দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৪ – কাৰ্বন আৰু তাৰ যৌগ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৪ – কাৰ্বন আৰু তাৰ যৌগ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘কাৰ্বন আৰু তাৰ যৌগ’ (Carbon and its Compounds) ৰসায়ন বিজ্ঞানৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু বহল পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ৰাসায়নিক গঠনৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘কাৰ্বন আৰু তাৰ যৌগ’ নামৰ এই পাঠটিত কাৰ্বনৰ সহযোজী বান্ধনি, কাৰ্বনৰ সৰ্বতোমুখী প্ৰকৃতি, সমগণীয় শ্ৰেণী, কাৰ্যকৰী মূলক (Functional Groups), কাৰ্বন যৌগৰ নামকৰণ, ইথানল আৰু ইথানয়িক এছিডৰ ধৰ্ম, লগতে চাবোন আৰু অপমাৰ্জকৰ কাৰ্যপ্ৰণালী সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- কাৰ্বনৰ সহযোজী বান্ধনি আৰু ইয়াৰ সৰ্বতোমুখী প্ৰকৃতিৰ বিস্তৃত আলোচনা।
- সমগণীয় শ্ৰেণী আৰু কাৰ্বন যৌগসমূহৰ নামকৰণৰ (Nomenclature) সহজ নিয়ম আৰু সমাধান।
- ইথানল আৰু ইথানয়িক এছিডৰ ৰাসায়নিক ধৰ্ম, আৰু চাবোনৰ পৰিষ্কাৰকৰণ প্ৰক্ৰিয়াৰ নিৰ্দোষ উত্তৰ।
- ১ নম্বৰৰ অতি চমু (VSA objective type), ২-৩ নম্বৰৰ চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.
কাৰ্বন আৰু তাৰ যৌগ
প্ৰ শ্না ৱ লী
Class 10 Science NCERT Textbook – Page No 61
1. কাৰ্বন ডাই-অক্সাইড (Co2) ৰ ইলেক্ট্ৰ’ন বিন্দু গঠন কি হ’ব ?
উত্তৰ: কাৰ্বন ডাই-অক্সাইড (Co2) ৰ ইলেক্ট্ৰ’ন বিন্দু গঠন কি হ’ল :

2. আঠটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেক্ট্ৰ’ন বিন্দু গঠন কি হ’ব ?
উত্তৰ: ছালফাৰ (S8) অণুৰ ইলেক্ট্ৰ’ন বিন্দু গঠন :

Class 10 Science NCERT Textbook – Page No 68
1. পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা ?
উত্তৰ: পেণ্টেন (C5H12) ৰ বাবে তিনিটা গঠন সমযোগী আঁকিব পৰা যায় ।



2. কাৰ্বনৰ কোনদুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ দেখা পাওঁ ?
উত্তৰ:কাৰ্ননৰ নিম্নোক্ত ধৰ্ম দুটাৰ বাবে আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ দেখা পাওঁ ।
(i) কেটিনেচন
(ii) চতুৰ্সহযোজ্যতা
3. চাইক্ল’পেন্টেনৰ সংকেত আৰু ইলক্ট্ৰ’নীয় বিন্দু গঠন কি হ’ব লিখা ।
উত্তৰ: চাইক্ল’পেন্টেনৰ সংকেত হ’ল (C5H10)

4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা :
(i) ইথান’য়িক এছিড (ii) ব্ৰ’ম’পেণ্টন *
(iii) বিউটান’ন (iv) হেক্সানেল
* ব্ৰ’ম’পেণ্টনৰ সমযোগী সম্ভৱনে ?
উত্তৰ: (i) ইথান’য়িক এছিড CH3COOH

(ii) ব্ৰ’ম’পেণ্টন C9 H11 Br

(iii) বিউটান’ন C2H5 COCH3
(iv) হেক্সানেল, C5H11CHO :

