Class 10 Social Science Chapter 9 – অসমৰ ভূগোল Question Bank | HSLC 2027 | ASSEB

class 10 social science

দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 9 – অসমৰ ভূগোল সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 9 – অসমৰ ভূগোল সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল খণ্ডৰ অধ্যায় 9 ‘অসমৰ ভূগোল’ আমাৰ নিজৰ ৰাজ্যখনৰ বিষয়ে জানিবলৈ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

এই পাঠটিত অসমৰ অৱস্থান, ভূ-প্ৰকৃতি (ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি), জলবায়ু, প্ৰাকৃতিক সম্পদ, কৃষি, উদ্যোগ, যাতায়াত ব্যৱস্থা আৰু জনসংখ্যাৰ বিতৰণৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে অসমৰ ভৌগোলিক আৰু অৰ্থনৈতিক অৱস্থাৰ বিষয়ে সামগ্ৰিক জ্ঞান থকাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • অসমৰ ভূ-প্ৰাকৃতিক বিভাগসমূহ, নদ-নদী, জলবায়ু আৰু প্ৰাকৃতিক সম্পদৰ বিস্তৃত আলোচনা।
  • 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- অসমৰ কৃষি সমস্যা, ঔদ্যোগিক বিকাশৰ সম্ভাৱনা, জনসংখ্যা বৃদ্ধিৰ কাৰণ) সহজ তথা মান্য সমাধান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • অসমৰ ভূগোলৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
Original price was: ₹199.00.Current price is: ₹99.00.
Vibrant Note Box
Chapter 9 অসমৰ ভূগোল

https://youtube.com/@ospinacademyদশম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-9                    অস্পিন একাডেমী

অসমৰ ভূগোল

 

HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. ২০১১ চনৰ লোকপিয়ল অনুসৰি তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে ? {2026}

(A) প্রথম শ্রেণীৰ নগৰ – তিনিচুকীয়া,দ্বিতীয় শ্রেণীৰ নগৰ – শিৱসাগৰ

(B) প্রথম শ্রেণীৰ নগৰ – শিৱসাগৰ, দ্বিতীয় শ্রেণীৰ নগৰ – তিনিচুকীয়া

(C) প্রথম শ্রেণীৰ নগৰ – ধুবুৰী, দ্বিতীয় শ্রেণীৰ নগৰ – তেজপুৰ

(D) প্রথম শ্রেণীৰ নগৰ – কৰিমগঞ্জ, দ্বিতীয় শ্রেণীৰ নগৰ – তিনিচুকীয়া

Answer: A

2. অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে তলত দিয়া বাক্যকেইটা পঢ়া আৰু তাৰপিছত দিয়া বিকল্পকেইটাৰপৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা : {2026}

(i) পৰিবহণ খণ্ডত অসম পিছপৰি ৰৈছে।

(ii) অসমৰ পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ সংখ্যাগতভাৱে হৈছে।

(iii) বাট-পথৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ অতি উপযুক্ত।

(iv) অসমৰ ভিন্ন ভূপ্রকৃতিয়ে ইয়াৰ যাতায়াত ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।

(A) (i), (ii), (iii)

(B) (i), (iii), (iv)

(C) (i), (ii), (iv)

(D) (ii), (iii), (iv)

Answer: C

3. তলত উল্লেখ কৰা জনগোটসমূহৰ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্রবাহ একাদিক্রমে সজোৱা। {2025}

(i) মংগোলীয়

(ii) অষ্ট্রিক

(iii) আর্য

(iv) আহোম

(A) (i)→(ii)→(iii)→(iv)

(B) (ii)→(iii)→(i)→(iv)

(C) (i)→(iv)→(iii)→(ii)

(D) (ii)→(i)→(iii)→(iv)

Answer: D 

4. তলত দিয়াবোৰৰ কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল? {2025}

(A) 1901-1911

(B) 1981-1991

(C) 1991-2001

(D) 1941-1951

Answer: C

5. ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল? {2024}

(A) ৬৩.৫%

(B) ৭২.১৯%

(C) ৮৭.১০%

(D) ৮৫.৯০%

Answer: B

6. ২০১১ চনৰ লোকপিয়ল অনুসৰি, অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ’ল- {2024}

(A) গুৱাহাটী → শিলচৰ ডিব্ৰুগড় যোৰহাট

(B) গুৱাহাটী → শিলচৰ যোৰহাট ডিব্ৰুগড়

(C) গুৱাহাটী → শিলচৰ ডিব্ৰুগড় নগাঁও

(D) গুৱাহাটী → ডিব্ৰুগড় শিলচৰ যোৰহাট

Answer: A

7. জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতিকেইটা হ’ল ক্রমে- {2024}

(A) মিচিং → বড়ো → কার্বি

(B) বড়ো → মিচিং→  কার্বি

(C) কার্বি→ মিচিং → বড়ো

(D) বড়ো → কার্বি → মিচিং

Answer: B

8. অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? {2024}

(A) ৰবৰ উদ্যোগ

(B) ৰেচম উদ্যোগ

(C) কাগজ উদ্যোগ

(D) চাহ উদ্যোগ

Answer: D

9. অসমৰ অন্তৰ্গত দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল- {2024}

(A) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

(B) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(C) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(D) ৫৪ নং ৰাষ্ট্ৰী ঘাইপথ

Answer: B

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)

1. ২০১১ চনৰ তথ্যমতে অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ জিলাখন হৈছে {Bajali}

(A) কার্বি আংলং

(B) ডিমা হাচাও

(C) হাইলাকান্দি

(D) ধেমাজি

Answer: B

2. বিকল্পবোৰৰ পৰা শুদ্ধ উক্তিবোৰ চিনাক্ত কৰাঃ {Bajali}

(A) অসমলৈ আগমন ঘটা প্রথমটো জনস্রোত আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল

(B) অস্ট্রিক জনগোষ্ঠীৰ পিছত সিন্ধু আৰ্যমূলৰ লোকসকল আছিল

(C) কাৰ্বি অসমৰ তৃতীয় বৃহৎ জনজাতি

(D) আহোমসকল মূলতঃ মংগোলীয় বংশৰ লোক আছিল

(A) A, B, C

(B) B, C, D

(C) C, D, A

(D) A, B, D

Answer: C

3. ২০১৫-১৬ চনৰ তথ্যমতে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? {Bajali}

(A) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

(B) ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

(C) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(D) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

Answer: D

4. ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ প্রাকৃতিকগেছ অসমে উৎপাদন কৰে? {Bajali}

(A) ২৫%

(B) ৫০%

(C) ১৫%

(D) ৩৫%

Answer: A

5. (৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ আৰু শেষ হোৱা ঠাই দুখন কি কি?) {Bajali}

(A) পঞ্চৰত্ন – গোৱালপাৰা

(B) বক্সিৰহাট, পশ্চিমবংগ — আমিনগাঁও, কামৰূপ

(C) মাকুম, তিনিচুকীয়া — লেখাপানী, গোলাঘাট

(D) নগাঁও — নাগালেণ্ড সীমান্ত

Answer: B

6. অসমৰ হিন্দু জনসংখ্যাৰ এক বৃহৎ অংশক প্রতিনিধিত্ব কৰা জনগোষ্ঠীটো হৈছে- {Bajali}

(A) ক’কেছীয় জনগোষ্ঠী

(B) মংগোলীয় জনগোষ্ঠী

(C) অস্ট্রিক জনগোষ্ঠী

(D) বড়োসকল

Answer: A

7. মেঘালয়ৰ খাছীয়া জনজাতি কোনটো নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত? {Bajali}

(A) নিগ্রো গোষ্ঠীৰ

(B) অষ্ট্ৰিক গোষ্ঠীৰ

(C) দ্রাবিড় গোষ্ঠীৰ

(D) মংগোলীয় গোষ্ঠীৰ

Answer: B

8. চুণশিল পোৱা অসমৰ জিলা দুখন হ’ল- {Baksa}

(A) শিৱসাগৰ আৰু তিনিচুকীয়া

(B) ডিব্ৰুগড় আৰু ডিমা হাছাও

(C) কার্বি আংলং আৰু ডিমা হাছাও

(D) কার্বি আংলং আৰু শোণিতপুৰ

Answer: C

9. অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? {Baksa}

(A) 2.4 শতাংশ

(B) 4.3 শতাংশ

(C) 4.2 শতাংশ

(D) 3.2 শতাংশ

Answer: A

10. ব্রাহ্মাণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল কি জনগোষ্ঠীৰ? {Baksa}

(A) অস্ট্রিক জনগোষ্ঠীৰ

(B) মঙ্গোলীয় জনগোষ্ঠীৰ

(C) ক’কেছীয় জনগোষ্ঠীৰ

(D) চাহ জনগোষ্ঠীৰ

Answer: C

11. তলৰ প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) ৰ ওপৰত ভিক্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Baksa}

দাবী (A): অসমৰ পথ পৰিবহণ, ৰেল পৰিবহণ, জলপৰিবহন আৰু বিমান পৰিবহন ব্যবস্থাই ঢুকে-কোণে থকা ঠাইবোৰৰ মাজত সংযোগ ঘটাই ৰাজ্যখনৰ অৰ্থনীতৰ আভ্যন্তৰীণ বৃদ্ধিত অৰিহণা জগাইছে।

কাৰণ (R): অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূ-খণ্ডদ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈ আছে।

(A) দাবী (A) আৰু কাৰণ (R) দুয়োটাই শুদ্ধ আৰু (R), (A) ৰ শুদ্ধ বাখ্যা।

(B) দাবি (A) আৰু কাৰণ (R) দুয়োটাই শুদ্ধ কিন্তু (R), (A)ৰ শুদ্ধ বাখ্যা নহয়।

(C) (A) শুদ্ধ, (R) অশুদ্ধ।

(D) (A) অশুদ্ধ (R) শুদ্ধ।

Answer: B

12. অসমৰ অন্তৰ্গত দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ হ’ল – {Barpeta}

(A) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

(B) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(C) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(D) ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

Answer: B

13. জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতিকেইটা হ’ল ক্রমে- {Barpeta}

(A) মিছিং – বড়ো – কার্বি

(B) বড়ো – মিছিং – কার্বি

(C) কার্বি – মিছিং – বড়ো

(D) বড়ো – কার্বি – মিছিং

Answer: B

14. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো তিনিটা নামসহ বহুওৱা. {Barpeta}

(A) এখন ৰাষ্ট্ৰীয় উদ্যান

(B) অসমৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়

(C) চাহ উদ্যোগ পার্ক

(D) এখন তেল শোধনাগাৰ

15. অসমৰ দক্ষিণ দিশত থকা ৰাজ্যখন হ’ল – {Biswanath}

(A) নাগালেণ্ড

(B) মিজোৰাম

(C) অৰুণাচল প্ৰদেশ

(D) মেঘালয়

Answer: B

15. প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ৪৪ জন লোকে বাস কৰা জিলাখন হৈছে – {Biswanath}

(A) কাৰ্বি আংলং

(B) ডিমা হাচাও

(C) ধেমাজি

(D) চিৰাং

Answer: B

16. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ’ল – {Biswanath}

(A) খামতি

(B) খাচি

(C) আদি

(D) কাৰ্বি

Answer: A

17. উত্তৰপূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত – {Biswanath}

(A) মৰিগাঁও

(B) মালিগাঁও

(C) লামডিং

(D) ৰঙিয়া

Answer: B

18. 52, A ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৃতি হৈছে – {Biswanath}

(A) দামৰা মেঘালয় সীমান্ত

(B) কৰিমগঞ্জ, বাংলাদেশ সীমান্ত

(C) গহপুৰ অৰুণাচল প্ৰদেশ সীমান্ত, অৰুণাচল প্ৰদেশ সীমান্ত বান্দৰদেৱা

(D) নগাঁও – দবকা – আমলখি – নাগালেণ্ড সীমান্ত

Answer: C

19. ২০১১ চনৰ অসমৰ জনসংখ্যাৰ বৈশিষ্ট্যৰ তালিকাত থকা ভুলটো বাছি উলিওৱা – {Biswanath}

         জনসংখ্যাৰ বৈশিষ্ট্য                           →  ২০১১ চন

(A) শিক্ষিতৰ হাৰ (শতাংশত)                     → (৭২.১৯)

(B) গাঁৱলীয়া জনসংখ্যা (শতাংশত)             → (৮৫.৯০)

(C) নগৰীয়া জনসংখ্যা                               → (১২.৯০)

(D) অনুসূচীত জাতিৰ জনসংখ্যা (শতাংশত) → (৭.১৫)

