Class 10 Social Science Chapter 3 – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Question Bank | HSLC 2027 | ASSEB

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 3 – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 3 – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ তৃতীয় অধ্যায় ‘অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ’ অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

এই পাঠটিত মণিৰাম দেৱানৰ ফাঁচি, ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ ভূমিকা, আৰু ফুলগুৰি ধাৱা, পথৰুঘাটৰ ৰণ, ৰঙিয়া আৰু লাচিমাৰ কৃষক বিদ্ৰোহৰ দৰে গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে অসমৰ জনসাধাৰণৰ এই সংগ্ৰামৰ তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ ভূমিকা আৰু মণিৰাম দেৱানৰ দেশপ্ৰেম তথা আত্মবলিদানৰ বিস্তৃত পৰিচয়।
  • 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- ফুলগুৰি ধাৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কাৰণ আৰু ফলাফল) সহজ তথা মান্য সমাধান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
Original price was: ₹199.00.Current price is: ₹99.00.
Vibrant Note Box
Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

https://youtube.com/@ospinacademyদশম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-3                          অস্পিন একাডেমী

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

 

HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. তলত দিয়া ঐতিহাসিক পৰিঘটনাসমূহৰ ক্ৰমৰপৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা সঠিক ক্ৰমৰ বিকল্পটো বাছি উলিওৱা : {2026}

(A) ফুলগুৰি ধাৱা → ৰঙিয়াৰ কৃষক বিদ্ৰোহ → পথৰুঘাটৰ কৃষক বিদ্ৰোহ → ৰাইজ মেল

(B) পথৰুঘাটৰ কৃষক বিদ্ৰোহ → ৰঙিয়াৰ কৃষক বিদ্ৰোহ → ফুলগুৰি ধাৱা → ৰাইজ মেল

(C) ৰাইজ মেল → ফুলগুৰি ধাৱা → পথৰুঘাটৰ কৃষক বিদ্ৰোহ → ৰঙিয়াৰ কৃষক বিদ্ৰোহ

(D) ৰাইজ মেল → ফুলগুৰি ধাৱা → ৰঙিয়াৰ কৃষক বিদ্ৰোহ → পথৰুঘাটৰ কৃষক বিদ্ৰোহ

Answer: D

2. তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰপৰা বিদ্ৰোহটো চিনাক্ত কৰা : {2026}

(i) অসমৰ কমিছনাৰ হপকিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰ আৰু গুৱাহাটীৰপৰা সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হ’লে বিদ্ৰোহটো সম্প্ৰসাৰিত হৈ গৈ থাকিলহেঁতেন ।

(ii) এই বিদ্ৰোহৰ পদ্ধতি ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়েও গ্ৰহণ কৰিছিল।

(iii) এই ঘটনাৰ পিছত বিচাৰত চংবৰ লালুঙক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয় ।

(A) ৰঙিয়াৰ কৃষক বিদ্ৰোহ

(B) লচিমাৰ কৃষক বিদ্ৰোহ

(C) ফুলগুৰি ধাৱা

(D) পথৰুঘাটৰ কৃষক বিদ্ৰোহ

Answer: C

3. ঊনবিংশ শতিকাৰ আৰম্ভণিতে অসমত হোৱা ব্ৰিটিছ বিৰোধী জাগৰণৰ প্ৰধান কাৰণ কি আছিল ? {2026}

(A) ভূমি বিবাদ

(B) সাংস্কৃতিক সংঘাত

(C) অর্থনৈতিক শোষণ

(D) ধর্মীয় পার্থক্য

Answer: C

4. মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্রামক কেনেদৰে প্ৰভাৱিত কৰিছিল? {2025}

(A) ব্ৰিটিছৰ কর্তৃত্বক প্রত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্রতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল।

(B) বর্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্রতিবাদৰ মাত্রা হ্রাস কৰিছিল।

(C) ই ব্রিটিছ কর্তৃপক্ষ আৰু স্থানীয় নেতাসকলৰ মাজত সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰিছিল।

(D) ভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্রভাৱ পৰা নাছিল।

Answer: B

5. হেৰম্বকান্ত বৰপূজাৰীৰ মতে, উজনি অসমৰ ভালেমান ব্রাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহত যোগ দিছিল। ইয়াৰ শুদ্ধ কাৰণটো কি আছিল? {2025}

(A) তেওঁলোকে আহোম অভিজাত শ্রেণীটোক সমর্থন জনাইছিল।

(B) ব্রিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল।

(C) ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেবাজ (নিষ্কৰ) ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল।

(D) তেওঁলোকে ব্ৰিটিছৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল।

Answer: C

6. অসমত দাস প্রথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? {2024}

(A) ১৯২৯ চনত

(B) ১৮৪৩ চনত

(C) ১৮৫৬ চনত

(D) ১৮৭০ চনত

Answer: B

7. ১৮৬১ চনত সংঘটিত হোৱা কৃষক বিদ্রোহটো হ’ল- {2024}

(A) ৰঙিয়াৰ কৃষক বিদ্রোহ

(B) লাচিমাৰ কৃষক বিদ্রোহ

(C) পথৰুঘাটৰ কৃষক বিদ্রোহ

(D) ফুলগুৰি ধাৱা

Answer: D

8. ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? {2024}

(A) বীৰ টিকেন্দ্ৰজিতে

(B) শম্ভুধন ফংলোছা

(C) ওকিয়াং নংবাহ

(D) ৰজা কুলচন্দ্ৰই

Answer: B

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)

 

1. অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্রোহটো হৈছে {Bajali}

(A) ১৮৫৭ চনৰ চিপাহী বিদ্রোহ

(B) মোৱামৰীয়া বিদ্রোহ

(C) জয়ন্তীয়া বিদ্রোহ

(D) উত্তৰ-কাছাৰ বিদ্ৰোহ

Answer: A

2. উত্তৰ কাছাৰৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? {Bajali}

(A) টিকেন্দ্রজিৎ

(B) শধন ফংলোছা

(C) মণিৰাম দেৱান

(D) উকীয়াং নবা

Answer: B

3. ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বাবে ১৮৫৮ চনত কোন দুজন বিদ্রোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল? {Bajali}

(A) মধুমল্লিক বৰুৱা আৰু কমলা বৰুৱা

(B) দুতিৰাম বৰুৱা আৰু মায়াৰাম নাজিৰ

(C) বাহাদুৰ গাঁওবুঢ়া আৰু শেঠ ফর্মুদ আলী

(D) পিয়লি বৰুৱা আৰু দুতিৰাম বৰুৱা

Answer: C

4. দাবী (A) : মণিৰাম দেৱানৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰচেষ্টাৰ লগত ৰাইজমেল বা ৰাজ পৰিয়ালৰ বিদ্ৰোহৰ বিশেষ সম্পর্ক আছিল। {Bajali}

কাৰণ (R) : এই ৰাইজমেলবোৰৰ বিদ্ৰোহৰ লক্ষ্য আছিল ব্ৰিটিছসকলক অসমৰ পৰা বাহিৰ কৰা, কিন্তু তেওঁলোকৰ উদ্দেশ্যটো আছিল সামন্তীয় শোষণৰ বিৰুদ্ধে। এই দুই বিদ্ৰোহৰ উদ্দেশ্য একে নাছিল।

(A) (A) আৰু (R) শুদ্ধ আৰু (R) (A)ৰ শুদ্ধ ব্যাখ্যা

(B) (A) আৰু (R) শুদ্ধ কিন্তু (R) (A)ৰ শুদ্ধ ব্যাখ্যা নহয়

(C) (A) শুদ্ধ কিন্তু (R) অশুদ্ধ

(D) (A) অশুদ্ধ কিন্তু (R) শুদ্ধ

Answer: B

5. বশ্যতামূলক মিত্রতা নীতি উদ্ভাৱন কৰিছিল- {Baksa}

(A) লর্ড ডেলহাউচীয়ে

(B) লর্ড ৰিপনে

(C) লর্ড কার্জনে

(D) লর্ড ওবেলেলিয়ে

Answer: D

6. টিকেন্দ্রজিতক ফাঁচী দিয়া হৈছিল- {Baksa}

(i) বৃটিছ বিষয়াক হত্যা কৰাৰ অপৰাধত

(ii) বৃটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত

(A) (i) সত্য আৰু (ii) অসত্য

(B) (i) আৰু (ii) দুয়োটাই সত্য

(C) (i) অসত্য আৰু (ii) সত্য

(D) (i) আৰু (ii) দুয়োটাই অসত্য

Answer: B

7. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ {Baksa}

দাবি (A): ইংৰাজ চৰকাৰৰ দাসত্ব প্রথা নিষিদ্ধকৰণে আহোম ৰাজত্বৰ লগুৱা-লিকচৌৰ অবস্থা উন্নত কৰিছিল।

কাৰণ (R): অসমত ইংৰাজ চৰকাৰে 1843 চনত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল।

(A) উক্তি (A) শুদ্ধ, (R) অশুদ্ধ

(B) (A) অশুদ্ধ, (R) শুদ্ধ

(C) (A) আৰু (R) দুয়োটাই শুদ্ধ

(D) (A) আৰু (R) দুয়োটাই অশুদ্ধ

Answer: B

8. কোনজন আহোম কোঁৱৰক বর্ধমানৰ বিশেষ জেইলত কাৰাবন্দী কৰি ৰখা হৈছিল- {Barpeta}

(A) পুৰন্দৰ সিংহ

(B) গোমধৰ কোঁৱৰ

(C) কন্দপেশ্বৰ সিংহ

(D) যোগেশ্বৰ সিংহ

Answer: C

9. উৰিষ্যাৰ ভয়ানক দুর্ভিক্ষ কেতিয়া হৈছিল? {Barpeta}

(A) 1773

(B) 1872

(C) 1866

(D) 1874

Answer: C

10. লেফটেনেন্ট ছিংগাৰৰ মৃতদেহ কৃষকসকলে কোনখন নদীত দলিয়াই পেলাই দিছিল? {Barpeta}

(A) কলং নৈ

(B) ডিক্রাং নৈ

(C) বেকী নৈ

(D) কপিলী নৈ

Answer: A

11. অসমত কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়? {Barpeta}

(A) ১৭৭৫ চনৰ পৰা ১৮২৬ চনলৈ

(B) ১৮২৬ চনৰ পৰা ১৯৩৫ চনলৈ

(C) ১৮২৮ চনৰ পৰা ১৮৫৮ চনলৈ

(D) ১৮৫৮ চনৰ পৰা ১৯৪৭ চনলৈ

Answer: C

12. ফুলগুৰি ধাৱা কাণ্ডত তলত উল্লেখ কৰা কোনজনক মৃত্যুদণ্ড দিয়া হোৱা নাছিল? {Barpeta}

(A) ছংবৰ লালুং

(B) ৰংবৰ ডেকা

(C) লক্ষ্মণ ডেকা

(D) জাতি কলিতা

Answer: D

13. অসমৰ কৃষি অৰ্থনীতিৰ ওপৰত ব্ৰিটিছ ভূমি ৰাজহ নীতিৰ প্ৰভাৱ মূল্যায়ন কৰা। তলৰ কোনটো কথা সত্য। {Barpeta}

(A) নীতিসমুহৰ ফলত কৃষি উৎপাদন আৰু সমৃদ্ধি বৃদ্ধি পালে

(B) নীতিসমূহৰ ফলত কৃষকসকলৰ স্থানচ্যুতি আৰু দৰিদ্ৰতা বৃদ্ধি পাইছিল

(C) নীতিসমূহে কৃষি অর্থনীতিৰ ওপৰত নিৰপেক্ষ প্ৰভাৱ পেলাইছিল

(D) নীতিসমূহে কেৱল ব্রিটিছ ৰোপনকাৰী আৰু বিষয়াসকলহে লাভৱান কৰিছিল

Answer: B

14. অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আর্জি লিখিছিল? {Barpeta}

