Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ১৯ – শান্তি – সম্পূৰ্ণ প্ৰশ্নোত্তৰ সহ | AHSEC (ASSEB) অসমীয়া মাধ্যম
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ১৯ – শান্তি সম্পূৰ্ণ সমাধান (AHSEC-ASSEB – অসমীয়া মাধ্যম)
শান্তি হৈছে সমাজ, ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংঘাতৰ অবসান আৰু সন্মিলিত সম্প্রীতিৰ অৱস্থা। এই অধ্যায়ত শান্তিৰ প্ৰয়োজনীয়তা, ধাৰণা আৰু বজাই ৰখাৰ পন্থাসমূহ আলোচনা কৰা হৈছে। জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত শান্তি স্থাপনাৰ ক্ষেত্ৰত সংস্থাসমূহৰ ভূমিকা, পৰস্পৰ সহযোগিতা আৰু সংঘাত পৰিচালনাৰ প্ৰক্ৰিয়া বুজোৱা হৈছে। শান্তি অৰ্জন কৰাটো এজন নাগৰিকৰ দায়িত্ব আৰু সামাজিক স্থিতিশীলতা আৰু উন্নয়নৰ মূল আধাৰ।
✅ এই অধ্যায়ত কি শিকিব:
- শান্তিৰ অৰ্থ আৰু প্ৰয়োজনীয়তা
- জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত শান্তি
- শান্তি স্থাপনাৰ উপায় আৰু পদক্ষেপ
- সংঘাত নিৰসনৰ প্ৰক্ৰিয়া আৰু কৌশল
- শান্তি আৰু উন্নয়নৰ সম্পৰ্ক
🎯 অস্পীন একেডেমীৰ সুবিধা:
- নতুন AHSEC (ASSEB) পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- প্ৰত্যেক প্ৰশ্নৰ সহজ, স্পষ্ট আৰু সুসংগঠিত উত্তৰ
- অসমীয়াত শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা
- শান্তি আৰু সংঘাত পৰিচালনাৰ বিষয়ে বিস্তারিত ব্যাখ্যা
Class 11 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC/ASSEB Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC/ASSEB Class 11 Political Science, Latest Syllabus)
Get complete preparation for Class 11 Political Science (Assamese Medium) with chapter-wise solutions PDF.
Includes detailed answers, definitions, solved examples, and conceptual explanations as per the latest AHSEC/ASSEB syllabus.
Perfect for self-study, homework help, and exam revision!
অধ্যায় ৯
শান্তি (PEACE)
পাঠভিত্তিক প্রশ্নোত্তৰ
১। শান্তিপূর্ণ পৃথিবী এখন প্রতিষ্ঠা কৰিব লাগিলে মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটাব লাগিব বুলি তুমি ভাবানে? মনে শান্তি প্রতিষ্ঠা কৰিব পাৰেনে আৰু কেবল মানুহৰ মনৰ ওপৰত আলোকপাত কৰাটোৱে যথেষ্ট নে?
