Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ১৪ – সামাজিক ন্যায় – সম্পূৰ্ণ প্ৰশ্নোত্তৰ সহ | AHSEC (ASSEB) অসমীয়া মাধ্যম
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ১৪ – সামাজিক ন্যায় সম্পূৰ্ণ সমাধান (AHSEC-ASSEB – অসমীয়া মাধ্যম)
সামাজিক ন্যায় হৈছে সমাজত সকলো ব্যক্তিৰ বা গোটৰ সৈতে ন্যায়সঙ্গত ব্যৱহাৰৰ অভাৰ। ই অধিকাৰৰ সমানতাক বুজায় আৰু সকলো ব্যক্তিক সঠিক সুযোগ, অধিকাৰ আৰু সুৰক্ষা প্ৰদানৰ প্ৰয়াস। এই অধ্যায়ত সামাজিক ন্যায়ৰ ধাৰণা, মৌলিকত্ব আৰু তেনে ন্যায়ের প্ৰয়োজনীয়তা আলোচনা কৰা হৈছে। ভাৰতীয় সংবিধানৰ আওতাত সামাজিক ন্যায়ৰ সুৰক্ষা আৰু প্ৰয়োগৰ উদ্যোগসমূহ বুজোৱা হৈছে।
✅ এই অধ্যায়ত কি শিকিব:
- সামাজিক ন্যায়ৰ অৰ্থ আৰু ধাৰণা
- সামাজিক ন্যায়ৰ প্ৰকারসমূহ
- ভাৰতীয় সংবিধানত সামাজিক ন্যায়ৰ সুৰক্ষা
- সামাজিক ন্যায় নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ
- সামাজিক ন্যায়ৰ প্ৰাসংগিকতা আৰু গুরুত্ব
🎯 অস্পীন একেডেমীৰ সুবিধা:
- নতুন AHSEC (ASSEB) পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- প্ৰত্যেক প্ৰশ্নৰ স্পষ্ট আৰু বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা
- সামাজিক ন্যায়ৰ বাৰে বিস্তারিত আৰু আধুনিক উদাহৰণ
Class 11 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC/ASSEB Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC/ASSEB Class 11 Political Science, Latest Syllabus)
Get complete preparation for Class 11 Political Science (Assamese Medium) with chapter-wise solutions PDF.
Includes detailed answers, definitions, solved examples, and conceptual explanations as per the latest AHSEC/ASSEB syllabus.
Perfect for self-study, homework help, and exam revision!
সামাজিক ন্যায় (SOCIAL JUSTICE)
পাঠভিত্তিক প্রশ্নোত্তৰ
১। প্রত্যেককে নিজৰ প্ৰাপ্য আদায় দিয়াৰ অৰ্থ কি? সময়ৰ লগে লগে প্রত্যেকৰে নিজ প্রাপ্য আদায় দিয়াৰ অর্থ কেনেদৰে সলনি হৈছে।
উত্তৰঃ দীৰ্ঘ সময় ধৰি, ন্যায় শব্দটোক এনেদৰে সংজ্ঞাবদ্ধ কৰা হৈছে: ‘ই এনে এটা ব্যৱস্থা যাৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব বিকাশ কৰিবলৈ আৰু নিজৰ লক্ষ্য অনুসৰণ কৰিবলৈ তেওঁলোকৰ প্ৰাপ্য অংশ লাভ কৰে।’ আচলতে, প্ৰকৃত ন্যায়ৰ কেন্দ্ৰীয় বিষয় হৈছে প্ৰতিজন ব্যক্তিক তেওঁৰ প্ৰাপ্যখিনি প্ৰদান কৰা।
অৱশ্যে, সময় অতিবাহিত হোৱাৰ লগে লগে, প্ৰতিজন ব্যক্তিৰ প্ৰাপ্য সন্দৰ্ভত আমাৰ ধাৰণাৰো পৰিৱৰ্তন সাধন হৈছে। মানুহ হিচাপে প্ৰতিজন ব্যক্তিৰ বাবে কি প্ৰাপ্য, সেয়া ন্যায্যতাৰ পৰিসৰ ধাৰণাটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টৰ মতে, মানুহৰ মৰ্যাদা থাকে আৰু সকলো মানুহকে প্ৰাপ্য মৰ্যাদা মঞ্জুৰ কৰিলেহে তেওঁলোকে নিজৰ প্ৰতিভাৰ বিকাশ কৰিব পাৰে আৰু নিজৰ বাঞ্ছিত লক্ষ্যৰ দিশত অগ্ৰসৰ হ’ব পাৰে। অন্য অৰ্থত, বৰ্তমান প্ৰতিজন ব্যক্তিক প্ৰাপ্যখিনি আদায় দিয়াটোৱে জাতি, বৰ্ণ, লিংগ, অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে সকলো ব্যক্তিকে সম-আচৰণ কৰা আৰু সমান গুৰুত্ব তথা সুযোগ প্ৰদান কৰাটো বুজায়। ইয়াৰ অন্তৰ্গত, মানৱ জীৱনৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ সকলো ধৰণৰ বৈষম্য দূৰ কৰাৰ পোষকতা কৰা হৈছে।
২। এই অধ্যায়ত উল্লেখ কৰা ন্যায়ৰ তিনিটা নীতি চমুকৈ আলোচনা কৰা। প্রত্যেকটো উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ ন্যায়ৰ অৰ্থ হৈছে প্ৰতিজন ব্যক্তিক তেওঁৰ প্ৰাপ্যখিনি প্ৰদান কৰা। প্ৰাচীন ভাৰতত ইয়াক ‘ধৰ্ম’ বা নৈতিকতাপূৰ্ণ জীৱনযাপনৰ পন্থাৰ সৈতে সমতা স্থাপন কৰা হৈছিল। কিন্তু সাম্প্ৰতিক কালত, ইয়াৰ জৰিয়তে প্ৰতিজন মানুহক মৰ্যাদা, অধিকাৰ আৰু সুযোগ প্ৰদানেৰে তেওঁলোকৰ প্ৰতিভাৰ বিকাশ ঘটাবলৈ আৰু নিজৰ লক্ষ্য অনুসৰণ কৰিবলৈ সক্ষম কৰি তোলাটোকে সূচোৱা হয়। ই সকলোকে সমান গুৰুত্ব দিয়াটো নিৰ্দেশ কৰে। এই অধ্যায়ত উল্লেখ কৰা ন্যায়ৰ তিনিটা নীতি হৈছে:
(ক) সকলোৰে ক্ষেত্ৰত সম-আচৰণ: সকলো ব্যক্তিৰে সমান আচৰণ আৰু গুৰুত্ব পোৱাৰ অধিকাৰ আছে। ইয়াৰ কাৰণ এই যে সকলো ব্যক্তিৰে কিছুমান উমৈহতীয়া বৈশিষ্ট্য আছে। সকলো মানুহকে কিছুমান নাগৰিক, ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ প্ৰয়োজন হয়। ইয়াৰ অন্তৰ্গত সাঙুৰি লোৱা হৈছে জীৱন ধাৰণৰ অধিকাৰ, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰৰ দৰে নাগৰিক অধিকাৰসমূহ; ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰা ভোটদানৰ অধিকাৰৰ দৰে ৰাজনৈতিক অধিকাৰ; সম-আচৰণৰ অধিকাৰ, বৃদ্ধ বয়সৰ সুবিধাৰ অধিকাৰ আদিৰ দৰে কিছুমান সামাজিক অধিকাৰ; কৰ্মৰ অধিকাৰ, সমান কৰ্মৰ বাবে সমান মজুৰিৰ অধিকাৰ আদি অৰ্থনৈতিক অধিকাৰ। জনসাধাৰণক সম-আচৰণ কৰাটোৱে সূচায় যে কোনো ব্যক্তিকে জাতি, ধৰ্ম-বিশ্বাস, মৰ্যাদা, জন্মস্থান আদিৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰি।
উদাহৰণস্বৰূপে, তথাকথিত ‘নিম্ন জাত’ত জন্মগ্ৰহণ কৰা এজন ব্যক্তিক তেওঁৰ পাৰিবাৰিক পটভূমি বা আৰ্থ-সামাজিক স্থিতিৰ বাবে কোনো চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব নোৱাৰি।
