজ্যৰ অন্তৰ্গত প্রদেশবোৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল।

উত্তৰঃ অশুদ্ধ।

(গ) বাবৰৰ ৰাজ্য বংগৰপৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) মিৰজুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।

উত্তৰঃ শুদ্ধ।

(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।

উত্তৰঃ অশুদ্ধ।

৩। খালি ঠাই পূৰণ কৰা–

(ক) _________________ মোগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।

উত্তৰঃ আকবৰ মোগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।

(খ) মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল ____________________ নীতি-নিৰ্দেশনা মতে।

উত্তৰঃ মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি-নিৰ্দেশনা মতে।

(গ) মোগলসকলে কৰ-কাটলৰ বাবে মাটিক _________________ ভাগত ভাগ কৰিছিল।

উত্তৰঃ মোগলসকলে কৰ-কাটলৰ বাবে মাটিক চাৰি ভাগত ভাগ কৰিছিল।

(ঘ) _________________ খ্রীঃত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।

উত্তৰঃ ১৫৭৭ খ্রীঃত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।

(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল __________________ জন।

উত্তৰঃ আকবৰৰ শাসনকালত মনচবদাৰ আছিল ২৯ জন।

৪। চমু উত্তৰ লিখা–

(ক) একত্ৰিত ভাৰতবৰ্ষৰ সপোন আশিংকভাৱে কার্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন কোন কোন আছিল?

উত্তৰঃ একত্ৰিত ভাৰতবৰ্ষৰ সপোন আশিংকভাৱে কার্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন আছিল মহামতি অশোক আৰু আকবৰ।

(খ) ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি ক’ৰপৰা ক’লৈ আছিল?

উত্তৰঃ ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল।

(গ) মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন?

উত্তৰঃ মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ হ’ল– দিৱান, ফৌজদাৰ আৰু ফটোৱাল।

(ঘ) মোগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভাগোৱা হৈছিল আৰু ভাগবোৰ কি কি?

উত্তৰঃ মোগলসকলৰ শাসন কালত মাটিক চাৰি ভাগত ভাগোৱা হৈছিল।

সেইকেইটা হৈছে–

১। পোলাজ (যি বিলাক মাটিত প্রতিবছৰে খেতি হয়)।

২। পাৰাউটি (যি বিলাক মাটিত মাজে- সময়ে খেতি বন্ধ কৰি মাটিখিনি উৰ্বৰ কৰা হয়)।

৩। চাচ্চাৰ (যি মাটিত ৩/৪ বছৰ খেতি কৰা নহয়)। আৰু

৪। বানজাৰ (যি মাটি ৫ বছৰ বা তাতোধিক কাল খেতি নোহোৱাকৈ পৰি থাকে)।

(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল?

উত্তৰঃ মনচবদাৰসকলক পদমৰ্যাদা অনুসৰি পাৰিতোষিক দিয়া হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জায়গীৰৰপৰা মনচবদাৰসকলে নির্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল’ব পাৰিছিল।

(চ) মোগল সাম্রাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল।

উত্তৰঃ মোগল সাম্রাজ্যত কৰ সংগ্ৰহৰ বাবে চাৰিটা পদ্ধতিৰ প্ৰচলন আছিল।

সেইকেইটা হৈছে–

১। দহচাল বা দহবছৰীয়া পদ্ধতি।

২। জাবটি পদ্ধতি।

৩। ঘালা বকচী। আৰু

৪। নাচাক বা কাণকূট পদ্ধতি।

৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা–

(ক) মোগলসকলৰ বিচাৰ ব্যৱস্থা।

উত্তৰঃ বাবৰে স্থাপন কৰা মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰিছিল সম্রাট আকবৰে। প্রকৃততে মোগল শাসন ব্যৱস্থা আৰবীয়, পার্টী আৰু স্থানীয় ভাৰতীয় শাসন ব্যৱস্থাৰ সংমিশ্রণ আছিল। মোগল সম্রাটসকল আছিল শাসনৰ সৰ্বময় শক্তি। তেওঁলোকৰ শাসনৰ বিৰুদ্ধে প্রতিবাদ হ’ব নোৱাৰিছিল বৰং বিদ্রোহহে হৈছিল। সম্রাটক পৰামৰ্শ দিবলৈ এখন সভা আছিল। কেন্দ্রীয় শাসন, প্রাদেশিক শাসন, সামৰিক শাসন, বিচাৰ ব্যৱস্থা, কৰ-কাটলৰ ব্যৱস্থা, মনচবদাৰী প্ৰথা আদি সু-শৃঙ্খল ব্যৱস্থাৰ যোগেদি মোগল সম্রাটসকলে সু-বিশাল সাম্ৰাজ্যখন নিয়াৰিকৈ শাসন কৰিছিল।

মোগল ৰাজত্ব কালত সম্রাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা কোৰাণৰ নীতি-নির্দেশনা মতে পৰিচালিত হৈছিল। গাঁও পর্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল। চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা সীমিত আছিল বাবে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল।

(খ) মনচবদাৰী প্রথা।

উত্তৰঃ মোগল প্রশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছে মনচবদাৰী প্ৰথা। মনচব হ’ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ’ল পদ বা স্থান। সেয়ে মনচবদাৰ শব্দটোৰে পদ মর্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহাসবিদসকলৰ মতে ১৫৭৭ খ্রীঃত মহামতি আকবৰ মোগল শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱতঃ সামৰিক বাহিনী শক্তিশালী, পৰিকল্পিত আৰু নিয়মানুবর্তী কৰাৰ উদ্দেশ্যে ইয়াৰ প্রৱর্তন কৰা হৈছিল। মনচবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়ো ক্ষেত্রতে প্রয়োজন সাপেক্ষে সেৱা আগবঢ়াবলগীয়া হৈছিল। উল্লেখ্য যে উত্তৰাধিকাৰ সূত্রে কোনেও মনচবদাৰ হ’ব নোৱাৰিছিল।

মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূর্ণৰূপে সম্ৰাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমর্যাদা অনুসৰি মনচবদাৰসকলৰ পাৰিতোষিক নির্দিষ্ট কৰা হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জায়গীৰৰপৰা মনচবদাৰসকলে নির্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল’ব পাৰিছিল।

Q1: What topics are covered in Class 7 Social Science Chapter 16 “মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ”?

This chapter covers the Mughal period in India, including the rulers, administration, military campaigns, social and economic changes, and architectural achievements during the Mughal rule.

Q2: Where can I find SEBA Class 7 Social Science Chapter 16 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 16 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 16 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top