Class 9 Assamese Chapter 3 Solution – গীত আৰু ছবি | SEBA Assam

SEBA Assam Class 9 Assamese Chapter 3 – “গীত আৰু ছবি” Summary & Solutions

Class 9 Assamese Chapter 3 Solutions | Ospin Academy

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 3 – “গীত আৰু ছবি” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায় পৰিচয়:

“গীত আৰু ছবি” পাঠত সংগীত আৰু চিত্ৰকলাৰ সংযোগৰ বিষয়ে আলোচনা কৰা হৈছে। সংগীত আৰু শিল্প মানৱ সংস্কৃতিৰ দুটা গুৰুত্বপূৰ্ণ অংশ, যিয়ে অনুভূতি আৰু চিন্তাধাৰা প্ৰকাশ কৰিবলৈ সহায় কৰে।

  • গীত আৰু ছবিৰ সংযোগ: সংগীত আৰু চিত্ৰশিল্পৰ মাজত থকা আন্তঃসম্পৰ্ক।
  • মানৱ চিন্তাধাৰাত প্ৰভাৱ: সংগীত আৰু চিত্ৰকলাই মানুহৰ মনোভাৱ কেনেকৈ প্ৰভাৱিত কৰে।
  • সাংস্কৃতিক গুৰুত্ব: অসমৰ সংগীত আৰু শিল্পৰ ঐতিহ্য।

📌 মূল বিষয়বস্তু:

  • গীত আৰু ছবিৰ মাজত কি সম্পৰ্ক আছে?
  • সংগীত আৰু চিত্ৰশিল্পৰ মানসিক প্ৰভাৱ কি?
  • অসমৰ লোকসংগীত আৰু চিত্ৰকলাৰ বৈশিষ্ট্য কি?
  • এই পাঠৰ মূল বার্তা কি?

📝 Ospin Academy কেনেকৈ সহায় কৰে?

  • সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 3 ৰ সকলো উত্তৰ।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
  • সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 3 – “গীত আৰু ছবি” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 3: গীত আৰু ছবি

গীত আৰু ছবি
  1. চমু উত্তৰ দিয়াঃ

(ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে ?

উত্তৰঃ যিটি গীত বুজাইছে বুজে, যিটি ছবিৰ মূল আটায়ে নুবুজে গীত আৰু ছবিক কোনেও ভাল নোবোলে ।

(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ

টানি ধৰে?

উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীত হল আমাৰ প্ৰাণ টানি ধৰে ।

(গ) কবিৰ মতে কোনবোৰ বস্ত অজৰ-অমৰ ?

উত্তৰঃ মিহি ভাব, মিহি গতি , কৌশলী বিদ্যা অজৰ-অমৰ ।

(ঘ) কেনুকোৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?

উত্তৰঃ যিটি গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায় – সেই গীত আৰু ছবিকে সকলোৱে ভাল বুলি কোৱা হয় ।

(ঙ) ‘সিহে পায় নিজে নিজে আলাসত ঠই’ – ইয়াত

‘আলাস’ শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ ‘সিহে পায় নিজে নিজে আলাসত ঠই’ – ইয়াত

‘আলাস’ শব্দটোৰ অৰ্থটো হল আকাশ, শূন্য ।

2.ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা – কবিতাটিৰ সহায়ত বুজাই লিখা ।

উত্তৰঃ ভাল গীত আৰু ছবিক সকলোৱে বাল পায, আদৰ কৰে । উচ্চ প্ৰশংসা কৰে, উচ্চ আসনত ঠাই দিয়ে । কাৰণ ভাল গীত নুবুজা হলেও সি প্ৰাণ টানি ধৰে, আশান্ত হূদয় জুৰ পেলায় । সেইদৰে ভাল ছবিয়েও চকু পৰিলেই মনত সোমাই পৰে, মনটো আনন্দৰে ভৰাই তোলে ।

3.সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা ? নিজৰ মতামত আগবঢ়োৱা ।

উত্তৰঃ ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা । এই বিদ্যাৰ বলতে শিল্পীসকলে সাধাৰম গছপাত আদিক লোক চক্ষুৰ আগত আকৰ্যণীয় কৰি তুলিব পাৰে । যিটো গছৰ পাত দেখিও আমি আকৰ্ষিত নহয়, মন নকৰোঁ, শিল্পী হাতৰ পৰাশত সি ছবি হৈ উঠিল পআমাৰ চকুত চমক লগায়, মনপ্ৰাণ টানি ধৰে, মনত সোমায় । সেএ কাৰণে শিল্পীসকলে চিত্ৰকাৰসকলক মহান বুলি কোৱা হয় ।

