Class 10 Social Science Chapter 2 – মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Question Bank | HSLC 2027 | ASSEB

class 10 social science

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 2 – মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 2 – মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় ‘মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম’ ভাৰতৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

এই পাঠটিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সত্যাগ্ৰহ নীতি, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আৰু স্বাধীনতা সংগ্ৰামত তেওঁৰ বলিষ্ঠ নেতৃত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই ঐতিহাসিক আন্দোলনবোৰৰ তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মহাত্মা গান্ধীৰ সত্যাগ্ৰহ দৰ্শন, দক্ষিণ আফ্ৰিকাৰ অভিজ্ঞতা আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ প্ৰভাৱৰ বিস্তৃত পৰিচয়।
  • 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- অসহযোগ আন্দোলনৰ কাৰণ, দাণ্ডী যাত্ৰা আদি) সহজ তথা মান্য সমাধান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
Original price was: ₹199.00.Current price is: ₹99.00.
Vibrant Note Box
Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

দশম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-2                                  অস্পিন একাডেমী

 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

 

HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা : {2026}

ঘটনা

(i) চম্পাৰণ আন্দোলন

(ii) ছাইমন কমিশন

(iii) জালিৱানৱালাবাগৰ হত্যাকাণ্ড

(iv) ক্ৰিপছ মিছন

(v) গান্ধী-আৰউইন চুক্তি

চন

A. 1942

B. 1919

C. 1927

D. 1917-18

E. 1931

(A) (i) – (D), (ii) – (C), (iii) – (B),(iv)-(A),(v) – (E)

(B) (i) – (C),(ii) – (D),(iii) – (B),(iv) – (E),(v) – (A)

(C) (i) – (C),(ii) – (D),(iii) – (B),(iv) – (A),(v) – (E)

(D) (i) – (E),(ii) – (A),(iii) – (B),(iv) – (D),(v) – (C)

Answer: A

2. তলত চাৰিটা উক্তি উল্লেখ কৰা হৈছে । এই উক্তিকিইটাই কেইটামান আন্দোলনৰ বিষয়ে । প্ৰতিটো উক্তিৰ বিপৰীতে একোটা ঘোষণা (শুদ্ধ বা অশুদ্ধ) দিয়া আছে । ঘোষণা অনুসৰি শুদ্ধ বিকল্প বাছি উলিওৱা । {2026}

(i) সত্যাগ্রহ বা অহিংস আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰা নাছিল । – এই তথ্য অশুদ্ধ

(ii) ১৯২০ চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিবেশনে গান্ধীজীয়ে কৰা অসহযোগ আন্দোলনক মান্যতা প্ৰদান কৰিছিল । – এই তথ্য অশুদ্ধ

(iii) আইন অমান্য আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ছাইমন কমিশন গঠন । – এই তথ্য শুদ্ধ

(iv) ভাৰত ত্যাগ আন্দোলনৰ সময়ত বালিয়া, চাত্ৰাৰা, দৰবাৰ, বালাচোৰ, তালচেৰৰ জনতাই নিজাকৈ তাত চৰকাৰ গঠন কৰিছিল । – এই তথ্য শুদ্ধ

(A) (i), (iii), (iv)

(B) (ii)

(C) (iii), (iv)

(D) (i), (ii), (iii), (iv)

Answer: A

3. গান্ধীজীৰ ‘কৰিম কিম্বা মৰিম’ শ্লোগান প্রধানতঃ কোনটো আন্দোলনৰ লগত জড়িত ? {2026}

(A) অসহযোগ আন্দোলন

(B) আইন অমান্য আন্দোলন

(C) খিলাফৎ আন্দোলন

(D) ভাৰত ত্যাগ আন্দোলন

Answer: D

4. অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ? {2025}

(i) লোক আইনৰ বিৰোধিতা কৰা হৈছিল।

(ii) ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল।

(iii) হিন্দু আৰু মুছলমানৰ মাজত একতা।

(iv) মহিলাসকলে অংশগ্রহণ কৰা নাছিল।

(A) (i) আৰু (iv)

(B) (ii) আৰু (iii)

(C) (i) আৰু (ii)

(D) (i), (ii), (iii) আৰু (iv)

Answer: B

5. তলৰ কোনকেইটা ১৯৪৭চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল? {2025}

(i) ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।

(ii) প্রতিখন স্বশাসিত দেশতে বজাই নিযুক্তি দিয়া একোজনকৈ প্রধানমন্ত্রী থাকিব।

(iii) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্রিটিছ কমনবেলথত যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।

(iv) দুয়োখন দেশৰ বিধানমণ্ডলে কেবল ব্রিটিছ সংসদৰ তত্ত্বাৱধানতহে আইন প্রণয়ন কৰাব ক্ষমতা লাভ কৰিব।

(A) (i) আৰু (ii)

(B) (i) আৰু (iii)

(C) (1) আৰু (iv)

(D) (ii) আৰু (iv)

Answer: B

6. সংঘটিত হোৱাব ক্রম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা : {2025}

(i) আগষ্ট বিপ্লৱ

(ii) প্রত্যক্ষ দাবী দিবস

(iii) ছাইমন কমিছন

(iv) পূৰ্ণ স্বৰাজৰ দাবী

(A) (i) → (ii) → (iii) → (iv)

(B) (iii) → (iv) → (ii) → (i)

(C) (i)→(ii) → (iv) → (iii)

(D) (iii) → (iv) → (i) → (ii)

Answer: D

7. “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম।” -এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? {2024}

(A) মহাত্মা গান্ধীৰ

(B) বাল গঙ্গাধৰ তিলকৰ

(C) দাদাভাই নৌৰজীৰ

(D) নেতাজী সুভাষ চন্দ্ৰ বসুৰ

Answer: D

8. ‘সত্যাগ্রহ’ৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্রথমতে প্রয়োগ কৰিছিল? {2024}

(A) ভাৰতবৰ্ষত

(B) ইংলেণ্ডত

(C) দক্ষিণ আফ্রিকাত

(D) ইজিপ্তত

Answer: C

9. ‘প্রত্যক্ষ দাবী দিৱস’ কোন তাৰিখে পালন কৰা হৈছিল? {2024}

(A) ১৬ আগষ্ট, ১৯৪৬

(B) ১৬ অক্টোৱৰ, ১৯৪৬

(C) ১৬ জুলাই, ১৯৪৬

(D) ২০ ফেব্ৰুৱাৰী, ১৯৪৭

Answer: A

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)

1. সংঘটিত হোৱা ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা {Bajali}

(i) চৌৰিচৌৰা ঘটনা

(ii) পূৰ্ণ স্বৰাজৰ দাবী-

(iii) চম্পাৰণৰ বিবাদ

(iv) দাণ্ডি যাত্রা

(A) i-ii-iii-iv

(B) iii-i-ii-iv

(C) ii-iii-iv-i

(D) iv-ii-iii-i

Answer: B

2. ক্ৰিপছ মিছনৰ প্ৰস্তাৱসমূহ হ’ল {Bajali}

(i) যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ।

(ii) ভাৰতীয়সকলৰ হাতলৈ তৎকালীনভাবে ক্ষমতা হস্তান্তৰৰ প্ৰস্তাৱ।

(iii) এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধান প্রণয়নৰ অধিকাৰ প্ৰদানৰ প্ৰস্তাৱ

(iv) ভাৰত বিভাজনৰ প্ৰস্তাৱ

(A) iii, iv

(B) i, iv

(C) i, iii

(D) ii, iii

Answer: C

3. কাষত দিয়া ছবিখন চোৱা আৰু তলৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা:

ছবিখনৰ ঘটনাটো ভাৰতৰ কোনটো স্বাধীনতা আন্দোলনৰ লগত জড়িত? {Bajali}

(A) অসহযোগ আন্দোলন

(B) আইন অমান্য আন্দোলন

(C) ভাৰত ত্যাগ আন্দোলন

(D) চিপাহী বিদ্ৰোহ

Answer: B

4. (শুদ্ধ বিকল্পটো বাছি উলিওৱা) – {Bajali}

দাবী (A) : ভাৰতীয় ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবোৰে ছাইমন কমিছন বৰ্জন কৰিছিল।

কাৰণ (R) : ছাইমন কমিছনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত লালা লাজপত ৰায়ৰ মৃত্যু হয়।

(A) A আৰু R উভয়ে শুদ্ধ আৰু R, A ৰ শুদ্ধ কাৰণ।

(B) A আৰু R উভয়ে শুদ্ধ কিন্তু R, A ৰ শুদ্ধ কাৰণ নহয়।

(C) (অকল A শুদ্ধ)

(D) (অকল R শুদ্ধ)

Answer: B

5.চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলখনত অংশ গ্রহণ কৰা ভাৰতৰ একমাত্র প্রতিনিধিজন আছিলঃ {Baksa}

(A) ৰবীন্দ্ৰনাথ ঠাকুৰ

(B) লালা লাজপত ৰায়

(C) জৱাহৰলাল নেহৰু

(D) মহাত্মা গান্ধী

Answer: D

6. “মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম”- এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? {Baksa}

(A) মহাত্মা গান্ধী

(B) নেতাজী সুভাষ চন্দ্র বসু

(C) জৱাহৰলাল নেহৰু

(D) বাসবিহাৰী বসু

Answer: B

7. তলৰ পৰিঘটনাসমূহ একাদি ক্রমে লিখাঃ {Baksa}

(i) ক্রিছ মিছন

(ii) সাম্প্রদায়িক বাঁটোৱাবা

(iii) ৰাওলাট আইন

(iv) অসহযোগ আন্দেলন

(A) (i), (iii), (iv), (ii)

(B) (ii), (iv), (iii), (i)

(C) (ii), (i), (iii), (iv)

(D) (iii), (iv), (ii), (i)

Answer: D

8. সুভাসচন্দ্র বসু সম্পর্কে তলত দিয়া উক্তিবোৰৰ কোনটো সঁচা নহয়? {Barpeta}

(A) উৰিষ্যাৰ কটকত সুভাসচন্দ্ৰ বসুৰ জন্ম হৈছিল।

(B) তেখেত ঝান্সি ৰাণী ৰেজিমেন্টৰ সৈতে যুক্ত নাছিল।

(C) তেখেত ভাৰতীয় কংগ্ৰেছৰ সভাপতি হিচাপে দুবাৰ নিৰ্বাচিত হৈছিল।

(D) তেখেতে ছিংগাপুৰৰ ভাৰতীয় জাতীয় সেনাবাহিনীৰ পুণৰ গঠন কৰিছিল।

Answer: B

9. স্বাধীনতাৰ পূৰ্বে প্ৰথম স্বাধীনতা দিৱস বেচৰকাৰীভাৱে কেতিয়া পালন কৰা হৈছিল? {Barpeta}

(A) ১৯২৯ চনৰ ২৬ জানুৱাৰী

(B) ১৯৩১ চনৰ ২৬ জানুৱাৰী

(C) ১৯৩০ চনৰ ২৬ জানুৱাৰী

(D) ১৯৪২ চনৰ ১৫ আগষ্ট

Answer: C

10. তলৰ কোনটো ঘটনাৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীয়ে কাইজাৰ-ই-হিন্দ বঁটা ঘূৰাই দিছিল? {Barpeta}

