দ্বাদশ শ্ৰেণী অসমীয়া অধ্যায় ১ – মোৰ মাতৃমুখ দৰ্শন (সাহিত্য সৌৰভ)ৰ সমাধান | AHSEC Board | Assamese Medium
দ্বাদশ শ্ৰেণী অসমীয়া – সাহিত্য সৌৰভ – অধ্যায় ১ “মোৰ মাতৃমুখ দৰ্শন” (AHSEC Assam – Assamese Medium)
এই অধ্যায়খন প্ৰসিদ্ধ সাহিত্যিক চন্দ্ৰকান্তাভট্টাচাৰ্য দ্বাৰা ৰচিত এক আবেগঘন পৰিচ্ছেদ। “মোৰ মাতৃমুখ দৰ্শন”ত লেখকে তেওঁৰ মাতৃৰ সৈতে যুক্ত স্নেহ, স্নেহৰ স্মৃতি, আৰু সমাজৰ মানৱীয় মূল্যবোধৰ গভীৰ প্ৰক্ষেপণ প্ৰকাশ কৰিছে। এই অধ্যায়খন দ্বাদশ শ্ৰেণীৰ **AHSEC বোর্ড পৰীক্ষাৰ** বাবে অতি গুৰুত্বপূর্ণ।
✅ এই অধ্যায়ত আপুনি শিকিব:
- চন্দ্ৰকান্তাভট্টাচাৰ্যৰ জীৱন আৰু সাহিত্যিক অৱদান
- “মোৰ মাতৃমুখ দৰ্শন”ৰ মূল ভাব আৰু শৈলী বিশ্লেষণ
- গভীৰ মাতৃস্নেহ আৰু মানবীয় অনুভূতিৰ পৰিচয়
- অধ্যায়ৰ প্ৰশ্নোত্তৰ আৰু গুরুত্বপূর্ণ চমু নোট
- AHSEC Class 12 Final Exam-ৰ বাবে প্ৰস্তুতি কৌশল
🎯 অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- AHSEC Assam Class 12 সাহিত্য সৌৰভৰ সম্পূৰ্ণ সমাধান
- Chapter-wise ব্যাখ্যা, বিশ্লেষণ আৰু MCQ প্ৰশ্নোত্তৰ
- Board Exam-ৰ Important Long & Short Questions সংযুক্ত
- Assamese Medium-ৰ বাবে সহজ ভাষাত ব্যাখ্যা
- PDF Notes আৰু Online Test Practice উপলব্ধ
Ospin Academyৰ দ্বাৰা প্ৰস্তুত এই সমাধানসমূহ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে Board পৰীক্ষাত সৰ্বাধিক লাভজনক হ’ব।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
মোৰ মাতৃমুখ দর্শন
১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ পৰা লোৱা হৈছে।
২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত।
৩। বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে ক’ৰ পৰা ক’লৈ যাত্রা কৰিছিল?
উত্তৰঃ বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰিছিল।
৪। ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধর্মিনী আৰু সৰুটি কন্যা।
৫। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটক হৈছে ‘লিতিকাই’।
চমু প্রশ্ন (মূল্যাংক-২/৩)
১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।
উত্তৰঃ কর্মসূত্রে বেজবৰুৱা বহু বছৰ অসমৰ বাহিৰত আছিল। প্রথমে কলিকতা আৰু তাৰ পাছত উৰিষ্যাৰ সম্বলপুৰত তেওঁ থাকিবলৈ লয়। অসমৰ প্ৰতি প্ৰচুৰ ভালপোৱা থকা সত্ত্বেও জীৱিকাৰ তাড়নাত তেওঁ অসমত থাকিব পৰা নাছিল। তদুপৰি সেই সময়ত যাতায়াত ব্যৱস্থা বৰ সুচলো নাছিল। অন্তৰৰ তাগিদা তেওঁ অহৰহ লাভ কৰিছিল অথচ দৈনন্দিন ব্যস্ততাই তেওঁক অসমৰ পৰা আঁতৰাই ৰাখিছিল। প্রায় ডেৰ-দুকুৰি বছৰৰ ব্যৱধানত তেওঁৰ মাজু জী-জোঁৱাইৰ আকুল আহ্বানত বেজবৰুৱা সপত্নীক আৰু সৰু কন্যা সহিতে অসম অভিমুখে ৰাওনা হয়।
জন্মভূমি তেওঁৰ বাবে সদায়েই মোহময়ী। কর্মভূমিৰ বাবে জন্মভূমিলৈ আহিব নোৱাৰাৰ দুখে বেজবৰুৱাক সদায় দহিছিল। সেয়ে ইমান বছৰৰ বিৰতিৰ পাছত অসমলৈ আহিব লৈ বেজবৰুৱা হৈ পৰিছিল উৎফুল্লিত। অসম দর্শনক সেয়ে তেওঁ ‘মাতৃমুখ দর্শন’ বুলি অভিহিত কৰিছিল কাৰণ অসম আছিল তেওঁৰ জন্মদাত্রী মাতৃসদৃশ।
২। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ ‘মাতৃমুখ’ দর্শন হৈছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোত ‘মাতৃ’ শব্দৰে লেখকৰ মাতৃভূমি অসমক বুজোৱা হৈছে।
ডেৰকুৰি কি দুকুৰি অৰ্থাৎ প্রায় চল্লিছ বছৰৰ মূৰত লেখকৰ মাতৃমুখ দর্শন হৈছিল।
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ লেখক সম্বলপুৰৰ পৰা অসম আহি পোৱাৰ পাছত এদিন গধূলি তেওঁৰ কটন কলেজৰ ছাত্ৰ-বন্ধুসকলে এখন সভা পাতি তেওঁক অভিনন্দন জনাই সন্মানিত কৰিলে। তেওঁলোকে পৰম উৎসাহেৰে সেই সভাত ভাগ লৈছিল। কোনোবাই যদি শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল, কোনোবাই আকৌ সুললিত কণ্ঠেৰে সংগীত গাইছিল। কোনোবাজনে আকৌ ওজাপালি হৈ সুন্দৰ অংগী-ভংগীৰে হাস্যৰসপূর্ণ বিয়াহ গাইছিল। এনে অভিনন্দন অনুষ্ঠান দেখি লেখকৰ মন শৈশৱৰ স্মৃতিৰে ভৰি উঠিছিল।
৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ হৈছে সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা।
পাঠটিত উল্লিখিত ‘জ্ঞান’ হৈছে আর্ল ল কলেজৰ প্ৰসিদ্ধ প্রিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্-ল।
দুয়োগৰাকী ব্যক্তিৰ লগত লেখকৰ সম্পৰ্ক আছিল আত্মিক।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ গুৱাহাটীৰ ফালে মুখ কৰিলেই লেখকৰ মন ভাল লাগে কাৰণ তেওঁৰ দুই প্রিয় বন্ধু মাজিউ আৰু জ্ঞান থাকে গুৱাহাটীত। তদুপৰি গুৱাহাটীক ভাল লগাৰ তিনিটা মুখ্য কাৰণ লেখকে উল্লেখ কৰিছে। সেইবোৰ হ’ল —
১) প্রাকৃতিক সৌন্দর্য,
২) ঐতিহাসিক উৎকর্ষ আৰু
৩) প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা।
দীঘল প্রশ্ন (মূল্যাংক-৪/৫)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।
উত্তৰঃ ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰিছিল। লগত আছিল তেওঁৰ পত্নী আৰু সৰু কন্যা। সেই সময়ত সম্বলপুৰৰ পৰা অসমলৈ পোনপটীয়া ৰে’ল ব্যৱস্থা নাছিল।
প্রথমে সম্বলপুৰৰ পৰা ৩১ মাইল দূৰৰ ঝাৰচোগোড়া জংছনলৈ আহিব লাগে আৰু তাৰ পৰা কলকাতালৈ যাব লাগে বোম্বাই মেইলেৰে। কলকাতাৰ পৰাহে পোৱা যায় অসমৰ গুৱাহাটী অভিমুখী ৰে’ল। সেইমতে বেজবৰুৱা পৰিয়ালসহিতে সম্বলপুৰৰ পৰা ঝাৰচোগোড়া জংছনলৈ আহিল। সন্ধিয়া ৫-৩০ বজাত পাবলগীয়া ৰে’লখনে পলমকৈ ঝাৰচোগোড়া পোৱাত ৭-৩০ বজাত যাব লগীয়া বোম্বাই মেইল তেওঁলোকে নাপালে। উপায় নাপাই মাজনিশা দুই-তিনি বজাত ঝাৰচোগোড়াৰ পৰা কলিকতালৈ যোৱা এখন পেছেঞ্জাৰ ট্রেইনেৰে তেওঁলোকে পুনৰ যাত্ৰা কৰে। এনে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি নাজানি তেওঁলোকে লগত খাবলৈ প্রায় একোকে অনা নাছিল। বাটত দুটা ষ্টেশ্যনৰ মেনেজাৰক গাৰ্ডৰ জৰিয়তে টেলিগ্রাম কৰাই খোৱাবস্তুৰ ব্যৱস্থাৰ কথা জনোৱা হৈছিল যদিও তেওঁলোকে একো ব্যৱস্থা নকৰিলে। ভোকাতুৰ অৱস্থাৰেই তেওঁলোক পিছদিনা ৰাতি কলিকতাত উপস্থিত হ’লগৈ। ইপিনে আকৌ বাটৰ কোনোবা এটা ষ্টেশ্যনত নৰিয়াত পৰা ল’ৰা এটাক লগত লৈ পাঁচ-ছয়জনীয়া পৰিয়াল এটা তেওঁলোকৰ ডবাত উঠিল।
