নৱম শ্ৰেণী অসমীয়া অধ্যায় ৬ – অন্যৰ প্ৰতি ব্যৱহাৰ (Onyor Proti Byabohar) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ৬ – অন্যৰ প্ৰতি ব্যৱহাৰ (সত্যনাথ বৰা) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ ষষ্ঠ অধ্যায় ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদ সত্যনাথ বৰাৰ দ্বাৰা ৰচিত এখন অতি শিক্ষামূলক প্ৰবন্ধ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 6 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ এই প্ৰবন্ধটিত সমাজত বাস কৰোঁতে আন মানুহৰ লগত কেনেধৰণৰ আচৰণ কৰিব লাগে, শিষ্টাচাৰ, ভদ্ৰতা আৰু মিঠা মাতৰ প্ৰয়োজনীয়তাৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰবন্ধৰ মূল ভাৱ, সমাজ জীৱনত শিষ্টাচাৰৰ গুৰুত্ব আৰু সত্যনাথ বৰাৰ সাহিত্যকৃতিৰ পৰিচয়।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ, আৰু খণ্ডবাক্যৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- এই পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
অন্যৰ প্ৰতি ব্যৱহাৰ
- (ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা ?
উত্তৰঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা ।
(খ) কি নজনাৰ নিমিত্তে বহুতো মানুহে জীৱনত
নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?
উত্তৰঃ কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সংসাৰত সুখে-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ ফলত বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ।
(গ) কোনটো শ্ৰেণীৰ মানুহৰ সত্ৰু সৰহ ?
উত্তৰঃ আমি আনৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে । কিন্ত নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যতৰ কথা নাভীবি আনৰ লগত কেটেৰা মাৰিহে কথা কয় । সেই শ্ৰেণীৰ মানুহৰ সত্ৰু সৰহ।
(ঘ) সজ ব্যৱহাৰ অনুপাত কি ?
উত্তৰঃ সজ ব্যৱহাৰ অনুপাত হেছে নম্ৰতা ।
(ঙ) মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক কি কৰা
হয়?
উত্তৰঃ মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক ছল কৰা হয়।
(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ মিচেই পাতল।’ – ইয়াত
কোন শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে ?
উত্তৰঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথ লুকাই ৰাখিব নাজনে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি কোৱা হৈছে ।
(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?
উত্তৰঃ শঠ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ।
(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উত্তৰঃ ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
2. চমুকৈ বুজাই লিখাঃ
(ক)ব্যৱাহৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ?
উত্তৰঃ আচাৰ ব্যৱহাৰ মানুহৰ জীৱনক এক প্ৰযোজনীয় বিষয়। এই সংসাৰত আমি বিভিন্ন ধৰণৰ মানুহৰ লগত সম্বন্ধ পাতিবলগীয়া হয় । সেই বিলাক মানুহৰ ভিতৰত কাৰ সৈতে কেনেকুৱা ব্যৱহাৰ কেনেকৈ চলিলে সুখ-সন্তোষে বাস কৰিব পাৰি তাক আমি জনা উচিত । ইয়াক নজনাৰ ফলত মানুহে সংসাৰত বিভিন্ন ধৰণৰ দুখ –যন্ত্ৰনা ভুগিবলগীয়া হয় । সজ ব্যৱহাৰ সজ চৰিত্ৰ গুম হলেও চৰিত্ৰৰ সজ হলে ব্যৱহাৰ কৰিব নজনাৰ দোষত বিভিন্ন ধৰণৰ আলহি আহুকাল পাবলগীয়া হয়। আনহাতে কিছুমান ছল-কপটীয়া লোকে সজ ব্যৱহাৰ কৰি প্ৰিয়ভাজন হোৱাও দেখা যায় ।আমি সকলোৰে লগত সজ ব্যৱহাৰ কৰিব লাগে । গতিকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি আমি কেতিয়াও উলাই কৰি নালাগে । ইয়য়াক আমি মন দি শিকা উচিত ।
(খ) বিনয় ভাবন দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয়
হৈছে ?
