Class 12 Economics Chapter 9 বেংক ব্যৱস্থা Solutions | AHSEC (ASSEB) | Assamese Medium

Class 12

Class 12 Economics Chapter 9 – বেংক ব্যৱস্থা – All Question Solutions | AHSEC (ASSEB) Assamese Medium

দ্বাদশ শ্ৰেণী অৰ্থনীতি – বেংক ব্যৱস্থা (চেপ্টাৰ ৯)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত বেংকৰ ধাৰণা, ভূমিকা, আৰু বেংকৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে সৰল ভাষাত বুজাব পৰা হৈছে। বেংক ব্যৱস্থা অৰ্থনীতিৰ মূখ্য অংগ আছিল যি আৰ্থিক লেনদেন সহজ কৰে আৰু মুদ্ৰাৰ চলাচল সুনিশ্চিত কৰে। কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আৰু অন্যান্য বেংকৰ কাৰ্য্য আৰু তেওঁলোকৰ অৰ্থনৈতিক প্ৰভাৱৰ বিৱৰণ এই অধ্যায়ত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি অনুশীলনী প্রশ্নোত্তৰ আৰু বিৱৰণৰ সৈতে সাজি তোলা হৈছে। Chapter QR Code: E12M9

✅ কি শিকিব:

  • বেংকৰ সংজ্ঞা আৰু অৰ্থ
  • বেংকৰ প্ৰকাৰসমূহ: কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, কো-অপাৰেটিভ বেংক আদি
  • বেংকৰ কাৰ্য্য আৰু ভূমিকা
  • মুদ্ৰা পৰিবহণ আৰু আৰ্থিক ব্যৱস্থাপনাত বেংকৰ ভূমিকা
  • AHSEC পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ সমাধানসহ প্ৰশ্নোত্তৰ

🎯 অস্পীন একাডেমীৰ সুবিধা:

  • AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ আধাৰত সমাধান
  • সহজ আৰু বুজিবলৈ সুবিধাজনক ভাষা
  • প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নসহ ব্যাপক প্ৰস্তুতি
  • কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ সম্পৰ্কীয় স্পষ্ট ব্যাখ্যা
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বিশেষ সহায়
Vibrant Note Box
Buy Printable PDF
class 12
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.

Vibrant Note Box
Chapter 9 – বেংক ব্যৱস্থা

অধ্যায়-9

বেংক ব্যৱস্থা (Banking)

1. বেংক ব্যৱস্থা কি?

উত্তৰঃ বেংক ব্যৱস্থা বুলিলে এনে এটা কাৰ্যপ্ৰণালীক সূচায়, যাৰ যোগেদি জনসাধাৰণৰ পৰা মুদ্ৰাৰ আমানত গ্ৰহণ কৰা হয়। এই আমানতসমূহ ঋণ প্ৰদান অথবা বিনিয়োগৰ উদ্দেশ্যে গ্ৰহণ কৰা হয়, আৰু এই ধনৰাশি জনসাধাৰণে তেওঁলোকৰ দাবী অনুসৰি চেক, ড্ৰাফ্ট, নিৰ্দেশ অথবা অৰ্ডাৰৰ দ্বাৰা উলিয়াই নিব পাৰে।

2. ​বাণিজ্যিক বেংকৰ সংজ্ঞা লিখা।

উত্তৰঃ বাণিজ্যিক বেংক হৈছে এক বিশেষ বিত্তীয় প্ৰতিষ্ঠান, যিয়ে সাধাৰণ জনতাৰ পৰা আমানত গ্ৰহণ কৰে আৰু মুখ্যতঃ সূত উপাৰ্জনৰ লক্ষ্যৰে ঋণ সৃষ্টিৰ যোগেদি বিনিয়োগ আঁচনিসমূহলৈ ধন যোগান ধৰাৰ কাৰ্য সম্পাদন কৰে।

3. ​কেন্দ্রীয় বেংক কি?

উত্তৰঃ কেন্দ্ৰীয় বেংক হৈছে দেশৰ সৰ্বোচ্চ বিত্তীয় কৰ্তৃপক্ষ, যাৰ প্ৰাথমিক কাম হৈছে ৰাষ্ট্ৰখনৰ সামগ্ৰিক মৌদ্ৰিক তথা বিত্তীয় কাঠামো পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা। বিত্তীয়ভাৱে বিকশিত প্ৰতিখন দেশৰে নিজস্ব কেন্দ্ৰীয় বেংক থাকে। ভাৰতৰ কেন্দ্ৰীয় বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) বুলি জনা যায়। ই ১৯৩৪ চনৰ আৰ.বি.আই. আইনৰ অধীনত ১৯৩৫ চনৰ ১ এপ্ৰিলত স্থাপিত হৈছিল।

4. ​কেন্দ্ৰীয় বেংকৰ “জাৰিকৰণৰ বেংক” কাৰ্যৰ ব্যাখ্যা কৰা।

উত্তৰঃ কেন্দ্ৰীয় বেংকে (যেনে ভাৰতীয় ৰিজাৰ্ভ বেংক) “মুদ্ৰা জাৰিকৰণৰ বেংক” হিচাপে দেশৰ সৰ্বোচ্চ সংস্থা হিচাপে সমগ্ৰ বেংকিং পদ্ধতিটো নিয়ন্ত্ৰণ কৰে। মুদ্ৰা জাৰি কৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰ হাতত থাকে, যাৰ ফলত ই অৰ্থনৈতিক প্ৰয়োজন অনুসৰি অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাৰ যোগানৰ পৰিমাণ সলনি কৰিবলৈ একচেটীয়া কৰ্তৃত্ব লাভ কৰে। ইয়াৰ উপৰিও, ই প্ৰচলিত মুদ্ৰাত একৰূপতা নিশ্চিত কৰে, যাৰ ফলত ভুৱা বা জাল মুদ্ৰা চিনাক্ত কৰাটো সহজ হৈ পৰে। এই কাৰ্যই মুদ্ৰা ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস সুনিশ্চিত কৰাৰ লগতে মুদ্ৰাৰ আভ্যন্তৰীণ আৰু বাহ্যিক মূল্য স্থিৰ কৰি ৰখাত সহায় কৰে।

5. ​কেন্দ্ৰীয় বেংকৰ “চৰকাৰৰ বেংক” কাৰ্যৰ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰ আৰু জম্মু আৰু কাশ্মীৰৰ বাহিৰে সকলো ৰাজ্যিক চৰকাৰৰ বাবে বেংক, প্ৰতিনিধি আৰু বিত্তীয় পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰে। ই চৰকাৰৰ বেংকিং কাৰ্যসমূহ পৰিচালনা কৰে, আৰু চৰকাৰে তেওঁলোকৰ অতিৰিক্ত নগদ ধন কেন্দ্ৰীয় বেংকৰ চলিত একাউণ্টত জমা ৰাখে। ই চৰকাৰলৈ ঋণ আৰু আগধন যোগান ধৰে, আৰু চৰকাৰৰ হৈ প্ৰতিভূতিসমূহৰ ক্ৰয়-বিক্ৰয় কৰে। প্ৰতিনিধি হিচাপে, চৰকাৰৰ ৰাজহুৱা ঋণসমূহ পৰিচালনা কৰাৰ দায়িত্বও কেন্দ্ৰীয় বেংকৰ। তদুপৰি, বিত্তীয় পৰামৰ্শদাতাৰ ভূমিকাত থাকি কেন্দ্ৰীয় বেংকে সময়ে সময়ে চৰকাৰক বিত্তীয়, আৰ্থিক আৰু মৌদ্ৰিক বিষয়সমূহত পৰামৰ্শ আগবঢ়ায়, যি ইয়াৰ আন এক গুৰুত্বপূৰ্ণ দায়িত্ব।