উত্তৰঃআমাৰ বৰ্তমানৰ বিশ্বখন যুদ্ধ, হত্যা, গণহত্যা, সন্ত্ৰাসবাদী কাৰ্যকলাপ, নক্সালবাদ, মাওবাদ, আঞ্চলিক সংঘাত আদিৰে পীড়িত হৈ আছে। অন্য অৰ্থত, ইয়াত শান্তিৰ অভাৱ ঘটিছে। বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰসংঘই সকলো ধৰণৰ প্ৰয়াস কৰা সত্ত্বেও, দীৰ্ঘস্থায়ী শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়াস সফল হোৱা নাই। গতিকে, এই সন্দৰ্ভত পোষণ কৰা দৃষ্টিভংগীটো এয়ে যে প্ৰথমে মানুহৰ মনত শান্তি প্ৰতিষ্ঠা হ’ব লাগিব। শান্তিৰ ইতিবাচক দিশ সম্বন্ধে মানুহক উপলব্ধি কৰাব লাগিব। এই প্ৰসংগত ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ (UNESCO) সংবিধানত উল্লেখ আছে যে, “যিহেতু যুদ্ধ মানুহৰ মনত আৰম্ভ হয়, সেয়ে মানুহৰ মনত শান্তিৰ প্ৰতিৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।” সেয়ে, এই সংগঠনটোৱে শিক্ষা আৰু সঠিক সজাগতাৰ জৰিয়তে মানুহৰ মনক প্ৰবুদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই শান্তিপূৰ্ণ সহাৱস্থানৰ আৱশ্যকতা আৰু উপকাৰ সম্বন্ধে জনসাধাৰণক শিক্ষিত কৰাৰ পোষকতা কৰে। মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ কিং, নেলচন মেণ্ডেলা প্ৰমুখ্যে বিশ্বৰ নেতাসকলে শান্তি প্ৰতিষ্ঠাৰ বাবে জনসাধাৰণৰ মনক আলোকিত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব দিছিল।
অৱশ্যে, এইটো ব্যক্ত কৰিব লাগিব যে কেৱল মনক প্ৰবুদ্ধ কৰাৰ জৰিয়তে পৃথিৱীত সঁচা শান্তি প্ৰতিষ্ঠা হ’ব নোৱাৰে। আমাৰ পৃথিৱীখনৰ পৰা দৰিদ্ৰতা, উৎপীড়ন, কষ্ট, জনসাধাৰণৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ, সন্ত্ৰাসবাদ, ধৰ্মীয় অত্যাচাৰ আদি দূৰ কৰিলেহে ইয়াত প্ৰকৃত শান্তি বিৰাজ কৰিব পাৰে। ইয়াৰ অন্তৰ্গত সাম্প্ৰদায়িক ঘৃণা, যুদ্ধ আৰু সংঘাতবিহীন বিশ্বৰ পোষকতা কৰা হয়। ই উন্নয়ন, ৰাজনৈতিক সুস্থিৰতা, সামাজিক স্বাধীনতা, সাম্প্ৰদায়িক সমন্বয় আদিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। সেয়ে, পৃথিৱীত দীৰ্ঘস্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ কিছুমান ব্যৱস্থা আৰু পদক্ষেপ গ্ৰহণৰ আৱশ্যক। ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনে অধিক নিৰ্ণায়ক ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে।
গতিকে, আমি এইটো ক’ব পাৰোঁ যে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে কেৱল মানুহৰ মনৰ ওপৰত আলোকপাত কৰাটোৱেই যথেষ্ট নহয়। এয়া এই প্ৰক্ৰিয়াত গ্ৰহণ কৰিবলগীয়া প্ৰথম পদক্ষেপহে মাথোঁন।
২। এখন ৰাষ্ট্ৰই নাগৰিকৰ জীৱন আৰু অধিকাৰৰ নিৰাপত্তা দিবই লাগিব। কিন্তু কিছুমান সময়ত ইয়াৰ নিজৰ কাৰ্যই কিছুমান নাগৰিকৰ বিৰুদ্ধে হিংসাৰ উৎস হৈ পৰে। কেইটামান উদাহৰণৰ সহায়ত মন্তব্য দিয়া।
উত্তৰঃ ৰাষ্ট্ৰৰ এটা প্ৰাথমিক দায়বদ্ধতা হৈছে ইয়াৰ নাগৰিকসকলৰ জীৱন আৰু অধিকাৰৰ সুৰক্ষা দিয়া। সকলো নাগৰিকৰ কিছুমান মৌলিক অধিকাৰ উপভোগ কৰাৰ অধিকাৰ আছে। তেওঁলোকে বিভিন্ন প্ৰকাৰৰ স্বাধীনতা উপভোগ কৰিবলৈ সক্ষম হ’ব লাগিব আৰু তেওঁলোকৰ মাজত সমতা আৰু ন্যায় প্ৰতিষ্ঠা হ’ব লাগিব। যেতিয়া এই মৌলিক অধিকাৰসমূহ নাকচ কৰা হয় বা যেতিয়া ৰাষ্ট্ৰই এইসমূহ প্ৰতিষ্ঠা কৰিবলৈ উচিত পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়া বহুতো গোট আৰু সম্প্ৰদায়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ হিংসাৰ আশ্ৰয় লয়।
আমাৰ দেশৰ মধ্য অংশৰ উন্নয়নহীনতা হৈছে মাওবাদী আন্দোলনৰ উত্থানৰ এটা প্ৰধান কাৰণ। আমাৰ দেশৰ মধ্যাংশৰ জনজাতীয় সম্প্ৰদায়সমূহে শতিকাজুৰি উপেক্ষিত বুলি অনুভৱ কৰি অহাৰ পৰিণতিস্বৰূপে এই আন্দোলনৰ উত্থান হৈছে। গতিকে, এই গোটসমূহে আৰম্ভ কৰা হিংসাত্মক কাৰ্যকলাপৰ বাবে চৰকাৰেই প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে দায়ী বুলি আমি উপসংহাৰ টানিব পাৰোঁ।
দ্বিতীয়তে, এখন দেশৰ সৈতে আন এখন দেশৰ সম্পৰ্কই যুদ্ধৰ সূত্ৰপাত কৰিব পাৰে। কোনো এখন দেশে প্ৰতিষ্ঠিত শান্তিপূৰ্ণ সম্পৰ্ক ছেদ কৰিবলৈ প্ৰয়াস কৰাৰ ফলত বেছিভাগ যুদ্ধ আৰম্ভ হৈছে। ভাৰত আৰু পাকিস্তানে প্ৰতিষ্ঠিত সু-সম্পৰ্ক ছেদ কৰিবলৈ চেষ্টা কৰাৰ পৰিণতিস্বৰূপে ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিখনকৈ যুদ্ধ আৰু ভাৰত-চীনৰ মাজত এখন যুদ্ধ সংঘটিত হৈছিল।
গতিকে, আমি এইটো ক’ব পাৰোঁ যে এখন ৰাষ্ট্ৰই ইয়াৰ নাগৰিকসকলৰ বাবে সমতা, স্বাধীনতা, ন্যায় প্ৰতিষ্ঠা নকৰিলে, আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰণ নকৰিলে আৰু শান্তি চুক্তি ভংগ কৰিলে হিংসাৰ সূত্ৰপাত হ’ব পাৰে।
৩। স্বাধীনতা, সমতা আৰু ন্যায় থাকিলেহে প্রকৃত অর্থত শান্তি পাব পৰা যায়। তুমি কথাষাৰ সমর্থন কৰানে?
উত্তৰঃ এইটো সম্পূৰ্ণ সত্য যে স্বাধীনতা, সমতা আৰু ন্যায় থাকিলেহে প্ৰকৃত অৰ্থত শান্তি লাভ কৰিব পৰা যায়। বৰ্তমান সৰহসংখ্যক দেশ আভ্যন্তৰীণ সংঘাতৰ সন্মুখীন হৈছে। উদাহৰণস্বৰূপে, বহুতো গোট আৰু সম্প্ৰদায়ে ৰাষ্ট্ৰৰ বিৰুদ্ধে হিংসাত্মক পদক্ষেপ গ্ৰহণ কৰিছে কিয়নো তেওঁলোকে অনুভৱ কৰে যে চৰকাৰে তেওঁলোকৰ বাবে বা তেওঁলোকৰ উন্নয়নৰ বাবে উচিত কাম কৰা নাই। তেওঁলোকে এই বুলি যুক্তি দৰ্শায় যে চৰকাৰে তেওঁলোকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে অতি সামান্য কাম কৰিছে। বিভিন্ন গোট আৰু সম্প্ৰদায়ে নিজৰ মৌলিক অধিকাৰ অৰ্জন কৰিবলৈ হিংসাৰ পোষকতা কৰাৰ ফলস্বৰূপে নক্সালবাদী আন্দোলন, মাওবাদী আন্দোলন, উত্তৰ-পূবৰ ভাৰত বিৰোধী আন্দোলন আদিৰ উত্থান হৈছে।
এসময়ত উপনিবেশসমূহে নিজ দেশৰ স্বাধীনতা অৰ্জন কৰিবলৈ ইউৰোপীয় শাসকসকলৰ বিৰুদ্ধে হিংসাত্মক পন্থা অৱলম্বন কৰিছিল কিয়নো ঔপনিবেশিক শাসকসকলৰ অধীনত তেওঁলোকৰ মৌলিক অধিকাৰসমূহ খৰ্ব কৰা হৈছিল। তেওঁলোকক সম্পূৰ্ণৰূপে শোষণ কৰা হৈছিল। তেওঁলোকৰ দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ লুণ্ঠন কৰা হৈছিল। সেয়ে, তেওঁলোকে বৈদেশিক দাসত্বৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিছিল। সৰহসংখ্যক স্বাধীনতা সংগ্ৰাম আন্দোলনে নিজৰ লক্ষ্যত উপনীত হ’বলৈ হিংসাত্মক পন্থা অৱলম্বন কৰিছিল।
আকৌ, যদি আমি প্ৰথম বিশ্বযুদ্ধ বা দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণৰ ওপৰত আলোকপাত কৰোঁ, তেন্তে আমি জানিব পাৰোঁ যে এখন ৰাষ্ট্ৰ বা ৰাষ্ট্ৰসমূহৰ গোটে অন্যান্য ৰাষ্ট্ৰক দমন কৰিবলৈ চেষ্টা কৰিছিল। জাৰ্মানীয়ে চুবুৰীয়া দেশসমূহ দমন কৰিবলৈ চেষ্টা কৰিছিল আৰু এয়া ১৯১৪ চনৰ প্ৰথম বিশ্বযুদ্ধৰ এটা প্ৰধান কাৰণ আছিল। একেদৰে, জাৰ্মানীৰ শাসক হিটলাৰে ইউৰোপৰ অন্যান্য দেশসমূহ দখল কৰিবলৈ চেষ্টা কৰাৰ লগতে ইয়াৰ জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ খৰ্ব কৰিবলৈ চেষ্টা কৰিছিল যাৰ ফলত অন্যান্য স্বাধীন দেশৰ হস্তক্ষেপেৰে হিটলাৰ পৰাজিত হৈছিল। ভাৰতে পাকিস্তানৰ সৈতে কেইবাখনো যুদ্ধত লিপ্ত হৈছিল কিয়নো পাকিস্তানে আমাৰ ভূখণ্ডত প্ৰৱেশৰ চেষ্টা কৰি ইয়াক দখলৰ প্ৰয়াস কৰিছিল।
গতিকে, এইটো ক’ব পাৰি যে স্বাধীনতা, সমতা আৰু ন্যায় থাকিলেহে প্ৰকৃত অৰ্থত শান্তি লাভ কৰিব পৰা যায়।
৪। হিংসাৰ জৰিয়তে সুদূৰ প্ৰসাৰী ন্যায়ৰ লক্ষ্যত উপনীত হ’ব পৰা নাযায়। এই উক্তিটোৰ বিষয়ে তুমি কি ভাবা?
উত্তৰঃ বহুতো লোকে বিবেচনা কৰে যে সুসংগঠিত আৰু সুপৰিকল্পিত হিংসাই শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰে যে স্বেচ্ছাচাৰী শাসকক কেৱল বল প্ৰয়োগৰ জৰিয়তেহে অপসাৰণ কৰিব পাৰি। যিবিলাক দেশে স্বেচ্ছাচাৰী শাসনৰ সন্মুখীন হৈছিল, তাৰ মুক্তি সংগ্ৰামে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল বুলি বহুতো লোকে ব্যক্ত কৰে। কিন্তু হিংসাৰ আশ্ৰয় ল’লে পৰাজয়ৰ পথ সুগম হ’ব পাৰে। নিজৰ লক্ষ্যত উপনীত হ’বলৈ মানুহে হিংসাৰ আশ্ৰয় ল’বলগীয়া হ’লে, তেওঁলোকে ইয়াক সহজে পৰিত্যাগ নকৰে। দ্বিতীয়তে, হিংসাত্মক কাৰ্যৰ আৰম্ভণি ঘটিলে এয়া নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ উপক্ৰম হয় যাৰ ফলত মৃত্যু আৰু ধ্বংসলীলাৰ সৃষ্টি হয়। গতিকে, শান্তিবাদীসকলে লক্ষ্যত উপনীত হোৱাৰ মাধ্যম হিচাপে হিংসাক গ্ৰহণ নকৰে। তেওঁলোকে প্ৰেম আৰু সত্যৰে অত্যাচাৰীসকলৰ হৃদয় আৰু মন জয় কৰাৰ পোষকতা কৰিছিল।
গান্ধীজীয়ে লক্ষ্যপ্ৰাপ্তিৰ উপায় হিচাপে হিংসাক প্ৰত্যাখ্যান কৰিছিল। তেওঁ স্বাধীনতা অৰ্জনৰ মহৎ উপায়ৰ পোষকতা কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে হিংসাৰ ফলাফল হিংসাহে হয় কিয়নো এইটো সত্য যে হিংসাই হিংসাৰ জন্ম দিয়ে। সেয়ে, তেওঁ অহিংসাৰ পথ অনুসৰণ কৰিছিল। তেওঁৰ আদৰ্শ দেশবাসীয়ে গ্ৰহণ কৰাৰ লগতে মাৰ্টিন লুথাৰ, নেলচন মেণ্ডেলা আদি বিশ্বনেতাসকলেও অনুসৰণ কৰিছিল।
কথোপকথনৰ জৰিয়তে অভাৱ-অভিযোগ তথা সংঘাত দূৰীকৰণৰে ন্যায়পূৰ্ণ আৰু দীৰ্ঘস্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পাৰি। নাগৰিকসকলে তেওঁলোকৰ মৌলিক অধিকাৰ, স্বাধীনতা, সমতা আৰু ন্যায় লাভ কৰিলেহে শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়। অধিকাৰ আৰু উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ বাবে বহুতো গোটে হিংসাৰ আশ্ৰয় লৈছে। সেয়ে, সঠিক উন্নয়ন আৰু ৰাজনৈতিক অংশগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ অভাৱ-অভিযোগসমূহ নিষ্পত্তি কৰাৰ আৱশ্যকতা আছে। সেয়ে, চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱা বিভিন্ন উগ্ৰপন্থী গোটক চৰকাৰে আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰিছে। ভাৰত আৰু পাকিস্তান এই দুয়োখন দেশে জানে যে সমস্যা সমাধানৰ বাবে যুদ্ধ উপযুক্ত সমাধান নহয়। ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিখন যুদ্ধ সংঘটিত হোৱা সত্ত্বেও এই দেশ দুখনে স্থায়ীভাৱে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই।
৫। এই অধ্যায়টোত আলোচনা কৰা পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিবলৈ থকা প্রধান পদ্ধতিকেইটাৰ মাজত পাৰ্থক্য নির্ণয় কৰা।
উত্তৰঃ শান্তি হৈছে বিশ্বৰ এক মৌলিক প্ৰয়োজনীয়তা। সেয়ে, ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে বিশ্বশান্তি প্ৰদান কৰিবলৈ আৰু ইয়াক অক্ষুণ্ণ ৰাখিবলৈ বহুতো প্ৰয়াস কৰিছে। এই সন্দৰ্ভত তেওঁলোকে নিম্নোক্ত পদ্ধতিসমূহ অনুসৰণ কৰিছে:
(ক) শান্তিৰ ভাৰসাম্য: দীৰ্ঘস্থায়ী শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে অনুসৰণ কৰা প্ৰথম পদ্ধতিটো হৈছে ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বক স্বীকৃতি প্ৰদান কৰা। ই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰতিযোগিতাক বিশ্ব ৰাজনীতিৰ এক অপৰিহাৰ্য দিশ হিচাপে স্বীকাৰ কৰাৰ লগতে বিশ্বত ‘ক্ষমতাৰ ভাৰসাম্য’ অক্ষুণ্ণ ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে ঊনবিংশ শতিকাত কিছুসংখ্যক মিত্রগোষ্ঠীৰ গঠন হৈছিল। এই পটভূমিত ৱাৰ্ছ’ সন্ধি আৰু নাটো (NATO) গঠন হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন পুঁজিবাদী শক্তিগোষ্ঠী আৰু ছোভিয়েট ৰাছিয়া নেতৃত্বাধীন সাম্যবাদী শক্তিগোষ্ঠীৰ মাজত ক্ষমতাৰ নিয়ন্ত্ৰণৰ দ্বাৰা তৃতীয় বিশ্বযুদ্ধৰ সংঘটন প্ৰতিৰোধ কৰা হৈছে।