Answer: C

20. (i) চাহ অসমৰ প্ৰধান শস্য {Bongaigaon}

(ii) চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ

(A) (i) আৰু (ii) উভয়ে শুদ্ধ।

(B) (i) আৰু (ii) উভয়ে অশুদ্ধ।

(C) কেৱল (i) শুদ্ধ।

(D) কেৱল (ii) শুদ্ধ।

Answer: D

21. অসমৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা সংযোগ হোৱা বিদেশী ৰাষ্ট্ৰ দুখন হ’ল – {Bongaigaon}

(i) চীন

(ii) বাংলাদেশ

(iii) নেপাল

(iv) ভূটান

(A) (i), (ii)

(B) (ii), (iv)

(C) (ii), (iii)

(D) (i), (iv)

Answer: B

22. ‘গুৱাহাটী বিশ্ববিদ্যালয়’ স্থাপন কৰা হৈছিল- {Bongaigaon}

(A) ১৯৩০ চনৰ ২৬ জানুৱাৰী

(B) ১৯৪৮ চনৰ ২৬ জানুৱাৰী

(C) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ

(D) ১৯৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী।

Answer: B

23. উক্তিঃ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈ নানা জনগোষ্ঠী আৰু ভাষা-ভাষী লোকৰ অসমলৈ আগমন ঘটি আছে। {Bongaigaon}

কাৰণ : প্ৰচুৰ বৰষুণ আৰু নানা প্ৰজাতিৰ জীৱ জন্তু আৰু উদ্ভিদৰ অৱস্থিতি।

(A) (1) আৰু (2) শুদ্ধ

(B) (1), (2) আৰু (3) টো শুদ্ধ

(C) ওপৰৰ আটাইকেইটা শুদ্ধ

(D) ওপৰৰ আটাইকেইটা অশুদ্ধ

Answer: C

24. ২০১১ চনৰ লোক পিয়ল অনুসৰি, অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ’ল – {Bongaigaon}

(A) গুৱাহাটী – শিলচৰ – ডিব্ৰুগড় – যোৰহাট

(B) গৰাকীঠি – শিলচৰ – যোৰহাট – ডিব্ৰুগড়

(C) গুৱাহাটী – শিলচৰ – ডিব্ৰুগড় – নগাওঁ

(D) গৰাকীঠি – ডিব্ৰুগড় – শিলচৰ – যোৰহাট

Answer: A

25. তালিকাটি পূর্ণ করো {Cachar}

অস্ট্রিক

খাসিয়া

তিব্বতীয় বর্মী

মিসিং

মঙ্গোলীয়  

?                                     

(A) কোচ-রাজবংশী

(B) রাভা

(C) জয়ন্তীয়া

(D) মার

Answer: B

26. শিলচর গোয়ালপাড়া থেকে কিভাবে আলাদা? {Cachar}

(A) শিলচর অসমের পূর্বে এবং গোয়ালপাড়া অসমের উত্তরে অবস্থিত।

(B) শিলচর প্রথম শ্রেণির শহর এবং গোয়ালপাড়া দ্বিতীয় শ্রেণির শহর।

(C) শিলচর গোয়ালপাড়া থেকে বেশী ধানের উৎপাদন করে।

(D) গোয়ালপাড়ার তুলনায় শিলচরে কম নদী আছে।

Answer: B

27. নিচের দেওয়া অসমের কোন জেলাগুলো ২০১৫-১৬ সালে সৃষ্টি হয়েছিল? {Cachar}

(A) ধুবরি, বরপেটা, চরাইদেউ

(B) মানকাছাড়, যোরহাট, কাছাড়

(C) বিশ্বনাথ, হোজাই, মাজুলি

(D) নগাঁও, চিরাং, কামরূপ

Answer: C

28. নীচে দেওয়া বিকল্পগুলোর মধ্যে কোনটি অসমের রেল পরিবহনের সুবিধে নয়? {Cachar}

(A) দীর্ঘ দূরত্বের জন্য ভালো এবং নির্ভরযোগ্য।

(B) অর্থনৈতিক উন্নয়ন নিশ্চিত করে।

(C) শুধু কৃষি ক্ষেত্রে কর্মসংস্থানের সুযোগের বৃদ্ধি হয়।

(D) রাষ্ট্রীয় ঐক্য গড়ে উঠে।

Answer: C

29. কাৰ্বি আংলং আৰু ডিমা হাচাও পার্বত্য অঞ্চলসমূহত সাধাৰণতে কি প্ৰকাৰৰ খেতি কৰা হয় – {Darrang}

(A) ৰোপন কৃষি

(B) ঝুম খেতি

(C) বেদিকা কৃষি

(D) বাণিজ্যিক কৃষি

Answer: B

30. তলৰ কোনটো কৃষিভিত্তিক উদ্যোগ নহয় – {Darrang}

(A) ৰবৰ উদ্যোগ

(B) চাহ উদ্যোগ

(C) এৰি সূতাৰ উদ্যোগ

(D) কৃত্রিম আঁহৰ উদ্যোগ

Answer: D

31. তলত দিয়া কোনবিধ তেলজাতীয় শস্য নহয় – {Darrang}

(A) এৰাগুটি

(B) তিচি

(C) সৰিয়হ

(D) ঘেঁহু

Answer: D

32. এছিয়াৰ বৃহত্তম চাহ-বাগিচাখন অসমত অৱস্থিত। চাহ বাগিচাখনৰ নাম – {Darrang}

(A) বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচা

(B) শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচা

(C) ওদালগুৰি জিলাৰ ক’ৰোম’ৰ চাহ বাগিচা

(D) বাক্সা জিলাৰ নাগ্ৰীজুলি চাহ বাগিচা

Answer: A

33. অসমৰ অৰ্থনীতিৰ বিষয়ে নিম্নলিখিত বক্তব্যসমূহৰ ভিতৰত কোনকেইটা শুদ্ধ – {Darrang}

i. ভাৰতে উৎপাদন কৰা প্ৰাকৃতিক গেছৰ মুঠ 25% অসমত উৎপাদন হয়।

ii. কেন্দ্ৰীয় আৰু ৰাজ্যিক উদ্যোগ নীতিৰ 2004 অধীনত বৰ্তমান অসমৰ জিলাসমূহত 70 খন উদ্যোগপাম আছে।

iii. অসমৰ ডিগবৈত 1889 চনত তেল উৎপাদনৰ বাবে প্রথমে খনন কাৰ্য আৰম্ভ হৈছিল।

iv. ভাৰতৰ মুগা সূতা উৎপাদনৰ ক্ষেত্ৰত অসমে 97% তকৈও অধিক মুগা সূতা উৎপাদন কৰে।

(A) i, ii, iv

(B) ii, iii, iv

(C) iv, iii, ii

(D) i, iii, iv

Answer: D

34. কোনখন বিদেশী ৰাষ্ট্ৰ অসমৰ উত্তৰ দিশত অৱস্থিত? {Dhubri}

(A) নেপাল

(B) চীন

(C) ভূটান

(D) বাংলাদেশ

Answer: C

35. চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। {Dhubri}

মোনাবাৰী অসমৰ সৰ্ববৃহৎ চাহ বাগিছা

(A) i সত্য ii অসত্য

(B) i অসত্য ii সত্য

(C) i আৰু ii সত্য

(D) i আৰু ii অসত্য

Answer: C

36. তলত দিয়াবোৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা – {Dhubri}

(a) ডিগবৈ

(b) নুমলিগড়

(c) নুনমাটি

(i) তিনিচুকীয়া

(ii) কামৰূপ মেট্রো

(iii) গোলাঘাট

(A) (a-i)(b-iii)(c-ii)

(B) (a-i)(b-ii)(c-iii)

(C) (a-iii)(b-i)(c-ii)

(D) (a-ii)(b-iii)(c-i)

Answer: A

37. অসমলৈ আগমন ঘটা প্রথমটো জনস্রোত হ’ল- {Dhubri}

(A) অষ্টিক

(B) মংগোলীয়

(C) আহোম

(D) ককেছীয়া

Answer: A

38. তলৰ কোন যোৰা উদ্যোগ আৰু ইয়াৰ প্ৰাথমিক উদাহৰণ অসমৰ উদ্যোগিক শ্ৰেণীভিাজন অনুসৰি সঠিকভাৱে মিল আছে- {Dhubri}

(A) খনি উদ্যোগ ৰবৰ উদ্যোগ

(B) হস্তশিল্প উদ্যোগ বাঁহ-বেত উদ্যোগ

(C) কৃষি ভিত্তিক উদ্যোগ কয়লা উদ্যোগ

(D) সেৱাখণ্ডৰ উদ্যোগ ৰেচম উদ্যোগ

Answer: B

39. অসমৰ আটাইতকৈ ঘন জনবসতিৰ জিলাখন {Dhubri}

(A) ধুবুৰী

(B) কামৰূপ মেট্রো

(C) নলবাৰী

(D) নগাঁওখি

Answer: B

40. অসমৰ অৰ্থনীতি সম্পর্কে তলৰ কোন কেইটা বক্তব্য সত্য? {Goalpara}

(i) ভাৰতৰ মুঠ প্রাকৃতিক গেছ উৎপাদনৰ প্ৰায় 25% অসমত উৎপন্ন হয়।

(ii) অসমৰ 63 শতাংশতকৈ অধিক শ্রমিক জনসংখ্যা প্রত্যক্ষ বা পৰোক্ষভাবে কৃষি খণ্ডত নিয়োজিত।

(iii) ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় 53% অসমত উৎপাদন হয়।

(iv) বৰ্তমান অসমৰ বিভিন্ন জিলাত প্রায় 55 টা ঔদ্যোগিক বাগিছা এলেকা স্থাপন কৰা হৈছে।

(v) অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 35% যুৱক যুৱতীৰ বয়স 15-34 বছৰ।

(vi) ভাৰতৰ মুঠ এৰি উৎপাদনৰ প্ৰায় 66 শতাংশ অসমত উৎপাদন হয়।

(A) (ii), (iv), (vi)

(B) (i), (iii), (v)

(C) (i), (ii), (iv)

(D) (ii). (iii), (v)

Answer: B

41. অসমৰ মুঠ মাটিকালি হ’ল- {Goalpara}

(A) 78,438 কি.মি.

(B) 78,438 বর্গ কি.মি.

(C) 78,348 বর্গ কি.মি.

(D) 78,428 বর্গ কি.মি.

Answer: B 

42. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ জনবহুল জিলাখন হ’ল- {Goalpara}

(A) কামৰূপ

(B) ডিমা হাচাও

(C) নগাওঁ

(D) ধুবুৰী

Answer: C

43. তলৰ কোনখন ঠাই ‘পনীয়া সোণ’ৰ বাবে বিখ্যাত? {Goalpara}

(A) গোৱালপাৰা

(B) কামৰূপ

(C) ডিগবৈ

(D) ডিব্ৰুগড়

Answer: C

44. নিম্নলিখিত তথ্যৰ ছবিটো চাই দশকীয় জনসংখ্যা বৃদ্ধিৰ অনুপাতৰ আধাৰত কোন চনত ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি হৈছে বাছি উলিওৱাঃ- {Goalpara}

(A) 1901 ৰ পৰা 1921

(B) 1921 ৰ পৰা 1941

(C) 1951 ৰ পৰা 1971

(D) 1981 ৰ পৰা 2011

Answer: C

45. 1991 চনত অসম আৰু ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰৰ পার্থক্য হ’ল- {Goalpara}

(A) 0.24

(B) 0.34

(C) 1.34

(D) 2.34

Answer: B 

46. উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হ’ল- {Goalpara}

(A) মেঘালয়

(B) মণিপুৰ

(C) অসম

(D) ছিকিম

Answer: C

47. মৰিগাঁও আৰু নগাঁও জিলাৰ এজন কৃষকে নতুন শস্যৰ খেতি আৰম্ভ কৰিব বিচাৰিছে। তেওঁৰ ভৌগোলিক অৱস্থান অনুসৰি, তেওঁ কোনটো কৃষি-জলবায়ু মণ্ডলৰ অন্তৰ্গত? {Hailakandi}

(A) উত্তৰ পাৰৰ সমতল মণ্ডলল

(B) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল

(C) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল

(D) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল

Answer: C

48. অসমৰ কৃষি-ভিত্তিক উদ্যোগসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ শুদ্ধ চেটটো চিনাক্ত কৰা: {Hailakandi}

