নৱম শ্ৰেণী অসমীয়া অধ্যায় ৫ – মোৰ দেশ (Mor Desh) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ৫ – মোৰ দেশ (হিৰেন ভট্টাচাৰ্য) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘মোৰ দেশ’ সুগন্ধি পখিলাৰ কবি হিৰেন ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এটি অতি সুন্দৰ দেশপ্ৰেমমূলক কবিতা। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 5 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘মোৰ দেশ’ নামৰ এই কবিতাটিত কবিয়ে নিজ জন্মভূমিৰ প্ৰতি থকা গভীৰ ভালপোৱা, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু স্বদেশপ্ৰেমৰ নিভাঁজ চিত্ৰ এখন দাঙি ধৰিছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই কবিতাৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- মোৰ দেশ কবিতাৰ মূল ভাৱ, স্বদেশপ্ৰেম আৰু কবি হিৰেন ভট্টাচাৰ্যৰ সাহিত্যকৃতিৰ পৰিচয়।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- মোৰ দেশ কবিতাৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
মোৰ দেশ
- (ক) হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল ?
উত্তৰঃ হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম যোৰহাটত হৈছিল ।
(খ) হীৰন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা ।
উত্তৰঃ হীৰন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল চিত্ৰবন আৰু মনন।
(গ) দেশৰ প্ৰতিটো পুৱাই কৰিব বাবে কি লুকাই আনিছে ?
উত্তৰঃ দেশৰ প্ৰতিটো পুৱাই কৰিব বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছিল ।
2.‘মোৰ দেশ’ কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰঃ ‘মোৰ দেশ’ কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেমৰ শ্ৰেষ্ঠতা আৰু উৎকৰ্ষ প্ৰতিপন্ন কৰিছে । প্ৰতি ফাকি কবিতাই এনে শ্ৰেষ্ঠতা আৰু গৰিমাৰ জয়গান ঘোষণা কৰিছে । কবিয়ে পোনপটীয়াকৈ নিজৰ দেশক শ্ৰেষ্ঠ বুলি কোৱা নাই যদিও আওপকীয়াকৈ ইয়াৰ প্ৰশংসা কৰিছে । কবিৰ জীৱন যাযবৰী জীৱন । পৃথিৱীৰ চৌদিশে অৰঙে-দৰঙে ঘুৰি তেওঁ দেশ সমূহৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছে । নিজৰ দেশৰ মাটিৰ পৰা আৰাম্ভ কৰা এই যাত্ৰা পথত কবিৰ বহু সহচৰ হৈছে । এই বন্ধুসকলৰ সৈতে বিভিন্ন দেশলৈ কৰা যাত্ৰাত কবিয়ে বিভিন্ন ধৰণৰ অভিজ্ঞাতাও লাভ কৰিছে । তেওঁৰ অন্তৰংগ বন্ধুৰ সৈতে মন খোলা কৰি কথা পাতিছে, ৰং ধেমালি কিৰছে, আৰু জীৱনৰ আনন্দ দৃশ্য উপভোগ কৰিছে।
3.ব্যাখ্যা কৰাঃ