(A) মণিৰাম দেৱান

(B) পিয়লি বৰুৱা

(C) আনন্দৰাম বৰুৱা

(D) আনন্দৰাম ঢেকীয়াল ফুকন

Answer: D

15. জয়ন্তীয়া বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ কি আছিল? {Barpeta}

(A) সামূহিক মাছ ধৰাত নিষেধাজ্ঞা

(B) খৰি-খেৰ সংগ্ৰহ কৰাত নিষেধাজ্ঞা

(C) বৃটিছৰ দ্বাৰা ঘৰ কৰ প্ৰৱৰ্তন

(D) পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা

Answer: C

16. ১৯ শতিকাৰ অসমৰ কৃষক বিদ্ৰোহৰ নেতৃত্ব দিছিল – {Biswanath}

(A) ৰাজনৈতিক সংগঠন

(B) ৰাইজ মেল

(C) জনজাতি সম্প্ৰদায়

(D) ৰাজ পৰিয়াল

Answer: B

17. দাবি (A) : অসমত ১৮২৬ খ্ৰীষ্টাব্দত ইংৰাজ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা বিদেশী শাসনৰ অৱসান ঘটাবলৈ বিভিন্ন ৰাজনৈতিক বিদ্ৰোহ সংগঠিত হৈছিল। {Biswanath}

কাৰণ (R) : ১৮২৮-৩০ খ্ৰীষ্টাব্দত সংগঠিত হোৱা গোমধৰ কোঁৱৰ আৰু গদাধৰ বিদ্ৰোহৰ পিছত ১৮৫৭ চনত অসমতো সৰ্বভাৰতীয় বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল।

(A) (A) শুদ্ধ কিন্তু (R) অশুদ্ধ

(B) (A) অশুদ্ধ কিন্তু (R) শুদ্ধ

(C) (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(D) (A) আৰু (R) উভয়ে শুদ্ধ কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

Answer: D

18. তলৰ কৃষক বিদ্ৰোহৰ ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা – {Biswanath}

(A) লচিমা – ফুলগুৰি ধাৱা – ৰঙিয়া – পথৰুঘাট

(B) পথৰুঘাট – ৰঙিয়া – ফুলগুৰি ধাৱা – লচিমা

(C) ফুলগুৰি ধাৱা – ৰঙিয়া – পথৰুঘাট – লচিমা

(D) ফুলগুৰি ধাৱা – ৰঙিয়া – লচিমা – পথৰুঘাট

Answer: D

19. তলত দিয়া মেপখনৰ পৰা অসমৰ কৃষক বিদ্ৰোহৰ স্থান সমূহ চিনাক্ত কৰা – {Bongaigaon}

(A) 1. পথৰুঘাট 2. ফুলগুৰি

(B) 1. ফুলগুৰি 2. পথৰুঘাট

(C) 1. ৰঙিয়া 2. ফুলগুৰি

Answer: B

20. উক্তি: ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰ অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। {Bongaigaon}

কাৰণ: সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি ধন ঘাটাৰ সুবিধা একেবাৰেই নাছিল।

(A) (A) শুদ্ধ (R) অশুদ্ধ।

(B) (A) অশুদ্ধ (R) শুদ্ধ।

(C) (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) হৈছে (A) ৰ শুদ্ধ বিৱৰণী।

(D) (A) আৰু (R) উভয়ে শুদ্ধ কিন্তু (R) (A) ৰ শুদ্ধ বিৱৰণী নহয়।

Answer: C

21. এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? {Bongaigaon}

(A) শাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত।

(B) শাহ আলম আৰু ৰবাৰ্ট ক্লাইৱৰ মাজত।

(C) বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত

(D) বাহাদুৰ শ্বাহ আৰু ৰবাৰ্ট ক্লাইৱৰ মাজত

Answer: B

22. তলৰ ঘটনা প্ৰৱাহ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা- {Bongaigaon}

(i) চিপাহী বিদ্রোহ

(ii) ফুলগুৰি ধাৱা

(iii) ৰঙিয়াৰ কৃষক বিদ্রোহ

(iv) পথৰুঘাটৰ কৃষক বিদ্ৰোহ

(a) ১৮৯৪ চনত

(b) ১৮৯৩ চনত

(c) ১৮৬১ চনত

(d) ১৮ ৫৭ চনত

(A) (i) c, (ii) d, (iii) b, (iv) a

(B) (i) d, (ii) c, (iii) b, (iv) a

(C) (i) b, (ii) a, (iii) d, (iv) c

(D) (i) a, (ii) b, (iii) c, (iv) d

Answer: B

23. ১৮৬১ সালের ফুলাগুরি ধাওয়ার মূখ্য উদ্দেশ্য কি ছিল? {Cachar}

(A) পান এবং সুপারীর উপর কর আরোপ করার বিরুদ্ধে প্রতিবাদ।

(B) ব্রিটিশ শাসন থেকে মুক্তীর দাবী।

(C) রাইজ মেল গুলোর শাসন স্থাপন করা।

(D) জমিদারী ব্যবস্থার প্রতিবাদ করা।

Answer: A

24. শূণ্যস্থান পূর্ণ করো : {Cachar}

(A) চা বাগানগুলোতে শ্রমিকের যোগান।

(B) ভূমির রাজস্ব বৃদ্ধি।

(C) কুটীর শিল্পের অবনতি।

(D) মুক্ত শ্রমিক শ্রেণীর সৃষ্টি।

Answer: A

25. দাবী (দ): ১৮৫৪-৭০ পর্যন্ত অসমে কর বৃদ্ধি হার একশ শতাংশ হয়েগিয়েছিল। {Cachar}

কারণ (ক) : ১৮৫৭ এর বিদ্রোহ ব্রিটিশ সরকারের জন্য আর্থিক ঘাটতি তৈরি করেছিল এবং নিজের অর্থনৈতিক অবস্থা সুস্থীর করা তাদের প্রধান কাজ হয়েগিয়েছিল।

(A) দাবী (দ) শুদ্ধ কিন্তু কারণ (ক) ভুল।

(B) দাবী (দ) অশুদ্ধ কিন্তু কারণ (ক) শুদ্ধ।

(C) দাবী (দ) এবং কারণ (ক) উভয়ে শুদ্ধ এবং ‘ক’ ‘দ’ এর শুদ্ধ বিবরণ।

(D) দাবী (দ) এবং কারণ (ক) উভয়ে শুদ্ধ কিন্তু ‘ক’ ‘দ’ এর শুদ্ধ বিবরণ নয়।

Answer: C

26. তলৰ প্ৰশ্নত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়ি বিকল্পটো বাছি উলিওৱাঃ {Darrang}

দাবী (A): 1861 চনৰ ফুলগুৰি ধাৱা ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে কৃষক ৰাইজৰ প্ৰথম বিদ্রোহ।

কাৰণ (R) : ব্ৰিটিছে ব্রহ্মপুত্র উপত্যকাত কানি বন্ধ কৰিব বিচৰাৰ বাবেই এই বিদ্রোহ হৈছিল।

বিকল্পসমূহঃ

(A) A আৰু R দুয়োটাই শুদ্ধ আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা

(B) A আৰু R দুয়োটাই শুদ্ধ কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়

(C) A শুদ্ধ কিন্তু R অশুদ্ধ

(D) A অশুদ্ধ কিন্তু R শুদ্ধ

Answer: A

27. 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল {Darrang}

(A) গোমধৰ কোঁৱৰ

(B) মণিৰাম দেৱান

(C) উকিয়াংনবাব

(D) টিকেন্দ্রজিত

Answer: C

28. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ {Darrang}

1857 চনৰ বিদ্ৰোহত অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল, কাৰণ

(A) তেওঁলোকৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

(B) আধুনিক শিক্ষাৰে শিক্ষিত হোৱা স্বত্বেও প্রশাসনত অংশ ল’বলৈ অনুমতি দিয়া নাছিল।

(C) এই শ্ৰেণীৰ ব্যক্তিসকলে খাট-পাম তথা কৃষিকৰ্মত শাৰীৰিক শ্ৰম কৰা লগুৱাৰ পৰিৱৰ্তে নিজে কর্ম কৰিবলগীয়া হৈছিল।

(D) অতিৰিক্ত ভূমি ৰাজহৰ বোজা বহন কৰিবলগীয়া হৈছিল।

Answer: C

29. তলত দিয়া দাবী (A) আৰু কাৰক (R) ৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্প বাছি উলিওৱাঃ {Darrang}

দাবী (A): ‘ৰাইজমেল’ অসমৰ কৃষক বিদ্ৰোহসমূহৰ আঁৰৰ এক সাংগঠনিক ভেঁটি।

কাৰণ (R): ৰাইজমেলসমূহে কৃষকৰ মাজত জাগৰণ সৃষ্টি কৰি বিভিন্ন অঞ্চলত ব্ৰিটিছ চৰকাৰক স্থানীয়ভাৱে অচল কৰি দিবলৈ সমর্থ হৈছিল।

(A) A আৰু R দুয়োটাই শুদ্ধ; আৰু R, A ৰ শুদ্ধ ব্যাখ্যা

(B) A আৰু R দুয়োটাই শুদ্ধ কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়

(C) A শুদ্ধ; R অশুদ্ধ

(D) R শুদ্ধ A অশুদ্ধ

Answer: A

30. ফুলগুৰী কোন জিলাত অৱস্থিত? {Dhubri}

(A) দৰং

(B) কামৰূপ

(C) নগাঁও

(D) নলবাৰী

Answer: C

31. ইয়াণ্ডাবু সন্ধি সাক্ষৰিত হৈছিল বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ____ ৰ মাজত। {Dhubri}

(A) মোগল ৰজা

(B) আহোম ৰজা

(C) কছাৰী ৰজা

(D) বাৰ্মা ৰজা

Answer: D

32. উক্তি (A): ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক আৰু অর্থনৈতিক পৰিৱৰ্তন সূচনা কৰিছিল। {Dhubri}

কাৰণ (R): ইংৰাজসকলে প্রবর্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশী প্রীতি আৰু জাতীয়তাবাদী ভাবধাৰাৰে এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল।

(A) A শুদ্ধ R অশুদ্ধ

(B) A অশুদ্ধ R শুদ্ধ

(C) A আৰু R উভয়ে শুদ্ধ R এ A ৰ সঠিক ব্যাখ্যা কৰিছে।

(D) A আৰু R উভয়ে শুদ্ধ, কিন্তু R এ A ৰ সঠিক ব্যাখ্যা কৰা নাই।

Answer: D

33. দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱাঃ- {Goalpara}

দাবী (A): মণিৰাম দেৱানে অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল।

যুক্তি (R): মণিৰাম দেৱান এজন সফল প্রশাসক আছিল।

(A) দাবী (A), যুক্তি (R) দুয়োটাই সঁচা আৰু যুক্তি (R). দাবী (A) ৰ সঠিক ব্যাখ্যা।

(B) দাবী (A), যুক্তি (R) দুয়োটাই সঁচা, কিন্তু যুক্তি (R), দাবী (A) ৰ সঠিক ব্যাখ্যা নহয়।

(C) দাবী (A) সঁচা, কিন্তু যুক্তি (R) মিছা।

(D) দাবী (A) মিছা, কিন্তু যুক্তি (R) সঁচা।

Answer: B

34. ভূমিৰ খাজনাই অসমীয়া মানুহৰ কঁকাল ভাঙিছিল বুলি কোনে মফট মিলছ চাহাবক আবেদন লিখিছিল? {Goalpara}

(A) আনন্দৰাম বৰুৱা

(B) আনন্দৰাম ঢেকিয়াল ফুকন

(C) মণিৰাম দেৱান

(D) গোপীনাথ বৰদলৈ

Answer: B

35. 1857 চনৰ ভাৰতত বিদ্ৰোহৰ বিপ্লৱীসকলে “ভাৰতত ব্ৰিটিছ শাসন চিৰদিনৰ বাবে শেষ কৰিব বিচাৰিছিল”।

