Class 9 Social Science Chapter 1 – ভাৰতবৰ্ষত ইউৰোপীয়সকলৰ আগমন – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় ১ – ভাৰতবৰ্ষত ইউৰোপীয়সকলৰ আগমন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় ‘ভাৰতবৰ্ষত ইউৰোপীয়সকলৰ আগমন’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Social Science Chapter 1 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions) আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভাৰতবৰ্ষত ইউৰোপীয়সকলৰ আগমন’ নামৰ এই পাঠটিত ভাৰতলৈ নতুন সাগৰীয় পথৰ আৱিষ্কাৰ, পৰ্তুগীজ, ডাচ, ইংৰাজ আৰু ফৰাচীসকলৰ আগমন, আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠা তথা ইয়াৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই ঐতিহাসিক ঘটনাসমূহৰ কাৰণ আৰু ফলাফল বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ইউৰোপীয় শক্তিৰ ভাৰত আগমনৰ কাৰণ আৰু বাণিজ্যিক প্ৰতিযোগিতাৰ বিতং বিশ্লেষণ।
- ভাস্কো-ডা-গামাৰ সাগৰীয় পথ আৱিষ্কাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ সম্প্ৰসাৰণৰ বিষয়ে স্পষ্ট ধাৰণা।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পাঠটোৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
অ ণু শী ল নী
অতি চমু/চমু উত্তৰৰ প্ৰশ্নঃ
- ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিস্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্ৰথমে উপস্থিত হৈছিল?
উত্তৰঃ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিস্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন ভাস্ক’-ডা-গামা ।
তেওঁ ১৪৯৮ খ্ৰীঃত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল ।
2. জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল ?
উত্তৰঃ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন ফ্ৰান্সিছ ড্ৰেক আছিল ।
3. ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ?
উত্তৰঃ ভাৰত ভূমিত পোন প্ৰথমে জেমচ মিলভেন নামৰ ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ ১৫৯৯ খ্ৰীঃত প্ৰৱেশ কৰিছিল ।
4. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ১৬০০ খ্ৰীঃত লণ্ডত গঠন হৈছিল ।
5. ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ’লঃ
(ক) বেহা-বেপাৰ কৰা ।
(খ) ভাৰতবৰ্ষত ইংৰাজৰ শাসন প্ৰতিষ্ঠা কৰা ।
6. ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টপমত ১৬১১ খ্ৰীঃত স্থাপিত হৈছিল .
7. ‘ফৰ্ট উইলিয়াম’ কি ?
উত্তৰঃ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতাত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰা হৈছিল । এই বাণিজ্য কেন্দ্ৰটোৰ নাম দিয়া হৈছিল ‘ফৰ্ট উইলিয়াম’ ।
8. পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা ।
উত্তৰঃ পৰাধীন ভাৰকতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ দুটা হ’লঃ
(ক) প্ৰথমটো, মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰাম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে ।
(খ) দ্বিতীয়টো, ১৮৫৮ খ্ৰীঃৰ পৰা ১৯৪৭ খ্ৰীঃত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে ।
9. ‘ভাৰতৰ চৰকাৰ’ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল ?
উত্তৰঃ ‘ভাৰত চৰকাৰৰ’ আইন ১৮৫৮ খ্ৰীঃত ২ আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে বাৰত শাসন কৰিছিল ।
এই আইনখনৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া ।
10. ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল?
