SEBA Assam Class 9 Social Science Chapter 3 – “অৰ্থনীতিৰ মৌলিক বিষয়সমূহ” Summary & Solutions
SEBA Assam Class 9 Social Science Political Science (সমাজ বিজ্ঞান) Chapter 3 – “অৰ্থনীতিৰ মৌলিক বিষয়সমূহ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
এই অধ্যায়ত অৰ্থনীতিৰ মূল বিষয়সমূহ, সম্পদৰ বণ্টন, আৰু ৰাজনীতিৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰা হৈছে। ভাৰতীয় অৰ্থনীতিৰ গঠন, খণ্ডসমূহ, আৰু উন্নয়নমূলক দিশসমূহৰ বিষয়ে এই পাঠত বিস্তারিত বৰ্ণনা দিয়া হৈছে।
- অৰ্থনীতিৰ সংজ্ঞা: সীমিত সম্পদৰ জড়িয়তে মানুহৰ প্ৰয়োজন পূৰণ কৰা।
- অৰ্থনীতিৰ প্ৰধান তিনিখন খণ্ড: প্ৰাথমিক, মাধ্যমিক, আৰু তৃতীয় খণ্ড।
- উৎপাদনৰ উপাদান: মাটি, পৰিশ্ৰম, মূলধন, আৰু উদ্যোগ।
- বাণিজ্য আৰু উন্নয়ন: দেশৰ সামগ্ৰিক অৰ্থনৈতিক বৃদ্ধি।
- অসমৰ আৰ্থ-সামাজিক অৱস্থা: কৃষি, উদ্যোগ, আৰু পৰিবহন ব্যৱস্থা।
📌 মূল বিষয়বস্তু:
- অৰ্থনীতি কি?
- অৰ্থনীতিৰ প্ৰধান তিনিখন খণ্ড কি কি?
- উৎপাদনৰ উপাদানসমূহ কি কি?
- বাণিজ্য আৰু উন্নয়নৰ মাজত সম্পৰ্ক কি?
- অসমৰ আৰ্থ-সামাজিক অৱস্থা কেনেকুৱা?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Social Science Political Science Chapter 3 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Social Science Political Science (সমাজ বিজ্ঞান) Chapter 3 – “অৰ্থনীতিৰ মৌলিক বিষয়সমূহ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
অতি চমু উত্তৰৰ প্ৰশ্নঃ
1. অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?
উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে ।
2. অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে ?
উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক শব্দৰ ‘Oikonomia’ ৰ পৰা লোৱা হৈছে ।
3. অৰ্থবিজ্ঞানৰ পিতৃস্বৰুপ কোন ?
উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰুপ এডাম স্মিথ ।
4. অৰ্থবিজ্ঞানৰ সম্পদ ভিক্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ অৰ্থবিজ্ঞানৰ সম্পদ ভিক্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল ।
5. অৰ্থবিজ্ঞানৰ কল্যাণ ভিক্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণ ভিক্তিক সংজ্ঞাটো লায়নেল ৰবিন্সে আগবঢ়াইছিল ।
6. অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ
7. এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতীয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থনীতিবিদ এডাম স্মিথৰ তেখেতৰ ১৭৭৬ চনত প্ৰাকাশিত গ্ৰন্থ “ An Enquiry into The Nature and Causes of The Wealth of Nations” ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
8. আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতীয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থনীতিবিদ আলফ্ৰড মাৰ্ছেলে তেখেতৰ ১৮৯০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ‘The Principles of Economics”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
9.লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতীয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থনীতিবিদ লায়নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay On The Nature and Significance of Economic Science ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
10. এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?
উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে কৈছিল ।
11. দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?
উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব নৰ্দহাছে আৰু ছেমুৱেলছনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ।
12. কোনো বস্তুৰ মানুহৰ প্ৰভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?
উত্তৰঃ কোনো বস্তুৰ মানুহৰ প্ৰভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় ।
13. উৎপাদন উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?