(A) চৌৰি চৌৰা ঘটনা

(B) ছাইমন কমিছন

(C) জালিয়ানৱালাবাগৰ হত্যাকাণ্ড

(D) সাম্প্রদায়িক বাঁটোৱাৰ, ১৯৩২

Answer: C

11. গান্ধী-আৰউইন চুক্তিৰ ১৯৩১ ৰ চৰ্ত কেইটা হ’ল – {Biswanath}

(a) হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা।

(b) অসংগৃহীত জৰিমনা মাফ কৰা।

(c) মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা।

(d) সাগৰৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখ প্ৰস্তুত কৰাৰ অনুমতি প্ৰদান কৰা।

শুদ্ধ বিকল্পটো বাছি উলিওৱা

(A) a, b, c শুদ্ধ d অশুদ্ধ

(B) a, b, d শুদ্ধ c অশুদ্ধ

(C) a, b শুদ্ধ cd অশুদ্ধ

(D) a, c শুদ্ধ b, d অশুদ্ধ

Answer: B

12. ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ তৃতীয়টো আন্দোলনটো হ’ল – {Biswanath}

(A) আইন অমান্য আন্দোলন

(B) ভাৰত ত্যাগ আন্দোলন

(C) অসহযোগ আন্দোলন

(D) অহিংসা আন্দোলন

Answer: B

13. তলৰ ঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা {Biswanath}

(A) চাইমন কমিছন

(B) অসহযোগ আন্দোলনৰ সমাপ্তি

(C) গান্ধী আৰউইন চুক্তি

(D) আইন অমান্য আন্দোলন

(A) a – b – c – d

(B) a – c – b – d

(C) b – a – d – c

(D) b – a – c – d

Answer: C

14. সুভাষ চন্দ্ৰ বসু ব্ৰিটিছ বিৰোধীতাৰ বাবে ১৯৪১ চনত কলিকতাৰ নিজৰ ঘৰতে গৃহবন্দী কৰা হয়। কিন্তু পুলিচ চোৰাংচোৱাৰ বেহু ভাঙি তেওঁ আফগানিস্তান, ৰাছিয়া, জার্মানী আৰু অৱশেষত _______উপস্থিত হয়। {Bongaigaon}

(A) ব্রহ্মদেশ আৰু মালয়ত।

(B) ব্রহ্মদেশ আৰু চীনত।

(C) ব্রহ্মদেশ আৰু ভূটানত।

(D) ব্রহ্মদেশ আৰু থাইলেণ্ড।

Answer: A

15. ‘কেবিনেট মিছনৰ’ সদস্য তিনিজন ক্রমে – {Bongaigaon}

(A) ছাৰ ষ্টেফোর্ড ক্ৰীপছ, লর্ড পেথিক লৰেন্স আৰু এ. ভি. আলেকজেণ্ডাৰ।

(B) ছাৰ ষ্টেফোর্ড ক্ৰীপছ, লর্ড পেথিক লৰেন্স আৰু মোহন সিং।

(C) ছাৰ ষ্টেফোর্ড ক্ৰীপছ, ক্লিমেন্ট এটলি আৰু মহাত্মা গান্ধী।

(D) লর্ড মাউন্ট বেটেন, লর্ড পেথিক লৰেন্স আৰু লৰ্ড ৱাভেল।

Answer: A

16. ৰাওলাট আইন প্রণয়ন কৰা হৈছিল – {Bongaigaon}

(A) ১৯১৬ চনত।

(B) ১৯১৭ চনত।

(C) ১৯১৮ চনত।

(D) ১৯১৯ চনত।

Answer: D

17. গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোতে কোনবোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। {Bongaigaon}

(A) ৰুছো আৰু টলষ্টয়ৰ

(B) টলষ্টয় আৰু ভল্টেয়াৰৰ

(C) ভল্টেয়াৰ আৰু থৰোৰ

(D) লিও টলষ্টয় আৰু থৰোৰ

Answer: D

18. মহাত্মা গান্ধীর সাথে কাকে গ্রেফতার করা হয়েছিল যখন আইন অমান্য আন্দোলন ১৯৩২ সালে পুনরায় আরম্ভ করা হয়েছিল? {Cachar}

(A) লালা লাজপথ রায়

(B) ভল্লভাই পটেল

(C) রাজেন্দ্র প্রসাদ

(D) জওহারলাল নেহরু

Answer: B

19. মুসলিম লিগের কোন অধিবেশনে মুহাম্মদ আলী জিন্নাহ মুসলমানদের জন্য স্বতন্ত্র গৃহভূমির দাবী জানিয়েছিলেন? {Cachar}

(A) লাহোর অধিবেনশন, এপ্রিল, ১৯৪০

(B) লাহোর অধিবেশন, মার্চ, ১৯৪০

(C) বম্বে অধিবেশন, এপ্রিল, ১৯৪০

(D) বম্বে অধিবেশন, মার্চ, ১৯৪০

Answer: B

20. নীচে দেওয়া বাক্যগুলো পড়ো এবং শুদ্ধ উত্তর নির্বাচন করো। {Cachar}

বাক্য ১ : ব্রিটিশ সরকার ভারতে ক্রিপস মিশন পাঠানো তাদের দ্বিতীয় বিশ্ব যুদ্ধ চলাকালিন ভারতের প্রতি তাদের মনোভাবের পরিবর্তনের প্রমান স্বরূপ।

বাক্য ২: ক্রিপস মিশন তৎখনাত ভারতীয়দেরকে ক্ষমতা হস্তান্তরের প্রস্তাব দেয় নি।

(A) বাক্য ১ এবং ২ উভয় শুদ্ধ

(B) বাক্য ১ এবং ২ উভয় অশুদ্ধ

(C) বাক্য ১ শুদ্ধ এবং বাক্য ২ অশুদ্ধ

(D) বাক্য ১ অশুদ্ধ এবং বাক্য ২ শুদ্ধ

Answer: A

21. কেবিনেট মিছন ভাৰতলৈ আহিছিল – {Darrang}

(A) মার্চ মাহ – 1946 চনত

(B) মার্চ মাহ – 1947 চনত

(C) ফেব্ৰুৱাৰী মাহ – 1946 চনত

(D) জুলাই মাহ – 1945 চনত

Answer: A

22. “কৰিম কিম্বা মৰিম” কোনে কৈছিল – {Darrang}

(A) নেতাজী সুভাষ বসু

(B) মহাত্মা গান্ধী

(C) লালা ৰাজপত ৰায়

(D) কেপ্তেইন মোহন সিং

Answer: B

23. নিম্নলিখিত কোনটো সত্যাগ্রহৰ এক অপৰিহার্য উপাদান {Darrang}

(A) অনশন

(B) অহিংসা

(C) সত্য

(D) এটাও নহয়

Answer: B

24. অসহযোগ আন্দোলনৰ কাৰণ সম্পৰ্কত তলৰ কোনটো শুদ্ধ নহয় – {Darrang}

(A) 1919 চনৰ জালিয়ানৱালা বাগৰ হত্যাকাণ্ড

(B) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ

(C) চাইমন কমিচন গঠন

(D) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰম্ভ হোৱা খিলাফৎ আন্দোলন

Answer: C

25. তলৰ কোনটো শুদ্ধভাৱে মিলি আছে – {Darrang}

(A) ৰাওলাট আইন- 1918

(B) জালিৱানৱালা বাগৰ হত্যাকাণ্ড – 11 এপ্রিল 1919

(C) বংগবাসীৰ ‘জাতীয় শোক দিবস’ পালন – 16 অক্টোবৰ 1905

(D) দাণ্ডি যাত্রা – 21 মার্চ 1930

Answer: C

26. অসহযোগ আন্দোলনৰ লগত জড়িত কাৰণবোৰ হ’ল- {Dhubri}

(i) ক্রিপছ মিছনৰ ব্যৰ্থতা

(ii) ৰাওলাট আইন

(iii) ঘুৰণীয়া মেজমেল

(iv) জালিবানালবাগৰ ঘটনা

(A) I আৰু III

(B) I আৰু IV

(C) II আৰু III

(D) II আৰু IV

Answer: D

27. তলৰ ঘটনাসমূহ ক্রম অনুসৰি সজোৱা – {Dhubri}

(i) গান্ধী আৰউইন চুক্তি

(ii) সাম্প্রদায়িক বাটোৱাৰা

(iii) দাণ্ডি যাত্রা

(iv) ছাইমন কমিচন

(A) IV, I, III, II

(B) IV, III, I, II

(C) I, III, IV, II

(D) IV, III, II, I

Answer: B

28. (তলৰ কোনটো অশুদ্ধ -) {Dhubri}

(A) গান্ধীজী পেছাগত কাৰণত দক্ষিণ আফ্রিকালৈ গৈছিল।

(B) সত্যাগ্রহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্রিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল।

(C) গান্ধীজীয়ে ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ নামৰ এটি ৰাজনৈতিক অনুষ্ঠান গঢ়ি তুলিছিল।

(D) 1869 চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল।

Answer: D

29. তলৰ পৰিঘটনাসমূহ বিবেচনা কৰাঃ- {Goalpara}

(i) খেড়া সত্যাগ্রহ

(ii) ৰাওলাট সত্যাগ্রহ

(iii) খিলাফৎ আন্দোলন

(iv) জালিয়ানৱালা বাগ হত্যাকাণ্ড

তলৰ কোনটে। কালক্রম শুদ্ধ?