উত্তৰঃ ‘ভাৰতীয় পৰিষদ আইন’ ১৮৬১ খ্ৰীঃত ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল ।
এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসম ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া ।
চমু/দীঘল উত্তৰৰ প্ৰশ্নঃ
- ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা ।
উত্তৰঃ ইংৰাজে ভাৰতৰ লগত বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্য ১৫৯৯ খ্ৰীঃত জেমচ মিলভেন হল নামৰ ইংৰাজ নাৱিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা একন অনুৰোধ-পত্ৰ লৈ পোন প্ৰথমবাৰ ভাৰতত প্ৰৱেশ কৰিছল । ভাৰতত প্ৰৱেশ কৰিয়েই প্ৰাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্য ১৬০০ খ্ৰীঃত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল । এই প্ৰতিষ্ঠানটোৱে ‘ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি’ বুলি জনা যায় ।
১৬০৮ খ্ৰীঃত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্য কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোল সম্ৰাট জাহাংগীৰলৈ এখন আৱেদন –পত্ৰ প্ৰেৰণ কৰিছল । মোগল সম্ৰাট জাহাংগীৰক তেওঁৰ ৰাজদৰবাৰত সাক্ষাৎ কৰে । এয়াই আছিল ইংৰাজৰ প্ৰথম ভাৰতৰ আগ্ৰাত প্ৰৱেশ । কেপ্টেইন হকিন্সে প্ৰায় দুই বছৰ কাল মোগল সম্ৰাজ্যত থাকি সম্ৰাট জাহংগীৰৰ পৰা বেহা-বেপাৰৰ কিছুমান সা-সুবিধা আদায়ৰ চেষ্টা কৰিছিল । কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদনখন মানি লোৱা নাছিল ।
১৭১৫ খ্ৰীঃত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতি দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল । সেই সময়ত সম্ৰাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল । ৰেগত ভুগি থকা সম্ৰাট ফাৰুখছিয়াৰক ইংৰাজ সঁজাতি দলটোৰ চিকিৎসাক ডাঃ হেমিলটন চিকিসা কৰি তেওঁক ৰোগৰ পৰা উদ্ধাৰ কৰিছল । এই সঁজাতি দলটোৰ প্ৰতি সম্ৰাট ফাৰুখছিয়াৰে সদ্বব্যৱহাৰৰ ভাৱ দেখুৱাইছিল। এই সুযোগত সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ঠ ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্ভয়ে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে ।
এনেকৈয়ে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা সমূহ সম্পৰ্ণ হৈছিল ।
2. ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা ।
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল হ’লঃ
(ক) ১৬১১ খ্ৰীঃত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মচলিপট্টমত আৰু ১৬৩৬ খ্ৰীঃত আৰমাগাৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল । ১৬৩৯ খ্ৰীঃত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি কেন্দ্ৰটোৰ নাম নতুনকৈ “ফৰ্ট ছেণ্ট জৰ্জ” নাম দিয়ে।
(খ) ১৬৬১ খ্ৰীঃত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে ৰাজকন্য কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল । ৰজা চাৰ্লছে ১৬৬৮ খ্ৰীঃত ৫০,০০০ হাজৰ পাউণ্ড ঋণৰ বাবে বোম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানিৰ প্ৰধান কাৰ্যলয়ত পৰিণত হয় ।
(গ) ১৬৯০ খ্ৰীঃত জব চাৰ্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি ১২০০০ টকাৰ খাজনাৰ বিনিময়েত কালীঘাট (কলিকতা) সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল । এই বাণিজ্য কেন্দ্ৰটোৰ নাম “ফৰ্ট উইলিয়াম” দিয়া হৈছিল ।
3. ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আতাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন ? তেওঁ কি কি কৌশলেৰে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উত্তৰঃ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আতাইতকৈ উল্লেখযোগ্য ব্যক্তিজনৰ নাম হ’ল ৰৰ্বাট ক্লাইৱ ।
ৰৰ্বাট ক্লাইৱে যি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল তাৰ চাৰিটা যুক্তি হ’লঃ
(ক) ক্লাইৱে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতবৰ্ষৰ পৰা বহিস্কাৰ কৰা আঁচনি লৈছিল ।
(খ) ক্লাইৱে যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকল কোম্পানিৰ ফালে কৰিবলৈ প্ৰচেষ্টা চলাইছিল ।
(গ) বংগৰ নবাব, হায়দাৰাবাদৰ মনিজাম, অযোধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়েই কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল ।
(ঘ) পলাছী যুদ্ধত বংগ নবাব আৰু উৰিষ্যআৰ নবাব ছিৰাজ উদদৌলক ছল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পথ সুগম কৰি তুলিছিল ।
4. চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা ।
উত্তৰঃ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ হ’লঃ
(ক) ৰাজনৈতিক কাৰণ (খ) অৰ্থনৈতিক কাৰণ
(গ) সামাজিক কাৰণ (ঘ) ধৰ্মীয় কাৰণ
(ক) ৰাজনৈতিক কাৰণঃ ইংৰাজ গৰ্ৱণৰ জেনেৰেল লৰ্ড ডেলহাউচিয়ে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য সৃষ্টি কৰা স্ববিলোপ নীতি আছিল চিপাহী বিদ্ৰোহৰ এটা ৰাজনৈতিক কাৰণ।
(খ) অৰ্থনৈতিক কাৰণঃ ৰজা আৰু জমিদাৰ শ্ৰেণীৰ মাজত দেখা দিয়া অৰ্থনৈতিক সংকটে চিপাহী বিদ্ৰোহৰ এটা অৰ্থনৈতিক কাৰণ । ৰজা আৰু জমিদাৰসকলৰ ৰাজ্যসমূহ ইংৰাজ সম্ৰাজৰ অন্তৰ্ভূক্ত হোৱাৰ ফলত তেওঁলোকৰ আয়ৰ পথ বন্ধ হৈছিল ।
(গ) সামাজিক কাৰণঃ অতি প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি আছিল । ইংৰাজসকলে ভাৰতত স্থায়ীভাৱে বসতি কৰাৰ পাছৰ পৰাই ভাৰতীয় সমাজত চলি থকা সতীদাহ প্ৰথা, বাল্য বিবাহ, নৰবলী, বিধৱা বিবাহ প্ৰচলন আদি প্ৰথাসমূহৰ বিৰোধিতা কৰা আৰু সেইবোৰৰ বাবে মাত মতাৰ বাবে কিছু সংখ্যক ভআৰতবাসীৰ মনত ইংৰাজৰ প্ৰতি বেয়া মনোভাৱৰ সৃষ্টি হৈছিল ।
(ঘ) ধৰ্মীয় কাৰণঃ ভাৰতবৰ্ষলৈ অহাৰ সময়ৰ পৰাই ইংৰাজসকলৰ এটা উদ্দেশ্য আছিল খ্ৰীষ্টান ধৰ্মৰ স্থাপন কৰা ।
5. চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ্য কৰা ।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ্য কৰা হ’লঃ
(ক) চিপাহী বিদ্ৰোহহৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানিৰ হাতৰ পৰা ভাৰত শাসনভাৰ ব্ৰিটিছ চৰকাৰ হাতলৈ যায় ।
(খ)দেশীয় ৰজসকলৰ অধিকাৰ, সন্মান, মৰ্যদা আৰু ৰাজ্যৰ সীমা অক্ষুণ্ণ থাকিব ।
(গ) জাতি, ধৰ্ম বা বৰ্ণৰ বিত্তিত মহাৰাণীৰ চৰকাৰে কোনো বৈষম্যমূলক আচৰণ নকৰে ।
(ঘ) এই বিদ্ৰোহৰ ফলত ভাৰতত জাতীয়বাদৰ সূচনা কৰে।
6. ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা ।
উত্তৰঃ ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন সমূহ হ’লঃ
(ক) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীঃৰ ২ আগষ্ট তাৰিখে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছিল । এই আইখনৰ উদ্দেশ্য আছিল ইংলেণ্ডকৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতত শাসন কৰাৰ ক্ষমতা দিয়া ।
(খ) ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্ব অৱসান ঘটিছিল ।
(গ) নতুন নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অপৰ্ণক কৰা হয় ।
(ঘ) ভাৰত চৰকাৰ আইনমতে ভাৰতবৰ্ষত সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয় ।
7. লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা ।
উত্তৰঃ লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰ হ’লঃ
(ক) লৰ্ড কেনিঙে শিক্ষাৰ উন্নতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনিখন’ ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশত এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল ।
(খ) লৰ্ড কেনিঙে সেনা-বাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল । বিভিন্ন ধৰ্মালম্বী আৰু বিভিন্ন জাতি সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনা-বাহিনীৰ গোট গঠন কৰিছল । নতুনকৈ গঠন হোৱা গোটটোত বালেসংখ্যক ইউৰোপীয় সেনাক নিয়োগ কৰিছিল ।
8. ‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ দুটা দোষ লিখা ।
উত্তৰঃ ‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা দোষ হ’লঃ
(ক) এই আইনে ভাৰতীয়ক পোন প্ৰথমবাৰ বিধানমণ্ডত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্ৰত্যক্ষ সহযোগিতা আশা কৰিছিল । এক কথাত ভাৰতীয়ক বিধামণ্ডলৰ সদস্যৰ স্থান দি প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ সাঁচটো তৈয়াৰ কৰিছিল । প্ৰকৃত অৰ্থত ভাৰতীয় জনসাধাৰণৰ প্ৰতিনিধি আছিল বুলি কব নোৱাৰি । তেওঁলোকে আছিল উচ্চ বংশজাত আৰু সম্ভ্ৰান্ত ভূ-স্বামী শ্ৰেণীটোৰেহে প্ৰতিনিধি ।
(খ) এই আইনে কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্ৰিটিছ-ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইনে তৈয়াৰ কৰাৰ ক্ষমতা দিছিল । কিন্ত একে সময়ত ভাইচৰয়গৰাকী প্ৰয়োজন সাপক্ষে বিধানমণ্ডত প্ৰস্তাৱিত আইন নতুবা দিহা-পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিয়া হৈছিল ।
‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ হ’লঃ
(ক) এই আইনে পাঁচজনীয়া সদস্যৰ এখন ‘কাৰ্যবাহী পৰিষদ’ গঠনৰ প্ৰস্থাৱ দিচিল । ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক ‘কাৰ্যবাহী পৰিষদ’ৰ বাবে বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছিল । ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতাও থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছল। বাকী দুজন সদস্যক ব্ৰিটিছ সংসদে প্ৰত্যক্ষভাৱে নিয়োগ কৰাৰ ক্ষমতা পাইছিল ।
(খ) ভাইচৰয়ক কাৰ্যবাহী পৰিষদখন পৰিচলনা কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল । ভাইচৰয় লৰ্ড কেনিঙে পোন প্ৰথম কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি তেওঁলোকক নিজা নিজা দপ্তৰসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল ।
9. ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ব শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা ।
10. অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা ।
11. ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য লিখা ।
উত্তৰঃ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য হ’লঃ
(ক) ব্ৰিটিছ অধীন ভাৰতবৰ্ষত লোকসেৱাৰ পৰীক্ষাসমূহ লণ্ডনত অনুষ্ঠিত হৈছিল । কিন্ত স্বাধীনতাৰ পিছত লোকসেৱাৰ আয়োগৰ পৰীক্ষাসমূহ ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে অনুষ্ঠিত কৰা হৈছিল ।
(খ) ব্ৰিটিছৰ শাসন কালত লোকসেৱাৰ প্ৰাৰ্থীৰ বয়সৰ উচ্চসীমা ২২ বছৰ আছিল । কিন্ত স্বাধীনতাৰ পিছত লোকসেৱাৰ প্ৰাৰ্থীৰ বয়স উচ্চসীমা ২৫ বছকলৈ বৃদ্ধি কৰা হৈছিল ।
(গ) ব্ৰিটিছৰ অধীনত সৰ্বভাৰতীয় পৰ্যায়ত লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । কিন্ত স্বাধীনতাৰ পিছিত ভাৰতবৰ্ষত সৰ্ব-ভাৰতীয় আৰু প্ৰাদেশিক উভয় পৰ্যায়তে লোকসেৱাৰ পৰীক্ষা অনু্ষ্ঠিত হৈছিল ।

Very good answers