দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 7 – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 7 – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল খণ্ডৰ অধ্যায় 7 ‘পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা’ এক অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
এই পাঠটিত পৰিৱেশৰ অৰ্থ, মণ্ডলসমূহ (জীৱমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল, অশ্মমণ্ডল), আৰু বৰ্তমান সময়ৰ ভয়াবহ স্থানীয় তথা গোলকীয় পৰিৱেশৰ সমস্যা যেনে- প্ৰদূষণ, গোলকীয় উত্তাপ বৃদ্ধি (Global Warming), আৰু মৰুকৰণ (Desertification) আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ লগতে ভৱিষ্যতৰ নাগৰিক হিচাপে আমাৰ পৰিৱেশৰ সমস্যাবোৰৰ বিষয়ে সজাগ হোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পৰিৱেশৰ বিভিন্ন মণ্ডল, প্ৰদূষণৰ কাৰণ আৰু গোলকীয় পৰিৱেশৰ সমস্যাসমূহৰ বিস্তৃত আলোচনা।
- 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ আৰু প্ৰভাৱ, পৰিৱেশ প্ৰদূষণ ৰোধৰ উপায়) সহজ তথা মান্য সমাধান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় 5 (ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য) – সঘনাই সোধা প্ৰশ্ন (FAQs)
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। উক্তিকিইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা । {2026}
দাবী (A) : কীটনাশক আৰু অপতৃণ-নাশক দৰৱ প্ৰয়োগে মাটিৰ প্ৰাকৃতিক গুণৰ কোনো পৰিৱৰ্তন নঘটায়।
কাৰণ (R) : এইবোৰৰ প্ৰয়োগে কেৱল অনিষ্টকাৰী পোক-পতংগ আৰু অপতৃণবোৰ নষ্ট কৰে ।
(A) (A) সত্য, (R) অসত্য
(B) (A) অসত্য, (R) সত্য
(C) (A) আৰু (R) দুয়োটাই সত্য
(D) (A) আৰু (R) দুয়োটাই অসত্য
Answer: D
2. সমাজ বিজ্ঞানৰ শিক্ষক এজনে ছাত্ৰ-ছাত্ৰীসকলক পানী প্ৰদূষণৰ ওপৰত এটি প্ৰকল্প তৈয়াৰ কৰিবলৈ ক’লে। ছাত্ৰ-ছাত্ৰীসকলৰ এটা দলে এখন গাঁৱৰ এটা প্ৰদূষিত ৰাজহুৱা পুখুৰী দেখিলে। এইক্ষেত্ৰত সমাজ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী হিচাপে তেওঁলোকৰ কৰণীয় কি ? {2026}
(i) যিহেতু ই এটা স্থানীয় সমস্যা, তেওঁলোকে ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে।
(ii) তেওঁলোকে ফটো সংগ্ৰহ কৰি প্ৰকল্প জমা দিব।
(iii) তেওঁলোকে পানী প্ৰদূষণৰ তথ্য সমূহ গাঁৱৰ মানুহক জনাব।
(iv) সমাজ বিজ্ঞানৰ শিক্ষকৰ সহায়ত তেওঁলোকে গাঁওবাসীক পুখুৰীটো পৰিষ্কাৰ কৰাত সহায় কৰিব আৰু সজাগতাৰ ভাৱ সৃষ্টি কৰিবলৈ যত্ন কৰিব।
(A) কেৱল (ii)
(B) কেৱল (iii)
(C) (i) আৰু (ii)
(D) (iii) আৰু (iv)
Answer: D
3. তলত দিয়া গেছৰ যোৰাবোৰৰ কোনটোৱে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে ? {2026}
(A) কাৰ্বন-ডাই-অক্সাইড আৰু নাইট্ৰ’জেন
(B) কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন
(C) কাৰ্বন-ডাই-অক্সাইড আৰু মিথেন
(D) নাইট্ৰ’জেন আৰু মিথেন
Answer: C
4. তলত পাঁচখন মহাদেশৰ মৰুকৰণৰদ্বাৰা আক্রান্ত ঠাইৰ শতাংশ উল্লেখ কৰা হৈছে। শুদ্ধ ক্রমটো বাছি উলিওৱা। {2026}
(A) উত্তৰ আমেৰিকা : ২৭% → এছিয়া : ২২% → দক্ষিণ আমেৰিকা : ২০% → আফ্রিকা : ১৮% → অস্ট্রেলিয়া : ৮%
(B) দক্ষিণ আমেৰিকা : ২৭% → উত্তৰ আমেৰিকা : ২২% → আফ্রিকা : ২০% → এছিয়া : ১৮% → অস্ট্রেলিয়া : ৮%
(C) এছিয়া : ২৭% → আফ্রিকা : ২২% → উত্তৰ আমেৰিকা : ২০% → দক্ষিণ আমেৰিকা : ১৮% → অস্ট্রেলিয়া : ৮%
(D) উত্তৰ আমেৰিকা : ২৭% → দক্ষিণ আমেৰিকা : ২২% → এছিয়া : ২০% → আফ্রিকা : ১৮% → অস্ট্রেলিয়া : ৮%
Answer: D
5. ব্রহ্মপুত্র উপত্যকাৰ বানপানীৰ সমস্যাৰ উদাহৰণটো হৈছে এটা – {2026}
(A) পৰিৱেশৰ গোলকীয় সমস্যা
(B) পৰিৱেশৰ ৰাষ্ট্ৰীয় সমস্যা
(C) পৰিৱেশৰ আঞ্চলিক সমস্যা
(D) পৰিৱেশৰ স্থানীয় সমস্যা
Answer: C
6. তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে/কোনকেইটাই কার্বন ডাই-অক্সাইড উৎপন্ন নকৰে? {2025}
(i) বতাহ শক্তি(ii) ভূ-তা
(iii) জলবিদ্যুৎ শক্তি
(iv) জীৱাশ্ম ইন্ধন
(A) (i)
(B) (i), (ii), (iii)
(C) (i), (iv)
(D) (i), (ii), (iii), (iv)
Answer: B
7. নদ-নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পর্কত তলত দিয়া উক্তি (i) আৰু (ii) বিচাৰ কৰা, আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। {2025}
(i) ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্রবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।
(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ ৫৫% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্ৰদূষকৰ দ্বাৰা প্ৰদূষিত হৈছে।
(A) (i) আৰু (ii) দুয়োটাই সত্য
(B) (i) আৰু (ii) দুয়োটাই অসত্য
(C) (i) সত্য, (ii) অসত্য
(D) (i) অসত্য, (ii) সত্য
Answer: A
8. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? {2024}
(A) এশিঙীয়া গড়
(B) বৰটোকোলা
(C) মিথুন
(D) হাতী
Answer: C
9. তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়? {2024}
(A) কার্বন-ডাই-অক্সাইড
(B) নাইট্রাছ অক্সাইড
(C) মিথেন
(d) অক্সিজেন
Answer: D
10. পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ’ল- {2024}
(A) সাগৰ পৃষ্ঠৰ উত্থান
(B) ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা
(C) এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ
(D) উত্তৰ আমেৰিকা মহাদেশৰ মৰুকৰণ সমস্যা
Answer: C
11. তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। {2025}
দাবী (A): বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এছিড বৰষুণৰ সৃষ্টি হয়।
কাৰণ (R): তেনে ধৰণৰ বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে।
(A) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) সত্য, (R) অসত্য।
(C) (A) অসত্য, (R) সত্য।
(D) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
Answer: A
12. সুউচ্চ পর্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফৰূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে? {2025}
(i) সাগৰপৃষ্ঠৰ উত্থান
(ii) উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব
(iii) পানীৰ নাটনিৰ সমস্যা সমাধান হ’ব
(iv) জৈৱ বৈচিত্র্যতা সুৰক্ষিত হ’ব
(A) (i), (ii), (iii), (iv)
(C) (ii), (iii)
(B) (i), (iii)
(D) (i), (ii)
Answer: D
13. পৰিবেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। {2025}
(i) দিল্লী, বেংগালুৰু, গুৱাহাটী, পুণে আদি চহৰ ভূগর্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সম্মুখীন হৈছে।
(ii) পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ-নদীৰ গৰাখহনীয়া এক ভয়ানক পাৰিপাৰ্শ্বিক সমস্যা।
(A) (i) সত্য, (ii) অসত্য
(B) (i) অসত্য, (ii) সত্য
(C) (i) আৰু (ii) উভয়ে সত্য
(D) (i) আৰু (ii) উভয়ে অসত্য
Answer: C
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)