(A) (i) (ii), (iii), (iv)

(B) (i). (ii) (iii). (iv)

(C) (ii), (iv). (iii), (i)

(D) (i), (ii), (iv), (iii)

Answer: D

30. তলৰ কোনটো মহাত্মা গান্ধীয়ে প্রতিষ্ঠা কৰিছিল? {Goalpara}

(A) ভাৰতীয় জাতীয় কংগ্রেছ

(B) নাটাল ইণ্ডিয়ান কংগ্রেছ

(C) ডন ছ’চাইটি

(D) মুছলিম লিগ

Answer: B

31. নিম্নলিখিত দাবী (A) আৰু কাৰণ (R)-ৰ ভিত্তিত শুদ্ধ বিকল্পটো বাছি উলিওৱা। {Hailakandi}

দাবী (A): মহাত্মা গান্ধীয়ে ১৯২২ চনৰ ফেব্ৰুৱাৰী মাহত অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।

কাৰণ (R): তেওঁ অনুভৱ কৰিছিল যে আন্দোলনটো বহু ঠাইত হিংসাত্মক হৈ পৰিছে আৰু গণ সংগ্ৰামৰ বাবে সাজু হোৱাৰ আগতে সত্যাগ্ৰহীসকলক সঠিকভাৱে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন।

(A) (A আৰু R দুয়োটাই সত্য আৰু R হ’ল A-ৰ শুদ্ধ ব্যাখ্যা)

(B) (A আৰু R দুয়োটাই সত্য কিন্তু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়)

(C) (A সত্য কিন্তু R মিছা)

(D) (A মিছা কিন্তু R সত্য)

Answer: A

32. ভাৰতীয় জাতীয় সেনাবাহিনীৰ গাঁথনিৰ ভিতৰত ‘ঝান্সী ৰাণী ৰেজিমেন্ট’ৰ প্ৰাথমিক তাৎপৰ্য কি আছিল? {Hailakandi}

(A) ই আছিল এটা বিশেষ চিকিৎসা গোট

(B) ই আছিল চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে এক যুৱ শাখা

(C) ই আছিল প্ৰথম সম্পূৰ্ণ মহিলা যুঁজাৰু ৰেজিমেন্ট

(D) ই আছিল অস্থায়ী চৰকাৰৰ এক কূটনৈতিক বাহিনী

Answer: C

33. নিম্নলিখিত ঐতিহাসিক ঘটনাসমূহ ক্ৰমানুসাৰে সজোৱা, পুৰণিৰ পৰা নতুনলৈ: {Hailakandi}

(i) আগষ্ট বিপ্লৱ

(ii) প্ৰত্যক্ষ সংগ্ৰাম দিৱস

(iii) পূৰ্ণ স্বাধীনতাৰ দাবী

(iv) ছাইমন কমিছন

(A) (i) → (ii) → (iii) → (iv)

(B) (iv) → (iii) → (ii) → (i)

(C) (i) → (ii) → (iv) → (iii)

(D) (iii) → (iv) → (i) → (ii)

Answer: B

34. গান্ধীজীৰ সত্যাগ্রহ পূৰ্বৰ জাতীয়তাবাদী আন্দোলনতকৈ পৃথক আছিল। তলৰ কোনটো উক্তিয়ে ইয়াক কিয় ব্যাপক গণ সমর্থন লাভ কৰিছিল সেই বিষয়ে সর্বোত্তমভাবে ব্যাখ্যা কৰে? {Jorhat}

(A) ই আৰম্ভণিৰে পৰাই ইংৰাজৰ পৰা সম্পূৰ্ণ স্বাধীনতাব দাবী কৰিছিল।

(B) অহিংসা আৰু সত্য ইয়াৰ ভিত্তি, ইয়াত সাধাৰণ মানুহক যোগদান কৰিবলৈ আত্মবিশ্বাসী কৰি তুলিছিল।

(C) ইয়াৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন আছিল।

(D) ইয়াৰ কেৱল নগৰীয়া মধ্যবিত্তীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল

Answer: B

35. মুছলমানৰ বাবে খিলাফৎ আন্দোলন ধর্মীয় বিষয় হোৱাৰ পিছতো মহাত্মা গান্ধীকে ধৰি ভাৰতীয় জাতীয় নেতাসকলে কিয় সমৰ্থন কৰিছিল? {Jorhat}

(A) তেওঁলোকৰ লক্ষ্য আছিল হিন্দু আৰু মুছলমানক একত্ৰিত কৰি শক্তিশালী জাতীয় সংগ্রাম গঢ়ি তোলা।

(B) তেওঁলোকে ভাৰতীয়ক ইছলামলৈ ধৰ্মান্তৰ কৰিব বিচাৰিছিল।

(C) তেওঁলোকৰ মতে তুৰস্কই ভাৰতত শাসন কৰিব লাগে।

(D) কংগ্ৰেছক দুর্বল কৰিব বিচাৰিছিল।

Answer: A

36. ৰাওলাট আইন ১৯১৯ ৰ ফলাফলসমূহৰ ভিতৰত আছিল- {Jorhat}

i) সমগ্ৰ ভাৰতত ব্যাপক ক্ষোভ।

ii) জালিৱানৱালাবাগৰ হত্যাকাণ্ড।

iii) ভাৰতত সকলো ব্রিটিছ আইন স্থগিত ৰখা

iv) জাতীয় আন্দোলন শক্তিশালী কৰা।

(A) i, ii, iii

(B) i, ii, iv

(C) i, ii

(D) ii, iv

Answer: B

37. উক্তি (A): গান্ধীজীয়ে ১৯২২ চনত অসহযোগ আন্দোলন প্রত্যাহাৰ কৰে। {Jorhat}

যুক্তি (R): চৌৰি চৌৰা কাণ্ডৰ পিছত আন্দোলন হিংসাত্মক ৰূপ নলয় তাৰ বাবে গান্ধীজীয়ে আন্দোলনৰ পৰা বিৰত থাকিব বিচাৰিছিল।

বিকল্প:

(A) (A) আৰু (R) দুয়োটাই শুদ্ধ আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই শুদ্ধ কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) শুদ্ধ কিন্তু (R) অশুদ্ধ

(D) (A) অশুদ্ধ কিন্তু (R) শুদ্ধ

Answer: A

38. উক্তি (A): ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলিও কোৱা হয়। {Jorhat}

যুক্তি (R): ১৯৪২ চনৰ ৮ আগষ্টত কংগ্ৰেছৰ বোম্বাই অধিবেশনত মহাত্মা গান্ধীয়ে ইয়াক মুকলি কৰিছিল।

বিকল্প:

(A) (A) আৰু (R) দুয়োটা শুদ্ধ আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটা শুদ্ধ কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) শুদ্ধ আৰু (R) অশুদ্ধ

(D) (A) অশুদ্ধ আৰু (R) শুদ্ধ

Answer: A

39. দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ক্রিপন্থ মিছনে ডমিনিয়ন মৰ্য্যদা প্ৰদান কৰাৰ প্ৰস্তাৱ দিছিল। তলৰ কোনটো প্রস্তাৱ ভাৰতীয় নেতাসকলে নাকচ কৰাৰ উত্তম ব্যাখ্যা। {Jorhat}

(A) ই সম্পূর্ণ স্বাধীনতাত বিলম্ব ঘটাইছিল আৰু গুৰুত্বপূর্ণ শক্তিসমূহ ব্ৰিটিছৰ অধিনত ৰাখিছিল।

(B) ই তাৎক্ষণিক স্বাধীনতা প্রদান কৰিছিল।

(C) তৎক্ষণাত নতুন সংবিধানৰ প্ৰস্তাৱ দিলে।

(D) ই ভাৰতীয় নেতাসকলক প্ৰতিৰক্ষাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰদান কৰিছিল।

Answer: A

40. ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত আছিল? {Jorhat}

(A) অসহযোগ আন্দোলন

(B) ভাৰত ত্যাগ আন্দোলন

(C) ভাৰতীয় জাতীয় সেনা বাহিনী

(D) স্বদেশী আন্দোলন

Answer: C

41. সংঘটিত হোৱা ক্রম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা : {Jorhat}

i) আগষ্ট বিপ্লৱ

ii) প্রত্যক্ষ দাবী দিৱস

iii) ছাইমন কমিছন

iv) পূৰ্ণ স্বৰাজৰ দাবী

(A) i-ii-iii-iv

(B) iii-iv-ii-i

(C) i-ii-iv-iii

(D) iii-iv-i-ii

Answer: D

42. তলত দিয়া ঘটনাসমূহ শুদ্ধ ক্রমত সজোৱা- {Kamrup M}

(A) (ক্রিপছ মিছন, পাকিস্তান দাবী, সাম্প্রদায়িক বাটোৱাৰ, গান্ধী আৰউইন চুক্তি।)

(B) (গান্ধী আৰউইন চুক্তি, সাম্প্রদায়িক বাটোৱাৰ, পাকিস্তান দাবী, ক্রিপছ মিছন।)

(C) (সাম্প্রদায়িক বাটোৱাৰ, ক্ৰিপছ মিছন,পাকিস্তান দাবী, গান্ধী আৰউইন চুক্তি।)

(D) (পাকিস্তান দাবী, ক্রিপছ মিছন, সাম্প্রদায়িক বাটোৱাৰ, গান্ধী আৰউইন চুক্তি।)

Answer: B

43. গান্ধী আৰউইন চুক্তি (1931)ৰ চৰ্তকেইটা চিনাক্ত কৰা {Kamrup M}

i) হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়া।

ii) অসংগৃহীত সকলো জৰিমনা সংগ্ৰহ কৰা।

iii) তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়া।

(A) (i), (ii), (iii) শুদ্ধ

(B) (i) আৰু (iii) শুদ্ধ

(C) (ii) আৰু (iii) শুদ্ধ

(D) (i) আৰু (ii) শুদ্ধ

Answer: B

44. কোনখন চুক্তিৰ জৰিয়তে ব্ৰিটিছে সাম্প্রদায়িক বাটবোৰা বাতিল কৰিবলৈ মান্তি হৈছিল? {Kamrup R}

(A) গান্ধী-আৰইউন চুক্তি

(B) পুণে চুক্তি

(C) ইয়াণ্ডাবু সন্ধি

(D) মাউন্ট বেল্টেন ঘোষণা পত্র

Answer: B

45. মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাত এটা ৰাজনৈতিক সংগঠন গঠন কৰিছিল- {Kokrajhar}

(A) পিটার্সমাৰিটজবার্গ ইণ্ডিয়ান কংগ্রেছ।

(B) টোৰিয়া ইণ্ডিয়ান কংগ্রেছ।

(C) নাটাল ইণ্ডিয়ান কংগ্রেছ

(D) জোহান্সবার্গ ইণ্ডিয়ান কংগ্রেছ।

Answer: C

46. “পূৰ্ণ স্বৰাজ দিৱস” পালন কৰা হৈছিল- {Kokrajhar}

(A) 26 নৱেম্বৰ 19301

(D) 26 জানুৱাৰী 1930।

(C) 26 নবেম্বৰ 1935।

(D) 26 নৱেম্বৰ 19361

Answer: B

47. খিলাফৎ কমিটি ভাৰতত কাৰ নেতৃত্বত গঠন কৰা হৈছিল- {Kokrajhar}

(A) মৌলানা শওকত আলী আৰু নৱাব ছালিমুল্লাহ।

(B) মৌলানা শওকত আলী আৰু নবাব মহছিন-উল-মুল্ক।

(C) মৌলানা শওকত আলী আৰু খান আব্দুল গফ্ফৰ খান।

(D) মৌলানা শওকত আলী আৰু মহম্মদ আলী।

Answer: D

48. “কৰিম বা মৰিম” (কৰো বা মৰো) শ্লোগানটো কোনে ব্যক্ত কৰিছিল- {Kokrajhar}

(A) নেতাজী সুভাস চন্দ্র বসু।

(B) ৰাস বিহাৰী বসু।

(C) কেপ্টেইন উদ্দাম সিং।

(D) মহাত্মা গান্ধী।

Answer: D

49. তলৰ কোনটো সংস্থা গান্ধীজীয়ে স্থাপন কৰিছিল? {Kokrajhar}

(A) ভাৰতীয় জাতীয় কংগ্রেছ।

(B) নাটাল ভাৰতীয় কংগ্ৰেছ।

(C) ডন ছচাইটি।

(D) ওপৰৰ এটাও নহয়।

Answer: B

50. ঐতিহাসিক গান্ধী আৰ উইন চুক্তি সম্পন্ন হয়- {Lakhimpur}

(A) ১৯৩০ চনৰ ১৫ মার্চ

(B) ১৯৩০ চনৰ ২৫ মার্চ

(C) ১৯৩১ চনৰ ৫ মার্চ

(D) ১৯৩১ চনৰ ২৫ মার্চ

Answer: C

51. ছাইমন কমিছন ভাৰতলৈ অহাৰ সময়ত কোনে পুলিচৰ লাঠি চালনাত মৃত্যুবৰণ কৰিছিল- {Lakhimpur}

