Class 11 Assamese Chapter 15 – ৰাজপথ – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ পঞ্চদশ অধ্যায় – ৰাজপথৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium
অসমীয়া আধুনিক কবিতাৰ অন্যতম পুৰোধা নৱকান্ত বৰুৱাৰ ‘ৰাজপথ’ এটি বিখ্যাত কবিতা। এই কবিতাটোত ৰাজপথক জীৱনৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি যান্ত্ৰিক সভ্যতাৰ দৌৰাত্ম্য আৰু মানুহৰ নিঃসংগতাৰ এক সুন্দৰ ছবি অংকন কৰা হৈছে। AHSEC (ASSEB)ৰ নতুন পাঠ্যক্ৰম অনুসৰি এই অধ্যায়ৰ সকলো প্ৰশ্নৰ সহজ আৰু বিশদ উত্তৰ অস্পীন একেডেমীত (Ospin Academy) উপলব্ধ।
এই অধ্যায়ত আপুনি শিকিব:
- ‘ৰাজপথ’ কবিতাৰ মূল ভাৱ আৰু তাৎপৰ্য
- ৰাজপথক জীৱনৰ প্ৰতীক হিচাপে কেনেদৰে ব্যৱহাৰ কৰা হৈছে
- নৱকান্ত বৰুৱাৰ কাব্যিক শৈলী আৰু চিত্ৰকল্পৰ ব্যৱহাৰ
- আধুনিক জীৱনৰ ব্যস্ততা আৰু নিঃসংগতাৰ চিত্ৰণ
- অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশদ ব্যাখ্যা
🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:
- AHSEC (ASSEB)ৰ শেহতীয়া পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
- প্ৰতিটো পদৰ সহজ আৰু স্পষ্ট ব্যাখ্যা
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বোধগম্য ভাষাত প্ৰস্তুত
- পৰীক্ষাৰ বাবে উৎকৃষ্ট প্ৰস্তুতিত সহায়ক
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Limited Time Offer!
(For AHSEC ASSEB Board Class 11 Assamese)
Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.
ৰাজপথ
কবি: ভবানন্দ দপ্ত
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। ‘অসমীয়া কবিতাৰ কাহিনী’ গ্রন্থখন কাৰ ৰচনা?
উত্তৰঃ ‘অসমীয়া কবিতাৰ কাহিনী’ নামৰ গ্ৰন্থখন ভৱানন্দ দত্তৰ দ্বাৰা ৰচিত।
২। ‘ব্লেক আউট’ মানে কি?
উত্তৰঃ ‘ব্লেক আউট’ৰ তাৎপৰ্য হৈছে নিষ্ক্ৰদীপ অৰ্থাৎ বিজুলীবাতিকে ধৰি কোনো ধৰণৰ আলোক সজ্জা নজ্বলোৱা অৱস্থা।
৩। ৰাজপথত কোন সময়ত ভদ্র-বনিতাৰ চৰণাঘাত পৰে?
উত্তৰঃ ৰাজপথত নিশাৰ গভীৰ আন্ধাৰত ভদ্র-বনিতাসকলৰ চৰণৰ আঘাত পৰে।
৪। ‘ৰাজপথ’ কবিতাটি প্রথমে কোনখন আলোচনীত প্রকাশ পাইছিল?
উত্তৰঃ ‘ৰাজপথ’ শীৰ্ষক কবিতাটি প্ৰথমতে ‘জয়ন্তী’ আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশিত হৈছিল।
৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?
উত্তৰঃ কবি ভৱানন্দ দত্তৰেই ছদ্মনাম আছিল ‘নচিকেতা’।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। ‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্র অংকন কৰিছে?
উত্তৰঃ ‘ৰাজপথ’ শীৰ্ষক কবিতাটিত কবিয়ে আধুনিক যুগৰ চল্লিশৰ দশকৰ এক বাস্তৱিক পটভূমিৰ চিত্ৰ অংকন কৰিছে।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাত এফালে দুৰ্ভিক্ষ আৰু দাৰিদ্ৰতাই সাধাৰণ শ্ৰেণীৰ জীৱন যাপন অতি কষ্টকৰ কৰি তুলিছিল। ইয়াৰ বিপৰীতে, কিছুসংখ্যক পুঁজিপতিয়ে এনে পৰিস্থিতিৰ সুযোগ লৈ নিজৰ বিত্তীয় প্ৰাচুৰ্য বৃদ্ধি কৰিছিল। এই বিলাসী শ্ৰেণীটোৱে শ্ৰমজীৱীসকলক শোষণ কৰি এক ভোগবাদী জীৱন কটাইছিল। ‘ৰাজপথ’ কবিতাত শোষক আৰু শোষিতৰ মাজৰ শ্ৰেণী সংঘাতৰ এক বাস্তৱ ছবি প্ৰতিফলিত হৈছে।
২। বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?
উত্তৰঃ অফিচৰ কাম শেষ কৰি উভতা হোটেলত ধাৰ কৰা কেৰাণী, অভিজাত নাৰী (ভদ্ৰ-বনিতা), কলেজীয়া যুৱতী, ভিক্ষাৰী আদিকে ধৰি সকলোৱে ৰাজপথৰ বিশালতা আৰু উদাৰতাৰ সুবিধা গ্ৰহণ কৰিছে। কোনোৱে হোটেলত বাকী কৰি নিজৰ কাৰ্যক্ষেত্ৰৰ ভাগৰ মাৰিছে, আন কিছুমানে নিজৰ দেহ সমৰ্পণৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰিছে। আকৌ গৃহহীন ভিক্ষাৰীসকলে ৰাজপথকে তেওঁলোকৰ জিৰণি লোৱা আৰু আশ্ৰয়ৰ স্থান হিচাপে ব্যৱহাৰ কৰিছে।
৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে?
উত্তৰঃ ৰাজপথৰ দুয়োকাষে থকা পাঁচমহলীয়া বৃহৎ অট্টালিকাবোৰত বসবাস কৰা ধনী শ্ৰেণীৰ লোকসকলৰ কোঠাত অৰ্গেনত ৰবীন্দ্ৰ সংগীতৰ সুৰ বাজি থাকে। ডাবল তলিচা পাৰি কোমল কৰি লোৱা মেহগনিৰ পালংসমূহত এইসকল মধ্যবিত্ত পুৰুষে কোনো বিৰহ-কাতৰা কলেজীয়া যুৱতীৰ অলস শৰীৰৰ সান্নিধ্যৰ সোৱাদ লৈ মাদকতা উপভোগ কৰে। কবিতাটোত এনেদৰে বিলাসী জীৱন আৰু সংগীতৰ সুৰৰ আৱৰণত চলি থকা অনৈতি ক জীৱন-যাত্ৰাৰ প্ৰতিচ্ছবি সুন্দৰভাৱে উন্মোচিত হৈছে।
৪। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?
উত্তৰঃ ৰাজপথৰ দুয়োকাষৰ সুদৃশ্য বিশাল দালানবোৰৰ ঠিক তলৰ ফুটপাথত বসবাস কৰে হাতত শূন্য ভিক্ষা পাত্ৰ লৈ থকা, কুৰি শতিকাৰ সভ্যতাৰ নিলাজ কলংক বহন কৰা এদল ভিক্ষাৰী। এই ভিক্ষাৰী, শাৰীৰিকভাৱে অক্ষম লোকসকল দ্বিতীয় বিশ্বযুদ্ধৰ ফলশ্ৰুতি। গৃহহীন, দৰিদ্ৰ, অস্থিচৰ্মসাৰ, মৃতপ্ৰায় এই লোকসকলৰ হৃদয়বিদাৰক অৱস্থাৰ নীৰৱ সাক্ষী হৈ ৰৈছে মহানগৰীৰ ৰাজপথ।
৫। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তবতা কেনেদৰে ফুটি উঠিছে?