1. মাটি প্ৰদূষণ ৰোধ কৰিব পৰা পদ্ধতিটো হ’ল {Bajali}
(A) বৰ্জিত বস্তুৰ পৰিমাণ হ্রাস, পুনঃব্যৱহাৰ আৰু পুনৰাবৰ্তন পদ্ধতিৰ দ্বাৰা।
(B) কৃষিজাত প্রাণীজাত বৰ্জিত দ্ৰৱৰ্যৰ পৰা জৈৱ গেছ উৎপাদন কৰি।
(C) জৈৱ কৃষি পদ্ধতিৰ বিষয়ে সজাগতা সভাৰ প্ৰচাৰৰ ব্যৱস্থা কৰি
(D) ওপৰৰ আটাইবোৰ
Answer: D
2. দাবী (A) : আধুনিক কৃষি পদ্ধতি, উদ্যোগিক প্ৰসাৰ আৰু জনসংখ্যা বৃদ্ধিয়েই মাটি প্ৰদূষণৰ বাবে জগৰীয়া। {Bajali}
কাৰণ (R) : উদ্যোগিক আৱর্জনা আৰু ৰাসায়নিক পদার্থই মাটি প্ৰদূষণ কৰে।
(A) (A) আৰু (R) শুদ্ধ আৰু (R) (A) ৰ শুদ্ধ ব্যাখ্যা
(B) (A) আৰু (R) শুদ্ধ কিন্তু (R) (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(C) (A) শুদ্ধ কিন্তু (R) অশুদ্ধ
(D) (A) অশুদ্ধ কিন্তু (R) শুদ্ধ
Answer: B
3. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ? {Baksa}
(A) UNESCO
(B) WWF
(C) UNO
(D) UNEP
Answer: A
4. তলৰ কোনটা আঞ্চলিক সমস্যাৰ উদাহৰণ- {Baksa}
(A) মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা।
(B) কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা।
(C) এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ।
(D) বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি।
Answer: A
5. সেউজগৃহ গেছ সন্দৰ্ভত তলৰ উক্তিবোৰৰ ভিতৰত কোনটো উক্তি অশুদ্ধ– {Baksa}
(A) এই গেছৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ 0.1 শতাংশ মাথোন।
(B) বায়ুমণ্ডলত এই গেছবোৰৰ স্থিতিৰ তাৰতম্য ঘটিলে উত্তাপৰ স্বাভাবিক অৱস্থাৰ পৰিবৰ্তন ঘটে।
(C) এই গেছবোৰে পৃথিৱীৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰে।
(D) এই গেছবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সহায় কৰে।
Answer: A
6. তলৰ কোনবোৰ সেউজগৃহ গেছ? {Barpeta}
(i) মিথেন (CH4)
(ii) নাইট্রাছ অক্সাইড (N2O)
(iii) নাইট্র’জেন (N2)
(iv) অক্সিজেন (O2)
(v) জলীয় বাষ্প
(A) i, ii, v
(B) ii, iii
(C) iii, iv
(D) ii, iii, v
Answer: A
7. মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা মহাদেশসমূহৰ সঠিক ক্রম চিনাক্ত কৰা- {Barpeta}
(A) উত্তৰ আমেৰিকা – এছিয়া- দক্ষিণ আমেৰিকা – আফ্রিকা – অষ্ট্ৰেলিয়া
(B) উত্তৰ আমেৰিকা – দক্ষিণ আমেৰিকা – এছিয়া – আফ্রিকা – অস্ট্রেলিয়া
(C) দক্ষিণ আমেৰিকা – উত্তৰ আমেৰিকা – এছিয়া – আফ্রিকা-অস্ট্রেলিয়া
(D) দক্ষিণ আমেৰিকা – উত্তৰ আমেৰিকা – আফ্রিকা – এচিয়া – অস্ট্রেলিয়া
Answer: B
8. কোনে কৈছিল যে পৰিবেশ হৈছে ভূমি, পানী, বায়ু আৰু জীৱৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ ফল। {Barpeta}
(A) কার্ল ৰিটাৰ
(B) জর্জ ছেজহ’ম
(C) পিটাৰ হেগেটা
(D) চি.এফ.জন্স
Answer: C
9. বিবৃতি (A) : কাৰ্বন-ডাই-অক্সাইড (CO₂), মিথেন (CH₄), নাইট্ৰাছ অক্সাইড (N₂O) জলীয় বাষ্প আদি সেউজগৃহ গেছ। {Biswanath}
কাৰণ (R) : এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে।
(A) (A) আৰু (R) দুয়োটা শুদ্ধ (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(B) (A) শুদ্ধ আৰু (R) অশুদ্ধ
(C) (A) অশুদ্ধ আৰু (R) শুদ্ধ
(D) (A) আৰু (R) দুয়োটা শুদ্ধ (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
Answer: A
10. ওপৰৰ ছবিখন পৰিৱেশৰ কোনটো সমস্যাৰ অন্তৰ্গত? {Biswanath}
(A) স্থানীয় সমস্যা
(B) আঞ্চলিক সমস্যা
(C) গোলকীয় সমস্যা
(D) গোলকীয় উত্তাপৰ বৃদ্ধিৰ সমস্যা
Answer: A
11. তলৰ ছবিখনত দিয়া কাৰকটোৱে ১৯৯১ চনত বায়ুত ১৫-২০ নিযুত টন কি গেছ নিৰ্গত কৰিছিল? {Bongaigaon}
(A) কার্বন ডাই-অক্সাইড
(B) চালফাৰ ডাই-অক্সাইড
(C) কার্বন মন’ক্সাইড
(D) নাইট্রজেন
Answer: B
12. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? {Bongaigaon}
(A) UNESCO
(B) UNDP
(C) WWF
(D) UNEP
Answer: A
13. বায়ুমণ্ডলত সৰ্বাধিক পৰিমানে থকা গেছ দুবিধ হ’ল – {Bongaigaon}
(i) হিলিয়াম
(ii) নাইট্রজেন
(iii) অক্সিজেন
(iv) কার্বন ডাই-অক্সাইড
(A) (i) আৰু (iii)
(B) (ii) আৰু (iii)
(C) (iii) আৰু (iv)
(D) (i) আৰু (iv)
Answer: B
14. ‘ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা’ গঠন হৈছিল {Bongaigaon}
(A) ১৯৪৬ চনত
(B) ১৯৬৫ চনত
(C) ১৯৮৬ চনত
(D) ১৯৯৬ চনত
Answer: C
15. শিল্প-বিপ্লবের পর বিশ্বব্যাপী তাপমাত্রা বৃদ্ধি পায়। কেন? {Cachar}
(A) জীবাশ্ম ইন্ধনের ব্যবহার
(B) নগর অঞ্চলে প্রদূষণ
(C) আগ্নেয়গিরির অগ্ন্যুৎপাত বৃদ্ধি
(D) অ্যাসিড বৃষ্টিপাতের সৃষ্টি
Answer: A
16. কোন কারণের জন্য জীবমণ্ডলের উপর কুপ্রভাব পড়েছে? {Cachar}
(A) কৃষিভূমির বৃদ্ধি
(B) পরিবেশ সম্বন্ধে সচেতনতা
(C) রাষ্ট্রিয় উদ্যানের প্রতিষ্ঠা
(D) জলাশয়ের সংকুচন
Answer: D
17. দাবী (দ) : নদীর যে অংশগুলো শহর অঞ্চল দিয়ে বয়ে যায় তা অতিমাত্রায় প্রদুষিত থাকে। {Cachar}
কারণ (ক) : নগরায়ন এবং শীল্পায়ন নদীর প্রদূষণের জন্য দায়ী।
(A) দাবী (দ) শুদ্ধ কিন্তু কারণ (ক) অশুদ্ধ।
(B) দাবী (দ) অশুদ্ধ কিন্তু কারণ (ক) শুদ্ধ।
(C) দাবী (দ) এবং কারণ (ক) উভয়ে শুদ্ধ এবং ‘ক’ ‘দ’ এর শুদ্ধ বিবরণ।
(D) দাবী (দ) এবং কারণ (ক) উভয়ে শুদ্ধ কিন্তু ‘ক’ ‘দ’ এর শুদ্ধ বিবরণ নয়।
Answer: C
18. ভাৰতৰ পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সম্পৰ্কীয় আইন প্ৰস্তুত কৰাৰ বাবে কোনটো চৰকাৰী সংস্থা দায়বদ্ধ? {Darrang}
(A) Centre for Science and Environment (CSE)
(B) Wild Life Trust of India (WTI)
(C) Indian Council of Forestry Research and Education (ICFRE)
(D) World Health Organization (WHO)
Answer: C
19. নিম্নলিখিত কোনটো গেছ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী নহয়? {Darrang}
(A) কার্বন-ডাই-অক্সাইড
(B) মিথেন
(C) নাইটাছ-অক্সাইড
(D) অ’জন
Answer: D
20. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? – {Dhubri}
(A) এশিঙিয়া গড়
(B) জিৰাফ
(C) নল গাহৰি
(D) হাতী
Answer: C
21. বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় – {Dhubri}
(A) 5 চেপ্টেম্বৰ
(B) 15 চেপ্টেম্বৰ
(C) 5 জুন
(D) 21 জুন
Answer: C
22. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছনি কৰাঃ- {Goalpara}
উদযাপন দিৱস
(a) বিশ্ব পৰিৱেশ দিৱস
(b) ৰাষ্ট্ৰসংঘ দিৱস
(c) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
(d) মানৱ অধিকাৰ দিৱস
উদযাপনৰ তাৰিখ
(i) 10 ডিচেম্বৰ
(ii) 21 জুন
(iii) 5 জুন
(iv) 24 অক্টোবৰ
(A) (a) – (i). (b) – (ii), (c) – (iii), (d)-(iv)
(B) (a) – (iii). (b) – (iv), (c) – (ii). (d) – (i)
(C) (a) – (iii), (b) – (iv), (c) – (i), (d) – (ii)
(D) (a) – (iv), (b) – (iii), (c) – (ii), (d) – (i)
Answer: B
23. ভাৰতৰ কোনটো চৰকাৰী সংস্থা প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সম্পর্কীয় আইন প্রণয়নৰ বাবে দায়বদ্ধ? {Goalpara}
(A) বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ
(B) ৱাইল্ড লাইফ ট্রাষ্ট অৱ ইণ্ডিয়া
(C) গ্রীণপিচ ইণ্ডিয়া
(D) ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা
Answer: D
24. মৰুকৰণ বিষয়ে তলৰ কোনটো কথা সত্য? {Goalpara}
(i) মৰুকৰণৰ অৰ্থ হ’ল পৃথিৱীৰ নিৰ্দ্দিষ্ট অঞ্চলত মৰুভূমিৰ প্ৰাকৃতিক গঠন।
(ii) মৰুকৰণ প্ৰক্ৰিয়া ভূমিৰ উৎপাদনশীলতা হ্রাস কৰে আৰু চুবুৰীয়া অঞ্চললৈ মৰুভূমিৰ সম্প্ৰাসাৰণত অৰিহণা যোগায়।
(iii) গোলকীয় উষ্ণতা বৃদ্ধি আৰু খৰাং মৰুকৰণত অৰিহণা যোগোৱা গুৰুত্বপূৰ্ণ প্রাকৃতিক কাৰক।
(A) (i) আৰু (ii)
(B) (ii) আৰু (iii)
(C) (i) আৰু (iii)
(D) (i), (ii) আৰু (iii)
Answer: B
25. গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত যোৱা তিনিটা দশকত উত্তৰ মহাসাগৰৰ বৰফ 30% কমিছে। ফলস্বৰূপে এই অঞ্চলৰ বৰফত বাস কৰা এবিধ জন্তু খাদ্য আৰু বাসস্থানৰ সংকট হৈছে আৰু জন্তুবিধৰ বিলুপ্ত হোৱাৰ সম্ভাৱনা বাঢ়িছে। {Goalpara}
এই জন্তুবিধ হ’ল-
(A) গড়
(B) মেৰুদেশীয় বগা ভালুক
(C) হাতী
(D) জিৰাফ
Answer: B
26. ৰাজস্থানৰ এটা অৰ্ধ-শুষ্ক অঞ্চলৰ এজন কৃষকে প্ৰচুৰ পৰিমাণে জলসিঞ্চন আৰু অতিমাত্ৰা পশুচাৰণ কৰে। সময়ৰ লগে লগে, তেওঁ লক্ষ্য কৰে যে তেওঁৰ সাৰুৱা মাটি এডোখৰ শুকান, বালিচহীয়া মাটিলৈ ৰূপান্তৰিত হৈছে য’ত কোনো শস্য গজিব নোৱাৰে।
মানুহৰ কাৰ্যকলাপৰ ফলত সাৰুৱা ভূমিক মৰুভূমি সদৃশ অৱস্থালৈ ৰূপান্তৰিত কৰা কাৰ্যক জনা যায়: {Hailakandi}
(A) নিৰ্বনানীকৰণ
(B) গৰাখহনীয়া
(C) মৰুকৰণ
(D) পলস জমা হোৱা
Answer: C
27. তলৰ বিবৃতিবোৰ পঢ়া আৰু শুদ্ধ উত্তৰটো বাছনি কৰা: {Hailakandi}
দাবী (A): মেৰু অঞ্চলৰ বৰফ গলি যোৱাটো গোলকীয় উষ্ণতা বৃদ্ধিৰ এক প্ৰত্যক্ষ পৰিণাম
কাৰণ (R): কাৰ্বন-ডাই-অক্সাইড আৰু মিথেনৰ দৰে গ্ৰীনহাউছ গেছৰ বৃদ্ধিয়ে গোলকীয় গড় উষ্ণতা বৃদ্ধিৰ দিশলৈ লৈ যায়)
A) A আৰু R দুয়োটাই সত্য আৰু R হ’ল A-ৰ শুদ্ধ ব্যাখ্যা
B) A আৰু R দুয়োটাই সত্য কিন্তু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়
C) A সত্য, R মিছা
D) A মিছা, R সত্য
Answer: A
28. “জীৱমণ্ডল” এক স্বাধীন উপাদান হিচাপে থাকিব নোৱাৰে। নিম্নলিখিত কোনটো বিবৃতিত ইয়াক আটাইতকৈ ভালদৰে ব্যাখ্যা কৰা হৈছে? {Hailakandi}
A) ই কেৱল পৃথিৱীৰ ভূত্বকৰ গভীৰতাতহে পোৱা যায়
B) ই হৈছে গেছৰ তৰপ যিয়ে পৃথিৱীক অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে
C) ই স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা গঠিত এটা মণ্ডল
D) ই সম্পূৰ্ণৰূপে নিৰ্জীৱ বা অজৈৱিক কাৰকৰে গঠিত
Answer: C
29. পৰিৱেশৰ উপাদানসমূহৰ সন্দৰ্ভত শুদ্ধ বিবৃতিসমূহ চিহ্নিত কৰা: {Hailakandi}
1.বায়ুমণ্ডল প্ৰায় ৭৮ শতাংশ নাইট্ৰ’জেন আৰু ২১ শতাংশ অক্সিজেনৰে গঠিত
2.পৃথিৱী পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলমণ্ডলে আগুৰি আছে
3. জীৱমণ্ডলত পৃথিৱীৰ মেণ্টেলৰ গভীৰতম অংশবোৰ অন্তৰ্ভুক্ত য’ত কোনো অক্সিজেন নাথাকে
4. চাৰিওটা উপাদানে অহৰহ পদাৰ্থ আৰু শক্তি বিনিময় কৰি থাকে
(A) 1, 2, and 3
(B) 2, 3, and 4
(C) 1, 2, and 4
(D) All of the above
Answer: C
30. ভাৰতীয় প্রধান চহৰসমূহৰ বায়ুৰ মানৰ সূচী (AQI) এনেধৰণৰ- {Jorhat}
চহৰ বায়ুৰ মানৰ সূচী(AQI)
দিল্লী 320
মুম্বাই 190
গুৱাহাটী 140
বেংগালুৰু 110
তথ্যৰ ভিত্তিত দিল্লীৰ বাসিন্দাসকলে সম্মুখীন হোৱা পৰিৱেশজনিত সমস্যাৰ ভিতৰত কোনটো সম্ভাৱনা বেছি?
(A) পানীৰ অভাৱ
(B) বায়ু প্রদূষণ
(C) শব্দ প্রদূষণ
(D) মাটিৰ খহনীয়া
Answer: B
31. বায়ু প্ৰদূষণৰ তলত দিয়া কাৰণসমূহ প্রাকৃতিক উৎসৰ পৰা সম্পূৰ্ণ মানৱসৃষ্ট উৎসলৈকে সঠিক ক্ৰমত সজোৱা- {Jorhat}
i) বনজুই
ii) ধূলিৰ ধুমুহা
iii) বাহনৰ নিৰ্গমন
iv) উদ্যোগিত ধোঁৱা
(A) ii-iv-i-iii
(B) i-ii-jii-iv
(C) ii-i-iii-iv
(D) i-iv-ii-iii
Answer: C
32. গোলকীয় উষ্ণতাৰ বৃদ্ধি প্ৰভাৱক ইয়াৰ ফলাফলৰ সৈতে মিলোৱা- {Jorhat}
ক অংশ:
(A) হিমবাহ গলন
(B) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি
(C) বতৰৰ চৰম পৰিঘটনা
(D) জৈৱ বৈচিত্র্যৰ ক্ষতি
খ অংশ:
i) উপকূলীয় অঞ্চলৰ বানপানী
ii) বিলুপ্তিপ্রায় হৈ পৰা বহু প্রজাতি
iii) ঘূর্ণীবতাহ, তাপৰ তৰংগৰ আৱিৰ্ভাৱ
iv) বৰফৰ আৱৰণ হ্রাস
Options
(A) a-iv, b-i, c-iii, d-ii
(B) a-ii, b-iii, c-iv, d-i
(C) a-iii, b-ii, c-i, d-iv
(D) a-iv, b-ii, c-i, d-iii
Answer: A
33. IUCN ৰ বিষয়ে তলৰ বাক্যবোৰৰ পৰা শুদ্ধ বিকল্পটো উলিওৱা। {Kamrup M}
(i) IUCN জুলিয়ান হাক্সলেৰ নেতৃত্বত স্থাপন হৈছিল।
(ii) এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা।
(iii) IUCN ৰ নেতৃত্বতে WWF for Nature স্থাপিত হৈছে।
(iv) IUCN ৰ নেতৃত্বতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামে ভাৰত চৰকাৰৰ এটি মন্ত্রণালয় গঠন হয়।
(A) (i), (ii), (iv) শুদ্ধ
(B) (i), (ii), (iii) শুদ্ধ
(C) (ii), (iii), (iv) শুদ্ধ
(D) (iii), (iv) শুদ্ধ
Answer: B
34. সেউজ গৃহ গেছৰ বিষয়ে তলৰ কোনবোৰ উক্তি শুদ্ধ। {Kamrup M}
(i) এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্রিত কৰে।
(ii) এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ 0.1%
(iii) গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাটোৰ মূল কাৰণ সেউজ গৃহ গেছৰ বৃদ্ধি।
(iv) বায়ুমণ্ডলত এই গেছসমূহৰ তাৰতম্যই উত্তাপৰ কোনো তাৰতম্য নঘটাই
(A) (i), (ii), (iii) শুদ্ধ
(B) (i), (iii), (iv) শুদ্ধ
(C) (i), (ii), (iv) শুদ্ধ
(D) (ii), (iii), (iv) শুদ্ধ
Answer: A
35. তলৰ কোনকেইটা মাটি প্ৰদূষণৰ প্ৰধান কাৰণ? {Kamrup M}
(i) আধুনিক কৃষিকার্য
(ii) অত্যাধিক পশুচাৰণ
(iii) উদ্যোগৰ প্ৰসাৰ
(iv) মৰুকৰণ
(A) কেৱল (i) & (iii)
(B) কেৱল (i) & (iv)
(C) কেৱল (i), (ii) & (iii)
(D) কেৱল (i), (iii) & (iv)
Answer: A
36. উক্তি ১: বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। {Kamrup R}
উক্তি ২: বনাঞ্চল ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ দহনে সেউজগৃহ গেছৰ নির্গমনত অৰিহণা যোগায়।
(A) উক্তি ১ আৰু ২ দুয়োটা সত্য
(B) উক্তি ১ আৰু ২ দুয়োটা অসত্য
(C) উক্তি ১ সত্য, উক্তি ২ অসত্য
(D) উক্তি ১ অসত্য, উক্তি ২ সত্য
Answer: A
37. WWFNৰ সম্পূৰ্ণ ৰূপটো কি? {Kamrup R}
(A) World wide fund for Nature
(B) World wide find for Natural
(C) World wide find in Nature
(D) World wide found for Natural
Answer: A
38. মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্রান্ত হোৱা মহাদেশখন হ’ল- {Kamrup R}
(A) এছিয়া
(B) আফ্রিকা
(C) উত্তৰ আমেৰিকা
(D) দক্ষিণ আমেৰিকা
Answer: C
39. IUCN সংগঠনটো কোনটো সংগঠনৰ অধীনত- {Kokrajhar}
(A) UNESCO
(B) UNDP
(C) WWF
(D) UNEP
Answer: A
40. অক্সিজেন, নাইট্রজেন, হাইড্রজেন, কার্বন-ডাই-অক্সাইড, আর্গন আদিৰে গঠিত এটা গেছীয় স্তৰক কোৱা হয়- {Kokrajhar}
(A) স্থলমণ্ডল
(B) জলমণ্ডল
(C) বায়ুমণ্ডল
(D) জীৱমণ্ডল
Answer: C
41. সেউজ গেছ উদাহৰণ হ’ল- {Kokrajhar}