(A) মহাত্মা গান্ধী

(B) জন ছাইমন

(C) লালা ৰাজপত ৰায়

(D) মণিৰাম দেৱান

Answer: C

52. ৰবীন্দ্ৰনাথ ঠাকুৰে বৃটিছ চৰকাৰে প্ৰদান কৰা ‘নাইট’ উপাধি পৰিত্যাগ কৰিছিল- {Lakhimpur}

(A) জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত

(B) পুলিচৰ লাঠিচালনাৰ প্ৰতিবাদত।

(C) খিলাফত আন্দোলনৰ প্ৰতিবাদত।

(D) অসহযোগ আন্দোলনৰ প্ৰতিবাদত।

Answer: A

53. তলৰ ঘটনাসমূহ সময় ভিত্তিত ক্রম অনুসাৰে সজোৱা: {Majuli}

(A) i) আইন অমান্য আন্দোলন

ii) গান্ধী-আৰউইন চুক্তি

iii) সাম্প্রদায়িক বাটোৱাৰা

iv) ক্রিপ্ছ মিছন

(B) i) গান্ধী-আৰউইন চুক্তি

ii) আইন অমান্য আন্দোলন

iii) ক্রিপ্ছ মিছন

iv) সাম্প্রদায়িক বাটোৱাৰা

(C) i) ক্রিপ্ছ মিছন

ii) আইন অমান্য আন্দোলন

iii) সাম্প্রদায়িক বাটোৱাৰা

iv) গান্ধী-আৰউইন চুক্তি

(D) i) আইন অমান্য আন্দোলন

ii) সাম্প্রদায়িক বাটোৱাৰা

iii) ক্রিপ্ছ  মিছন

iv) গান্ধী-আৰউইন চুক্তি

Answer: A

54. ‘প্রত্যক্ষ দাবী’ দিৱস পালন কৰা হৈছিল- {Majuli}

(A) 16 আগষ্ট, 1946

(B) 16 অক্টোবৰ, 1946

(C) 16 জুলাই, 1946

(D) 20 ফেব্ৰুৱাৰী, 1947

Answer: A

55. তলৰ কোনখন কংগ্ৰেছ অধিবেশনত “পূর্ণ স্বৰাজৰ দাবী” উত্থাপন কৰা হৈছিল – {Majuli}

(A) নাগপুৰ অধিবেশন

(B) লাহোৰ অধিৱেশন

(C) কলিকতা অধিৱেশন

(D) পাণ্ডু অধিবেশন

Answer: B

56. তলৰ কোনজন কেবিনেট মিছনৰ সদস্য নাছিল – {Morigaon}

(A) ষ্টেফোর্ড ক্রীপছ

(B) লর্ড পেথিক লৰেন্স

(C) এ. ভি. আলেকজেণ্ডাৰ

(D) মাউন্টবেটেন

Answer: D

57. পূব পাকিস্তানে বাংলাদেশ হিচাপে স্বাধীনতা লাভ কৰে – {Morigaon}

(A) 1971 চনত

(B) 1961 চনত

(C) 1972 চনত

(D) 1969 চনত

Answer: A

58. তলৰ কোনকেইটা তথ্য চৌৰি চৌৰা ঘটনাৰ বাবে সত্য। {Morigaon}

i. গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত ৰাখিছিল।

ii. গান্ধীয়ে উপলব্ধি কৰিছিল যে মানুহক অনুশাসন আৰু সংযমৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন।

iii. সকলো কংগ্রেছ নেতাই গান্ধীৰ দ্বাৰা স্থগিত অসহযোগ আন্দোলনত সহযোগ কৰিছিল।

iv. গান্ধীয়ে চৌৰী চৌৰা হিংসাৰ উচতনি দিছিল।

(A) কেৱল এটা শুদ্ধ

(B) কেৱল দুটা শুদ্ধ

(C) কেৱল তিনিটা শুদ্ধ

(D) আটাইকেইটা শুদ্ধ

Answer: B

59. সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা – {Morigaon}

i. আগষ্ট বিপ্লৱ

ii. প্রত্যক্ষ দাবী দিৱস

iii. ছাইমন কমিছন

iv. পূৰ্ণ স্বৰাজৰ দাবী

(A) (i) → (ii) → (iii) → (iv)

(B) (iii) → (iv) → (ii) → (i)

(C) (i) → (ii) → (iv) → (iii)

(D) (iii) → (iv) → (i) → (ii)

Answer: D

60. কোনটো শ্ল’গান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় সেনা বাহিনীৰ লগত ঘনিষ্ঠভাবে জড়িত? {Nagaon}

(A) “স্বৰাজ আমাৰ জন্মগত অধিকাৰ”

(B) “ইনকিলাব জিন্দাবাদ”

(C) “মোক তেজ দিয়া মই তোমালোকক  ‌স্বাধীনতা দিম।”

(D) “কৰিম কিম্বা মৰিম।”

Answer: C

61. তলত দিয়া প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণ কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Nagaon}

দাবী- (A) – ছাইমন কমিছন বিৰোধী আন্দোলনত লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছিল।

কাৰণ- (R) ছাইমন বিৰোধী আন্দোলনটোৰ কাৰণ আছিল যে বৃটিছে “ছাইমন কমিছন’ত” এজনো ভাৰতীয় প্রতিনিধি অন্তর্ভুক্ত কৰা নাছিল।

(A) (A) সত্য কিন্তু (R) অসত্য।

(B) (A) অসত্য কিন্তু (R) সত্য।

(C) (A) আৰু (R) দুয়োটাই সত্য কিন্তু (R) (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(D) (A) আৰু (R) দুয়োটাই সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।

Answer: D

62. তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়? {Nagaon}

(A) বিধানসভা বর্জন

(B) অস্পৃশ্যতা আঁতৰোৱা

(C) হিন্দু মুছলমানৰ মাজত একতাৰ প্ৰসাৰ।

(D) হাতেৰে সূতা কটা আৰু তাঁতবোৱা শিল্পৰ উন্নতি।

Answer: A

63. তলৰ উক্তি কেইটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Nagaon}

উক্তি (i): মহাত্মা গান্ধীয়ে ১৯৪২ চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল।

উক্তি (ii): নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল।

(A) (i) শুদ্ধ আৰু (ii) অশুদ্ধ

(B) (i) অশুদ্ধ আৰু (ii) শুদ্ধ

(C) (i) আৰু (ii) দুয়ো অশুদ্ধ

(D) (i) আৰু (ii) দুয়ো শুদ্ধ

Answer: C

64. যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰা আইনখন হ’ল- {Nalbari}

(A) ভাৰত চৰকাৰ আইন

(B) ৰাওলাট আইন

(C) নিয়ন্ত্রণকাৰী আইন

(D) ভাৰত পৰিষদ আইন

Answer: B

65. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বিচাৰি উলিওৱা – {Nalbari}

(a) জালিবানাবালাবাগৰ হত্যাকাণ্ড

(b) দাণ্ডি যাত্রা

(c) গান্ধী আৰউইন চুক্তি

(d) প্রত্যক্ষ দাবী দিৱস

(i) ১২ মার্চ, ১৯৩০

(ii) ১৬ আগষ্ট, ১৯৪৬

(iii) ১৩ এপ্রিল, ১৯১৯

(iv) ৫ মার্চ, ১৯৩১

(A) a → iii, b → i, c → ii, d → iv

(B) a → ii, b → iii, c → i, d → iv

(C) a → iii, b → i, c → iv, d → ii

(D) a → i, b → iv, c → ii, d → ii

Answer: C

66. ছাইমন কমিছনৰ সন্দৰ্ভত তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা- {Nalbari}

উক্তি-I : মন্টেগো-চেমচফর্ড শাসন সংস্কাৰৰ কৃতকার্যতাৰ অনুসন্ধান কৰাটোৱেই ছাইমন কমিছনৰ মুখ্য উদ্দেশ্য আছিল।

উক্তি-II : ছাইমন কমিছন বিৰোধী আন্দোলনত লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছিল।

(A) I শুদ্ধ, II অশুদ্ধ

(B) I অশুদ্ধ, II শুদ্ধ

(C) উভয়ে শুদ্ধ

(D) উভয়ে অশুদ্ধ

Answer: C

67. (A) আৰু (R) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Nalbari}

উক্তি (A) : ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন ভাৰতৰ স্বাধীনতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ আছিল।

যুক্তি (R) : এই আন্দোলনৰ ফলত ভাৰতৰ পৰা ব্ৰিটিছ বাহিনীক তৎক্ষণাত প্রত্যাহাৰ কৰা হয়।

(A) (A) টো শুদ্ধ, (R) টো অশুদ্ধ।

(B) (A) টো অশুদ্ধ, (R) টো শুদ্ধ।

(C) (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) টো (A) ৰ শুদ্ধ বর্ণনা হয়।

(D) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R) টো (A) ৰ শুদ্ধ বর্ণনা নহয়।

Answer: A

68. ১৮৯১ চনত লণ্ডনৰ পৰা ওকালতি শিকি অহাৰ পাছত মহাত্মা গান্ধীয়ে উকিল হিচাপে কোন দুখন চহৰত ওকালতি কৰিছিল? {Sibsagar}

(A) ৰাজকোট আৰু নাগপুৰ

(B) ৰাজকোট আৰু বোম্বাই

(C) কলকতা আৰু বোম্বাই

(D) কলকতা আৰু নাগপুৰ

Answer: B

69. তলত দুটা উক্তি দিয়া হৈছে, এটাক উক্তি (A) হিচাপে আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰিছে। উক্তিকেইটা বিচাৰ কৰা আৰু আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা। {Sibsagar}

উক্তি (A) : ব্ৰিটিছ প্রধান মন্ত্ৰী ৰামছে মেকডোলনাল্ডে সাম্প্রদায়িক বাঁটোৱাৰাৰ কথা ১৯৩২ চনৰ আগষ্ট মাহত ঘোষণা কৰিছিল।

কাৰণ (R) : এই ঘোষণাৰ বাবে পুনে চুক্তি আৰু অস্পৃশ্যতা বিৰোধী আন্দোলন সংঘটিত হৈছিল।

(A) A আৰু R উভয়ে শুদ্ধ আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা

(B) A আৰু R উভয়ে শুদ্ধ কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়

(C) A শুদ্ধ R অশুদ্ধ

(D) A অশুদ্ধ R শুদ্ধ

Answer: B

70. তলৰ কোনকেইটা ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণা পত্ৰৰ প্ৰধান বৈশিষ্ট্য আছিল? {Sibsagar}