তেওঁলোকে এজন নেতাক মোগল সম্রাট হিচাপে স্থান দিব বিচাৰিছিল। তেওঁ কোন আছিল? {Goalpara}

(A) দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰ

(B) নানা চাহেব

(C) গণি খান আব্দুল গাফৰ খান

(D) মংগল পাণ্ডে

Answer: A

36. অসমৰ ‘কোম্পানী আমোল’ বুলিলে কোনখিনি সময়ক বুজোৱা হয়? {Goalpara}

(A) 1816-1826

(B) 1826-1858

(C) 1858-1868

(D) 1868-1878

Answer: B

37. ঊনবিংশ শতিকাৰ অসমৰ প্ৰেক্ষাপটত, নিম্নলিখিত কোনটোৱে ‘ৰাইজমেল’ৰ প্ৰকৃতিক আটাইতকৈ ভালদৰে বৰ্ণনা কৰে? {Hailakandi}

(A) এক পৰম্পৰাগত গণতান্ত্ৰিক গাঁও সভা যি উচ্চ কৰৰ বিৰুদ্ধে সামূহিক প্ৰতিবাদৰ এক মঞ্চ হৈ পৰিছিল

(B) কৃষি কৌশল উন্নত কৰাৰ লক্ষ্যৰে ব্ৰিটিছ-পৃষ্ঠপোষকতা কৰা এখন সমিতি

(C) ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ আহোম ৰজাই নিযুক্ত কৰা এক আনুষ্ঠানিক সামৰিক পৰিষদ

(D) কেৱল সত্ৰ প্ৰতিষ্ঠানৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক ধৰ্মীয় সমাৱেশ

Answer: A

38. মণিৰাম দেৱানক কলিকতাত গ্ৰেপ্তাৰ কৰি বিচাৰৰ বাবে যোৰহাটলৈ ঘূৰাই অনা হৈছিল। পৰৱৰ্তী সময়ত তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰা হয় আৰু ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত আন কোনজন বিশিষ্ট বিদ্ৰোহী নেতাৰ সৈতে ফাঁচী দিয়া হয়? {Hailakandi}

(A) মধু মল্লিক

(B) বাহাদুৰ গাঁওবুঢ়া

(C) কন্দৰ্পেশ্বৰ সিংহ

(D) পিয়লি বৰুৱা

Answer: D

39. অসমত ১৮ ৫৭ চনৰ বিদ্ৰোহৰ সন্দৰ্ভত নিম্নলিখিত বিবৃতিসমূহ বিবেচনা কৰা: {Hailakandi}

i) অসমৰ বিদ্ৰোহ আছিল এক পূৰ্ণাংগ গণ আন্দোলন, যিয়ে মীৰাট আৰু দিল্লীৰ ঘটনাসমূহৰ মাত্ৰা প্ৰতিফলিত কৰিছিল

ii) যোৰহাটৰ পৰা বিদ্ৰোহৰ নেতৃত্ব দিয়া প্ৰধান ব্যক্তি আছিল মণিৰাম দেৱান আৰু পিয়লি বৰুৱা

iii) প্ৰধান অংশগ্ৰহণকাৰী আছিল কেৱল আহোম ৰাজপৰিয়াল আৰু অভিজাত শ্ৰেণী

iv) ১৮৫৭ চনৰ পিছত, ফুলগুৰি ধাৱা (১৮৬১)ৰ দৰে কৃষক বিদ্ৰোহ তাৎপৰ্যপূৰ্ণ হৈ পৰে

(A) I,ii

(B) i, ii,iii

(C) ii,iv

(D) ii, iii,iv

Answer: C

40. কৃষক আন্দোলনত অসমীয়া কৃষকসকলে উত্থাপন কৰা গুৰুত্বপূৰ্ণ দাবীসমূহৰ ভিতৰত কোনটো আছিল? {Jorhat}

i) ভূমিৰ ৰাজহ হ্রাস

ii) জমিদাৰি শোষণ বিলুপ্ত কৰা

iii) ব্ৰিটিছৰ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতা

iv) ভূমিধাৰকৰ অধিকাৰ সুৰক্ষা

(A) i, ii, iv

(B) i, ii, iii

(C) i, iii

(D) ii, iii

Answer: A

41. ১৮৯৪ চনৰ বিদ্ৰোহৰ সময়ত পথৰুঘাটৰ কৃষকসকলে কোনবোৰ কাৰ্য্য গ্রহণ কৰিছিল? {Jorhat}

i) ৰাজহ বৃদ্ধিৰ বিৰোধে শান্তিপূর্ণ প্ৰতিবাদৰ আয়োজন কৰা।

ii) ব্রিটিছৰ বিৰুদ্ধে এটা সশস্ত্র বাহিনী গঠন কৰিছিল।

iii) নতুন ৰাজহ নীতিৰ বিৰোধিতা কৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল।

iv) ব্ৰিটিছ কর্তৃপক্ষৰ ওচৰত আবেদন দাখিল কৰা।

বিকল্প:

(A) i, iii, iv

(B) ii, iii, iv

(C) i, ii

(D) ii, iii

Answer: A

42. ওপৰৰ চিত্ৰখনে তলৰ কোনটো বিদ্ৰোহক বুজাইছে চিনাক্ত কৰা। {Kamrup M}

(A) (চিপাহী বিদ্রোহ)

(B) (পথৰুঘাটৰ বিদ্ৰোহ)

(C) (ৰঙিয়াৰ বিদ্ৰোহ)

(D) (ফুলগুৰি ধাৱা)

Answer: B

43. মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল? {Kamrup R}

(A) মায়াৰাম নাজিৰ

(B) দুটিৰাম বৰুৱা

(C) পিয়লি বৰুৱা

(D) পিয়লি ফুকন

Answer: C

44. তলত দিয়াবোৰ মিলোৱা: {Kamrup R}

A) জয়ন্তীয়া বিদ্ৰোহ

B) উত্তৰ কাছাৰ বিদ্ৰোহ

C) মণিপুৰৰ বিদ্ৰোহ

D) স্বত্ব বিলোপ নীতি

i) উকিয়াং নংবাহ

ii) শম্ভুধন কছাৰী

iii) টিকেন্দ্রজিৎ

iv) লর্ড ওৱেলচলি

Options:

(A) A–i, B–ii, C–iii, D–iv

(B) A–ii, B–iii, C–iv, D–i

(C) A–iii, B–iv, C–i, D–ii

(D) A–iv, B–i, C–ii, D–iii

Answer: A

45. নিম্নলিখিত কোনটো উক্তি শুদ্ধ? {Kamrup R}

(A) ফুলগুৰি ধাৱা হ’ল ব্রিটিছৰ বিৰুদ্ধে কৃষক ৰাইজৰ প্ৰথম বিদ্রোহ

(B) পথৰুঘাটৰ কৃষক বিদ্রোহত বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু আৰু ১৫০ জন আহত হয়।

(C) উকিয়াং নবাক ব্রিটিছ জোৱাইত ফাঁচীকাঠত দিয়ে।

(D) ৰঙিয়াৰ কৃষক বিদ্রোহ হৈছিল ১৮৯৫৩

Answer: D

46. এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল- {Kokrajhar}

(A) ১৭৬২ চনত ।

(B) ১৭৬৫ চনত।

(C) ১৭৬৮চনত।

(D) ১৭৭৩চনত।

Answer: B

47. কেপ্তেইন হলৰইড আছিল এজন- {Kokrajhar}

a) শিৱসাগৰ জিলাৰ মুখ্য বিষয়া।

b) অসমৰ মুখ্য আযুক্ত।

c) ফর্ট উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেল।

d) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

Answer: A

48. মফাট মিলছ আছিল এজন- {Kokrajhar}

(A) অসমৰ মুখ্য আযুক্ত।

(B) ফট উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেল।

(C) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

(D) শিৱসাগৰ জিলাৰ মুখ্য বিষয়া।

Answer: C

49. অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল- {Lakhimpur}

(A) 1840

(B) 1841

(C) 1843

(D)  1845

Answer: C

50. উক্তি (A): 1857 চনৰ বিদ্রোহে অসমত বৃহৎ সামৰিক বিদ্ৰোহৰ সৃষ্টি কৰিছিল। {Lakhimpur}

যুক্তি (R): এই বিদ্রোহে অসমীয়াৰ মাজত ব্রিটিছ বিৰোধী জাগৰণৰ বীজ সঞ্চাৰ কৰিছিল।

(A) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই শুদ্ধ

(B) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই অশুদ্ধ

(C) উক্তি (A) শুদ্ধ, যুক্তি (R) অশুদ্ধ

(D) উক্তি (A) অশুদ্ধ, যুক্তি (R) শুদ্ধ

Answer: D

51. অসমৰ প্ৰথম কৃষক বিদ্রোহটো হ’ল- {Lakhimpur}

(A) লাচিমা কৃষক বিদ্রোহ

(B) পথৰুঘাটৰ কৃষক বিদ্রোহ

(C) জয়ন্তীয়া বিদ্রোহ

(D) ফুলগুৰি ধাৱা

Answer: D

52. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাচি দিয়া হৈছিল- {Lakhimpur}

(A) 1858 চনৰ 26 ফেব্ৰুৱাৰী

(B) 1854 চনৰ 24 অক্টোবৰ

(C) 1861 চনৰ 17 চেপ্তেম্বৰ

(D) 1861 চনৰ 18 অক্টোবৰ

Answer: A

53. দাবী (A): 1857 চনৰ বিদ্ৰোহে বৃটিছ চৰকাৰক অর্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল। {Lakhimpur}

কাৰণ (R): বিদ্রোহ দমনৰ নামত যথেষ্ট অর্থ ব্যয় হৈছিল।

(A) দাবী (A) আৰু কাৰণ (R) দুয়োটাই শুদ্ধ আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) দাবী (A) আৰু কাৰণ (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) দাবী (A) শুদ্ধ, কিন্তু কাৰণ (R) অশুদ্ধ

(D) দাবী (A) অশুদ্ধ, কিন্তু কাৰণ (R) শুদ্ধ।

Answer: A

54. 1861 চনত জয়ন্তীয়া বিদ্রোহৰ নেতৃত্ব দিছিল- {Lakhimpur}

(A) ওকিয়াং নংবাহে

(B) টিকেন্দ্রজিতে

(C) ৰজা ৰাজেন্দ্ৰ সিঙে

(D) সম্বোধন কছাৰী

Answer: A

55. ব্ৰিটিছে টিকট কৰ প্ৰচলন কৰিছিল- {Majuli}

(A) 1870

(B) 1858

(C) 1860

(D) 1854

Answer: B

56. 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল – {Majuli}

(A) টিকেন্দ্রজিতে

(B) শম্ভুধন কছাৰীয়ে

(C) উকিয়াং নংবাই

(D) পিয়লি ফুকনে

Answer: C

57. তলৰ কোনকেইটা উক্তি ফুলগুৰি ধাৱাৰ লগত জড়িত: {Majuli}

i) চৰকাৰে আফুখেতি সম্পূর্ণৰূপে  বন্ধ কৰি দিছিল।

ii) তামোল পানৰ ওপৰত চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল।

iii) সেইসময়ত নগাঁৱৰ উপায়ুক্ত আছিল মেক কেবে

iv) কৃষকসকলে ছিংগাৰক হত্যা কৰিছিল

(A) কেবল (i) শুদ্ধ

(B) কেবল (iii) শুদ্ধ

(C) (i), (ii), (iv)শুদ্ধ

(D) (iii) আৰু (iv) শুদ্ধ

Answer: C

58. কিমান চনত দাস প্রথা বিলোপ কৰা হৈছিল – {Morigaon}

(A) 1843

(B) 1826

(C) 1824

(D) 1841

Answer: A

59. তলৰ কোনকেইটা জয়ন্তীয়া বিদ্ৰোহৰ তথ্য শুদ্ধ- {Morigaon}

i. জয়ন্তীয়া সকলে নিজৰ ভূমি হেৰুৱাইছিল।

ii. দলৈসকল ইংৰাজ প্ৰশাসনৰ পৰা স্বাধীন আছিল।

iii. ইংৰাজে সামূহিক মাছ ধৰা বন্ধ কৰিছিল।

iv. দলৈসকলে জয়ন্তীয়া বিদ্ৰোহত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

