Class 8 Social Science Chapter 14 – ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ১৪ – ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত চতুৰ্দশ অধ্যায় ‘ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ’ ভাৰতত ইংৰাজ সাম্ৰাজ্যবাদৰ প্ৰতিষ্ঠা আৰু ইয়াৰ প্ৰভাৱ জানিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 14 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ’ নামৰ এই পাঠটিত পলাশীৰ যুদ্ধ, বক্সাৰৰ যুদ্ধ, বেংগলত দ্বৈত শাসন ব্যৱস্থা, লৰ্ড ৱেলেচলীৰ অধীনতামূলক মিত্ৰতা নীতি (Subsidiary Alliance), লৰ্ড ডেলহাউচীৰ স্বত্ববিলোপ নীতি (Doctrine of Lapse), আৰু বৃটিছ সাম্ৰাজ্যৰ প্ৰশাসনিক দৃঢ়ীকৰণৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃটিছসকলৰ এই কূটনীতি আৰু সামৰিক অভিযানসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পলাশী আৰু বক্সাৰৰ যুদ্ধৰ কাৰণ, ফলাফল আৰু ভাৰতৰ ৰাজনীতিৰ ওপৰত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ।
- ৰবাৰ্ট ক্লাইভ, ৱাৰেন হেষ্টিংছ, লৰ্ড ৱেলেচলী আৰু লৰ্ড ডেলহাউচীৰ সাম্ৰাজ্যবাদী নীতিসমূহৰ পুংখানুপুংখ বিশ্লেষণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- অধীনতামূলক মিত্ৰতা নীতি আৰু স্বত্ববিলোপ নীতিৰ প্ৰয়োগ আৰু ইয়াৰ দ্বাৰা অধিগ্ৰহণ কৰা ৰাজ্যসমূহৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 6 (Ospin Academy)
ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ
|
TEXTUAL QUESTION ANSWER |
|---|
১। উত্তৰ দিয়া–
(ক) বৃটিছ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বদ্বিতা হৈছিল?
উত্তৰঃ বৃটিছ আৰু ফৰাচীৰ মাজত সাম্ৰাজ্য স্থাপনৰ বাবে প্ৰতিদ্বদ্বিতা হৈছিল।
(খ) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল?
উত্তৰঃ প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ ফ্ৰান্সিন ডুপ্লে।
(গ) চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি কোন আছিল?
উত্তৰঃ চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি মীৰজাফৰ আছিল।
(ঘ) বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰঃ বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিল আছিল।
(ঙ) কোনে স্বত্ত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল?
উত্তৰঃ লৰ্ড ডেলহাউচিয়ে স্বত্ত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল।
২। শুদ্ধ উত্তৰ বাছি উলিওৱা—
(ক) পণ্ডিচেৰী বৃটিছসকলৰ বাণিজ্য কুঠি আছিল।
উত্তৰঃ অশুদ্ধ।
(খ) ফৰাচীসকলে চালাবৎ জঙক হায়দৰাবাদৰ নিজাম পাতিছিল।
উত্তৰঃ শুদ্ধ।
(গ) চিৰাজউদ্দৌল্লা আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল।
উত্তৰঃ অশুদ্ধ।
(ঘ) পলাশী নামৰ ঠাইখন ভাগিৰথী নদীৰ পাৰত অৱস্থিত আছিল।
উত্তৰঃ শুদ্ধ।
(ঙ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে।
উত্তৰঃ শুদ্ধ।
(চ) লৰ্ড ৱেলেচলিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল।
উত্তৰঃ অশুদ্ধ।
৩। ক্ৰমানুসাৰে সজোৱা—
চিৰাজউদ্দৌল্লা, মিৰ্জাফৰ, আলিবৰ্দি খাঁ, মীৰকাছিম।
উত্তৰঃ আলিবৰ্দি খাঁ, চিৰাজউদ্দৌল্লা, মিৰ্জাফৰ, মীৰকাছিম।
