Class 9 Social Science Chapter 13 – মূল অৰ্থনৈতিক সমস্যাসমূহ (Basic Economic Problems) – All Textual Solutions | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি) অধ্যায় ১৩ – মূল অৰ্থনৈতিক সমস্যাসমূহ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ অন্তিমটো অধ্যায় ‘মূল অৰ্থনৈতিক সমস্যাসমূহ’ আমাৰ দেশ তথা সমাজৰ বৰ্তমানৰ অৰ্থনৈতিক স্থিতি বুজিবলৈ অতি গুৰুত্বপূৰ্ণ। এই পাঠটিত দৰিদ্ৰতা, নিবনুৱা সমস্যা, জনসংখ্যা বিস্ফোৰণ আৰু মুদ্ৰাস্ফীতিৰ দৰে জ্বলন্ত সমস্যাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শিক্ষা নীতিৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Economics Chapter 13 Textual Solutions) অস্পীন একেডেমীৰ (Ospin Academy) এই পৃষ্ঠাত উপলব্ধ কৰা হৈছে।
এই নোটছসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অৰ্থনৈতিক সমস্যাসমূহৰ কাৰণ আৰু এইবোৰ সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে জানিব পাৰিব। পৰীক্ষাত আহিব পৰা পাৰ্থক্য, সংজ্ঞা আৰু বিশ্লেষণাত্মক প্ৰশ্নসমূহ ইয়াত অতি সৰল অসমীয়া ভাষাত যুগুত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত আপুনি কি কি সমল পাব:
- দৰিদ্ৰতাৰ ধাৰণা— আপেক্ষিক দৰিদ্ৰতা আৰু চৰম দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য।
- নিবনুৱা সমস্যাৰ বিভিন্ন প্ৰকাৰ (যেনে— ছদ্মবেশী নিবনুৱা, ঋতুগত নিবনুৱা আদি) আৰু ইয়াৰ কাৰণ।
- জনসংখ্যা বৃদ্ধিৰ অৰ্থনৈতিক প্ৰভাৱ আৰু জনসংখ্যা বিস্ফোৰণৰ পৰিণতি।
- মুদ্ৰাস্ফীতি (Inflation) কি আৰু ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত পৰা প্ৰভাৱ।
- অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ বাবে ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ আলোচনা।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি ১ নম্বৰৰ পৰা ৫ নম্বৰৰ সকলো প্ৰশ্নৰ নিখুঁত সমাধান।
অস্পীন একেডেমীৰ নোটছৰ বিশেষত্বসমূহ:
- সম্পূৰ্ণৰূপে শেহতীয়া নতুন পাঠ্যক্ৰম (According to New Syllabus) অনুসৰি বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত।
- জটিল অৰ্থনৈতিক সমস্যাসমূহ বুজিব পৰাকৈ সৰল আৰু স্পষ্ট অসমীয়া ভাষাৰ ব্যৱহাৰ।
- পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় অতিৰিক্ত চমু প্ৰশ্ন আৰু MCQ সমাধানৰ অন্তৰ্ভুক্তি।
- পইণ্ট ভিত্তিক উত্তৰ যাতে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সহজে উপস্থাপন কৰিব পাৰে।
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ এই ‘মূল অৰ্থনৈতিক সমস্যাসমূহ’ৰ সমাধানসমূহ গভীৰভাৱে অধ্যয়ন কৰক। আপোনাৰ শৈক্ষিক সফলতাৰ বাবে অস্পীন একেডেমী সদায় প্ৰতিশ্ৰুতিবদ্ধ।
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
মূল অৰ্থনৈতিক সমস্যাসমূহ
অতি চমু/ চমু উত্তৰৰ প্ৰশ্নঃ
- সংজ্ঞা লিখা –
(ক) দৰিদ্ৰতা
(খ) নিবনুৱা
(গ)জনসংখ্যাৰ ঘনত্ব
(ঘ)লিংগ অনুপাত
(ঙ)চৰম দৰিদ্ৰতা
(চ)আপেক্ষিক দৰিদ্ৰতা
(ছ)বহনক্ষম উন্নয়ন
(জ)সেউজ অৰ্থনীতি
উত্তৰঃ