(A) i, ii, iii শুদ্ধ

(B) i, iii, iv শুদ্ধ

(C) ii, iii, iv শুদ্ধ

(D) i, ii, iii, iv শুদ্ধ

Answer: B

60. 1857 চনৰ বিদ্ৰোহত ইংৰাজৰ বিৰূদ্ধাচৰণ কৰাৰ বাবে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? {Morigaon}

(A) পিয়লি ফুকন

(B) পিয়লি বৰুৱা

(C) দুতিৰাম বৰুৱা

(D) কুশল কোঁৱৰ

Answer: B

61. দাবী (A): ১৮৫১ চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিল যে মাক-দেউতাকে পৰিয়ালৰ গহণা-গাঠৰিৰ উপৰি নিজৰ ল’ৰা-ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। {Nagaon}

যুক্তি (R): সেই সময়ত কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল।

(A) (A) সত্য কিন্তু (R) অসত্য।

(B) (A) অসত্য কিন্তু (R) সত্য।

(C) (A) আৰু (R) দুয়োটাই সত্য কিন্তু (R) টো (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(D) (A) আৰু (R) দুয়োটাই সত্য আৰু (R) টো (A) ব শুদ্ধ ব্যাখ্যা।

Answer: C

62. মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হৈছিল- {Nagaon}

(A) (১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী)

(B) (১৮৪৬ চনৰ ২৪ ফেব্ৰুৱাৰী)

(C) (১৮৬২ চনৰ ২৬ ফেব্ৰুৱাৰী)

(D) (১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী)

Answer: A

63. কেতিয়া জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়? {Nagaon}

(A) ১৮২০

(B) ১৮২৫

(C) ১৮৩০

(D) ১৮৩৫

Answer: D

64. অসমীয়া কৃষকৰ পৰা ভূমি ৰাজহ বৃদ্ধি নিৰ্দ্ধাৰণৰ বিৰুদ্ধে মফট মিলছ চাহাবক কোনে আর্জিত লিখিছিল- {Nalbari}

(A) মণিৰাম দেৱান

(B) আনন্দৰাম ঢেকিয়াল ফুকন

(C) আনন্দৰাম বৰুৱা

(D) পিয়লি ফুকন

Answer: B

65. (A) আৰু (R) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ উত্তৰটো বাছি উলিওৱা- {Nalbari}

উক্তি (A) : ১৮৫৭ চনৰ বিদ্রোহ অসমত ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

যুক্তি (R) : বিদ্রোহীসকলে তেওঁলোকৰ কাৰ্যপন্থা গোপনে বখাত ব্যর্থ হৈছিল।

(A) (A) টো শুদ্ধ, (R) টো অশুদ্ধ।

(B) (A) টো অশুদ্ধ, (R) টো শুদ্ধ।

(C) (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) টো (A) ৰ শুদ্ধ বর্ণনা হয়।

(D) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R) টো (A) ৰ শুদ্ধ বর্ণনা নহয়।

Answer: C

66. তলত দিয়া ঐতিহাসিক ঘটনাবোৰৰ কোনটো শুদ্ধ উর্দ্ধক্রমত সজোৱা হৈছে- {Nalbari}

(A) মণিপুৰ বিদ্রোহ জয়ন্তীয়া বিদ্রোহ ৰঙিয়াৰ বিদ্ৰোহ নগা জনগোষ্ঠীৰ বিদ্রোহ

(B) জয়ন্তীয়া বিদ্রোহ→ নগা জনগোষ্ঠীৰ বিদ্ৰোহ →মণিপুৰ বিদ্রোহ →ৰঙিয়াৰ বিদ্ৰোহ

(C) নগা জনগোষ্ঠীৰ বিদ্ৰোহ →মণিপুৰ বিদ্রোহ →ৰঙিয়াৰ বিদ্রোহ→ জয়ন্তীয়া বিদ্রোহ

(D) জয়ন্তীয়া বিদ্রোহ →ৰঙিয়াৰ বিদ্রোহ→ নগা জনগোষ্ঠীৰ বিদ্রোহ→ মণিপুৰ বিদ্ৰোহ

Answer: B

67. উক্তি (A): ফুলগুৰি ধাৱা সফল শান্তিপূর্ণ প্ৰতিবাদৰ এটা প্রধান উদাহৰণ নহয়। {Sibsagar}

কাৰণ (R) : ঘটনাটোত অহিংস প্রতিবাদৰ সলনি হিংসাত্মক কার্য জড়িত আছিল।

(A) (A আৰু R উভয়ে শুদ্ধ আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা)

(B) (A আৰু R উভয়ে শুদ্ধ কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়)

(C) (A শুদ্ধ R অশুদ্ধ)

(D) (A অশুদ্ধ R শুদ্ধ)

Answer: A

68. কোনে ম’ফট মিলক আর্জি লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল? {Sibsagar}

(A) মনিৰাম দেৱান

(B) গোমধৰ কোঁৱৰ

(C) আনন্দৰাম ঢেকিয়াল ফুকন

(D) পিয়লি ফুকন

Answer: C

69. তলত দিয়া ঐতিহাসিক পৰিঘটনাসমূহৰ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা আৰু সঠিক ক্ৰমৰ বিকল্প বাছি উলিওৱা। {Sibsagar}

(A) জয়ন্তীয়া বিদ্রোহ – উত্তৰ কাছাৰ বিদ্ৰোহ – ৰঙিয়াৰ কৃষক বিদ্রোহ – লাচিমাৰ কৃষক বিদ্রোহ

(B) জয়ন্তীয়া বিদ্রোহ – ৰঙিয়াৰ কৃষক বিদ্রোহ – লাচিমাৰ কৃষক বিদ্রোহ – উত্তৰ কাছাৰ বিদ্ৰোহ

(C) উত্তৰ কাছাৰ বিদ্ৰোহ – জয়ন্তীয়া বিদ্রোহ – ৰঙিয়াৰ কৃষক বিদ্রোহ – লাচিমাৰ কৃষক বিদ্রোহ

(D) লাচিমাৰ কৃষক বিদ্রোহ – ৰঙিয়াৰ কৃষক বিদ্রোহ- জয়ন্তীয়া বিদ্রোহ – উত্তৰ কাছাৰ বিদ্ৰোহ

Answer: A

70. ফুলগুৰি ধাৱা বিদ্রোহত ৰাইজৰ হাতত নিহত ইংৰাজ বিষয়া জন কোন আছিল? {Sonitpur}

(A) লেফটেন্যান্ট ছিংগাৰ

(B) মেক কেবে

(C) জে.ডি. এণ্ডাৰছন

(D) হার্বার্ট স্কট

Answer: A

71. যদি মনিৰাম দেৱান তেওঁৰ পৰিকল্পনাত সফল হ’লহেঁতেন, তেন্তে অসমৰ বাবে আটাইতকৈ সম্ভাব্য পৰিণতি কি হ’লহেঁতেন? {Sonitpur}

(A) মোগল সাম্রাজ্যৰ প্ৰত্যক্ষ শাসন

(B) ভাৰতীয় শাসকৰ সৈতে আহোম ৰাজত্বৰ পুণৰ প্ৰতিষ্ঠা

(C) ভাৰতৰ পৰা সম্পূর্ণ স্বাধীনতা

(D) ফ্ৰান্সৰ উপনিবেশ

Answer: B

72. তলৰ কৃষক বিদ্ৰোহৰ ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা – {Sonitpur}

(A) লচিমা – ফুলগুৰি ধাৱা – ৰঙিয়া – পথৰুঘাট

(B) পথৰুঘাটৰঙিয়া – ফুলগুৰি ধাৱা – লচিমা

(C) ফুলগুৰি ধাৱা – ৰঙিয়া – পথৰুঘাট – লচিমা

(D) ফুলগুৰি ধাৱা – ৰঙিয়া – লচিমা – পথৰুঘাট

Answer: D

73. সংঘটিত হওয়া ঐতিহাসিক ঘটনাগুলো ক্রম অনুসারে সাজাও। {Sribhumi}

a) ফুলগুরি ধাওয়া

b) রঙিয়ার কৃষক বিদ্রোহ

c) লাচিমা কৃষক বিদ্রোহ

d) পথরুঘাট কৃষক বিদ্রোহ

(A) a, b, c, d

(B) b, c, a, d

(C) a, b, d, c

(D) b, d, a, c

Answer: A

74. উক্তি (A): ফুলগুড়ি ধাওয়া ব্রিটিশ শাসনকালে সংগঠিত হওয়া অসমের প্রথম কৃষক বিদ্রোহ ছিল। {Sribhumi}

যুক্তি (R): পান-সুপুরির উপর কর আরোপের প্রতিক্রিয়া হিসাবে বিদ্রোহ শুরু হয়েছিল।

(A) A এবং R উভয়েই সত্য এবং R হল A এর সঠিক ব্যাখ্যা।

(B) A এবং R উভয়েই সত্য কিন্তু R হল A এর ভুল ব্যাখ্যা।

(C) A সত্য কিন্তু R মিথ্যা।

(D) A অসত্য কিন্তু R সত্য।

Answer: A

75. “লাখেরাজ ভূমি” বলতে বোঝায় {Sribhumi}

(A) বাণিজ্যিক ভূমি

(B) বনভূমি

(C) করমুক্ত ভূমি

(D) চারণ ভূমি

Answer: C

76. জয়ন্তিয়া বিদ্রোহের নেতা কে ছিলেন? {Sribhumi}

(A) উকিয়াং নংবাহ।

(B) টিকেন্দ্রজিত।

(C) লাচিত বরফুকন।

(D) পুরন্দর সিংহ।

Answer: A

77. বছরের সাথে ঘটনাগুলি মেলাও এবং সঠিক উত্তরটি নির্ণয় করো। {Sribhumi}

a) ১৮৪৩

b) ১৮৫৭

c) ১৮৬১

d) ১৮৯৪

ঘটনা প্রবাহ

i) (সিপাহী বিদ্ৰোহত অসমৰ প্রতিক্রিয়া)

ii) (পথৰুঘাট কৃষক বিদ্ৰোহ)

iii) (দাসপ্রথাৰ বিলোপ)

iv) (ফুলগুৰি কৃষক বিদ্ৰোহ)

(A) a-iii, b-i, c-ii, d-iv

(B) a-iv, b-iii, c-ii, d-i

(C) a-iii, b-iv, c-i, d-ii

(D) a-iii, b-i, c-iv, d-ii

Answer: D

78. ব্রিটিছে অসমত দাস প্রথা বিলুপ্ত কৰাৰ অন্তর্নিহিত কাৰণ-{Salmara}

(A) অসমীয়া দাস সকলৰ জীৱন বৰ কষ্টকৰ আছিল।

(B) নতুন খোলা চাহ বাগিছাবোৰত বনুৱাৰ অভাৱ দূৰ কৰিব বিচাৰিছিল ।

(C) অসমীয়া অভিজাত শ্ৰেণীৰ মানুহবোৰ আৰামপ্রিয় আছিল।

(D) ব্রিটিছ সকলে দাস সকলক স্বাধীনতা প্রদান কৰিছিল।

Answer: B

79. কোম্পানিৰ আমোল বুলিলে____পৰা____সময়ছোৱাক বুজোৱা হয়। {Salmara}

(A) ১২২৮ পৰা ১৮২৬

(B) ১৭৫৭ পৰা ১৮৫৭

(C) ১৮২৬পৰা ১৮৫৮

(D) ১৭৫৭ পৰা ১৯৪৭

Answer: C

80. ৰাইজ মেল সমূহ আহোম শাসনৰ দিনৰেপৰা ব্ৰিটিছ শাসনলৈকে অসমীয়া গ্রাম্য জনজীৱনৰ লগত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ওতঃপ্রোত ভাবে জড়িত আছিল।