পৰিয়ালটোৱে ডবাত উঠিয়েই ল’ৰাটোৰ অসুখৰ অজুহাত দেখুৱাই এফালৰ পৰা ডবাৰ দুৱাৰ-খিৰিকিবোৰ বন্ধ কৰিলে। অন্ধকাৰ ৰাতিটোৱে ডবাটোক গ্রাস কৰি পেলালে। এনে আহুকালৰ মাজেৰেই তেওঁলোকে যাত্রা কৰিলে।
২১ ছেপ্টেম্বৰত তেওঁলোকে কলিকতাৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা অসম অভিমুখী ৰে’লত উঠি ২২ ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়।
২। ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি-কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো এনে ধৰণৰঃ গার্হস্থ্য কর্তব্য পালন নকৰা বাবে এদিন
পার্বতীয়ে মহাদেৱক ধিক্কাৰ দিয়ে। ভাং, ধতুৰা খাই বহি থাকে অথচ মহাদেৱে ঘৰুৱা কাম কাজলৈ মন নিদিয়ে। তেওঁলোকৰ ষাঁড়গৰু বৃষভ আছে, ইচ্ছা কৰা হ’লে মহাদেৱে বৃষভেৰে হাল বাই এগালমান ধানৰ খেতি কৰিব পাৰিলেহেঁতেন। তাকে নকৰি বৃষভক খুওৱাৰ নামত খৰচহে কৰি আছে। পত্নীৰ ককৰ্থনা শুনি মহাদেৱে বৰ কষ্ট পালে। সেই মুহূৰ্ততে বৃষভৰ পিঠিত বহি খেতি কৰাৰ দৃঢ় সংকল্পৰে ওলাই গ’ল। ভবা মতেই কাম। দেৱৰো দেৱতা মহাদেৱে খেতি কৰি উভৈনদী কৰি পেলালে। কিন্তু এই কাম কৰোঁতে তেওঁ খোৱা-শোৱা, ঘৰ-দুৱাৰ সকলো বাদ দিলে। পার্বতীয়ে কথা বিষম
যেন দেখি মহাদেৱক ঘূৰাই আনিবলৈ নন্দী-ভৃংগী, নাৰদকে আদি কৰি বিভিন্ন মানুহ পঠিয়ালে। কিন্তু মহাদেৱ নাচোৰবান্দা। অকৰা মৈত উঠি তেওঁ ননমাই হ’ল। অৱশেষত উপায়ান্তৰ নাপাই পাৰ্বতীয়ে অসংখ্য ডাঁহ-ম’হ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে।
শিৱক ঘৰলৈ আনিবলৈ পাৰ্বতীয়ে কৰা চেষ্টাৰ দৰে বেজবৰুৱাক স্বগৃহলৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল তেওঁৰ মাজু দুহিতাই। সেই প্ৰসংগতে লেখকে মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো অৱতাৰণা কৰিছে।
৩। ‘হাহা হুহু’ কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।
উত্তৰঃ ‘হাহা হুহু‘ আছিল পাৰ্বতীৰ মানসপুত্র। মহাদেৱক কৃষিপথাৰৰ পৰা ওভোতাই আনিবলৈ পার্বতীয়ে এই দুই মানসপুত্রক নিয়োগ কৰিছিল।
গার্হস্থ্য কর্তব্য পালন নকৰা বাবে এদিন পার্বতীয়ে মহাদেৱক ধিক্কাৰ দিয়ে। ভাং ধতুৰা খাই বহি থাকে অথচ মহাদেৱে ঘৰুৱা কাম কাজলৈ মন নিদিয়ে।