(ক) দৰিদ্ৰতাঃ দৰিদ্ৰতা এনে এক অৱস্থা যত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনেঃ খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয় তাকে দৰিদ্ৰতা বুলি কোৱা হয় ।
(খ) নিবনুৱাঃ অৰ্থনীতিত যি সকল লোকে দেশৰ প্ৰচলিত মজুৰিত উপযুক্ত আৰু কৰ্মক্ষম লোক সকলে কাম কৰিবলৈ ইচ্ছুক হৈয়ো যদি কৰ্মসংস্থান নাপয় তেনে লোকসকলক নিবনুৱা বুলি কোৱা হয় ।
(গ) জনসংখ্যাৰ ঘনত্বঃ কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ হিচাব কৰাকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয় ।
(ঘ) লিংগ অনুপাতঃ কোনো এখন ঠাইৰ মুঠ জনংখ্যাৰ হাজৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা গণনা কৰাকে লিংগ অনুপাত বোলে ।
(ঙ) চৰম দৰিদ্ৰতাঃ ভাৰতৰ পৰিকল্পানা আয়োগে কেলৰি ভিক্তিত আগবঢ়োৱা সংজ্ঞা মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক ২১০০ কেলৰি খাদ্য আহাৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বোলা হয়।
যিসকল লোকে এই নূন্যতম পৰিমাণতকৈও কম খাদ্যহে আহাৰণ কৰিব পাৰে তেনেবোৰ লোকৰ দৰিদ্ৰ অৱস্থাটোক চৰম দৰিদ্ৰতা বোলা হয়।
(চ) আপেক্ষিক দৰিদ্ৰতাঃ যিসকল লোকে সমাজত জীৱন ধাৰণাৰ সাধাৰাণৰ মান–সন্মান বচাই ৰাখিবলৈ প্ৰয়োজন হোৱা নিম্নতম আয় উপাৰ্যন কৰিবলৈও সক্ষম নহয় তোনে লোসকলক আপেক্ষিক দৰিদ্ৰতা বোলা হয় ।
(ছ) বহনক্ষম উন্নয়নঃ বহনক্ষম উন্নয়ন হৈছে এক বিবেচনাসম্পন্ন উন্নয়ন ব্যৱস্থা । যি ব্যৱস্থাই সমাজৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষাৰ অনুকূলে ক্ৰিয়া কৰে ।
(জ) সেউজ অৰ্থনীতিঃ যি অৰ্থনীতিয়ে পৰিৱেশ আৰু পৰিস্থিতন্ত্ৰৰ প্ৰতি থকা ভাবুকিসমূহ দূৰ কৰি বহনক্ষন উন্নয়ন লাভ কৰিব বিচৰা অৰ্থনৈতিক সেউজ অৰ্থনীতি বোলা হয় ।
2. দৰিদ্ৰতাৰ সীমাৰেখা কি ? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি ?
উত্তৰঃ ভাৰতৰ পৰিকল্পানা আয়োগে কেলৰি ভিক্তিত আগবঢ়োৱা সংজ্ঞা মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক ২১০০ কেলৰি খাদ্য উপভোগৰ বাবে ব্যয় কৰিব নোৱাৰে, তেওঁলোকে দৰিদ্ৰ সীমেৰেখা তললৈ যাব যিসকল লোকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নোৱাৰে তেওঁলোকিই হব দৰিদ্ৰ ।
গাঁও অঞ্চলত দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি আহাৰ আহাৰণ কৰিব নোৱাৰা লোকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত ধৰা হয় ।
3. ২০১১ চনৰ লোকপিয়লমতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান ?
উত্তৰঃ ২০১১ চনৰ লোকপিয়লমতে ভাৰতবৰ্ষৰ জনসংখ্যা- ১২১ কোটি আৰু অসমৰ জনসংখ্যা ৩ কোটি ১২ লাখ ।
4. বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে ?
উত্তৰঃ বিশ্বৰ মাটিকালিৰ ২.৪ শতাংশ ভাৰতত আছে ।
5. ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান ?
উত্তৰঃ ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কেৰেলা আৰু ১০৮৪ জন।
6. অমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰঃ অমৰ জনসংখ্যাৰ ঘনত্ব ৩৮২ জন ।
7. ছদ্মবেশী নিবনুৱা কাক কয় ?