ওপৰৰ বাক্যখিনিৰ পৰা তলৰ শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ {Salmara}

i. অসমত ঊনবিংশ শতিকাত সংগঠিত হোৱা কৃষক বিদ্রোহ সমূহৰ নেতৃত্ব প্রদান কৰিছিল ৰাইজ মেল সমূহে।

ii. ৰাইজ মেল সমূহ আধুনিক ধৰণৰ ৰাজনৈতিক সংগঠন আছিল ।

iii. কৃষক তথা সৰ্বসাধাৰণক ৰাজনৈতিক ভাৱে সচতেন কৰি তুলিবলৈ এই ৰাইজ মেল সমূহে আহোপুৰুষাৰ্থ কৰিছিল।

(A) i, iii,

(B) i, ii,

(C) ii, iii,

(D) i, ii, iii,

Answer: A

81.তলত দিয়া বোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ{Salmara}

i. নাগা জনগোষ্ঠীৰ বিদ্ৰোহ

ii. জয়ন্তীয়া বিদ্রোহ

iii. মণিপুৰৰ বিদ্ৰোহ

iv. উত্তৰ কাছাৰ বিদ্ৰোহ

(a) ডামান্ট

(b) শম্ভুধন

(c) উকিয়াং নবাহ

(d) টিকেন্দ্রজিত

(A) i-a, ii-d, iii-c, iv-b

(B) i-d, ii-c, iii-a, iv-b

(C) i-a, ii-c, iii-d, iv-b

(D) i-a, ii-c, iii-b, iv-d

Answer: C

82. বৃটিছৰ বিৰুদ্ধে মণিপুৰত কিয় বিদ্রোহ আৰম্ভ হৈছিল- {Tamulpur}

(A) বৃটিছৰ ৰাজনৈতিক নিয়ন্ত্রণ

(B) অসমৰ চীফ কমিছনাৰৰ অনাহকত হস্তক্ষেপ

(C) অত্যাধিক কৰৰ বোজা

(D) বৃটিছৰ অধীনত জয়ন্তীয়া পাহাৰ চামিল।

Answer: B

83. কোনজন ব্যক্তি কোন পৰিঘটনাৰ লগত জড়িত- {Tamulpur}

A. মাধৱ চন্দ্ৰ বৰদলৈ

B. আকলু শ্বেখ

C. জি ডি শ্বাবাবছ

D. ডামান্ট

(a) পথৰুঘাটৰ কৃষক বিদ্রোহ

(b) লাচিমাৰ কৃষক বিদ্রোহ

(c) নগা জনগোষ্ঠীৰ বিদ্ৰোহ

(d) জয়ন্তীয়া বিদ্রোহ

(A) A(b), B(a), C(d), D(c)

(B) A(b), B(a), D(d), C(c)

(C) A(a), B(b), C(d), D(c)

(D) A(d), B(a), C(b), D(c)

Answer: A

84. 1857 চনৰ ভাৰতত হোৱা চিপাহী বিদ্রোহত অগ্রণী ভূমিকা লোৱা ব্যক্তি সকলে বৃটিছ শাসন চিৰদিনৰ বাবে বিদায় দিব বিচাৰিছিল আৰু তেওঁলোকে বৃটিছ শাসনৰ পৰিবৰ্ত্তে পুনৰ মোগল সাম্রাজ্য প্রতিষ্ঠা কৰি এজন ব্যক্তিক সম্রাট পাতিব বিচাৰিছিল। {Tamulpur}

এই ব্যক্তিজন কোন-

(A) তাতিয়া টোপে

(B) দ্বিতীয় বাহাদুৰ শ্বাহ

(C) নানা চাহেব

(D) খান আব্দুল গফুব খান

Answer: B

85. “বশ্যতামূলক মিত্রতা নীতি” কোনে প্রৱৰ্তন কৰিছিল? {Udalguri}

(A) লর্ড ওৱেলেচলি

(B) লর্ড ডেলহাউচী

(C) লর্ড কার্জন

(D) লর্ড মিন্টো

Answer: a

86. ফুলগুৰি কৃষক বিদ্রোহত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্রদান কৰে। {Udalguri}

“লালুং” সকল কোন জনগোষ্ঠীৰ লোক?

(A) তিৱা

(B) ডিমাছা কছাৰী

(C) মণিপুৰী

(D) বড়ো

Answer: A

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. ব্ৰিটিছে অসমত দাস প্ৰথা চৰকাৰীভাৱে কেতিয়া নিষিদ্ধ কৰিছিল?

(A) ১৮২৬ চনত

(B) ১৮৪৩ চনত

(C) ১৮৫৮ চনত

(D) ১৮৬১ চনত

Answer: B

2. অসমত ১৮৫৭ চনৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

(A) পিয়লি ফুকন

(B) গোমধৰ কোঁৱৰ

(C) মণিৰাম দেৱান

(D) কুশল কোঁৱৰ

Answer: C

3. মণিৰাম দেৱানৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ব্ৰিটিছে আন কাক ফাঁচী দিছিল?

(A) দুতিৰাম বৰুৱা

(B) পিয়লি বৰুৱা

(C) বাহাদুৰ গাঁওবুঢ়া

(D) মধু মল্লিক

Answer: B

4. ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমৰ প্ৰথমটো জনপ্ৰিয় কৃষক বিদ্ৰোহ কোনটো আছিল?

(A) ৰঙিয়াৰ বিদ্ৰোহ

(B) লাচিমাৰ বিদ্ৰোহ

(C) পথৰুঘাটৰ বিদ্ৰোহ

(D) ফুলগুৰি ধাৱা

Answer: D

5. ১৮৬১ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

(A) টিকেন্দ্ৰজিৎ

(B) শম্ভুধন কছাৰী

(C) উকীয়াং নবা

(D) ৰাজেন্দ্ৰ সিংহ

Answer: C

6. ফুলগুৰি ধাৱাৰ সময়ত উত্তেজিত কৃষকৰ হাতত নিহত হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল?

(A) জে. ডি. এণ্ডাৰচন

(B) লেফটেনেণ্ট ছিংগাৰ

(C) জে. আৰ. মেককেবে

(D) কেপ্টেইন হলৰয়ড

Answer: B

7. পথৰুঘাটৰ কৃষক বিদ্ৰোহ অসমৰ কোনখন জিলাত সংঘটিত হৈছিল?

(A) কামৰূপ

(B) নগাঁও

(C) দৰং

(D) শিৱসাগৰ

Answer: C

8. অসমীয়া কৃষকৰ ওপৰত অত্যধিক ভূমি ৰাজহ নিৰ্ধাৰণৰ বিৰুদ্ধে এ. জে. মফট মিলছ চাহাবক কোনে আৱেদন লিখিছিল?

(A) আনন্দৰাম ঢেকিয়াল ফুকন

(B) মণিৰাম দেৱান

(C) হালিৰাম ঢেকিয়াল ফুকন

(D) হেমচন্দ্ৰ বৰুৱা

Answer: A

9. ১৮৮১ চনত উত্তৰ কাছাৰৰ (ডিমাচা) বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

(A) টিকেন্দ্ৰজিৎ

(B) উকীয়াং নবা

(C) শম্ভুধন কছাৰী

(D) তুলাৰাম সেনাপতি

Answer: C

10. ১৮৫৭ চনৰ বিদ্ৰোহীসকলে অসমৰ সিংহাসনত বহুৱাব বিচৰা আহোম কোঁৱৰজন কোন আছিল?

(A) পুৰন্দৰ সিংহ

(B) যোগেশ্বৰ সিংহ

(C) গোমধৰ কোঁৱৰ

(D) কন্দৰ্পেশ্বৰ সিংহ

Answer: D

11. যোৰহাটত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কোন তাৰিখে ফাঁচী দিয়া হৈছিল?

(A) ২৬ ফেব্ৰুৱাৰী ১৮৫৮

(B) ২৪ অক্টোবৰ ১৮৫৭

(C) ১৮ অক্টোবৰ ১৮৬১

(D) ১৫ আগষ্ট ১৮৫৮

Answer: A

12. ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

(A) ১৮৬১ চনত

(B) ১৮৯৩ চনত

(C) ১৮৯৪ চনত

(D) ১৮৮১ চনত

Answer: B

13. পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল?

(A) জে. ডি. এণ্ডাৰচন

(B) হাৰ্বাৰ্ট স্কন্স

(C) জে. আৰ. মেককেবে

(D) কেপ্টেইন ৱেলছ

Answer: A

14. অসমৰ কৃষক বিদ্ৰোহসমূহৰ সময়ত কৃষকসকলক একত্ৰিত কৰা আৰু নেতৃত্ব প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অনুষ্ঠানটো কি আছিল?

(A) ৰায়ত সভা

(B) সাৰ্বজনিক সভা

(C) ৰাইজমেল

(D) আছাম এছ’চিয়েশ্যন

Answer: C

15. অসমত ব্ৰিটিছে দাস প্ৰথা বিলুপ্ত কৰাৰ প্ৰধান কাৰণ কি আছিল?

(A) দাসসকলক মৌলিক অধিকাৰ প্ৰদান কৰা

(B) নতুনকৈ স্থাপন হোৱা চাহ বাগিচাসমূহৰ বাবে সস্তীয়া বনুৱা লাভ কৰা

(C) আহোম অভিজাত শ্ৰেণীক ধ্বংস কৰা

(D) ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাবী পূৰণ কৰা

Answer: B

16. ব্ৰিটিছৰ কৰ্তৃত্বক বাধা দিয়াৰ অপৰাধত মণিপুৰৰ কোনগৰাকী বিশিষ্ট নেতাক ফাঁচী দিয়া হৈছিল?

(A) কুলচন্দ্ৰ

(B) গম্ভীৰ সিংহ

(C) টিকেন্দ্ৰজিৎ

(D) চন্দ্ৰকীৰ্তি

Answer: C

17. তলৰ কোনটো ব্ৰিটিছ নীতিয়ে অসমৰ পৰম্পৰাগত কুটীৰ শিল্পসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল?

(A) মুদ্ৰা অৰ্থনীতিৰ প্ৰৱৰ্তন

(B) সস্তীয়া যন্ত্ৰ-নিৰ্মিত বিদেশী সামগ্ৰীৰ আমদানি

(C) ডাক টিকটৰ প্ৰচলন

(D) পাইক প্ৰথাৰ অৱসান

Answer: B

18. ১৮৫৭ চনৰ বিদ্ৰোহত জড়িত থকাৰ অপৰাধত কোনগৰাকী আহোম নেতাক আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল?

(A) দুতিৰাম বৰুৱা

(B) ফৰমুদ আলী

(C) কন্দৰ্পেশ্বৰ সিংহ

(D) বাহাদুৰ গাঁওবুঢ়া

Answer: C

19. লাচিমাৰ কৃষক বিদ্ৰোহ বৰ্তমানৰ কোনখন জিলাত সংঘটিত হৈছিল?

(A) কামৰূপ

(B) বৰপেটা

(C) নলবাৰী

(D) দৰং

Answer: B

20. কোম্পানীৰ আমোলত প্ৰৱৰ্তন কৰা কোনটো কৰে পাহাৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল?