তেওঁলোকৰ ষাঁড়গৰু বৃষভ আছে, ইচ্ছা কৰা হ‘লে মহাদেৱে বৃষভেৰে হাল বাই এগালমান ধানৰ খেতি কৰিব পাৰিলেহেঁতেন। তাকে নকৰি বৃষভক খুওৱাৰ নামত খৰচহে কৰি আছে। পত্নীৰ ককৰ্থনা শুনি মহাদেৱে বৰ কষ্ট পালে। সেই মুহূৰ্ততে বৃষভৰ পিঠিত বহি খেতি কৰাৰ দৃঢ় সংকল্পৰে ওলাই গ‘ল। দেৱৰো দেৱতা মহাদেৱে খেতি কৰি উভৈনদী কৰি পেলালে। কিন্তু এই কাম কৰোঁতে তেওঁ খোৱা-শোৱা, ঘৰ-দুৱাৰ সকলো বাদ দিলে। পাৰ্বতীয়ে কথা বিষম যেন দেখি মহাদেৱক ঘূৰাই আনিবলৈ নন্দী-ভূংগী, নাৰদকে আদি কৰি বিভিন্ন মানুহ পঠিয়ালে। কিন্তু মহাদেৱ নাচোৰবান্দা। অকৰা মৈত উঠি তেওঁ ননমাই হ‘ল। অৱশেষত উপায়ান্তৰ নাপাই পাৰ্বতীয়ে অসংখ্য ডাঁহ-ম‘হ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে।
কোনেও ওভোতাই আনিব নোৱাৰা দেখি অৱশেষত পার্বতীয়ে দুই মানসপুত্র হাহা হুহুক চর্জি সেই কামত পঠিয়ালে। এনেদৰেই সৃষ্টি হৈছিল হাহা আৰু হুহুৰ।
৪। ‘ডিবৰুগড়ত গোটাচেৰেকে কথাই মোক বৰ সন্তোষ দিছিল।’- ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা।
উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল ৷ সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷ এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা।
উত্তৰঃ ডিব্ৰুগড়ৰ ডেকাসকলৰ নাট্যচর্চাই লক্ষ্মীনাথ বেজবৰুৱাক বিশেষভাৱে আকৰ্ষণ কৰিছিল। স্থানীয়ভাৱে ৰচিত বা মৌলিক নাটৰ অভিনয়ক তেওঁ অধিক গুৰুত্ব দিছিল। যদিও অসমীয়া সাহিত্যত তেনে নাটৰ সংখ্যা তেতিয়ালৈকে অতি সীমিত আছিল, তথাপি বিদেশী ভাষাৰ নাটকক অসমীয়া ভাষালৈ অনুবাদ কৰি মঞ্চস্থ কৰাৰ প্ৰতি তেওঁৰ বিশেষ অনিচ্ছা আছিল। যদিও তেনে নাটক একেবাৰে নকৰাটোও তেওঁ সমর্থন নকৰিছিল।
বেজবৰুৱা আছিল অসমীয়া ভাষাৰ নিবেদিতপ্ৰাণ প্ৰেমিক, সেয়ে অন্য ভাষাৰ নাট অনুবাদ কৰোঁতে অসমীয়া ভাষা-ভাৱনা সুৰক্ষিত ৰখাটো তেওঁ অতি প্ৰয়োজনীয় বুলি গণ্য কৰিছিল। তেওঁৰ মত অনুসৰি অনুবাদ তেতিয়াহে সফল হ’ব, যেতিয়া তাত খাঁটি অসমীয়া ৰূপ আৰু ভাব প্ৰকাশ পায়। অন্যথা বিদেশী প্ৰভাৱই অসমীয়া ভাষা-সাহিত্যক গ্রাস কৰিব।
তেওঁ বিশ্বাস কৰিছিল—ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহি অসমত বাস কৰা লোকে যদি এই ভাষাক আন্তৰিকভাৱে কবুল কৰে, তেতিয়েহে ইয়াৰ সমৃদ্ধি ঘটিব। কিন্তু যদি অপভ্ৰংস বা অৰ্ধসাংস্কৃতিক ভাষাৰ চলন আৰম্ভ হয়, তাত অসমীয়াৰ ক্ষতি বাহিৰে লাভ একো নাথাকে।
সেই সময়ত কলিকতাস্থিত কিছু অসমীয়া ছাত্রই একত্ৰিত হৈ শ্বেক্সপীয়ৰৰ Comedy of Errors নাটকখন ‘ভ্ৰমৰংগ‘ নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। সেই উদ্যোগৰ সৈতে বেজবৰুৱাৰো পৰোক্ষ সম্পৰ্ক আছিল। তেওঁ সেই অনুবাদক সফল বুলি গণ্য কৰিছিল, কাৰণ ই সাধারণ দর্শকলৈও আনন্দদায়কভাৱে আগবঢ়িব পৰা হৈছিল।
বেজবৰুৱাই আশা কৰিছিল, অসমীয়া ডেকাসকলে ‘ভ্ৰমৰংগ‘-ৰ দৰে অনুবাদমূলক নাট সৃষ্টি কৰিলে তেনে কাৰ্যই অসমীয়া নাট্যসাহিত্য সমৃদ্ধ কৰিব।
দ্বাদশ শ্ৰেণী অসমীয়া – অধ্যায় ১: মোৰ মাতৃমুখ দৰ্শন – প্ৰায় সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:


