নৱম শ্ৰেণী অসমীয়া অধ্যায় ১ – শিশুলীলা (Shishulila) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ১ – শিশুলীলা (শ্ৰীমন্ত শংকৰদেৱ) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় ‘শিশুলীলা’ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 1 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘শিশুলীলা’ নামৰ এই পাঠটিত শ্ৰীকৃষ্ণৰ শিশু লীলা আৰু মাতৃ যশোদাৰ লগত তেওঁৰ মধুৰ সম্পৰ্কৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- শিশুলীলাৰ মূল ভাৱ, দৰ্শন আৰু শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিৰসৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- শিশুলীলাৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
শিশুলীলা
- অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া-
(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দুৰী” ।।
- কৃষ্ণগীত গোৱা সুন্দুৰীগৰাকী কোন ?
উত্তৰঃ কৃষ্ণগীত গোৱা সুন্দুৰীগৰাকী নন্দৰজাৰ পত্নী যশোদা ।
(খ) ‘কৰ্ণত কুণ্ডল দোলে আতি।’
- কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে ?
উত্তৰঃ মাতৃ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে ।
(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
- ইয়াৰ কাৰ অৰুণ অধৰৰ কথা কৈছে ?
উত্তৰঃ শিশুৰুপী শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে ।
(ঘ) ‘মথনি ধৰিয়া নিষিধি’ ।
- ‘মথনি শব্দৰ অৰ্থ কি’?
উত্তৰঃ গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা মাৰি ।
(ঙ)‘নোজোড়ে আঈুল দুই জৰী’ ।
- ইয়াত কাৰ জৰীৰ নাটনি হৈছে ?
উত্তৰঃ মাতৃ যশোদাৰ জৰীৰ নাটনি হৈছে ।
(চ)‘ৰুণ ঝুণ কেয়ৰ কঙ্কণ’।
- কাৰ কেয়ুৰ কঙ্কণ ‘ৰুণ ঝুণ’ শব্দৰ কথা কোৱা কৈছে ?
উত্তৰঃ কৃষ্ণ মাতৃৰ যশোদাৰ হাতৰ কঙ্কণৰ ‘ৰুণ ঝুণ শব্দৰ কথা কোৱা কৈছে ।
2.‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃ্ষ্ণৰ মানৱীয় ৰুপৰ বিষয়ে লিখা ।
উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণই হিন্দু ধৰ্মত এগৰাকী অৱতাৰী পুৰুষ, যিজনাক বিষ্ণুৰ অংশ হিচাপে পুজা কৰা হয় । কিন্ত এই অৱতাৰ মহামানৱজনাক শ্ৰী শংকৰদেৱ অসমীয়া সমাজৰ এটি সাধাৰণ মানৱ শিশুৰ দৰে অংকণ কৰি ভক্তিৰস পান কৰৱাইছে ।
মৃত্যৰ পৰা ৰক্ষা পাবৰ বাবে পৃতীয়ে শ্ৰীকৃষ্ণক নন্দৰাজৰ ঘৰত থৈ যায় । নন্দজায়া যশোদা পুত্ৰহীনা হিচাপে আছিল । গতিকে কৃষ্ণক যশোদা মাতৃয়ে চেনেহৰ পালন কৰিবলৈ ধৰিলে ।সাধাৰণ মানৱ সমাজত এগৰাকী মাকে যিদৰে নিজ পুত্ৰক মৰম কৰে, খং কৰে, আকৈ পুত্ৰই মাকৰ ওচৰত যিদৰে আদৰ-চেনেহে বিছাৰে হুবহু এনে ছবিকে অংকণ কৰিছে । সাধাৰণ মানৱ শিশুৱে নিজৰ ইচ্ছা মতে পিতৃ-মাতৃৰ পৰা তেওঁৰ প্ৰতি গুৰত্ব আদৰ বিছাৰে । শ্ৰীকৃষ্ণয়ো আধা স্তন পান কৰোৱাত খং উঠাত দাঁত-মুখ কামুৰি শিলেৰে দৈ মাখনৰ বাছনবোৰ ভাঙিবলৈ ধৰিলে আনকি খঙতে সেইবোৰ দলিয়াই বান্দুৰোকো খোৱাই মাকৰ ওপৰত খঙৰ হেঁপাহ পলুৱাইছে । কৃষ্ণৰ মনত তেওঁতকৈ মাকৰ আন কামৰ গুৰত্ব বেছি । এই সাধৰণ মানৱ শিশুৰ দৰে নানান লীলা-খেলা দেখুৱাই আতি মানৱৰ পৰা সাধাৰম মানৱ শিশুত পৰণিত হৈছে।
3. শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন ঘোষা’ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ‘কীৰ্ত্তন’ মহাপুৰুষ শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন । ‘কীৰ্ত্তন’ পুথি বৈষ্ণৱ ধৰ্মৰ তথা সাহ্যিতৰ কীৰ্ত্তিস্তম্ভ। বৰ্তমান ‘কীৰ্ত্তন’ ২৭ টা স্বয়ংপুৰ্ণ খণ্ডৰ সমষ্টি ।গুৰুজনাই নাম-প্ৰসংগৰ উপযোগী কৰি ঘোষা আৰু পদসহ এই পুথি ৰচনা কৰে ।ভগৱান শ্ৰী বিষ্ণু আৰু শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা –ৰহস্য আদি ইয়াৰ মূল বিষয়-বস্ত।
4. ‘শিশুলীলা’ পাঠটিৰ অন্তনিৰ্হত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ শ্ৰী শ্ৰী শংকৰদেৱ ৰচিত ‘শিশুলীলা’ পাঠটিত বাল্যকালৰ শিশুসুলভ ধেমালি আৰু চিৰন্তন মাতৃস্নেহৰ চিত্ৰ অংকিত হৈছে ।নন্দজায়া যশোদা সুন্দৰীয়ে এদিনাখন পুত্ৰৰ গুণ বাখনি দধি মথি আছিল । এনেতে শিশু কৃষ্ণ আহি মাকক দধি মথিবলৈ নিদি স্তনপান কৰিবলৈ ধৰিলে । এনেতে গাখীৰ উতলি পৰিব ধৰীত যশোদাই কোলাৰ পৰা কৃষ্ণক নমাই থৈ ভিতৰলৈ গ’ল । স্তনপান আধা হোৱাত খং উঠিল আৰে খংতে দধি-লৱণু আদিৰ বাচন ভাঙিলে দধি নিজে খোৱাৰ উপৰিও বান্দৰোকো দিলে আৰু চাৰিওফালে সিঁচৰিত কৰিলে । ভিতৰৰ পৰা আহি যশদাৰ কৃষ্ণৰ এই কাৰ্য দেখি হাঁহি উঠিল । ইফালে কৃষ্ণই দধি ভাণ্ড- ভাঙা কাৰ্য কৰিছে যদিও এই কৰ্মৰ ফল মাকে যে দিব সেই কতা ভাবি ইফালে সিফালে চাই ভয়ো খাই আছিল । এনেতে যশোদাই হাতত এচাৰি লৈ কৃষ্ণক মাৰিবলৈ উদ্যত হোৱাত শ্ৰীকৃষ্ণ ভিৰাই লৰ মাৰিল । যদোদাই পিছে পিছে খেদি গল আৰু খেদি ভাগৰি পৰিল । মাকৰ দুখ দিখি শ্ৰীকৃষ্ণই অতি ভয় ভাও ধৰি দুই চকু মুদি মাকক ধৰা দিলে । ইয়াৰ অন্ত ভাগটো হল – ভগৱান ভক্তৰ ভক্তিৰ অধীন ।
5. ‘তাহাম্ক তনয় মানি বলে।
যদোদা বান্ধত উডুখলে।’ – কথাষাৰৰ অন্তনিৰ্হত
তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণক মাতৃ যশোদাই সাধাৰণ পুত্ৰ বুলি ভাবি উৰাতল বান্ধিবলৈ ধৰিল উদ্যত হোৱা দেখিছে ।
শ্ৰীবিষ্ণুৰ অংশস্বৰুপ ভগৱান কৃষ্ণই মননুষ্য জন্ম লৈ সাধাৰম শিশুৰ দৰে কাৰ্য কৰি নানান লীলা দেখুৱাইছে । মানৱ শিশুৰ দৰে বিভিন্ন দুষ্টামি কৰিছে । মাকৰ কামত ব্যাঘাত জন্মাইছে । মাক যশোদাই তেওঁৰ পুত্ৰ ভগৱান বুলি অনুভৱ কৰে যদিও কৃত্ৰিম খঙৰে পুত্ৰক শাসন কৰিছে । শ্ৰীকৃষ্ণই কৰা উৎপাতত থকিব নোৱাৰি তেওঁ হাতত এছাৰি লৈ পুত্ৰৰ পিছে পিছে খেদিুছে । মাতৃৰ দুখা দেখি তেওঁ ধৰা দিছে। এই সুযোগতে যশোদাই পুত্ৰক উৰালচত বান্ধিবলৈ ৰছি লৈছে ।
6. নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণব্ৰক্ষজগত ঈশ্বৰ।।’- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা ।
উত্তৰঃ উক্ত কবিফাকি কবি শ্ৰীশংকৰদেৱ মাতৃ যশোদাই শিশু কৃষ্ণক সাধাৰণ মানৱ শিশু বুলি ভাবি এছাৰি লৈ খেদি মাৰিবলৈ অহা প্ৰসংগত এইদৰে কৈছে ।
ভগৱান শ্ৰীকৃষ্ণ অৱতাৰী পুৰুষ যদিও সাধাৰণ পুত্ৰৰ দৰে
মাতৃ যশোদাৰ লগত ছলনা কৰিছে । যিগৰাকী ভগৱানৰ নিৰ্দেশত এই বিশ্ব- ব্ৰক্ষাণ্ডখন বৰ্তি আছে তেৱেঁই আকৈ মাকৰ এছাৰি কোবৰ ভয়ত ত্ৰাসিত হৈ দৈৰি পলাই ফুৰিছে । ক্লাত্ন মাকৰ দেখি অৰ্থাৎ ভক্তৰ দুখ দেখি নিজে বন্ধন লবলৈ ইচ্ছা কৰিছে । যিজন ভগৱানৰ আৰাম্ভণি বা শেষ পাবলৈ নাই সেই পূৰ্ণ সাধাৰম মানুহৰ বাবে টান কথা ।
7. বাখ্যা কৰা-
ক) যাক যোগী নাপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ উদ্ধৃত পদফাকি শ্ৰীমম্তশংকৰদেৱ ৰচিত “শিশুশীলী” নামৰ পাঠটিৰ পৰা লোৱা হৈছে ।
ভগৱানৰ কৃষ্ণইৰ মহাত্ম্য প্ৰকাশ কৰিবলৈ গৈ কবিয়ে উক্ত পদফাকিৰ অৱতাৰণা কৰিছে ।
শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ অংশ । নানান লীলা-মায়া প্ৰৰ্দশন কৰিবলৈ তেওঁ মনুষ্য জীৱন ধৰিছে । ভগৱান ভক্তৰ অধীন । যশোদাই ভগৱান কৃষ্ণক পুত্ৰ হিচাপে পাবলৈ আকাংক্ষা কৰিছিল । ভক্তৰ ভক্তিত সন্তষ্ট হৈ যশোদাৰ ঘৰত পুত্ৰৰূপে থকি নানা লীলা-খেলা কৰি সকলোকে আনন্দ প্ৰধান কৰিছিল । ভগৱান ঈশ্বৰৰ এনে অৱস্হা দেখি কবি বিমোহিত বৰ্ণনা কৰিছে যে যিগৰাকী পৰমেশ্বৰক যোগীসকলে ধ্যান কৰিও ধ্যানত পাব নোৱাৰে সেইজন ভগৱান মাকৰ ভয়তে সন্ত্ৰাসিত হৈ দৰি পলাই ফুৰিছে । এয়া কি মায়া নে ছলনা ধৰাটো কঠিন ।
(খ) ভাণ্ড ভাঙি আবে যাবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।।
উত্তৰঃ উদ্ধৃত পদফাকি শ্ৰীমম্তশংকৰদেৱ ৰচিত “শিশুশীলী” নামৰ পাঠটিৰ পৰা লোৱা হৈছে ।
এদিনাখন যশোদাৰ কোলাত বহি শিশু কৃষ্ণই স্তনপান কৰি আছিল । পূৰ্বই চোকাত তুলি থোৱা গাখীৰ উতলি পৰিবলৈ ধৰা দেখি কৃষ্ণক কোলাৰ পৰা নমাই থৈ চৌকালৈ দৈৰ দিলে । এই কথাত কৃষ্ণৰ খং উঠিল আৰু সেই খংতে দধিৰ ভাণ্ডবোৰ থকা কোঠালৈ সোমাই আহি দধিৰ ভাণ্ডবোৰ শিলেৰে ভাঙিলে, শিকিয়াৰ পৰাও দধি ভাণ্ড নমাই আনি দধি নিজেও খালে আৰু বান্দৰকো খোৱালে । কৃ্ষ্ণৰ এনে কাণ্ড দেখি যশোদাই এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি আহিল । কৃষ্ণি মাকৰ ভয়ত দোৰি পলাবলৈ ধৰিলে । ইফালে পুত্ৰৰ ক্লান্ত হৈ পৰিল । যশোদাৰ অৱস্হা দেখি ভক্তৰ অধীন ভগৱানে যশোদাৰ হাতত ধৰা দিলে। এই সময়েতে যশোদাই দধিৰ ভাণ্ডবোৰ ভঙাৰ বাবে খংতে কৃষ্ণৰ মাথা খোৱাৰ কথা কৈ কৃষ্ণক উৰালত বান্ধিবলৈ প্ৰস্ততি চলালে ।
(গ) পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদেন্ত ।।
উত্তৰঃ উদ্ধৃত পদফাকি শ্ৰীমম্তশংকৰদেৱ ৰচিত “শিশুশীলী” নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে ।
এদিনাখন যশোদাৰ কোলাত বহি শিশু কৃষ্ণই দুগ্ধ পান কৰি থকা অৱস্হাতে চৌকাত উতলিবলৈ দিয়া গাখীৰ উতলি পৰিব ধৰাত মাতৃ যশোদাই পুত্ৰক আধা স্তন পান কৰা অৱস্হাতে কোলাৰ পৰ নমাই দি চৌকাৰ কাষলৈ দৌৰ দিলে । এই কথাত কৃষ্ণৰ খং উঠিল আৰু সেই খংতে দধিৰ ভাণ্ডবোৰ থকা কোঠালৈ সোমাই আহি দধিৰ ভাণ্ডবোৰ শিলেৰে ভাঙি শিকিয়াৰ নমাই আনি নিজেও খালে আৰু বান্দৰকো খোৱালে । উতলা গাখীৰ নমাই থৈ আহি যশোদাই পুত্ৰৰ কাণ্ড দেখি খংতে জ্বলি-পকি উঠিল আৰু পুত্ৰক মাৰিবলৈ হাতত এছাৰি লৈ খ্দি গ’ল। যশোদাৰ মূৰ্তি দেথি কৃষ্ণৰ বৰ ভয় লাগিল আৰু মাতৃৰ হাতৰ পৰা ৰক্ষা পাবলৈ দৌৰি পলাবলৈ ধৰিলে । যশোদায়ো ধধি ভাণ্ডবোৰ ভাঙি পেলোৱা পুত্ৰক শাস্তি দিবলৈ তেওঁৰ পাছে পাছে দৌৰি খেদি গ’ল। ইয়াতে ভীতিগ্ৰস্ত হৈ শিশু কৃষ্ণই মাকে যাতে লগ ধৰিব নোৱাৰে তাৰ বাবে বেছি জোৰৰে দৌৰিবলৈ ধৰিছিল ।