1.পৰ্যাপ্ত আধুনিক প্ৰযুক্তি আৰু মূলধনৰ অভাৱ

2.বিদ্যুৎ যোগানৰ তাৰতম্য আৰু উচ্চ পৰিবহণ ব্যয়

3.দক্ষ শ্ৰমিকৰ অত্যাধিক প্ৰাচুৰ্য

4.ক্ষুদ্ৰ খেতিয়কসকলৰ বাবে উচিত বজাৰ ব্যৱস্থাৰ অভাৱ

(A) 1, 2, আৰু 3

(B) 1, 2, আৰু 4

(C) 2, 3, আৰু 4

(D) 1 আৰু 2 মাত্ৰ 

Answer: B

49. অসমলৈ প্ৰব্ৰজন কৰা নিম্নলিখিত জনগোষ্ঠীসমূহৰ প্ৰব্ৰজনৰ কালানুক্ৰমিক প্ৰৱাহ সজোৱা। {Hailakandi}

i) মংগোলীয়

iii) আৰ্য

ii) অষ্ট্ৰিক

iv) আহোম

(A) (i) → (ii) → (iii) → (iv)

(B) (ii) → (iii) → (i) → (iv)

(C) (i) → (iv) → (iii) → (iii)

(D) (ii) → (i) → (iii) → (iv)

Answer: D

50. তিব্বতীয়-বৰ্মী জনগোষ্ঠীৰ অন্তৰ্গত জনজাতিসমূহৰ শুদ্ধ গোটটো চিনাক্ত কৰা: {Hailakandi}

(A) খাচী, জয়ন্তীয়া, চাওঁতাল

(B) বড়ো, মিচিং, কাৰ্বি, ৰাভা

(C) আহোম, টাই-ফাকে, খামতি

(D) ব্ৰাহ্মণ, কায়স্থ, কলিতা

Answer: B

51. নিম্নলিখিত বিবৃতিবোৰ পঢ়া আৰু প্ৰশ্নটোৰ উত্তৰ দিয়া: {Hailakandi}

দাবী (A): সাম্প্ৰতিক বছৰবোৰত অসমৰ ৰেল নেটৱৰ্ক যথেষ্ট পৰিমাণে মিটাৰ গজৰ পৰা ব্ৰড গজলৈ উন্নীত কৰা হৈছে

কাৰণ (R): সামগ্ৰী আৰু যাত্ৰীৰ দ্ৰুত চলাচল নিশ্চিত কৰিবলৈ আৰু উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত প্ৰত্যক্ষ সংযোগ স্থাপন কৰিবলৈ ব্ৰড গজ ৰূপান্তৰ প্ৰয়োজনীয় আছিল

(A) A আৰু R দুয়োটাই সত্য আৰু R হ’ল A-ৰ শুদ্ধ ব্যাখ্যা

(B) A আৰু R দুয়োটাই সত্য কিন্তু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়

(C) A সত্য কিন্তু R মিছা

(D) A মিছা কিন্তু R সত্য

Answer: A

52. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। {Jorhat}

ক অংশ:

(A) চট্ৰেৰ প্ৰযুক্তি পাৰ্ক

(B) জৈৱ প্ৰযুক্তি পাৰ্ক

(C) প্লাষ্টিক উদ্যোগ পাৰ্ক

(D) বাঁহ উদ্যোগ পাৰ্ক

খ অংশ:

i) গেলাপুখুৰী

ii) বৰঝাৰ

iii) আই.আই.টি. গুৱাহাটী

iv) ছয়গাঁও

বিকল্পঃ

(A) a-ii, b-iii, c-i, d-iv

(B) a-ii, b-iii, c-iv, d-i

(C) a-iii, b-ii, c-iv, d-i

(D) a-i, b-iii, c-ii, d-iv

Answer: A

53. শুৱালকুছিক ‘পূৰ্বৰ মানচেষ্টাৰ’ বুলি জনা যায় কাৰণ ই হ’ল- {Jorhat}

(A) পেট্রলিয়াম উদ্যোগৰ এটা প্রধান কেন্দ্ৰ

(B) ৰেচম বোৱাৰ এটা মূল কেন্দ্র

(C) আটাইতকৈ বৃহৎ চাহ উৎপাদনকাৰী অঞ্চল

(D) এখন জনজাতীয় গাঁও

Answer: B

54. অসম উদ্যোগিক আৰু বিনিয়োগ নীতি ২০১৪ ৰ প্ৰধান লক্ষ্যবোৰ হৈছে- {Jorhat}

i) বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰা

ii) ৰাজ্যখনত বিশেষকৈগ্রামাঞ্চলত জনমুৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা।

iii) অধিক সংখ্যক দ্বিতীয়ক বৃত্তিৰ লোকক অগ্রাধিকাৰ দিয়া।

iv) ৰাজ্যখনৰ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা।

(A) i, iii, iv

(B) i, iii

(C) ii, iii

(D) i, ii, iv

Answer: D

55. তলৰ কোনটো পৰিস্থিতিয়ে অসমৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্র্যৰ প্ৰভাৱৰ উত্তম প্রতিফলন কৰে? {Jorhat}

(A) সকলো সম্প্রদায়ে আনুষ্ঠানিক পৰিৱেশনত কেৱল অসমীয়া ভাষা কয়

(B) প্রতিটো জনগোষ্ঠীয়ে অনন্য উৎসৱৰ অৱদান আগবঢ়ায়, ৰাজ্যখনৰ সংস্কৃতিক সমৃদ্ধ কৰে।

(C) কেৱল মূলসুতিৰ সাংস্কৃতিক বৈশিষ্ট্যকহে প্ৰচাৰ কৰে।

(D) ভার্ষিক বৈচিত্র্যই সম্প্রদায়সমূহৰ মাজত সম্পূর্ণ পৃথকীকৰণৰ সৃষ্টি কৰে।

Answer: B

56. তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথে শ্ৰীৰামপুৰ আৰু মেঘালয়ক সংযুক্ত কৰিছে? {Kamrup M}

(A) 315 A (New)

(B) 127 B (New)

(C) 52 A

(D) 127 D (New)

Answer: B

57. অসমৰ কোন স্থানত চীনা মাটি আৰু সাজি মাটি পোৱা যায়? {Kamrup M}

(A) দেউপানী আৰু সোৱণখাটল

(B) হাহিম আৰু চিলনীজান

(C) বৰহোলা আৰু ভূটান খুটি

(D) কাৰ্বি আংলং আৰু হাহিম

Answer: A

58. ওপৰৰ চিত্ৰখনত থকা ভাৰত আৰু বাংলাদেশৰ সীমাৰেখাডালৰ নাম কি? {Kamrup M}

(A) ডুৰাণ্ড ৰেখা

(B) এল.এ.চি

(C) মেক্ মোহন ৰেখা

(D) ৰেডক্লিফ ৰেখা

Answer: D

59. অসমৰ পাহাৰীয়া অঞ্চলত ঝুম খেতিৰ বেয়া প্ৰভাৱ নাইকীয়া কৰিবলৈ গ্ৰহণ কৰা উপযুক্ত কৃষি পদ্ধতি- {Kamrup M}

(A) মিশ্রিত কৃষি

(B) বেদিকা কৃষি

(C) জৈৱিক কৃষি

(D) ৰোপণ পদ্ধতি

Answer: B

60. মাছ উৎপাদনত ১ম, ২য় আৰু ৩য় স্থানত থকা অসমৰ জিলাকেইখনৰ নাম যথাক্রমে হ’ল- {Kamrup M}

(A) নগাঁও, কাছাৰ আৰু ধুবুৰী

(B) ধুবুৰী, নগাঁও আৰু গোলাঘাট

(C) নগাঁও, গোৱালপাৰা আৰু ধুবুৰী

(D) ধুবুৰী, গোৱালপাৰা আৰু কাছাৰ

Answer: A

61. অসমৰ তেলশোধানাগাৰবোৰক ইয়াৰ বাৰ্ষিক তেল শোধনৰ ক্ষমতাৰ লগত উপযুক্তভাৱে মিলোৱা। {Kamrup M}

1) ডিগবৈ

2) গুৱাহাটী

3) বঙাইগাঁও

4) নুমলীগড়

i) 3

ii) 2.4

iii) 0.7

iv) 1

Options:

(A) 1-(i), 2-(iv), 3-(ii), 4-(iii)

(B) 1-(iv), 2-(ii), 3-(i), 4-(iii)

(C) 1-(iii), 2-(iv), 3-(ii), 4-(i)

(D) 1-(iii), 2-(iv), 3-(i), 4-(ii)

Answer: C

62. বিবৃতি (A): মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমে এই দিশত বিশেষ সফলতা লাভ কৰিব পৰা নাই। {Kamrup M}

কাৰণ (R): ৰাজ্যখনে প্ৰাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়ক তৃতীয়ক আৰু চতুৰ্থক খণ্ডত বিশেষ অগ্রগতি লাভ কৰিব পৰা নাই।

(A) A & R দুয়োটাই শুদ্ধ আৰু R, A ৰ শুদ্ধ বৰ্ণনা

(B) A & R দুয়োটাই শুদ্ধ কিন্তু R, A ৰ শুদ্ধ বৰ্ণনা নহয়

(C) A শুদ্ধ কিন্তু R শুদ্ধ নহয়

(D) R শুদ্ধ কিন্তু A শুদ্ধ নহয়

Answer: A

63. প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে অসমলৈ অহা জনস্রোতবোৰৰ শুদ্ধ ক্রমটো হ’ল- {Kamrup M}

(A) অষ্ট্ৰিক – মংগোলীয় – ক’কেছীয় – আহোম – পূৰ্ববংগীয় মূলৰ মুছলমান – চাহ জনজাতি

(B) মংগোলীয় – অষ্ট্ৰিক – ক’কেছীয় – আহোম – চাহ জনজাতি – পূৰ্ববংগীয় মূলৰ মুছলমান

(C) অষ্ট্ৰিক – মংগোলীয় – ক’কেছীয় – চাহ জনজাতি – আহোম – পূৰ্ববংগীয় মূলৰ মুছলমান

(D) অষ্ট্ৰিক – মংগোলীয় – ক’কেছীয় – আহোম – চাহ জনজাতি – পূৰ্ববংগীয় মূলৰ মুছলমানসক

Answer: D 

64. গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল- {Kamrup R}

(A) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(B) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

(C) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(D) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

Answer: B

65.ক অংশৰ লগত খ অংশ মিলোৱা:{Kamrup R}

ক অংশ

I) ছফটৱেৰ প্ৰযুক্তি উদ্যান

II) মৰাপাট উদ্যোগ উদ্যান

III) চাহ উদ্যোগ

IV) প্লাষ্টিক উদ্যোগ উদ্যান

খ অংশ

a) ছয়গাঁও

b) গেলাপুখুৰী

c) বৰঝাৰ

d) ধিং

(A) I-c, II-d, III-a, IV-b

(B) I-a, II-b, III-c, IV-d

(C) I-b, II-c, III-d, IV-a

(D) I-d, II-c, III-b, IV-a

Answer: A

66. দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্রসিদ্ধ? {Kamrup R}

(A) কাজিৰঙা

(B) ডিব্ৰু-চৈখোৱা

(C) ওৰাং

(D) মানাহ

Answer: B

67. ২০১১ চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ কিমান? {Kamrup R}

(A) ৭২:২০%

(B) ৭২ ১৯%

(C) ৭০৩৫%

(D) ৭২২৫%

Answer: B

68. অসমলৈ প্রব্রজন ঘটা প্রথম জনগোষ্ঠীটো- {Lakhimpur}

(A) মংগোলীয়

(B) অষ্টিক 

(C) আৰ্য 

(D) আহোম 

Answer: B

69. তলত দিয়া নগৰসমূহৰ ভিতৰত দ্বিতীয় শ্রেণীৰ নগৰ চিনাক্ত কৰি উলিওৱা {Lakhimpur}

(A) শিলচৰ 

(B) উত্তৰ লখিমপুৰ

(C) ডিব্ৰুগড় 

(D) তেজপুৰ

Answer: B 

70. এচিয়াৰ বৃহত্তম চাহ বাগিছাখন হ’ল- {Lakhimpur}

(A) বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিছা

(B) ডিব্ৰুগড় জিলাৰ জয়পুৰ চাহ বাগিছা

(C) তিনিচুকীয়া জিলাৰ অলকানন্দ চাহ বাগিছা

(D) লখিমপুৰ জিলাৰ আনন্দ চাহ বাগিছা

Answer: A

71. অসমৰ প্রধান শস্য- {Lakhimpur}

(A) ধান

(B) চাহ

(C) শাক-পাচলি

(D) ফল-মুল

Answer: A

72. উক্তি (A):- বৰ্তমান অসম ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য। {Lakhimpur}

