Class 9 Social Science Economics Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ Solutions | ASSEB Assam
নৱম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি) অধ্যায় ১২ – অৰ্থনীতিৰ মৌলিক বিষয়সমূহ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ অৰ্থনীতি খণ্ডৰ প্ৰথমটো অধ্যায় ‘অৰ্থনীতিৰ মৌলিক বিষয়সমূহ’ অৰ্থনৈতিক জগতখনৰ আধাৰ স্বৰূপ। এই পাঠটিত অৰ্থনীতিৰ সংজ্ঞা, ইয়াৰ পৰিসৰ আৰু বিভিন্ন অৰ্থনীতিবিদৰ দৃষ্টিভংগীসমূহ আলোচনা কৰা হৈছে। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শিক্ষা নীতিৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Economics Chapter 12 Textual Solutions) অস্পীন একেডেমীৰ (Ospin Academy) এই পৃষ্ঠাত সহজকৈ আগবঢ়োৱা হৈছে।
অৰ্থনীতি কি আৰু আমাৰ দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব কি, সেই বিষয়ে বুজিবলৈ এই নোটছসমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি সহায়ক হ’ব। আডাম স্মিথৰ সম্পদৰ সংজ্ঞাৰ পৰা লিয়নেল ৰবিন্সৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞালৈকে সকলোবোৰ জটিল ধাৰণা ইয়াত সৰল অসমীয়া ভাষাত বুজাই দিয়া হৈছে।
এই পাঠ্যভিত্তিক সমাধানত আপুনি কি কি সমল পাব:
- অৰ্থনীতিৰ পিতৃ আডাম স্মিথৰ ‘সম্পদ ভিত্তিক’ সংজ্ঞাৰ চমু বিশ্লেষণ।
- আলফ্ৰেড মাৰ্চেলৰ ‘কল্যাণ ভিত্তিক’ আৰু লিয়নেল ৰবিন্সৰ ‘দুষ্প্ৰাপ্যতা ভিত্তিক’ সংজ্ঞাৰ আলোচনা।
- অৰ্থনীতিৰ বিভিন্ন শাখা যেনে— ব্যষ্টিবাদী (Micro) আৰু সমষ্টিবাদী (Macro) অৰ্থনীতিৰ পৰিচয়।
- সম্পদ, উপযোগিতা, অভাৱ আৰু অৰ্থনৈতিক সমস্যাসমূহৰ ধাৰণা।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি ১ নম্বৰৰ পৰা ৫ নম্বৰৰ সকলো পাঠ্যভিত্তিক প্ৰশ্নৰ নিখুঁত উত্তৰ।
অস্পীন একেডেমীৰ নোটছৰ বিশেষত্বসমূহ:
- সম্পূৰ্ণৰূপে শেহতীয়া নতুন পাঠ্যক্ৰম (According to New Syllabus) অনুসৰি বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত।
- জটিল অৰ্থনৈতিক শব্দসমূহৰ সহজ অসমীয়া ব্যাখ্যা।
- পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় অতিৰিক্ত চমু প্ৰশ্ন আৰু MCQ সমাধানৰ অন্তৰ্ভুক্তি।
- পইণ্ট ভিত্তিক উত্তৰ যাতে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সহজে মনত ৰাখি লিখিব পাৰে।
নৱম শ্ৰেণীৰ অৰ্থনীতি খণ্ডত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ এই ‘অৰ্থনীতিৰ মৌলিক বিষয়সমূহ’ৰ সমাধানসমূহ গভীৰভাৱে অধ্যয়ন কৰক। আপোনাৰ শৈক্ষিক উত্তৰণৰ দিশত অস্পীন একেডেমী সদায় এক বিশ্বস্ত সহযোগী।
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
অতি চমু উত্তৰৰ প্ৰশ্নঃ
1. অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?
উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে ।
2. অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে ?
উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক শব্দৰ ‘Oikonomia’ ৰ পৰা লোৱা হৈছে ।
3. অৰ্থবিজ্ঞানৰ পিতৃস্বৰুপ কোন ?
উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰুপ এডাম স্মিথ ।
4. অৰ্থবিজ্ঞানৰ সম্পদ ভিক্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ অৰ্থবিজ্ঞানৰ সম্পদ ভিক্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল ।
5. অৰ্থবিজ্ঞানৰ কল্যাণ ভিক্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণ ভিক্তিক সংজ্ঞাটো লায়নেল ৰবিন্সে আগবঢ়াইছিল ।
6. অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ
7. এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতীয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থনীতিবিদ এডাম স্মিথৰ তেখেতৰ ১৭৭৬ চনত প্ৰাকাশিত গ্ৰন্থ “ An Enquiry into The Nature and Causes of The Wealth of Nations” ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
8. আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতীয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থনীতিবিদ আলফ্ৰড মাৰ্ছেলে তেখেতৰ ১৮৯০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ‘The Principles of Economics”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
9.লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতীয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থনীতিবিদ লায়নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay On The Nature and Significance of Economic Science ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
10. এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?
উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে কৈছিল ।
11. দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?
উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব নৰ্দহাছে আৰু ছেমুৱেলছনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ।
12. কোনো বস্তুৰ মানুহৰ প্ৰভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?
উত্তৰঃ কোনো বস্তুৰ মানুহৰ প্ৰভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় ।
13. উৎপাদন উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?
উত্তৰঃ উৎপাদন উৎপাদিত আহিলাক সামগ্ৰী বুলি কোৱা হয় ।
14. ‘Micro’ আৰু ‘Macro’ শব্দ দুকাক টা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘Micro’ আৰু ‘Macro’ শব্দ দুটা ’Micros’ আৰু ‘Macros’ শব্দৰ পৰা লোৱা হৈছে ।
চমু উত্তৰৰ প্ৰশ্নঃ
- এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ অৰ্থনীতিবিদ এডাম স্মিথৰ তেখেতৰ ১৭৭৬ চনত প্ৰাকাশিত গ্ৰন্থ “ An Enquiry into The Nature and Causes of The Wealth of Nations” ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
2. মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ অৰ্থনীতিবিদ আলফ্ৰড মাৰ্ছেলে তেখেতৰ ১৮৯০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ‘The Principles of Economics”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
3. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ অৰ্থনীতিবিদ লায়নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay On The Nature and Significance of Economic Science ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
4. ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছে ‘দুষ্পাপ্যতা’ ধাৰণাটোৰ লগত ‘দক্ষতা’ ধাৰাণাটোক একলগ কৰি অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল ।
5. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?
উত্তৰঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ’লঃ (ক) মানুহৰ অভাৱ অসীম ।
(খ) অভাৱ পীৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য
6. ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?
উত্তৰঃ যি অৰ্থিনীতিয়ে ব্যষ্টি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে তাক ব্যষ্টিবাদী অৰ্থনীতি বোলা হয় ।
7. সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে ?
উত্তৰঃ যি অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ অধ্যায়ন কৰে তাক সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয় ।
8. আৰ্থিক বস্ত আৰু অনাৰ্থিক বস্তৰ পাৰ্থক্য লিখা ।
উত্তৰঃ
(ক) আৰ্থিক বস্তুবোৰৰ যোগান সীমিত আনহাতে অনাৰ্ইথক বস্তুবোৰৰ যোগান সীমিত নহয় ।
(খ) আৰ্থিক বস্তুবোৰ দৰ বা দাম থাকে আনহাতে অনাৰ্থিক বস্তুবোৰৰ দৰ বা দাম নাথাকে ।
(গ) আৰ্থিক বস্তুবোৰ মুদ্ৰাৰ জৰিয়তে আদান-প্ৰদান কৰিব পাৰি আনহাতে অনাৰ্থিক বস্তুোবৰক মুদ্ৰাৰ জৰিয়তে আদান-প্ৰদান কৰিব নোলাৰি অৰ্থাৎ এনে বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান।
9. ৰাষ্ট্ৰীয় আয় কাক বোলে ?
