Class 10 সমাজ বিজ্ঞান অধ্যায় ২ – মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় ২ – মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় ‘মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Social Science Chapter 2 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম’ নামৰ এই পাঠটিত জাতিৰ পিতা মহাত্মা গান্ধীৰ দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰত্যাৱৰ্তন, সত্যাগ্ৰহ আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, আৰু ভাৰত ত্যাগ আন্দোলনৰ দৰে গুৰুত্বপূৰ্ণ ঐতিহাসিক পৰিঘটনাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে স্বাধীনতা সংগ্ৰামত গান্ধীজীৰ অৱদান বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- মহাত্মা গান্ধীৰ সত্যাগ্ৰহ নীতি, অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰ্যায়ৰ বিস্তৃত বিশ্লেষণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ কাৰণ আৰু প্ৰভাৱ সম্পৰ্কীয় ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে সমাজ বিজ্ঞানৰ এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
Class 10 Social Science
Chapter – 10 Ospin Academy
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
অতি চমু উত্তৰৰ প্ৰশ্ন :
১)মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?
উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ
২)সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ?
উত্তৰঃ সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্ৰিকাত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ।
৩)ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট উপাধি’ ত্যাগ কৰিছিল ?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ‘নাইট উপাধি’ ত্যাগ কৰিছিল ।
৪)কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎআন্দোলনৰ সূচনা হৈছিল ?
উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎআন্দোলনৰ সূচনা হৈছিল ।
৫)চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ চৌৰীচৌৰাৰ ঘটনা ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ।
৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?
উত্তৰঃ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নিৰ্দয় ভাৱে লাঠি চালনা কৰে, য’ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে ।
৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯২৯ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত লাহোৰত বহা ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ।
৮)গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল । সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?
উত্তৰঃ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল । সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত ৩৮৫ কিলোমিটাৰ দূৰত্ব আছিল।
৯) সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উত্তৰঃ সীমান্ত গান্ধী নামেৰে আব্দুল গফুৰ খানক জনা যায় ।
১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰঃ লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ।
১১) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল?
উত্তৰঃ ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম ৰামজে মেকডোনাল্ড আছিল ।
১৩) আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ?
উত্তৰঃ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা নেতাজী সুভাষচন্দ্ৰ বসু ।
১৪) ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?
উত্তৰঃ ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো নেতাজী সুভাষচন্দ্ৰ বসুৰ আছিল ।
১৫) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ লাইন নামেৰে জনা যায় ।
১২) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল ?
উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল ।
দীঘল উত্তৰৰ প্ৰশ্নঃ
১) সত্যাগ্ৰহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা ।
উত্তৰঃ সত্যাগ্ৰহ হল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত কৰণ প্ৰক্ৰিয়া । ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহ ক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰবৰ্তী সময়ত তেও এজন প্ৰভাৱশালী ৰাজলৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল । উক্ত ঘটনা কেইটা আছিল-
(ক) চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল ।
(খ) খেড়াত, কৃষকসকলৰ খেতিনষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰৰ বিপক্ষে মাত মাতিছিল ।
(গ) আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিল।
উল্লেখযোগ্য যে উক্ত প্ৰতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্ৰহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা ।
২) ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?
উত্তৰঃ ২৮ জুন ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল ǀ এই যুদ্ধত বিশ্বৰ দেশসমূহ দুটা ফৈদত বিভক্ত হৈ এই যুদ্ধত অংশ গ্ৰহণ কৰিছিল । তাৰে এটা পক্ষত আছিল মিত্ৰ শক্তি যত অংশগ্ৰহণকাৰী দেশবোৰ আছিল- ব্ৰিটেইন, ফ্ৰান্স, ৰাচিয়া, জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি- জাৰ্মানী, অষ্ট্ৰীয়া, হাংগেৰী, ইটালী, বুলগেৰিয়া আৰু অট্টোমান সাম্ৰাজ্য । অট্টোমান সম্ৰাজ্য হল- তুৰ্কী সকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰৰ (ইৰাক, ইজিপ্ত, লেবেনান, পেলেষ্টাইন ইত্যাদি) গোট ।
১২৯৯ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য ১৪শ, ১৫শ আৰু ১৬শ শতিকাত প্ৰৱল প্ৰতাপী হৈ উঠিছিল । অট্টমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মাম্বলী লোকৰ কেইবাখনো প্ৰবিত্ৰ স্হান অন্তভুক্ত হৈ আছিল । খালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল । প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰ শক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয় । শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মিত্ৰ শক্তিৰ অধীনত থকা অট্টোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ ভাগ হৈ পৰে আৰু ইছলাম ধৰ্মৰ নেতা খালিফ ৰ স্হিতি ক্ৰমাৎ দুৰ্বল হৈ পৰে । সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্হানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফৎ আন্দোলন গঢ়ি তুলিছিল । মৌলানা চৌকত আলি আৰু মহম্মদ আলিয়ে ১৯১৯ চনত ‘সদৌ ভাৰত মুছলিম সমাবৰ্তন আহ্বান’ কৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে ।
৩) ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?