৪। চমু উত্তৰ লিখা—
(ক) প্ৰথম কৰ্ণাটক যুদ্ধ।
উত্তৰঃ লিখা-
(ক) প্রথম কর্ণাটক যুদ্ধ।
উত্তৰঃ ১৭৪০ খ্রীষ্টাব্দত অষ্টীয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰ কেন্দ্রিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকল পৰস্পৰে পৰস্পৰৰ প্ৰতিদ্বন্দী হৈছিল। এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফৰাচীৰ সম্পর্কতো প্ৰভাৱ পেলাইছিল। সুযোগ সন্ধানী নৌবাহিনীয়ে ১৭৪৫ খ্রীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ-পূর্ব উপকুলত ফৰাচী যুদ্ধত অবৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে। সেই সময়ত ধোচেফ ফ্রান্সিচ চুপ্লে পণ্ডিচেৰী আছিল। চতুৰ, দূৰদর্শী আৰু তীক্ষ্ণ বৃদ্ধি সম্পন্ন গৱণৰ ডুপ্লেই প্রত্যুত্তৰত বৃটিছৰ অধীনত থকন মাদ্রাজ দখন কৰিছিল। বৃটিছসকলে নিৰুপায় হৈ কর্ণটিকৰ নৱাবৰ সহায় বিৱেৰিলে। কর্ণাটকৰ নৱাবে বৃটিছৰ সহায়ৰ বাবে পঠোৱা প্রকাণ্ড সৈন্যবাহিনীও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল। কিন্তু হঠাতে ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো বৃটিছ আৰু ফৰাচীৰ মাজত সন্ধি হয়। সেই সন্ধি মর্মে ফৰাচীসকলে বৃটিছৰপৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে। এই ঘটনাকে ইতিহাসত কলচিকৰ প্রথম যুদ্ধ বুলি জনা যায়।
(খ) ডুপ্লে।
উত্তৰঃ যোচেফ ফ্রান্সিচ ডুপ্লে পণ্ডিচেৰীৰ গৱৰ্ণৰ আছিল। চতুৰ দূৰদৰ্শী আৰু তীক্ষ্ণ বৃদ্ধি সম্পন্ন গৱৰ্ণৰ ডুপ্লেই ইংৰাজৰ অধীনত থকা মাদ্রাজ দখল কৰিছিল। ডুপ্লেৰ নেতৃত্বত ফৰাচী সৈন্যই কর্ণাটকৰ নৱাবৰ লগ হৈ ইংৰাজে কৰা আক্ৰমণকে প্রতিহিত কৰিছিল।
(গ) পলাশী যুদ্ধ।
উত্তৰঃ ১৭৫৭ খ্রীষ্টাব্দত মুছিঁদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পাৰশা নামৰ মইত বংগৰ নবাৱ চিৰাজউদ্দৌল্লাৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধকে পলাশীৰ যুদ্ধ বোলে। এই যুদ্ধত চিৰাজউদ্দৌল্লাৰ সৈন্যবাহিনী, প্রধান সেনাপতি মিৰ্জাফৰ বিশ্বঘাতকতাৰ বাদে পৰাজিত হ’বলগীয়া হয়। যুদ্ধত পৰাজিত চিৰাজউদ্দৌল্লাক মিৰ্জাফৰ পুত্র মিৰাণে হত্যা কৰে আৰু ইবোজে মিৰ্জাফৰ বংগৰ নবাৱ পাতে। এই যুদ্ধই ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূর্ণ স্থান দখল কৰি আছে। এই যুদ্ধত জয়ী হয় ইংৰাসকলে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত যোপনি পুতিবলৈ আৰম্ভ কৰে। এই যুদ্ধৰ পিছতে মধ্যযুগীয় ভাৰতৰ সমাপ্তি ঘটিছে আৰু আধুনিক ভাৰতৰ আৰম্ভণি হৈছিল।
(ঘ) ৰেগুলেটিং এক্ট।
উত্তৰঃ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্রণ তথ্য সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে ৰেগুলেটিং এবী নামে এখন আইন প্রণয়ন কৰি বলবৎ কৰিছিল। এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। তেওঁৰ কাম-কাজত সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হয়। বোম্বাই আৰু মাদ্রাজৰ গৱৰ্ণৰ জনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কার্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল। ইয়াৰ দ্বাৰা ভাৰত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল।