(A) অক্সিজেন।
(B) নাইট্রজেন।
(C) আর্গন।
(D) ছালফাৰ ডাই অক্সাইড।
Answer: D
42. 5 জুন বিশ্ব পৰিবেশ দিৱস সম্পৰ্কে তলৰ কোন কেইটা বিকল্প শুদ্ধ- {Lakhimpur}
(A) ৰাষ্ট্ৰসংঘৰ আহবানত সমগ্র বিশ্বতে এই দিৱস পালন কৰা হয়।
(B) বিশ্বৰ সকলোৰে মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাটোৱেই এই দিৱসৰ লক্ষ্য।
(C) অসমত বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰৰ উদ্যোগত এই দিৱস পালন কৰা হয়।
(D) ভাৰত আৰু অসম চৰকাৰে এই দিৱসটো উলহ-মালহেৰে পালন কৰে।
Answer: A
43. তলৰ কোনটো বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ কাৰণ নহয়? {Lakhimpur}
(A) শস্য উৎপাদন
(B) সাগৰ পৃষ্ঠ উখান
(C) মৰুকৰণ
(D) মেৰু অঞ্চলৰ বিশাল বৰফ গলন
Answer: A
44. নিম্নলিখিত প্রাণীবোৰ কোনকেইটা বিলুপ্ত প্রানীৰ অন্তভুক্ত নহয়- {Lakhimpur}
(i) সোণালী বান্দৰ, হলৌ বান্দৰ
(ii)বনৰীয়া মহ, নলগাহৰি, শিহু
(iii) দেওহাঁহ, ধনেশপক্ষী, বৰটোকোলা
(iv) গৰু, মহ, গাহৰি
(A) কেৱল iv শুদ্ধ
(B) কেৱল i আৰু ii শুদ্ধ
(C) কেৱল ii আৰু iii শুদ্ধ
(D) কেৱল i.ii আৰু iii শুদ্ধ
Answer: A
45. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত- {Lakhimpur}
(A) UNESCO
(B) UNDP
(C) WWF
(D) UNEP
Answer: A
46. বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাসমূহ হ’ল- {Majuli}
(A) শস্য উৎপাদন হ্রাস
(B) সাগৰ পৃষ্ঠৰ উত্থান
(C) মৰুকৰণ
(D) ওপৰৰ আটাইকেইটা
Answer: D
47. তলৰ গেছবোৰৰ ভিতৰত কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে – {Majuli}
(A) আর্গন
(B) কার্বন-মন’ক্সাইড
(C) নাইট্র’জেন
(D) ছালফাৰ-ডাই-অক্সাইড
Answer: D
48. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী- {Majuli}
(A) এশিঙীয়া গড়
(B) মিথুন
(C) বৰটোকোলা
(D) হাতী
Answer: C
49. তলত দিয়া বিবৃতি (A) আৰু কাৰণ (R) দুটা পঢ়ি শুদ্ধ বিকল্পটো বাছি উলিওৱা: {Majuli}
বিবৃতি (A): মৰুকৰণ এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাবনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে ।
কাৰণ (R): মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্রাস কৰে আৰু মৰুভূমিৰ কাষৰীয়া বা দূৰৰ ভূমি ভাগকো মৰুভূমিলৈ ৰূপান্তৰিত কৰে।
(A) A শুদ্ধ কিন্তু R অশুদ্ধ।
(B) A আৰু R দুয়োটাই শুদ্ধ কিন্তু R. A ৰ শুদ্ধ বিবৰণী নহয়।
(C) A আৰু R দুয়োটাই শুদ্ধ আৰু R, A ৰ শুদ্ধ বিৱৰণী।
(D) A আৰু R দুয়োটাই অশুদ্ধ।
Answer: C
50. তলৰ কোনবোৰ গেছ ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিব পাৰে? {Morigaon}
(A) জলীয় বাষ্প আৰু মিথেনে (CH₄)
(B) কার্বন ডাই-অক্সাইড (CO₂) আৰু মিথেনে।
(C) নাইট্রাছ অক্সাইড (N₂O) আৰু জলীয় বাষ্পই।
(D) কার্বন ডাই-অক্সাইড আৰু জলীয় বাষ্পই।
Answer: B
51. মৰুকৰণৰ মূল কাৰণটো হল- {Morigaon}
(A) অত্যাধিক পণ্ডচাৰণ
(B) কৃষিৰ প্ৰসাৰ
(C) বননি ধ্বংস
(D) ওপৰৰ আটাইকেইটা
Answer: D
52. উক্তি (1) : গোলকীয় উত্তাপ বৃদ্ধি হৈছে এটা পৃথিৱীৰ ভয়াৱহ সমস্যা। {Morigaon}
উক্তি (2) : ভূ-পৃষ্ঠৰ বৰ্দ্ধিত উত্তাপৰ মূল কাৰক হল মানুহৰ কাৰ্যকলাপ।
(A) উক্তি (1) সত্য, উক্তি (2) অসত্য
(B) উক্তি (1) অসত্য, উক্তি (2) সত্য
(C) দুয়োটা উক্তি সত্য
(D) দুয়োটা উক্তি অসত্য
Answer: C
53. ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত হৈছিল- {Nagaon}
(A) ব্রাজিল
(B) নাইৰুবি
(C) মেক্সিকো
(D) ৰোম
Answer: B
54. ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি পোষণ কৰা গেছবিধ হৈছে- {Nagaon}
(A) অক্সিজেন
(B) নাইট্রজেন
(C) হাইড্রজেন
(D) কার্বন-ডাই-অক্সাইড
Answer: D
55. তলৰ কোনবোৰ গেছে পৃথিবীপৃষ্ঠৰ পৰা প্রতিফলিত হোৱা তাপ শোষণ কৰে। {Nalbari}
(i) কার্বন-ডাই-অক্সাইড
(ii) নাইট্র’জেন
(iii) নাইট্রাছ অক্সাইড
(iv) হাইড্র’জেন
(A) I, II
(B) I, III
(C) II, III
(D) II, IV
Answer: B
56. মাটি প্রদূষণ সন্দৰ্ভত তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Nalbari}
উক্তি-I : আধুনিক কৃষিকার্য্য মাটি প্রদূষণৰ এটা প্রধান কাৰণ।
উক্তি-II : ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱৰ প্রয়োগে মাটিৰ প্রাকৃতিক গুণাগুণ বৃদ্ধি কৰে।
(A) I শুদ্ধ, II অশুদ্ধ
(B) I অশুদ্ধ, II শুদ্ধ
(C) উভয়ে শুদ্ধ
(D) উভয়ে অশুদ্ধ
Answer: A
57. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ মুখ্য কাৰণ হ’ল – {Nalbari}
i) নগৰীকৰণ
(ii) কৃষিৰ প্ৰসাৰ
(iii) জীবাশ্ম ইন্ধনৰ ব্যৱহাৰ
(iv) আগ্নেয়গিৰি উদগীৰণ
(A) i, ii
(B) ii, iii
(C) iii, iv
(D) i, ii, iii
Answer: D
58. (A) আৰু (R) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ বিকল্পটো বাছি উলিওৱা – {Nalbari}
উক্তি (A) : পৃথিৱীৰ স্থলভাগৰ প্রায় ৩৫ শতাংশ ভূমি মৰকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে।
যুক্তি (R) : দ্রুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্রায় অঞ্চলবোৰত মানুহৰ হেঁচা বঢ়াই মৰুভূমিব সম্প্রসাৰণত সহায় কৰিছে।
(A) (A) টো শুদ্ধ, (R) টো অশুদ্ধ।
(B) (A) টো অশুদ্ধ, (R) টো শুদ্ধ।
(C) (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) টো (A) ৰ শুদ্ধ বর্ণনা হয়।
(D) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R) টো (A) ৰ শুদ্ধ বর্ণনা নহয়।
Answer: C
59. তলৰ কোনকেইটা বিলুপ্তপ্রায় প্রাণী? {Sibsagar}
(i) নল গাহৰি
(ii) মিথুন
(iii) শিহু
(iv) বনৰীয়া ম’হ
(A) i, ii আৰু iii
(B) ii, iii আৰু iv
(C) i, ii আৰু iv
(D) i, iii আৰু iv
Answer: D
60. শুদ্ধ উত্তৰ বাচি উলিওৱা: {Sibsagar}
(a) মাটি প্রদূষণ
(b) পানী প্রদূষণ
(c) মৰুকৰণ
(d) বায়ু প্রদূষণ
(i) আণৱিক বিস্ফোৰণ
(ii) অত্যাধিক পশুচাৰণ
(iii) নগৰৰ আৱৰ্জনা
(iv) কৃষিত ভূগর্ভস্থ পানীৰ ব্যৱহাৰ
(A) a – i, b – ii, c – iii, d – iv
(B) a – iv, b – iii, c – ii, d – i
(C) a – iii, b – i, c – iv, d – ii
(D) a – ii, b – iv, c – i, d – iii
Answer: B
61. মৰুকৰণৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা ভূমিৰ পৰিমাণৰ ভিত্তিত নিম্ন উল্লিখিত মহাদেশ কেইখনৰ স্থানৰ শুদ্ধ ক্রম বাচি উলিওৱাঃ {Sibsagar}
(a) এছিয়া
(b) আফ্রিকা
(c) উত্তৰ আমেৰিকা
(d) দক্ষিণ আমেৰিকা
(A) a – b – c – d
(B) b – c – d – a
(C) c – d – a – b
(D) d – a – b – c
Answer: C
62. A : সেউজ গৃহ গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে। {Sibsagar}
B: সেউজ গৃহ গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ ১.১ শতাংশ মাথোন।
(A) A আৰু B শুদ্ধ
(B) A আৰু B অশুদ্ধ
(C) A শুদ্ধ B অশুদ্ধ
(D) A অশুদ্ধ B শুদ্ধ
Answer: C
63. বায়ুমণ্ডলত কোন দুবিধ গেছ মাত্রাধিক সঞ্চিত হ’লে এচিড বৰষুণৰ সৃষ্টি হয়? {Sibsagar}
(a) কার্বন-ডাই-অক্সাইড
(b) ছালফাৰ -ডাই-অক্সাইড
(c) নাইট্র’জেন-ডাই-অক্সাইড
(d) হাইড্র’কার্বন
(A) a and b.
(B) b and c.
(C) c and d.