(i) ভাৰতবৰ্ষক বিভাজন কৰা হ’ব

(ii) দেশীয় ৰজ্যবোৰ নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব।

(iii) প্রতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।

(iv) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব।

(A) i, ii

(B) iii, iv

(C) i, ii, iii

(D) i, ii, iii, iv

Answer: A

71. “এটা দেৱলীয়া বেংকৰ এখন দিন ওকলা চেক” ভাৰতৰ কোনটো ঐতিহাসিক ঘটনা এই বাক্যশাৰীৰ লগত সমন্বিত। {Sibsagar}

(A) চাইমন কমিছন

(B) ক্রিপছ মিছন

(C) ব্যক্তিগত সত্যাগ্রহ

(D) গান্ধী আৰউইন চুক্তি

Answer: B

72. ভাৰত ত্যাগ আন্দোলন কেতিয়া সংঘটিত হৈছিল? {Sonitpur}

(A) ১৯৪২ চনত

(B) ১৯৪১ চনত

(C) ১৯৪৩ চনত

(D) ১৯৪৪ চনত

Answer: A

73. জালিয়ানৱালাবাগ হত্যাকাণ্ড কাৰ নিৰ্দেশত সংঘটিত হৈছিল? {Sonitpur}

(A) জেনেৰেল ডায়াৰৰ

(B) লর্ড পেথিক লৰেন্স

(C) এ.ডি আলেকজেণ্ডৰ

(D) ক্লিমেন্ট

Answer: A

74. অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো কেইটা বিকল্প শুদ্ধ? {Sonitpur}

i) লোণ আইনৰ বিৰোধিতা কৰা হৈছিল।

ii) ছাত্র-ছাত্রীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল।

iii) হিন্দু আৰু মুছলমানসকলৰ মাজত একতা

iv) মহিলাসকলে অংশ গ্রহণ কৰা নাছিল।

(A) (i) আৰু (iv)

(B) (ii) আৰু (iii)

(C) (i) আৰু (ii)

(D) (i) (ii) (iii) আৰু (iv)

Answer: B

75. সাইমন কমিশনকে ‘সাইমন ফিরে যাও’ বলা যথাযথ, কারণ {Sribhumi}

(A) কমিশন জন সমর্থন পায়নি।

(B) এতে কোনো ভারতীয় সদস্য রাখা হয়নি।

(C) কমিশন আইন সংশোধনে ব্যর্থ হয়েছিল।

(D) কমিশন হঠাৎ ভারতে এসেছিল।

Answer: B

76. “সত্যাগ্রহ” শব্দটির অর্থ কী? {Sribhumi}

(A) সামরিক প্রতিরোধ

(B) সত্যের প্রতি দৃঢ়তা

(C) ধর্মীয় বিশ্বাস

(D) জাতিগত ঐক্য

Answer: B

77. মহাত্মা গান্ধীর দ্বারা দক্ষিণ আফ্রিকায় প্রথম ব্যবহার করা শব্দটি {Sribhumi}

(A) স্বরাজ

(B) সত্যাগ্রহ

(C) অহিমসা

(D) উপরের সব কয়টি

Answer: B

78. ভাৰত ত্যাগ আন্দোলনৰ সম্পৰ্কত তলত দিয়া কোন কেইটা শুদ্ধ?) {Salmara}

i. সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল ।

ii. ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্রেছ কমিটিয়ে বোম্বাইত বিখ্যাত ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিল।

iii. ১৯৪৪ চনত ঔপনিৱেশিক চৰকাৰে সৰ্বশক্তি প্রয়োগ কৰি এই আন্দোলন দমন কৰিছিল।

iv. সকলো স্তৰৰ জনসাধাৰণে মহাত্মা গান্ধীৰ আহ্বানত এই আন্দোলনত যোগদান কৰা নাছিল।

(A) ii, iii, iv

(B) i, iii, iv

(C) i, ii, iv

(D) i, ii, iii

Answer: D

79. সংঘটিত হোৱাৰ ক্ৰম অনুসৰি নতুনৰ পৰা পুৰণিলৈ তলত দিয়া ঐতিহাসিক ঘটনা সমূহ সজোৱাঃ {Salmara}

i. ৰাওলাট আইন

ii. অহিংসা আন্দোলন

iii. জালিৱানৱালাবাগ হত্যাকাণ্ড

iv. খিলাফৎ আন্দোলন

(A) i → ii → iv → iii

(B) iv → iii → ii → i

(C) i → ii → iii → iv

(D) i → iv → ii → iii

Answer: B

80. তলৰ কোনটো উক্তি শুদ্ধ {Salmara}

i. সত্যাগ্রহ শব্দটো গান্ধীজীয়ে প্রথম দক্ষিণ আফ্রিকাত ব্যৱহাৰ কৰিছিল ।

ii. দাণ্ডি যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশ গ্রহণ কৰিছিল ।

iii. গান্ধীজীয়ে ন মাহৰ বাবে কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। পিছত চৰকাৰে ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ আইন প্রণয়ন কৰি গান্ধীক মুকলি কৰি দিছিল।

iv. প্রথমে ১৯৩০ চনৰ ১৫ আগষ্ট দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হয়।

(A) i, ii, iv

(B) i, ii, iii

(C) ii, iii, iv

(D) i, ii, iii, iv

Answer: B

81. 1942 চনত নতুন সাংবিধানিক প্ৰস্তাৱ লৈ ভাৰতলৈ কোন বৃটিছ বিষয়া আহিছিল- {Tamulpur}

(A) উইনস্টন চার্চিল

(B) লর্ড আৰউইন

(C) স্টেনফোর্ড ক্রিপছ

(D) ছাৰ জন ছাইমন

Answer: C

82. মহাত্মা গান্ধী ক’ত আৰু কেতিয়া থাকোতে তেওঁৰ পত্নীৰ মৃত্যু ঘটিছিল- {Tamulpur}

(A) দক্ষিণ আফ্রিকা, 1893

(B) পোৰ বন্দৰ, 1930

(C) আগা খান পেলেচ, 1944

(D) আগষ্ট ক্রান্তি মৈদাম, 1942

Answer: C

83. তলৰ ঘটনা সমূহ ক্রম অনুসাৰে লিখা- {Tamulpur}

(i) পুনে চুক্তি

(ii) ৰুছ বিপ্লৱ

(iii) আইন অমান্য আন্দোলন

(iv) বৰদলি সত্যাগ্রহ

(A) i, ii, iii, iv-

(B) i, ii, iv, iii

(C) iv, iii, ii, i

(D) iv, iii, i, ii

Answer: B

84. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ {Udalguri}

দাবী (A): মহাত্মা গান্ধীয়ে খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন আগবঢ়াইছিল।

কাৰণ (R): অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে ভাবতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ, স্বৰাজ আৰু স্ব-শাসন লাভ কৰিবলৈ।

(A) A) আৰু R) উভয়ে সত্য; আৰু R), A) ৰ শুদ্ধ ব্যাখ্যা

(B) A) সত্য, কিন্তু R) অসত্য।

(C) A) আৰু R) উভয়ে সত্য; কিন্তু R), A) শুদ্ধ ব্যাখ্যা নহয়।

(D) A) অসত্য, কিন্তু R) সত্য।

Answer: a

85. ভাৰতৰ স্বাধীনতা সংগ্রামত “সাম্প্রদায়িক বাঁটোবাৰা 1932″ৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। তলত দিয়া বিকল্পবোৰৰ কোনকেইটা বিকল্প শুদ্ধ? {Udalguri}

(i) আইন অমান্য আন্দোলনৰ সময়ছোৱাত ঘোষণা হৈছিল?

(ii) সংশোধনৰ বাবে পুণে চুক্তি স্বাক্ষৰিত হৈছিল।

(iii) হৰিজন সেৱক সংঘ প্রতিষ্ঠা হৈছিল।

(iv) ব্রিটিছ প্রধান মন্ত্রী মিঃ ক্লিমেন্ট এটলিয়ে বাঁটোৱাৰৰ কথা ঘোষণা কৰিছিল।

(A) (ii), (iii), (iv)

(B) (iii), (iv), (i)

(C) (i), (ii), (iii)

(D) (i), (ii), (iv)

Answer: C

86. দ্বিতীয় বুঝা (Boer) ৰ যুদ্ধত মহাত্মা গান্ধীৰ অৱদানৰ বাবে তেওঁলৈ ‘কাইজাৰ ই হিন্দ স্বর্ণ’ পদক প্রদান কৰিছিল। নিম্নোক্ত কোনটো ঘটনাৰ প্ৰতিবাদত গান্ধীয়ে এই বঁটা ব্রিটিছ চৰকাৰক ঘূৰাই দিছিল? {Udalguri}

(A) চৌৰি-চৌৰা হত্যাকাণ্ডৰ প্ৰতিবাদত।

(B) সাম্প্রদায়িক বাটোৱাৰা বিৰুদ্ধে।

(C) জালিৱানবালা বাগ হত্যাকাণ্ডৰ প্ৰতিবাদত।

(D) দক্ষিণ আফ্রিকাত বাস কৰা ভাৰতীয় সকলৰ সুৰক্ষাৰ বাবে।

Answer: C

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে যুঁজিবলৈ গঠন কৰা ৰাজনৈতিক অনুষ্ঠানটোৰ নাম কি আছিল?

(A) আফ্ৰিকান নেচনেল কংগ্ৰেছ

(B) নাটাল ইণ্ডিয়ান কংগ্ৰেছ

(C) ট্ৰান্সভাল ইণ্ডিয়ান কংগ্ৰেছ

(D) ইণ্ডিয়ান লিগ

Answer: B

2. ‘হিন্দ স্বৰাজ’ নামৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন আছিল?

(A) জৱাহৰলাল নেহৰু

(B) বাল গংগাধৰ তিলক

(C) মহাত্মা গান্ধী

(D) সুভাষ চন্দ্ৰ বসু

Answer: C

3. ভাৰতত মহাত্মা গান্ধীৰ প্ৰথমটো সত্যাগ্ৰহ ক’ত সংঘটিত হৈছিল?

(A) খেড়া

(B) আহমেদাবাদ

(C) বৰদোলৈ

(D) চম্পাৰণ

Answer: D

4. জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ ব্ৰিটিছ চৰকাৰে কোনখন আয়োগ গঠন কৰিছিল?

(A) ছাইমন কমিছন

(B) ক্ৰিপছ আয়োগ

(C) হাণ্টাৰ কমিছন

(D) কেবিনেট মিছন

Answer: C

5. ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত অসহযোগ আন্দোলনৰ প্ৰস্তাৱত চূড়ান্ত অনুমোদন জনোৱা হৈছিল?

(A) লাহোৰ অধিৱেশন, ১৯২৯

(B) নাগপুৰ অধিৱেশন, ১৯২০

(C) কলিকতা অধিৱেশন, ১৯২০

(D) কৰাচী অধিৱেশন, ১৯৩১

Answer: B

6. ‘স্বৰাজ দল’ কেতিয়া গঠন কৰা হৈছিল?

(A) ১৯২০ চনত

(B) ১৯২২ চনত

(C) ১৯২৩ চনত

(D) ১৯৩০ চনত

Answer: C

7. ছাইমন কমিছনত কিমানজন ভাৰতীয় সদস্য আছিল?