(ঙ) পিটৰ ভাৰত শাসন আইন।
উত্তৰঃ ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ জেনেৰেল গাড়ীৰ ক্ষমতা নির্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সনম্মুখীন হৈছিল। সেই আসোঁৱাহ অতিৰোৱাৰ বাবে ইংলণ্ডৰ সংসদে পুনৰ এখন আইন ছোৰি কৰি বৃটিছৰ শাসন ভারত অধিক সুদৃঢ় কৰি তুলিছিল। এইখনেই আছিল ১৭৮৪ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত কৰা পিটৰ ভাৰত শাসন আইন (Pit’s India Act)। এই আইন ইংলণ্ডৰ প্রধান মন্ত্রী উইলিয়াম পিট (কনিষ্ঠ) নামেৰে নামাকৰণ কৰা হৈছিল। এই আইন অনুসৰি ভাৰতত ছয় জনীয়া সদস্যৰে এখন নিয়ন্ত্রক মণ্ডলী গঠন কৰা হয়। এই সদস্যসকলে ভাৰতত কোম্পানীৰ কামকাজৰ তদাৰক কৰিব বংদেও গৱৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সদস্য সংখ্যা চাৰি জন ঠাইত তিনিজনলৈ হাস কৰা হয়। তদুপৰি এখন আঞ্চলিক সভা গঠন কৰা হয়। ইয়াৰ সদস্যসকলে হয় ইণ্ডিয়া কোম্পানীৰ চাকৰিত নিযুক্তি আৰু বাতিলৰ অধিকাৰ লাভ কৰে। পিটৰ ভাৰত আইনেই পৰৱৰ্তী বৃটিছ সাম্রাজ্যৰ শাসনৰ বেঁটি স্থাপন কৰে। এই আইনৰ দ্বাৰা বংগদেশৰ সৱৰ্ণৰ জেনেৰেলৰ পদবীটোক অধিক শক্তিশালী কৰি তোলা হৈছিল। ভাৰতত কেন্দ্রীয়ভারে শাসন চলোৱাৰ মূল আঁচনি পিটৰ ভাৰত আইনেই সুচনা কৰিছিল বুলি কব পাৰি।
(চ) চিৰস্থায়ী বন্দবস্ত।
উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছৰ দিনত চিৰস্থায়ী বন্দবস্ত ব্যৱস্থাটো প্রচলন কৰা হৈছিল। তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নির্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক যাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লর্ড কর্ণৱালিছে তেওঁৰ সাত বছৰীয়া কার্যকালত যথেষ্ট পৰিমাণে অর্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল।
চিৰস্থায়ী বন্দবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ’ল এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান। চিৰস্থায়ী বন্দবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্রী হৈছিল। এই নিলামৰ মাটি সেই সময়ৰ ধনী শ্রেণীয়ে ক্রয় কৰিছিল। এই ধনী শ্ৰেণীৰ অধিকাংশৰে পিচে কৃষি কৰ্মৰ নসত কোনো প্রত্যক্ষ সম্পর্ক নাছিল। সেয়েহে এই ধনী শ্রেণীয়ে কৃষকসকলৰ ওপৰত যাজনাৰ বোজা বৃদ্ধি কৰিছিল। ফলস্বৰূপে কৃষকসকল সততে ধাৰ বোজা সহ্য কৰিব লগা হৈছিল। এই নতুন ধনী শ্রেণীটো ইংৰাজৰ আইন মতে মাটিৰ মালিক আছিল। সেয়েহে এই শ্ৰেণীৰ লোকসকল সদায় ইংৰাজৰ অনুগত আছিল আৰু ১৮৫৭ চনৰ বিদ্ৰোহত ইংৰাজে সহায় কৰিছিল।
৫। ‘বংগৰ ঘৰুৱা বিবাদেই বৃটিছৰ বংগ দখলৰ প্ৰধান কাৰণ’— কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা।
উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবর্দি খাঁৰ মৃত্যু হয়। ইয়াৰ পিছৰেপৰা বংগৰ সিংহাসনক লৈ অৰিচাঅৰি আৰম্ভ হৈছিল। নৱাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্র সন্তান নথকাত নবাৱী পদক লৈ বিবাদৰ সূত্রপাত হয়। নৱাব আলিবর্দি খাঁৰ মৃত্যুৰ আগতে তেওঁৰ তিনিগৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদৌল্লাক বংগৰ নৱাৰ হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। সেই মতে আলিবর্দি