(ক) অনৈক্যৰ মাজত ঐকৈ হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰঃ উদ্ধৃত কবিতা ফাকি কবি হীৰেম ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ অন্তগৰ্ত । কবিয়ে নিজৰ দেশখনৰ প্ৰতি থকা গভীৰ প্ৰেম কথাকেই কবিতা ফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
কবিয়ে নিজৰ দেশক সেউজ সোণালী দেশৰ কবিৰ কাৰণে জীৱনৰ প্ৰতিটো পল নিজৰ দেশৰ মংগলৰ বাবে নিয়োজিত কৰিছ । নিজ দেশৰ চিন্তাই কবিৰ মনত সোণালী ভবিষ্যতৰ স্বপ্ন জগাই তুলিছে । কবিয়ে এই দেশৰ বুকুতেই পাইছে ভালপোৱাৰ আনন্দ । প্ৰতিটো পুৱাই কবিলৈ কঢ়িয়াই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ আৰু্ প্ৰতিটো সন্ধিয়াই কবিক দি যায় বহুতো ফুলৰ মধুৰ সুবাস । তাৰ কাৰণে কবি সদায় প্ৰস্তত ।
(খ) মোৰ জীৱনৰ আঁহে আঁহে,
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উত্তৰঃ উদ্ধৃত কবিতা ফাকি কবি হীৰেম ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ অন্তগৰ্ত ।
কবিয়ে তেওঁৰ দেশৰ প্ৰতি থকা ভাল পোৱা প্ৰকাশ কৰিবলৈ গৈ এই কবিতাটিৰ অৱতাৰমা কৰিছে ।
কবিয়ে নিজ জন্মভূমি মঙ্গল কীমনী কৰে । দেশৰ সৰ্বাংগীন মংগল ঐক্য আৰু সংহতিয়েই একমাত্ৰ কাম্য । সেই বাবেই কবিয়ে জীৱনৰ প্ৰতিটো ক্ষণ দেশৰ মংগল আৰু উন্নতিৰ বাবে প্ৰয়োগ কৰিব বিচাৰে । কবিয়ে জীৱনৰ ব্যক্তিগত চিন্তাৰ পৰিৱৰ্তে পৰিৱৰ্তে দেশ আৰু বিদেশৰ মানুহৰ বাবে চিন্তা কৰি মনত লাভ কৰে অসীম
আনন্দ ।
4. কবিতাটোত কবিৰ দেশপ্ৰমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা ।
উত্তৰঃ কবি হীৰণ ভট্টচাৰ্য প্ৰেমৰ কবি হলেও অন্যান্য প্ৰেমৰ কবিৰ সৈতে তেওঁৰ কবিতাৰ বিশেষ মাল দেখা নাযায় । তেওঁৰ প্ৰায়বোৰ প্ৰেমৰ কবিতাৰ কবিতাতে কবিৰ বেদনা-বিধুৰ অন্তৰবাণীত ক্ৰোধা, অনাদাৰ আৰু তৎজনিত ।যন্ত্ৰণাৰ হূদয়ভেদী স্বৰ শুনা যায় ।
ইয়াৰ উপৰিও হীৰেন ভট্টাচাৰ্যৰ কবিতাত সাধাৰণতে দুটা ধাৰাৰ প্ৰেম দেখিবলৈ পোৱা যায় – সৰ্বহাৰা শ্ৰেণীৰ প্ৰতি গভীৰ প্ৰেম আৰু স্বদেশ প্ৰেম । এই দুয়োটা প্ৰেমৰ ধাৰা সুন্দৰ প্ৰতিফলন ঘটিছে, তেওঁৰ ‘মোৰ দেশ’ কবিতাত ।
কবিয়ে নিজৰ মাতৃ-ভূমিক সোণোৱালী শস্যৰ শমৃদ্ধিশালী কৰি গঢ়ি তুলিব খোজে আৰু সেয়ে জীৱনৰ প্ৰতিটো ক্ষণ, পল, অনুপল সেই লক্ষ্য প্ৰাপ্তিৰ দিশত ধাবিত হৈছে । কবিয়ে বহুতো দেশৰ কথা জানে । সেইবোৰ যথেষ্ট উন্নত তথা সুন্দৰ হ’ব পাৰে । এনে বহুতো দেশ তেওঁ ভ্ৰমণো কৰিছে । তাত বিভিন্ন লোকৰ সৈতে বন্ধুত্ব কৰিছে, প্ৰাণ খুলি কথা পাতিছে, হূদয় বিনিময় কৰিছে, কিন্ত জীৱনৰ প্ৰাপ্তিৰ বিপুল প্ৰাচুৰ্য নিজ দেশৰ দৰে ক’তো তেওঁ দেখিবলৈ বা উপলদ্ধি কৰিব পাৰ নাই।
“এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ । যাৰ বুকুৰ উমে মোক দিছে পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য । জীৱনৰ নতুন অৰ্থ।”