(খ) সমানুপাতিক ন্যায়: সকলো ক্ষেত্ৰ আৰু পৰিস্থিতিতে সম-আচৰণৰ নীতি সদায় প্ৰযোজ্য নহ’বও পাৰে। উদাহৰণস্বৰূপে, এটা শ্ৰেণীত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষকে সমান নম্বৰ দিব নোৱাৰে। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ কামৰ গুণাগুণ অনুসৰি নম্বৰ দিয়া হয়। অন্য অৰ্থত, বিভিন্ন কামৰ বাবে ভিন ভিন পুৰস্কাৰৰ প্ৰয়োজনীয়তা আছে। ই প্ৰয়োগ কৰা প্ৰচেষ্টা, প্ৰদৰ্শন কৰা পাৰদৰ্শিতা আৰু জড়িত হৈ থকা বিপদৰ ওপৰত নিৰ্ভৰশীল।
উদাহৰণস্বৰূপে, খনিৰ শ্ৰমিক, পাৰদৰ্শী কাৰিকৰ আদিয়ে বৰ্তমান নিজৰ প্ৰয়াসৰ সমানুপাতত মজুৰি নাপায়। গতিকে, সম-আচৰণৰ নীতিৰ সমানুপাতিকতাৰ নীতিৰ সৈতে ভাৰসাম্যতা স্থাপন হোৱা উচিত।
(গ) বিশেষ প্ৰয়োজনৰ স্বীকৃতি: কেতিয়াবা কেৱল অৱদানৰ সমানুপাতিকতাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰাটো পৰ্যাপ্ত নহয়। বিশেষ প্ৰয়োজনীয়তা থকা লোকক কিছু ভিন্নভাবে আচৰণ কৰাৰ প্ৰয়োজন। মানুহক সম-আচৰণ কৰাৰ নীতিয়ে সূচায় যে যিসকল লোক কিছুমান ক্ষেত্ৰত সমান নহয়, সেইসকল লোকক ভিন্নভাৱে ব্যৱহাৰ কৰিব লাগিব।
উদাহৰণস্বৰূপে, বিভিন্ন ধৰণৰ অক্ষমতা থকা লোক, মহিলা, আৰ্থ-সামাজিকভাৱে অনগ্ৰসৰ লোক আদিয়ে নিজৰ পটভূমিৰ বাবে সমান অধিকাৰ উপভোগ কৰিব নোৱাৰে। গতিকে, ন্যায় ব্যৱস্থাৰ অন্তৰ্গত তেওঁলোকৰ সমস্যা দূৰ কৰিবলৈ তেওঁলোকক ভিন্নভাবে আচৰণ কৰাৰ প্ৰাসংগিকতা আছে। চাকৰিত সংৰক্ষণ, শিক্ষানুষ্ঠানৰ নামভৰ্তিত আৰক্ষণ, ৰেহাই, বৃত্তি, ৰাজসাহায্য আদিৰ জৰিয়তে এই ব্যৱস্থা ল’ব পাৰি।
৩। মানুহৰ বিশেষ প্রয়োজন নীতিৰ সৈতে সকলোকে সম-ব্যৱহাৰ কৰা নীতিৰ বিবাদ থকা বুলি ভাবানে?
উত্তৰঃ বৰ্তমান কালত বৃহৎ মাত্ৰাত মনোযোগ আকৰ্ষণ কৰা ন্যায়ৰ এটা নীতি হৈছে বিশেষ প্ৰয়োজন সাপেক্ষে মানুহক ভিন্নভাৱে আচৰণ কৰা নীতিটো। এইটো সত্য যে সমাজৰ প্ৰতিজন ব্যক্তিক সমভাৱে ব্যৱহাৰ কৰা উচিত। অৱশ্যে, এই নীতিটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পৰা নাযায় কাৰণ কিছুমান শ্ৰেণীৰ লোকৰ বিশেষ আৱশ্যকতা আছে।
উদাহৰণস্বৰূপে, বিভিন্ন প্ৰকাৰৰ অক্ষমতা থকা লোক যেনে- বৃদ্ধ ব্যক্তি, মহিলা আৰু সামাজিক তথা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ সম্প্ৰদায়, ভিন্নভাৱে সক্ষম ব্যক্তি আদিক তেওঁলোকৰ পটভূমিৰ পৰিপ্ৰেক্ষিতত অন্য ব্যক্তিৰ দৰে আচৰণ কৰিব পৰা নাযায়।
ন্যায়ৰ অন্তৰ্গত তেওঁলোকক চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ, শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ ক্ষেত্ৰত আৰক্ষণ, ৰেহাই আদিৰ পোষকতা কৰা হয়। এইটো সকলো লোকক সমান ব্যৱহাৰ কৰা নীতিৰ বিৰোধী নহয়। তেওঁলোকক এইবোৰ সুবিধা প্ৰদান নকৰিলে, তেওঁলোকে অন্যান্য লোকসকলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব নোৱাৰে আৰু ন্যায্যতাৰ অভাৱ হ’ব।
৪। ন্যায্য আৰু ন্যায়সংগত বিতৰণ, প্ৰক্ৰিয়াটো যুক্তিসংগত কৰিবৰ বাবে জন ৰাওলছে কেনেকৈ ‘অজ্ঞানতাৰ আৱৰণ’ নীতি ব্যৱহাৰ কৰিছে?
উত্তৰঃ ন্যায্য আৰু ন্যায়সংগত সমাজ গঢ়িবলৈ জন ৰাওলছে এটা পদ্ধতি প্ৰৱৰ্তন কৰিছিল। এই তত্ত্বটোক জন ৰাওলছৰ ন্যায় তত্ত্ব হিচাপে জনা যায়। এই তত্ত্ব অনুসৰি, আমি নিজকে এনে এটা পৰিস্থিতিত কল্পনা কৰা উচিত য’ত সমাজ কেনেদৰে সংগঠিত হ’ব সেই সন্দৰ্ভত আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ, যদিও সেই সমাজখনত আমি কেনে স্থান দখল কৰিম সেয়া আমাৰ জ্ঞাত নহয়। অন্য অৰ্থত, আমি কেনেধৰণৰ পৰিয়ালত জন্মগ্ৰহণ কৰিম— ধনী নে দুখীয়া, ‘উচ্চজাত’ নে ‘নিম্নজাত’, সুবিধাভোগী নে অসুবিধাভোগী— এই বিষয়ে আমি একো নাজানো।
এই পৰিস্থিতিত, আমি এনে এখন সমাজ সমৰ্থন কৰিম য’ত সকলো ব্যক্তিক সমান বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকক সমান সুযোগ প্ৰদান কৰা হয়। জন ৰাওলছে এনে ধৰণৰ চিন্তনক ‘অজ্ঞানতাৰ আৱৰণ’ বুলি অভিমত কৰিছে। যিহেতু আমি কেনে ধৰণৰ পৰিয়ালত জন্মগ্ৰহণ কৰিম সেইটো নাজানো, সেয়ে আমি সমতা আৰু ন্যায়ৰ দ্বাৰা প্ৰভাৱান্বিত এনে এখন সমাজৰ পোষকতা কৰিম য’ত প্ৰতিজন ব্যক্তিয়ে নিজৰ প্ৰাপ্যখিনি পায়। গতিকে, এয়া সামগ্ৰিকভাৱে সেইখন সমাজৰ স্বাৰ্থৰ অনুকূলেহে হ’ব, কোনো নিৰ্দিষ্ট শ্ৰেণীৰ অনুকূলে নহয়। এনে ন্যায়পৰায়ণতা যুক্তিনিৰ্ভৰ কাৰ্যৰ পৰিণতি হ’ব, বদান্যতাৰ নহয়। জন ৰাওলছে যুক্তি প্ৰদৰ্শন কৰিছে যে ন্যায়পৰায়ণ সমাজ গঢ়াত যুক্তিনিৰ্ভৰ চিন্তনেহে সহায় কৰিব, নৈতিক চিন্তনে নহয়।
৫। এজন সুস্থ আৰু উৎপাদনশীল মানুহ হিচাপে জীয়াই থাকিবৰ বাবে প্রাথমিক ন্যূনতম প্রয়োজনসমূহ কি কি? এই ন্যূনতম সুবিধাসমূহ সকলোৰে বাবে নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ কি দায়বদ্ধতা আছে?