(A) আয়কৰ

(B) গৰু-ম’হৰ চৰণীয়া কৰ

(C) ঘৰ-কৰ

(D) ডাক টিকট কৰ

Answer: C

21. অসমত ১৮৫৭ চনৰ বিদ্ৰোহ আৰম্ভ হোৱাৰ সময়ত মণিৰাম দেৱান ক’ত আছিল?

(A) যোৰহাট

(B) শিৱসাগৰ

(C) দিল্লী

(D) কলিকতা

Answer: D

22. অসমত ১৮৫৭ চনৰ বিদ্ৰোহীসকলৰ গোপন পৰিকল্পনা ব্ৰিটিছ কৰ্তৃপক্ষই কেনেকৈ আৱিষ্কাৰ কৰিছিল?

(A) মণিৰাম দেৱানে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল

(B) কন্দৰ্পেশ্বৰ সিংহই পৰিকল্পনাটো ফাদিল কৰিছিল

(C) মণিৰাম দেৱানে লিখা চিঠি ব্ৰিটিছ পুলিচৰ হাতত পৰিছিল

(D) চিপাহীসকলে যুদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছিল

Answer: C

23. ফুলগুৰি ধাৱাৰ তাৎক্ষণিক কাৰণ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা কিহৰ খেতি বন্ধ কৰাটো আছিল?

(A) চাহ

(B) নীল

(C) কানি (আফু)

(D) কপাহ

Answer: C

24. ১৮৯৩-৯৪ চনৰ কৃষক বিদ্ৰোহৰ সময়ত অসমৰ চীফ কমিছনাৰ (মুখ্য আয়ুক্ত) কোন আছিল?

(A) ছাৰ উইলিয়াম ৱাৰ্ড

(B) হেনৰী হপকিনছন

(C) ডেভিদ স্কট

(D) থমাছ কেম্পবেল

Answer: A

25. ‘পথৰুঘাটৰ ৰণ’ক ভাৰতীয় ইতিহাসৰ কোনটো শোকাৱহ ঘটনাৰ লগত প্ৰায়ে তুলনা কৰা হয়?

(A) চৌৰীচৌৰাৰ ঘটনা

(B) জালিৱানৱালাবাগৰ হত্যাকাণ্ড

(C) কাকোৰী ষড়যন্ত্ৰ

(D) অন্ধকূপ হত্যা

Answer: B

26. তলৰ কৃষক বিদ্ৰোহসমূহ পুৰণিৰ পৰা নতুনলৈ ক্ৰমানুসাৰে সজোৱা:

(i) লাচিমাৰ বিদ্ৰোহ

(ii) ফুলগুৰি ধাৱা

(iii) পথৰুঘাটৰ বিদ্ৰোহ

(iv) ৰঙিয়াৰ বিদ্ৰোহ

(A) (ii) → (iv) → (i) → (iii)

(B) (ii) → (iv) → (iii) → (i)

(C) (iv) → (ii) → (i) → (iii)

(D) (i) → (ii) → (iii) → (iv)

Answer: A

27. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

ক অংশ:

(a) টিকেন্দ্ৰজিৎ

(b) উকীয়াং নবা

(c) শম্ভুধন কছাৰী

খ অংশ:

(i) জয়ন্তীয়া বিদ্ৰোহ

(ii) উত্তৰ কাছাৰ বিদ্ৰোহ

(iii) মণিপুৰৰ বিদ্ৰোহ

(A) (a)-iii, (b)-ii, (c)-i

(B) (a)-ii, (b)-i, (c)-iii

(C) (a)-iii, (b)-i, (c)-ii

(D) (a)-i, (b)-iii, (c)-ii

Answer: C

28. অসমত ১৮৫৭ চনৰ বিদ্ৰোহ বিফল হোৱাৰ কাৰণ হিচাপে তলৰ কোনটো প্ৰযোজ্য নহয়?

(A) বিদ্ৰোহীৰ সংখ্যা অতি তাকৰীয়া আছিল

(B) বিদ্ৰোহীসকলে পৰিকল্পনাৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাছিল

(C) অসমীয়া অভিজাত শ্ৰেণীয়ে ব্ৰিটিছ শক্তিক পূৰ্ণ সমৰ্থন দিছিল

(D) বিদ্ৰোহীসকলৰ হাতত পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ নাছিল

Answer: C

29. ‘ৰাইজমেল’ সম্পৰ্কে তলৰ উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

(i) ই গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ এক সামাজিক-ৰাজনৈতিক অনুষ্ঠান আছিল

(ii) ই ব্ৰিটিছৰ কৰ-কাটলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ এক মঞ্চ হিচাপে কাম কৰিছিল

(iii) ৰাজহ সংগ্ৰহৰ বাবে ব্ৰিটিছে ৰাইজমেল গঠনত উৎসাহিত কৰিছিল

(A) কেৱল (i) আৰু (ii) শুদ্ধ

(B) কেৱল (ii) আৰু (iii) শুদ্ধ

(C) কেৱল (i) আৰু (iii) শুদ্ধ

(D) (i), (ii) আৰু (iii) আটাইকেইটা শুদ্ধ

Answer: A

30. অসমৰ অভিজাত শ্ৰেণীয়ে ১৮৫৭ চনৰ বিদ্ৰোহক কিয় বিশেষভাৱে সমৰ্থন কৰিছিল?

(A) তেওঁলোকে অসমত গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব বিচাৰিছিল

(B) তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিব বিচাৰিছিল

(C) ব্ৰিটিছ শাসনত তেওঁলোকে পূৰ্বৰ প্ৰশাসনিক পদৱী, মৰ্যাদা আৰু নিষ্কৰ (লাখেৰাজ) ভূমি হেৰুৱাইছিল

(D) তেওঁলোকক চাহ বাগিচাত বনুৱা হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল

Answer: C

31. তলত দিয়া ব্ৰিটিছ বিষয়াসকলৰ সৈতে জড়িত ঘটনাসমূহ মিলোৱা:

(a) লেফটেনেণ্ট ছিংগাৰ

(b) জে. আৰ. মেককেবে

(c) জে. ডি. এণ্ডাৰচন

(i) ৰঙিয়াৰ বিদ্ৰোহ

(ii) পথৰুঘাটৰ বিদ্ৰোহ

(iii) ফুলগুৰি ধাৱা

(A) (a)-iii, (b)-ii, (c)-i

(B) (a)-iii, (b)-i, (c)-ii

(C) (a)-i, (b)-iii, (c)-ii

(D) (a)-ii, (b)-i, (c)-iii

Answer: B

32. ব্ৰিটিছৰ দ্বাৰা ‘মুদ্ৰা অৰ্থনীতি’ৰ প্ৰৱৰ্তনে অসমত কি আটাইতকৈ ভয়ংকৰ প্ৰভাৱ পেলাইছিল?

(A) ই কৃষকসকলক চহকী আৰু আত্মনিৰ্ভৰশীল কৰিছিল

(B) নগদ ধনেৰে কৰ দিবলৈ কৃষকসকলে মাৰোৱাৰী মহাজনৰ পৰা চৰা সুতত ঋণ ল’বলৈ বাধ্য হৈছিল

(C) ই অসমৰ দ্ৰুত ঔদ্যোগিকীকৰণত সহায় কৰিছিল

(D) ই কোনো কষ্ট নোহোৱাকৈ বিনিময় প্ৰথাৰ অৱসান ঘটাইছিল

Answer: B

33. অসমত ব্ৰিটিছ শাসনকালত তলৰ কোনটো ঘটনা প্ৰথমে সংঘটিত হৈছিল?

(A) ফুলগুৰি ধাৱা

(B) উকীয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া বিদ্ৰোহ

(C) মণিৰাম দেৱানৰ ফাঁচী

(D) দাস প্ৰথাৰ বিলুপ্তি

Answer: D

34. উত্তৰ কাছাৰৰ বিদ্ৰোহ সম্পৰ্কে তলৰ কোনটো উক্তি সত্য?

(A) ইয়াৰ নেতৃত্ব দিছিল আহোম অভিজাত শ্ৰেণীয়ে

(B) ই প্ৰধানকৈ কানিৰ ওপৰত লগোৱা নিষেধাজ্ঞা বিৰোধী প্ৰতিবাদ আছিল

(C) ই শম্ভুধন কছাৰীৰ নেতৃত্বত কছাৰীসকলৰ আধিপত্য প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে হোৱা এক সশস্ত্ৰ বিদ্ৰোহ আছিল

(D) ই ব্ৰিটিছক সেই অঞ্চলৰ পৰা স্থায়ীভাৱে খেদি পঠোৱাত সফল হৈছিল

Answer: C

35. ফুলগুৰি ধাৱাৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে কিহৰ ওপৰত কৰ লগাব বুলি ওলোৱা গুজৱে কৃষকসকলক আটাইতকৈ বেছি ক্ষুব্ধ কৰি তুলিছিল?

(A) চাহ আৰু কফি

(B) তামোল-পাণ

(C) ধান আৰু ঘেঁহু

(D) পাট আৰু মুগা

Answer: B

36. অসমত ১৮৫৭ চনৰ বিদ্ৰোহ সম্পৰ্কে শুদ্ধ উক্তিটো বাছি উলিওৱা:

(A) ই এক বৃহৎ সশস্ত্ৰ সংঘৰ্ষ আছিল য’ত হাজাৰ হাজাৰ ব্ৰিটিছ সৈন্যৰ মৃত্যু হৈছিল

(B) ই প্ৰধানকৈ অভিজাত শ্ৰেণীৰ দ্বাৰা ৰচিত এক ষড়যন্ত্ৰ আছিল যি সশস্ত্ৰ সংগ্ৰামৰ ৰূপ পোৱাৰ আগতেই দমন কৰা হৈছিল

(C) ইয়াক নৱ-শিক্ষিত অসমীয়া মধ্যবিত্ত যুৱকসকলে পূৰ্ণ সমৰ্থন দিছিল

(D) ইয়াৰ ফলত কন্দৰ্পেশ্বৰ সিংহক অসমৰ ৰজা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল

Answer: B

37. ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত হোৱা কৃষক বিদ্ৰোহসমূহৰ প্ৰতি ব্ৰিটিছ চৰকাৰৰ তাৎক্ষণিক সঁহাৰি কি আছিল?

(A) তেওঁলোকে কৃষকসকলক শান্ত কৰিবলৈ সকলো কৰ লগে লগে বাতিল কৰিছিল

(B) তেওঁলোকে ৰাইজমেলৰ নেতাসকলক শান্তিপূৰ্ণ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল

(C) তেওঁলোকে বিদ্ৰোহ দমন কৰিবলৈ লাঠি চালনা আৰু গুলীচালনাসহ নিৰ্মম সামৰিক শক্তি প্ৰয়োগ কৰিছিল

(D) তেওঁলোকে প্ৰভাৱিত জিলাসমূহক স্বায়ত্ত্বশাসন প্ৰদান কৰিছিল

Answer: C

38. তলৰ উক্তিসমূহ বিবেচনা কৰা:

উক্তি ১: ব্ৰিটিছে অসম দখল কৰাৰ ফলত থলুৱা শিল্পীসকলৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈছিল।

উক্তি ২: ব্ৰিটিছে আমদানি কৰা সস্তীয়া যন্ত্ৰ-নিৰ্মিত সামগ্ৰীয়ে থলুৱা কুটীৰ শিল্পৰ পতন ঘটাইছিল।

(A) উক্তি ১ শুদ্ধ, উক্তি ২ অশুদ্ধ

(B) উক্তি ১ অশুদ্ধ, উক্তি ২ শুদ্ধ

(C) দুয়োটা উক্তি শুদ্ধ

(D) দুয়োটা উক্তি অশুদ্ধ

Answer: B

39. “স্বত্ব বিলোপ নীতি” (Doctrine of Lapse) প্ৰৱৰ্তন কৰি দেশীয় ৰাজ্যসমূহ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ নীতি কোনে প্ৰস্তুত কৰিছিল?