যুক্তি (R): – ভিন্নতা আৰু বিচিত্রতাই হৈছে অসমৰ প্ৰধান বৈশিষ্ট্য।

(A) উক্তি (A) শুদ্ধ আৰু যুক্তি (R) অশুদ্ধ

(B) (A) আৰু (R) দুয়োটাই শুদ্ধ

(C) (A) আৰু (R) দুয়োটাই অশুদ্ধ

(D) (A) অশুদ্ধ আৰু (R) শুদ্ধ

Answer: B

73. অসমৰ জনসংখ্যাৰ ঘনত্ব অধিক থকা জিলাখন হৈছে- {Majuli}

(A) নগাঁও

(B) ধুবুৰী

(C) কামৰূপ (মেট্রো)

(D) যোৰহাট

Answer: c

74. অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল- {Majuli}

(A) বড়ো

(B) মিছিং

(C) কার্বি

(D) দেউৰী

Answer: B

75.অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে- {Majuli}

(A) ৰবৰ উদ্যোগ

(B) ৰেচম উদ্যোগ

(C) কাগজ উদ্যোগ

(D) চাই উদ্যোগ

Answer: D

76. 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্রথম শ্রেণীৰ নগৰবোৰ হ’ল- {Majuli}

(A) গুৱাহাটী → শিলচৰ →ডিব্ৰুগড়→ যোৰহাট

(B) গুৱাহাটী→ শিলচৰ →যোৰহাট →ডিব্রুগড়

(C) গুৱাহাটী→শিলচৰ →ডিব্ৰুগড়→ নগাঁও

(D) গুৱাহাটী →ডিব্রুগড় →শিলচৰ→ যোৰহাট

Answer: A

77. তলৰ কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্ভুক্ত – {Morigaon}

(A) চিৰাং

(B) বাক্সা

(C) হাইলাকান্দি

(D) কাৰ্বি আংলং

Answer: C

78. অসমৰ তৈলক্ষেত্ৰসমূহৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আৱিষ্কাৰ হোৱা তৈলক্ষেত্ৰসমূহ ক্রম অনুসৰি সজাই লিখা – {Morigaon}

(A) ডিগবৈ → মৰাণ-হুগ্ৰীজান → নাহৰকটীয়া

(B) ডিগবৈ → নাহৰকটীয়া → মৰাণ-হুগ্ৰীজান

(C) নাহৰকটীয়া → ডিগবৈ → মৰাণ-হুগ্ৰীজান

(D) নাহৰকটীয়া → মৰাণ-হুগ্ৰীজান → ডিগবৈ

Answer: B

79. তলৰ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই শুদ্ধ উত্তৰটো চয়ন কৰা। {Morigaon}

‘ক’ অংশ

(a) বৃহৎ খাদ্য পার্ক

(b) বাঁহ উদ্যোগ পার্ক

(c) মৰাপাট উদ্যোগ পার্ক

(d) প্লাষ্টিক উদ্যোগ পাৰ্ক

‘খ’ অংশ

(i) ধিং, নগাঁও

(ii) ছয়গাঁও, কামরূপ (গ্রা)

(iii) গেলাপুখুৰী, তিনিচুকীয়া

(iv) টিহু, নলবাৰী

(A) (a)→iv, (b)→ii, (c)→i, (d)→iii

(B) (a)→i, (b)→ii, (c)→iii, (d)→iv

(C) (a)→iv, (b)→ii, (c)→iii, (d)→i

(D) (a)→iv, (b)→i, (c)→ii, (d)→iii

Answer: A

80. অসমৰ অৰ্থনীতিৰ ওপৰত উল্লেখ কৰা কোনকেইটা বক্তব্য সত্য – {Morigaon}

1. ভাৰতৰ মুঠ প্ৰাকৃতিক গেছৰ প্ৰায় 25% অসমত উৎপাদন কৰা হয়।

2. অসমৰ মুঠ শ্ৰমিকৰ 63% তকৈ অধিক প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষি কার্যত নিয়োজিত হৈ আছে।

3. অসমত ভাৰতৰ 53% চাহ উৎপাদন কৰা হয়।

4. অসমত ভাৰতৰ প্ৰায় 66% এৰি উৎপাদন কৰা হয়।

(A) 2, 4

(B) 1, 3

(C) 1, 2

(D) 2, 3

Answer: B

81. দাবী-(A) 1947 চনৰ ভাৰত বিভাজনে উত্তৰ-পূৱ অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল? {Nagaon}

পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহন বিভাজনৰ পিছত পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল-

(A) A শুদ্ধ কিন্তু R অশুদ্ধ

(B) A অশুদ্ধ কিন্তু R শুদ্ধ

(C) (A) আৰু (R) দুয়ো শুদ্ধ কিন্তু (R) টো (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(D) (A) আৰু (R) দুয়ো শুদ্ধ আৰু (R) টো (A) ৰ শুদ্ধ ব্যাখ্যা।

Answer: D

82. তলৰ কোনটো সেৱাখণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত? {Nagaon}

(A) এৰি ৰেচম উদ্যোগ

(B) চাহ উদ্যোগ

(C) পর্যটন উদ্যোগ

(D) কাগজ উদ্যোগ

Answer: C

83. অসমৰ কোনখন জিলাত কোৱার্টজ পোৱা যায়? {Nagaon}

(A) নগাঁও)

(B) কামৰূপ)

(C) দৰং

(D) নলবাৰী

Answer: A

84. ২০১১ চনৰ পিয়লমতে অসমৰ কোনখন জিলাৰ জনসংখ্যা সর্বাধিক? {Nalbari}

(A) কামৰূপ

(B) ডিমা হাচাও

(C) নগাঁও

(D) বঙাইগাওঁ

Answer: C

85. তলত উল্লেখ কৰা অসমৰ খনিজ সম্পদবোৰ অৱস্থানৰ সৈতে মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা – {Nalbari}

খনিজ সম্পদ

(a) চুণশিল

(b) কোৱার্টজ

(c) খনিজ তেল

(d) কয়লা

অৱস্থান

(i) কার্বি আংলং, ডিমা হাচাও

(ii) ডিগবৈ, নাহৰকটীয়া, গেলেকী

(iii) মাকুম, ডিব্রুগড়, তিনিচুকীয়া

(iv) বৰহোলা, চাপানলা, কার্বি আংলং

(A) a → iv, b → i, c → iii, d → ii

(B) a → iii, b → ii, c → iv, d → i

(C) a → ii, b → iv, c → i, d → ii

(D) a → i, b → iv, c → ii, d → iii

Answer: D

86. (a) আৰু (r) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ উত্তৰটো বাছি উলিওৱা- {Nalbari}

উক্তি (a) : অসমক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়।

যুক্তি (r) : সমগ্র উত্তৰ-পূব ভাৰত ভাৰতৰ বাকী অংশৰ সৈতে অসমৰ মাত্র পশ্চিম দিশৰ ৫০ কিলোমিটাৰ প্ৰন্থৰ ঠেক ভূখণ্ডৰ জৰিয়তে সংলগ্ন হৈ আছে।

(A) (a) টো শুদ্ধ, (r) টো অশুদ্ধ।

(B) (a) টো অশুদ্ধ, (r) টো শুদ্ধ।

(C) (a) আৰু (r) উভয়ে শুদ্ধ আৰু (r) টো (a) ৰ শুদ্ধ বর্ণনা হয়।

(D) (a) আৰু (r) উভয়ে শুদ্ধ, কিন্তু (r) টো (a) ৰ শুদ্ধ বর্ণনা নহয়।

Answer: C

87. মাছ উৎপাদনত প্রথম স্থানত থকা অসমৰ জিলাখন হ’ল- {Nalbari}

(A) ধুবুৰী

(B) কাছাৰ

(C) বৰপেটা

(D) নগাঁও

Answer: D

88. অসমলৈ আগমণ ঘটা দ্বিতীয়টো জনস্রোত আছিল- {Sibsagar}

(A) অষ্ট্ৰিকসকল

(B) মংগোলীয়সকল

(C) ক’কেছীয়সকল

(D) ইছলামসকল 

Answer: B

89. A : অসমত পথ, ৰেলপথ, জলপথ আৰু বিমানপথৰ এক সুবিকশিত যোগাযোগ আছে। {Sibsagar}

R : ব্ৰহ্মপুত্র নদীয়ে অসমৰ এক গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ জল পৰিবহণৰ পথ প্ৰদান কৰে।

(A) A আৰু R দুয়োটাই শুদ্ধ, আৰু R, A ৰ সঠিক যুক্তি।

(B) A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, A ৰ সঠিক যুক্তি নহয়।

(C) A শুদ্ধ, R অশুদ্ধ

(D) A অশুদ্ধ, R শুদ্ধ

Answer: D

90. 2011 লোকপিয়ল মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান? {Sonitpur}

(A) 7

(B) 8

(C) 10

(D) 11

Answer: A

91. নিম্নলিখিত জনস্রোত সমূহৰ অসমলৈ হোৱা জন প্ৰব্ৰজনৰ প্ৰবাহ একাদিক্রমে সজোৱা- {Sonitpur}

i) আহোম সকল

ii) অস্ট্রিক সকল

iii) মংগোলীয় সকল

iv) আর্য্য সকল

(A) (i), (ii), (iii), (iv)

(B) (ii), (iit), (iv), (i)

(C) (iv), (ii), (ii), (i)

(D) (ii), (ii), (iv), (i)

Answer: B

92. জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল- {Sonitpur}

(A) বড়ো

(B) ৰাভা

(C) কার্বি

(D) মিছিং

Answer: D

93. অসমৰ আটাইতকৈ কম জনজাতি থকা জিলাখনৰ নাম হ’ল- {Sonitpur}

(A) ডিমা হাছাও

(B) নগাঁও

(C) দৰং

(D) বৰপেটা

Answer: A

94. অসমের প্রধান নদী বন্দর কোনটি? {Sribhumi}

(A) শদিয়া

(B) ধুবরী

(C) নিমাতিঘাট

(D) পাণ্ডু

Answer: D

95. অসমে আগত জনস্রোতগুলিকে তাদের আগমনের ক্রম অনুযায়ী সাজাও :- {Sribhumi}

i) আহোম

ii) অস্ট্রিক জনগোষ্ঠী

iii) ককেশীয় জনগোষ্ঠী

iv) মুসলমান সম্প্রদায়

(A) ii, iii, iv, i

(B) ii, i, iii, iv

(C) i, iii, iv, ii

(D) iv, ii, iii, i

Answer: A

96. অসমের কোন্ অঞ্চল সবচেয়ে কম জনবসতিপূর্ণ? {Sribhumi}

(A) উজান অসম

(B) কার্বি ও ডিমা হাসাও পার্বত্য অঞ্চল

(C) বরাক উপত্যকা

(D) নিম্ন অসম

Answer: B

97. অসমের জনসংখ্যা বৃদ্ধির অন্যতম কারণ কোনটি? {Sribhumi}

(A) শিল্পায়ন

(B) প্রব্রজন

(C) পলসযুক্ত মাটির প্রাচুর্যতা

(D) নদীর নাব্যতা

Answer: B

98. পরিবহনের কারণে অর্থনীতি উন্নত হয়, কারণ – {Sribhumi}

(A) মানুষ ভ্রমণ বেশি করে।

(B) পণ্য দ্রুত বাজারে পৌঁছায়।

(C) বেকারত্ব বাড়ে।

(D) শিল্প উদ্যোগ পিছিয়ে পড়ে।

Answer: B

99. অসমৰ অন্তৰ্গত দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল- {Salmara}

(A) ৬২ নং ৰাষ্ট্ৰীয় ঘাই পথ

(B) ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথ

(C) ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ

(D) ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ

Answer: C

100. ২০১১ চনৰ লোকপিয়ল মতে তলত দিয়া কোনকেইটা তথ্য অসমৰ ক্ষেত্ৰত শুদ্ধ- {Salmara}

i. ৰাজ্যখনত (৭ খন প্রথম শ্ৰেণীৰ আৰু ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে।

ii. ভাৰতৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ অর্থাৎ প্রায় ৭৮৪৩৮ বর্গ কিঃ মিটাৰ ।

iii. লিংগ অনুপাত: ৯৩৫

iv. আটাইতকৈ বেছি জনসংখ্যাৰ জিলা নগাঁও

(A) i, ii, iii

(B) i, iii, iv

(C) i, ii, iv

(D) ii, iii, iv

Answer: C

101. উজনি অসমৰ পৰা নামনি অসমলৈ জিলা সমূহৰ ক্ৰম কোনটো শুদ্ধ- {Salmara}

(A) শিৱসাগৰ – ডিব্ৰুগড় – গোলাঘাট – চিৰাং

(B) তিনিচুকীয়া – যোৰহাট – শিৱসাগৰ – নলবাৰী

(C) ধেমাজি – গোলাঘাট – নলবাৰী – দৰং

(D) ডিব্ৰুগড় – শিৱসাগৰ – যোৰহাট – ধুবুৰী

Answer: D

102. তলৰ তালিকাখনত জনসংখ্যা আৰু সাক্ষৰতাৰ তথ্য দিয়া হৈছে- {Salmara}

জিলা

জনসংখ্যা

সাক্ষৰতাৰ হাৰ

নগাঁও

২৮২৩৭৬৮

৭২.৪০ শতাংশ

ডিব্রুগড়

১৩২৬৩৩৫

৭৫ শতাংশ

কামৰূপ মহানগৰ

১২০৩৯৩৮

৮৮.৭ শতাংশ

ধুবুৰী

১৯৪৯২০৮

৫৮.৩৪ শতাংশ

ওপৰৰ তথ্যৰ আধাৰত জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰৰ মাজত কি ধৰণৰ সম্পৰ্ক দেখা যায়?