উত্তৰঃ ‘ৰাজপথ’ কবিতাটিত আধুনিক যান্ত্ৰিক সভ্যতাই সৃষ্টি কৰা সামাজিক অৱক্ষয়ৰ ৰূপৰ মাজতেই বাস্তৱতা প্ৰকাশ পাইছে। ৰাজপথৰ উদাৰতাৰ সুবিধা লৈ নিশাৰ আন্ধাৰত বহুতো গোপন অভিসাৰ চলে। এই অভিসাৰ পুঁজিপতি শ্ৰেণীয়ে ৰাজপথৰ কাষত থকা সুউচ্চ অট্টালিকাৰ বিলাসী কোঠাত জীৱন-সংগীতৰ মূৰ্চ্ছনাৰ মাজত উপভোগ কৰে। আনহাতে, সেই একেখন অট্টালিকাৰে তলৰ ফুটপাথত জীৱন ধাৰণৰ বাবে সংঘৰ্ষ কৰে এদল মৃতপ্ৰায়, সৰ্বস্বান্ত ভিক্ষাৰীয়ে। আধুনিক সমাজ জীৱনৰ এনে শ্ৰেণীগত বৈষম্যৰ মাজতেই কবিতাটোৰ বাস্তৱতা সুন্দৰভাৱে ফুটি উঠিছে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে- বুজাই লিখা।
উত্তৰঃ বিশ্বযুদ্ধোত্তৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে এক নতুন আধুনিক সভ্যতা গঢ় লৈ উঠিছিল। এই সময়ত মধ্যবিত্ত শ্ৰেণীৰ জীৱন-ধাৰণৰ মান আচৰিতভাৱে সলনি হৈছিল। তেওঁলোকে নিজৰ বিলাসী জীৱনৰ সম্বল হিচাপে সুৰা, সংগীত আৰু নাৰীৰ নগ্ন সান্নিধ্যক স্থান দিছিল। আনকি, পৱিত্ৰ প্ৰেমৰ ধাৰণাটোও পণ্য সামগ্ৰীৰ দৰে ব্যৱহৃত হ’বলৈ ধৰিছিল। অন্ধকাৰ নিশাৰ সুযোগ লৈ বহু নাৰীয়ে প্ৰেমৰ আৱৰণত নিজৰ জীৱিকাৰ পথ মোকলাই লৈছিল; যিসকল দিনে পোহৰত নিজকে সমাজৰ সন্মানীয় ভদ্র বনিতা বুলি পৰিচয় দিছিল।
ৰাজপথৰ দুয়োকাষে থকা অট্টালিকাবোৰত বাস কৰা ধনী শ্ৰেণীৰ কোঠাসমূহত অৰ্গেনত ৰবীন্দ্ৰ সংগীতৰ সুৰ বাজি উঠে। ডাবল তলিচা পাৰি কোমল কৰি লোৱা মেহগনি কাঠৰ পালঙত এইসকল মধ্যবিত্তই কোনো বিৰহ-কাতৰা কলেজীয়া যুৱতীৰ অলস শৰীৰৰ আস্বাদ লৈ আনন্দ লাভ কৰে। ‘ৰাজপথ’ কবিতাটিত প্ৰেমৰ এনে অনৈতিক আৰু নগ্ন চিত্র স্পষ্টভাৱে অংকিত হৈছে।
২। সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।
