Class 10 Science Chapter 2 এছিড, ক্ষাৰক আৰু লৱণ Solutions | ASSEB Assam | Assamese Medium

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ২ – এছিড, ক্ষাৰক আৰু লৱণ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ২ – এছিড, ক্ষাৰক আৰু লৱণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ দ্বিতীয় অধ্যায় ‘এছিড, ক্ষাৰক আৰু লৱণ’ (Acids, Bases and Salts) এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 2 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ৰাসায়নিক সমীকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘এছিড, ক্ষাৰক আৰু লৱণ’ নামৰ এই পাঠটিত এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম, pH স্কেলৰ গুৰুত্ব, আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বিভিন্ন গুৰুত্বপূৰ্ণ লৱণ (যেনে- ব্লিচিং পাউদাৰ, বেকিং ছ’ডা, কাপোৰ ধোৱা ছ’ডা আৰু প্লাষ্টাৰ অৱ পেৰিছ) আদিৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহৰ উত্তৰ দিয়াটো নম্বৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম আৰু প্ৰশমন বিক্ৰিয়াৰ বিস্তৃত পৰিচয়।
  • pH স্কেল আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি সহজ সমাধান।
  • ব্লিচিং পাউদাৰ, বেকিং ছ’ডা আৰু প্লাষ্টাৰ অৱ পেৰিছ আদিৰ প্ৰস্তুতি আৰু ব্যৱহাৰৰ নিৰ্দোষ উত্তৰ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type), ২-৩ নম্বৰৰ চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
এছিড, ক্ষাৰক আৰু লৱণ

এছিড, ক্ষাৰক আৰু লৱণ

প্ৰশ্নাৱলী

Class 10 Science NCERT Textbook – Page No 18

1. তোমাক তিনিটা পৰীক্ষা দিয়া হৈছে । সিঁহতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু আন এটা ক্ষাৰকীয় দ্ৰৱ আছে । যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ?

উত্তৰ: পৰীক্ষা নল তিনিটাত ক্ৰমে পাতিত পানী, আম্লিক দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে । এখন ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে ।

প্ৰথমতে পৰীক্ষানলবোৰত থকা দ্ৰৱত ৰঙা লিটমাছখন নীলা হয় সেই দ্ৰৱটো ক্ষাৰকীয় হব ।

এতিয়া দ্বিতীয় পৰীক্ষানলত আকৌ এই (ৰঙাৰ পৰা নীলা হোৱা) নীলা লিটমাছখন দিয়াত যদি কাগজখন ৰঙা হয়, তেতিয়া সেই দ্ৰৱটো হব আম্লিক আৰু যদিহে লিটমাছ কাগজৰ বৰণৰ কোনো পৰিৱৰ্তন নহয় তেতিয়া সেই নলত পানী থকা বুজাব । আৰু তৃতীয় নলত যদি নীলা লিটমাছখন ৰঙা হয় তেন্তে তাৰ দ্ৰৱ আম্লিক হব ।

Class 10 Science NCERT Textbook – Page No 22

1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?  

উত্তৰ: দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়নো ইঁহত আম্লিক প্ৰকৃতিকৰ । ইহঁতক ধাতু (তাম আৰু পিতল) ৰ পাত্ৰত থ’লে  বিক্ৰিয়া কৰি বিষাক্ত লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে । এই লৱণবোৰ ভক্ষণ কৰিলে খাদ্যত বিক্ৰিয়া  কৰিব পাৰে । তদুপৰি এছিডৰ সৈতে বিক্ৰিয়া সংঘটিত কৰিলে  ধাতুৰ পাত্ৰ ক্ষয়প্ৰাত্ৰ হ’ব পাৰে ।

   এছিড  +   ধাতু   →    লৱণ  +  হাইড্ৰ’জেন গেছ

2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় ?  এটা উদাহৰণেৰে সৈতে বুজাই লিখা । 

উত্তৰ: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰ’জেন গেছ (H2) নিৰ্গত হোৱাৰ লগতে লৱণ উৎপন্ন হয় । 

উদাহৰণ: যেতিয়া যিংক (ধাতু) লঘু ছালফাউৰিক এছিড (H2SO4) ৰ লগত বিক্ৰিয়া কৰি যিংক ছালফেট (ZnSO4) লৱণ আৰু হাইড্ৰ’জেন (H2) গেছ উৎপন্ন হয় । 

Class 10 Science

3. এটা ধাতৱ যৌগ A  লঘু হাইড্ৰ’ক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্ঠি কৰে । উৎপন্ন হোৱা গেছটোৱে এডাল  জ্বলি থকা ম’ম নুমুৱায় । বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা ।

উত্তৰঃ ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্ঠি কৰে আৰু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই ।

ইয়াৰ দ্বাৰা আমি জানো যে বিক্ৰিয়াটোত গঠন হোৱা গেছটো কাৰ্বন ডাই-অক্সাইড ।

যিহেতু বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড, গতিকে ধাতৱ যৌগ A নিশ্চিত ভাৱে কেলছিয়াম কাৰ্বনেট(CaCO3 (s) । 

বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হৈছে : 

CaCO3 (s)  +   2HCl (aq)   → CaCl2 (aq)  +  H2O (l)   +  CO2 (g)

Class 10 Science NCERT Textbook – Page No 25 

1. জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু  এলক’হল আৰু  গ্লক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুলায় ? 

 উত্তৰ:   জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিৰ দৰে এছিডসমূহে আম্লিক ধৰ্ম দেখুয়ায় কাৰণ সিঁহতে জলীয় দ্ৰৱত হাইড্ৰ’নিয়াম আয়ন H3O+ বা H+ (aq) উৎপন্ন কৰে, আনহাতে এলক’হল আৰু গ্লক’জৰ দৰে যৌগৰ দ্ৰৱই জলীয়  দ্ৰৱত আম্লিক ধৰ্ম নেদেখুৱায়, কিয়নো সিহঁতে হাইড্ৰ’নিয়াম আয়ন, H3O+ বা (aq)  উৎপন্ন নকৰে । 

2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ? 

উত্তৰ: এছিড (HX) এটাৰ জলীয় দ্ৰৱই কেটায়ন [H3O+ (aq)  বা হাইড্ৰ’নিয়াম ধনাত্মক আয়ন] আৰু এনায়ন (X – ঋণাত্মক আয়ন) । উৎপন্ন কৰে । আয়নবোৰ আধানৰ বাহক হোৱা বাবে এছিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিৱহণ কৰে । 

HCl (aq)  +  H2O (l) → Cl   +  H3O+

3. শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ? 

উত্তৰ:  এছিডে কেৱল পানীৰ উপস্থিতিতহে হাইড্ৰ’জেন আয়ন, H+ (aq) বা হাইড্ৰ’নিয়াম আয়ন,  H3O+ উৎপন্ন কৰে । এই H+ (aq)  আয়নবোৰ সিহঁতৰ আম্লিক ধৰ্মৰ বাবে দায়ী । শুকান লিটমাছ কাগজত আৰ্দ্ৰতাৰ অনুপস্থিতিৰ বাবে শুকান HCl গেছে H+ (aq) উৎপন্ন কৰিব নোৱাৰে । সেয়ে , শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় । 

4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় , কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয় ? 

উত্তৰ: এছিড এটা লঘু কৰা প্ৰক্ৰিয়াটো অতিশয় তাপবৰ্জী প্ৰকৃতিৰ । গাঢ় এছিডত পানী যোগ কৰিলে উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ তাপৰ বাবে  মিশ্ৰণটো বাহিৰ ফালে সিঁচৰিত হৈ পৰিব পাৰে আৰু জুই লাগিব পাৰে । স্থানীয়ভাৱে অত্যধিক তাপ  উৎপাদনৰ ফলত কাঁচৰ পাত্ৰটো ভগাৰ সম্ভৱনা থাকে । সেয়ে  এছিড পানীত লাহে লাহে টোপাল টোপালকৈ  যোগ কৰিবলৈ আৰু এনে কৰোঁতে দ্ৰৱটো নিৰৱচ্ছিন্নভাৱে লৰাই থাকিবলৈ পৰামৰ্শ দিয়া হয় । 

5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়ন (H3O+)  ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় ?

উত্তৰ: এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে প্ৰতি একক আয়নত (H3O+) ৰ সংখ্যা হ্ৰাস পায় । ইয়াৰ ফলত হাইড্ৰনিয়াম আয়ন (H3O+) ৰ গাঢ়তা হ্ৰাস পায় আৰু লগতে এছিডৰ তীব্ৰতা হ্ৰাস পায় । 

6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (HO) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব ? 

