Class 9 Assamese Chapter 2 মানৱ বন্দনা Solutions | ASSEB Assam | Assamese Medium

নৱম শ্ৰেণী অসমীয়া অধ্যায় ২ – মানৱ বন্দনা (Manaw Bandana) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

নৱম শ্ৰেণী অসমীয়া অধ্যায় ২ – মানৱ বন্দনা (চন্দ্ৰকুমাৰ আগৰৱালা) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ দ্বিতীয় অধ্যায় ‘মানৱ বন্দনা’ ৰোমাণ্টিক যুগৰ প্ৰতিষ্ঠাপক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক কবিতা। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 2 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘মানৱ বন্দনা’ নামৰ এই কবিতাত কবিয়ে মানৱতাবাদ, বিশ্বভাতৃত্ববোধ আৰু মানুহেই যে শ্ৰেষ্ঠ তাৰ এক সুন্দৰ বাৰ্তা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই কবিতাৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মানৱ বন্দনা কবিতাৰ মূল ভাৱ, মানৱতাবাদৰ দৰ্শন আৰু কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যকৃতিৰ পৰিচয়।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • মানৱ বন্দনাৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 2: মানৱ বন্ধনা

মানৱ বন্দনা
  1. চমু উত্তৰ লিখাঃ

(ক)‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি ?

উত্তৰঃ ‘পৰাৎপৰ’ – মানে শ্ৰেষ্টতকৈ শ্ৰেষ্ঠ । মানুহৰ নিচিনা বিচাৰ-বিবেচনা, জ্ঞান বুদ্ধি আন জীৱৰ নাই গতিকে মানুহ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ বা পৰম সত্য।

(খ)‘মানুহক ময়াপী জীৱ’ বোলাৰ অৰ্থ কি ?

উত্তৰঃ ‘ময়াপী’ মানে মায়া-মোহ ভ্ৰান্তি আদি ওপজোৱা জীৱ । এইকেইটা গুণ মানুহৰ মাজত বিৰাজমান । বোধশক্তি, অনুভুতি প্ৰধান জীৱ মানুহৰ অন্তৰত মায়া-মমতা , মোহ ভ্ৰান্তি আদি ওপজে বাবেই মানুহক ‘মানুহক ময়াপী জীৱ’ আখ্যা দিছে ।

(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি ?

উত্তৰঃ পাদ্য শব্দৰ অৰ্থ ভৰি ধুবলৈ দিয়া পানী আৰু অৰ্ঘ্য শব্দৰ অৰ্থ হল পুজাৰ উপকৰণ । কবিয়ে মানুহক দেৱতা জ্ঞান কৰি জীৱন্ত দেৱতাস্বৰুপ মানুহক দুৰ্গত বা আলাই- আথনি অৱস্হাত সেৱা-শুশ্ৰূষা কৰিবই ভগৱানক পুজা কৰাৰ দৰে শুভফল পায় বুলি কৈছে । সেয়ে ভগৱানক পূত জলেৰে চৰণ ধুৱাই নান উপচাৰেৰে পূজী কৰীৰ দৰে আমি মানৱ সেৱা কৰা উচিত । এয়াই পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ প্ৰকৃত অৰ্থ ।

2. ‘মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

উত্তৰঃ ভগৱানক বন্দনা কৰাৰ দৰে মানুহৰ বন্দনাৰ যোগেদি মানৱীয় মূল্যবিধ জাগ্ৰত কৰা হৈছে । এই পৃথিৱীত দৈনিক অজস্ৰ মানুহৰ জন্ম হৈছে, ঠিক সেইদৰে মৃত্যুও হৈছে। মানুহৰ জীৱন ক্ষন্তেকীয়া । মানুহ অজয়-অমৰ হয় । স্থায়ী জীৱ নহয় যদিও এই মৰতৰ পৰা মানুহ শেষ হৈ নাই । জন্ম-মৃত্যুৰ ধাৰাবাহিকতা চলিয়ে থাকে । এনে অৱস্থাতে ক্ষন্তেকীয়া জীৱনটো সাৰ্থক কৰিবলৈ এটায়ে মাত্ৰ উপায় হ’ল মানুহৰ বাবে মানুহে ভবাটো, কিবা এটা কৰাটো । আমি প্ৰত্যেকে মানুহে স্বাৰ্থ ত্যাগ কৰি এজনে আনজনৰ কাৰণে চিন্তা কৰি ভাল কামন কৰিব পৰাটোহে উচিত কৰ্ম । কাৰণ এনে কামৰ মাজতে মৰম নিহিত হৈ থাকে । এই পৃথিৱীত মানুহেই একমাত্ৰ লগ-সংগ । জীৱশ্ৰেষ্ঠ মানুহে নিজৰ শুদ্ধ জ্ঞান-বিচাৰ বুদ্ধিৰে বিবেচনা কৰিব পৰা শক্তি আছে । এই পৃথিৱীত মানুহেই সকলো । গতিকে পাদ্য-অৰ্ঘ্য লৈ ভগৱানক পূজা কৰা দৰে মানুহকো সেৱা শুশ্ৰূষাৰে পূজা কৰি মানৱ জয় গান গোৱাটোহে প্ৰকৃত মানৱ ধৰ্ম ।