উত্তৰঃ সাধাৰণতে ছদ্মবেশী নিবনুৱাসকল কৃখিখণ্ডত বিশেষকৈ দেখা য়ায় । গাঁও অঞ্চলত সমূহ ক্ৰম সংস্থাপনৰ অন্য কোনো সুবিধা নথকাত পহৰিয়ালৰ সকলো মানুহে নিজৰ কৃষিকাৰ্যতে যোগদান কৰি থাকে । কিন্ত পৰিয়ালৰ সকলোবোৰ মানুহ কৃষিকাৰ্যত যোগদান কৰে যদিও তেওঁলোকৰ অতিৰিক্ত উৎপাদনৰ পৰিমাণ শূন্যৰ সমান হয় । গতিকে দেখাত কৃষি উৎপাদান নিযোজিত বুলি গণ্য কৰা হ’লেও প্ৰকৃততে অতিৰিক্ত শ্ৰমিকসকল কৰ্মহীন হৈ থাকে । এনে কৰ্মহীনতাক ছদ্মবেশী নিবনুৱা বোলা হয় ।
8. মুদ্ৰাস্ফীতি কি ?
উত্তৰঃ নিৰৱচিন্নভাৱে দ্ৰব্যমূল্য স্তৰ সবৃদ্ধি পালে বা মুদ্ৰামূল্য হ্ৰাস পালে তাকে মুদ্ৰাস্ফীতি বোলা হয় ।
9. মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি কি ?
উত্তৰঃ মুদ্ৰাস্ফীতিৰ কাৰণবোৰ হ’ল-
(ক) চাহিদাজনিত মুদ্ৰাস্ফীতি আৰু
(খ) ব্যয়জনিত মুদ্ৰাস্ফীতি ।
10. দমিত মুদ্ৰাস্ফীতি কোক বোলে ?
উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰিত ব্যৱস্থাই মুদ্ৰাস্ফীতিক যেতিয়া মুক্ত মুদ্ৰাস্ফীতিতকৈ কম কৰা ৰাখে, তেতিয়া ইয়াক দমিত মুদ্ৰাস্ফীতি বোলা হয় ।
11. অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে ?
উত্তৰঃ অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা ১০ জনতকৈ কম থাকে।
12. কর্মী জনসংখ্যা = মুঠ কর্মী সংখ্যা × ১০০ সম্পূর্ণ কৰা।
উত্তৰঃ কর্মী জনসংখ্যা = মুঠ কর্মী সংখ্যা/মুঠ জনসংখ্যা × ১০০ মুঠ জনসংখ্য
13. বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল ?
উত্তৰঃ বহনক্ষম উন্নয়নৰ সংজ্ঞাটো “Brundltland” আয়োগে কেতিয়া আগবঢ়াইছিল ।
14. পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে ?
উত্তৰঃ পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ হ’ল – “চিন্তা বিশ্বব্যাপী হওক কাৰ্যপন্থা স্থানীয় হওক” Think globally, act locally.
দীঘল উত্তৰৰ প্ৰশ্নঃ
- ভাৰবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা ।
উত্তৰঃ ভাৰতবৰ্ষ তথা অসমৰ জনসংখ্যা বৃদ্ধি মূসমস্যাৰ মূল কৰণবোৰ হ’লঃ
(ক) উচ্চ জন্ম হাৰ, (খ) নিৰক্ষৰতা, (গ) দৰিদ্ৰতা,
(ঘ) সামজিক অজ্ঞতা আৰু (ঙ) জনসংখ্যা শিক্ষাৰ অভাৱ।
(ক) উচ্চ জন্ম হাৰঃ ভাৰতবৰ্ষত মৃত্যুহাৰৰ বিপৰীতে জন্মহাৰ হোৱাৰ বাবে জনসংখ্যা অধিক মাত্ৰা বৃদ্ধি পাইছে । ভাৰবৰ্ষত পৰিয়াল পৰিকল্পনাৰ আঁচনিবোৰ প্ৰবৰ্ত্তন কৰা হৈছে যদিও প্ৰকৃত অৰ্থত ইয়াক কাৰ্যকৰী নোহোৱাৰ বাবে জনসংখ্যা বৃদ্ধি পাইছে। ফলত দেশত বিভিন্ন সমস্যাই দেখা দিছে ।
(খ)নিৰক্ষৰতাঃ জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হ’ল নিৰক্ষৰতা । ভাৰতৰ দৰে উন্নয়নশীল দেশৰ জনসংখ্যা শিক্ষিত হোৱাটো দৰকাৰ । নিৰক্ষৰতাই জনসংখ্যা বৃদ্ধি কৰাত সহায় কৰে । জনসংখ্যা বৃদ্ধিৰ পৰিমাণ কমাবৰ বাবে জনসাধাৰণক শিক্ষিত হোৱাটো প্ৰয়োজনীয় ।