উত্তৰ : ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱভূত কৰিলে প্ৰতি একক আয়নত হাইড্ৰ’ক্সাইড আয়ন (HO) ৰ সংখ্যা বৃদ্ধি পায় । ইয়াৰ ফলত হাইড্ৰ’ক্সাইড আয়ন (HO) ৰ গাঢ়তা বৃদ্ধি পোৱাৰ লগতে ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি পায় ।

Class 10 Science NCERT Textbook – Page No 28

1. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে । দ্ৰৱ A ৰ PH মান 6 আৰু দ্ৰৱ B   PH ৰ মান 8 । কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ? 

উত্তৰ: এটা দ্ৰৱত হাইড্ৰ’জেন আয়ন  H+ (aq) H3O+ ৰ গাঢ়তা অধিক হ’লে  PH ৰ মান কম হয় আৰু H+ (aq) H3O+ ৰ গাঢ়তা কম হ’লে  Pৰ মাল অধিক হয় । যিহেতু দ্ৰৱ A ৰ   Pৰ মান 8, গতিকে দ্ৰৱ B ৰ তুলনাত দ্ৰৱ Aৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি । 

যিহেতু দ্ৰৱ Aৰ  PH ৰ মান 6 অৰ্থাৎ প্ৰশম জলীয় দ্ৰৱৰ  PH ৰ মান 7 তকৈ কম, গতিকে দ্ৰৱটো আম্লিক । আনহাতে যিহেতু দ্ৰৱ  B  PH ৰ মান 8 অৰ্থা 7 তকৈ বেছি, গতিকে দ্ৰৱটো ক্ষাৰকীয় ।

2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত  H+ (aq) আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে ? 

উত্তৰ: যিহেতু এছিডৰ তীব্ৰতা H+ (aq) আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে , H+ (aq) আয়নৰ গাঢ়তা বৃদ্ধি হ’লে দ্ৰৱটো অধিক আম্লিক হয় আৰু H+ (aq) আয়নৰ গাঢ়তা কম হ’লে দ্ৰৱটো কম পৰিমাণে আম্লিক আৰু অধিক মাত্ৰাত ক্ষাৰকীয় হয় । 

3. ক্ষাৰকীয় দ্ৰৱত H+ (aq) আয়ন থাকেনে ? যদি থকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?

উত্তৰ : হয়,  ক্ষাৰকীয় দ্ৰৱটো H+ (aq) আয়ন থাকে যিবোৰ পানীৰ আয়নীকৰণৰ দ্বাৰা উতপন্ন হয় । অৱশ্য, ক্ষাৰকীয় দ্ৰৱত H+ (aq) আয়নৰ গাঢ়তা হাইড্ৰ’ক্সাইড আয়ন, H (aq) ৰ গাঢ়তাতকৈ কম  (অৰ্থাৎ H+ < OH) সেয়ে, এনে দ্ৰৱ ক্ষাৰকীয় । 

4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা ? 

উত্তৰ : গছ-গছনিৰ সুস্থ-সবল বৃদ্ধিৰ বাবে মাটিৰ PH  ৰ মানৰ আদৰ্শ পৰিসৰ 6.5 ৰ পৰা 7, ইয়াৰ অৰ্থ এয়ে যে এই মাটি টুকুৰা অতিশয় আম্লিক নতুবা অতিশয় ক্ষাৰকীয় নহয় । অত্যধিক আম্লিক (pH ৰ মান < 6.5) হোৱাৰ ক্ষেত্ৰত মাটিৰ আম্লিকতা প্ৰশমনৰ বাবে কৃষকে কৃষিক্ষেত্ৰ পোৰা চূণ (কেলছিয়াম অক্সাইড CaO) বা শিথিলিত চূণ [ কেলছিয়াম হাইড্ৰ’ক্সাইড Ca(OH)2] বা চক (কেলছিয়াম কাৰ্বনেট, CaCO3) ৰ দৰে ক্ষাৰক প্ৰয়োগ কৰে । 

Class 10 Science NCERT Textbook – Page No 33

1. যৌগ CaOcl2 ৰ  সাধাৰণ নামটো কি ? 