(A) জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰৰ মাজত স্পষ্ট সম্পর্ক নাই।

(B) সকলো জিলাত সাক্ষৰতাৰ হাৰ সমান।

(C) জনসংখ্যা কম হলে সাক্ষৰতা বেছি হয় ।

(D) জনসংখ্যা বৃদ্ধি হলে সাক্ষৰতাৰ হাৰ বৃদ্ধি পায়।

Answer: A

103. তলত দিয়া সংহত আন্তঃগাথনি উন্নয়ন কেন্দ্র সমূহ কোন জিলাত অৱস্থিত, মিলোৱা- {Tamulpur}

কেন্দ্র

(a) ডিমৌ

(b) মৰাণ

(c) তিতাবৰ

(d) দলগাওঁ

জিলা

(i) ডিব্ৰুগড়

(ii) যোৰহাট

(iii) দৰং

(iv) শিৱসাগৰ

(A) a(i), b(ii), c(iii), d(iv)

(B) a(iv), b(i), c(ii), d(iii)

(C) a(iv), b(ii), c(iii), d(i)

(D) a(ii), b(iii), c(iv), d(i)

Answer: B

104. অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত তলৰ কোন কেইটা উক্তি শুদ্ধ নহয়- {Tamulpur}

(i) ৰাজ্যখনৰ প্ৰায় 75% খেতিয়ক আৰু উপান্ত শ্ৰেণীৰ

(ii) বাজ্যখনৰ মুঠ কর্ম নিয়োজিত লোকৰ 53 শতাংশতকৈ অধিক লোক কৃষি খণ্ডৰ লগত জড়িত

(iii) অসমৰ প্ৰধান খাদ্য শস্য হ’ল-ঘেহু, গোমধান, মাহজাতীয় শস্য, ধান।

(iv) অসমত প্রায় 35 লাখ লোক বয়ন উদ্যোগৰ লগত জড়িত।

(A) i, ii, iii

(B) i, iii, iv

(C) i, iv

(D) iii, iv

Answer: C

105. ৰঙিয়া দৰঙা মেলাৰ পৰা ভূটানলৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথটোৰ নং কিমান- {Tamulpur}

(A) 127 D 

(B) 135 D 

(C) 137

(D) 427 C

Answer: A

106. সাজি মাটি ক’ত ক’ত পোৱা যায়- {Tamulpur}

(A) শিলভেটা, চিলনীজান

(B) সুৱনখাটা, দেওপানী

(C) ভূটান খুটি, হাহিম

(D) সুৱনখাটা, ভূটান খুটি

Answer: D

107. 2011 চনৰ লোকপিয়ল অনুসৰি তলত দিয়া নগৰ সমূহৰ বৰ্ধিত জনসংখ্যাৰ ভিত্তিত ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। {Udalguri}

(A) গুৱাহাটী → শিলচৰ → ডিব্ৰুগড় → যোৰহাট → নগাঁও  → তিনিচুকীয়া

(B) তিনিচুকীয়া → নগাঁও → যোৰহাট → ডিব্ৰুগড় → শিলচৰ → গুৱাহাটী

(C) যোৰহাট → নগাঁও → ডিব্ৰুগড় → তিনিচুকীয়া → শিলচৰ → গুৱাহাটী

(D) তিনিচুকীয়া → যোৰহাট → নগাঁও → ডিব্ৰুগড় → শিলচৰ → গুৱাহাটী

Answer: B

108. তলত দুটা উক্তি দিয়া হৈছে এটাক দাবী A হিচাপে আৰু আনটোক কাৰণ R হিচাপে দুটা বিৱৰণ দিয়া  হৈছে। {Udalguri}

বিৱৰণ কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী A: অসমত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ কাৰণ মূলতঃ দুটা- প্রাকৃতিক আৰু জন প্রব্রজন।

কাৰণ R): জনসংখ্যা বৃদ্ধিত জনপ্ৰব্ৰজনৰ অৰিহণা অধিক।

(A) (A) সত্য, কিন্তু R) অসত্য

(B) (A) অসত্য, কিন্তু R) সত্য

(C) (A) আৰু R) উভয়ে সত্য; কিন্তু R), A) শুদ্ধ ব্যাখ্যা নহয়।

(D)( A) আৰু R) উভয়ে সত্য; আৰু R), A) ৰ শুদ্ধ ব্যাখ্যা।

Answer: D

109. তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত নহয়? {Udalguri}

(A) দৰং

(B) হাইলাকান্দি

(C) গোলাঘাট

(D) লক্ষীমপুৰ

Answer: b

110. উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অর্থে ভাৰত চৰকাৰে “উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি” ঘোষণা কৰে- {Udalguri}

(A) 2008 চনত

(B) 2014 চনত

(C) 2007 চনত

(D) 2011 চনত

Answer: C

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. অসমৰ মুঠ মাটিকালি কিমান?

(A) ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ

(B) ৮৭,৪৩৮ বৰ্গ কিলোমিটাৰ

(C) ৭৮,৮৩৪ বৰ্গ কিলোমিটাৰ

(D) ৭৮,৪৩৪ বৰ্গ কিলোমিটাৰ

Answer: A

2. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান?

(A) ৩৪০ জন

(B) ৩৯৮ জন

(C) ৩৮২ জন

(D) ৩৯৬ জন

Answer: B

3. তলৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক?

(A) কামৰূপ (মেট্ৰ’)

(B) নগাঁও

(C) ধুবুৰী

(D) বৰপেটা

Answer: A

4. অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক’ত অৱস্থিত?

(A) নুমলীগড়

(B) বঙাইগাঁও

(C) গুৱাহাটী (নুনমাটি)

(D) ডিগবৈ

Answer: D

5. অসমত ব্ৰহ্মপুত্ৰ নদৰ দৈৰ্ঘ্য প্ৰায় কিমান কিলোমিটাৰ?

(A) ৬৪০ কিলোমিটাৰ

(B) ৭২০ কিলোমিটাৰ

(C) ৭৩০ কিলোমিটাৰ

(D) ৮৯০ কিলোমিটাৰ

Answer: B

6. অসমৰ প্ৰধান ধান খেতিবিধ কি?

(A) আহু ধান

(B) শালি ধান

(C) বৰো ধান

(D) বাও ধান

Answer: B

7. ‘অসম গেছ ক্ৰেকাৰ প্ৰকল্প’ ক’ত অৱস্থিত?

(A) দুলীয়াজান

(B) লেপেটকটা (ডিব্ৰুগড়)

(C) বোকাজান

(D) নামৰূপ

Answer: B

8. তলৰ কোনটো অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ কাৰখানা?

(A) ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড (নামৰূপ)

(B) জাগীৰোড কাগজ কল

(C) ডিগবৈ তেল শোধনাগাৰ

(D) বোকাজান চিমেণ্ট কাৰখানা

Answer: A

9. অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? (শেহতীয়া তথ্য অনুসৰি)

(A) ৫ খন

(B) ৬ খন

(C) ৭ খন

(D) ৮ খন

Answer: C

10. ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় কিমান শতাংশ অসমত উৎপাদন হয়?

(A) ৩০%

(B) ৪০%

(C) ৫০% ৰো অধিক

(D) ২০%

Answer: C

11. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

(A) ৭২.১৯%

(B) ৬৬.২৭%

(C) ৭৭.৮৫%

(D) ৬৩.২৫%

Answer: B

12. অসমত প্ৰথম ৰেল যাতায়াত কেতিয়া আৰম্ভ হৈছিল?

(A) ১৮৫৩ চনত

(B) ১৮৮১ চনত

(C) ১৮৮৯ চনত

(D) ১৯০১ চনত

Answer: B

13. ‘ৰাষ্ট্ৰীয় জলপথ-২’ কোনখন নদীৰ ওপৰত অৱস্থিত?

(A) গংগা

(B) বৰাক

(C) ব্ৰহ্মপুত্ৰ

(D) সোৱণশিৰি

Answer: C

14. অসমৰ একমাত্ৰ জৈৱ-প্ৰযুক্তি পাৰ্ক ক’ত অৱস্থিত?

(A) তেজপুৰ

(B) যোৰহাট

(C) শিলচৰ

(D) গুৱাহাটী (আমিনগাঁও)

Answer: D

15. তলৰ কোনটো অসমৰ এটা প্ৰধান কপাহ উৎপাদনকাৰী জিলা নহয়?

(A) কাৰ্বি আংলং

(B) ডিমা হাছাও

(C) শিৱসাগৰ

(D) গোৱালপাৰা

Answer: C

16. অসমৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি?

(A) ডিমা হাছাও

(B) কাৰ্বি আংলং

(C) ধেমাজি

(D) কোকৰাঝাৰ

Answer: A

17. অসমৰ আটাইতকৈ ডাঙৰ কয়লাখনিটো ক’ত অৱস্থিত?

(A) মাৰ্ঘেৰিটা (মাকুম কয়লাক্ষেত্ৰ)

(B) দিল্লী-জয়পুৰ

(C) বৰগোলাই

(D) নামদাং

Answer: A

18. অসমৰ ৰেচম উদ্যোগৰ প্ৰধান কেন্দ্ৰ হিচাপে তলৰ কোনখন ঠাই বিখ্যাত?

(A) পাঠশালা

(B) শুৱালকুছি

(C) মিৰ্জা

(D) ৰহা

Answer: B

19. অসমলৈ প্ৰব্ৰজন ঘটা আটাইতকৈ প্ৰাচীন জনগোটটো কি আছিল?

(A) অষ্ট্ৰিক

(B) দ্ৰাবিড়

(C) মংগোলীয়

(D) আৰ্য

Answer: A

20. অসমৰ মাটিকালিয়ে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অধিকাৰ কৰি আছে?

(A) ২.৩৯%

(B) ২.৪%

(C) ৩.০%

(D) ৭.৯%

Answer: A

21. ‘অসম চুক্তি’ কেতিয়া স্বাক্ষৰিত হৈছিল?

(A) ১৯৭৯ চনত

(B) ১৯৮৩ চনত

(C) ১৯৮৫ চনত

(D) ১৯৯০ চনত

Answer: C

22. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম কি?

(A) কামৰূপ (মেট্ৰ’)

(B) নগাঁও

(C) ধুবুৰী

(D) বৰপেটা

Answer: B

23. ‘পৱিতৰা অভয়াৰণ্য’ প্ৰধানকৈ কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত?

(A) বাঘ

(B) দেওহাঁহ

(C) এশিঙীয়া গঁড়

(D) সোণালী বান্দৰ

Answer: C

24. বৰাক নদীৰ উৎপত্তি ক’ৰ পৰা হৈছে?

(A) নাগা পাহাৰৰ জাপভৌ শৃংগ

(B) পাটকাই পাহাৰ

(C) মিজো পাহাৰ

(D) খাচী পাহাৰ

Answer: A

25. অসমৰ কোনটো অঞ্চলক ‘খনিজ তেলৰ ভঁৰাল’ বুলি কোৱা হয়?

(A) নামনি অসম

(B) উজনি অসম

(C) বৰাক উপত্যকা

(D) উত্তৰ পাৰৰ সমভূমি

Answer: B

26. তলৰ লোকপিয়লৰ বৰ্ষসমূহক অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অনুসৰি (সৰ্বাধিকৰ পৰা সৰ্বনিম্নলৈ) সজোৱা:

(i) ১৯৫১-১৯৬১

(ii) ১৯৭১-১৯৮১

(iii) ১৯৯১-২০০১

(A) (i) → (ii) → (iii)

(B) (ii) → (i) → (iii)

(C) (iii) → (i) → (ii)

(D) (i) → (iii) → (ii)

Answer: A

27. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

ক অংশ (উদ্যোগ)

(a) মৰাপাট কল

(b) চিমেণ্ট কাৰখানা

(c) জুইশলা কাৰখানা

খ অংশ (স্থান)

(i) বোকাজান

(ii) ধুবুৰী

(iii) শিলঘাট

(A) (a)-ii, (b)-iii, (c)-i

(B) (a)-i, (b)-ii, (c)-iii

(C) (a)-iii, (b)-i, (c)-ii

(D) (a)-iii, (b)-ii, (c)-i

Answer: C

28. অসমৰ উদ্যোগিক বিকাশ লেহেমীয়া হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত তলৰ কোনটো নপৰে?