(গ) দৰিদ্ৰতাঃ দৰিদ্ৰতা এনে এক অৱস্থ যত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনেঃ খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয় তাকে দৰিদ্ৰতা বুলি কোৱা হয় । জনসংখ্যাৰ বৃদ্ধিৰ ফলত জনসাধাৰণৰ মাজত নিবনুৱা সমস্যা দেখা দিয়ে ।
(ঘ) সামজিক অজ্ঞতাঃ জনসাধআৰণৰ মাজত থকা সামজিক অজ্ঞতাই জনসংখ্যা বৃদ্ধি কৰা সহায় কৰে । বিশেষকৈ গাঁও অঞ্চলবোৰত শিক্ষাৰ অভাৱৰ বাবে এই সমস্যাসমূহৰ বিষয়ে বহলভাৱে আলোচনা নকৰে ফলত তেওঁলোকৰ মাজত ক্ৰমান্বায়ে জনসংখ্যা বৃদ্ধি হৈ থাকে ।
(ঙ) জনসংখ্যা শিক্ষাৰ অভাৱঃ শিক্ষাৰ প্ৰসাৰ বৃদ্ধি নহলে সমাজৰ পৰা জনসংখ্যা সমস্যাটো সম্পূৰ্ণভাৱে অন্ত নপৰে । শিক্ষাৰ অভাৱৰ বাবে মানুহ চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন পৰিকল্পানা আঁচনিবোৰৰ বিষয়ে বুজি নাপায় । ফলত ভাৰত বা অসমত জনসংখ্যা বৃদ্ধিৰ ফলত নানা ধৰণৰ সমস্যাই দেখা দিয়ে ।
2. দৰিদ্ৰতা কাক কয় ? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰুপন কৰে ব্যাখ্যা কৰা।
উত্তৰঃ দৰিদ্ৰতা এনে এক অৱস্থ যত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনেঃ খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয় তাকে দৰিদ্ৰতা বুলি কোৱা হয় ।
ভাৰতত দৰিদ্ৰতাৰ ধাৰাণাটো এটা নিৰ্দিষ্ট নিম্নতম উপভোগ্য ব্যয়ৰ মানত নিৰূপণ কৰা হয় । ভাৰতৰ পৰিকল্পনা আয়োগে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উক্ত নিম্নতম উপভোগ্য ব্যয়ৰ পৰিমাণে ১৯৬০-৬১ চনতৰ মূল্যমানত প্ৰতিমাহত ২০ টকাকৈ আছিল ।
ভাৰতৰ কল্পনা আয়োগে কেলৰি ভিক্তিত আগবঢ়োৱা সংজ্ঞা মতে গ্ৰাম্য অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম ২৪০০কেলৰি আৰু নগৰ অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম ২১০০ কেলৰি বা প্ৰটিনযুক্ত আহাৰ উপভোগৰ বাবে ব্যয় কৰিব নোৱাৰে,স তেওঁলোক দৰিদ্ৰ সমীৰেখাৰ তললৈ যাব বা যিসকল লোকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নোৱাৰে তেওঁলেকই হ’ব দৰিদ্ৰ লোক ।
ন্যূতম কেলৰি আহাৰণ কৰিবলৈ চলিত দৰ হিচাপত গাঁও অঞ্চলত আৰু নগৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ এনেধৰণৰঃ
|
বৰ্ষ |
গ্ৰামাঞ্চল |
নগৰঞ্চল |
|
২০০০-২০০১ |
৩৮২ টকা |
৪৫৪ টকা |
|
২০০৫-২০০৬ |
৩৬৮ টকা |
৫৫৮ টকা |
3. মুদ্ৰাস্ফীতি কাক বোলে ? মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধিতি সমূহ আলোচনা কৰা ।
উত্তৰঃ একেৰাহে দৰ স্তৰ বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বোলে।
মুদ্ৰাস্ফীতি নিয়ন্ত্ৰয়নৰ মূল পদ্ধতিসমূহ হ’লঃ
(ক) মৌদ্ৰিক নীতি
(খ) ৰাজকোষীয় নীতি আৰু
(গ) অমৌদ্ৰিক নীতি বা উৎপাদনত বৃদ্ধি নীতি ।