3. ‘এই যে পৃথিৱী স্বৰ্গতো অধিক

মানুহৰ নিজাপী ঘৰ।’ – কথাকাষৰৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ জীৱ শ্ৰেষ্ঠ মানুহে ইজনে আনজনৰ কথা ভাবিলে, আনক সহায়ৰ হাত আগবঢ়ালে সকলোৰে উপকাৰ হয় ।মানুহ যেতিয়া মানুহক দেৱতা বা ভগৱান জ্ঞান কৰি সেৱা-শুশ্ৰূষা কৰিব, মিঠা মাত দিব তেতিয়া নিজৰ মনত আনন্দ লগাৰ লগতে আনজনৰো অন্তৰ আনন্দেৰে উপচি পৰিব । নিজৰ ঘৰখনত আমি মৰম-চেনেহৰ আদান-প্ৰদানেৰে সকলো এটা স্বগীয় সুখ আনন্দৰ পৰিৱেশ সৃষ্ট কৰোঁ । ঠিক তেনেদৰে গোটেই জগতখনৰ সকলো মানুহক আনন্দ দিব পাৰিলে গোটেই পৃথিৱীখনেই নিজৰ মৰমৰ ঘৰখন হৈ লপৰিব । সকলোৱে আপোন মানুহ হৈ পৰিব । আনৰ সুখত সুখী, দুখত দুখী হ’ব পাৰিলে প্ৰকৃত মানৱ সেৱা কৰা হ’ব আৰু এয়াই শ্ৰেষ্ঠ আনন্দ।

4. তাৎপৰ্য ব্যাখ্যা কৰাঃ-

(ক) মানৱী জনম দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম বুজিবা মানুহে

ধৰম যে মৰমতে।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰপাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

মানহহে মানুহৰ প্ৰতি কৰা ব্যৱহাৰ, মৰম, সহানুভূতি আদি মানৱীয় ধৰ্মসমূহ যে সকলোতকৈ শ্ৰেষ্ঠ তাকে বুজাবলৈ কবিয়ে এি কবিতাফাঁকিত উপস্হাপন কৰিছে ।

শ্ৰদ্ধা-ভক্তি, দয়া-মমতা, মৰম চেনেহ আমদি মানুহৰ এক সূক্ষ্ম অনুভূতি । এজন মানুহ প্ৰকৃতাৰ্থত মানুহ হিচাপে এই পৃথিৱীত জীয়াই থাকিবলৈ হ’লে এই সূ্ক্ষ্ম
অনুভূতিবোৰৰ অতীব প্ৰয়োজন । বাস্তৱ জীৱন বৰ কষ্টকৰ আৰু মানুহে সদায় বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকে গতিকে মানুহে জীয়াই থাকিবলৈ হ’লে ইজনে আনজনক শ্ৰদ্ধা-ভক্তি দয়া-মৰম, সহায়-সহযোগিতা কৰিব লাগে । সেয়ে মানুহে মানুহক মৰম-চেনেহ, শ্ৰদ্ধ-ভক্তি কৰিলে মানৱ জীৱন সাৰ্থক হ’ব ।

(খ) মানুহেই দেৱ মানুহেই সেৱ

মানুহে বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই

জয় জয় মানৱ দেৱ।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰপাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

ইয়াত মানুহক জীৱশ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিবলৈ গৈ কবিয়ে এই কবিতাফাঁকি উপস্হান কৰিছে । কবিৰ মতে মানৱ জীৱন অতি ক্ষণস্থায়ী । মানুহৰ এই ক্ষন্তেকীয় জীৱনটো অধিক মানোমোহা, সুন্দৰ আৰু সাৰ্থক কৰিবলৈ হলে এই পৃথিৱীত বাস কৰা মানুহবোৰক একমাত্ৰ ভগৱান বুলি জাবি পূজা কৰিব লাগে। কবিৰ মতে দেৱসদৃশ, সেয়ে মানুহক পূজা-সেৱা, মৰম-চেনেহ আৰু সেৱা- শুশ্ৰূষা কৰাটো উচিত । সেয়ে মানুহে মানুহৰ প্ৰতি কৰা কৰ্মতেই প্ৰকৃত ধৰ্মৰ সন্ধান পোৱা যায় ।

5. সমাৰ্থক শব্দ লিখাঃ

মানুহ; সংগ; পৃথিৱী; সোঁত; স্বৰ্গ; দেৱ ।

উত্তৰঃ

শব্দ

সমাৰ্থক শব্দ

মানুহ

লোক, মনুষ্য

সংগ

লগ

পৃথিৱী

ধৰিত্ৰী, বসুন্ধৰা

সোঁত

প্ৰবাহ, ধাৰা

স্বৰ্গ

সৰগ, সুৰলোক

দেৱ

দেৱতা, সুৰ

6. সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপক্তি হৈছে । এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্ত কৰা ।

উত্তৰঃ

সংস্কৃত

নতুন ৰূপ

শ্ৰী

চিৰি

ভক্তি

ভকতি

উৎসৱ

উছৱ

স্বাদ

সোৱাদ

মিত্ৰ

মিতিৰ

ৰত্ন

ৰতন

অতিৰিক্তি প্ৰশ্নৰ উত্তৰ পৰৰ্ৱতী সংসোধনত আপলোড দিয়া হব।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী অসমীয়া অধ্যায় ২ (মানৱ বন্দনা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
মানৱ বন্দনা কবিতাটিৰ ৰচক কোন?
নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘মানৱ বন্দনা’ কবিতাটিৰ ৰচক হ’ল জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম কবি চন্দ্ৰকুমাৰ আগৰৱালা।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো সমাধান, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
মানৱ বন্দনা পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে দীঘলীয়া আৰু প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top