উত্তৰ : যৌগ CaOcl2 ৰ  সাধাৰণ নামটো হ’ল ব্লিচিং পাউদাৰ |

2. ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউদাৰ উতপন্ন কৰা যৌগটোৰ নাম লিখা ? 

উত্তৰ : ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম শুকান শিথিলিত চূণ [Ca(OH)2]

3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা । 

উত্তৰ : কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম হ’ল কাপোৰ ধোৱা ছ’ডা (Na2CO3.10H2O)

4. ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াটোৰ সমীকৰণটো লিখা ।

উত্তৰ : ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ই বিযোজিত হৈ ছ’ডিয়াম কাৰ্বনেট (Na2CO3),  পানী (H2O) আৰু কাৰ্বন – ডাই অক্সাইড (CO2) গেছ উৎপন্ন হয় । 

এই বিক্ৰিয়াতোৰ সমীকৰণটো হৈছে :

2NaHCO3 (aq) → Na2CO3 (s)   + H2O (l)  +  CO2 (g)

5. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা ।

উত্তৰ: প্লাষ্টাৰ অৱ পেৰিছ (এবিধ বগা পাউদাৰ)   [CaSO4 . H2O]  ক পানী (H2O ) ৰ লগত মিহলি কৰিলে জিপছামলৈ (এবিধ টান গোটা পদাৰ্থ ) পৰিৱৰ্তিত হ’ব । 

ওপৰৰ বিক্ৰিয়াটো দেখুওৱা  সমীকৰণটো হৈছে :-

CaSO4 . H2 O (s) + 1H2O (l) → CaSO4 . 2H2O (s)

 অনুশীলনী

1. এটা দ্রৱই ৰঙা লিটমাছ নীলা কৰিছে । ইয়াত pH  হ’ব পাৰে _____  । 

(a) 1         

(b) 4         

(c) 5          

(d) 10

উত্তৰ : (d) 10 

2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া  কৰি এটা গেছ উৎপন্ন কৰে । গেছটোৱে চূণপানী ঘোলা কৰে । দ্ৰৱটোত থাকে ______ । 

(a) NaCl         

(b) HCl           

(c) LiCl         

(d) KCl

উত্তৰ : (b) HCl 

3. NaOH দ্ৰৱ এটাৰ 10ml এ Hcl দ্ৰৱ এটাৰ 8ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে । যদি আমি একেটা NaOH দ্ৰৱৰ  20ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ ) পৰিমাণ হ’ব ____ । 

(a) 4ml        

(b) 8ml         

(c) 12ml         

(d) 16ml

উত্তৰ : (d) 16ml

4. অজীৰ্ণতাৰ চিকিতসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? 

(a) এণ্টিবায়’টিক (Anibiotic)     

(b) বেদনাশক (Analgesic)         

(c) অম্লনাশক (Antacid   

(d) বীজানুনাশক (Antiseptoc

উত্তৰ : (c) অম্লনাশক (Anatacid)

5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত লিখা যেতিয়া _____ । 

(a) লঘু ছালফাউৰিক এছিডে যিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে । 

(b) লঘু হাইড্ৰ’ক্লৰিক এছিডে মেগনেছিয়াম ফিতাৰ সৈতে  বিক্ৰিয়া কৰে । 

(c) লঘু ছালফাউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে । 

(d) লঘু হাইড্ৰ’ক্লৰিক এছিডে লোৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে ।

উত্তৰ : 

(a) শব্দ সমীকৰণ :

 যিংকৰ গুড়ি  +  লঘুছালফাউৰিক এছিড    যিংক ছালফেট   +   হাইড্ৰ’জেন 

সন্তুলিত সমীকৰণ : 

Zn (s)   +   H2SO4 (aq) →   ZnSO4 (aq)  +  H2 (g)

(b) শব্দ সমীকৰণ :

মেগনেছিয়াম ফিতা  +  লঘু হাইড্ৰ’ক্লৰিক এছিড  →  মেগনেছিয়াম ক্ল’ৰাইড  +   হাইড্ৰ’জেন 

সন্তুলিত সমীকৰণ : 

Mg (s)   +   2HCl (aq)  →   MaCl2 (aq)  + H2 (g) 

(c) শব্দ সমীকৰণ :