(D) a and d
Answer: B
64. আঞ্চলিক পৰিৱেশিক সমস্যাৰ এটা উদাহৰণ হৈছে- {Sibsagar}
(A) ক্ষুদ্র উদ্যোগ এটাই কৰা সীমিত ভূমি প্ৰদূষণ
(B) নদী-অৱবাহিকাৰ ভূমি ক্ষয়ৰ সমস্যা
(C) বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি
(D) গোলকীয় উত্তাপ বৃদ্ধি
Answer: B
65. গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী সেউজগৃহ গেছটো হ’ল? {Sonitpur}
(A) নাইট্রজেন
(B) আর্গণ
(C) কার্বণ-ডাই-অক্সাইড
(D) অক্সিজেন
Answer: C
66. জৈৱ-বৈচিত্র্য সংকটৰ মুখ্য কাৰণবোৰ কি কি? {Sonitpur}
i) জলবায়ু পৰিবৰ্তন
ii) নতুন প্ৰজাতিৰ উদ্ভৱ
iii) প্রাকৃতিক বন ধ্বংস
iv) বন্য জীৱজন্তুৰ অবৈধ চিকাৰ
(A) (i), (ii), (iii)
(B) (i), (iii), (iv)
(C) (ii), (ii), (iv)
(D) (i), (ii), (iii), (iv)
Answer: B
67. কোনটো পৰিস্থিতিয়ে আঞ্চলিক পৰিবেশৰ সমস্যাক অধিক ভালদৰে প্রতিনিধিত্ব কৰে। {Sonitpur}
(A) জলবায়ু পৰিবৰ্ত্তন
(B) অজ’ন স্তৰৰ ক্ষয়
(C) ওচৰৰ কল কাৰখানাৰ বাবে হোৱা নদী প্ৰদূষণ
(D) গোলকীয় উত্তাপ
Answer: C
68. যুক্তি (A): বায়ুমণ্ডলে সবুজগৃহ গ্যাসের পরিমাণ বৃদ্ধির ফলে গোলকীয় উত্তাপ বৃদ্ধি পায়। {Sribhumi}
কারণ (R) : সবুজগৃহ গ্যাস উত্তাপ শোষণ করে বায়ুমণ্ডলের তাপমাত্রা বৃদ্ধি ঘটায়।
(A) (A) এবং (R) উভয়ই সত্য এবং ‘R’ হল ‘A’ এর সঠিক ব্যাখ্যা।
(B) (A) এবং (R) উভয়ই সত্য, কিন্তু ‘R’, ‘A’ -এর সঠিক ব্যাখ্যা নয়।
(C) ‘A’ সত্য কিন্তু ‘R’ অসত্য।
(D) ‘A’ অসত্য কিন্তু ‘R’ সত্য।
Answer: A
69. কোন মহাদেশে মরুময়তার হার সর্বাধিক? {Sribhumi}
(A) আফ্রিকা
(B) ইউরোপ
(C) উত্তর আমেরিকা
(D) অস্ট্রেলিয়া
Answer: C
70. গোলকীয় পারিবেশিক সমস্যার একটি উদাহরণ হল {Sribhumi}
(A) অসমের বন্যা
(B) গোলকীয় উষ্ণায়ন
(C) ঔদ্যোগিক অঞ্চলের জল প্রদূষণ
(D) ভূমি অবক্ষয়
Answer: B
71. উক্তি (A): সৌরশক্তিই হচ্ছে ভূপৃষ্ঠ এবং বায়ুমণ্ডলের উত্তাপের চিরন্তন উৎস। {Sribhumi}
যুক্তি (R): মোট সৌরশক্তির ১৯% বায়ুমণ্ডল শুষে নেয় এবং বাকি ৫১% পৃথিবী বাষ্পীভবন প্রভৃতির আধারে লীন তাপ হিসাবে পুনরায় বায়ুমণ্ডলে ত্যাগ করে।
(A) A এবং R উভয়েই সত্য এবং R হল A এর সঠিক ব্যাখ্যা।
(B) A এবং R উভয়েই সত্য কিন্তু R হল A এর ভুল ব্যাখ্যা।
(C) A সত্য কিন্তু R অসত্য।
(D) A অসত্য কিন্তু R সত্য।
Answer: A
72. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? {Salmara}
(A) (এশিঙিয়া গঁড়)
(B) (নল গাহৰি)
(C) (জিৰাফ)
(D) (মিথুন)
Answer: B
73. ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল- {Salmara}
(A) ১৯৪৭
(B) ১৯৬৪
(C) ১৯৮৬
(D) ১৯৯১
Answer: C
74. গোলকীয় উত্তাপ বৃদ্ধিত ৫০ শতাংশ অৰিহণা যোগোৱা গেছবিধ কি?{Salmara}
(A) মিথেন
(B) কার্বন-ডাই-অক্সাইড
(C) ক্লৰ’ ফ্লৰ কাৰ্বন
(D) নাইট্রাছ অক্সাইড
Answer: B
75. সেউজ গৃহ গেছ সর্ম্পকে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা ।{Salmara}
i. বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে ।
ii. গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ ০.০১ শতাংশ মাথোন
iii. গেছবোৰৰ ভিতৰত CO2, CH4, N2O ইত্যাদি।
(A) i, ii, iii
(B) i, ii
(C) ii, iii
(D) i, iii
Answer: D
76. বৰ্তমান মৰু কৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্রস্ত মহাদেশ খন কি ? {Salmara}
(A) উত্তৰ আমেৰিকা
(B) দক্ষিণ আমেৰিকা
(C) এছিয়া
(D) আফ্রিকা
Answer: A
78. তলত দিয়া ছবিটোৱে কেনেকুৱা পৰিৱেশিক সমস্যাৰ ভৱিষ্যত পৰিণতি দেখুৱাইছে ? {Salmara}
(A) মাটি প্রদূষণ
(B) বায়ু প্রদূষণ
(C) গোলকীয় উষ্ণতা
(D) পানী প্রদূষণ
Answer: C
79. স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বুলি কোনে কৈছিল- {Tamulpur}
(A) জিন্মাৰমান
(B) পিটাৰ হেগেট
(C) ৰাষ্ট্ৰসংঘৰ সন্মিলন
(D) ডার্কেনৱাল্ড
Answer: B
80. শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাত ভূ-পৃষ্ঠৰ গড় উষ্ণতা কিমান আছিল- {Tamulpur}
(A) প্রায় 0.76 ডিগ্ৰী চেলছিয়াচৰ বেছি
(B) প্রায় 0.76 ডিগ্রী চেলছিয়াচৰ কম
(C) প্রায় 0.76 ডিগ্ৰী আৰু 5.8 ডিগ্রী চেলছিয়াচৰ মাজত
(D) প্রায় 5.8 ডিগ্রী চেলছিয়াচৰ বেছি।
Answer: B
81. তলৰ কোনটো ‘প্রদূষক’ যিয়ে প্রদূষণৰ সৃষ্টি কৰি পৰিবেশ বিনষ্ট কৰা প্রক্রিয়াত সহায় কৰে। {Udalguri}
(A) অনুৰ্বৰ ভূমি
(B) LPG
(C) সীহ (Lead)
(D) গোবৰ সাৰ
Answer: C
82. বায়ু প্রদূষণৰ প্রাকৃতিক কাৰক হিচাপে তলৰ কোনটো ঘটনা জড়িত? {Udalguri}
(A) 2000 চনৰ গুজৰাট ভূমিকম্প।
(B) আফ্রিকাত হোৱা মৰুকৰণ।
(C) মাউন্ট পিনাটুব’ৰ 1991 ৰ আগ্নেয় উদ্গিৰণ।
(D) 2025 চনত পঞ্জাৱত হোৱা বানপানী।
Answer: C
83. বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথিৱীয়ে পুনৰ বায়ুমণ্ডলক এৰি দিয়া তাপক _____ বোলে। {Udalguri}
(A) সৌৰ শক্তি তাপ
(B) গোলকীয় তাপ
(C) লীন তাপ
(D) ভূ-পৃষ্ঠৰ তাপ
Answer: C
84. পাৰিৱেশিক সমস্যাৰ গোলকীয় সমস্যাই তলৰ কোনটো দিশ বিবেচনা কৰে ? {Udalguri}
(A) একো একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে।
(B) সমস্যা সমূহ ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হয়।
(C) সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাই।
(D) ওপৰৰ এটাও নহয়।
Answer: C
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল কেইটা?
(A) দুটা
(B) তিনিটা
(C) চাৰিটা
(D) পাঁচটা
Answer: C
2. বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি?
(A) অক্সিজেন
(B) নাইট্ৰ’জেন
(C) কাৰ্বন ডাই-অক্সাইড
(D) আৰ্গন
Answer: B
3. তলৰ কোনবিধ গেছক ‘সেউজগৃহ গেছ’ বুলি কোৱা নহয়?
(A) কাৰ্বন ডাই-অক্সাইড
(B) মিথেন
(C) অক্সিজেন
(D) নাইট্ৰাছ অক্সাইড
Answer: C
4. পৃথিৱীৰ উপৰিভাগৰ পানীৰে আৱৰি থকা অংশটোক কি বোলা হয়?
(A) বায়ুমণ্ডল
(B) অশ্মমণ্ডল
(C) জলমণ্ডল
(D) জীৱমণ্ডল
Answer: C
5. এচিড বৰষুণৰ বাবে প্ৰধানকৈ দায়ী গেছ দুবিধ কি কি?
(A) ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড
(B) কাৰ্বন মন’ক্সাইড আৰু মিথেন
(C) কাৰ্বন ডাই-অক্সাইড আৰু অ’জ’ন
(D) ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন আৰু হাইড্ৰ’জেন
Answer: A
6. বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?
(A) ২২ এপ্ৰিল
(B) ৫ জুন
(C) ১৬ ছেপ্তেম্বৰ
(D) ১ ডিচেম্বৰ
Answer: B
7. তলৰ কোনটো ‘স্থানীয় পৰিৱেশ সমস্যা’ৰ উদাহৰণ?
(A) গোলকীয় উষ্ণতা বৃদ্ধি
(B) অ’জ’ন স্তৰৰ বিনাশ
(C) এখন চহৰৰ যান-জঁট আৰু আৱৰ্জনাৰ সমস্যা
(D) সাগৰৰ জলপৃষ্ঠৰ উত্থান
Answer: C
8. জীৱমণ্ডল প্ৰধানকৈ ক’ত অৱস্থিত?
(A) কেৱল জলমণ্ডলত
(B) অশ্মমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলৰ যি অংশত জীৱ বৰ্তি থাকে
(C) বায়ুমণ্ডলৰ একেবাৰে উচ্চ স্তৰত
(D) পৃথিৱীৰ কেন্দ্ৰভাগত
Answer: B
9. ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (CFC) গেছৰ প্ৰধান উৎস কি?