খাঁৰ মৃত্যুৰ পিছত চিৰাজউদ্দৌল্লা বংগৰ নৱাৰ হয়। কিন্তু ডাঙৰ জীয়েক যাচিতি বেসম আৰু মায়ে জীয়েকৰ পুত্র ছৌকৎজজে বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। সেই সময়ত যাচিতি বেগম ঢাকাৰ শাসনকর্তা আছিল। বংগৰ দেৱান ৰাজবল্লভ যাচিতি বেগমৰ সমৰ্থক আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ষড়যন্ত্র লিপ্ত হয়। এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ সকলে বংগত যোপনি পুতিবলৈ লৈছিল।
৬। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কার্যকলাপ ছিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল-
(ক) বংগৰ সিংহাসনক লৈ চলা গৃহকলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুর্গ নির্মাণ কৰিবলৈ অগ্ৰসৰ হয়। চিৰাজউদ্দৌল্লাই দুয়োপক্ষকে দুর্গ নির্মাণ কার্য বন্ধ কৰিবলৈ আদেশ দিলে। ফৰাচীসকলে নৱাবৰ আদেশ পালন কৰিলে কিন্তু ইংৰাজে চিৰাজউদ্দৌল্লাৰ আদেশত কানসাৰ নিদিলে।
(খ) ইংৰাজসকলক বংগদেশত বেহা-বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল।
(গ) ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগুটীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নৱাব প্রাপ্য ৰাজহৰ পৰা বঞ্চিত হয়।
(ঘ) নৰাৱৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নৱাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্রয় দিছিল।
৭। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা।
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি সমূহ হ’ল —
(ক) চিৰস্থায়ী বন্দবস্ত।
ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশোধন কৰাৰ নামত কাজত ব্যৱস্থা কোম্পানীয়ে নিছিল। এই ক্ষেত্রত গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছৰ চিৰস্থায়ী বন্দবস্ত কথাটো উল্লেখ কৰিব পাৰি। তেওঁ কোম্পানীৰ ৰাজ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটি নির্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক যোজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লর্ড কর্ণৱালিছে তেওঁৰ সাত বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অর্থ সংগ্রহ কৰি কোম্পানীৰ ৰাজভৰাল চহকী কৰিছিল। চিৰস্থায়ী বন্দবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ’ল এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান। চিৰস্থায়ী বন্দবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্রী হৈছিল। এই নিলামৰ মাটি সেই সময়ৰ ধনী শ্রেণীয়ে ক্ৰয় কৰিছিল। এই ধনী শ্রেণীৰ অধিকাংশৰে পিচে কৃষি কৰ্মৰ লগত কোনো প্রত্যক্ষ সম্পর্ক নাছিল। সেয়েহে এই ধনী শ্রেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰিছিল। ফলস্বৰূপে কৃষকসকল সততে ধাৰণা বোজা সহ্য কৰিব লগা হৈছিল। এই নতুন শ্ৰেণীটো ইংৰাজৰ আইন মতে মাটিৰ মালিক আছিল৷ সেয়েহে এই শ্ৰেণীৰ লোকসকল সদায় ইংৰাজৰ অনুগত আছিল।
(খ) কৰদ মৈত্রী নীতি।