(A) লৰ্ড ৱেলেছলী

(B) লৰ্ড ডেলহাউচী

(C) লৰ্ড কাৰ্জন

(D) লৰ্ড কেনিং

Answer: B

40. ১৮৯৩-৯৪ চনৰ কৃষক বিদ্ৰোহসমূহৰ পূৰ্বে অসমৰ আৰ্থ-সামাজিক অৱস্থাক তলৰ কোনটোৱে আটাইতকৈ ভালদৰে বৰ্ণনা কৰে?

(A) উচ্চ কৃষি উৎপাদন আৰু সমৃদ্ধিৰ সময়

(B) কৰ হ্ৰাস আৰু চৰকাৰী সাহায্যৰ সময়

(C) ব্ৰিটিছৰ দ্বাৰা ১০০ শতাংশ ভূমি ৰাজহ বৃদ্ধিৰ ফলত সৃষ্টি হোৱা তীব্ৰ কৃষি সংকটৰ সময়

(D) কৃষিকাৰ্য সম্পূৰ্ণৰূপে চাহ খেতিৰে সলনি হোৱা সময়

Answer: C

41. দাবী (A): অসমত ১৮৫৭ চনৰ বিদ্ৰোহ বিফলতাত পৰ্যবসিত হৈছিল।

কাৰণ (R): বিদ্ৰোহী নেতাসকলে তেওঁলোকৰ পৰিকল্পনাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল আৰু তেওঁলোকৰ চিঠি ব্ৰিটিছৰ হাতত পৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

42. দাবী (A): ব্ৰিটিছৰ দ্বাৰা মুদ্ৰা অৰ্থনীতিৰ প্ৰৱৰ্তনে অসমীয়া কৃষকসকলক চৰম দৰিদ্ৰতাত পেলাইছিল।

কাৰণ (R): কৃষকসকলে নগদ ধনেৰে কৰ দিবলৈ বজাৰত তেওঁলোকৰ অতিৰিক্ত কৃষি সামগ্ৰী অতি সহজেই বিক্ৰী কৰিব পাৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

43. দাবী (A): অসমৰ কৃষক বিদ্ৰোহসমূহত ৰাইজমেলসমূহে এক শক্তিশালী সাংগঠনিক ভেটি হিচাপে কাম কৰিছিল।

কাৰণ (R): ৰাইজমেলসমূহে গাঁৱৰ ৰাইজক একত্ৰিত কৰিছিল, অন্যায় কৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল আৰু সামূহিকভাৱে কৰ নিদিয়াৰ সিদ্ধান্ত লৈছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

44. দাবী (A): ব্ৰিটিছে ১৮৪৩ চনত অসমত যুগ যুগ ধৰি চলি অহা দাস প্ৰথা বাতিল কৰিছিল।

কাৰণ (R): ব্ৰিটিছৰ প্ৰধান উদ্দেশ্য আছিল নিষ্পেষিত দাসসকলক মানৱীয় অধিকাৰ প্ৰদান কৰা।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

45. দাবী (A): ফুলগুৰি ধাৱা সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু অহিংস কৃষক আন্দোলন আছিল।

কাৰণ (R): প্ৰতিবাদৰ সময়ত ক্ষুব্ধ কৃষকসকলে ব্ৰিটিছ বিষয়া লেফটেনেণ্ট ছিংগাৰক আক্ৰমণ কৰি হত্যা কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: D

46. দাবী (A): ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ মূল কাৰণ আছিল ব্ৰিটিছৰ অৰ্থনৈতিক হস্তক্ষেপ।

কাৰণ (R): ব্ৰিটিছ চৰকাৰে জয়ন্তীয়াসকলৰ ওপৰত ঘৰ-কৰ আৰু আয়কৰৰ দৰে নতুন কৰ জাপি দিছিল, যিটো তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

47. দাবী (A): নৱ-শিক্ষিত অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে ১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানক পূৰ্ণ সমৰ্থন দিছিল।

কাৰণ (R): শিক্ষিত মধ্যবিত্ত শ্ৰেণীয়ে বিশ্বাস কৰিছিল যে ব্ৰিটিছ প্ৰশাসনে আধুনিকতা, শিক্ষা আৰু শান্তি কঢ়িয়াই আনিব, সেয়েহে তেওঁলোকে আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা বিচৰা নাছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: D

48. দাবী (A): পথৰুঘাটৰ কৃষক বিদ্ৰোহ ব্ৰিটিছ কৰ্তৃপক্ষই নিৰ্মমভাৱে দমন কৰিছিল।

কাৰণ (R): ব্ৰিটিছ সৈন্যই কোনো কাৰণ নোহোৱাকৈ নিস্ত্ৰস্ত কৃষকৰ সমাৱেশৰ ওপৰত গুলীচালনা কৰিছিল যাৰ ফলত বহুতো লোক হতাহত হৈছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

49. দাবী (A): মণিপুৰৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূলতে আছিল আভ্যন্তৰীণ উত্তৰাধিকাৰীৰ কন্দল আৰু ব্ৰিটিছৰ হস্তক্ষেপ।

কাৰণ (R): অসমৰ চীফ কমিছনাৰে মণিপুৰৰ আভ্যন্তৰীণ ৰাজনীতিত বেআইনীভাৱে হস্তক্ষেপ কৰিছিল যাৰ ফলত টিকেন্দ্ৰজিৎৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হৈছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

50. দাবী (A): তাৎক্ষণিকভাৱে স্বাধীনতা লাভ কৰাত বিফল হ’লেও, অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব অপৰিসীম।

কাৰণ (R): ই অসমত ব্ৰিটিছ বিৰোধী চেতনা আৰু জাতীয়তাবাদৰ ভেটি স্থাপন কৰি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য。

Answer: A

HSLC PYQs (2016-2026): 2/3 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? {2023}

2. অসমৰ কৃষক বিদ্ৰোহত ‘ৰাইজমেল’ৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। {2022}

3. অসমত ইষ্ট ইন্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা সম্পৰ্কে আলোকপাত কৰা। {2022}

4. ‘পথৰুঘাটৰ কৃষক বিদ্রোহ’ৰ ওপৰত এটি টোকা লিখা। {2020}

5. 1857 চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ উল্লেখ কৰা। {2020}

6. ব্ৰিটিছৰ বিৰুদ্ধে কৰা জয়ন্তীয়া বিদ্ৰোহৰ বিশেষত্ব সম্পর্কে লিখা। {2020}

7. ভাৰতৰ 1857-58 চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা। {2019}

8. অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা। {2019}

9. ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব আলোচনা কৰা। {2019} {2017}

10. 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। {2018}

11. ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটা চমু বিৱৰণ লিখা। {2018}

12. কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল? {2016}

13. অসমত 1857 চনৰ চিপাহী বিদ্রোহ কিয় বিফল হৈছিল? তিনিটা কাৰণ দিয়া। {2016}

HSLC PYQs (2016-2025): 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে সমাজ বিজ্ঞানৰ কিতাপত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ বিষয়ে পঢ়ি ইমানেই আবেগিক হৈছিল যে তাই এখন নাটক লিখিলে। তাই নাটকখনৰ নাম দিলে “সফল মণিৰাম দেৱান”। নাটকখনৰ নামটোৰ যথাৰ্থতাৰ ওপৰত তোমাৰ মতামত আগবঢ়োৱা। {2026}

2. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা। {2024}

3. অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা। {2023}

4. ব্ৰিটিছৰ শাসনকালত অসমত কৃষক আৰু কুটীৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ বিষয়ে কাৰণ সমূহ লিখা। {2018}

5. 1950 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমুটোকা লিখা। {2017}

6. অসমত 1857-58 চনত কিয় বিদ্রোহ সংঘটিত হৈছিল? {2017}

7. অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা। {2017} 

8. অসমত 1857 চনৰ চিপাহী বিদ্রোহ কিয় বিফল হৈছিল? তিনিটা কাৰণ দিয়া। {2016}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ১৮৫৭ চনৰ বিদ্ৰোহে অসমত কিবা ইতিবাচক প্ৰভাৱ পেলাইছিল বুলি তুমি ভাবা নে? তোমাৰ যুক্তি দৰ্শোৱা। {Kamrup M} 

2. অসমত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বিফল হোৱাৰ তিনিটা কাৰণ লিখা। {Kamrup R} 

3. অসমৰ ইতিহাসত ফুলগুৰি ধাৱা গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ কি ? {Kamrup R} 

4. অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। {Kokrajhar} 

5. আহোম শাসনৰ দিনৰ পৰা ব্ৰিটিছ শাসনলৈ ৰাইজমেল সমূহৰ শক্তিশালী স্থিতিৰ চমু আভাস দিয়া। {Udalguri} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

6. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা। {Bajali} 

7. অসমৰ ইতিহাসৰ ফুলগুৰিৰ ধাৱাৰ গুৰুত্ব কি আছিল লিখা। {Bajali} 

8. ইংৰাজ ৰাজহ ব্যৱস্থাত মুদ্রা অর্থনীতিৰ প্ৰচলনৰ ফলত কিদৰে অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল লিখা। {Barpeta} 

9. অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ লিখা. {Goalpara} 

10. প্ৰদত্ত ঘটনাটো অধ্যয়ন কৰা আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া: {Hailakandi}

ফুলগুৰিত শান্তিপূৰ্ণ প্ৰতিবাদ আৰু অসহযোগ আন্দোলন তীব্ৰতৰ হৈ পৰে যেতিয়া কৃষকসকলে সামূহিকভাৱে কৰ দিবলৈ অস্বীকাৰ কৰি ব্ৰিটিছ বিষয়াসকলৰ সন্মুখীন হয়। ১৮৬১ চনৰ অক্টোবৰ মাহত লেফটেনেণ্ট ছিংগাৰ নামৰ এজন ব্ৰিটিছ বিষয়াই ৰাইজমেল ছত্ৰভংগ কৰিবলৈ চেষ্টা কৰে। সংঘৰ্ষৰ সূত্ৰপাত ঘটে আৰু যাৰ ফলত বিষয়াগৰাকীৰ মৃত্যু হয়। ব্ৰিটিছে নিষ্ঠুৰতাৰে বিদ্ৰোহ দমন কৰে। বহু কৃষকক হত্যা কৰা হয়, একাংশক ফাঁচী দিয়া হয় আৰু আন কিছুমানক আন্দামান দ্বীপপুঞ্জলৈ (“ক’লাপানী”) নিৰ্বাসন দিয়া হয়।

(a) ফুলগুৰি ধাৱা কেৱল এক অহিংস প্ৰতিবাদ আছিল নেকি? দৃশ্যপটৰ পৰা তথ্য ব্যৱহাৰ কৰি তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰমাণ কৰা।

(b) অংশগ্ৰহণকাৰী কৃষকসকলৰ বাবে ফুলগুৰি ধাৱাৰ পৰিণাম কি আছিল? 