(A) যান-বাহনৰ ধোঁৱা
(B) ধাননি পথাৰ
(C) ৰেফ্ৰিজাৰেটৰ আৰু এয়াৰ কণ্ডিচনাৰ
(D) আগ্নেয়গিৰিৰ উদ্গীৰণ
Answer: C
10. তলৰ কোনটো কাৰকে মাটি প্ৰদূষণ ঘটায়?
(A) অত্যধিক শব্দ
(B) ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যধিক প্ৰয়োগ
(C) বতাহ শক্তিৰ ব্যৱহাৰ
(D) বৰষুণৰ পানী
Answer: B
11. মৰুকৰণ প্ৰক্ৰিয়া আটাইতকৈ বেছি ক’ত দেখা যায়?
(A) নিৰক্ষীয় বৰ্ষাৰণ্য অঞ্চলত
(B) মেৰু অঞ্চলত
(C) শুকান আৰু অৰ্ধ-শুকান অঞ্চলত
(D) সাগৰৰ উপকূলৱৰ্তী অঞ্চলত
Answer: C
12. সেউজগৃহ প্ৰভাৱৰ ফলত পৃথিৱীত কি পৰিৱৰ্তন ঘটিছে?
(A) বায়ুমণ্ডলৰ উষ্ণতা অস্বাভাৱিকভাৱে হ্ৰাস পাইছে
(B) বায়ুমণ্ডলৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে
(C) বায়ুমণ্ডলৰ অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাইছে
(D) বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে
Answer: B
13. অশ্মমণ্ডলৰ গঠনত আটাইতকৈ বেছি পৰিমাণে থকা উপাদানবিধ কি?
(A) লো
(B) ছিলিকন
(C) অক্সিজেন
(D) এলুমিনিয়াম
Answer: C
14. সাগৰৰ পৃষ্ঠত পানীৰ উষ্ণতা বৃদ্ধি পালে তলৰ কোনটো প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়?
(A) ভূমিকম্প
(B) ছুনামি
(C) ঘূৰ্ণীবতাহ
(D) আগ্নেয়গিৰি
Answer: C
15. অ’জ’ন স্তৰে সূৰ্যৰ পৰা অহা কোনবিধ ক্ষতিকাৰক ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে?
(A) অৱলোহিত ৰশ্মি
(B) অতিবেঙুনীয়া ৰশ্মি
(C) গামা ৰশ্মি
(D) এক্স-ৰে
Answer: B
16. গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত তলৰ কোনটো পৰিঘটনা হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি?
(A) মৰুভূমিৰ বিলুপ্তি
(B) মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি
(C) পৃথিৱীত দিন আৰু ৰাতিৰ দৈৰ্ঘ্য সমান হোৱা
(D) বনাঞ্চলৰ দ্ৰুত বৃদ্ধি
Answer: B
17. বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড গেছৰ পৰিমাণ কিমান শতাংশ?
(A) ০.০৩৫%
(B) ০.৯৩%
(C) ২০.৯৪%
(D) ৭৮.০৮%
Answer: A
18. তলৰ কোনটো পৰিৱেশৰ ‘জৈৱ উপাদান’ ?
(A) মাটি
(B) সূৰ্যৰ পোহৰ
(C) অণুজীৱ
(D) পানী
Answer: C
19. পৰিৱেশ তন্ত্ৰত শক্তিৰ মূল উৎস কি?
(A) সেউজীয়া উদ্ভিদ
(B) সূৰ্য
(C) বতাহ
(D) মাটি
Answer: B
20. উদ্যোগৰ পৰা নিৰ্গত হোৱা গৰম পানী পোণপটীয়াভাৱে নদীত পেলালে কি প্ৰদূষণ হয়?
(A) তাপীয় প্ৰদূষণ
(B) বায়ু প্ৰদূষণ
(C) শব্দ প্ৰদূষণ
(D) তেজস্ক্ৰিয় প্ৰদূষণ
Answer: A
21. বনাঞ্চল ধ্বংসৰ প্ৰধান নেতিবাচক প্ৰভাৱ কি?
(A) ভূমি ক্ষয় হ্ৰাস
(B) বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি
(C) জৈৱ বৈচিত্ৰ্যৰ বৃদ্ধি
(D) বৰষুণৰ পৰিমাণ বৃদ্ধি
Answer: B
22. জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে পৰিৱেশৰ ওপৰত কেনে প্ৰভাৱ পেলায়?
(A) প্ৰাকৃতিক সম্পদৰ চাহিদা হ্ৰাস কৰে
(B) বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ বৃদ্ধি কৰে
(C) প্ৰাকৃতিক সম্পদৰ দ্ৰুত ক্ষয় আৰু প্ৰদূষণ বৃদ্ধি কৰে
(D) পৰিৱেশত ভাৰসাম্য স্থাপন কৰে
Answer: C
23. ‘গোলকীয় সমস্যা’ৰ এটা প্ৰধান বৈশিষ্ট্য কি?
(A) ই কেৱল এখন নিৰ্দিষ্ট দেশক প্ৰভাৱিত কৰে
(B) ইয়াৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীৰ ওপৰত পৰে আৰু ইয়াৰ সমাধানৰ বাবে আন্তৰ্জাতিক প্ৰচেষ্টাৰ প্ৰয়োজন
(C) ই অতি সোনকালে আপোনা-আপুনি নাইকিয়া হয়
(D) ই কেৱল জীৱ-জন্তুকহে প্ৰভাৱিত কৰে
Answer: B
24. তলৰ কোনটো প্ৰক্ৰিয়াক মৰুকৰণৰ মানৱ-সৃষ্ট কাৰক বুলি ধৰা হয়?
(A) বৰষুণৰ অভাৱ
(B) অত্যধিক পশুচাৰণ
(C) অত্যধিক উষ্ণতা
(D) ধূলিয়ৰী বতাহ
Answer: B
25. এচিড বৰষুণৰ ফলত মাটিত কি পৰিৱৰ্তন আহে?
(A) মাটিৰ উৰ্বৰতা বৃদ্ধি পায়
(B) মাটিৰ অম্লতা বৃদ্ধি পায় আৰু ইয়াৰ উৰ্বৰতা হ্ৰাস পায়
(C) মাটিত পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পায়
(D) মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি পায়
Answer: B
26. তলৰ উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা:
(i) পৃথিৱীৰ স্থলভাগতকৈ জলভাগৰ পৰিমাণ বেছি।
(ii) জলমণ্ডলত থকা মুঠ পানীৰ শতকৰা ৯৭ ভাগেই হ’ল সাগৰ-মহাসাগৰৰ লুণীয়া পানী।
(iii) পৃথিৱীৰ সকলো পানী মানুহৰ ব্যৱহাৰৰ বাবে উপযোগী।
(A) কেৱল (i) আৰু (ii) শুদ্ধ
(B) কেৱল (ii) আৰু (iii) শুদ্ধ
(C) কেৱল (i) আৰু (iii) শুদ্ধ
(D) আটাইকেইটা শুদ্ধ
Answer: A
27. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:
ক অংশ (প্ৰদূষক)
(a) ৰাসায়নিক সাৰ
(b) ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন
(c) কাৰ্বন মন’ক্সাইড
খ অংশ (প্ৰভাৱ)
(i) অ’জ’ন স্তৰৰ বিনাশ
(ii) যান-বাহনৰ ধোঁৱা
(iii) মাটি আৰু পানী প্ৰদূষণ
(A) (a)-iii, (b)-ii, (c)-i
(B) (a)-iii, (b)-i, (c)-ii
(C) (a)-i, (b)-ii, (c)-iii
(D) (a)-ii, (b)-iii, (c)-i
Answer: B
28. মৰুকৰণ ৰোধ কৰিবলৈ গ্ৰহণ কৰিব পৰা আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থাটো কি?
(A) বৃক্ষৰোপণ আৰু বনায়ন
(B) অধিক উদ্যোগ স্থাপন
(C) কৃষি কাৰ্য সম্পূৰ্ণ বন্ধ কৰা
(D) অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা
Answer: A
29. তলৰ কোনটো কাৰকে নগৰ অঞ্চলত জল প্ৰদূষণ সৰ্বাধিক কৰে?
(A) ঘৰুৱা আৱৰ্জনা আৰু ঔদ্যোগিক পেলনীয়া পানী নদীত পেলোৱা
(B) ৰাস্তা নিৰ্মাণ
(C) যান-বাহনৰ শব্দ
(D) গছপুলি ৰোপণ
Answer: A
30. তলৰ উক্তিসমূহ পঢ়া আৰু অশুদ্ধ উক্তিটো বাছি উলিওৱা:
(A) বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়াৰ স্তৰতে বতৰৰ সকলো পৰিৱৰ্তন সংঘটিত হয়।
(B) জীৱমণ্ডল পৃথিৱীৰ চাৰিওটা মণ্ডলৰ ভিতৰত আটাইতকৈ বৃহৎ মণ্ডল।
(C) পৃথিৱীৰ স্থলভাগক অশ্মমণ্ডল বুলি কোৱা হয়।
(D) সেউজগৃহ প্ৰভাৱ নথকাহেঁতেন পৃথিৱীৰ উষ্ণতা বৰ্তমানতকৈ বহুত কম হ’লহেঁতেন।
Answer: B
31. তলৰ কোনটো প্ৰাকৃতিক পৰিৱেশৰ সমস্যা নহয়, বৰঞ্চ মানৱ-সৃষ্ট সমস্যা?
(A) ভূমিকম্প
(B) আগ্নেয়গিৰিৰ উদ্গীৰণ
(C) প্লাষ্টিক আৱৰ্জনাৰ বৃদ্ধি
(D) ছুনামি
Answer: C
32. আধুনিক প্ৰযুক্তিবিদ্যাই পৰিৱেশৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে?
(A) ই কেৱল পৰিৱেশৰ উন্নতি সাধন কৰিছে
(B) ই পৰিৱেশৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই
(C) ই মানুহৰ জীৱন-ধাৰণ সহজ কৰিছে যদিও প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিছে
(D) ই বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিছে
Answer: C
33. তলৰ কোনখন গেছীয় আৱৰণে পৃথিৱীক এখন কম্বলৰ দৰে আৱৰি ৰাখিছে?