5. তলৰ যৌগবোৰৰ নাম লিখা ।
(i) ![]()
(ii) 
(iii) 
উত্তৰ: (i) ব্ৰ’ম’ইথেন
(ii) মিথানেল
(iii) হেক্সইন
Class 10 Science NCERT Textbook – Page No 71
1. ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ?
উত্তৰ: ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7 ৰ উপস্থিতি উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্ৰহণ কৰি ইথায়নিক এছিড উৎপন্ন কৰে বাবে ই এটা জাৰণ বিক্ৰিয়া ।
2. লোহা জোৰা দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয় । ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰ: অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইথাইন আৰু বায়ুৰ মিশ্ৰণ এটা দহণ কৰিলে অসম্পূৰ্ণ দহন ঘটি ক’লা ধোঁৱা আৰু এলান্ধু নিৰ্গত হয় । গতিকে লোহা জোৰা দিয়াৰ বাবে আৱশ্যক হোৱা সঠিক উষ্ণতা প্ৰাপ্ত নহয় । কিন্তু যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণ এটাৰ দহণ ঘটে তেতিয়া সম্পূৰ্ণ দহন হোৱাৰ ফলত পৰিষ্কাৰ নীলা শিখা নিৰ্গত হয় আৰু লোহা জোৰা দিয়াৰ বাবে প্ৰয়োজন হোৱা উষ্ণতা প্ৰপ্ত হয় ।
Class 10 Science NCERT Textbook – Page No 74
1. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পৰি ?
উত্তৰ: ছ’ডিয়াম হাইড্ৰ’কাৰ্বনেট পৰীক্ষাৰ দ্বাৰা এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ দেখুৱাব পৰা যায় ।
দুটা পৃথক পৰীক্ষানলীত এলক’হল আৰু কাৰ্বক্সিলিক এছিড লৈ দুয়োটাতে ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ এক জুলীয়া দ্ৰৱ মিহলোৱা হ’ল ।
এলক’হলে ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ (NaHCO3) সৈতে কোনো বিক্ৰিয়া নকৰিলে কিন্তু কাৰ্বক্সিলিক এছিড থকা পৰীক্ষানলীটোত কাৰ্বন ডাই-অক্সাইডৰ নিৰ্গমনৰ বাবে বুৰবুৰণি দেখিবলৈ পোৱা যাব ।
2. জাৰক দ্ৰৱ্য কি ?
উত্তৰ: যিবোৰ দ্ৰৱ্যই আন যৌগক অক্সিজেন দিবলৈ সক্ষম তাকে জাৰক দ্ৰৱ্য বুলি কোৱা হয় ।
Class 10 Science NCERT Textbook – Page No 74
1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয়নে নহয় ক’ব পাৰিবানে ?
উত্তৰ: অপমাৰ্জক ব্যৱহাৰৰ দ্বাৰা পানীৰ কঠিনতা পৰীক্ষা কৰিব পৰা নাযায় । অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিধ পানীতে ফেন উৎপন্ন কৰে আৰু কাৰ্যক্ষম হয় । অপমাৰ্জকৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত অদ্ৰৱণীয় অধ:ক্ষেপ সৃষ্টি নকৰে ।
2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুচে বা ভৰিৰে গচকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰ (Washing Machine) ভৰাই জোকাৰি দিয়ে । কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?