(A) এজন

(B) দুজন

(C) সাতজন

(D) এজনো নাছিল

Answer: D

8. দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে কিমানজন স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছিল?

(A) ৭২ জন

(B) ৭৮ জন

(C) ৮২ জন

(D) ১০০ জন

Answer: B

9. ‘সীমান্ত গান্ধী’ নামেৰে কাক জনা গৈছিল?

(A) মহম্মদ আলী জিন্না

(B) মৌলানা আবুল কালাম আজাদ

(C) খান আব্দুল গফুৰ খান

(D) শওকত আলী

Answer: C

10. ১৯৩২ চনত ‘সাম্প্ৰদায়িক বাঁটোৱাৰা’ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল?

(A) উইনষ্টন ছাৰ্চিল

(B) ক্লেমেণ্ট এটলি

(C) ৰামছে মেকডোনাল্ড

(D) লৰ্ড মাউণ্টবেটেইন

Answer: C

11. হৰিজন সেৱক সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল?

(A) বি. আৰ. আম্বেদকাৰ

(B) মহাত্মা গান্ধী

(C) জ্যোতিবা ফুলে

(D) স্বামী বিবেকানন্দ

Answer: B

12. সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা ৰাজনৈতিক দলটোৰ নাম কি আছিল?

(A) ফৰৱাৰ্ড ব্লক

(B) গদৰ পাৰ্টি

(C) ইণ্ডিয়ান লিগ

(D) স্বৰাজ দল

Answer: A

13. ব্যক্তিগত সত্যাগ্ৰহ ৰ প্ৰথমগৰাকী সত্যাগ্ৰহী কোন আছিল?

(A) জৱাহৰলাল নেহৰু

(B) মহাত্মা গান্ধী

(C) আচাৰ্য বিনোৱা ভাৱে

(D) চৰ্দাৰ বল্লভভাই পেটেল

Answer: C

14. ভাৰতীয় জাতীয় সেনাবাহিনীৰ মহিলা বেটেলিয়নটোৰ নাম কি আছিল?

(A) দুৰ্গা বেটেলিয়ন

(B) সৰোজিনী ৰেজিমেন্ট

(C) ঝান্সী ৰাণী ৰেজিমেন্ট

(D) লক্ষ্মীবাই ব্ৰিগেড

Answer: C

15. “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম” – এই শ্লোগানটো ক’ত দিয়া হৈছিল?

(A) টকিঅ’

(B) বাৰ্লিন

(C) ৰেংগুন

(D) ছিংগাপুৰ

Answer: C

16. কেবিনেট মিছন ভাৰতলৈ কোন চনত আহিছিল?

(A) ১৯৪২

(B) ১৯৪৪

(C) ১৯৪৫

(D) ১৯৪৬

Answer: D

17. মুছলিম লীগে কেতিয়া ‘প্ৰত্যক্ষ সংগ্ৰাম দিৱস’ পালন কৰিছিল?

(A) ১৬ আগষ্ট ১৯৪৬

(B) ১৬ অক্টোবৰ ১৯৪৬

(C) ১৫ আগষ্ট ১৯৪৭

(D) ২৩ মাৰ্চ ১৯৪০

Answer: A

18. স্বাধীন ভাৰতৰ প্ৰথমজন ভাৰতীয় গৱৰ্ণৰ জেনেৰেল কোন আছিল?

(A) লৰ্ড মাউণ্টবেটেইন

(B) জৱাহৰলাল নেহৰু

(C) চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

(D) ড° ৰাজেন্দ্ৰ প্ৰসাদ

Answer: C

19. ভাৰত বিভাজনৰ বাবে সীমা নিৰ্ধাৰণ আয়োগৰ অধ্যক্ষ কোন আছিল?

(A) লৰ্ড ৱাভেল

(B) ছাৰ চিৰিল ৰেডক্লিফ

(C) লৰ্ড পেথিক লৰেন্স

(D) এ ভি আলেকজেণ্ডাৰ

Answer: B

20. অসমত ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ কোন শ্বহীদ হৈছিল?

(A) কুশল কোঁৱৰ

(B) কনকলতা বৰুৱা

(C) মণিৰাম দেৱান

(D) ভোগেশ্বৰী ফুকননী

Answer: B

21. গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

(A) ৫ মাৰ্চ ১৯৩১

(B) ১২ মাৰ্চ ১৯৩০

(C) ২৩ মাৰ্চ ১৯৩১

(D) ২৬ জানুৱাৰী ১৯৩০

Answer: A

22. ১৯৪০ চনত মুছলিম লীগৰ কোনখন অধিৱেশনত ‘দ্বি-জাতিতত্ত্ব’ৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল?

(A) ঢাকা অধিৱেশন

(B) কৰাচী অধিৱেশন

(C) লাহোৰ অধিৱেশন

(D) লক্ষ্ণৌ অধিৱেশন

Answer: C

23. ছাইমন কমিছন ভাৰতলৈ কিয় আহিছিল?

(A) ভাৰতক স্বাধীনতা প্ৰদান কৰিবলৈ

(B) ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ কাৰ্যকাৰিতা পৰীক্ষা কৰিবলৈ

(C) বংগ বিভাজনৰ সমস্যাক সমাধান কৰিবলৈ

(D) দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয়ৰ সমৰ্থন আদায় কৰিবলৈ

Answer: B

24. ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ বিখ্যাত অধিৱেশনখন ক’ত অনুষ্ঠিত হৈছিল?

(A) বোম্বাইৰ গোৱালিয়া টেংক ময়দানত

(B) কলিকতাৰ ভিক্টোৰিয়া মেম’ৰিয়েলত

(C) দিল্লীৰ ৰামলীলা ময়দানত

(D) লাহোৰৰ ৰাভি নদীৰ পাৰত

Answer: A

25. খিলাফৎ আন্দোলনৰ প্ৰধান লক্ষ্য কি আছিল?

(A) ভাৰতৰ পৰা ব্ৰিটিছক খেদি পঠোৱা

(B) তুৰস্কৰ চুলতানৰ (খলিফা) হৃত মৰ্যাদা পুনৰুদ্ধাৰ কৰা

(C) মুছলমানসকলৰ বাবে সুকীয়া ৰাষ্ট্ৰ দাবী কৰা

(D) ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰা

Answer: B

26. তলৰ ঐতিহাসিক ঘটনাসমূহ সংঘটিত হোৱা ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ সজোৱা:

(i) খেড়া সত্যাগ্ৰহ

(ii) চম্পাৰণ সত্যাগ্ৰহ

(iii) ৰাওলাট আইন

(iv) জালিৱানৱালাবাগৰ হত্যাকাণ্ড

(A) (ii) → (i) → (iii) → (iv)

(B) (i) → (ii) → (iii) → (iv)

(C) (ii) → (i) → (iv) → (iii)

(D) (i) → (iii) → (ii) → (iv)

Answer: A

27. তলত দিয়া উক্তিসমূহৰ কোনটো অসহযোগ আন্দোলনৰ নেতিবাচক কাৰ্যসূচীৰ ভিতৰত নপৰে?

(A) চৰকাৰী উপাধি আৰু সন্মান বৰ্জন

(B) চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন

(C) অস্পৃশ্যতা নিবাৰণ আৰু হিন্দু-মুছলমানৰ একতা

(D) বিদেশী বস্তু আৰু সাজ-পাৰ বৰ্জন

Answer: C

28. ক্ৰিপছ মিছনৰ প্ৰস্তাৱসমূহক মহাত্মা গান্ধীয়ে কিয় “ভৱিষ্যতৰ তাৰিখ দিয়া চেক” বুলি অভিহিত কৰিছিল?

(A) কাৰণ ই ভাৰতক সম্পূৰ্ণ স্বাধীনতা দিয়াৰ কথা কৈছিল।

(B) কাৰণ ই কেৱল যুদ্ধৰ শেষতহে ডমিনিয়ন ষ্টেটাছ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

(C) কাৰণ ই ভাৰতক খণ্ডিত কৰাৰ পৰিকল্পনা কৰিছিল।

(D) কাৰণ ই কংগ্ৰেছক বেআইনী ঘোষণা কৰিছিল।

Answer: B

29. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

ক অংশ:

(a) সীমান্ত গান্ধী

(b) লৌহ মানৱ

(c) দেশবন্ধু

খ অংশ:

(i) চিত্তৰঞ্জন দাস

(ii) খান আব্দুল গফুৰ খান

(iii) চৰ্দাৰ বল্লভভাই পেটেল

(A) (a)-ii, (b)-iii, (c)-i

(B) (a)-i, (b)-ii, (c)-iii

(C) (a)-iii, (b)-ii, (c)-i

(D) (a)-ii, (b)-i, (c)-iii

Answer: A

30. তলৰ কোনটো কাৰণত দ্বিতীয় ঘূৰণীয়া মেজমেল ব্যৰ্থ হৈছিল?

(A) ব্ৰিটিছ চৰকাৰে কংগ্ৰেছৰ কোনো প্ৰতিনিধিক নিমন্ত্ৰণ কৰা নাছিল।

(B) সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সুকীয়া নিৰ্বাচন মণ্ডলীৰ বিষয়টোক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল।

(C) মহাত্মা গান্ধীয়ে মাজতে সন্মিলন ত্যাগ কৰিছিল।

(D) ছাইমন কমিছনৰ প্ৰতিবেদন নাকচ কৰা হৈছিল।

Answer: B

31. তলৰ ঐতিহাসিক ঘটনাসমূহ সংঘটিত হোৱা ক্ৰম অনুসৰি সজোৱা:

(i) গান্ধী-আৰউইন চুক্তি

(ii) লাহোৰ কংগ্ৰেছৰ পূৰ্ণ স্বৰাজ দাবী

(iii) পুণে চুক্তি

(iv) দাণ্ডি যাত্ৰা

(A) (ii) → (iv) → (i) → (iii)

(B) (iv) → (ii) → (i) → (iii)

(C) (ii) → (i) → (iv) → (iii)

(D) (i) → (ii) → (iii) → (iv)

Answer: A

32. ১৯৩২ চনৰ ‘পুণে চুক্তি’ৰ প্ৰধান ফলাফল কি আছিল?

(A) অস্পৃশ্যসকলৰ বাবে সুকীয়া নিৰ্বাচন মণ্ডলীৰ দাবী মানি লোৱা হৈছিল।

(B) হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক বাঁটোৱাৰা বাতিল কৰা হৈছিল।

(C) সাধাৰণ নিৰ্বাচন মণ্ডলীৰ অন্তৰ্গত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা কৰা হৈছিল।

(D) ব্ৰিটিছ চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদান কৰিবলৈ মান্তি হৈছিল।

Answer: C

33. কেবিনেট মিছনৰ প্ৰস্তাৱ সম্পৰ্কে তলৰ কোনটো উক্তি অশুদ্ধ?

(A) ই ভাৰতৰ বাবে এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰস্তাৱ দিছিল।

(B) ই মুছলিম লীগৰ সুকীয়া পাকিস্তানৰ দাবীক পোনপটীয়াকৈ নাকচ কৰিছিল।

(C) ই প্ৰাদেশিক স্বায়ত্ত্বশাসনৰ ওপৰত গুৰুত্ব দিছিল।

(D) ই ভাৰতক দুখন সুকীয়া দেশত বিভক্ত কৰাৰ প্ৰস্তাৱ দিছিল।

Answer: D

34. ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত মৃত্যুৱৰণ কৰা শ্বহীদ কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল?