6. ​কেন্দ্রীয় বেংকৰ “বেংকসমূহৰ বেংক আৰু তদাৰকী কাৰ্যৰ ব্যাখ্যা কৰা।

উত্তৰঃ দেশৰ সৰ্বোচ্চ বেংক হোৱা হেতুকে কেন্দ্ৰীয় বেংকে অন্যান্য বাণিজ্যিক বেংকসমূহৰ বাবে বেংক হিচাপে কাম কৰে। বাণিজ্যিক বেংকে সাধাৰণ জনতাৰ সৈতে যি সম্পৰ্ক স্থাপন কৰে, কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকসমূহৰ মাজৰ সম্পৰ্কও একেই। বেংকসমূহৰ বেংক হিচাপে, কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ নগদ জমাৰ ভাণ্ডাৰ ৰক্ষকৰ ভূমিকা পালন কৰে। বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ মুঠ আমানতৰ এটা নিৰ্দিষ্ট অনুপাত কেন্দ্ৰীয় বেংকত জমা ৰখাটো বাধ্যতামূলক। যেতিয়া বাণিজ্যিক বেংকবোৰে অন্য উৎসৰ পৰা তেওঁলোকৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হয়, তেতিয়া এই বেংকসমূহে শেষ আশ্ৰয়ৰ ঋণদাতা হিচাপে কেন্দ্ৰীয় বেংকৰ ওচৰলৈ যায়। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ বাবে মুকলিকৰণ গৃহৰ (Clearing House) ভূমিকাও পালন কৰে, কিয়নো এই সকলো বেংকৰে কেন্দ্ৰীয় বেংকত নিজা একাউণ্ট থাকে। ইয়াৰ উপৰিও, কেন্দ্ৰীয় বেংকে পৰামৰ্শদাতা হিচাপে বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে।

7. ​ৰেপো হাৰ বা ৰেপো ৰেট (Repo Rate) কি?

উত্তৰঃ ৰেপো হাৰ বা ৰেপো ৰেট হৈছে সেই সুতৰ হাৰ, যাৰ জৰিয়তে দেশৰ কেন্দ্ৰীয় বেংকে (ভাৰতীয় ৰিজাৰ্ভ বেংকে) বাণিজ্যিক বেংকসমূহৰ তাৎক্ষণিক বা হ্ৰস্বম্যাদী বিত্তীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ ধন ধাৰে দিয়ে। এই ধাৰ সাধাৰণতে বিনিময় পত্ৰ বা অন্যান্য প্ৰতিভূতি বন্ধক দিয়াৰ বিপৰীতেহে প্ৰদান কৰা হয়।

8. ​বেংক হাৰ বা বেংক ৰেট কি?

উত্তৰঃ বেংক হাৰ হৈছে সেই সুতৰ হাৰ, যি হাৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ দীৰ্ঘম্যাদী বিত্তীয় প্ৰয়োজনসমূহ পূৰণৰ বাবে ঋণ আগবঢ়ায়।

9. ​ৰিভাৰ্ছ ৰেপো হাৰ বা ৰিভাৰ্ছ ৰেপো ৰেট কি?

উত্তৰঃ ৰিভাৰ্ছ ৰেপো হাৰ হৈছে সেই সুতৰ হাৰ যি হাৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ পৰা ঋণ গ্ৰহণ কৰে। ইয়াৰ উদ্দেশ্য হৈছে অৰ্থনীতিত থকা অতিৰিক্ত ধনৰ যোগানৰ সু-ব্যৱহাৰ কৰা। ৰিভাৰ্ছ ৰেপো হাৰ বৃদ্ধি হ’লে বেংকসমূহে অধিক আকৰ্ষণীয় সূত লাভ কৰে, যাৰ ফলত তেওঁলোকে ৰিজাৰ্ভ বেংকলৈ অধিক পুঁজি স্থানান্তৰিত কৰিবলৈ উৎসাহিত হয়। বাণিজ্যিক বেংকসমূহে ৰিজাৰ্ভ বেংকক ঋণ দিবলৈ পাই অধিক সন্তুষ্ট হয়।

10. ​নগদ জমা অনুপাত (Cash Reserve Ratio) বা নগদ সংৰক্ষিত অনুপাত কি?

উত্তৰঃ নগদ জমা অনুপাত বা নগদ সংৰক্ষিত অনুপাত (Cash Reserve Ratio) হৈছে বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ মুঠ নিগুট চাহিদা আৰু কাল আমানতৰ যি ন্যূনতম শতাংশ কেন্দ্ৰীয় বেংকত জমা ৰাখিবলগীয়া হয়, তাক বুজোৱা হয়। অন্য অৰ্থত, বাণিজ্যিক বেংকৰ মুঠ আমানতৰ যি অংশ কেন্দ্ৰীয় বেংকত সংৰক্ষিত ৰাখিব লাগে, সেয়াই হৈছে নগদ সংৰক্ষিত অনুপাত।

11. ​বিধিগত তাৰল্য অনুপাত (Statutory Liquidity Ratio) কি?

উত্তৰঃ বিধিগত তাৰল্য অনুপাত (Statutory Liquidity Ratio) বুলিলে বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ মুঠ চাহিদা আৰু কাল আমানতৰ যি ন্যূনতম অংশ নিজৰ হাতত নগদ ধন, সোণ বা অন্যান্য অনুমোদিত প্ৰতিভূতিৰ ৰূপত ৰাখিব লাগে, তাকেই সূচায়।

12. ​আকাংক্ষিত সীমা বা মার্জিন ৰিকুৱাইৰমেণ্টৰ ব্যাখ্যা কৰা।

উত্তৰঃ আকাংক্ষিত সীমা বা মাৰ্জিন ৰিকুৱাইৰমেণ্ট হৈছে প্ৰদান কৰা ঋণৰ পৰিমাণ আৰু ঋণৰ বিপৰীতে ধাৰকে জামিন হিচাপে আগবঢ়োৱা সম্পত্তিৰ বজাৰ মূল্যৰ মাজৰ পাৰ্থক্য। যদি এই প্ৰান্তীয় আৱশ্যকতা ২০% হয়, তেন্তে ঋণ গ্ৰহণকাৰীজনে তেওঁৰ দ্বাৰা প্ৰদান কৰা প্ৰতিভূতিৰ মূল্যৰ কেৱল ৮০% লৈকেহে ঋণ লাভ কৰিবলৈ সক্ষম হ’ব।

13. ​ঋণৰ সমভাজন (Rationing of credit) কি?

উত্তৰঃ ঋণৰ সমভাজন বা সম-বিতৰণে বিভিন্ন ব্যৱসায়িক কাৰ্যকলাপৰ বাবে উপলব্ধ ঋণৰ পৰিমাণ আগতীয়াকৈ নিৰ্ধাৰণ কৰাক সূচায়। যেতিয়া বিত্তীয় ব্যৱস্থাটোত কোনো নিৰ্দিষ্ট কামৰ বাবে ঋণৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হয়, তেতিয়া ঋণৰ সমভাজনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

14. ​নৈতিক হেঁচা (Moral Suasion) কি?

উত্তৰঃ কেন্দ্ৰীয় বেংকে সদস্য বেংকসমূহক কিছুমান বিশেষ পৰিস্থিতিত অধিক ঋণ দিবলৈ অথবা ঋণ নিদিবলৈ অনুৰোধ বা পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় বেংকক সঘনে সদস্য বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হয়। এইধৰণৰ ক্ষমতা বা নৈতিক হেঁচাৰ ব্যৱহাৰ কেন্দ্ৰীয় বেংকে ঋণৰ পৰিমাণগত আৰু গুণগত উভয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰিব পাৰে।

15. “শেষ পৰ্যায়ৰ ঋণদাতা” হিচাপে ভাৰতীয় ৰিজার্ভ বেংকৰ কাৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ ইয়াৰ তাৎপৰ্য এয়ে যে বাণিজ্যিক বেংকসমূহে যেতিয়া অন্য কোনো উৎসৰ পৰা বিত্তীয় সাহায্য লাভ কৰাত বিফল হয়, তেতিয়া তেওঁলোকে শেষ আশ্ৰয়ৰ ঋণদাতা হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰ চাপে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বেংকসমূহক স্বীকৃত প্ৰতিভূতিসমূহৰ বিপৰীতে আগধন বা ঋণ আগবঢ়ায়। জৰুৰীকালীন অৱস্থা বা মন্দাৱস্থাৰ সময়ত বাণিজ্যিক বেংকসমূহলৈ পুঁজি যোগান ধৰি ই নিশ্চিত কৰে যে বেংকিং খণ্ডটো কোনো বাধাৰ সন্মুখীন নহয় আৰু মুদ্ৰা বজাৰখন সদায় সুস্থিৰ হৈ থাকে।

16. চয়নাত্মক ঋণ নিয়ন্ত্রণ (selective credit control) কি?

উত্তৰঃ ই আর্থিক ব্যৱস্থাটোৰ অগ্রাধিকাৰ প্ৰাপ্ত খণ্ডসমূহলৈ ঋণৰ প্ৰবাহ বৃদ্ধি কৰাৰ ইচ্ছাৰে গ্রহণ কৰা ঋণ নিয়ন্ত্রণ নীতিকে সূচায়। ইয়াৰ অৰ্থ হ’ব কিছুমান নির্দিষ্ট খণ্ডৰ, বিশেষকৈ লাভৰ নিশ্চয়তা নথকা ব্যৱসায়িক কার্যকলাপৰ সৈতে জড়িত ঋণৰ প্ৰবাহক পুনর্জীৱিত কৰা।

17. মুদ্রা যোগান নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰিভাৰ্ছ ৰেপো হাৰৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ ৰিভাৰ্ছ ৰেপো হাৰ হৈছে সেই সূতৰ হাৰ, যি হাৰত বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ অতিৰিক্ত বা অধিশেষ পুঁজি হ্ৰস্বম্যাদী সময়ৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকত জমা ৰাখিব পাৰে। এইটো ঋণ নিয়ন্ত্ৰণৰ এক গুৰুত্বপূৰ্ণ পৰিমাণগত আহিলা। যদি ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থনীতিত মুদ্ৰাৰ যোগান বৃদ্ধি কৰিবলৈ বিচাৰে, তেন্তে ই ৰিভাৰ্ছ ৰেপো হাৰ হ্ৰাস কৰে। ৰিভাৰ্ছ ৰেপো হাৰ কমিলে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকত ৰখা অতিৰিক্ত ধনৰাশিৰ পৰিমাণ হ্ৰাস কৰে, যাৰ ফলত মুদ্ৰাৰ যোগান বাঢ়ে।

আনহাতে, যদিহে ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাৰ যোগান হ্ৰাস কৰিবলৈ বিচাৰে, তেন্তে ই ৰিভাৰ্ছ ৰেপো হাৰ বৃদ্ধি কৰে। এই হাৰ বৃদ্ধি হোৱাৰ লগে লগে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকত তেওঁলোকৰ অতিৰিক্ত ধনৰাশি জমা ৰখাৰ পৰিমাণ বঢ়াই দিয়ে, যাৰ ফলস্বৰূপে মুদ্ৰাৰ যোগান কমিবলৈ ধৰে।

এইদৰে ৰিভাৰ্ছ ৰেপো হাৰে মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰাত এক সক্ৰিয় ভূমিকা পালন কৰে।

18. বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ বাণিজ্যিক বেংকৰ কাৰ্যসমূহক প্রধানকৈ দুটা ভাগত ভাগ কৰিব পৰা যায়।

(A) প্রাথমিক কার্যসমূহঃ বাণিজ্যিক বেংকসমূহে দুটা প্রাথমিক কাৰ্য সম্পাদন কৰেঃ

(i) আমানত গ্রহণ: বাণিজ্যিক বেংকসমূহৰ ই হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ কার্য। এই বেংকসমূহে সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰয়োজন অনুসৰি কেইবাটাও প্ৰকাৰে আমানত গ্ৰহণ কৰে। এই ধৰণৰ প্ৰধান আমানতসমূহ হৈছেঃ

(a) চলিত হিচাপ আমানত বা চাহিদা আমানত (Current account deposits or demand deposits): এই আমানতে সেইবোৰ আমানতক বুজায় যিবোৰ দাবী অনুযায়ী বেংকসমূহৰ দ্বাৰা প্ৰতিদেয় হয়। এইবোৰ কোনো বাধ্য-বাধকতা নোহোৱাকৈ চেকৰ দ্বাৰা বেংকৰ পৰা উলিয়াই আনিব পাৰি।

(b) স্থিৰ আমানত বা কাল আমানত (Fixed deposits or time deposits): স্থিৰ আমানত বুলি ক’লে সেইবোৰ আমানতক বুজায় যিবোৰক এটা নির্দিষ্ট সময় সীমা বা কালছোৱালৈ বেংকত জমা কৰি ৰখা হয়। এনেধৰণৰ আমানতসমূহৰ ক্ষেত্ৰত চেকৰ সুবিধা উপলব্ধ নহয়। এই আমানতৰ ক্ষেত্ৰত উচ্চ হাৰৰ সুদ লাভ কৰা যায়।

(c) সঞ্চয় আমানত (Saving deposits): এই আমানতবোৰ চলিত আমানত আৰু স্থিৰ আমানত উভয়ৰে মিশ্রিত বৈশিষ্ট্যযুক্ত হয়। এই আমানতৰ সঞ্চয়কাৰীয়ে ধনৰাশি উলিয়াই অনাৰ ক্ষেত্ৰত চেকৰ সুবিধা লাভ কৰে। কিন্তু স্থিৰ আমানতৰ দৰে ইয়াৰ ক্ষেত্ৰতো একেই বাধ্য-বাধকতাও থাকে। সঞ্চয়কাৰীয়ে সমুদায় আমানত উলিয়াই আনিব নোৱাৰে আৰু আমানত উলিয়াই আনিবলৈ হ’লে আগতীয়াকৈ বেংকক জনাব লাগে। এই আমানতৰ ক্ষেত্ৰত স্থিৰ আমানতৰ সুদৰ হাৰতকৈ ইয়াৰ সুদৰ হাৰ কম হয়।

(ii) ঋণ প্রদান (Advancing of loans): বেংকসমূহৰ দ্বাৰা প্ৰাপ্ত আমানতসমূহ নিষ্ক্রিয় হৈ থকাৰ অনুমতি নাথাকে। কিছু পৰিমাণৰ নগদ প্রাপ্তি নিজৰ লগত ৰখাৰ পিছত বাকী ধনৰাশিক অভাৱী ধাৰ লওঁতাক ঋণ হিচাপে প্রদান কৰা হয় আৰু তেওঁলোকৰ পৰা সুদ লয়, এইটোৱেই হৈছে বেংকসমূহৰ আয়ৰ মুখ্য উৎস। বাণিজ্যিক বেংকসমূহৰ দ্বাৰা বিভিন্ন ধৰণৰ ঋণ আৰু অগ্রিম ধন প্রদান কৰা হয়।

(B) গৌণ কার্যসমূহঃ প্রাথমিক কাৰ্যসমূহৰ লগতে বাণিজ্যিক বেংকসমূহে কিছুমান গৌণ কাৰ্যও সম্পাদন কৰে। এইবোৰ হৈছেঃ

(i) অ’ভাৰড্ৰাফ্ট্ ৰ সুবিধা (Overdraft facility): এনেকুৱা সুবিধাক সূচায় য’ত গ্রাহকে তেওঁৰ বেংকৰ চলিত হিচাপ বহীত বা চলিত একাউণ্টত থকা ধনৰাশিতকৈ এক স্বীকৃত সীমালৈ অতিৰিক্ত ধনৰাশি উলিয়াবলৈ অনুমতি দিয়ে। এই সুবিধা সাধাৰণতে নিৰ্ভৰযোগ্য তথা সন্মানীয় গ্রাহকসকলক এটা চমু সময়সীমালৈ প্ৰদান কৰা হয়। গ্রাহকসকলে তেওঁলোকৰ দ্বাৰা উলিওৱা অতিৰিক্ত ধনৰ বাবে বেংকক সুত পৰিশোধ কৰিব লাগে।

(ii) বিনিময় পত্ৰৰ বাট্টাকৰণ (Discounting bills of exchange): ই ম্যাদপূর্ণতাৰ পূর্বেই বিনিময় পত্ৰৰ গৰাকীয়ে বেংকৰ সৈতে বিনিময় পত্ৰত বেহাই পাব পাৰে।