উত্তৰঃ উৎপাদন উৎপাদিত আহিলাক সামগ্ৰী বুলি কোৱা হয় ।
14. ‘Micro’ আৰু ‘Macro’ শব্দ দুকাক টা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘Micro’ আৰু ‘Macro’ শব্দ দুটা ’Micros’ আৰু ‘Macros’ শব্দৰ পৰা লোৱা হৈছে ।
চমু উত্তৰৰ প্ৰশ্নঃ
- এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ অৰ্থনীতিবিদ এডাম স্মিথৰ তেখেতৰ ১৭৭৬ চনত প্ৰাকাশিত গ্ৰন্থ “ An Enquiry into The Nature and Causes of The Wealth of Nations” ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
2. মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ অৰ্থনীতিবিদ আলফ্ৰড মাৰ্ছেলে তেখেতৰ ১৮৯০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ‘The Principles of Economics”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
3. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ অৰ্থনীতিবিদ লায়নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay On The Nature and Significance of Economic Science ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
4. ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছে ‘দুষ্পাপ্যতা’ ধাৰণাটোৰ লগত ‘দক্ষতা’ ধাৰাণাটোক একলগ কৰি অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল ।
5. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?
উত্তৰঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ’লঃ (ক) মানুহৰ অভাৱ অসীম ।
(খ) অভাৱ পীৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য
6. ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?
উত্তৰঃ যি অৰ্থিনীতিয়ে ব্যষ্টি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে তাক ব্যষ্টিবাদী অৰ্থনীতি বোলা হয় ।
7. সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে ?
উত্তৰঃ যি অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ অধ্যায়ন কৰে তাক সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয় ।
8. আৰ্থিক বস্ত আৰু অনাৰ্থিক বস্তৰ পাৰ্থক্য লিখা ।
উত্তৰঃ
(ক) আৰ্থিক বস্তুবোৰৰ যোগান সীমিত আনহাতে অনাৰ্ইথক বস্তুবোৰৰ যোগান সীমিত নহয় ।
(খ) আৰ্থিক বস্তুবোৰ দৰ বা দাম থাকে আনহাতে অনাৰ্থিক বস্তুবোৰৰ দৰ বা দাম নাথাকে ।
(গ) আৰ্থিক বস্তুবোৰ মুদ্ৰাৰ জৰিয়তে আদান-প্ৰদান কৰিব পাৰি আনহাতে অনাৰ্থিক বস্তুোবৰক মুদ্ৰাৰ জৰিয়তে আদান-প্ৰদান কৰিব নোলাৰি অৰ্থাৎ এনে বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান।
9. ৰাষ্ট্ৰীয় আয় কাক বোলে ?
উত্তৰঃ এখন দেশৰ এটা নিৰ্দ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মদ্ৰা মূল্যই হৈছে ৰাষ্টীয় আয় ।
10. জনমুৰি আয়ৰ সুত্ৰটো লিখা ।
উত্তৰঃ জনমূৰি আয় =
দীঘল উত্তৰৰ প্ৰশ্নঃ
11. অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণৰ সহ ব্যাখ্যা কৰা ।
উত্তৰঃ অৰ্থবিজ্ঞান হ’ল সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ বিষয় । সেয়েহে বহুতো কাৰণ অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে । ইযাৰ ভিততৰত কেইটামান কাৰণ হ’লঃ
(ক) কৰদাতা নাগৰিক এগৰাকী জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ ব্যয় কৰে, ব্যয় কৰোতেঁ কি নীতি মানি চলে, সংগৃতহীত ৰাজহৰ উচিত ব্যৱাহৰ হৈছে নে নাই ইত্যাদিবোৰ জানিবৰ বাবে অৰ্থনীতি বিজ্ঞানৰ অধ্যনয়ৰ প্ৰয়োজনীয়তা আছে ।
(খ) সমাজ সংগঠনৰ বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰি । তেনে কৰোতেঁ মানুহ এগৰাকীয়ে বুজজি পাব যে সমস্যাটোৰ বহুতো অৰ্থনৈতিক কাৰণ থাকিব পাৰে । এনে কাৰণবোৰ ভালদৰে জানিবৰ বাবে অৰ্থবিজ্ঞানৰ অধ্যনয়ৰ প্ৰয়োজনীয়তা আছে ।
(খ) অৰ্থনৈতিক বিকাশ কি ? পৰিৱেশীয় অৰ্থনীতি কি ? এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় অৰ্থনীতি বিজ্ঞানত অধ্যয়ন কৰা হয় । সেয়েহে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।
12. অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয় ব্যাখা কৰা।
উত্তৰঃ অৰ্থবিজ্ঞানৰ অটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো লায়নে’ল ৰবিন্সে আগবঢা়ইছে ।
অৰ্থনীতিবিদ লায়নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay On The Nature and Significance of Economic Science ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
তেওঁৰ মতে “যি বিজ্ঞানে মানুহৰ আচৰণক অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজত সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।”
এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰত্ব লাভ কৰে। এই মৌলিৰক ধাৰণাকেইটা হ’লঃ
(ক) মানুহৰ অভাৱ অসীম ।
(খ) অভাৱ পীৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ।
এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্য বা পছন্দৰ সমস্য সৃষ্টি হয় । ৰবিন্সৰ এই সংজ্ঞাক দুষ্প্ৰাপ্যতা বা নাটনিৰ সংজ্ঞা বুলি কোৱা হয় ।
13. অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা ।
উত্তৰঃ অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপক সমাৰি লয় । অনা আৰ্থিক কাৰ্যকলাপক সামৰি লয় ।অনা আৰ্থিক কৰ্যকলাপ অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত কৰা নহয় । অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়সমূহ হৈছেঃ
(ক) ভোগকাৰ্যঃ আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ । ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভূক্ত ।
(খ) উৎপাদনঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে উৎপাদান । উৎপাদানৰ চাৰিটা উপাদান (ভূমি, শ্ৰম, মূলধন, আৰু সংগঠন) উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আৰ্থিক ব্যৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয় ।
(গ) বিতৰণঃ সামগ্ৰীৰ উৎপাদান কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকাৰ্য সম্ভৱ হৈ উঠিব। বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্তব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ত্ব ‘বিতৰণ’ বিষয়ৰ মাজত আলোচনা কৰা হয় ।
(ঘ) বিনিময়ঃ কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী নিজে উৎপাদান কৰি লব নোৱাৰে । সেয়েহে দেশীয় বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয় । অৰ্থনীতিত এই দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলোচনা কৰা হয় ।
(ঙ) মুদ্ৰাঃ দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল । মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু মুদ্ৰাৰ প্ৰাকৰ ইত্যাদিবোৰৰ বিষয়ে অৰ্থনীতিক পৰিসৰচত আলোচনা কৰা হয়।
(চ) আয়ঃ জনমূৰি আয় , ৰাষ্টীয় আয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি বা বিতৰণ, অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত ।
(ছ) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞানঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান ।
(জ) কল্যাকামী অৰ্থনীতিঃ কেৱল ভোগকাৰ্য, উৎপাদন তথা বিতৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু হ’ব নোৱাৰে ।
(ঝ) পৰিৱেশীয় অৰ্থনীতিঃ অৰ্থনৈতিক অন্নতি বৃদ্ধিৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনোনিবেশ পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনিষ্ট হৈছে । এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেউ উদ্দেস্য পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতিৰ বিষয়ত অন্তৰ্ভূক্ত কৰা হৈছে ।
(ঞ) দক্ষতাঃ সীমিত সম্পদৰাজিক দক্ষাতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয় ।
SEBA Assam Class 9 Social Science Political Science Chapter 3 – অৰ্থনীতিৰ মৌলিক বিষয়সমূহ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: