Class 11 Assamese Chapter 14 – লাচিত ফুকন – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ চতুৰ্দশ অধ্যায় – লাচিত ফুকনৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত অসমৰ বীৰযোদ্ধা, আহোম সেনাপতি লাচিত ফুকনৰ জীৱন, বীৰত্ব আৰু দেশপ্ৰেমৰ বিষয়ে আলোচনা কৰা হৈছে। শৰাইঘাটৰ যুদ্ধত তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু ত্যাগৰ কাহিনীয়ে অসমৰ ইতিহাসক গৌৰৱান্বিত কৰিছে। AHSEC (ASSEB)ৰ নতুন পাঠ্যক্ৰম অনুসৰি এই অধ্যায়ৰ সকলো প্ৰশ্নৰ সহজ আৰু বিশদ উত্তৰ অস্পীন একেডেমীত (Ospin Academy) উপলব্ধ।
এই অধ্যায়ত আপুনি শিকিব:
- লাচিত ফুকনৰ জীৱন আৰু কাৰ্যাৱলী
- শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক গুৰুত্ব
- লাচিত ফুকনৰ অদম্য সাহস আৰু দেশপ্ৰেম (“দেশতকৈ মোমাই ডাঙৰ নহয়”)
- আহোম সৈন্যৰ ৰণকৌশল আৰু নেতৃত্ব
- অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশদ ব্যাখ্যা
🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:
- AHSEC (ASSEB)ৰ শেহতীয়া পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
- প্ৰতিটো প্ৰশ্নৰ সহজ আৰু স্পষ্ট ব্যাখ্যা
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বোধগম্য ভাষাত প্ৰস্তুত
- পৰীক্ষাৰ বাবে উৎকৃষ্ট প্ৰস্তুতিত সহায়ক
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Limited Time Offer!
(For AHSEC ASSEB Board Class 11 Assamese)
Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.
লাচিত ফুকন
কবি: দেৱকান্ত বৰুৱা
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নব মূল্যাংক- ১)
১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য সাহিত্যত ‘দোমোজাৰ কবি’ নামেৰে জনাজাত।
২। দেৱকান্ত বৰুৱাৰ একমাত্র কাব্যপুথিখনৰ নাম কি?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ প্ৰকাশিত কাব্য সংকলনখনৰ নাম হৈছে ‘সাগৰ দেখিছা’।
৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্রথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ ‘আমি দুৱাৰ মুকলি কৰোঁ’ শীৰ্ষক কবিতাটিত প্ৰথমবাৰৰ বাবে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়।
৪। ‘দেশৰ বাতৰি শুনিবানে বীৰ’- ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘দেশৰ বাতৰি শুনিবানে বীৰ’- এই বাক্যশাৰীত বীৰ বুলি লাচিত বৰফুকনক উদ্দেশ্যি কোৱা হৈছে।
৫। ‘নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ’- জয়শ্রী মানে কি?
উত্তৰঃ ‘জয়শ্ৰী’ৰ অৰ্থ হৈছে শত্ৰুক পৰাস্ত কৰাৰ ফলত অহা সফলতা বা বিজয়ৰ সৌভাগ্য।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাসমূহত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিংৰ কাব্যৰ আৰ্হিৰ প্ৰভাৱ দেখা পোৱা যায়। সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক ‘নাটকীয় স্বগতোক্তি’ (dramatic monologue) শৈলী বুলি কোৱা হয়।
২। ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?
উত্তৰঃ ইব্ৰাহিম আছিল আল্লাহৰ এজন পৰম ভক্ত আৰু এজন প্ৰকৃত ইছলামধৰ্মী। তেওঁৰ সম্পূৰ্ণ নাম হজৰত ইব্ৰাহিম।
আল্লাহ্ তা’লাই ইব্ৰাহিমৰ ভক্তিৰ পৰীক্ষা ল’বলৈ বিচাৰিছিল। তেওঁ নিজৰ আল্লাপ্ৰেম পৰীক্ষা কৰিবৰ উদ্দেশ্যে ইব্ৰাহিমক নিজৰ আটাইতকৈ প্ৰিয় বস্তুটো উৎসৰ্গা কৰিবলৈ নিৰ্দেশ দিছিল। ইব্ৰাহিমৰ বাবে তেওঁৰ পুত্ৰ ইছমাইল আছিল সকলোতকৈ প্ৰিয়। আল্লাহৰ নিৰ্দেশ মতে পৰম ভক্ত ইব্ৰাহিমে নিজৰ পুত্ৰৰ বুকুত ছুৰী মাৰিবলৈ উদ্যত হোৱা অন্তিম মুহূৰ্তত আল্লাই তেওঁক বাধা দিলে। তেওঁ পুত্ৰৰ পৰিৱৰ্তে এটা ডুম্বাক (আৰৱত পোৱা ছাগলীৰ দৰে এবিধ চাৰিঠেঙীয়া জন্তু) কোৰবানি দিবলৈ দৈৱবাণী শুনিবলৈ পালে। সেই অনুসৰি ইছমাইলৰ সলনি এটা ডুম্বাহে উৎসৰ্গিত হৈছিল।
কবিয়ে উল্লেখ কৰিছে যে ইব্ৰাহিমে নিজৰ পুত্ৰক আল্লাহৰ নামত উৎসৰ্গা কৰিবলৈ লোৱা এই মহাসমৰ্পণৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল।
৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’- ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কবিতাৰ পংক্তিটোত ‘গাধৰ পাল’ বুলি কবিয়ে সেইসকল অসম সন্তানক বুজাইছে, যিসকলে নিজৰ স্বকীয় মূল্যবোধ আৰু আত্মসন্মান পাহৰি কেৱল নিজৰ স্বাৰ্থৰ বাবে আনৰ অধীনত গোলামী কৰি আছে। চৰ, ভুকু আৰু কিলৰ আঘাত সহ্য কৰিও তেওঁলোকে নিজৰ প্ৰভুৰ নিৰ্দেশ মানি দেশৰ প্ৰকৃত উন্নতিৰ পথত বাধা জন্মাইছে। সিংহৰ দৰে বীৰত্ব থকা অসমৰ এইসকল সন্তানক কবিয়ে দাসত্বৰ বোজা বহন কৰা গাধৰ সৈতে তুলনা কৰিছে।
৪। ‘হে অসমৰ ত্যাগৰ মূৰ্তি। মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কৈছে?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কবিতাৰ পংক্তিটোত ‘ত্যাগৰ মূৰ্তি’ আৰু ‘মাতুল-ঘাতক-নবী’ বুলি লাচিত বৰফুকনক কোৱা হৈছে। লাচিত বৰফুকন আছিল এজন দুৰ্দান্ত সাহসী আৰু পৰাক্ৰমী বীৰ। গুৰুত্বৰ অসুস্থ শৰীৰেৰেই তেওঁ দেশৰ বাবে যুদ্ধ কৰিছিল। দেশৰ প্ৰতি থকা কৰ্তব্যৰ খাতিৰত তেওঁ নিজৰ মোমায়েককো কৰ্তব্যত গাফিলতি কৰা বাবে শিৰচ্ছেদ কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। কবিয়ে সেয়ে লাচিতৰ এই অনন্য ত্যাগ আৰু দেশপ্ৰেমৰ কথা সোঁৱৰিবলৈ তেওঁক ‘মাতুল-ঘাতক-নবী’ বুলি অভিহিত কৰিছে।
৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে।
উত্তৰঃ দেশ জননীৰ পূজাত মংগল শ্লোক বা মন্ত্ৰ উচ্চাৰণ নকৰি অসম সন্তানে পিয়ানো বজাই আৰতি কৰিছে। লগতে, পূজাৰ বেদীত মৃন্ময় চাকিৰ সলনি জ্বলাইছে মমবাতি। দেশ জননীৰ পূজাৰ এনে অসংগতিপূৰ্ণ আৰু নকল আয়োজন দেখিয়ে কবিয়ে আক্ষেপেৰে কৈছে যে মুক্তি আঁতৰি পলাইছে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যবস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে?
উত্তৰঃ ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে আধুনিক সমাজৰ নৈতিক অৱক্ষয়ৰ এক নিৰ্মোহ ছবি দাঙি ধৰিছে। এই সমাজত সকলো লোকে নিজৰ স্বকীয় মূল্যবোধক পাহৰি কেৱল ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে কাম কৰে। তেওঁলোকে নিজৰ স্বকীয়তা ত্যাগ কৰি চকু-কাণ মুদি ভৃত্যৰ দৰে আনৰ গোলামী কৰিবলৈ ভাল পায়। বাহিৰত তেওঁলোকে বিপ্লৱৰ ভাও দিলেও, আভ্যন্তৰীণভাৱে তেওঁলোক এতিয়াও কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কবলত বন্দী।
এইসকল লোকে কানিৰ দৰে তুচ্ছ বস্তুৰ মূল্য নিৰূপণ কৰোঁতেই সময় কটাই দিয়ে। ইয়াৰ লগতে, মৰা আউসীৰ দিনা হাল বালে ধেনু দান কৰি প্ৰায়শ্চিত্ত কৰা, মৃতকৰ কৰ্ম কিমানদিনীয়া হ’ব আদি অনৰ্থক আৰু ভিত্তিহীন কথাবোৰৰ বিচাৰতো তেওঁলোকে সময় নষ্ট কৰে। তেওঁলোকে বছৰি বীৰ পূজা অনুষ্ঠিত কৰে যদিও নিজৰ দেশৰ উন্নতি বা স্বাধীনতাৰ বাবে কোনো কাম কৰিবলৈ আগবাঢ়ি নাহে। কেৱল ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে দেশৰ মুক্তিৰ বিষয়ে কথা কোৱা এইসকল লোকৰ এনে অসাৰ চিন্তা-চৰ্চা আৰু অৰ্থহীন ক্ৰিয়া-কলাপে সমাজ ব্যৱস্থাটো শিথিল আৰু সোলোক-ঢোলোক কৰিছে বুলি কবিয়ে গভীৰ আক্ষেপ প্ৰকাশ কৰিছে।
২। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্রেমক ভুবা দেশপ্রেম বুলি কৈছে?
উত্তৰঃ কবিয়ে সেই দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি অভিহিত কৰিছে, যিটো কেৱল ব্যক্তিগত স্বাৰ্থ আৰু ক্ষমতা লাভৰ বাবেহে ব্যৱহাৰ কৰা হয়। অসমৰ বৰ্তমানৰ সন্তানে মাথোঁ নিজৰ স্বাৰ্থ পূৰণৰ বাবে আনৰ পৰা চৰ-ভুকুৰ দৰে অপমান সহিও গোলামী কৰি থাকে আৰু বছৰি নামমাত্ৰ বীৰ পূজা পাতে। আচলতে দেশৰ হিতাৰ্থে তেওঁলোকে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰে। স্বদেশ পূজা বুলিলে তেওঁলোকে কেৱল লোকেল ব’ৰ্ডৰ সদস্য (মেম্বাৰ) হোৱাকে বুজে। মন্ত্ৰিত্ব লাভ কৰা আৰু বিধানসভাৰ (এছেম্বলী) সদস্য হোৱাই হৈছে তেওঁলোকৰ প্ৰধান লক্ষ্য। দেশপ্ৰেমৰ নামত তেওঁলোকে সেই ক্ষমতা লাভৰ লক্ষ্যৰ ফালেহে আগবাঢ়ে। দেশৰ প্ৰকৃত উন্নয়নত অকণো সহায় নকৰা এনে স্বাৰ্থপৰ কাৰ্যকলাপকে কবিয়ে ভুৱা দেশপ্ৰেম বুলি অভিহিত কৰিছে।
৩। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?
উত্তৰঃ ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বাক্যশাৰীৰ জৰিয়তে কবিয়ে লাচিত বৰফুকনক উদ্দেশ্যি বৰ্তমানৰ অসমৰ নৈতিক আৰু সামাজিক অৱক্ষয়ৰ ছবি দাঙি ধৰিছে। তেওঁ গভীৰ দুখেৰে প্ৰকাশ কৰিছে যে তাহানিৰ বীৰ লাচিতৰ দিনৰ গৌৰৱপূৰ্ণ অসমৰ এতিয়া মাথোঁ জঁকাটোহে বাকী আছে।
কবিয়ে দিয়া বাতৰিসমূহৰ সাৰাংশ তলত দিয়া হ’ল:
গোলামী আৰু স্বাৰ্থপৰতা: অসমত এতিয়া যেন প্ৰকৃত অসমীয়া এজনো নাই। সকলোৱে নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে আনৰ অধীনত গোলামী কৰি আছে। তেওঁলোকে নিজৰ স্বকীয় মূল্যবোধ বিসৰ্জন দি চৰ-ভুকু খাইও কেৱল স্বাৰ্থৰ বাবে আনৰ ভৃত্যত পৰিণত হৈছে।
নকল বিপ্লৱ আৰু কুসংস্কাৰ: এইসকলে নকল-নবীছ হৈ দেশৰ মুক্তিৰ বাবে এক অদ্ভুত ভাওনাৰ আয়োজন কৰিছে। বাহিৰত তেওঁলোকে বিপ্লৱীৰ দৰে অভিনয় কৰিলেও, তেওঁলোক আচলতে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কবলত বন্দী।
শক্তিহীনতা আৰু আড়ম্বৰ: বক্তৃতাৰে আকাশ কঁপোৱা অসমীয়াই এতিয়া বাঁহৰ কামিত চুণ সানিহে যুদ্ধৰ অনুশীলন কৰে (নিৰ্জীৱতাৰ প্ৰতীক)।
ভুৱা দেশপ্ৰেম: চৰকাৰী পদবী লাভৰ আশাত বীৰ পূজা পতা অসমীয়াই বীৰ লাচিতৰ প্ৰকৃত দেশপ্ৰেম কাহানিবাই পাহৰি গ’ল। তেওঁলোকৰ বাবে স্বদেশ পূজা মানে কেৱল লোকেল ব’ৰ্ডৰ সদস্য হোৱা। মন্ত্ৰিত্ব লাভ কৰাটোৱেই তেওঁলোকৰ শেষ কল্পনা আৰু বিধানসভা তেওঁলোকৰ আশাৰ কেন্দ্ৰ।
এনেদৰে স্বাৰ্থপৰ আৰু নৈতিকভাৱে অধঃপতিত সন্তানেৰে ভৰি পৰা অসমৰ দুৰ্দশাৰ বাতৰি কবিয়ে গভীৰ আক্ষেপেৰে লাচিত বৰফুকনক শুনাইছে।
৪। ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্রেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা:
উত্তৰঃ ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবি দেৱকান্ত বৰুৱাৰ অন্তৰত থকা স্বদেশপ্ৰেমৰ ফল্গুধাৰা অবিৰতভাৱে প্ৰবাহিত হৈছে। কবিতাটোৰ নামকৰণতেই কবিৰ গভীৰ দেশপ্ৰেম প্ৰকাশ পাইছে। কিয়নো লাচিত ফুকন নামটোৱেই এটা জাতিৰ যৌৱন জগাই তুলিব পৰা দুৰন্ত দেশপ্ৰেমৰ প্ৰতীক।
অসমৰ অতীতৰ গৌৰৱ আছিল লাচিত বৰফুকনৰ দৰে সন্তান, কিন্তু বৰ্তমানৰ অসমত প্ৰকৃত অসমীয়াৰ সন্ধান পাবলৈ নাই— স্বদেশৰ প্ৰতি গভীৰ মৰম থকা বাবেই কবিয়ে এই কঠিন সত্য উপলব্ধি কৰি ছটফটাই উঠিছে। কবিয়ে অনুভৱ কৰিছে যে আজিৰ অসমত ভুৱা দেশপ্ৰেমৰ পয়োভৰ। চাৰিওফালে কেৱল স্বাৰ্থপৰতাৰহে বৰঙণি। কবিয়ে আজিৰ অসমীয়া ডেকাসকলক ‘গাধৰ পাল’ বুলি ক’বলৈ বাধ্য হৈছে; কিয়নো তেওঁলোকে নিজৰ স্বকীয় গৌৰৱ, মূল্যবোধ আৰু আত্মসন্মান পাহৰি কেৱল স্বাৰ্থসিদ্ধিৰ বাবে আনৰ গোলামী কৰিছে। তেওঁলোকে ৰাজনীতিত অংশ লয় দেশৰ উন্নতিৰ বাবে নহয়, বৰঞ্চ ৰাজভোগ কৰিবলৈহে।
স্বদেশপ্ৰেমেৰে পূৰ্ণ কবিৰ মনে যেন জন্মভূমিৰ চকুলো দেখিবলৈ পাইছে। নিজৰ সন্তানৰ কুপথে চলাৰ বাবে অসম মাতৃয়ে শোকত বিনাই থকাৰ শব্দ যেন কবিয়ে শুনিবলৈ পাইছে। অসম এতিয়া অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে ভৰা এখন অনগ্ৰসৰ ৰাজ্যত পৰিণত হৈছে। এনে এক দুৰ্যোগৰ সন্ধিক্ষণত স্বদেশপ্ৰেমিক কবিয়ে গভীৰভাৱে অনুভৱ কৰিছে যে অসমত পুনৰ লাচিতৰ দৰে এজন বীৰৰ নেতৃত্বৰ প্ৰয়োজন হৈছে।
দেশৰ প্ৰতি থকা এই গভীৰ প্ৰেমে কবিক হতাশাৰ মাজতো আশাৰ ৰেঙণি দেখুৱাইছে। তেওঁ বিশ্বাস কৰে যে আজিও এনে কিছুসংখ্যক অসমীয়া সন্তান আছে যিয়ে এবাৰ হুকুম পালেই মাতৃভূমিৰ কাৰণে নিজৰ তেজ উছৰ্গা কৰি লুইতৰ বগা পানীক ৰঙা কৰি তুলিব পাৰে। এনে সাহসী যুৱকৰ দলে লাচিতৰ দৰে নেতৃত্ব লাভ কৰিলে অসমৰ ভাগ্য সলনি কৰি দিব পাৰিব। অসমীয়া ডেকাচামক তেওঁলোকৰ জাতীয় ঐতিহ্য সোঁৱৰাই দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তোলাই হৈছে কবিৰ মূল উদ্দেশ্য। এইদৰে কবিতাটোত কবিৰ স্বদেশপ্ৰেম আশাবাদৰ মাজেৰে স্পষ্টভাবে ফুটি উঠিছে।
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) বক্তৃতা দি আকাশ কঁপাই, চিঞৰত টেটু ফালি, বাঁহৰ কামীত চুণ সানি লৈ ধৰোঁ আমি ৰণছালি।
উত্তৰঃ সংগতি: ব্যাখ্যেয় কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দেৱকান্ত বৰুৱা দেৱে ৰচনা কৰা ‘লাচিত ফুকন’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ: অসম সন্তানৰ বুদ্ধিভ্ৰষ্টতা আৰু কাৰ্যতৎপৰতাৰ অভাৱৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় পংক্তিকেইটাৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা: অসম বীৰ লাচিত বৰফুকনৰ জন্মভূমি। নিজৰ অসুস্থ শৰীৰ স্বত্বেও মাতৃভূমিক মোগলৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ নিজৰ সৈন্যক চিঞৰি চিঞৰি সাহস দিছিল যে সকলো উভতি গ’লেও তেওঁ কেতিয়াও উভতি নাযায়। তেওঁৰ সেই মৰণপণ চিঞৰত দুৰ্দান্ত দেশপ্ৰেম আছিল, যিয়ে সৈন্যবৃন্দক উজ্জীৱিত কৰিছিল আৰু অসমক মোগলৰ কবলৰ পৰা ৰক্ষা কৰিছিল।
কিন্তু আজিৰ অসমত ভুৱা দেশপ্ৰেমৰহে পয়োভৰ। স্বদেশৰ মুক্তিৰ বাবে সকলোৱে বিপ্লৱ কৰা যেন দেখুৱায়। কিন্তু সেই বিপ্লৱ কেৱল নামতহে, আচলতে মনেৰে কোনো বিপ্লৱী নহয়। আজিৰ বিপ্লৱীৰ চিঞৰত সেই মৃত্যু পণ কৰাৰ মানসিকতা নাই, বৰঞ্চ ব্যক্তিগত স্বাৰ্থপৰতাৰ গোন্ধহে আছে। দেশৰ হৈ প্ৰাণ আহুতি দিবলৈ কোনো ওলাই নাহে, বৰঞ্চ ক্ষমতা লাভৰ ৰাজনীতিতহে সকলো মনোযোগী। সেয়ে অসমৰ উন্নতিৰ গতি স্থবিৰ হৈ পৰিছে।
ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে আড়ম্বৰপূৰ্ণ অথচ অন্তঃসাৰশূন্য ভুৱা দেশপ্ৰেমৰ কথাকেই মূলতঃ ক’ব বিচাৰিছে।
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – লাচিত ফুকন সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