উত্তৰঃ এখন দেশৰ এটা নিৰ্দ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মদ্ৰা মূল্যই হৈছে ৰাষ্টীয় আয় ।
10. জনমুৰি আয়ৰ সুত্ৰটো লিখা ।
উত্তৰঃ জনমূৰি আয় =
দীঘল উত্তৰৰ প্ৰশ্নঃ
11. অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণৰ সহ ব্যাখ্যা কৰা ।
উত্তৰঃ অৰ্থবিজ্ঞান হ’ল সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ বিষয় । সেয়েহে বহুতো কাৰণ অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে । ইযাৰ ভিততৰত কেইটামান কাৰণ হ’লঃ
(ক) কৰদাতা নাগৰিক এগৰাকী জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ ব্যয় কৰে, ব্যয় কৰোতেঁ কি নীতি মানি চলে, সংগৃতহীত ৰাজহৰ উচিত ব্যৱাহৰ হৈছে নে নাই ইত্যাদিবোৰ জানিবৰ বাবে অৰ্থনীতি বিজ্ঞানৰ অধ্যনয়ৰ প্ৰয়োজনীয়তা আছে ।
(খ) সমাজ সংগঠনৰ বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰি । তেনে কৰোতেঁ মানুহ এগৰাকীয়ে বুজজি পাব যে সমস্যাটোৰ বহুতো অৰ্থনৈতিক কাৰণ থাকিব পাৰে । এনে কাৰণবোৰ ভালদৰে জানিবৰ বাবে অৰ্থবিজ্ঞানৰ অধ্যনয়ৰ প্ৰয়োজনীয়তা আছে ।
(খ) অৰ্থনৈতিক বিকাশ কি ? পৰিৱেশীয় অৰ্থনীতি কি ? এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় অৰ্থনীতি বিজ্ঞানত অধ্যয়ন কৰা হয় । সেয়েহে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।
12. অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয় ব্যাখা কৰা।
উত্তৰঃ অৰ্থবিজ্ঞানৰ অটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো লায়নে’ল ৰবিন্সে আগবঢা়ইছে ।
অৰ্থনীতিবিদ লায়নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay On The Nature and Significance of Economic Science ”-ত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছে।
তেওঁৰ মতে “যি বিজ্ঞানে মানুহৰ আচৰণক অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজত সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।”
এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰত্ব লাভ কৰে। এই মৌলিৰক ধাৰণাকেইটা হ’লঃ
(ক) মানুহৰ অভাৱ অসীম ।
(খ) অভাৱ পীৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ।
এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্য বা পছন্দৰ সমস্য সৃষ্টি হয় । ৰবিন্সৰ এই সংজ্ঞাক দুষ্প্ৰাপ্যতা বা নাটনিৰ সংজ্ঞা বুলি কোৱা হয় ।
13. অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা ।
উত্তৰঃ অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপক সমাৰি লয় । অনা আৰ্থিক কাৰ্যকলাপক সামৰি লয় ।অনা আৰ্থিক কৰ্যকলাপ অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত কৰা নহয় । অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়সমূহ হৈছেঃ
(ক) ভোগকাৰ্যঃ আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ । ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভূক্ত ।
(খ) উৎপাদনঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে উৎপাদান । উৎপাদানৰ চাৰিটা উপাদান (ভূমি, শ্ৰম, মূলধন, আৰু সংগঠন) উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আৰ্থিক ব্যৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয় ।
(গ) বিতৰণঃ সামগ্ৰীৰ উৎপাদান কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকাৰ্য সম্ভৱ হৈ উঠিব। বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্তব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ত্ব ‘বিতৰণ’ বিষয়ৰ মাজত আলোচনা কৰা হয় ।
(ঘ) বিনিময়ঃ কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী নিজে উৎপাদান কৰি লব নোৱাৰে । সেয়েহে দেশীয় বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয় । অৰ্থনীতিত এই দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলোচনা কৰা হয় ।
(ঙ) মুদ্ৰাঃ দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল । মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু মুদ্ৰাৰ প্ৰাকৰ ইত্যাদিবোৰৰ বিষয়ে অৰ্থনীতিক পৰিসৰচত আলোচনা কৰা হয়।
(চ) আয়ঃ জনমূৰি আয় , ৰাষ্টীয় আয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি বা বিতৰণ, অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত ।
(ছ) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞানঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান ।
(জ) কল্যাকামী অৰ্থনীতিঃ কেৱল ভোগকাৰ্য, উৎপাদন তথা বিতৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু হ’ব নোৱাৰে ।
(ঝ) পৰিৱেশীয় অৰ্থনীতিঃ অৰ্থনৈতিক অন্নতি বৃদ্ধিৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনোনিবেশ পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনিষ্ট হৈছে । এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেউ উদ্দেস্য পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতিৰ বিষয়ত অন্তৰ্ভূক্ত কৰা হৈছে ।
(ঞ) দক্ষতাঃ সীমিত সম্পদৰাজিক দক্ষাতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয় ।