8. ‘শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষেয় নিজৰ ভাষাত বুজাই বিৱৰি লিখা ।
উত্তৰঃ শ্ৰীসংকৰদেৱ ‘শিশুলীলা’ পাঠটিত শিশু কৃষ্ণই শিশুসুলভ কাৰ্য-কলাপৰ এটি সুন্দৰ বৰ্ণনা উপস্হাপন কৰিছিল । যশোদাই দধি মথি থাকোঁতে কৃষ্ণই দধি মথিবলৈ নিদি স্তনপান কৰিবলৈ বিচাৰিছে । স্তনপান আধাতে এৰি যশোদাই গাখীৰ নমাবলৈ যোৱাত কৃষ্ণই খঙতে দাঁত কমুৰিছে। মাকে যতনকৈ থৈ যোৱা দধিৰ ভাণ্ড সিলেৰে ভাঙিছে । দধি য’তে-ত’তে দলিয়াইছিল । বান্দৰকো খাবলৈ দিছে । এনেবোৰ কাৰ্য কৰিছে যদিও ভিতৰি মাকলৈ ভয়ো আছে । কাৰণ যশোদা আহিব বুলি শংকিত নয়নে ইফালে-সিফালে চীইছে । যেতিয়াই মাকে এছাৰি লৈ অহা দেখি পালে ভিৰাই লৰ মাৰিছে । মাকেও পিছে পিছে খেদি ফুৰিছে । আকৈ মাকৰ দুখ দেখি চকু মুদি কান্দিছে । মাকে উৰালত বান্ধিব খোজা দেখি তেওঁ সেই বন্ধনো গ্ৰহণ কৰিছে ।
9. ‘মহাকোপে কোঠা পশিলন্ত’
সিঞ্চিৰাই লৱণু ভুজন্ত।।’ – কোনে অতি খংঙেৰে কোঠাত সোমাইছিল ? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা ।
উত্তৰঃ শ্ৰীকৃষ্ণই অতি খঙেৰে কোঠালৈ সোমাই আহিছিল ।
এদিনাখন যশোদাই কৃষ্ণগীত গাই আনন্দ মনেৰে দধি
আছিল । এনেতে শ্ৰীকৃষ্ণই দৌৰি মাকৰ কোলাত উঠিল আৰু যশোদাই তেওঁক স্তনপান কৰাবলৈ ধৰিলে । এনেতে যশোদাই পূবেই চৌকাত তুলি থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত যশোদই পুত্ৰক কোলাৰ পৰা নমাই থৈ চৌকালৈ লৰ দিলে । এনেদৰে মাক স্তনপান কৰাবলৈ এৰি চৌকালৈ ৱৰক দিয়া বাবে কৃষ্ণই খঙতে ওঁট কামুৰি দধিৰ ভাণ্ডবোৰ থকা কোঠালৈ সোমাই আহিল আৰু ভাণ্ডবোৰ শিলেৰ ভাঙি, শিকিয়াৰ পৰা নমাই আনি গোটেই কোঠাটোত দধি সিংচৰিত কৰি খাবলৈ ধৰিলে । আধা স্তনপান কৰোৱাত যশোদাৰ ওপৰত খঙৰ বাবেই কৃষ্ণই এইদৰে গোটেই কোঠাটোত দধি সিণচৰিত কৰি পেলাইছিল ।
10. কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কোনে অৱস্হা হৈছিল বুজাই লিখা।
