Class 8 Social Science Chapter 6 – ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা (Industry and Transport System of India) – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৬ – ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ ষষ্ঠ অধ্যায় ‘ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 6 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা’ নামৰ এই পাঠটিত ভাৰতবৰ্ষৰ প্ৰধান উদ্যোগসমূহ (যেনে— লো-তীখা, কপাহী বয়ন, চাহ, মৰাপাট আদি), উদ্যোগ গঢ়ি উঠাৰ অনুকূল কাৰকসমূহ, আৰু দেশৰ দ্ৰুতগতিত বিকশিত হোৱা পৰিবহন ব্যৱস্থাৰ (পথ, ৰেল, জল আৰু বায়ু পৰিবহন) বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। দেশৰ অৰ্থনৈতিক উন্নয়নত উদ্যোগ আৰু পৰিবহন ব্যৱস্থাৰ ভূমিকা অপৰিসীম। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভাৰতৰ প্ৰধান উদ্যোগসমূহৰ অৱস্থান, বিতৰণ আৰু অৰ্থনীতিত ইয়াৰ অৱদানৰ বিস্তৃত পৰিচয়।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- পৰিবহন ব্যৱস্থাক ‘দেশৰ সিৰা-উপসিৰা’ বুলি কিয় কোৱা হয়, তাৰ কাৰণ বিশ্লেষণ আৰু দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- পাঠভিত্তিক খালী ঠাই পূৰণ, শুদ্ধ-অশুদ্ধ বিচাৰ কৰা আৰু চমু টোকাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক。
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 6 (Ospin Academy)
ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা
|
TEXTUAL QUESTION ANSWER |
|---|
১। চমু উত্তৰ লিখা —
(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা।
উত্তৰঃ আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হ’ল লো তীখা উদ্যোগ।
(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা।
উত্তৰঃ এবিধ ইন্ধন খনিজৰ নাম হ’ল খাৰুৱা তেল।
(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হ’ল মহাৰাষ্ট্ৰ।
(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।
উত্তৰঃ ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম হ’ল ৰেল পৰিবহণ সেৱা।
২। শুদ্ধ উত্তৰটো লিখা —
(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত —
(ক) তৃতীয়।
(খ) দ্বিতীয়।
(গ) প্ৰথম।
উত্তৰঃ (গ) প্ৰথম।
(খ) ভাৰতত প্ৰথমে ৰেল চলিছিল —
(ক) ১৮৩৫ চনত।
(খ) ১৯৩৫ চনত।
(গ) ১৮৫৩ চনত।
উত্তৰঃ (গ) ১৮৫৩ চনত।
(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল —
(ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(খ) ২ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
উত্তৰঃ (গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল —-
(ক) অসম।
(খ) কেৰালা।
(গ) অন্ধপ্ৰদেশ।
উত্তৰঃ (খ) কেৰালা।
৩। উত্তৰ লিখা —
(ক) ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে?
উত্তৰঃ ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ’ল–
১। উত্তৰ-পূব উপদ্বীপীয় বলয় ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ।
২। মধ্য বলয় ছত্তিশগড়, অন্ধ প্ৰদেশ, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ।
৩। দক্ষিণ বলয় কৰ্ণাটক মালভূমি আৰু তামিলনাডু।
৪। দক্ষিণ-পশ্চিম বলয় কৰে কৰ্ণাটক আৰু গোৱা।
৫। দক্ষিণ-পশ্চিম বলয় কৰ্ণাটক আৰু গোৱা।
৬। উত্তৰ-পশ্চিম বলয় আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট।
৭। উত্তৰ-পূব তৈল বলয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা।
(খ) ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম হ’ল–
১। জামছেদপুৰৰ টাটা লো-তীখা উদ্যোগ।
২। বাৰ্ণপুৰ লো-তীখা উদ্যোগ।
৩। ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো আৰু তীখা উদ্যোগ।
৪। ৰুৰকেল্লা তীখা উদ্যোগ।
৫। ভিলাই তীখা উদ্যোগ।
(গ) মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে?
উত্তৰঃ মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়। বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানী কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবেমুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে।
৪। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা।
উত্তৰঃ অতীজত মানুহে এঠাইৰ পৰা অন্য ঠাইলৈ খোজ কাঢ়ি নাইবা হাতী, ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল। জলভাগত নাৱেৰ দ্বাৰা মানুহ আৰু বস্তু বাহানি কঢ়িয়াইছিল। পুৰণি যাতায়ত আৰু পৰিবহণ ব্যৱস্থাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু বায়ু পৰিবহন যথেষ্ঠ সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলবোৰ স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে। কম খৰচী জলপৰিবহনৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিছে। বায়ু পৰিবহনৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তঃত উপলব্ধ হৈছে। অৱশ্যে ই আন পৰিবহন ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী।
ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে। আধুনিক যুগৰ জি পি এচ, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহনৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি। স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক প্ৰযুক্তি সম্বলিত যানবাহন বোৰে আগতকৈ কম পৰিমাণে পৰিৱেশ বিনষ্টকাৰী প্ৰদূষক নিষ্কাষণ কৰে।
৫। পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰাস্বৰূপ। কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা।
উত্তৰঃ ১। পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়।
২। পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰতক্ষ্য বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে। উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণ সেৱাত ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে।
৩। পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে। ৰেলসেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে ২০১১-১২ বৰ্ষত ৰেল পৰিবহন ব্যৱস্থাৰ পৰা দেশত ১০৮,২৭,৮৭৯ কোটি টকা উপাৰ্জন হৈছিল।
৬। ভুচিত্ৰাৱলীৰ সহায়ত লিখা—
(ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম।
উত্তৰঃ অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নামসমূহ হ’ল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজী, উত্তৰ লক্ষীমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাওঁ, বঙ্গাইগাঁও, ধুবুৰী, কোকৰাঝাৰ ইত্যাদি।
(খ) ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম।
উত্তৰঃ ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নামসমূহ হ’ল নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।
(গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম হ’ল মোকংচেলেক।