কবিয়ে দেশ-বিদেশত বিভিন্ন বন্ধু লগ পালেও দেশৰ কৃষক-বনুৱাকলৰ দৰে সহজ-সৰল হূদয়ৰ প্ৰকৃত বন্ধু সেই সকলৰ মাজত বিচাৰি পোৱা নাই । সেয়ে এই সকল কৃষক-বনুৱাৰ লগ লাগি দেশক সমৃদ্ধিশালী কৰি তোলাৰ প্ৰতি কবি বিশষ আগ্ৰহী- সদা সচেতন । বিভিন্ন জাতি ধৰ্ম সন্প্ৰদায়ৰ জনগোষ্ঠীৰ পৰিপূৰ্ণ এই বিচিত্ৰ দেশৰ বিচিত্ৰতাৰ মাজতো ঐক্যৰ বীজ লুকাই থকাটো কবিয়ে প্ৰতেক্ষ্য কৰিছে। এই ঐক্য যাতে কোনো প্ৰকাৰে নষ্ট নহয়, তাৰ প্ৰতি কবি সদা-সচেতন। ইয়াৰ মূলতেই হৈছে – কবিৰ নিজ দেশৰ মানুহৰ প্ৰতি থকা বিশ্বাস । এনে বিশ্বাসক মূলধন হিচাপে লৈয়ই কবিয়ে শত্ৰু-মিত্ৰ সকলোকে আপোন কৰি লব বিচাৰিছে । কাৰণ দেশক ভাল পাবলৈ হলে দেশৰ পিৰতুজন নাগৰিকৰে অন্তৰ জয় কৰিব লাগিব । সেয়ে শত্ৰু-মিত্ৰৰ মাজত কোনো ভেদাভেদ নাৰাখি সকলোকে মৰমৰ ডোলেৰে বান্ধি দেশৰ সৰ্বাংগীন উন্নতি আৰু শান্তিৰ কামনা কৰিছে । সেয়েহে কবিক অনৈক্যৰ মাজতো ঐক্য আৰু বিৰোধিতাৰ মাজতো সংহতিৰ প্ৰতীক হব বিচাৰিছে। অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা দেখা এই কবিতাটিৰ মাজেদি আধুনিক বাৱ সম্প্ৰসাৰণ ঘটিছে আৰু দেস প্ৰেমৰ গভীৰতাৰ কথা চিত্ৰকল্পৰ মাজেদি সুন্দৰ ৰূপত প্ৰকাশ পাইছে ।
এই দেশৰ প্ৰতি পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য়ৰ বিপুল সম্ভাৰ ।
“প্রতিটো সন্ধিযাই বৈ আনে, স্নিগ্ধ ফুলৰ সুবাস । প্রতিটো ঋতুৱে মোক দি য়ায জীৱনৰ আশীৰ্বাদ ।”
এনেদৰে ‘মোৰ দেশ’ কবিতাত কবিৰ নিজৰ দেশৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা, ভাল পোৱা সুন্দৰভাৱে প্ৰকাশ পাইছে ।
5. প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে ?
উত্তৰঃ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।
6. শন্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে ?
উত্তৰঃ শান্তিৰ চৰাইজনীক কবিয়ে আজঁলি ভৰাই এমুঠি ধান আৰু পৰণাৰ একোটা গান দিছে। তাৰ বাহিৰে কবিয়ে তেওঁৰ আৰু দিবলৈ একো নাই বুলি কৈছে ।
ভাষা বিষয়ক
মোৰ দেশ
7. সমাৰ্থক শব্দ লিখাঃ
দেশ, কাম, কলৰোল, সাগৰ, সপোন, বন্ধু, শেষ, সম্ভাৰ,শইচ, বুকু, তৰংগ, কল্লোল ।
উত্তৰঃ
দেশ = ৰাষ্ট । বন্ধু = লগ ।
কাম = কৰ্ম । শেষ = অন্ত ।
কলৰোল = কলৰৱ । সম্ভাৰ = সমল ।
সাগৰ = সুমুদ্ৰ । শইচ = শস্য ।
সপোন = কল্পনা। বুকু = হিয়া ।
তৰংগ = লহৰ । কল্লোল = কলৰৱ ।
8. বিপৰীত শব্দ লিখাঃ
সপোন, দেশ, জীৱন, পাহাৰ, ঐকৈ , সংহতি, শয়ন, বিশ্বাস, শত্ৰু।
উত্তৰঃ
সপোন = দিঠক । দেশ = বিদেশ ।
জীৱন = মুত্যু । পাহাৰ = সমতল ।
ঐকৈ = অনৈক্য । সংহতি = বিভেদ ।
শয়ন = জাগ্ৰতা । বিশ্বাস = অবিশ্বাস ।
শত্ৰু = মাত্ৰ ।