উত্তৰঃ জয়ন্তী যুগৰ কবি ভৱানন্দ দত্ত এজন গভীৰ সমাজ সচেতন কবি হিচাপে জনাজাত। তেওঁ অসমীয়া সমকালীন কবিতাৰ অগ্ৰণীসকলৰ মাজৰ এজন। ‘ৰাজপথ’ কবিতাটিত সমাজ জীৱনৰ প্ৰতিচ্ছবি সজীৱভাৱে প্ৰতিফলিত হৈছে। দ্বিতীয় মহাযুদ্ধৰ সময়ৰ কোলকাতা মহানগৰৰ এখন বাস্তৱ ছবি কবিতাটোৰ মাজেৰে অংকন কৰা হৈছে। মাৰ্ক্সীয় দৰ্শনত বিশ্বাসী কবি ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটি যুদ্ধকালীন শ্ৰেণীবিভক্ত সমাজখনৰ এক নিৰ্মোহ দলিল।
যান্ত্ৰিক সভ্যতাৰ ক্ৰমাগত পতনৰ লগে লগে কোলকাতাৰ দৰে মহানগৰীত নগৰীয়া সভ্যতাৰ কদৰ্যময় জীৱন-ধাৰাৰ সূচনা হয়। ‘ব্লেক আউট’ৰ অন্ধকাৰাচ্ছন্ন ৰাজপথেদি অসংখ্য বাছ, ট্ৰাক, টেক্সি, ৰিক্সা আদি চলাচল কৰে। এনে পৰিৱেশতেই ভাৰতীয় সমাজ জীৱনলৈ আধুনিক নগৰকেন্দ্ৰিক সভ্যতাৰ দোষ-দুষ্কৃতিৰ প্ৰৱেশ ঘটিল। আমোলাতান্ত্ৰিক ব্যৱস্থাৰ সুযোগ লৈ তথাকথিত ভদ্র মহিলাসকলৰ অন্ধকাৰময় গোপন জীৱনৰ সাক্ষী হৈ ৰৈছিল মহানগৰৰ ৰাজপথসমূহ।
ৰাজপথৰ দুয়োকাষে গঢ়ি উঠা সুউচ্চ অট্টালিকাবোৰত সমাজৰ বিলাসী শ্ৰেণীৰ পুৰুষ-মহিলা বাস কৰে। তাতে বাস কৰা আন কেতবোৰ মধ্যবিত্ত শ্ৰেণীৰ পুৰুষে পাঁচতলাৰ ওপৰত বহি অৰ্গেনত সংগীতৰ সুধা পান কৰি মেহগনিৰ পালঙত শুই পৰে কোনো বিৰহ-কাতৰা ‘কলেজ গাৰ্ল’ৰ অলস শৰীৰৰ সংগ লৈ। কিন্তু ইয়াৰ ঠিক তলতেই আন এখন দৃশ্য দেখা যায়। ফুটপাথত শৰণ লয় হাতত শূন্য ভিক্ষা পাত্ৰ লৈ থকা, কুৰি শতিকাৰ সভ্যতাৰ কলংক বহন কৰা ভিক্ষাৰীৰ দলে। গৃহহীন, দৰিদ্ৰ, অস্থিচৰ্মসাৰ, মৃতপ্ৰায় সেই লোকসকলৰ হৃদয় বিদাৰক দৃশ্যৰ নীৰৱ সাক্ষী হৈ ৰয় মহানগৰীৰ ৰাজপথ। কবিয়ে ‘ৰাজপথ’ৰ জৰিয়তে আধুনিক যুগৰ সমাজ জীৱনত সৃষ্টি হোৱা শ্ৰেণীবিভক্ত সমাজখনৰ এখন জীৱন্ত ছবি সুন্দৰ ৰূপত অংকন কৰিছে।
৩। ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্থলী হিচাপে প্ৰকাশ কৰা হৈছে?