(A) অশ্মমণ্ডল
(B) বায়ুমণ্ডল
(C) জীৱমণ্ডল
(D) জলমণ্ডল
Answer: B
34. নগৰীকৰণৰ ফলত সৃষ্টি হোৱা এটা প্ৰধান পৰিৱেশ সমস্যা হ’ল:
(A) নিৰ্বানীকৰণ আৰু বনাঞ্চলৰ সংকোচন
(B) কৃষিভূমিৰ উৰ্বৰতা বৃদ্ধি
(C) বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধি
(D) পানীৰ গুণাগুণ বৃদ্ধি
Answer: A
35. এচিড বৰষুণে ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ (যেনে- তাজমহল) কেনে ক্ষতি কৰে?
(A) ই কীৰ্তিচিহ্নসমূহৰ ৰং উজ্জ্বল কৰে
(B) ই মাৰ্বল আৰু পাথৰ ক্ষয় নিয়াই কীৰ্তিচিহ্নসমূহৰ ক্ষতি সাধন কৰে
(C) ই কীৰ্তিচিহ্নসমূহক অধিক মজবুত কৰে
(D) ইয়াৰ কোনো প্ৰভাৱ নাই
Answer: B
36. গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আমি কি কৰা উচিত?
(A) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰা
(B) বননি ধ্বংস কৰা
(C) নৱীকৰণযোগ্য শক্তিৰ (যেনে: সৌৰশক্তি) ব্যৱহাৰ বৃদ্ধি কৰা
(D) প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি কৰা
Answer: C
37. বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জ’ন গেছৰ স্তৰ পোৱা যায়?
(A) ট্ৰপ’স্ফিয়াৰ
(B) ষ্ট্ৰেট’স্ফিয়াৰ
(C) মেছ’স্ফিয়াৰ
(D) থাৰ্ম’স্ফিয়াৰ
Answer: B
38. যিবোৰ আৱৰ্জনা জীৱাণুৰ দ্বাৰা পচি গৈ মাটিৰ লগত মিহলি হয়, সেইবোৰক কি বোলে?
(A) জীৱ-অৱনমনীয় আৱৰ্জনা
(B) জীৱ-নমনীয় আৱৰ্জনা
(C) তেজস্ক্ৰিয় আৱৰ্জনা
(D) কঠিন আৱৰ্জনা
Answer: B
39. তলৰ কোনটো কাৰকে বায়ুত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰাত প্ৰত্যক্ষভাৱে অৰিহণা যোগায়?
(A) সৌৰ পেনেলৰ ব্যৱহাৰ
(B) বনায়ন
(C) কয়লা আৰু পেট্ৰ’লিয়ামৰ দহন
(D) জৈৱিক খেতি
Answer: C
40. মৰুভূমি আৰু মৰুকৰণৰ মাজৰ প্ৰধান পাৰ্থক্যটো কি?
(A) দুয়োটা একেই প্ৰক্ৰিয়া
(B) মৰুভূমি এক প্ৰাকৃতিক অৱস্থা, কিন্তু মৰুকৰণ হ’ল মানুহৰ কাৰ্যকলাপৰ ফলত মৰুভূমিসদৃশ অৱস্থাৰ প্ৰসাৰ ঘটা প্ৰক্ৰিয়া
(C) মৰুকৰণ কেৱল শীতপ্ৰধান অঞ্চলত হয়
(D) মৰুভূমি মানৱ-সৃষ্ট আৰু মৰুকৰণ প্ৰাকৃতিক
Answer: B
41. দাবী (A): গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ু পৰিৱৰ্তনৰ সৃষ্টি কৰিছে।
কাৰণ (R): বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা তাপ শূন্যলৈ ঘূৰি যাব নোৱাৰি বায়ুমণ্ডলৰ উষ্ণতা বঢ়াই দিছে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
42. দাবী (A): এচিড বৰষুণ কৃষিকাৰ্যৰ বাবে অতি ক্ষতিকাৰক।
কাৰণ (R): এচিড বৰষুণে মাটিৰ অম্লতা (pH) সলনি কৰি মাটিৰ উৰ্বৰতা আৰু অনুজীৱসমূহ নষ্ট কৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
43. দাবী (A): উদ্যোগীকৰণ আৰু নগৰীকৰণে পৰিৱেশৰ অৱনতি ঘটাইছে।
কাৰণ (R): উদ্যোগ আৰু যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু ৰাসায়নিক পদাৰ্থই বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰিছে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
44. দাবী (A): পৃথিৱীৰ জীৱমণ্ডলত অশ্মমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলৰ উপাদানসমূহৰ সংমিশ্ৰণ ঘটিছে।
কাৰণ (R): জীৱ বৰ্তি থাকিবলৈ মাটি (আশ্ৰয়), পানী আৰু বায়ুৰ প্ৰয়োজন।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
45. দাবী (A): প্লাষ্টিকৰ দৰে পেলনীয়া সামগ্ৰী পৰিৱেশৰ বাবে এক ডাঙৰ ভাবুকি।
কাৰণ (R): প্লাষ্টিক হ’ল জীৱ-নমনীয় (biodegradable) পদাৰ্থ আৰু ই অতি সহজে মাটিত পচি যায়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) আৰু (R) দুয়োটাই অসত্য।
Answer: C
46. দাবী (A): গছ-গছনি কাটি তহিলং কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে।
কাৰণ (R): গছ-গছনিয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই-অক্সাইড শোষণ কৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
47. দাবী (A): মৰুকৰণ কেৱল মৰুভূমিৰ কাষৰীয়া অঞ্চলতহে সংঘটিত হয়।
কাৰণ (R): বৰষুণৰ অভাৱ আৰু মানুহৰ অবৈজ্ঞানিক কাৰ্যকলাপৰ ফলত যিকোনো অৰ্ধ-শুকান অঞ্চলতো মৰুকৰণ হ’ব পাৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: D
48. দাবী (A): সেউজগৃহ প্ৰভাৱ সম্পূৰ্ণৰূপে মানৱ-সৃষ্ট এক ক্ষতিকাৰক পৰিঘটনা।
কাৰণ (R): প্ৰাকৃতিক সেউজগৃহ প্ৰভাৱ নথকাহেঁতেন পৃথিৱীখন বৰফেৰে আবৃত এখন শীতল গ্ৰহত পৰিণত হ’লহেঁতেন।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: D
49. দাবী (A): জনসংখ্যাৰ বিস্ফোৰণে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰে।
কাৰণ (R): বৰ্ধিত জনসংখ্যাৰ বাসস্থান আৰু খাদ্যৰ প্ৰয়োজন পূৰাবলৈ বনাঞ্চল ধ্বংস, জলাশয় পুতি পেলোৱা আদি কাৰ্য কৰা হয়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
50. দাবী (A): গোলকীয় উষ্ণতা বৃদ্ধিয়ে সাগৰ-মহাসাগৰৰ উপকূলীয় অঞ্চলসমূহলৈ বিপদ কঢ়িয়াই আনিছে।
কাৰণ (R): উষ্ণতা বৃদ্ধিৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে, যাৰ ফলত উপকূলীয় অঞ্চল জলমগ্ন হোৱাৰ সম্ভাৱনা আছে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
HSLC PYQs (2016-2026): 2/3 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ
1. তলৰ ছবিখন চোৱা আৰু তাৰ পিছত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখা : {2026}
ভৱিষ্যতৰ এই ফলাফলটোৱে তোমাৰ চহৰখনলৈ কেনে ধৰণৰ বিপদ কঢ়িয়াই আনিব পাৰে ? এই ফলাফলটোৰ আঁৰৰ মূল কাৰণটো হ্ৰাস কৰিবৰ বাবে ল’ব পৰা যিকোনো দুটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া। {2026}
2. ‘দি আছাম ট্রিবিউন’ কাকতৰ (২৯ ডিচেম্বৰ, ২০২২) তলত দিয়া বাতৰিৰ শিৰোনামটো পঢ়া আৰু তাৰ পিছৰ প্রশ্নটোৰ উত্তৰ দিয়া: “গড় যান-বাহনৰ গতিৰ ক্ষেত্ৰত শীর্ষ ৫খন লেহেমীয়া চহৰৰ ভিতৰত গুৱাহাটীৰ নাম।” যান-বাহনৰ লেহেমীয়া গতিৰ ফলত গুৱাহাটীয়ে সম্মুখীন হৈ অহা তিনিটা পাৰিৱেশিক সমস্যাৰ নাম লিখা। {2025}
3. মাটি প্রদূষণ বুলিলে কি বুজায়? মাটি প্ৰদূষণৰ কাৰণবোৰ চমুকৈ বর্ণনা কৰা। {2024}
4. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? চাৰিটা উদাহৰণ দিয়া। {2023}
5. মাটি কেনেকৈ প্ৰদূষিত হয়? {2022}
6. মৰকৰণ কি? ইয়াৰ দুটা কাৰণ উল্লেখ কৰা। {2022}
7. পানী প্রদূষণ কেনেকৈ হয়? {2020}
8. প্রদূষণ মানে কি বুজায়? মাটি কিদৰে প্ৰদূষিত হয়, লিখা। {2019}
9. মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা। {2018}
10. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি লিখা। {2018}
11. পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা।{2018}
12. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা। {2018}
13. মৰকৰণ কি? মৰুকৰণৰ দুটা কাৰণ লিখা। {2017}
14. প্রদূষণ কি? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। {2017}
15. পৰিবেশিক সমস্যা কি? পৰিবেশক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা{2017}
16. ভূমিস্খলন কি? অসমৰ ভূমিস্খলনৰ প্ৰধান দুটা কাৰণ কি কি? {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা। {Jorhat}
2. পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। {Kokrajhar}
3. মানুহৰ কাৰ্যকলাপৰ ফলত হোৱা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ দুটা পৰামর্শ দিয়া। {Nalbari}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. শীতল মৰুভূমি কি? এই শীতল মৰুভূমিৰ ওপৰত গোলকীয় উষ্ণতাই সম্ভাব্য কি প্ৰভাৰ পেলাব পাৰে? {Bajali}
2. বৰ্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে? {Barpeta}
3. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধিৰ দুটা ফলাফল লিখা। {Bongaigaon}
4. ঘটনাটো অধ্যয়ন কৰা আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া। {Hailakandi}
এখন ক্ৰমবৰ্ধমান চহৰৰ সমীপৰ এটা অৰ্ধ-শুষ্ক অঞ্চলত দ্ৰুত নগৰায়ন হৈছিল। গৃহ নিৰ্মাণ আৰু উদ্যোগৰ বাবে বনাঞ্চল মুকলি কৰা হৈছিল। ভূগৰ্ভস্থ পানীৰ উত্তোলন যথেষ্ট বৃদ্ধি পাইছিল, যাৰ ফল পানীৰ স্তৰ তললৈ নামি গৈছিল। সময়ৰ লগে লগে মাটিখিনি শুকান আৰু অনুৰ্বৰ হৈ পৰিছিল।
5. বন ধ্বংসই মৰুকৰণত কেনেদৰে অৱদান যোগায়?