(A) উন্নত যাতায়াত ব্যৱস্থাৰ অভাৱ

(B) মূলধনৰ অভাৱ

(C) কেঁচামালৰ অভাৱ

(D) শক্তিৰ নাটনি

Answer: C

29. তলত দিয়া উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা:

(i) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি বৰাক উপত্যকাতকৈ বহু বেছি।

(ii) বৰাক উপত্যকাত অসমৰ সৰ্বাধিক চাহ উৎপাদন হয়।

(iii) অসমৰ পাহাৰীয়া জিলা দুখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম।

(A) কেৱল (i) আৰু (ii) শুদ্ধ

(B) কেৱল (i) আৰু (iii) শুদ্ধ

(C) কেৱল (ii) আৰু (iii) শুদ্ধ

(D) আটাইকেইটা শুদ্ধ

Answer: B

30. অসমলৈ ব্ৰিটিছসকলে চাহ বাগিচাত কাম কৰিবলৈ অনা বনুৱাসকল প্ৰধানকৈ কোন অঞ্চলৰ পৰা আহিছিল?

(A) পঞ্জাৱ আৰু হাৰিয়ানা

(B) নেপাল আৰু ভূটান

(C) ছোটনাগপুৰ মালভূমি, উৰিষ্যা আৰু মধ্যপ্ৰদেশ

(D) পূব বংগ (বৰ্তমান বাংলাদেশ)

Answer: C

31. ক অংশৰ লগত খ অংশ মিলোৱা:

ক অংশ (তেল শোধনাগাৰ)

(a) ডিগবৈ

(b) গুৱাহাটী (নুনমাটি)

(c) নুমলীগড়

খ অংশ (স্থাপনৰ বৰ্ষ)

(i) ১৯৬২

(ii) ১৯০১

(iii) ১৯৯৯

(A) (a)-ii, (b)-iii, (c)-i

(B) (a)-ii, (b)-i, (c)-iii

(C) (a)-i, (b)-ii, (c)-iii

(D) (a)-iii, (b)-i, (c)-ii

Answer: B

32. অসমত বানপানীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ মানৱ-সৃষ্ট কাৰণটো বাছি উলিওৱা:

(A) প্ৰচুৰ মৌচুমী বৰষুণ

(B) ভূমিকম্প

(C) বনাঞ্চল ধ্বংস আৰু পাহাৰ কটা

(D) নদীৰ তলিৰ প্ৰাকৃতিক গঠন

Answer: C

33. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰধান নগৰসমূহক জনসংখ্যাৰ আকাৰ অনুসৰি (ডাঙৰৰ পৰা সৰুলৈ) সজোৱা:

(i) শিলচৰ

(ii) গুৱাহাটী

(iii) ডিব্ৰুগড়

(iv) যোৰহাট

(A) (ii) → (i) → (iii) → (iv)

(B) (ii) → (iii) → (i) → (iv)

(C) (ii) → (i) → (iv) → (iii)

(D) (ii) → (iv) → (i) → (iii)

Answer: A

34. তলৰ কোনটো অসমৰ কৃষি ব্যৱস্থাৰ এটা প্ৰধান বৈশিষ্ট্য নহয়?

(A) প্ৰধানকৈ বৰষুণৰ ওপৰত নিৰ্ভৰশীল

(B) মিশ্ৰিত কৃষি পদ্ধতিৰ প্ৰয়োগ

(C) আধুনিক প্ৰযুক্তি আৰু যন্ত্ৰ-পাতিৰ ব্যাপক ব্যৱহাৰ

(D) ক্ষুদ্ৰ কৃষিভূমিৰ আধিক্য

Answer: C

35. অসমৰ কোনখন জিলাত সৰ্বাধিক পৰিমাণৰ চূনশিল পোৱা যায়?

(A) ডিব্ৰুগড়

(B) ডিমা হাছাও

(C) ধুবুৰী

(D) গোলাঘাট

Answer: B

36. অসমৰ প্ৰব্ৰজনৰ ইতিহাসত ‘মৈমনসিংহীয়া কৃষক’সকলৰ প্ৰব্ৰজন প্ৰধানকৈ কেতিয়া আৰম্ভ হৈছিল?

(A) ঊনবিংশ শতিকাৰ মাজভাগত

(B) বিংশ শতিকাৰ আৰম্ভণিতে (১৯০৫ চনৰ পিছত)

(C) ভাৰতৰ স্বাধীনতাৰ পিছত

(D) ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ সময়ত

Answer: B

37. ক অংশৰ লগত খ অংশ মিলোৱা:

ক অংশ (ৰাষ্ট্ৰীয় উদ্যান)

(a) কাজিৰঙা

(b) মানস

(c) ডিব্ৰু-ছৈখোৱা

খ অংশ (অৱস্থিত জিলা)

(i) ডিব্ৰুগড় আৰু তিনিচুকীয়া

(ii) গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং

(iii) বাক্সা আৰু চিৰাং

(A) (a)-ii, (b)-iii, (c)-i

(B) (a)-ii, (b)-i, (c)-iii

(C) (a)-iii, (b)-ii, (c)-i

(D) (a)-i, (b)-iii, (c)-ii

Answer: A

38. অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ সদৰ কাৰ্যালয় ক’ত অৱস্থিত?

(A) লামডিং

(B) ৰঙিয়া

(C) মালিগাঁও (গুৱাহাটী)

(D) তিনিচুকীয়া

Answer: C

39. তলৰ উক্তিসমূহ পঢ়া আৰু অশুদ্ধ উক্তিটো বাছি উলিওৱা:

(A) অসমৰ পাহাৰীয়া অঞ্চলত ঘাইকৈ ঝুম খেতি কৰা হয়।

(B) ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি পলসুৱা মাটিৰে গঠিত।

(C) অসমৰ অৰ্থনীতি প্ৰধানকৈ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল।

(D) অসমৰ জলবায়ু ঘাইকৈ মৌচুমী প্ৰকাৰৰ।

Answer: C

40. বাংলাদেশ গঠন হোৱাৰ পিছত (১৯৭১ চনৰ পৰা বৰ্তমানলৈ) অসমলৈ হোৱা প্ৰব্ৰজনৰ মূল কাৰণ কি বুলি ভবা হয়?

(A) ধৰ্মীয় নিৰ্যাতন

(B) অৰ্থনৈতিক কাৰণ আৰু কৰ্মসংস্থাপনৰ সন্ধান

(C) শিক্ষা গ্ৰহণ

(D) চাহ বাগিচাত কাম কৰা

Answer: B

41. দাবী (A): ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব অতি বেছি।

কাৰণ (R): এই উপত্যকাৰ মাটি সাৰুৱা, যাতায়াত ব্যৱস্থা উন্নত আৰু কৃষিকাৰ্যৰ বাবে ই অতি উপযোগী।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

42. দাবী (A): অসমত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে থকা স্বত্বেও উদ্যোগিক বিকাশ আশানুৰূপ হোৱা নাই।

কাৰণ (R): অসমত মূলধনৰ অভাৱ, উন্নত যাতায়াত ব্যৱস্থাৰ নাটনি আৰু আধুনিক প্ৰযুক্তিৰ অভাৱ দেখা যায়।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

43. দাবী (A): অসমৰ চাহ উদ্যোগটো বৰ্তমান কিছুমান গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে।

কাৰণ (R): আন্তৰ্জাতিক বজাৰত প্ৰতিযোগিতা বৃদ্ধি, শ্ৰমিকৰ সমস্যা আৰু পুৰণি চাহ গছৰ উৎপাদন হ্ৰাস পোৱাটো ইয়াৰ প্ৰধান কাৰণ।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

44. দাবী (A): অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতৰ গড় জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ বেছি।

কাৰণ (R): চুবুৰীয়া ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ পৰা হোৱা নিৰৱচ্ছিন্ন প্ৰব্ৰজনেই ইয়াৰ একমাত্ৰ কাৰণ।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: B 

45. দাবী (A): অসমৰ মৰাপাট উদ্যোগটো ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ গৈছে।

কাৰণ (R): কৃত্ৰিম আঁহৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলত মৰাপাটৰ সামগ্ৰীৰ চাহিদা বজাৰত হ্ৰাস পাইছে।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

46. দাবী (A): ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত জনসংখ্যাৰ ঘনত্ব অতি কম।

কাৰণ (R): এই অঞ্চলসমূহৰ ভূ-প্ৰকৃতি পাহাৰীয়া, মাটি অনুৰ্বৰ আৰু যাতায়াত ব্যৱস্থা অতি দুৰ্গম হোৱাৰ বাবে মানুহৰ বসতি পাতল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

47. দাবী (A): অসমৰ নদী পৰিবহণ ব্যৱস্থা বৰ্তমান অতি উন্নত আৰু জনপ্ৰিয়।

কাৰণ (R): ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী বাৰিষা কালত অতি সহজে নাব্য হৈ থাকে আৰু ইয়াত কোনো ধৰণৰ পলস জমা নহয়।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) আৰু (R) দুয়োটাই অসত্য।

Answer: D

48. দাবী (A): অসমত প্ৰথমটো চাহ বাগিচা চাবুৱাত স্থাপন কৰা হৈছিল।

কাৰণ (R): ব্ৰিটিছসকলে আৱিষ্কাৰ কৰিছিল যে উজনিত পোৱা চাহ গছবোৰ চীন দেশৰ চাহ গছৰ সৈতে একে প্ৰজাতিৰ।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

49. দাবী (A): অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ যথেষ্ট থল আছে।

কাৰণ (R): ৰাজ্যখন প্ৰাকৃতিক সৌন্দৰ্য, ৰাষ্ট্ৰীয় উদ্যান, ঐতিহাসিক সমল আৰু বিবিধ সংস্কৃতিৰে ভৰপূৰ।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

50. দাবী (A): স্বাধীনতাৰ পিছত অসমলৈ নেপালৰ পৰা বহুতো লোকৰ প্ৰব্ৰজন ঘটিছিল।

কাৰণ (R): তেওঁলোক প্ৰধানকৈ অসমৰ পাহাৰীয়া অঞ্চলত গৰু-ম’হ পালন কৰিবলৈ আৰু দুগ্ধ উৎপাদনৰ বৃত্তিত জড়িত হ’বলৈ আহিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

HSLC PYQs (2016-2026): 2/3 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. অসমৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। {2022}

2. অসমৰ চাৰিওকাষে থকা ৰাজ্য আৰু দেশসমূহৰ নাম লিখা। {2022}

3. অসমৰ চাৰিটা খনিজ সম্পদৰ নাম উল্লেখ কৰা। {2020}

4. অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখা। {2020}

5. অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পার্বত্য জনজাতিৰ নাম উল্লেখ কৰা। {2020}

6. অসমৰ অৰ্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা উল্লেখ কৰা। {2020}

7. অসম চৰকাৰৰ 2014 চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি? {2019}

8. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ লিখা। {2019}

9. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা। {2019}

10. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ উল্লেখ কৰা। {2019}

11. খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা অসমৰ দুটা উদ্যোগৰ নাম লিখা। {2016}

HSLC PYQs (2016-2025): 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. তলৰ তালিকাখনে ২০০১ আৰু ২০১১ চনত অসমৰ দুখন কম জনবসতিপূৰ্ণ জিলাৰ জনসংখ্যাৰ তথ্য দেখুৱাইছে।

জিলা 

জনসংখ্যা 

শতকৰা বৃদ্ধিৰ হাৰ(%)

 

২০০১

২০১১

 

বঙাইগাঁও 

৯০৪৮৩৫

৭৩৮৮০৪

-১৮.৩৫

ডিমা হাচাও 

১৮৮০৭৯

২১৪১০২

 

(a) ২০০১-২০১১ চনৰ সময়ছোৱাত ডিমা-হাছাও জিলাৰ জনসংখ্যাৰ শতকৰা বৃদ্ধিৰ হাৰ উলিওৱা। {2026}

(b) ২০০১-২০১১ চনৰ সময়ছোৱাত বঙাইগাঁও জিলাত জনসংখ্যাৰ শতকৰা বৃদ্ধিৰ হাৰ কিয় নেতিবাচক হৈছিল ? ব্যাখ্যা কৰা। {2026}

2. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা : {2026}

(a) উত্তৰ-পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয়

(b) এখন পাৰ্বত্য জিলা

(c) ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ

3. অসমত জল পৰিবহণৰ উন্নয়নৰ সম্ভাৱনা আছেনে? তোমাৰ মন্তব্যৰ সমৰ্থনত চাৰিটা যুক্তি দিয়া। {2025}

4. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা: {2025}

(a) ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী এখন দলং।

(b) দেওহাঁহ দেখা পোৱা অসমৰ এখন ৰাষ্ট্ৰীয়উদ্যান।

(c) অসমৰ এটা তেল শোধনাগাৰ।

5. অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ চমুকৈ বৰ্ণনা কৰা। {2025}

6. অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়ৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা। {2024}

7. অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি? {2024}

8. অসমৰ এক নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ দুটা নামসহ বহুওৱা: {2024}

(a) ছফ্টৱেৰ প্ৰযুক্তি পার্ক

(b) এখন ৰাষ্ট্ৰীয় উদ্যান

(c) ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলাখন

9. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। {2024}

10. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোবর যিকোনো দুটা নামসহ বহুওৱা : {2023}

(a) ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ

(b) উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ মুখ্য কাৰ্যালয়

(c) এচিয়াৰ বৃহত্তম চাহ বাগিছা

11. অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা। {2023}

12. অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। {2023}

13. অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা। {2023}

14. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা: {2022}

(a) ৰাজ্যৰ ৰাজধানী

(b) ৰেচম নগৰ

(c) ভাৰতৰ প্ৰথম তেল শোধনাগাৰ

15. অসমৰ চাহ উদ্যোগৰ বিষয়ে এটি চমু খতিয়ান দাঙি লিখা। {2022}

16. অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ কাৰকবোৰ আলোচনা কৰা। {2022}

17. অসমত কৃষিভিত্তিক উদ্যোগ বিকাশৰ সম্ভাৱনা সম্পর্কে আলোচনা কৰা। {2022}

18. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়া দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুওৱা : {2020}

(a) জৈৱ প্রযুক্তি পার্ক

(b) এখন পক্ষী অভয়াৰণ্য

(c) এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা

19. অসমৰ কৃষিভিত্তিক উদ্যোগৰ বিষয়ে চমুকৈ লিখা। {2020}

20. অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে আলোচনা কৰা। {2020}

21. অসমত ৰে’ল পৰিবহণ উন্নয়নৰ বিষয়ে এটি খতিয়ান লিখা। {2020}

22. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা: {2019}

(a) এটা তেল শোধনাগাৰ

(b) ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পার্ক

23. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা। {2019}

24. অসমৰ পৰ্যটন উদ্যোগৰ যিকোনো চাৰিটা সমস্যা উল্লেখ কৰা। {2019}

25. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা : {2019}

(a) এখন কয়লাক্ষেত্র 

(b) এখন চিকিৎসালয়

(c) এটা সংহত আন্তঃগাঠনি উন্নয়ন কেন্দ

26. অসমৰ বনজ সম্পদৰ বিষয়ে চমুকৈ লিখা। {2019}

27. অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা {2019}

28. অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া। {2019}

29. অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। {2019}

30. অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়েৈক হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা। {2019}

31. অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা। {2019}

32. অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। {2017}

33. অসমৰ এখন নক্সা আঁকা আৰু তলত দিয়াসমূহ যথাস্থানত বহুওৱাঃ {2017}

(a) এখন ৰাষ্ট্ৰীয় উদ্যান

(b) মোনাবাৰী চাহ বাগিছা

(c) লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ 

34. অসমৰ কৃষিভিত্তিক উদ্যোগসমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। {2017}

35. অসম ঔদ্যোগীকৰণৰ সমস্যাসমূহ আলোচনা কৰা। (যিকোনা পাঁচটা) {2017}

36. অসমৰ নক্সা মানচিত্র অংকণ কৰি তলত দিয়াসমূহ যথাস্থানত বহুওৱা: {2016}

(a) অসমৰ প্ৰথম তেল শোধনাগাৰ

(b) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান

37. অসমৰ যিকোনো চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখি সেইবোৰ কোন কোন জিলাত অৱস্থিত লিখা। {2016}

38. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য্য সম্পর্কে আলোচনা কৰা। {2016}

39. অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনা সমূহৰ বিষয়ে চমুকৈ লিখা। {2016}

class 10

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসমৰ পথ পৰিবহন ব্যৱস্থাৰ দুটা প্ৰধান সুবিধা উল্লেখ কৰা। {Bajali}

2. অসমকে কেন ভারতের দুয়ার বলা হয়? {Cachar}

3. অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ দুটা সুবিধা লিখা। {Kamrup R}

4. ধানক কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে? {Kokrajhar}

5. ব্রহ্মপুত্র উপত্যকা আৰু বৰাক উপত্যকাৰ প্রধান কথিত ভাষা দুটা কি কি? {Lakhimpur}

6. মংগোলীয়া জনগোষ্ঠীৰ প্ৰধান দুটা জনজাতিৰ নাম লিখা। {Lakhimpur}

7. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া দুটা কাৰণ উল্লেখ কৰা। {Majuli}

8. অসমৰ দুটা ভৈয়ামৰ জনজাতিৰ নাম উল্লেখ কৰা। {Nalbari}

9. ‘অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত বিশেষ অৰিহণা যোগাব পৰা নাই’– ইয়াৰ দুটা কাৰণ উল্লেখ কৰা। {Sibsagar}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনা সমূহৰ বিষয়ে চমুকৈ লিখা। {Bongaigaon}

2. অসমে ধানের উৎপাদনের তিনটি বিশেষত্ব লিখো। {Cachar}

3. ২০১৪ চনত অসম উদ্যোগিক আৰু বিনিয়োগ নীতিয়ে লক্ষ্যত উপনীত হ’ব পাৰিছেনে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দৰ্শোৱা। {Kamrup M}

4. বৰ্তমান সময়ত অসমৰ মুঠ চাহ উৎপাদন কিমান? এই উদ্যোগে অসমৰ নিবনুৱা সমস্যা সমাধানত কিদৰে অৰিহণা যোগাইছে লিখা। {Kamrup M}

5. অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা উত্তৰপুৱ সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্য্যালয় ক’ত? ৰেল পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা উল্লেখ কৰা। {Lakhimpur}

6. অসমত দ্রুতগতিৰে বাঢ়ি অহা জনসংখ্যা ৰাজ্যখনৰ বাবে বোজা হৈ পৰিছে। এই বর্ধিত জনসংখ্যা সম্পদলৈ পৰিৱৰ্তন কৰিবলৈ চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। {Morigaon}

7. ঝুম খেতি কিয় পৰিৱেশসন্মতভাৱে কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে? আলোচনা কৰা। {Udalguri}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসমৰ এখন নক্সা মানচিত্র অংকণ কৰা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা — {Bajali}

(a) বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান।

(b) এছিয়াৰ আটাইতকৈ পুৰণি তৈলৰ খনি

(c) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়।

2. অসমৰ এখন মানচিত্র আঁকি তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা: {Baksa}

(i) বৃহৎ খাদ্য পার্ক

(ii) বাক্সা জিলা

(iii) অসমৰ এখন পক্ষী উদ্যান।

3. অসমৰ যিকোনো এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা। {Biswanath}

(a) চফটৱেৰ প্ৰযুক্তি পার্ক

(b) ভাৰতৰ পুৰণি তৈলক্ষেত্ৰ

(c) বনৰীয়া ঘোঁৰা পোৱা ৰাষ্ট্ৰীয় উদ্যান

4. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত থকা বাধাবোৰ কি কি? {Biswanath}

5. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা- {Bongaigaon}

(a) ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ।

(b) বঙাইগাঁও বিশ্ববিদ্যালয়

(c) আই. আই. টি, গুৱাহাটী

6. অসমের একটি মানচিত্র আঁকো এবং নামসহ স্থানগুলো চিহ্নিত করো। (যে কোনো দুটি) {Cachar}

(a) অসমের একটি তৈল শোধানাগার

(b) প্লাস্টিক পার্ক

(c) অসমের একটি রাষ্ট্রীয় উদ্যান যেখানে সোনালি বাঁনর দেখতে পাওয়া যায়।

7. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়াবোৰৰ যি কোনো দুটাৰ অৱস্থিতি নির্ধাৰণ কৰা। {Darrang}

a) চফট্ৰেৰ প্ৰযুক্তি পার্ক

b) জৈৱ প্ৰযুক্তি পার্ক

c) সীমান্ত বাণিজ্য কেন্দ্র

d) এখন ৰাষ্ট্ৰীয় উদ্যান

8. অসমৰ এখন নক্সা মানচিত্র আঁকি তলত দিয়াবোৰৰ যিকোনো দুটা বহুওঁৱা – {Dhubri}

(a) এখন জৈৱ প্ৰযুক্তি পাৰ্ক

(b) এখন ৰাষ্ট্ৰীয় উদ্যান

(c) সৰ্ববৃহৎ নদীদ্বীপ

9. ‘কৃষি অসমৰ অৰ্থনীতিৰ ভেটি আৰু কৃষি খণ্ডই ইয়াৰ অৰ্থনীতিৰ মূল চালিকা শক্তি’- ওপৰৰ কথাষাৰৰ অৰ্থ কি? (50-60) শব্দৰে বুজাই লিখা। {Goalpara}

10. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা বহুওৱাঃ- {Goalpara}

(i) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত জিলা

(ii) জৈর-প্রযুক্তি পার্ক অৱস্থিত জিলা

(iii) মৰাপাট উদ্যোগ পার্ক অৱস্থিত জিলা

11. অসমৰ পৰিবহন ব্যৱস্থাৰ যিকোনো চাৰিটা অন্তৰায় লিখা। {Goalpara}

12. “অসম পৰ্যটন শিল্পই সফলতাৰে প্ৰায় ৫০ বছৰ সম্পূৰ্ণ কৰিছে। কিন্তু, অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ যথেষ্ট পৰিসৰ আৰু সম্ভাৱনা থকা স্বত্বেও, ৰাজ্যখনত এই খণ্ডটো এতিয়াও সঠিকভাৱে বিকশিত হোৱা নাই”। {Hailakandi}

13. ওপৰত প্ৰদত্ত তথ্যৰ ভিত্তিত, অসমত পৰ্যটন উদ্যোগৰ বিকাশত সহায় কৰা দুটা কাৰক উল্লেখ কৰা।

14. অসমত পৰ্যটন উদ্যোগ সঠিকভাৱে বিকশিত নোহোৱাৰ দুটা কাৰণ লিখা।

15. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত নামসহ নিম্নলিখিত যিকোনো দুটা স্থান চিহ্নিত কৰা: {Hailakandi}

a) চাহ পাৰ্ক

b) অসমৰ বৃহত্তম চহৰ, এটা প্ৰধান কেন্দ্ৰ

c) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান চিহ্নিত কৰা

16. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া চাৰিটা প্রধান কাৰণ উল্লেখ কৰা। {Jorhat}

17. অসমৰ এখন আৰ্হিমানচিত্ৰ আঁকা আৰু তাত দিয়াৰোৰ যিকোনো দুটা নামসহবহুওৱা: {Jorhat}

a) ব্ৰহ্মপুত্ৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী এখন দলং।

b) জুবিন গাৰ্গৰ সমাধিস্থল

c) শ্বহীদ স্মাৰক ক্ষেত্ৰ

18. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। {Jorhat}

19. অসমৰ এখন মানচিত্র অংকন কৰি তলত দিয়াসমূহ সঠিক স্থানত বহুওৱা। {Kamrup M}

(A) ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান

(B) অসমৰ মীন মহাবিদ্যালয়

(C) ব্ৰহ্মপুত্ৰৰ এটা নদী বন্দৰ

20. অসমৰ এখন নক্সা মানচিত্ৰ আঁকি তলত দিয়া ঠাইবোৰৰ যিকোনো দুটা বহুওৱা। {Kamrup R}

A) চাহ উদ্যোগ পার্ক

B) ব্যাঘ্ৰপ্ৰকল্প থকা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান

C) মীন মহাবিদ্যালয়

21. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ ফঁহিয়াই আলোচনা কৰা। {Kamrup R}

22. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা : {Morigaon}

(ক) এখন বিশ্ব ঐতিহ্য ক্ষেত্র।

(খ) এখন বিমান বন্দৰ।

(গ) জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ।

23. অসমৰ এখন নক্সা মানচিত্ৰ আঁকি তলত দিয়া ঠাইবোৰৰ যিকোনো দুটা বহুওৱা : {Sibsagar}

(i) মৰাপাট উদ্যোগ পার্ক

(ii) ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগী দলং

(iii) এছিয়াৰ বৃহত্তম বাগিচা

24. অসমৰ নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা। {Sonitpur}

a) চফফ্টৱেৰ প্ৰযুক্তি পার্ক

b) ঔদ্যোগিক বিকাশ কেন্দ্র

c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

25. তলৰ চাৰ্টখন চোঁৱা আৰু তাৰ পিছত দিয়া প্রশ্নটোৰ উত্তৰ লিখা । {Salmara}

শস্যৰ নাম

খেতি কৰা মাটি (লাখ হেক্টৰ

উৎপাদন (লাখ মেট্রিক টন)

i. ধান

২৫.৪৫

৫০.৪৫

Ii. ঘেহু, গোমধান আৰু অন্যান্য খাদ্য শস্য

০.৬৫

০.৬৮

iii. মাহ জাতীয় শস্য

১.৩২

০.৭৬

Iv. তেল জাতীয় শস্য

২.৭৬

১.৫৬

তালিকাত উল্লেখ কৰা শস্যবোৰৰ ভিতৰত সৰ্বাধিক ভূমিত খেতিকৰা শস্য কোনটো? এই তথ্যৰ আধাৰত অসমৰ লোক সকলৰ খাদ্যাভাসৰ বিষয়ে কি বুজি পোৱা যায়?

26. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰ যিকেনো দুটা নাম সহ বহুওৱাঃ {Salmara}

(A) ছফ্টৱেৰ প্ৰযুক্তি পার্ক

(B) উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়

(C) ২০১১ চনৰ লোক পিয়ল মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ জিলাখন ।

27. পৰিবেশ ৰক্ষাত বেদিকা খেতি পদ্ধতি কোন প্ৰকাৰ কৃষি পদ্ধতিৰ বিকল্প? ই কিয় পবিবেশ মৈত্রিক কৃষি পদ্ধতি, তুলনা কৰি বুজাই লিখা। {Tamulpur}

28. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱাঃ {Udalguri}

(a) বৰাক উপত্যকাৰ অন্তৰ্গত এখন জিলা।

(b) এখন বাষ্ট্রীয় উদ্যান যিয়ে বাক্সা আৰু চিৰাং জিলাক সামৰি লৈছে।

(c) অসমৰ হার্টথ্রব জুবিনৰ সমাধি ক্ষেত্র।

5 নম্বৰৰ প্ৰশ্নসমূহ (5 Marks)

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসমৰ অর্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে বর্ণনা কৰা। {Baksa}

2. অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি? {Baksa}

3. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো তিনিটা নামসহ বহুওৱা. {Barpeta}

(a) এখন ৰাষ্ট্ৰীয় উদ্যান

(b) অসমৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়

(c) চাহ উদ্যোগ পার্ক

(d) এখন তেল শোধনাগাৰ

4. অসমৰ অৰ্থনৈতিক উন্নয়নত খনিজ সম্পদৰ গুৰুত্ব কিমান? খনিজ সম্পদৰ সংৰক্ষণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি তুমি ভাবা? {Biswanath}

5. অসমৰ প্ৰধান কৃষি উদ্যোগসমূহ কি কি? অসমৰ ৰেচম উদ্যোগৰ গুৰুত্ব আলোচনা কৰা। {Biswanath}

6. ‘অসম নদ-নদী, পাহাৰ আৰু সেউজীয়া উপত্যকাৰে সমৃদ্ধ অপূৰ্ব প্রাকৃতিক সৌন্দর্যৰে ভৰপুৰ এখন অঞ্চল’। অসম সম্পৰ্কে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া – {Dhubri}

(a) অসমৰ মুঠ কালি কিমান?

(b) অসম ভাৰতৰ কোন অংশত অৱস্থিত?

(c) গুৱাহাটী কোন উপত্যকাত অৱস্থিত?

(d) অসমৰ আটাইতকৈ বৃহৎ জিলা কোনখন?

(e) অসমৰ ৰাজ্যিক জন্তু কি?

7. অসমৰ পৰিবহন ব্যৱস্থাৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা। {Dhubri}

8. অসমৰ কৃষিভিত্তিক উদ্যোগৰ বিষয়ে চমুকৈ লিখা। {Kamrup M}

9. অসমৰ মানচিত্র অংকন কৰি তলত দিয়া স্থানসমুহ বহুওৱা- {Lakhimpur}

(i) অসমৰ জৈৱ প্ৰযুক্তি পার্ক

(ii) এখন ৰাষ্ট্ৰীয় উদ্যান

(iii) অসমৰ প্ৰথম তেল শোধানাগাৰ

10. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তলত দিয়াবোৰৰ তিনিখন ঠাই যথাস্থানত বহুওৱা। {Majuli}

a) এখন পক্ষী অভয়াৰণ্য।

b) জৈৱ-প্রযুক্তি পার্ক।

c) এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা।

d) ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ।

11. অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ সমূহ আলোচনা কৰা। ইয়াক  নিয়ন্ত্ৰণ কৰাৰ দুটা উপায় লিখা। {Sonitpur}

12. সম্পদ বুলিলে কি বুজা? অসমৰ প্ৰাকৃতিক সম্পদ সমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি? {Sonitpur}

13. অসমের একটি মানচিত্র অঙ্কন করে নিম্নলিখিত স্থানগুলি চিহ্নিত করো: {Sribhumi}

a) মাজুলি

b) হাফলং

c) দিসপুর

d) বঙ্গাইগাও তেল শোধনাগার

14. অসমে শিল্পের বিকাশ এখনও কেন মন্থর হয়ে আছে, তার কারণগুলি লেখো। {Sribhumi}

15. অসমৰ এখন মেপ অংকণ কৰি তাৰ চাৰিকাষে থকা ৰাজ্যবোৰ নিৰ্দেশ কৰা, মাছ উৎপাদনত প্রথমস্থানত থকা জিলা (2011) খন চিহ্নিত কৰা। {Tamulpur}

16. তলত অসম আৰু ভাৰতবৰ্ষৰ ধান উৎপাদনৰ তুলনামূলক তথ্য দিয়া আছে। তথ্যসমূহ অধ্যয়ণ কৰা আৰু নিম্নোক্ত প্রশ্নৰ উত্তৰ দিয়া। {Udalguri}

বছৰ

ভাৰত(টন)

অসম (টন)

2001

485,360

323840

2005

568960

434860

2009

657452

548602

2012

765461

3,19,763

2013

802561

789645

(a) কিমান চনৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ মুঠ উৎপাদন সর্বাধিক?

(b) আগৰ বছৰৰ তুলনাত 2012 চনত অসমৰ ধানৰ উৎপাদনৰ কি পৰিবৰ্তন দেখা যায়?

(c) অসমৰ ধানৰ উৎপাদন চনসহ ক্রমবর্ধমান ৰূপত সজোৱা।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

1. অসমৰ দুবিধ প্ৰধান খনিজ সম্পদৰ নাম লিখা আৰু সেইবোৰ ক’ত পোৱা যায় উল্লেখ কৰা।

2. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান আছিল?

3. অসমলৈ প্ৰব্ৰজন ঘটা দুটা প্ৰধান জনগোটৰ নাম লিখা।

4. অসমৰ দুবিধ কৃষিভিত্তিক উদ্যোগৰ নাম লিখা।

5. ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিয় বেছি? দুটা কাৰণ লিখা।

6. অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা য’ত এশিঙীয়া গঁড় পোৱা যায়।

7. অসমৰ জল পৰিবহণৰ দুটা প্ৰধান সমস্যা উল্লেখ কৰা।

8. ‘অসমৰ জৈৱ-প্ৰযুক্তি পাৰ্ক’ ক’ত অৱস্থিত আৰু ইয়াৰ এটা উদ্দেশ্য লিখা।

9. অসমত বৰ্তমান কাৰ্যক্ষম হৈ থকা দুটা তেল শোধনাগাৰৰ নাম লিখা।

10. অসমৰ অৰ্থনীতিত চাহ উদ্যোগৰ দুটা অৱদান উল্লেখ কৰা।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

11. ব্ৰিটিছ শাসনকালত অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰধান কাৰণসমূহ কি কি আছিল?

12. অসমত চাহ উদ্যোগৰ বৰ্তমানৰ তিনিটা প্ৰধান সমস্যা আলোচনা কৰা।

13. অসমৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে কিয় সমান নহয়? তিনিটা কাৰণ দৰ্শোৱা।

14. অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ গুৰুত্ব চমুকৈ বৰ্ণনা কৰা।

15. বাংলাদেশৰ পৰা অসমলৈ হোৱা অবৈধ প্ৰব্ৰজনে অসমৰ সমাজ আৰু অৰ্থনীতিত কেনে প্ৰভাৱ পেলাইছে?

16. অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ বিকাশ লেহেমীয়া হোৱাৰ কাৰণসমূহ কি কি?

17. অসমত প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে থকা স্বত্বেও ইয়াৰ অৱক্ষয় কিয় হৈছে?

18. অসমৰ কুটীৰ উদ্যোগসমূহৰ (যেনে: তাঁত শিল্প, বাঁহ-বেতৰ শিল্প) সমস্যাসমূহ চমুকৈ লিখা।

19. অসমৰ জনসংখ্যা দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ মূল কাৰণসমূহ কি কি?

20. অসমৰ বৰাক উপত্যকাৰ ভূ-প্ৰকৃতি আৰু অৰ্থনীতিৰ বিষয়ে এটি চমুটোকা লিখা।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

21. অসমৰ উদ্যোগিক অনগ্ৰসৰতাৰ চাৰিটা প্ৰধান কাৰণ বিশদভাৱে আলোচনা কৰা।

22. প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে অসমলৈ হোৱা বিভিন্ন জনগোটৰ প্ৰব্ৰজনৰ এক ধাৰাবাহিক বিৱৰণ দিয়া।

23. অসমৰ প্ৰাকৃতিক সম্পদসমূহক কেইভাগত ভগাব পাৰি? খনিজ তেল আৰু কয়লা সম্পদৰ বিতৰণৰ বিষয়ে বহলাই লিখা।

24. অসমৰ কৃষি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? কৃষিখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তুমি ভাবা?

25. “অসমৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থা ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ এক প্ৰধান হেঙাৰ।” – এই উক্তিটোৰ সমৰ্থনত তোমাৰ যুক্তি আগবঢ়োৱা।

26. অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তা আৰু বৰ্তমানৰ সমস্যাসমূহৰ বিষয়ে এখন ৰচনা প্ৰস্তুত কৰা।

27. অসমৰ জনসংখ্যাৰ গাঁথনি আৰু বিতৰণৰ ওপৰত ভূ-প্ৰকৃতিৰ প্ৰভাৱ কেনেধৰণৰ? ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পাহাৰীয়া অঞ্চলৰ তুলনামূলক আলোচনা কৰা।

28. অসমৰ এখন মানচিত্ৰ অংকন কৰা বুলি ধৰি লৈ, তাত তলত দিয়া স্থানসমূহ কেনেদৰে বহুৱাবা তাৰ ভৌগোলিক অৱস্থান বৰ্ণনা কৰা: (ক) মাজুলী (খ) ডিগবৈ তেল শোধনাগাৰ (গ) মানস ৰাষ্ট্ৰীয় উদ্যান (ঘ) শিলচৰ। (প্ৰশ্নটো বৰ্ণনামূলকভাৱে লিখিবলৈ দিয়া হৈছে)

29. অসমত বানপানী আৰু গৰাখহনীয়া সমস্যই ৰাজ্যখনৰ অৰ্থনীতিত কেনে বিৰূপ প্ৰভাৱ পেলাইছে আলোচনা কৰা।

30. অসমৰ অৰণ্য সম্পদৰ গুৰুত্ব কি? দ্ৰুত নিৰ্বানীকৰণৰ ফলত অসমৰ পৰিৱেশত কি কি সমস্যাৰ সৃষ্টি হৈছে বাখ্যা কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় 9 (অসমৰ ভূগোল) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ অধ্যায় 9 ত কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
এই অধ্যায়টোত অসমৰ অৱস্থান, ভূ-প্ৰকৃতি, নদ-নদী, জলবায়ু, খনিজ সম্পদ, কৃষি, যাতায়াত আৰু জনসংখ্যাৰ বিতৰণৰ বিষয়ে বিতং আলোচনা কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (New Syllabus) আৰু শেহতীয়া ব্লুপ্ৰিণ্ট অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া ৰচনাধৰ্মী প্ৰশ্নলৈকে (যেনে- অসমৰ ভূ-প্ৰাকৃতিক বিভাগ) আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top