এলুমিনিয়াম পাউদাৰ  +   লঘু ছালফাউৰিক এছিড →  এলুমিনিয়াম ছালফেট   +  হাইড্ৰ’জেন 

সন্তুলিত সমীকৰণ :

2Al (s)   +   3H2SO4 (aq)    → Al2(SO4)3 (aq)  +  3H2(g) 

(d) শব্দ সমীকৰণ :

লোৰ গুড়ি  +  লঘু হাইড্ৰ’ক্লৰিক এছিড  →  আইৰণ (II)   +  হাইড্ৰ’জেন

সন্তুলিত সমীকৰণ :

Fe (s)   +   2HCl  (aq)    → FeCl2 (aq)  +  H2 (g) 

6. এলক’হল আৰু গ্লক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে । কিন্তু সিঁহতক এছিড হিচাপে  শ্ৰেণীভূত কৰা হোৱা নাই । ইয়াক প্ৰমাণ কৰিবলৈ বৰ্ণনা কৰা । 

উত্তৰ :

কাৰ্যকলাপ :  প্ৰমাণ কৰিব লাগে যে এলক’হল আৰু গ্লক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে । কিন্তু সিঁহতক এছিড হিচাপে  শ্ৰেণীভূক্ত কৰা হোৱা নাই । 

আৱশ্যকীয় সামগ্ৰী : বিকাৰ, এলক’হল, গ্লক’জ দ্ৰৱ, কৰ্ক, দুটা লোৰ গজাল, এটা 6 ভল্টৰ বেটাৰী। 

পদ্ধতি : 

পদক্ষেপ (i) : এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি লোৱা হ’ল। 

পদক্ষেপ  (ii) : লোৰ গজাল দুটা বাল্ব এটা আৰু ছুইচ এটাৰ মাজেৰে 6 ভল্ট বেটাৰী এটাৰ মূ এটাৰ  লগতসংযোগ কৰা হ’ল।

পদক্ষেপ (iii) : এতিয়া বিকাৰটোত অলপ মান এলক’হল ভৰাই লৈ ছুইটো টিপি বিদ্যুত প্ৰবাহ চালিত হ’বলৈ দিয়া হয়। 

একেটা পৰীক্ষা এলক’হল পৰিৱৰ্তে গ্লক’জ দ্ৰৱ লৈ পুনৰ কৰা হ’ল তাৰ পাছত HCl ৰ জলীয় দ্ৰৱ লৈ পৰীক্ষা কৰা হ’ল । 

পৰ্যৱেক্ষণ : এলক’হল বা গ্লক’জ দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে, কিন্তু HCl  (aq) ক্ষেত্ৰত বাল্বটো জ্বলে । 

সিদ্ধান্ত : 

(i) এছিডে বিদ্যুত প্ৰবাহিত কৰাৰ কাৰণ এয়ে যে ইহঁত আয়নলৈ বিযোজিত হয় । HCl ৰ ক্ষেত্ৰত   H+ (aq) (হাইড্ৰ’জেন আয়ন) আৰু Cl (ক্ল’ৰাইড আয়ন) উতপন্ন হয় । 

(ii) এলক’হল আৰু গ্ল’কজ  H+(aq) আয়নলৈ বিযোজিত নহয় আৰু সেয়ে ইঁহতে বিদ্যুত প্ৰবাহিত নকৰে । অৱশ্য ইঁহতৰোএছিডৰ দৰে হাইড্ৰ’জেন থাকে । 

(iii) হাইড্ৰ’জেনযুক্ত আটাইবোৰ যৌগ এছিড নহয় আৰু ইহংতে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে । 

7.  পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণ পানীয়ে কৰে কিয় ? 

উত্তৰ : পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰাৰ কাৰণ এয়ে যে এছিড, ক্ষাৰক, লৱণ আদি আয়নীয় যৌগবোৰ ইয়াত দ্ৰৱীভূত নহয় । গতিকে, ইহঁতে আয়ন উৎপন্ন নকৰে কিয়নো আয়নৰ জৰিয়তে বিদ্যুত প্ৰবাহিত হয় । আনহাতে, বৰষুণ পানীত কাৰ্বন ডাই – অক্সাইড   (CO2), ছালফাৰ ডাই-অক্সাইড   (SO2), আদি গেছ দ্ৰৱীভূত হৈ থাকে । এই গেছসমূহে কাৰ্বনিক এছিডে  (H2CO3),ছালফাউৰিক এছিড  (H2CO3), আদি এছিড উৎপন্ন কৰে । এই পানীত দ্ৰৱীভূত হৈ আয়নলৈ বিযোজিত হয় । 

উদাহৰণস্বৰূপে :

বৰষুণৰ পানীত থকা কাৰ্বন ডাই-অক্সাইডে কাৰ্বনিক এছিড উৎপন্ন কৰে আৰু বিযোজিত হৈ হাইড্ৰ’জেন আয়ন H+(aq) বা হাইড্ৰনিয়াম আয়ন    (H3O+) আৰু কাৰ্বনেট আয়ন,  CO32 – (aq) উৎপন্ন কৰে । 

H2CO3 + 2H2O → (H3O+)2 + CO32-

এই আয়নকেইটাৰ উপস্থিতিৰ বাবে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে । 

8. পানীৰ অনুপস্থিতি এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?

উত্তৰ :  H+ (aq) আয়ন বা হাইড্ৰ’নিয়াম আয়নৰ উপস্তিতিৰ বাবে এছিডে এছ্ড ধৰ্ম প্ৰদৰ্শন কৰে । এছিডে কেৱল জলীয় দ্ৰৱ্য়ত, অৰ্থাৎ পানীৰ উপস্থিতিতহে আয়ন উৎপন্ন কৰে, উদাহৰণস্বৰুপে, হাইড্ৰ’ক্লৰিক এছিডে পানীৰ উপস্থিতিতহে  হাইড্ৰ’নিয়াম আয়ন উৎপন্ন কৰে । পানীৰ অনুপস্থিতিত HCl অণুৰ পৰা H+ আয়ন পৃথক হ’ব নোৱাৰে। 

সেয়ে, পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে ।

9. পাচঁটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল ।কোনটো দ্ৰৱ ?

(a) প্ৰশম

(b) তীব্ৰ ক্ষাৰকীয়

(c) তীব্ৰ আম্লিক 

(d) মৃদু আম্লিক

(e) মৃদু ক্ষাৰকীয়

উত্তৰঃ 

প্ৰদত্ত দ্ৰৱৰ PH  মান প্ৰকৃতি দেখুওৱা তালিকা : 

দ্ৰৱ

PH  ৰ মান

দ্ৰৱৰ প্ৰকৃতি

A

4(<7)

মৃদু আম্লিক

B

1(<7)

তীব্ৰ আম্লিক

C

11(>7)

তীব্ৰ ক্ষাৰকীয়

D

7(=7)

প্ৰশম

E

9(>7)

মৃদু ক্ষাৰকীয়

তালিকাৰ পৰা পাওঁ যে 

(a) দ্ৰৱ D প্ৰশম             

(b) দ্ৰৱ  C তীব্ৰ ক্ষাৰকীয় 

(c) দ্ৰৱ B তীব্ৰ আম্লিক    

(d) দ্ৰৱ A  মৃদু আম্লিক 

(e) দ্ৰৱ E মৃদু ক্ষাৰকীয় 

এটা দ্ৰৱৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’লে ইয়াৰ PH ৰ মান কম হয় আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা কম হ’লে ইয়াৰ PH  ৰ মান বেছি হয় । 

গতিকে, এই দ্ৰৱবোৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH মানবোৰ হৈছে :

PH 11   <      PH 9      <       PH 7         <      PH 4   <  PH 1

(C)             (E)                  (D)                 (A)          (B)

10. পৰীক্ষালন A আৰু B ত সমান সমান দৈৰ্ঘ্য দুডাল মেগনেছিয়ামৰ  ফিটা লোৱা হ’ল । পৰীক্ষানল Aত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হ’ল । এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে । কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?