 

4.কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষেৰে বৰ্ণনা কৰা ।

উত্তৰঃ যিবোৰ গীত শুনিলে সকলোৱে বুজি নাপায় । যিবোৰ গীতৰ সুৰে সকলোৰে অন্তৰ স্পৰ্স কৰিব নোৱাৰে তেনেবোৰ গীত শুনিলে আকৰ্ষিত নহয়, কোনোও প্ৰণত আনন্দ অনুভৱ নকৰে । তেনেবোৰ গীত শুনিলক কোনেও ভাল বুলি নকয়।

তাৰোপৰি যিবোৰ ছবিৰ মূল আটায়ে নুবুজে, ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায়, তেনেবোৰ ছবিকো কোনেও ভাল বুলিও নকয় । শিল্পীয়ে নিজৰ কাৰেণেও গাত গায়, ছবি আকেঁ । হলেও এইবোৰ আমাকো তৃপ্ল কৰিব পাৰিব লাগিব শ্ৰোতা, দৰ্শকক তৃপ্ত কৰিব পাৰিলেহে শল্পীৰ সাৰ্থকতা ।

আনহাতে যিবোৰ গীত শুনি, ছবি চাই সকলোৱে সমানে আনন্দ পায়, যিবোৰ ছবিয়ে দৰ্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে , চকু তৃপ্ত হয় তেনেবোৰ গাত আৰু ছবিকে সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে।

5.‘গীত আৰু ছবি’ কবিতাটিৰ সাৰাংশ লিখা ।

উত্তৰঃ যিটো গীত শুনিলে বুজাইছে বুজে সকৰলোৱে নুবুজে, সেইটো গীত কোনেও ভাল বুলি নকয় । যিটো ছবি দেখি যিটো গীত শুনি সকলোৱে আনন্দ পায়া – তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয়, প্ৰশংসা কৰে, উচ্চ স্হানত দিয়ে। কাৰণ ভাল গীত নুবুজাও হলেও তাৰ সুৰে হূদয় জগাই তুলে । ছবিৰ বিষয়ে একো নাজনিলেও ভাল ছবি চকুত পৰিলেই মনত সোমাই পৰে । সদায় দেখি থকা গছ-

পাতটিও ঠবিত মনোৰম, জীৱন্ত হৈ পৰে আৰু সদায় শুনি কথাটিও গীত হলে প্ৰাণ টান ধৰি ।গীতটি ভাল গীত ভাল ছবিত মিহি, ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হো থাকে । ভাল গীতে যতেই গোৱা হয়,, ভআল ছবি যতেই প্ৰদৰ্শন কৰা হয় । তাতেই প্ৰশংসা ঠাই আৰু পৰিৱেশ অনুসৰি কম বা বেছি হব পাৰে ।

6. ব্যাখ্য কৰা –

(ক) সদায় চকুৰে দেখা গছ-পাতটিও

ছবিটিত ভাল হৈ পৰে,

সদায় কাণেৰে শুনা সৰু কথাটিও

গীত হ’লে প্ৰাণ টানি ধৰে ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুৰ্গশ্বৰ শৰ্মাদেৱ ৰচিত “গীত আৰু ছবি” কবিতাটিৰ অন্তৰ্গত ।

কবিয়ে গীত আৰু ছবিৰ মহত্ত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটোত উল্লেখ কৰা হৈছে ।

শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনো বস্তকে জীৱন্ত ৰূপ দি অতি আকৰ্ষণীয় কৰি তুলিব পাৰে । সদায় দেখি থকা, অথচ অকণো আকৰ্ষিত নোহোৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ, মনত সোমাই যব পৰাকৈ ছবিত আকিঁব পাৰে । সাধাৰণ বস্ত এটাও ছবি হ’লে । আকৰ্ষণীয় হৈ পৰে । সেইদৰে গীতৰ সন্মোহীন সুৰেও প্ৰাণত আনন্দৰ জোৱাৰ তোলে । সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক-গায়িকাই সুন্দৰ-সুৰত গীত হিচাপে গায়, তেতিয়া সিয়ে আমাৰ প্ৰাণ টানি ধৰে, অন্তৰ জগাই তোলে, অন্তৰত অপুৰন্ত আনন্দ পোৱা যায় ।