উত্তৰঃ এদিনাখন যশোদাই শিশু পুত্ৰৰূপী কৃষ্ণৰ কাৰ্যত পৰম বিতুষ্ট খঙতে হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। মাকৰ খঙাল মূৰ্তি দেখি কৃষ্ণৰ পেটতে হাত-ভৰি লুকোৱা অৱস্হাত । সেয়ে মাকৰ কোব খোৱাৰ পৰা ৰক্ষা পৰিবলৈ ভয়তে তৰা-নৰা ছিগি দৌৰিবলৈ ধৰিলে । ষশোদাৰ পুত্ৰৰ ওপৰত ইমান খং উঠিছিল যে তেৱোঁ পুত্ৰক ধৰিবলৈ পাছে পাছে দৌৰিবলৈ ধৰিলে । এনেদৰেই যশোদাই পুত্ৰৰ পাছে পাছে দৌৰি দৌৰি এটা সময়ত ক্লান্ত হৈ পৰিল মাতৃৰ এনে দূৰ অৱস্হা হোৱা দেখি কৃষ্ণৰ মাকলৈ মায়া উপজিল আৰু ভক্তৰ শিশুৰূপী কৃষ্ণই অতি ভয় খোৱাৰ ভাও ধৰি দুই চকু মুদি এটা সময়ত মাতৃ যশোদাৰ হাতত ধৰা দিলে । ইফালে পুত্ৰক ধৰিব পাৰি যশোদাৰ ক্লান্তিৰ ওৰ পৰিল আৰু পৰম বীৰত্বৰে পুত্ৰক উৰালত বান্ধি থ’বলৈ প্ৰস্ততি চলালে।
11. তলত দিয়া শব্দবোৰ এটা বা দুটাকৈ সৰ্মাথক শব্দ লিখা
কৰ্ণ অৰুণ দধি বস্ত্ৰ
বদন লৱণু কোপ দশন
দুগ্ধ ঈশ্বৰ
উত্তৰঃ
|
শব্দ |
অৰ্থ |
|
কৰ্ণ |
কাণ, শ্ৰৱণেন্দ্ৰিয় |
|
বদন |
শৰীৰ, মুখ |
|
দুগ্ধ |
গাখীৰ |
|
অৰুণ |
সূৰ্য, ভাস্কৰ |
|
লৱণু |
মাখন |
|
ঈশ্বৰ |
ভগৱান |
|
দধি |
দৈ |
|
কোপ |
খং, ৰাগ |
|
দশন |
দাঁত |
|
বস্ত্ৰ |
কাপোৰ |
12. তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপত লিখাঃ
তাহাম্ক, নোজোৰে, খসি, ৰহিল, আসি, ভৈলা, আসন্ত,
শিলায়ে, কাম্পে, মাৱক, বসি, প্ৰায়, খেদন্ত।
উত্তৰঃ
|
প্ৰচীন শব্দ |
আধুনিক শব্দ |
|
তাহাম্ক |
তেওঁ |
|
নোজোৰে |
নাঁটে |
|
খসি |
খহি পৰা |
|
ৰহিল |
ৰ’ল |
|
আসি |
আহি |
|
ভৈলা |
হ’ল |
|
আসন্ত |
অহা |
|
শিলায়ে |
শিলেৰে |
|
কাম্পে |
কঁপি উঠা |
|
মাৱক |
মাকক |
|
বসি |
বহা |
|
প্ৰায় |
বহুত |
|
খেদন্ত |
খেদা |
13. তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্দ্ধন্য ‘ণ’ আৰু
মূৰ্দ্ধন্য ‘ষ’ হৈছে বুজাই লিখা ।
অৰুণ, কঙ্কণ, শ্ৰোণী, ভাণ্ড, নিষিধি।
উত্তৰঃ
অৰুণঃ ‘ৰ’ ৰ পাছত থকা দন্ত্য ‘ন’ ‘মূদ্ধণ্য’ ‘ণ’ হয় ।
কঙ্কণঃ ক বৰ্গৰ পাছত থকা দন্ত্য ‘ন’ ‘মূদ্ধণ্য’ ‘ণ’ হয় ।
শ্ৰোণীঃ ‘ৰ’ ৰ পাছত থকা দন্ত্য ‘ন’ ‘মূদ্ধণ্য’ ‘ণ’ হয় ।
ভাণ্ডঃ ‘ট’ বৰ্গৰ সৈতে যুক্ত হোৱা বাবে দন্ত্য ‘ন’ ‘মূদ্ধণ্য’ ‘ণ’
হয় ।
নিষিধিঃ স্বাভাৱিকতে ‘মূদ্ধণ্য’ ‘ষ’ হৈছে ।
14. পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচটা বাছি
উলিয়াই লিখা।
উত্তৰঃ পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ কেইটা হ’ল – মথন্ত, স্মৰি, পৰৈ, নেদে, গৈলন্ত, কাম্পৈ, দেখৈ
**************