উত্তৰঃ কবিয়ে ‘ৰাজপথ’ক এচাম গৃহহীন, পংগু, মৃতপ্ৰায় ভিক্ষাৰীৰ আশ্ৰয়স্থলী হিচাপে প্ৰকাশ কৰিছে। ৰাজপথৰ এফালে সুউচ্চ অট্টালিকাবোৰ আৰু আনহাতে সেই অট্টালিকাৰ ঠিক তলতেই আশ্ৰয় লয় হাতত শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা এচাম ভিক্ষাৰীয়ে।
৪। ‘ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা।
উত্তৰঃ ‘ৰাজপথ’ কবিতাটোত সমাজৰ দুটা বিপৰীত শ্ৰেণীৰ অৱস্থা বৰ্ণনা কৰা হৈছে। প্ৰশ্নত উল্লেখ কৰা বাক্যশাৰীৰ দ্বাৰা কবিয়ে সমাজৰ সেই শ্ৰেণীটোৰ কথা ক’ব খুজিছে, যাৰ অন্ন, বস্ত্ৰ, বাসস্থান— কোনো এটাই নাই। জীৱন ধাৰণৰ বাবে ধন নথকাৰ বাবেই তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰো যেন ক্ৰমান্বয়ে নোহোৱা হৈ আহিছে। তেওঁলোক হৈছে হাতত শূন্য ভিক্ষাৰ পাত্ৰ লৈ দিন কটোৱা এদল ভিক্ষাৰী।
এই লোকসকল হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ ফলশ্ৰুতি। তেওঁলোক সমাজৰ সেই শ্ৰেণীটোৰ অৱহেলা, শোষণ আৰু দস্যুতাৰ বলি, যিসকলে বিলাসী অট্টালিকাত বাস কৰে। কিন্তু ইমান দুৰ্দশাৰ মাজতো তেওঁলোকৰ মাজত জীয়াই থকাৰ এটা গভীৰ হেঁপাহ আছে। সমাজৰ এচামৰ দ্বাৰা বঞ্চিত হ’লেও, সেই জীৱন ধাৰণৰ আকাংক্ষাৰেই তেওঁলোকে ৰাজপথত শৰণ লয়। ৰাজপথেই তেওঁলোকৰ জীৱিকা উপাৰ্জনৰ উৎস, লগতে আশ্ৰয় লোৱাৰো স্থান। কুৰি শতিকাৰ সভ্যতাৰ কলংক বহন কৰা এই ভিক্ষাৰীৰ দলটোৱে নিৰাপদে ৰাজপথত শুই পৰে। ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই থকা সৰ্বহাৰা দলৰ এই হৃদয় বিদাৰক দৃশ্যৰ নীৰৱ সাক্ষী হৈ ৰয় ৰাজপথ। গৃহহীন, বঞ্চিত এই লোকসকলৰ বাবে শেষ আশ্ৰয় আৰু জীৱনৰ মুক্তিৰ পথ হ’ল এই ৰাজপথ।
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা:
(ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীবিকা-সন্ধানী ভদ্র-বনিতাৰ চৰণাঘাত লভিছা কত।
উত্তৰঃ সংগতি: উদ্ধৃত কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট কবি ভৱানন্দ দত্ত ৰচিত ‘ৰাজপথ’ কবিতাৰ পৰা তুলি অনা হৈছে।
প্ৰসংগ: কবিতাফাকিৰ মাজেৰে কবিয়ে যুদ্ধোত্তৰ সময়ৰ সামাজিক অৱক্ষয় আৰু ভোগবাদী মানসিকতাৰ প্ৰতিচ্ছবি প্ৰকাশ কৰিছে।
ব্যাখ্যা: চল্লিশৰ দশকত সমগ্ৰ দেশজুৰি এক উল্লেখযোগ্য সামাজিক পৰিৱৰ্তন ঘটিছিল। সমাজত বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ বিলাসবহুল আৰু অনৈতিক জীৱন-ধাৰণৰ গতিবিধি স্পষ্টভাৱে গা কৰি উঠিছিল। পুৰুষৰ তুলনাত এই সময়ত নাৰীসকলৰ মাজত হোৱা পৰিৱৰ্তন আছিল অধিক লক্ষণীয়। দিনৰ পোহৰত সমাজত সন্মানীয় আৰু ভদ্র বুলি পৰিচিত নাৰীসকলৰ কিছুমানে নিশাৰ আন্ধাৰৰ আঁৰ লৈ দেহোপজীৱিনীৰ ৰূপ লৈছিল। আন কিছুমানে আকৌ প্ৰেমৰ নামত অনৈতিক যৌন তৃপ্তি লাভ কৰিছিল। কবিতাৰ এই পংক্তিকেইটাই এনে সামাজিক আৰু নৈতিক পৰিৱৰ্তনৰ চিত্ৰ বহন কৰিছে।
(খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,
অর্গেনত ৰবীন্দ্র-সংগীত,
ডবল তলিচা পৰা মেহগনি পালেঙত বিৰহ-কাতৰা কলেজ গার্লৰ
অলসায়িত দেহা।
উত্তৰঃ সংগতি: উদ্ধৃত কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত থকা কবি ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাৰ পৰা গ্ৰহণ কৰা হৈছে।
প্ৰসংগ: কবিতাৰ এই অংশটোৰ দ্বাৰা কবিয়ে চল্লিশৰ দশকৰ সামাজিক পৰিৱৰ্তন আৰু মধ্যবিত্ত শ্ৰেণীৰ বিলাসী জীৱনৰ প্ৰতিচ্ছবি এখন অংকিত কৰিছে।
ব্যাখ্যা: চল্লিশৰ দশকৰ পৰা অন্যান্য অঞ্চলৰ দৰেই অসমীয়া সমাজ জীৱনতো এক নতুন পৰিৱৰ্তন পৰিলক্ষিত হৈছিল। বিশেষকৈ সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মাজত ৰেডিঅ’ত গান শুনা আৰু অৰ্গেনত ৰবীন্দ্ৰ সংগীত শুনাটো এক আভিজাত্যৰ প্ৰতীক হৈ পৰিছিল। ধনৰ প্ৰাচুৰ্যৰে গঢ়ি লোৱা সুউচ্চ অট্টালিকাৰ কোঠাত তেওঁলোকে দামী মেহগনি কাঠেৰে তৈয়াৰ কৰা, ডাবল তলিচাৰে সৈতে সুসজ্জিত পালং পাৰি লৈছিল। সেই পালঙত ধনৰ ক্ষমতাৰে তেওঁলোকে কোনো বিৰহ-কাতৰা কলেজীয়া যুৱতীৰ শৰীৰৰ মাদকতা উপভোগ কৰিছিল। কবিতাৰ এই পংক্তিকেইটাত সমাজত দেখা দিয়া এক অনাকাঙ্ক্ষিত আৰু ভোগবাদী জীৱনশৈলীৰ প্ৰতিচ্ছবি অংকিত হৈছে।
(গ) আৰু তাৰ তলতেই ফুটপাথত (ধন্য তোমাৰ দয়া!) শূন্য ভিক্ষা পাত্র লৈ শুই পৰা মৃতপ্রায় কংকালৰ শাৰী;
উত্তৰঃ সংগতি: উদ্ধৃত কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত অন্তৰ্ভুক্ত জয়ন্তী যুগৰ কবি ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাৰ পৰা লোৱা হৈছে।
প্ৰসংগ: কবিতাফাকিৰ মাজেৰে কবিয়ে দাৰিদ্ৰ্যৰ কৰুণতা আৰু সমসাময়িক সমাজৰ শ্ৰেণীগত বৈষম্যৰ এক নিৰ্মম চিত্ৰ অংকন কৰিছে।
ব্যাখ্যা: দ্বিতীয় মহাযুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে এক অভাৱনীয় পৰিৱৰ্তন ঘটিছিল। বিশেষকৈ বোমাৰ আঘাতত সৰ্বস্বান্ত হোৱা এচাম শাৰীৰিকভাৱে অক্ষম আৰু গৃহহীন লোকে হাতত ভিক্ষা পাত্ৰ লৈ ৰাজপথলৈ ওলাই আহিছিল। তেওঁলোকে ভোকৰ তাড়নাত আৰু জীয়াই থকাৰ হেঁপাহত মাত্ৰ এমুঠি ভাতৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। পেটৰ ভোক নিবাৰণৰ বাবে এমুঠি অন্ন বিচাৰি দিনৰ দিনটো ঘূৰি ফুৰা এই গৃহহীন লোকসকলে নিশা আশ্ৰয় লৈছিল ফুটপাথত। লঘোণীয়া পেটেৰে হাতত শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায়, কংকালসাৰ ভিক্ষাৰীসকলৰ এনে হৃদয় বিদাৰক দৃশ্যৰ প্ৰতিচ্ছবিয়েই উদ্ধৃত কবিতাংশৰ মাজেৰে প্ৰকাশ পাইছে।
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – ৰাজপথ সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