(ক) মৌদ্ৰিক নীতিঃ চৰকাৰে গ্ৰহণ কৰা মৌদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখ্যযোগ্য । বেংকৰ হাৰ হ’লে সেই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক লবেংকক ঋণ প্ৰদান কৰে ।
(খ) ৰাজকোষীয় নীতিঃ এই নীতিক ‘আয় আৰু ব্যয়’ নীতি বুলিও কোৱা হয় । চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰিত কৰিব পাৰি । তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি । ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পাব ৱআৰু মুদ্ৰাসফীতি নিয়ন্ত্ৰিত হব।
(গ) অমৌদ্ৰিক নীতি বা উৎপাদনত বৃদ্ধি নীতিঃ দেশৰ চৰকাৰে অব্যহূত সম্পৰাজি সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদান প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদান বৃদ্ধি হব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যোগান হাৰত বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ’ব ।
4. নিবনুৱা সমস্যা কোক বোলে ? ইয়াৰ প্ৰকাৰ কি কি ? এই সমস্যাৰ মূল কৰণসমূহ উল্লেখ কৰা ।
উত্তৰঃ অৰ্থনীতিত যিসকল লোকে দেশৰ প্ৰচলিত মজুৰিত উপযুক্ত আৰু কৰ্মক্ষম লোকে কাম কৰিবলৈ উচ্ছুক হৈয়ো কৰ্মসংস্থান নাপায় তেনে লোকসকলক নিৱনুৱা বুলি কোৱা হয়
নিৱনুৱাৰ বিভিন্ন প্ৰকাৰ হ’ল-

নিবনুৱা সমস্যাৰ মূল কৰাণ হ’লঃ
(ক) দ্ৰুত জনসংখ্যা বৃদ্ধি
(খ) নিয়োগ বিহীন উন্নয়ন
(গ) স্থবিৰ কৃষি উন্নয়ন
(ঘ) ঔদ্যোগিকৰণৰ মন্থৰ গতি
(ঙ) ক্ৰটিপূৰ্ণ শিক্ষা ব্যৱস্থা
(ক) দ্ৰুত জনসংখ্যা বৃদ্ধিঃ দ্ৰুত জনসংখ্যাৰ বিদ্ধিয়ে নিবনুৱাৰ সমস্যাৰ সৃষ্টিত বৰঙণি যোগাইছে । বৰ্ধিত জনসংখ্যা অনুপাতে নিযোগৰ সা-সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে ।
(খ) নিয়োগ বিহীন উন্নয়নঃ দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে । এনে অৱস্থাক নিয়োগ বিহীন উন্নয়ন বুলি কোৱা হয়।
(গ) স্থবিৰ কৃষি উন্নয়নঃ ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্ৰধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হব লাগিছিল সেয়া হৈ উঠা নাই । ফলস্বৰূপে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে ।
(ঘ) ঔদ্যোগিকৰণৰ মন্থৰ গতিঃ দেশখনত ঔদ্যোগিক উন্নয়ন যি হাৰত হব সেয়া হৈ নুঠাত ঔদ্যোগিকক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে ।
(ঙ) ক্ৰটিপূৰ্ণ শিক্ষা ব্যৱস্থাঃ প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ।
- চমুটোকা লিখাঃ
(ক) ঋতুজ নিবনুৱা ।
উত্তৰঃ জলবায়ু আৰু বৰুষুণৰ ওপৰত নিৰ্ভৰ কৰি থকা পৰম্পৰাগত কৃষিকণ্ডই বছৰৰ সকলো সময়তে নিয়মিতভাৱে কৰ্ম সংস্থানৰ সুবিধা আগবঢ়াব নোৱা ৰে । ফলস্বৰূপে বছৰৰ কেইমাহমান সময় বাবে কৃষি শ্ৰমিকসকলে ঘৰত বহি থাকিব লগাত পৰে । এনে নিবনুৱাক ঋতুজ নিবনুৱা বোলে ।
