Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 10 Solution – মধ্যযুগৰ অসম | SCERT Assam

SCERT Assam Class 8 Social Science Chapter 10 – “মধ্যযুগৰ অসম” Summary & Solutions

Class 8 Social Science Chapter 10 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 10 – “মধ্যযুগৰ অসম” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

মধ্যযুগৰ অসম (Medieval Assam) discusses the important rulers, socio-economic conditions, administration, and cultural developments during the medieval period in Assam.

  • Major Rulers: Ahom kings, Koch dynasty, and their contributions.
  • Administrative System: Paik system, taxation, and military organization.
  • Cultural Influence: Literature, architecture, and religious developments.

📌 Key Topics Covered:

  • Ahom and Koch rule in medieval Assam
  • Social and economic life during this period
  • Influence of Srimanta Sankardeva and Neo-Vaishnavism
  • Wars and relations with the Mughals

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 10 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 10 – “মধ্যযুগৰ অসম” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 10: মধ্যযুগৰ অসম

Class 8 Social Science

Chapter – 2   (Ospin Academy)

মধ্যযুগৰ অসম

TEXTUAL QUESTION ANSWER

১। উত্তৰ লিখা—

(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।

(খ) চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল?

উত্তৰঃ চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন হ’ল বুঢ়াগোহাঁই আৰু বৰগোঁহাই।

(গ) মূলাগাভৰু কোন আছিল?

উত্তৰঃ মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল।

(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে।

(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?

উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল।

(চ) চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?

উত্তৰঃ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ।

২। ক্ৰমানুসাৰে সজোৱা—

(ক) ইয়াণ্ডাবু সন্ধি।

(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।

(গ) শৰাইঘাটৰ যুদ্ধ।

(ঘ) মিৰ্জুমলাৰ অসম আক্ৰমণ।

(ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।

(চ) ইখ্তিয়াৰ উদ্দিন মালিক উজবেগ, তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ।

উত্তৰঃ (ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন। (১২২৮ খ্ৰীষ্টাব্দত)।

(চ) ইখতিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ। (১২৫৭ খ্ৰীষ্টাব্দত)।

(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ (১৪৯৮ খ্ৰীষ্টাব্দত)।

(ঘ) মিৰজুমলাৰ অসম আক্ৰমণ (১৬৬২ খ্ৰীষ্টাব্দত)।

(গ) শৰাইঘাটৰ যুদ্ধ।

(ক) ইয়াণ্ডাবু সন্ধি (১৮২৬ খ্ৰীষ্টাব্দত)।

৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা—

(ক) আহোমসকল অসমলৈ অহাৰপৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ।

উত্তৰঃ শুদ্ধ।

(খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰপৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে।

উত্তৰঃ অশুদ্ধ।

(গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়।

উত্তৰঃ শুদ্ধ।

(ঙ) চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল।

উত্তৰঃ অশুদ্ধ।

(চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল।

উত্তৰঃ অশুদ্ধ।

৪। খালী ঠাই পূৰোৱা—

(ক) আহোমসকল অসমলৈ অহাৰ পাছৰেপৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়।

(খ) আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল।

(গ) স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।

(ঘ) সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰপৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে।

(ঙ) ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।

(চ) ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।

৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ

(ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?

উত্তৰঃ ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে। অসমত তেওঁলোক উনৈশ শতিকাৰ আগভাগলৈ প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল।

 

আজিৰ পৰা প্ৰায় ৭৮৪ বছৰ আগেয়ে মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰালৈ এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। এই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী দুটা জনজাতিৰ অধীনত আছিল। মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পাণি গ্ৰহণ কৰিছিল। চুকাফা চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত তেখেত স্বৰ্গগামী হয়।

(খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ ফলাফল কি হ’ল?

উত্তৰঃ ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবে আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয়। মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াই। ইয়াৰ পৰিণতিতে বীৰ লাচিত বৰফুকন নেতৃত্বত আহোম সেনা আৰু ৰামসিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল।

 

এই যুদ্ধত মোগল সেনা পৰাজিত হৈছিল আৰু আহোমৰ হেৰুৱা মান, যশ উদ্ধাৰ হৈছিল।

(গ) চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল?

উত্তৰঃ বীৰ চিলাৰায়ৰ অন্য এটা নাম হ’ল- শুক্লধ্বজ। কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত তেঁওৰেই ভায়েক শুক্লধ্বজক সেনাপতি পাতিছিল। শুক্লধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁ বুৰঞ্জীত ‘চিলাৰায়’ নামেৰে জনাজাত।

বীৰ চিলাৰায়ে জয় কৰা ৰাজ্যবোৰ হৈছে- আহোম ৰাজ্য, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি।

(ঘ) বাৰভূঞাসকল কোন?

উত্তৰঃ অসমত বাৰভূঞাসকলৰ উত্থান সম্পৰ্কে বহুতো কাহিনী আছে। কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ কাৰণে ভূঞাসকলে কামৰূপৰ দূৰ্বল ৰজাসকলৰ শাসন কালত স্বাধীন ৰজাহিচাপে মূৰ দাঙি উঠিছিল।’ ভূঞা’ শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলঃত কায়স্হ,দৈবজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। অসমৰ ভূঞাসকলক বাৰভূঞা নামে জনা যায়।

(ঙ) কছাৰীসকল কোন?

উত্তৰঃ কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদ সকলৰ মতে প্ৰাচীন কালত কছাৰী কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈ বিস্তৃত আছিল। চুতীয়া ,কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাশ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে। এই সংস্কৃতি তেওঁলোকৰ পূৰ্বৰ সংস্কৃতিতকৈ কিছু পৃথক। সেয়ে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়। যেনে- বড়ো, কছাৰী, মেছ,ডিমাচা, গাৰে, হাজং, শৰণীয়া, সোণোৱাল আদি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 10 FAQs | মধ্যযুগৰ অসম | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 10 – মধ্যযুগৰ অসম FAQs
1. Who were the major rulers of medieval Assam?
The Ahom kings and the Koch dynasty were the major rulers of medieval Assam.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 10 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. What was the Paik system in medieval Assam?
The Paik system was a unique administrative and military system introduced by the Ahom kings.
4. How did Srimanta Sankardeva influence medieval Assam?
Srimanta Sankardeva introduced Neo-Vaishnavism, which played a crucial role in Assamese society and culture.
5. How does “মধ্যযুগৰ অসম” help in exam preparation?
This chapter covers the history, administration, and cultural impact of medieval Assam, which is crucial for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top