6. নগৰায়নে কেনেদৰে পৰোক্ষভাৱে মৰুকৰণৰ কাৰণ হ’ব পাৰে ব্যাখ্যা কৰা।
7. ” অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্টকৰা প্ৰক্ৰিয়াক সহজ ভাষাত প্রদূষণ বুলি কোৱা হয়”। সম্প্রীতি আমাৰ দেশত প্রধানকৈ দেখা দিয়া সেই সমস্যাবোৰৰ বিষয়ে চমুকৈ লিখা- {Lakhimpur}
8. মৰুকৰণ সৃষ্টি হোৱা তিনিটা কাৰক উল্লেখ কৰা। {Majuli}
9. এচিড বৰষুণৰ দৰে বায়ু প্ৰদূষণে শেষত কেনেকৈ পানী আৰু ভূমি প্ৰদূষণৰ সৃষ্টি কৰে। {Morigaon}
10. উল্লিখিত চিত্ৰখনত কোনটো পাৰিৱেশিক সমস্যাৰ ভৱিষ্যৎ পৰিণতি প্রকাশ কৰা হৈছে? সমস্যাটো ৰোধ কৰিবৰ বাবে তুমি দুটা পৰামৰ্শ আগবঢ়োৱা। {Sibsagar}
11. নিম্নে প্রদত্ত পাই চিত্র পর্যবেক্ষণ করে প্রশ্নগুলির উত্তর লেখো :- {Sribhumi}
i) কোন ক্ষেত্র সবুজগৃহ গ্যাস নির্গমনের জন্য বেশি পরিমাণে দায়ী?
ii) শিল্প এবং পরিবহন বিভাগ দ্বারা উৎপাদিত নিরর্গমনের শতাংশ বের করো।
iii) এই তথ্যের উপর ভিত্তি করে যদি কোনও সরকার নির্গমন কমাতে চায়, তাহলে কোন্ দুটি ক্ষেত্রকে সর্বাধিকার দেওয়া হবে?
12. তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ উল্লেখ কৰা আৰু সমাধানৰ এটা উপায় লিখা। {Salmara}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘মৰুকৰণ’ শব্দটোৰে প্রকৃততে কি বুজায়? মৰুকৰণ প্রক্রিয়াক সহায় কৰা কাৰক সমূহ কি কি? চমুকৈ লিখা। {Baksa}
2. পৃথিবীৰ পৰিবেশৰ প্রধান মণ্ডল চাৰিটাৰ মাজৰ বিষয়ে চমুকৈ লিখা। {Baksa}
3. ‘মৰুভূমি আৰু মৰুকৰণ একে নহয়’ – ব্যাখ্যা কৰা {Biswanath}
4. আধুনিক প্রযুক্তি মানুষের জীবন সহজ করে তুলেছে কিন্তু পরিবেশের ক্ষতিসাধন করেছে। তোমার মতামত দাও। {Cachar}
5. বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধিৰ দুটা কাৰণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণৰ দুটা উপযুক্ত ব্যৱস্থা উল্লেখ কৰা। {Darrang}
6. পৰিবেশ বুলিলে কি বুজা ? পৰিবেশ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। {Sonitpur}
7. গোলকীয় উষ্ণতা কি? গোলকীয় উষ্ণতা ৰোধ কৰাৰ তিনিটা উপায়ৰ পৰামৰ্শ দিয়া। {Sonitpur}
8. “মৰুকৰণে মহাদেশ সমূহক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছে” – যদি এই বাক্যশাৰী সত্য বুলি ভাৱা তেনেহ’লে তথ্য সহকাৰে ইয়াৰ সত্যতা প্রমাণ কৰা। {Tamulpur}
9. পৰিৱেশৰ আঞ্চলিক সমস্যা কিদৰে গোলকীয় সমস্যালৈ পৰিণত হ’ব পাৰে উদাহৰণসহ বাখ্যা কৰা। {Nalbari}
10. অসমৰ এখন নক্সা মানচিত্র অংকণ কৰা আৰু তাত তলত দিয়াবোৰৰ যিকোনো তিনিটা নামসহ বহুওবা। {Nalbari}
(i) ৰেচম নগৰ
(ii) ভাৰতৰ প্ৰথম তেল শোধনাগাৰ
(iii) বাজাৰ ৰাজধানী
(iv) বিশ্বৰ সর্ববৃহৎ নদী দ্বীপ
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
1. পৰিৱেশ বুলিলে কি বুজা? ইয়াৰ প্ৰধান উপাদান দুটা কি কি?
2. সেউজগৃহ গেছ কাক বোলে? দুবিধ সেউজগৃহ গেছৰ নাম লিখা।
3. গোলকীয় পৰিৱেশ সমস্যাৰ দুটা উদাহৰণ দিয়া।
4. মৰুকৰণ কি?
5. অশ্মমণ্ডল বুলিলে কি বুজায়? ইয়াৰ প্ৰধান কাম কি?
6. বায়ু প্ৰদূষণৰ দুটা প্ৰধান মানৱ-সৃষ্ট কাৰণ উল্লেখ কৰা।
7. জীৱমণ্ডলৰ গুৰুত্ব কি?
8. গোলকীয় উষ্ণতা বৃদ্ধিৰ দুটা প্ৰধান ফলাফল লিখা।
9. এচিড বৰষুণ কেনেকৈ সৃষ্টি হয়?
10. তোমাৰ নিজৰ অঞ্চলত দেখা পোৱা দুটা পৰিৱেশ সমস্যাৰ নাম লিখা।
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
11. নিৰ্বানীকৰণ গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰণ কিয়? বুজাই লিখা।
12. মৰুভূমি আৰু মৰুকৰণৰ মাজত থকা তিনিটা পাৰ্থক্য লিখা।
13. জল প্ৰদূষণ ৰোধ কৰাৰ বাবে ল’ব পৰা যিকোনো তিনিটা ফলপ্ৰসূ ব্যৱস্থা উল্লেখ কৰা।
14. দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত কেনেকৈ বিৰূপ প্ৰভাৱ পেলাইছে? চমুকৈ আলোচনা কৰা।
15. স্থানীয় পৰিৱেশ সমস্যা আৰু গোলকীয় পৰিৱেশ সমস্যাৰ মাজৰ পাৰ্থক্য উদাহৰণসহ বুজাই লিখা।
16. অ’জ’ন স্তৰৰ বিনাশৰ মূল কাৰণসমূহ কি কি? ইয়াৰ ফলত জীৱজগতৰ কি ক্ষতি হ’ব পাৰে?
17. সেউজগৃহ প্ৰভাৱ নথকাহেঁতেন পৃথিৱীত জীৱৰ অস্তিত্ব সম্ভৱ হ’লহেঁতেন নে? তোমাৰ মতামত আগবঢ়োৱা।
18. মাটি প্ৰদূষণ কাক বোলে? কৃষিকাৰ্যই মাটি প্ৰদূষণত কেনেদৰে অৰিহণা যোগায়?
19. পৰিৱেশৰ অৱনতি ৰোধ কৰিবলৈ এজন সচেতন ছাত্ৰ হিচাপে তুমি কি কি পদক্ষেপ গ্ৰহণ কৰিবা?
20. কঠিন আৱৰ্জনা ব্যৱস্থাপনা বৰ্তমান সময়ত কিয় এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে?
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
21. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা আৰু ইহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক বাখ্যা কৰা।
22. গোলকীয় উষ্ণতা বৃদ্ধি কি? ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বিশ্ববাসীয়ে গ্ৰহণ কৰিবলগীয়া চাৰিটা প্ৰধান ব্যৱস্থাৰ বিষয়ে লিখা।
23. মৰুকৰণৰ কাৰকসমূহ কি কি? মৰুকৰণ প্ৰক্ৰিয়া ৰোধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা হাতত লোৱা উচিত?
24. “আধুনিক প্ৰযুক্তিবিদ্যা পৰিৱেশৰ বাবে আশীৰ্বাদ আৰু অভিশাপ দুয়োটাই।” – যুক্তিসহকাৰে এই কথাষাৰৰ বিশ্লেষণ কৰা।
25. উদ্যোগীকৰণ আৰু নগৰীকৰণে পৰিৱেশৰ কিদৰে ক্ষতিসাধন কৰিছে বহলাই আলোচনা কৰা।
26. পানী প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহৰ এটি তুলনামূলক আলোচনা আগবঢ়োৱা।
27. ধৰাহ’ল তুমি এটা ঔদ্যোগিক অঞ্চলৰ বাসিন্দা। অঞ্চলটোৰ পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰ আৰু জনসাধাৰণক তুমি কি কি পৰামৰ্শ দিবা? এখন প্ৰতিবেদনৰ আৰ্হিত লিখা।
28. এচিড বৰষুণৰ কাৰণসমূহ কি কি? ই মানুহৰ স্বাস্থ্য, কৃষি আৰু জলজ পৰিৱেশৰ ওপৰত কেনে প্ৰভাৱ পেলায় বৰ্ণনা কৰা।
29. জীৱমণ্ডলত মানুহৰ স্থান কি? মানুহৰ স্বাৰ্থান্ধ কাৰ্যকলাপৰ বাবে জীৱমণ্ডলৰ ভাৰসাম্য কেনেদৰে বাধাগ্ৰস্ত হৈছে বিশ্লেষণ কৰা।
30. “পৰিৱেশ সুৰক্ষা কেৱল চৰকাৰৰ দায়িত্ব নহয়, ই প্ৰতিজন নাগৰিকৰ কৰ্তব্য।” – পৰিৱেশ সংৰক্ষণত সাধাৰণ ৰাইজৰ ভূমিকা আৰু সজাগতাৰ গুৰুত্বৰ বিষয়ে এখন ৰচনা প্ৰস্তুত কৰা।