(খ) ‘মিহি বাব মিহি গতি কৌশলী বিদ্যাৰ

নাই মৃত্যু অজৰ-অমৰ

য’তে পৰে ত’তে গজে, বিভিন্ন আকাৰ

ঠাই বুজি দীঘল-ডাঙৰ ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুৰ্গশ্বৰ শৰ্মাদেৱ ৰচিত “গীত আৰু ছবি” কবিতাটিৰ অন্তৰ্গত ।

যিবোৰ গীত আৰু ছবি ভাল বুলি কব পাৰি সকলোৱে প্ৰসংশা কৰে সেইবোৰ গীত আৰু ছবিত এটা মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিহে ব্যক্তি তথা স্থান নিৰ্বিশেষে সকলোকে মোহিত কৰে । এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয়, সিবোৰ অজৰ-অমৰ হৈ মানহুৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায় । এনে গীত আৰু ছবিয়ে সকলো ঠাইতে, সকলো সমাজতে আদৰ পায়, প্ৰশংসিত হয় ।

ভাষা- বিষয়ক

 

7. সমাৰ্থক শব্দ লিখাঃ

জগত; উলাহ; চকু; সৰু; ভাল; কাণ।

উত্তৰঃ

সমাৰ্থক

শব্দ

জগত

বিশ্ব

উলাহ

আনন্দ

চকু

আখ

সৰু

ক্ষুদ্ৰ

ভাল

শুভ

কাণ

 

8. বাক্য ৰচনা কৰাঃ

কৌশলী বিদ্যা; অজৰ-অমৰ; আলাসত ঠাই; ডাঙৰ-দীঘল ।

উত্তৰঃ

কৌশলী বিদ্যাঃ শিল্প কলা এটা কৌশলী বিদ্যা

অজৰ-অমৰঃ ভাল কামৰ মৰণ নাই, অজৰ-অমৰ হৈ থাকে।

আলাসত ঠাইঃ সুকামত আলাসত ঠাই পাব পাৰি ।

ডাঙৰ-দীঘলঃ পিতৃ-মাতৃৰ মৰম-চেনেহৰ মাজত সন্তান ডাঙৰ-দীঘল হয় ।

9. বিপৰীত শব্দ লিখাঃ

মিহি; প্ৰাণ; মৃত্যু; মূল; ক্ষুদ্ৰ ।

উত্তৰঃ

বিপৰীত

শব্দ

মিহি

খহটা

প্ৰাণ

অপ্ৰাণ

মৃত্যু

জন্ম

মূল

অমূল্য

ক্ষুদ্ৰ

ডাঙৰ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Assamese Chapter 3 FAQs | গীত আৰু ছবি | Ospin Academy
SEBA Assam Class 9 Assamese Chapter 3 – গীত আৰু ছবি FAQs
1. গীত আৰু ছবি পাঠৰ মূল বিষয় কি?
এই পাঠত সংগীত আৰু চিত্ৰকলাৰ মাজত থকা আন্তঃসম্পৰ্ক আৰু মানৱ চিন্তাধাৰাত তাৰ প্ৰভাৱ বৰ্ণনা কৰা হৈছে।
2. SEBA Assam Class 9 Assamese Chapter 3 ৰ সমাধান ক’ত পাম?
Ospin Academy ত পাঠ্যপুথিৰ সমাধান, MCQs আৰু অধ্যায়ৰ সংক্ষিপ্ত ব্যাখ্যা উপলব্ধ।
3. সংগীত আৰু চিত্ৰকলাৰ মাজত কি সম্পৰ্ক আছে?
সংগীত আৰু চিত্ৰকলাই মানুহৰ অনুভূতি আৰু চিন্তাধাৰা প্ৰকাশ কৰিবলৈ সহায় কৰে।
4. অসমত সংগীত আৰু চিত্ৰশিল্পৰ বিশেষত্ব কি?
অসমৰ সংগীত আৰু চিত্ৰশিল্প ইয়াৰ ঐতিহ্য, সংস্কৃতি আৰু ঐতিহাসিক গুৰুত্বত বিশেষভাৱে সমৃদ্ধ।
5. গীত আৰু ছবি পাঠ পৰীক্ষাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
এই পাঠ সংগীত আৰু চিত্ৰকলাৰ গুৰুত্ব বুজিবলৈ সহায় কৰে, যি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top