(A) থানাত জুই লগোৱাৰ বাবে

(B) সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত

(C) ব্ৰিটিছ বিষয়াক হত্যা কৰাৰ অপৰাধত

(D) ৰেডিঅ’ৰ জৰিয়তে গোপন বাৰ্তা প্ৰেৰণ কৰাৰ বাবে

Answer: B

35. তলৰ ঐতিহাসিক ঘটনাসমূহ সংঘটিত হোৱা ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ সজোৱা:

(i) মাউণ্টবেটেইন পৰিকল্পনা

(ii) ক্ৰিপছ মিছন

(iii) কেবিনেট মিছন

(iv) আগষ্ট প্ৰস্তাৱ

(A) (iv) → (ii) → (iii) → (i)

(B) (ii) → (iv) → (iii) → (i)

(C) (iv) → (iii) → (ii) → (i)

(D) (iii) → (iv) → (ii) → (i)

Answer: A

36. তলৰ কোনখন কাকত মহাত্মা গান্ধীৰ দ্বাৰা সম্পাদিত হোৱা নাছিল?

(A) হৰিজন

(B) ইয়ং ইণ্ডিয়া

(C) ইণ্ডিয়ান অপিনিয়ন

(D) যুগান্তৰ

Answer: D

37. অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলনৰ মাজৰ মূল পাৰ্থক্যটো কি আছিল?

(A) অসহযোগ আন্দোলন হিংসাত্মক আছিল কিন্তু আইন অমান্য আন্দোলন অহিংস আছিল।

(B) অসহযোগ আন্দোলনত কেৱল চৰকাৰক সহায় নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু আইন অমান্য আন্দোলনত ব্ৰিটিছ আইন উলংঘা কৰা হৈছিল।

(C) অসহযোগ আন্দোলন কেৱল মুছলমানসকলে কৰিছিল আৰু আইন অমান্য আন্দোলন হিন্দুসকলে কৰিছিল।

(D) দুয়োটা আন্দোলনৰ মাজত কোনো পাৰ্থক্য নাছিল।

Answer: B

38. ‘ভাৰত স্বাধীন আইন, ১৯৪৭’ ৰ মতে ভাৰত আৰু পাকিস্তানৰ সংবিধান সভা দুখনে কি বিশেষ অধিকাৰ লাভ কৰিছিল?

(A) কেৱল ব্ৰিটিছ সংসদৰ তত্ত্বাৱধানত আইন প্ৰণয়ন কৰাৰ।

(B) কমনৱেলথত যোগ দিয়া বা নিদিয়াৰ সিদ্ধান্ত নিজাববীয়াকৈ লোৱাৰ।

(C) কেৱল ভাৰতৰ সীমা নিৰ্ধাৰণ কৰাৰ।

(D) ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত থাকি স্বায়ত্ত্বশাসন চলোৱাৰ।

Answer: B

39. সত্যাগ্ৰহৰ দৰ্শন সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ?

(A) সত্যাগ্ৰহ হ’ল দুৰ্বলৰ অস্ত্ৰ।

(B) সত্যাগ্ৰহৰ অৰ্থ হ’ল শত্ৰুক শাৰীৰিক আঘাত কৰি পৰাস্ত কৰা।

(C) সত্যাগ্ৰহ হ’ল সত্যৰ প্ৰতি আগ্ৰহ আৰু অহিংসাৰ জৰিয়তে অন্যায়ৰ বিৰোধিতা কৰা।

(D) সত্যাগ্ৰহত গোপন ষড়যন্ত্ৰৰ প্ৰয়োজন হয়।

Answer: C

40. ১৯৪৬ চনৰ ‘প্ৰত্যক্ষ সংগ্ৰাম দিৱস’ৰ ভয়াৱহ পৰিণাম কি আছিল?

(A) ভাৰতে স্বাধীনতা লাভ কৰিছিল।

(B) কলিকতাত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হত্যাকাণ্ড সংঘটিত হৈছিল।

(C) ব্ৰিটিছ চৰকাৰে মুছলিম লীগক নিষিদ্ধ কৰিছিল।

(D) মহাত্মা গান্ধীয়ে আমৰণ অনশন কৰিছিল।

Answer: B

41. দাবী (A): মহাত্মা গান্ধীয়ে ১৯২২ চনত অসহযোগ আন্দোলন হঠাতে প্ৰত্যাহাৰ কৰিছিল।

কাৰণ (R): উত্তৰ প্ৰদেশৰ চৌৰীচৌৰা নামৰ ঠাইত জনতাই এখন পুলিচ থানাত জুই লগাই দিছিল যাৰ ফলত ২২ জন আৰক্ষী নিহত হৈছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

42. দাবী (A): ভাৰতীয়সকলে ছাইমন কমিছন বৰ্জন কৰিছিল।

কাৰণ (R): ছাইমন কমিছনৰ সাতজন সদস্যৰ ভিতৰত এজনো ভাৰতীয় সদস্য নাছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

43. দাবী (A): ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ‘নাইটহুড’ উপাধি ঘূৰাই দিছিল।

কাৰণ (R): তেওঁ ৰাওলাট আইনৰ তীব্ৰ বিৰোধিতা কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: B

44. দাবী (A): আইন অমান্য আন্দোলনৰ পাতনি মেলি মহাত্মা গান্ধীয়ে দাণ্ডিত লোণ আইন ভংগ কৰিছিল।

কাৰণ (R): লোণ প্ৰতিজন দৰিদ্ৰ ভাৰতীয়ৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আছিল আৰু ইয়াৰ ওপৰত ব্ৰিটিছে অত্যধিক কৰ আৰোপ কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

45. দাবী (A): ভাৰতীয় জাতীয় কংগ্ৰেছে ক্ৰিপছ মিছনৰ প্ৰস্তাৱসমূহ নাকচ কৰিছিল।

কাৰণ (R): ক্ৰিপছ মিছনে যুদ্ধৰ অন্তত ভাৰতক ডমিনিয়ন ষ্টেটাছ দিয়াৰ পৰিৱৰ্তে তৎকালীনভাৱে ক্ষমতা হস্তান্তৰ কৰাৰ কথা কৈছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

46. দাবী (A): পুণে চুক্তিয়ে সাম্প্ৰদায়িক বাঁটোৱাৰাৰ নীতি সংশোধন কৰিছিল।

কাৰণ (R): ই অনুসূচিত জাতিৰ বাবে সুকীয়া নিৰ্বাচন মণ্ডলীৰ পৰিৱৰ্তে সাধাৰণ আসনৰ লগতে সংৰক্ষিত আসনৰ ব্যৱস্থা কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য。

Answer: A

47. দাবী (A): ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনক এটা ‘নেতৃত্বহীন গণ-আন্দোলন’ বুলি কোৱা হয়।

কাৰণ (R): ৯ আগষ্টৰ পুৱাই ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীকে ধৰি কংগ্ৰেছৰ সকলো শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

48. দাবী (A): কেবিনেট মিছনে ভাৰত বিভাজনৰ দাবী পোনপটীয়াকৈ মানি লৈছিল।

কাৰণ (R): মুছলিম লীগে এখন স্বাধীন পাকিস্তান ৰাষ্ট্ৰ বিচাৰি তীব্ৰ দাবী জনাইছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: D

49. দাবী (A): খিলাফৎ আন্দোলনৰ সময়ত হিন্দু আৰু মুছলমানৰ মাজত অভূতপূৰ্ব একতা দেখা গৈছিল।

কাৰণ (R): মহাত্মা গান্ধীয়ে খিলাফৎ আৰু অসহযোগ আন্দোলনক একত্ৰিত কৰি ব্ৰিটিছৰ বিৰুদ্ধে এক শক্তিশালী গণ-আন্দোলন গঢ়ি তুলিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

50. দাবী (A): সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বাধীন ভাৰতীয় জাতীয় সেনাবাহিনীয়ে (INA) ভাৰতৰ পৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে বিতাড়িত কৰাত সফল হৈছিল।

কাৰণ (R): জাপানৰ দ্বিতীয় বিশ্বযুদ্ধত পৰাজয়ৰ ফলত INA-লৈ অস্ত্ৰ-শস্ত্ৰ আৰু ৰচদ-পাতিৰ যোগান বন্ধ হৈ পৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: D

HSLC PYQs (2016-2026): 2/3 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. “মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম” – এই উক্তিটোৰ পৰিপ্ৰেক্ষিতত “তেজ” শব্দটোৰ তাৎপৰ্য ব্যাখ্যা কৰা আৰু এই কথাষাৰ কোনে কৈছিল ? {2026}

2. ভাৰত আৰু ভাৰতীয়ৰ প্ৰতি থকা ব্ৰিটিছ প্ৰধানমন্ত্ৰী মি: ক্লিমেন্ট এটলিৰ দৃষ্টিভংগী, প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলৰ সাংবিধানিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰপৰা কেনেদৰে পৃথক আছিল ? {2026}

3. ভাৰতত কেতিয়া ‘মুছলীম লীগ’ৰ গঠন হৈছিল? ইয়াৰ দুটা উদ্দেশ্য উল্লেখ কৰা। {2022}

4. ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ ফলাফল কি আছিল? {2022}

5. গান্ধী-আৰউইন চুক্তি কেতিয়া হৈছিল? এইচুক্তিৰ এটা পৰিণতি উল্লেখ কৰা। {2020}

6. গান্ধীজীয়ে কেতিয়া সবৰমতী আশ্ৰামৰ পৰা সাগৰৰ পাৰলৈ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সবৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান? {2019}

7. 1931 চনৰ গান্ধী-আৰউইন চুক্তিৰ দুটা চৰ্ত লিখা। {2018}

8. কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল? {2017}

9. ভাৰতত কেতিয়া ‘মুছলিম লীগ’ৰ গঠন হৈছিল? ইয়াৰ দুটা উদ্দেশ্য উল্লেখ কৰা। {2017}

HSLC PYQs (2016-2025): 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. জালিয়ানৱালা বাগৰ হত্যাকাণ্ডত জেনেৰেল ডায়াৰৰ ভূমিকা আৰু তেখেতৰ কাৰ্যব্যৱস্থাৰ পৰৱৰ্তী প্রতিক্রিয়াসমূহ মূল্যায়ন কৰা। {2025}

2. ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয় হয়? {2024}

3. ভাৰত স্বাধীন আইন, ১৯৭৪ ৰ মূল দফাসমূহ কি কি আছিল? {2024}

4. অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি আছিল? {2023}

5. জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমুটোকা লিখা। {2023}

6. জালিৱানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ঘটনাটো চমুকৈ বৰ্ণনা কৰা। {2022}

7. ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংঘটিত গৈছিল? মহাত্মা গান্ধীয়ে এই আন্দোলনটো কেনেকৈ পৰিচালনা কৰিছিল? {2022}

৪. গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল? {2020}

9. ‘সত্যাগ্রহ’ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ সংক্ষিপ্ত বিৱৰণ দিয়া। {2019}

10. আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল, আলোচনা কৰা। {2018}

11. কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভকৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল? {2018}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. গান্ধীজী কোথায় প্রথম সত্যাগ্রহ পরীক্ষা করেছিলেন? ভারত কোথায় প্রথমবারের মতন গান্ধীজী একটী সত্যাগ্রহ আন্দোলন পরিচালনা করেছিলেন? {Cachar} 

2. দ্বিতীয় গোলটেবিল বৈঠক কেন গান্ধীজীর জন্য অসফল প্রচেষ্টা ছিল? {Cachar} 

3. {Hailakandi} 

a) ওপৰৰ ছবিত দেখুওৱা সমদলটোৰ আঁৰৰ কাৰণ কি আছিল?

b) ছাইমন কিয় ভাৰতলৈ আহিছিল?

4. ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল? {Jorhat} 

5. কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে “পূৰ্ণ স্বৰাজৰ দাবী” উত্থাপন কৰা হৈছিল? {Kokrajhar} 

6. অসহযোগ আন্দোলনৰ দুটা নেতিবাচক দিশ উল্লেখ কৰা। {Nalbari} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

7. ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংঘটিত হৈছিল? এই আন্দোলনক মহাত্মা গান্ধীয়ে কেনেদৰে প্ৰত্যাহ্বান জনাইছিল? {Bongaigaon} 

8. “কল্পনা কৰা তুমি এজন ভাৰতীয় বিষয়া যিয়ে জালিয়ানৱালাবাগৰ দৃশ্য প্ৰত্যক্ষ কৰিছে। সমাৱেশৰ শান্তিপূৰ্ণ প্ৰকৃতি আৰু গুলীচালনাৰ বৰ্বৰতা দাঙি ধৰি এক চমু প্ৰতিবেদন লিখা।” {Hailakandi} 

9. মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন প্রত্যাহাৰ কৰাৰ আঁৰৰ যুক্তি বিশ্লেষণ কৰা। এই সিদ্ধান্ত “ৰাষ্ট্ৰীয় দুর্যোগ আছিল” নে “প্রয়োজনীয় অনুশাসনমূলক ব্যৱস্থা” আছিল? {Morigaon} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

10. ভাৰতৰ স্বাধীনতা আইন, ১৯৪৭ ৰ মূল দফাসমূহ কি কি আছিল? {Bajali} 

11. ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংঘটিত হৈছিল? মহাত্মা গান্ধীয়ে এই আন্দোলনটো কেনেকৈ পৰিচালনা কৰিছিল? {Bajali} 

12. ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত তিনিটা যুক্তি দিয়া। {Baksa} 

13. অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশকেইটা কি কি? কিছুমান নেতিবাচক দিশে কেনেকৈ ইতিবাচক সংস্কাৰ সাধন কৰিছিল? {Biswanath} 

14. সত্যাগ্ৰহ বুলিলে কি বুজা? ভাৰতৰ তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষেপে লিখা। {Biswanath} 

15. ‘ভাৰত ত্যাগ আন্দোলন’ত অসমৰ মানুহৰ ভূমিকা সম্পর্কে সংক্ষেপে আলোচনা কৰা। {Bongaigaon} 

16. 1942 চনৰ ৪ আগষ্ট তাৰিখে ঐতিহাসিক আগষ্ট সভাত গান্ধীজীৰ উদাত্ত ভাষণৰ গুৰুত্ব আৰু ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা। {Darrang} 

17. ভাৰত স্বাধীন আইন 1947 ৰ মূল দফাসমূহ লিখা। {Goalpara} 

18. সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। {Goalpara} 

19. ‘আগষ্ট প্রস্তাৱ’ আৰু ‘আগষ্ট বিপ্লৱ’ৰ মাজত পাৰ্থক্য লিখা। {Kamrup M} 

20. ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামত আগবঢ়োৱা। {Majuli} 

21. গান্ধীজীৰ নেতৃত্বত হোৱা কোনটো আন্দোলনৰ ফলত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? ভাৰতৰ স্বাধীনতা আন্দোলনত এই চুক্তিৰ গুৰুত্ব বিশ্লেষণ কৰা।

22. সত্যাগ্রহ বুলিলে কি বুজা? মহাত্মা গান্ধীয়ে সত্যাগ্রহ আন্দোলনৰ জৰিয়তে সফল হোৱা তিনিটা স্থানীয় বিবাদৰ বিষয়ে আলোচনা কৰা । {Salmara} 

23. ব্ৰিটিছ ভাইচৰয়ৰ আগষ্ট প্রস্তাৱ আৰু মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ব্যক্তিগত সত্যাগ্ৰহৰ মাজৰ কাৰণসমূহ আলোচনা কৰা। ব্যক্তিগত সত্যাগ্ৰহৰ প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা হৈত্তাগ্ৰহিজন কোন আছিল? {Udalguri} 

24. “ভাৰত স্বাধীন আইন, ১৯৪৭ য়ে ভাৰতীয় উপমহাদেশৰ ৰাজনৈতিক পূৰ্ণগঠনৰ আধাৰ স্থাপন কৰিছিল”। ভাৰত স্বাধীন আইন ১৯৪৭ ৰ যিকোনো মূল দফা আলোচনাৰে উপৰোক্ত বক্তব্যটো বাখ্যা কৰা। {Sonitpur} 

M.5 (5 Marks)

24. ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা। {Goalpara} 

25. এই ছবিৰ লগত সংযুক্ত হৈ থকা বিষয়বস্তুৰ ওপৰত এটা চমু ব্যাখ্যা আগবঢ়োৱা- {Lakhimpur} 

class 10 sociall science

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

1. মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ কিয় প্ৰতিষ্ঠা কৰিছিল?

2. ১৯১৯ চনৰ ৰাওলাট আইনৰ প্ৰধান উদ্দেশ্য কি আছিল?

3. ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছৰ ঐতিহাসিক গুৰুত্ব কি?

4. খিলাফৎ আন্দোলনৰ নেতৃত্ব বহন কৰা প্ৰধান দুজন ব্যক্তিৰ নাম লিখা।

5. ভাৰতীয়সকলে ছাইমন কমিছনক কিয় বৰ্জন কৰিছিল দুটা কাৰণ লিখা।

6. গান্ধী-আৰউইন চুক্তিৰ (১৯৩১) যিকোনো দুটা চৰ্ত উল্লেখ কৰা।

7. ‘আগষ্ট প্ৰস্তাৱ’ বুলিলে কি বুজা?

8. ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত শ্বহীদ হোৱা দুজন ব্যক্তিৰ নাম লিখা।

9. কেবিনেট মিছনৰ মূল প্ৰস্তাৱ দুটা কি কি আছিল?

10. ১৯৩২ চনৰ ‘সাম্প্ৰদায়িক বাঁটোৱাৰা’ কি আছিল?

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

11. অসহযোগ আন্দোলনৰ অৰ্থনৈতিক বৰ্জন কাৰ্যসূচীৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

12. অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলনৰ মাজত থকা তিনিটা প্ৰধান পাৰ্থক্য লিখা।

13. জালিৱানৱালাবাগৰ হত্যাকাণ্ডই ভাৰতীয় জাতীয় আন্দোলনৰ গতিপথ কেনেদৰে সলনি কৰিছিল?

14. ভাৰতীয় জাতীয় সেনাবাহিনী (INA) গঠন আৰু পুনৰ্গঠনত সুভাষ চন্দ্ৰ বসুৰ ভূমিকা চমুকৈ আলোচনা কৰা।

15. ‘পুণে চুক্তি’ৰ ওপৰত এটি চমুটোকা লিখা।

16. ক্ৰিপছ মিছনৰ প্ৰস্তাৱসমূহক ভাৰতীয় জাতীয় কংগ্ৰেছে কিয় অগ্ৰাহ্য কৰিছিল?

17. মহাত্মা গান্ধীৰ ‘সত্যাগ্ৰহ’ৰ ধাৰণাটো কিহৰ ওপৰত প্ৰতিষ্ঠিত আছিল? ইয়াৰ মূল উপাদানসমূহ কি কি?

18. আইন অমান্য আন্দোলনত মহিলাসকলৰ অংশগ্ৰহণৰ বিষয়ে চমুকৈ লিখা।

19. মুছলিম লীগে ১৯৪৬ চনত কিয় ‘প্ৰত্যক্ষ সংগ্ৰাম দিৱস’ পালন কৰিছিল আৰু ইয়াৰ পৰিণাম কি হৈছিল?

20. ১৯৪৭ চনৰ ‘ভাৰত স্বাধীন আইন’ৰ যিকোনো তিনিটা গুৰুত্বপূৰ্ণ দফা উল্লেখ কৰা।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

21. অসহযোগ আন্দোলনৰ কাৰণসমূহ বিশ্লেষণ কৰা। এই আন্দোলনটো হঠাতে স্থগিত কৰাৰ বাবে মহাত্মা গান্ধীৰ সিদ্ধান্তক তুমি সমৰ্থন কৰানে? যুক্তি দিয়া।

22. আইন অমান্য আন্দোলন আৰম্ভ হোৱাৰ আঁৰৰ পৰিস্থিতিসমূহ আলোচনা কৰা। এই আন্দোলনত ‘দাণ্ডি যাত্ৰা’ৰ প্ৰতীকী গুৰুত্ব কি আছিল?

23. “১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আছিল এক স্বতঃস্ফূৰ্ত গণ-অভ্যুত্থান।” – সাধাৰণ জনতাৰ অংশগ্ৰহণৰ উদাহৰণ দি এই উক্তিটোৰ বিশ্লেষণ কৰা।

24. দ্বিতীয় বিশ্বযুদ্ধই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল? বিস্তাৰিতভাৱে আলোচনা কৰা।

25. ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত অসমৰ জনসাধাৰণে কিদৰে ব্ৰিটিছ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰিছিল তাৰ এক বিতং বিৱৰণ দিয়া।

26. ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰতীয় জাতীয় সেনাবাহিনীৰ (INA) অৱদানৰ মূল্যায়ন কৰা। তেওঁলোকৰ সংগ্ৰাম বিফল হৈছিল যদিও ইয়াৰ ঐতিহাসিক গুৰুত্ব কিয় ইমান বেছি?

Click Here To Download The App

Download EduAssam Solution App To get free Solution for this question Bank

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় 2 (মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়টো কিহৰ ওপৰত আধাৰিত?
দ্বিতীয় অধ্যায়টো ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ অৱদান, তেওঁৰ সত্যাগ্ৰহ নীতি আৰু অসহযোগ, আইন অমান্য আদি গুৰুত্বপূৰ্ণ আন্দোলনসমূহৰ ওপৰত আধাৰিত।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (New Syllabus) আৰু শেহতীয়া ব্লুপ্ৰিণ্ট অনুসৰি প্ৰস্তুত কৰা হৈছে।
মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া ৰচনাধৰ্মী প্ৰশ্নলৈকে আহিব পাৰে।
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top