অৰ্থাৎ যদি শ্ৰমিকসকল বছৰৰ কোনোবা এটা নিদ্দিৰ্ষ্ট সময় বা ঋতুতহে নিয়োজিত হয় আৰু বাকীখিনি সময়ত অনিয়োজডিত হৈ থাকে তেন্তে তাক ঋতুগত নিবনুৱা বা ঋতুজ নিবনুৱা বোলা হয় ।
উদাহৰণস্বৰূপে কৃষি শ্ৰমিসকল উৎপাদানৰ সময়ত যেনে শস্যৰ গুটি সিঁচা, শস্য ৰোপণ কৰা, শস্য চপোৱা আদি সময়ত ব্যস্ত থাকে অথবা নিয়োজিত হয় । এনেবোৰ কাম চলি নথকা অৱস্থাত তেওঁলেক নিবনুৱা হৈ পৰে ।
(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি ।
উত্তৰঃ অৰ্থনীতিত মুদ্ৰাসফীতি সংঘটিত হোৱা মূল কাৰণ হ’ল- (ক) চাহিদাজনিত মুদ্ৰাস্ফীতি আৰু
(খ) ব্যয়জনিত মুদ্ৰাস্ফীতি
(ক) চাহিদাজনিত মুদ্ৰাস্ফীতিঃ চাহিদাজনিত মুদ্ৰাস্ফীতি হ’ল জনসাধাৰণৰ যেতিয়া দ্ৰব্য আৰু সেৱাৰ প্ৰতি চাহিদা অ€ধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায় । এনে অৱস্থাত মানুহৰ অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে। ফতল দ্ৰব্য আৰু সেৱাবিলাকৰ মূল্য বা দৰ বৃদ্ধি পায় । গতিকে দ্ৰব্য বা সেৱাৰ যোগানৰ তুলনাত ইয়াৰ চাহিদা বৃদ্ধি পালেই মূল্যস্তৰ বৃদ্ধি বা মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় ।
(খ) ব্যয়জনিত মুদ্ৰাস্ফীতিঃ মুদ্ৰস্ফীতিৰ আন এটা কাৰণ হ’ল দ্ৰব্য আৰু সেৱাৰ উৎপাদান ব্যয় বৃদ্ধি হয় । ইয়াক ব্যয়জনিত মুদ্ৰাস্ফীতি বোলা হয় । দ্ৰব্য আৰু সেৱাবিলাকৰ উৎপাদান ব্যয় বৃদ্ধি পালেও মুদ্ৰাস্ফীতিকৰ সৃষ্টি হব পাৰে ।
(গ) বহনক্ষম উন্নয়ন ।
উত্তৰঃ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত ‘Brundltland’ আয়োগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰাণাটো দাঙি ধৰিছিল ।
বহনক্ষম উন্নয়ন এনে এক বিবেচনা সম্পন্ন উন্নয়ন যি সমাজৰ বৰ্তমান নআৰু ভৱিষ্যতৰ অনুকূলে দীৰ্ঘকাল ধৰি অব্যাহত থাকিব পাৰে । পৰিৱেশ ধ্বংস কৰি সমাজৰ সবল শ্ৰেণীৰ স্বাৰ্থৰ হকে কৰা বৈষম্যমূলক উন্নয়ন বহনক্ষম উন্নয়নৰ পৰিপন্থী । বহনক্ষম উন্নয়নৰ ধাৰাণাৰ ভেটিত আৰ্থ-সামাজিক অন্নয়ন পৰিচালিত কৰিব পাৰিলে পৰিৱেশিক সমস্যা বহুপৰিমাণে লাঘৱ কৰিব পাৰি ।
(ঘ) সেউজ অৰ্থনীতি ।
উত্তৰঃ যি অৰ্থনীতিয়ে পৰিৱেশ আৰু পৰিস্থিতন্ত্ৰৰ প্ৰতি থকা ভাবুকিসমূহ দূৰ কৰি বহনশ্ক্ষম উন্নয়ন লাভ কৰিব বিচৰা অৰ্থনীতিক সেউজ অৰ্থনীতি বোলা হয় ।
(ঙ) মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি ।
উত্তৰঃ মুক্ত মুদ্ৰাস্ফীতিঃ যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বোলা হয়।
দমিত মুদ্ৰাস্ফীতিঃ চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনেঃ ৰাজহুৱা বিতৰণ ব্যৱস্থা. চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰয়ণ কৰে । এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয় । এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয় ।