11. ফুলগুৰি ধাৱাৰ ফলত অসমৰ ব্ৰিটিছ চৰকাৰৰ ওপৰত কি প্ৰভাৱ পৰিল? {Jorhat} 

12. বৃটিছ বিৰোধী জাগৰণ বুলিলে কি বুজা? অসমত এই জাগৰণ কি দৰে বিকাশ হৈছিল? তোমাৰ মতামত আগবঢ়োৱা। {Lakhimpur} 

13. অসমত মণিৰাম দেৱানৰ নেতৃত্বত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা। {Lakhimpur} 

14. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰা। {Morigaon} 

15. অসমত ১৮৫৭ চনৰ বিদ্রোহ সফল হৈছিলনে? তোমাৰ মতামতৰ সমর্থনত যুক্তি আগবঢ়োৱা। {Nalbari} 

16. পথরুঘাট বিদ্রোহ সম্পর্কে সংক্ষেপে লেখো। {Sribhumi} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4/5/7 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

17. 1857 চনৰ বিদ্রোহ দমনৰ পিছত কেনেদৰে বৃটিছ চৰকাৰে তেওঁলোকৰ ঘাটি পুৰণৰ বাবে বিভিন্ন ধৰণৰ কৰ কাটল আৰু খাজনা বহুৱাই ৰাজহ সংগ্রহ কৰি সাধাৰণ কৃষক ৰাইজৰ অধিক ক্ষতিগ্রস্ত কৰিছিল। বর্ণনা কৰা। {Baksa} 

18. অসমত কৃষক বিদ্ৰোহৰ উত্থানৰ বিষয়ে আলোচনা কৰা। {Biswanath} 

19. লাচিমাৰ কৃষক বিদ্ৰোহৰ আলোচনা কৰা। {Biswanath} 

20. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব বর্ণনা কৰা। {Bongaigaon} 

21. টিকেন্দ্রজীত কী ভাবে একা হাতে মণিপুরের বিদ্রোহে নেতৃত্ব প্রদান করেছিলেন? {Cachar} 

22. অসমত মণিৰাম দেৱানৰ বিদ্ৰোহ বিফল হোৱাৰ কাৰণসমূহ আলোচনা কৰা। {Dhubri} 

23. পথৰুঘাট বিদ্ৰোহৰ ওপৰত এটি টোকা প্রস্তুত কৰা। {Dhubri} 

24. ১৮৫৭ চনৰ বিদ্ৰোহ আৰু অসমৰ ফুলগুৰি ধাৱাৰ ওপৰত এটি তুলনামূলক টোকা লিখা। {Sibsagar} 

25. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। {Sonitpur} 

26. কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হৈছিল আলোচনা কৰা। {Sonitpur} 

27. “ৰঙিয়া কৃষক বিদ্রোহত এজন বৃটিছ বিষয়াই বিদ্রোহ দমন কৰিবলৈ ফলপ্রসু হৈছিল”- তোমাৰ যুক্তি যুক্ততাৰে আলোচনা কৰা। {Tamulpur} 

28. মণিৰাম দেৱানৰ 1857 চনৰ বিদ্রোহ অসমৰ এক গুৰুত্বপূর্ণ অধ্যায়। এই বিদ্রোহ আছিল দেশীয় স্বার্থত আৰু ব্যক্তিগত অধিকাৰৰ বিদ্রোহ। দেশীয় স্বার্থ আৰু ব্যক্তিগত হিচাপে বিদ্রোহৰ কাৰণ দাঙি ধৰা। {Udalguri} 

29. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰক সমূহ পৰ্য্যালোচনা কৰা।

30. ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। {Jorhat} 

31. আধুনিক ভাৰত বুৰঞ্জীৰ ১৮৫৭ চন এক বিশেষভাবে উল্লেখনীয় বছৰ। ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই এই বছৰতেই বিদ্রোহ ঘোষণা কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেটি কপাই তুলিছিল।

ওপৰৰ বাক্যটোৰ আধাৰত তলৰ প্ৰশ্ন সমূহৰ উত্তৰ দিয়া- {Salmara}

(a) ১৮৫৭ চনৰ বিদ্ৰোহটো কৰ পৰা আৰম্ভ হৈছিল? এই বিদ্ৰোহৰ পিছত কাক অসমৰ ৰজা পতাৰ কথা কোৱা হৈছিল?

(b) উত্তৰ ভাৰতত যেতিয়া বিদ্রোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ ৰেজিমেন্ট দুটা কি কি আছিল?

(c) আধুনিক ভাৰত বুৰঞ্জীত ১৮৫৭ চনক কিয় বিশেষ ভাবে উল্লেখনীয় বছৰ বুলি কোৱা হয়?

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

1. অসমত ১৮৫৭ চনৰ বিদ্ৰোহ বিফল হোৱাৰ যিকোনো দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

2. ‘ৰাইজমেল’ কি আছিল? ইয়াৰ মূল কাম কি আছিল?

3. ১৮৬১ চনত ফুলগুৰি ধাৱা সংঘটিত হোৱাৰ দুটা প্ৰধান কাৰণ লিখা।

4. কন্দৰ্পেশ্বৰ সিংহ কোন আছিল? ১৮৫৭ চনৰ বিদ্ৰোহত তেওঁৰ ভূমিকা কি হ’ব বুলি পৰিকল্পনা কৰা হৈছিল?

5. ব্ৰিটিছে আৰোপ কৰা যিকোনো দুটা নতুন কৰৰ নাম উল্লেখ কৰা যিয়ে অসমৰ কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।

6. ১৮৪৩ চনত অসমত ব্ৰিটিছে দাস প্ৰথা বিলুপ্ত কৰাৰ আঁৰৰ প্ৰকৃত অৰ্থনৈতিক উদ্দেশ্য কি আছিল?

7. জয়ন্তীয়া আৰু উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিয়া প্ৰধান নেতাদুজনৰ নাম লিখা।

8. ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ কি আছিল?

9. ১৮৯৪ চনৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ দুটা শোকাৱহ পৰিণাম লিখা।

10. ১৮৫৭ চনৰ পূৰ্বে অসমৰ অভিজাত শ্ৰেণীটো ব্ৰিটিছ প্ৰশাসনৰ প্ৰতি কিয় ঘোৰ বিৰোধী হৈ পৰিছিল দুটা কাৰণ দিয়া।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

11. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰিকল্পনা আৰু সংগঠনত মণিৰাম দেৱানে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে চমুকৈ বুজাই লিখা।

12. ব্ৰিটিছৰ দ্বাৰা ‘মুদ্ৰা অৰ্থনীতি’ৰ প্ৰৱৰ্তনে অসমীয়া কৃষকৰ কৃষিজীৱনত কেনে নেতিবাচক প্ৰভাৱ পেলাইছিল?

13. ফুলগুৰি ধাৱাৰ সময়ত ব্ৰিটিছ বিষয়া লেফটেনেণ্ট ছিংগাৰৰ মৃত্যু কেনে পৰিস্থিতিত হৈছিল বৰ্ণনা কৰা।

14. ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত হোৱা কৃষক বিদ্ৰোহসমূহত ‘ৰাইজমেল’ৰ সাংগঠনিক ভূমিকা আলোচনা কৰা।

15. ব্ৰিটিছ শাসন ওফৰাই পেলোৱাত বিফল হোৱা স্বত্বেও অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ ঐতিহাসিক গুৰুত্ব বাখ্যা কৰা।

16. জয়ন্তীয়া জনজাতীয় লোকসকলৰ কি কি ক্ষোভৰ ফলত ব্ৰিটিছৰ বিৰুদ্ধে এক বৃহৎ সশস্ত্ৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল?

17. ১৮৯৪ চনৰ লাচিমাৰ কৃষক বিদ্ৰোহৰ প্ৰধান ঘটনাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

18. পথৰুঘাটৰ বিদ্ৰোহক কিয় অসমৰ ইতিহাসৰ অন্যতম শোকাৱহ আৰু নিষ্ঠুৰ ঘটনা বুলি গণ্য কৰা হয়?

19. ১৮৯১ চনত মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ বৰ্ণনা দিয়া আৰু ইয়াক কেনেকৈ দমন কৰা হৈছিল লিখা।

20. ঊনবিংশ শতিকাত ব্ৰিটিছৰ ভূমি ৰাজহ নীতি আৰু সঘনাই কৰ বৃদ্ধিয়ে অসমৰ পৰম্পৰাগত কৃষি অৰ্থনীতিক কেনেদৰে ধ্বংস কৰিছিল বুজাই লিখা।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

21. অসমত ১৮৫৭ চনৰ বিদ্ৰোহ বিফল হোৱাৰ সাংগঠনিক আৰু কৌশলগত কাৰণসমূহৰ এক সমালোচনাত্মক বিশ্লেষণ আগবঢ়োৱা।

22. “ফুলগুৰি ধাৱা আছিল ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমৰ প্ৰথমটো জনপ্ৰিয় গণ-আন্দোলন।” ঐতিহাসিক তথ্যৰ সহায়ত এই উক্তিটোৰ যুক্তিসংগত বিচাৰ কৰা।

23. ১৮৯৪ চনৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ এক বিতং আৰু শৃংখলাবদ্ধ বিৱৰণ দিয়া। অসমৰ ইতিহাসত ইয়াৰ স্থান কিয় গুৰুত্বপূৰ্ণ?

24. ব্ৰিটিছ ঔপনিৱেশিক শাসনে অসমৰ পৰম্পৰাগত কুটীৰ শিল্প, শিল্পী আৰু আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতিৰ ওপৰত পেলোৱা ধ্বংসাত্মক প্ৰভাৱৰ বিষয়ে বিশদভাৱে আলোচনা কৰা।

25. ঊনবিংশ শতিকাৰ শেষৰফালৰ কৃষক বিদ্ৰোহসমূহত এক গণতান্ত্ৰিক আৰ্থ-সামাজিক অনুষ্ঠান হিচাপে ‘ৰাইজমেল’ৰ ভূমিকা, প্ৰকৃতি আৰু গুৰুত্বৰ মূল্যায়ন কৰা।

26. ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জয়ন্তীয়া বিদ্ৰোহৰ গতিধাৰা বৰ্ণনা কৰা। উকীয়াং নবাই তেওঁৰ লোকসকলক কেনেদৰে নেতৃত্ব দিছিল আৰু ব্ৰিটিছে কেনেদৰে প্ৰতিশোধ লৈছিল?

27. উত্তৰ কাছাৰ আৰু মণিপুৰৰ জনজাতীয় সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ বিষয়ে আলোচনা কৰা। শম্ভুধন কছাৰী আৰু টিকেন্দ্ৰজিৎৰ ভূমিকা আলোকপাত কৰা।

28. অসমত ১৮৫৭ চনৰ বিদ্ৰোহ আৰু ১৮৯০-ৰ দশকৰ কৃষক বিদ্ৰোহসমূহৰ প্ৰকৃতিৰ মাজত তুলনা কৰা। এই দুয়োটাৰ নেতৃত্ব, গণ-অংশগ্ৰহণ আৰু উদ্দেশ্যৰ মাজত কি পাৰ্থক্য আছিল?

29. ১৮৬১ চনৰ পৰা ১৮৯৪ চনৰ ভিতৰত এলানি হিংসাত্মক কৃষক বিদ্ৰোহৰ সূত্ৰপাত ঘটোৱা অসমীয়া কৃষকৰ ক্ৰমৱৰ্ধমান আৰ্থ-সামাজিক দুৰ্দশাৰ ওপৰত এটি বিস্তৃত টোকা লিখা।

30. ধৰাহ’ল তুমি ১৮৯৪ চনৰ দৰং জিলাৰ এজন দৰিদ্ৰ কৃষক। ১০০ শতাংশ ভূমি ৰাজহ বৃদ্ধি আৰু অন্যায় কৰ সংগ্ৰহৰ পদ্ধতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ব্ৰিটিছ উপায়ুক্তলৈ এখন আনুষ্ঠানিক আৱেদন পত্ৰ যুগুত কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় 3 (অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ তৃতীয় অধ্যায়টোত কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
এই অধ্যায়টোত ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ ভূমিকা, মণিৰাম দেৱানৰ আত্মবলিদান, আৰু ফুলগুৰি, পথৰুঘাট, ৰঙিয়া আদি অঞ্চলৰ কৃষক বিদ্ৰোহৰ বিষয়ে আলোচনা কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (New Syllabus) আৰু শেহতীয়া ব্লুপ্ৰিণ্ট অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া ৰচনাধৰ্মী প্ৰশ্ন (যেনে- কৃষক বিদ্ৰোহৰ কাৰণ) লৈকে আহিব পাৰে।
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top