(iii) অভিকর্তৃত্বমূলক কার্য (Agency function): বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে নির্দিষ্ট ধৰণৰ অভিকর্তৃত্বমূলক কার্যও সম্পাদন কৰে। বেংকে এই সেৱাসমূহৰ বাবে তেওঁলোকৰ গ্ৰাহকৰ পৰা কিছু পৰিমাণৰ কমিছন লয়। এনেধৰণৰ কিছুমান অভিকর্তৃত্বমূলক কার্য হৈছেঃ নিধিসমূহৰ হস্তান্তৰ, বিভিন্ন ধৰণৰ সা-সামগ্ৰীৰ দেনা সংগ্ৰহ কৰা, বৈদেশিক বিনিময়ৰ ক্রয়-বিক্রয়, প্রতিভূতিসমূহৰ ক্রয়-বিক্রয়, আয় কৰ পৰামর্শ, ন্যাসৰক্ষী আৰু ইচ্ছাপত্ৰৰ ব্যৱস্থা কাৰ্যকৰী কৰোঁতা, সন্দৰ্ভ-পত্ৰৰ কাৰ্যকৰীকৰণ।

(iv) সাধাৰণ উপযোগিতা কার্য (General utility functions): বাণিজ্যিক বেংকসমূহে লকাৰৰ সুবিধা, বন্ধকী-পত্র, বীমাকৃত প্রতিভূতি, সাংখ্যিকীয় সংগ্রহ আদিৰ দৰে কিছুমান সাধাৰণ উপযোগিতামূলক সেৱাও সম্পাদন কৰে।

(v) মুদ্রাৰ সৃষ্টিকৰণ (Money creation): বাণিজ্যিক বেংকবোৰে জনসাধাৰণৰ পৰা আমানত প্রাপ্ত কৰে আৰু এই আমানতবোৰক ঋণ হিচাপে প্রদান কৰে। অৱশ্যে, বেংকসমূহে প্রাপ্ত কৰা আমানততকৈ তেওঁলোকে প্রদান কৰা ঋণসমূহৰ পৰিমাণ কেইবাগুণে বেছি হয়। বেংকসমূহৰ এই কাৰ্যকে মুদ্ৰাৰ সৃষ্টিকৰণ বুলি জনা যায়।

19. বাণিজ্যিক বেংকসমূহে কেনেদৰে জমা ধনৰ সৃষ্টি কৰে? এক সাংখ্যিক উদাহৰণেৰে ইয়াৰ ব্যাখ্যা কৰা।

উত্তৰঃ বাণিজ্যিক বেংকসমূহ হৈছে এখন দেশৰ মুদ্ৰাৰ যোগানৰ গুৰুত্বপূৰ্ণ উৎস। এই বেংকবোৰে জমা ধনৰ সৃষ্টিৰ দ্বাৰা মুদ্ৰাৰ যোগান বৃদ্ধি কৰে, যি তেওঁলোকৰ চাহিদা আমানতসমূহতকৈ অধিক বেছি হয়। এই প্ৰক্ৰিয়াটোৰ দুটা অভিধাৰণা হৈছেঃ।

(i) বাণিজ্যিক বেংক ব্যৱস্থাটো হৈছে এটা গোট আৰু ইয়াক “বেংকসমূহ” বুলি কোৱা হয়।

(ii) সকলোবোৰ দেনা-পাওনা বেংকসমূহৰ মাধ্যমেৰে সঞ্চালিত হয়।

বেংকসমূহৰ দ্বাৰা জমা ৰখা আমানতসমূহক ঋণ প্রদানৰ বাবে ব্যৱহাৰ কৰা হয়। অৱশ্যে, বেংকসমূহে আমানতৰ সমগ্র ধনৰাশিক ঋণ বা ধাৰ দিবলৈ ব্যৱহাৰ কৰিব নোৱাৰে। বেংকসমূহে তেওঁলোকৰ মুঠ আমানতৰ এটা ন্যূনতম নির্দিষ্ট অংশক জমাধন বা সংৰক্ষিত ধন হিচাপে ৰখাটো আইনীভাৱে বাধ্যতামূলক। এই অংশটোক বিধিগত সংৰক্ষিত পুঁজিৰ অনুপাত (Legal Reserve Ratio) বুলি কোৱা হয় আৰু এইটো কেন্দ্ৰীয় বেংকৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। বেংকসমূহে মুঠ আমানতৰ কেৱল এটা ন্যূনতম অংশহে নিজৰ লগত ৰখাৰ কাৰণ হ’ল, কিয়নো তেওঁলোকে জানে যে বেংকৰ সকলোবোৰ আমানতকাৰীয়ে একেটা সময়তে একেলগে তেওঁলোকৰ জমাধনসমূহ উলিওৱাৰ বাবে বেংকৰ কাষ নাচাপে আৰু বেংকবোৰলৈ নতুন আমানতৰ এক অবিৰত প্ৰবাহ থাকে।