গৱৰ্ণৰ জেনেৰেল ডেলহাউচিয়ে এই সাম্রাজ্যবাদী নীতি ভাৰতত প্ৰয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে, যি দেশীয় ৰজাই কৰদ মৈত্রী নীতি মানি ল’ব তেওঁলোকক ইংৰাজ সৈন্যবাহিনীয়ে সুৰক্ষা দিব। কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্যবাহিনীৰ খৰচ বহন কৰিব লাগিব। আকৌ কৰদ মৈত্রী নীতিৰ অন্তর্ভুক্ত ৰজাৰ বস্তা অকর্মণ্য বুলি পৰিগণিত হলে, তেনে দেশীয় ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব পাৰিব আৰু ৰজাখন বৃটিছ চৰকাৰৰ পোনপটীয়া শাসনৰ তললৈ যাব। বছৰতো দেশীয় ৰজাই কৰদ মৈত্ৰী নীতি বান্ধোনত সোমাই হেৰুৱাব লগা হৈছিল ফলত ইংৰাজৰ সাম্রাজ্য বিস্তাৰৰ বাট মুকলি হৈছিল। এই কৰদ মৈত্রী নীতিৰ জৰিয়তে কেইবাখনো ৰজা বৃটিছৰ অধীনলৈ গৈছিল।
(খ) কৰম মৈত্রী নীতি-
গৱণৰ জেনেৰেল রেলেচলিয়ে এই সামাজ্যবাদী নীতি ভাৰতত প্রয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে, যি দেশীয় ৰাস্তাই কৰণ মৈত্রী নীতি মানি লাব তেওঁলোকক ইংৰাজ সৈনাবাহিনীয়ে সুৰক্ষা দিব। কিন্তু তার নারদ দেশীয় বাজাই সৈন্যবাহিনীৰ খৰচ বহন কৰিব লাগিব। আকৌ কৰদ মৈত্রী নীতিৰ অন্তর্ভুক্ত বাজার বস্তা অকর্মণ্য বুলি পৰিগণিত হলে, তেনে দেশীয় ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব পাৰিব আৰু ৰাজ্যখন বৃটিছ চৰকাৰৰ পোনপটীয়া শাসনৰ তললৈ যাব। বহুতো দেশীয় ৰজাই কৰদ মৈত্রীনীতিৰ বান্ধোনত সোমাই ৰাজা হেৰুৱাব লগা হৈছিল ফলত ইংৰাজৰ সাম্রাজ্য বিস্তাৰৰ বাট মুকলি হৈছিল। এই কৰদ মৈত্রী নীতিৰ জৰিয়তে কেইবাখনো ৰাজ্য বৃটিছৰ অধীনলৈ গৈছিল।
(গ) স্বত্ব বিলোপ নীতি।
কোম্পানীৰ কার্যকালৰ আন এটা সাম্রাজ্যবাদী নীতি হ’ল স্বত্ব বিলোপ নীতি। ১৮৩৪ খ্রীষ্টাব্দত কোম্পানীৰ বোর্ড অৱ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত বৃটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। এই নীতিৰ জৰিয়তে বৃটিছে কিছুমান দেশীয় ৰজাৰ স্বত্ব বিলোপ কৰিছিল। স্বত্ব বিলোপ নীতিয়ে ভাৰতৰ বৃটিছ চৰকাৰক অতিশয় শক্তিশালী কৰি তুলিছিল। স্বত্ব বিলোপ নীতিৰ মূল কথা হ’ল বৃটিছৰ আশ্রয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নাথাকিলে বৃটিছ চৰকাৰৰ অনুমতি নোলোৱাকৈ তেওঁলোকে তোলনীয়া উত্তৰাধিকাৰী ল’ব নোৱাৰিব আৰু অনুমতি বিহীন উত্তৰাধিকাৰী থাকিলেও সেই কোম্পানীৰ হস্তগত হ’ব। বৃটিছ চৰকাৰে স্বত্ব বিলোপ নীতি ৰজাৰ উপাধি, খিতাপ, পেন্সন আদিৰ ক্ষেত্রতো প্রযোজ্য বুলি ঘোষণা কৰিছিল। উত্তৰাধিকাৰী বিহীন ৰজাই এই সকলোবোৰ সুবিধা হেৰুৱাব লগা হৈছিল।
৮। লৰ্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোন কেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল?
উত্তৰঃ লৰ্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্রয়োগ কৰি তলত দিয়া ৰাজ্যবোৰৰ অধীনলৈ আনে —
সময় — অধীন কৰা বাজা বা অকল।
১৮৩৯ বান্দিতেভি — মন্দতী।
১৮৪০ স্বাধীন্দত — কলাবা।
১৮৪৪ খ্রীষ্টাব্দত — চাতৰা, জৈৎপুৰ আৰু সম্বলপুৰ বাদ্য।
১৮৫০ ব্রীষ্টাব্দৰ পৰা ১৮৫৪ খ্রীষ্টাব্দলৈ — ভাগলপুৰ, উদয়পুৰ, নাগপুৰ আৰু বালী।
৯। ভাৰতবৰ্ষৰ এখন মানচিত্র আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুওৱা।
উত্তৰঃ

১০। শিক্ষকৰ সহায়ত ইউৰোপৰ মানচিত্ৰ চাই অষ্ট্ৰিয়া, ইংলণ্ড, ফ্ৰান্স, জাৰ্মানী আদি বিচাৰি উলিওৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
