SEBA Class 7 Social Science (Assamese Medium) Lesson 19 – পৰিকল্পনা, বাজেট আৰু উন্নয়ন Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 19 – “পৰিকল্পনা, বাজেট আৰু উন্নয়ন” solutions for Assamese medium students. This chapter from সমাজ বিজ্ঞান (Social Science) explains the processes of planning, budgeting, and development in the context of a nation’s economic growth. It covers the importance of proper planning for the development of infrastructure, education, and healthcare, and how budgets are formed to allocate resources for different sectors. The chapter also highlights the role of government policies in driving growth and development, both at the state and national levels. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 19 Ospin Academy
পৰিকল্পনা, বাজেট আৰু উন্নয়ন
অনুশীলনী |
---|
১। চমু উত্তৰ লিখা:
(ক) সঞ্চয়ৰ অৰ্থ কি?
উত্তৰঃ মাহটোৰ বাবে প্ৰয়োজনীয় খৰচ কৰি ৰাহি হোৱা ধনখিনিক সঞ্চয় বুলি কোৱা হয়।
(খ) পৰিকল্পনা কাক বোলে?
উত্তৰঃ কোনো এটা কামৰ বাবে আগতীয়াকৈ চিন্তা কৰা হয় তাকে পৰিকল্পনা বোলে।
(গ) বাজেট মানে কি?
উত্তৰঃ পৰিকল্পনামতে ৰূপায়ন কৰিবলৈ কিমান অৰ্থ বা টকা-পইচাৰ প্ৰয়োজন হ’ব, সেই অৰ্থ ক’ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট।
(ঘ) কল্যাণমূলক কাম কাক বোলে?
উত্তৰঃ যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয়। সেইবোৰ কামক কল্যাণমূলক কাম বোলে।
(ঙ) নিতি আয়োগ কোন চনত গঠন কৰা হয়?
উত্তৰঃ নিতি আয়োগ ২০১৫ চনত গঠন কৰা হয়।
২। উত্তৰ লিখা–
(ক) কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অর্থ আহৰণ কৰে?
উত্তৰঃ দেশৰ পৰিকল্পনাত দেশখনৰ আর্থিক উন্নতিৰ কামত গুৰুত্ব দিয়া হয়। আনহাতে দেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব পৰা কামবােৰকো পৰিকল্পনাত গুৰুত্ব সহকাৰে লােৱা হয়।
চমুকৈ ক’বলৈ গ’লে চৰকাৰী পৰিকল্পনাত উন্নয়নমূলক কাম কাজকহে গুৰুত্ব প্রদান কৰা হয়। আনহাতে এই কাম-কাজবােৰ ৰূপায়ণৰ বাবে চৰকাৰক অর্থ প্রয়ােজন হয়। চৰকাৰে কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা বুজন পৰিমাণৰ আয় কৰে। কৰ কাটলৰ যােগেদিও চৰকাৰে ৰাজহ সংগ্রহ কৰে। তদুপৰি চৰকাৰে ৰাহি ধনৰ সুদৰ পৰাও অর্থ সংগ্রহ কৰে।
(খ) ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ’ব বিচৰা হৈছে?
উত্তৰঃ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে উপনীত হ’ব বিচৰা লক্ষসমূহ হ’ল–
১। উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা।
২। অর্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ সুনিশ্চিত কৰা।
৩। সামাজিক ন্যায় স্থাপন আৰু অর্থনৈতিক অসমতা দূৰীকৰণৰ লক্ষ্যত উপনীত হোৱা।
৪। আত্মনির্ভৰশীলতা অর্জন।
৫। অর্থনীতিত অব্যৱহৃত বা অর্ধ ব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূর্ণ নিয়োগ নিশ্চিত কৰা।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা–
(ক) নিতি আয়োগৰ অধ্যক্ষ–
(i) ৰাষ্ট্রপতি।
(ii) বিত্তমন্ত্রী
(iii) প্রধানমন্ত্রী।
(iv) গৃহমন্ত্রী।
উত্তৰঃ (iii) প্রধানমন্ত্রী।
(খ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল–
(i) ৪ বছৰ।
(ii) ৬ বছৰ।
(iii) ৮ বছৰ।
(iv) ৫ বছৰ।
উত্তৰঃ (iv) ৫ বছৰ।
(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয়–
(i) কৃষি।
(ii) উদ্যোগ।
(iii) অর্থ।
(iv) বাণিজ্য।
উত্তৰঃ (iii) অর্থ।
(ঘ) তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ–
(i) আয়কৰ।
(ii) নিগম কৰ।
(iii) দ্রব্য আৰু সেৱা কৰ।
(iv) জৰিমনা।
উত্তৰঃ (iv) জৰিমনা।
(ঙ) দ্বাদশ পথঞ্চবার্ষিক পৰিকল্পনা সর্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল–
(i) সমূহীয়া অন্তর্ভুক্তিকৃত বৃদ্ধি।
(ii) কৃষি।
(iii) উদ্যোগীকৰণ।
(iv) পথ পৰিবহন।
উত্তৰঃ (i) সমূহীয়া অন্তর্ভুক্তিকৃত বৃদ্ধি।
8 খালী ঠাই পূৰ কৰা–
(ক) পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক ____________________ দিব লাগে।
উত্তৰঃ পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক গুৰুত্ব দিব লাগে।
(খ) অৰুণিমা এগৰাকী ___________________ মহিলা।
উত্তৰঃ অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা।
(গ) প্রতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট __________________ থাকে।
উত্তৰঃ প্রতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট পৰিকল্পনা থাকে।
(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ ___________________ প্রস্তুত কৰি লোৱা হয়।
উত্তৰঃ চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ বাজেট প্রস্তুত কৰি লোৱা হয়।
(ঙ) কোনো প্রত্যক্ষ প্রতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে _____________________।
উত্তৰঃ কোনো প্রত্যক্ষ প্রতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ।
৫। প্রকল্প:
তোমালোকৰ নিজৰ বিদ্যালয়ত অনুষ্ঠিত কৰা যিকোনো এটা অনুষ্ঠানৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত কৰা। পৰিকল্পনা অনুযায়ী বিভিন্ন শিতানত হ’বলগীয়া খৰচৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 19 “পৰিকল্পনা, বাজেট আৰু উন্নয়ন”?
This chapter covers the process of planning, budgeting, and development, including how resources are allocated and how government policies contribute to the development of the country.
Q2: Where can I find SEBA Class 7 Social Science Chapter 19 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 19 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 19 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):