উত্তৰ: চাবোন কণাপুঞ্জ বা মাইছেল বুলি কোৱা অণুৰ থূপ বা পুঞ্জ সৃষ্টি কৰে যিবোৰে তেলতীয়া মলিবোৰ কেন্দ্ৰত জমা কৰে । এই কণাপুঞ্জবোৰ কাপোৰবোৰৰ ওপৰ ভাগত ওলমি থাকে যিয়ে পানীত অবদ্ৰৱ বা ইমালচন সৃষ্টি কৰে । কণাপুঞ্জবোৰ দ্ৰৱটোত অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধ:ক্ষিপ্ত নহয়, সেয়ে চাবোনৰ দ্ৰৱত (পানীত) কাপেৰবোৰ বুৰাই থুকুছি, ঘঁহি বা জোকাৰি কণাপুঞ্জত থকা মলিবোৰ সহজে ধুই আঁতৰ কৰিব পৰা যায় । জোকাৰণিয়ে চাবোনৰ কণাপুঞ্জবোৰক মলিবোৰ পানীত দ্ৰৱীভূত কৰাত তথা কাপেৰ পৰিষ্কাৰ কৰাত সহায় কৰে ।
অনুশীলনী
1. ইথেন (C2H6) অণু এটাত ______ ।
(a) 6 টা সহযোগী বান্ধনী আছে
(b) 7 টা সহযোগী বান্ধনী আছে
(c) 8 টা সহযোগী বান্ধনী আছে
(d) 9 টা সহযোগী বান্ধনী আছে
উত্তৰ : (b) 7 টা সহযোগী বান্ধনী আছে ।
2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্যকৰী মূলক হ’ল _____ ।
(a) কাৰ্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিট’ন
(b) এলক’হল
উত্তৰ : (c) কিট’ন ।
3. ৰন্ধনৰ সময়ত ব্যৱহিত বৰ্তনৰ তলফালে ক’লা পৰে কিয়নো ______ ।
(a) খাদ্য ভালদৰে নিসিজিলে ।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহ’লে ।
(c) ইন্ধন সিক্ত হ’লে ।
(d) ইন্ধন সম্পবৰ্ণৰূপে দহন নহ’লে ।
উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহ’লে ।
4. CH3Cl ৰ উদাহৰণ লৈ সহযোগী বান্ধনি স্বৰূপ (Nature) বাখ্যা কৰা ।
উত্তৰ : সহযোগী বান্ধনি হ’ল দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰ’নৰ ভাগ-বতৰাৰ দ্বাৰা গঠন হোৱা এক ৰাসায়নিক বান্ধনি য’ত দুয়োটা পৰমাণুৱে এনেদৰে ইলেক্ট্ৰ’নৰ ভাগ-বতৰা কৰে যাতে পৰমাণু দুটাই সিহঁতৰ নিকটৱৰ্তী সম্ভান্ত্ৰ গেছৰ স্থিৰ ইলেক্ট্ৰনায় বিন্যাস লাভ কৰে ।
CH3Cl বান্ধনি গঠনত ব্যৱহিত সহযোগী বান্ধনিৰ প্ৰকৃতি তলত দিয়া হ’ল
(i) কাৰ্বনৰ পাৰমাণৱিক সমখ্যা 6 হয় । ইয়াৰ যোজক কক্ষত চাৰিটা ইলেক্ট্ৰ’ন থাকে । ই অষ্টক সম্পূৰ্ণ কৰিবলৈ চাৰিটা ইলেক্ট্ৰ’নো গ্ৰহণ কৰিব নোৱাৰে বা চাৰিটা ইলেক্ট্ৰ’ন ত্যাগ কৰি ডুপলেটত উপনীত হ’’বও নোৱাৰে যিহেতু উভয়কে যথেষ্ট শক্তিৰ প্ৰয়োজন হয় ।
(ii) হাইড্ৰ’জেনৰ পাৰমাণৱিক সংখ্যা (1) । ইয়াৰ যোজক কক্ষত মাত্ৰ এটা ইলেক্ট্ৰ’ন থাকে । ইয়াৰ নিজৰ কক্ষ সম্পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন ।
(iii) ক্ল’ৰিণৰ পাৰমাণৱিক সংখ্যা হ’ল (17) । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস হ’ল 2,8,7 । ইয়াৰ যোজক ইলেক্ট্ৰ’ন হ’ল 7টা । ইয়াক নিজৰ অষ্টক সম্পূৰ্ণ কৰিবলৈ আৰু এটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন ।
সেয়েহে অষ্টক সম্পূৰ্ণ কৰিবলৈ CH3Cl গঠনত কাৰ্বনে ইয়াৰ চাৰিটা যোজক ইলেক্ট্ৰ’নক তিনিটা হাইড্ৰ’জেন পৰমাণুৰ আৰু এটা (1) পৰমাণুৰ সৈতে ভগ-বতৰা কৰে । CH3Cl ত চাৰিডাল সহযোজী একবান্ধনি থাকে ।
5. তলত দিয়াবিলাকৰ ইলেক্ট্ৰ’ন বিন্দু লিখা :
(a) ইথানয়িক এছিড
(b) H2S
(c) প্ৰপান’ন
(d) F2
উত্তৰ :
(a) ইথানয়িক এছিড