(খ) অৰ্থনৈতিক একত্ৰীকৰণ: আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠাৰ আন এক পদ্ধতি হৈছে ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক আন্তঃনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। বৰ্তমান কোনো ৰাষ্ট্ৰই স্বয়ম্সম্পূৰ্ণ নহয়। বিশ্বৰ কোনো ৰাষ্ট্ৰৰেই আটাইবোৰ প্ৰয়োজনীয় সম্পদ নাথাকে। এখন ৰাষ্ট্ৰৰ উদ্যোগ আৰু ৰাষ্ট্ৰীয় বিকাশৰ বাবে অন্যান্য দেশৰ সম্পদৰ প্ৰয়োজন হয়। ফলস্বৰূপে বৰ্তমান বিশ্বৰ বিভিন্ন দেশৰ মাজত যথেষ্ট অৰ্থনৈতিক সহযোগিতা বিৰাজ কৰিছে। এই সন্দৰ্ভত উপযুক্ত উদাহৰণ হিচাপে ইউৰোপীয় সংঘৰ কথা ব্যক্ত কৰিব পাৰি। আৰম্ভণিতে সহজসাধ্য অৰ্থনৈতিক লেনদেনৰ বাবে এই সংঘ গঠিত হৈছিল। কিন্তু বৰ্তমান এই সংঘই ৰাজনৈতিক একত্ৰীকৰণৰ পোষকতা কৰিছে। ইয়াৰ এক উমৈহতীয়া সংসদ আছে। এই সংঘৰ মানুহে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ পাৰপত্ৰ আৰু অন্যান্য বিধিসম্মত নথিপত্ৰ নোহোৱাকৈ ভ্ৰমণ কৰিব পাৰে। সাধাৰণতে এখন দেশৰ পৰা আন এখন দেশলৈ ভ্ৰমণ কৰিবৰ বাবে এইবোৰ নথিপত্ৰৰ স্বাভাৱিকতে প্ৰয়োজন হয়। অদূৰ ভৱিষ্যতে সমগ্ৰ ইউৰোপ মহাদেশখন ইউৰোপীয় সংঘ নামেৰে এখন ৰাষ্ট্ৰত পৰিণত হ’ব বুলি আশা পোষণ কৰা হৈছে।
(গ) বিশ্ব সম্প্ৰদায়ৰ উত্থান: ৰাষ্ট্ৰত্ব বা জাতিসত্তাৰ ধাৰণাটোক বৰ্জনৰ জৰিয়তে বিশ্বৰ বহুতো অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যা সমাধান কৰিব পৰা যায়। এনে পদক্ষেপে এক নতুন বিশ্ব শৃংখলা উত্থানৰ ইংগিত দিয়ে যিয়ে বিশ্ব সম্প্ৰদায়ৰ উত্থানত গুৰুত্ব আৰোপ কৰে। বিশ্বত শান্তি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ইয়াক সৰ্বোত্তম পন্থা হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত অধিক ভূখণ্ড বা ক্ষমতা দখলৰ বাবে যুদ্ধ-বিগ্ৰহ হোৱাৰ আশংকা নাথাকে। গোলকীকৰণৰ প্ৰভাৱে এই ধাৰণাটো অধিক গ্ৰহণযোগ্য কৰিছে। বৰ্তমান বিশ্বখন এক গোলকীয় সম্প্ৰদায়ত পৰিণত হৈছে। বিশ্বায়নৰ এই প্ৰক্ৰিয়াটোৱে এক অৰ্থনীতি, এখন চৰকাৰ, সাৰ্বজনীন ভ্ৰাতৃত্ববোধ আৰু সাৰ্বজনীন শান্তি প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে।
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান – অধ্যায় ১৯ শান্তি সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