উত্তৰঃ  হাইড্ৰ’ক্ল’ৰিক এছিড (HCl) থকা পৰীক্ষানল A ত এচটিক এছিড (CH3COOH) থকা পৰীক্ষানল B তকৈ বেছি বেগেৰে বুৰবুৰণি ওলাব কাৰণ :  

(i) হাইড্ৰ’ক্ল’ৰিক এছিড (HCl) এচটিক এছিড (CH3COOH) তকৈ বেছি তীব্ৰ । 

(ii) মেগনেছিয়াম ফিটাডাল (Mg) হাইড্ৰ’ক্লৰিক এছিড HCl ৰ সৈতে এচটিক এছিড (CH3COOH) ৰ তুলনাত অধিক ক্ষীপ্ৰতাৰে বিক্ৰিয়া কৰে । 

11. কেঁচা গাখীৰৰ PH ৰ মান 6 । ই দৈত পৰিণত হ’লে PH সলনি হ’বনে ? বাখ্যা কৰা । 

উত্তৰ : কেঁচা গাখীৰ দৈত পৰিণত হ’লে লেক্টিক এছিড উৎপন্ন হয় । এটা দ্ৰৱ অধিক আম্লিক হ’লে ইয়াৰ PH ৰ মান হ্ৰাস পায় । গতিকে, কেঁচা গাখীৰৰ PH ৰ মান 6 তকৈ কম হয় ।

12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে । 

(a) কিয় তেওঁ কেঁচা গাখীৰত  PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে । 

(b) এই গাখীৰখিনি দৈত পৰিণত হ’ললৈ বেছি সময় লাগে কিয় ?  

উত্তৰঃ

(a) কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং ছ’ডা (NaHCO3) যোগ কৰিলে গাখীৰখিনি সামান্য পৰিমাণে ক্ষাৰকীয় হয় আৰু সহজে টেঙা নহয় । গতিকে, দীৰ্ঘ সময়ৰ বাবে সংৰক্ষণ কৰিবলৈ গোৱালজনে কেঁচা গাখীৰৰ  PH ৰ মান 6 ৰ পৰা সামান্যভাৱে সলনি কৰি ক্ষাৰকীয় কৰি লয় ।

(b) ক্ষাৰকীয় গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কাৰণ প্ৰক্ৰিয়াটোত উৎপন্ন হোৱা লেক্টিক এছিডে প্ৰথমে গাখীৰত থকা ক্ষাৰ প্ৰশমিত কৰিব লাগিব । অধিক পৰিমাণে লেক্টিক এছিড উৎপন্ন হ’লেহে গাখীৰখিনি দৈত পৰিণত হয় ।

13. প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ? বাখ্যা কৰা ।

উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছে সহজে পানী শোষণ কৰে । প্লাষ্টাৰ অৱ গেৰিছক জলীয় বাষ্পৰ সংস্পৰ্শত ৰাখিলে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় । এনে অৱস্থাত ইয়াক পুতলা, মূৰ্তি আদি নিৰ্মান কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি।

সেইবাবে, প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে ।

14. প্ৰশমন বিক্ৰিয়া কি ? দুটা উদাহৰণ দিয়া । কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা এছিডে এটা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে প্ৰশমন বিক্ৰিয়া বোলা হয় । অন্যাৰ্থৎ ই হৈছে আম্লিক দ্ৰৱৰ ধনাত্মক হাইড্ৰ’নিয়াম আয়ন H+ (aq) বা আৰু ক্ষাৰকীয় দ্ৰৱৰ ঋমাত্মক হাইড্ৰ’ক্সাইড আয়ন, OH ৰ মাজত সংঘটিত এটা বিক্ৰিয়া ।

এছিড + ক্ষাৰক → লৱণ + পানী

উদাহৰণ:

(i) HCl (aq) + NaOH (aq) NaCl (aq) + H2O (l)

(ii) HNO3 (aq) + KOH (aq) KNO3 (aq) + H2O (l)

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ২ (এছিড, ক্ষাৰক আৰু লৱণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ২ ত কি কি মূল বিষয় আলোচনা কৰা হৈছে?
এই অধ্যায়ত এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম, pH স্কেলৰ গুৰুত্ব, আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা গুৰুত্বপূৰ্ণ লৱণ যেনে- ব্লিচিং পাউদাৰ, বেকিং ছ’ডা আৰু প্লাষ্টাৰ অৱ পেৰিছ আদিৰ প্ৰস্তুতি আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল বিজ্ঞান পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, এছিড-ক্ষাৰকৰ ৰাসায়নিক সমীকৰণৰ সমাধান আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা pH স্কেল সম্পৰ্কীয় প্ৰশ্ন, বিভিন্ন লৱণৰ ব্যৱহাৰ, এছিড আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়া, ১-৩ নম্বৰৰ চমু প্ৰশ্ন, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) সাধাৰণতে সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top