উত্তৰঃ ন্যায়ে পোষকতা কৰে যে সমাজৰ সকলো লোকক জীয়াই থাকিবৰ বাবে প্ৰাথমিক ন্যূনতম প্ৰয়োজনসমূহ প্ৰদান কৰিব লাগে যাতে তেওঁলোকে সুস্থ, নিৰাপদ জীৱন যাপন কৰিব পাৰে আৰু নিজৰ প্ৰতিভা বিকশিত কৰিব পাৰে। এই সন্দৰ্ভত উত্থাপিত প্ৰশ্নটো এয়ে যে প্ৰকৃততে প্ৰাথমিক ন্যূনতম প্ৰয়োজনসমূহৰ অন্তৰ্গত কি সাঙুৰি লোৱা হৈছে? বিভিন্ন ব্যক্তি আৰু আন্তঃৰাষ্ট্ৰীয় অভিকৰণ যেনে- বিশ্ব স্বাস্থ্য সংস্থাই মানুহৰ মৌলিক প্ৰয়োজনসমূহ নিৰ্ধাৰণ কৰাৰ ভিন ভিন পদ্ধতি উদ্ভাৱন কৰিছে। মানুহৰ প্ৰাথমিক ন্যূনতম প্ৰয়োজনসমূহৰ অন্তৰ্গত সুস্থ হৈ থাকিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ পুষ্টিসাধন, একোটা উপযুক্ত বাসস্থান, পৰিষ্কাৰ খোৱাপানীৰ যোগান, প্ৰাথমিক শিক্ষা, চাকৰিৰ সুবিধা, নিম্নতম মজুৰি, স্বাধীনতা, সমতা আদিক সাঙুৰি লোৱা কথাটো সাধাৰণভাৱে স্বীকৃত হৈছে।
জনসাধাৰণৰ ন্যূনতম সুবিধাসমূহ নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। যদি আমি এই বিষয়কেইটাত বজাৰ বা ব্যক্তিগত পদক্ষেপ গ্ৰহণৰ পোষকতা কৰোঁ, তেন্তে এনে ক্ষেত্ৰসমূহে পৰ্যাপ্ত মনোযোগ আকৰ্ষণ নকৰিব কিয়নো তেওঁলোকৰ মুখ্য চিন্তনীয় বিষয়টো হৈছে সৰ্বাধিক মুনাফা অৰ্জন কৰা। যিহেতু এই দিশসমূহত বিকাশ সাধন কৰিলে অধিক লাভ অৰ্জন নহয়, সেয়ে তেওঁলোকে সাধাৰণতে এনে ক্ষেত্ৰসমূহত প্ৰৱেশ নকৰে। সেয়ে এই মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰাটো চৰকাৰৰ কৰ্তব্য। যদি চৰকাৰে এইটো নকৰে, বিভিন্ন ধৰণৰ অক্ষমতা থকা অসংখ্য অৰ্থনৈতিকভাৱে দুৰ্বল ব্যক্তি ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব। তদুপৰি, সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম প্ৰাথমিক প্ৰয়োজনসমূহ নিশ্চিত কৰাটো সুযোগৰ সমতা নিশ্চিতকৰণৰ এটা উপায়। এয়া গণতান্ত্ৰিক চৰকাৰৰ এক মৌলিক কৰ্তব্য।
৬। সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধাসমূহ প্ৰদান কৰিবৰ বাবে তলৰ কোনবোৰ যুক্তি চৰকাৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নির্দেশ দিয়া উচিত?
(ক) দুখীয়া আৰু প্রয়োজনীয় লোকসকলক বিনামূলীয়া সেৱা প্ৰদান কৰাটো ধর্মীয় কাম হিচাপে ন্যায়সংগত বুলি গণ্য কৰা।
(খ) সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধা প্ৰদান কৰাটো সকলো লোককে সমান সুবিধা প্রদান কৰাৰ এক উপায়।
(গ) কিছুমান মানুহ জন্মগতভাবে এলেহুৱা আৰু আমি তেওঁলোকৰ প্ৰতি দয়ালু হ’ব লাগে।
(ঘ) সকলো লোকৰ বাবে প্ৰাথমিক সুবিধাসমূহ আৰু ন্যূনতম জীৱন ধাৰণৰ ন্যূনতম মান নিশ্চিত কৰাটোৱে মানবতাবোধ আৰু মানৱ অধিকাৰক স্বীকৃতি প্রদান কৰা বুজায়।
উত্তৰঃ
(খ) সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধা প্ৰদান কৰাটো সকলো লোককে সমান সুবিধা প্ৰদান কৰাৰ এক উপায়।
(ঘ) সকলো লোকৰ বাবে প্ৰাথমিক সুবিধাসমূহ আৰু ন্যূনতম জীৱন ধাৰণৰ ন্যূনতম মান নিশ্চিত কৰাটোৱে মানবতাবোধ আৰু মানৱ অধিকাৰক স্বীকৃতি প্ৰদান কৰা বুজায়।
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান – অধ্যায় ১৪ সামাজিক ন্যায় সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