(b) H2S

(c) প্ৰপান’ন
6. সমগনীয় শ্ৰেণী কি ? উদাহৰণ দি বুজাই লিখা ।
উত্তৰ : সমগনীয় শ্ৰেণী হ’ল কাৰ্বন যৌগসমূহৰ এটা গোট যত কাৰ্বন শৃংখল এটাত হাইড্ৰ’জেন পৰমাণুবোৰ একে কাৰ্যকৰীমূলকৰ দ্বাৰা প্ৰতিস্থাপিত হয় ।
উদাহৰণস্বৰূপে : মিথেন, ইথেন, প্ৰ’পেন, বিউটোন, পেণ্টেন, হেক্সেন আদি এলকেন বোৰ একে সমগনীয় শ্ৰেণীৰভুক্ত :
|
ক্ৰমি নং |
এলকেন |
পাৰমাণৱিক সংকেত |
পাৰ্থক্য |
|---|---|---|---|
|
(i) |
মিথেন |
CH4 |
___ |
|
(ii) |
ইথেন |
C2H6 |
__CH2 |
|
(iii) |
প্ৰ’পেন |
C3H8 |
__CH2 |
|
(iv) |
বিউটেন |
C4H10 |
__ CH2 |
|
(v) |
প্ৰণ্টেন |
C5H12 |
__ CH2 |
|
(vi) |
হেক্সেন |
C6H14 |
__ CH2 |
7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ।
উত্তৰ :
ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য :
ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি
|
ক্ৰমিক নং |
ইথানল |
ইথানয়িক ওছিড |
|---|---|---|
|
(i) |
উত্তেজনাকাৰী গোন্ধবিশিষ্ট। |
ভিনেগাৰৰ বৈশিষ্ট্যগত এক উগ্ৰ গোন্ধযুক্ত |
|
(ii) |
শীতকালত গোট নামাৰে । |
শীতকালত 170C তলত ই গোট মাৰে । |
|
(iii) |
সাধাৰণ উষ্ণতাত ই বাষ্পভূত হয় । |
সাধাৰণ উষ্ণতাত ই বাষ্পভূত নহয় । |
ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি
|
ক্ৰমিক নং |
ইথানল |
ইথানয়িক ওছিড |
|---|---|---|
|
(i) |
ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া নকৰে । |
ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই-অক্সাইড উৎপন্ন কৰে । |
8. পানীত চাবোন দিলে কিয় ফেন উঠে ? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ?
উত্তৰঃ পানীত চাবোন দিলে , ইয়াৰ উদাসীণ হাইড্ৰ’কাৰ্বন মূৰটোৱে পানীৰ ভিতৰফালে আৰু আধানযুক্ত মূৰ বাহিৰফালে ওলাই আহে । ইয়াক মাইচেলি (Mecelle) বোলে । মাইছেলি গঠনৰ বাবে পানীত ফেন উঠা দেখা যায় ।
ইথানলে চাবোনৰ লগত ফেন উৎপন্ন নকৰে । কিয়নো ইয়াত মাইছেলি গঠন নহয় ।
9. প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগসমূহক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কিয় ?
উত্তৰ : কাৰ্বন আৰু ইয়াৰ যৌগবোৰক প্ৰায় সকলো ক্ষেত্ৰতে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ অক্সিজেনৰ উপস্থিতিত কাৰ্বন দহন কৰিলে কাৰ্বন ডাই-অক্সাইডৰ লগতে অধিক পৰিমাণৰ তাপ আৰু পোহৰ উৎপন্ন হয় ।
10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (Scum) কি দৰে সৃষ্টি হয় । ব্যাখ্যা কৰা ।
উত্তৰঃ কঠিন পানীত মেগনেছিয়াম আৰু কেলছিয়ামৰ লৱন দ্ৰৱীভূত হৈ থাকে ।
যেতিয়া এনে পানীত চাবোন ঘঁহা হয়, তেতিয়া চাবোনে এই লৱনৰ লগত প্ৰথমে বিক্ৰিয়া কৰে আৰু ছ’ডিয়াম বা পটাছিয়াম বা লৱন উৎপন্ন কৰে । এই বোৰ পানীত অদ্ৰৱণীয় বাবে গেদৰ সৃষ্টি হয় ।
11. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?
উত্তৰঃ চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট বাবে ই ৰঙা লিটমাছ কাগজ নীলা কৰে আৰু নীলা লিটমাচ কাগজৰ ৰঙটো পৰিৱৰ্তন কৰে ।
12. হাইড্ৰ’জেনেচন মানে কি ? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা ।
উত্তৰঃ পেলাডিয়াম বা নিকেলৰ দৰে অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰ’জেন যোগ হৈ সংপৃক্ত হাইড্ৰ’কাৰ্বন উৎপন্ন হোৱা প্ৰক্ৰিয়াকে হাইড্ৰ’জেনেচন বুলি কোৱা হয় ।
হাইড্ৰ’জেনেচন ঔদ্যোগিক প্ৰয়োগ :
সাধাৰণতে বন্ধনৰ বাবে ব্যৱহিত উদ্ভিদ জাত তেলবোৰ দীঘল অসংপৃক্ত কাৰ্বন শৃংখলযুক্ত । যেতিয়া নিকেল অনুঘটকৰ উপস্থিতিত এই উদ্ভিদজাত তেলবেৰৰ মাজেৰে হাইড্ৰ’জেন গেছ পাৰ হৈ যায় তেতিয়া অসংপৃক্ত তেলবোৰ সংপৃক্ত গোটা চৰ্বিলৈ সলনি হয় ।