উত্তৰঃ ‘অসহযোগ আন্দোলন’ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন যত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফুত ভাৱে অংশগ্ৰহণ কৰিছিল ǀ অসহযোগ আন্দোলনত ইন্ধন যোগোৱা প্ৰদান কাৰক সমূহ আছিল –
1) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সকলৰ অসন্তুষ্টি
2) ৰাওলট আইনৰ দমনমূলক নীতি
3) ১৯১৯ চনৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড
4) ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ
5) খিলাফৎ আন্দোলনৰ প্ৰতি সমৰ্থন
উক্ত ঘটনাৱলীৰ পৰিপেক্ষিতত ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়।
ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আছিল–
1) বিদেশী বয়বস্তু, বস্ত্ৰ,সুৰা আদি বৰ্জন কৰা
2) ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ
3) দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন
4) দেশৰ স্বাৰ্থত কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণপোষণৰ ব্যৱস্হা কৰা-
5) স্বেচ্ছাসেৱকক সদস্যভৰ্তি কৰোৱা
6) দেশত যঁতৰ প্ৰস্তুত কৰা
7) জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী
8) আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা ǀ
সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সহাৰি লাভ কৰাৰ সময়তে ১৯২২ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্হানীয় পুলিছ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় ǀ এই ঘটনাত তিনিজন প্ৰতিবাদকাৰী পুলিছৰ গুলীত নিহত হোৱাত উন্মত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিছক হত্যা কৰে ǀ এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয় ǀ অৱশেষত ১৯২২ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে ǀ
৪) আইন অমান্য অন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?
উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছমৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল ǀ এই কমিছমখনত ভাৰতীয়লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰে বাবে ১৯২৭ চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিছন বুলি অভিহিত কৰিছিল ǀ ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিবেশনখনত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে- ভাৰতত ডমিনিয়নৰ ব্যৱস্হা নকৰিলে , দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হব ǀ ১৯৩১ চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয়-
মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা।
টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা
মাটিৰ খাজনাৰ পৰিমাণ কম কৰা
লোণ কৰ বন্ধ কৰা
সৈন্য বাহিনীৰ ব্যয় কমোৱা
প্রশাসনীয় ব্যয় সংকোচন কৰা
বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা
ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা
অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা
সকলো ৰাজনৈতিক বন্ধীক মুক্তি দিয়া
আত্ম ৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্রশস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা ।
পত্ৰত উল্লেখ কৰা এই ১১ টা দাবীকে আন্দোলনৰ লক্ষ্য চিহ্নিত কৰিব পাৰি ǀ
এই আন্দোলনৰ বৈশিষ্ট্য সমূহ হৈছে –
1) আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা) আৰম্ভ কৰিছিল ǀ ১৯৩০ চনৰ ২২ মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ ঠাই টুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল ǀ উক্ত ঠাইত উপস্হিত হৈ গান্ধীজীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহবানৰ সৃষ্টি কৰিছিল ǀ পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্তটো লোণ আইনক প্ৰত্যাহবান জনোৱা হৈছিল ǀ
2) উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফৰ খান ৰ নেতৃত্বত ‘ৰেড চাৰ্টছ’ হিচাপে জনপ্ৰিয় ‘খুদাই খিদমদগাৰ’ সকলে আন্দোলনটো চলাই নিছিল ǀ
3) আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেল ত অংশ গ্ৰহণ কৰা নাছিল ǀ
৫) কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া ।
উত্তৰঃ ১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল ǀ গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধী আছিল ǀ কিন্তু ভাৰতৰ ক্ষেত্ৰত ‘সম্পূৰ্ণ স্বাধীনতাৰ’ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ǀ কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে ǀ প্ৰতিবাদস্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে ১৯৩৯ চনত মন্ত্ৰিত্ব ত্যাগ কৰে ǀ
১৯৪২ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টফাৰ্ড ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে ǀ উদ্দেশ্য আছিল – ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন গোটোৱা ǀক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱ্স্হা কৰা ,লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হব বুলি ঘোষণা কৰা হৈছিল ǀ অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয় ǀ
ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল- জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি ǀ
ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদি নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা,সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যান্য উদাহৰণ আছিল ǀ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফুত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ǀ স্বাধীনতাৰ বাবে আপোচবিহীন ভাৱে কৰা এই সংগ্ৰামত জাতি,ধৰ্ম নিৰ্বিশেষেছাত্ৰ,মহিলা,খেতিয়ক আৰু শ্ৰমিক সকলো জপিয়াই পৰিছিল ǀ এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল ǀ সকলো দিশৰ পৰা চালিজাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুটি বুলি অভিহিত কৰিব পাৰি ǀ
৬)ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটি চমু টোকা লিখা ǀ
উত্তৰঃ ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনা বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে ǀ
১৯৪২ চনত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল ǀইয়াৰ ঠিক পিছতে বেংককত বহা অধিবেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয় ǀ জাপানত অনুস্হিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বী ৰ দায়িত্ব প্ৰদান কৰা হয় ǀ
১৯৪৩ চনৰ অক্টোবৰত,তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্হায়ী চৰকাৰ(আজাদ হিন্দ চৰকাৰ) গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয় ǀ ভাৰতীয় জাতীয় সেনা বাহিনীক পুনৰ গঠন কৰা হয় ǀ যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তভুক্তিৰ বাবে ব্যৱস্হা কৰা হয় ǀ যুদ্ধৰ বাবে অৱশ্যকীয় পুজি গঠনৰ ব্যৱস্হা হাতত লয় ǀ ‘ঝান্সি ৰাণী ৰেজিমেন্ট’ নামৰ মহিলাৰ বাহিনী এটাও গঠন কৰা হয় ǀ
ভাৰতীয় জাতীয়সেনাৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’ ǀ ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগলাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ জয় কৰিছিল ǀ বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম ’ উক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল ǀ কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে ǀ