উত্তৰঃ বিনয় মানুহৰ এটা সজ গুণ । বিনয়ে মানুহক মহান কৰে অনাহকত কেটেৰা কিছুমান লোক আছে যিয়ে্ অনৱৰতে খিংখিঙীয়া হৈ থকে আৰু আগ-পাছ নুগুণি সকলোৰে লগত কেটেৰা-জেঙৰা মাৰিহে কথা কয় । এনে ধৰমৰ লোকক কোনেও ভাল নাপায় । এই লোকসকলে নিজ ব্যৱহাৰ গুমে নিজৰ শত্ৰু বঢ়াই লয় ।সেইদৰে দান দিয়াৰ ক্ষেত্ৰতো জ্ঞানীসকলে বিনয়ৰ বিধান দিছে । বিনয় ভাবেৰে দান কৰিলে দান দিয়তো গৰাকীৰ মহ্বত প্ৰকাশ পায় ।
3. তাৎপৰ্য ব্যাখ্য কৰাঃ
(ক) নম্ৰতা সজ ব্যৱহাৰ অনুপাত ।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত ‘অন্যৰ প্ৰতি’ ব্যৱহাৰ মানৰ পাঠটিৰ উদ্ধৃত কৰ হৈছে ।
এই সংসাৰত সুখে-সন্তোষে বসবাস কৰিবলৈ হ’লে মানুহে সকলোৰে লগত সজ আচৰণ কৰিব লাগে ।
নম্ৰতা সজ ব্যৱহাৰ অনুপাত বুলি কব পাৰি । দৰবৰ লগত সঠিক পৰিমাণে অনুপাত লসেৱন কৰিলে ই অধিক গুম দিয়ে । সেইদৰে নম্ৰ ব্যৱবাৰেৰে কৰা সজ আচৰণেৰেও আনৰ পৰা সহজে মৰম-ভক্তি আদায় কৰিব পাৰি, দম্ভলি মাৰি কোৱা কথা শুনি কোনেও ভাল নাপায় । সেইবাবে আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত । বহুতে ভাবে যে লোকৰ আগত নম্ৰ হলে নিজক সৰু বা লঘু কৰা হয় । এই কাথা শুদ্ধ নহয় । নম্ৰতা এক প্ৰকাৰ আশয়ৰ চিন বুলি কব পাৰি । নম্ৰ ব্যৱহাৰে মানুহক কাৰো ওচৰত সৰু নকৰে বৰং তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় । সদায় মানুহে মনেৰে আৰু মুখৰে একে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে ।
(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত ‘অন্যৰ প্ৰতি’ ব্যৱহাৰ মানৰ পাঠটিৰ উদ্ধৃত কৰ হৈছে ।
সোণ এবিধ মূল্যৱান ধতু । ইয়াৰ দ্বাৰা আ-অলংকাৰ গঢ়োৱা হয় ।অতি উজ্জ্বল ধাতু । আমি শোণৰ উজ্জ্বলতাক অমান্য কৰিলেও ইয়াক কোনো ক্ষতি কৰিব নোৱাৰে ।
ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে, মান্যৱন্ত সদৃস
আদৰণীয় । এওঁলোক সদায় আনৰ পৰা মানসন্মান পায়।কিন্তআমাৰ সমাজত এনে কিছুমান লোক আছে যিসকল মান্যৱন্ত লোকৰ গুমবোৰক গ্ৰহম কৰি নোখোজে , তেওঁলোকে মান্য লোকসকলক ছল পালেই অমান্য কৰিব খোজে । ইয়াৰ দ্বাৰা তেওঁলোক পুৰুষালি কতৰা যেন পায় কিন্ত এই লোকসকল ভাবি নাচায় যে সোণৰ মূল্য যিদৰে কোনো কৰণতে কম কৰিব নোৱাৰি সেইদৰে মানযৱন্ত লোকসকলকো অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি ।
ভাষা-বিষয়ক
4. বিপৰীত শব্দ লিখাঃ
সুখ; সন্তোষ; সজ; চৰিত্ৰৱন্ত; কপটীয়া; মিঠা; বিনয়; নম্ৰতা; লঘু; উচ্চ; নিন্দা; গুপ্ত; দোষ; গহীন; আঢ্যৱন্ত l
উত্তৰঃ
|
শব্দ |
অৰ্থ |
|
সুখ |
দুখ |
|
সন্তোষ |
অসন্তোষ |
|
সজ |
অসজ |
|
চৰিত্ৰৱন্ত |
চৰিত্ৰহীন |
|
কপটীয়া |
অকপটীয়া |
|
মিঠা |
তিতা |
|
বিনয় |
অহংকাৰ |
|
নম্ৰতা |
কঠোৰতা |
|
লঘু |
গুৰু |
|
উচ্চ |
নীচ |
|
নিন্দা |
প্ৰশংসা |
|
গুপ্ত |
প্ৰকাশ |
|
দোষ |
গুণ |
|
গহীন |
পাতলা |
|
আঢ্যৱন্ত |
দুখীয়া |
5. বাক্য ৰচনাঃ
চকুৰ কুটা; পেটত কথা ৰাখ্ ।
উত্তৰঃ
চকুৰ কুটাঃ এই সৰু কথাটোৰ বাবে কাজিয়াখন কৰি দুয়ো চকুৰ কুটা হ’ব লাগেনে?
পেটত কথা ৰাখ্ঃ পাতল স্বভাৱৰ লোকে গুপ্ত কথা পেটত ৰাখিব নোৱাৰে ।