এনেদৰে প্ৰকৃতিকভাৱে উপলব্ধ হোৱা উদ্ভিদজাত তেলৰ হাইড্ৰ’জেনেচন সম্পন্ন কৰি বনস্পতি ঘিৰ পণ্য উৎপাদন কৰা হয় ।
13. তলৰ কোনবিলাক হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুয়ায় ?
C2H6, C3H8, C3H6, C2H2, আৰু CH4 ?
উত্তৰঃ- কেৱল অসংপৃক্ত হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুয়ায় । ইয়াৰে C3H6 (প্ৰ’পিন) C2H2 (ইথাইন)হ’ল অসংপৃক্ত হাইড্ৰ’কাৰ্বন । সেয়েহে এই হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুয়ায় ।
14. মাখন (Butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰঃ- মাখন এটা সংপৃক্ত হাইড্ৰ’কাৰ্বন । আনহাতে, খোৱা তেল অসংপৃক্ত হাইড্ৰ’কাৰ্বন । অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ দ্ৰৱত ব্ৰমিণ যোগ কৰিলে, ব্ৰ’মিণৰ মুগা বৰণ অদৃশ্য হয়, কিন্তু সংপৃক্ত হাইড্ৰ’কাৰ্বনৰ আৰু ব্ৰ’মিণৰ কোনো বিক্ৰিয়া নহয় । যেতিয়া ব্ৰ’মিণ ৰন্ধন তেলত যোগ কৰা হয়, তেতিয়া ৰং অদৃশ্য হয়, কিন্তু মাখনত ব্ৰ’মিণ যোগ কৰিলে, ইয়াৰ ৰং মুগা বৰণ ধাৰণ কৰে ।
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা ।
উত্তৰঃ– চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া – চাবোন পানীত কলয়ডীয় দ্ৰব্যৰ উৎপন্ন কৰে আৰু মাছেলিৰ সৃষ্টি কৰে ।
চাবোনৰ অণুবোৰৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰ পানীৰ পৰা বাহিৰফালে মূখ কৰি সংস্থাপিত হয় । আয়নিক মূৰবোৰ পানীক আকৰ্ষণ কৰে আৰু হাইড্ৰ’কাৰ্বনযুক্ত মেৰু পানী ঘৃণী । যেতিয়া এই চাবোন পানীত মলিয়ন হোৱা কাপোৰত তিয়াই দিয়া হয়, তেতিয়া মাইছেলিৰ হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰে মলিত থকা তেল বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়।
যেতিয়া কাপোৰখন থুচি দিয়া হয় মিঠা তেল বা গ্ৰজীৰ কণিকাবোৰ সৈতে হাইড্ৰ’কাৰ্বন শৃংখল কাপোৰ পৰা খহি পানীত গেদ হিচাপে জমা হয় । তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই অহা বাবে কাপোৰখন পৰিস্কাৰ পানীত তিয়াই থুকুচি দিলে মলিবোৰ সম্পূৰ্ণৰূপে আঁতৰি গৈ কাপোৰখন অতি পৰিস্কাৰ হয় ।