এতিয়া এটা উদাহৰণৰ সৈতে ঋণ সৃষ্টি প্রক্রিয়াটো ব্যাখ্যা কৰোঁ আহাঃ

চক্র

আমানত (টকাত)

ঋণ (টকাত)

সংৰক্ষিত নগদ

(টকাত) LRR = 20%

প্ৰাৰম্ভিক আমানত

1000

800

200

প্ৰথম চক্ৰ

800

640

160

দ্বিতীয় চক্র

640

512

128

তৃতীয় চক্র

512

409.6

102.40

মুঠ

5000

4000

1000

যদি ধৰো বেংকসমূহত থকা প্ৰাৰম্ভিক আমানত হ’ল 1000 টকা আৰু বিধিগত সংৰক্ষিত অনুপাত (LRR) হৈছে 20%। ইয়াৰ অৰ্থ হ’ল যে বেংকসমূহে কেৱল 200 টকাহে নগদ সংৰক্ষণ হিচাপে ৰখাৰ প্ৰয়োজন হ’ব আৰু বাকী 800 টকা ধাৰ দিবলৈ তেওঁলোক মুক্ত। বেংকসমূহে এই ধনৰাশি নগদত ধাৰ নিদিয়ে। বেংকে নগদ ধনৰাশি দিয়াৰ পৰিৱৰ্তে ধাৰ লওঁতাজনৰ নামত বেংকত একাউণ্টহে খুলি দিয়ে, য’ৰ পৰা ধাৰ লোৱা গ্রাহকজনে যেতিয়াই মন যায় ধনৰাশি উলিয়াই ল’ব পাৰে। এতিয়া, যদিহে ধাৰ লোৱাজনে দেনা পৰিশোধৰ বাবে 800 টকাৰ সমগ্র ধনৰাশি উলিয়াই লয় তেতিয়া হ’লে ব্যয় কৰা ধনৰাশি সেইসকল ব্যক্তিৰ একাউন্টলৈ আমানতৰ ৰূপত বেংকলৈ উভতি আহে যিয়ে এই দেনা প্রাপ্ত কৰে। এইটোৱে বেংকৰ চাহিদা আমানত 800 টকালৈ বৃদ্ধি কৰিব। 800 টকাৰ নতুন আমানতৰে বেংকে 20% নগদ জমা ৰাখি বাকী 640 টকা পুনৰ ধাৰলৈ দিয়ে। এইটো এনেদৰে অব্যাহত থাকে আৰু যেতিয়া মুঠ নগদ সংৰক্ষণ প্ৰাৰম্ভিক আমানতৰ সমান হৈ পৰে (ওপৰৰ তালিকাখনত দর্শোৱাৰ দৰে) তেতিয়া ঋণ সৃষ্টিৰ সমাপ্তি ঘটে। এইদৰে বেংকসমূহে 1000 টকাৰ প্ৰাৰম্ভিক আমানতেৰে 5000 টকাৰ মুঠ আমানত সৃষ্টি কৰিবলৈ সক্ষম হয়। মুঠ আমানত প্ৰাৰম্ভিক আমানতৰ পাঁচ গুণ বেছি হৈ পৰে। মুদ্রা গুণকৰ মূল্যৰ পাঁচ গুণ হয়। এইদৰেই মুদ্রা গুণকৰ গণনা কৰা হয়ঃ

মুদ্রা গুণক (MM) = 1/LRR

ওপৰৰ উদাহৰণটোত,

LRR হৈছে 20%, গতিকে

MM = 1/20% 1/20% = 5 গুণ

ইয়াৰ অৰ্থ এয়ে যে বেংকসমূহে 5000 টকাৰ মুঠ আমানত সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু 4000 টকা ধাৰ দিবলৈ সক্ষম হৈছে, যিহেতু

মুঠ আমানত = MM × প্ৰাৰম্ভিক আমানত

অর্থাৎ = 5×1000

= 5000

আৰু ঋণ = মুঠ আমানত – প্ৰাৰম্ভিক আমানত

= 5000 – 1000

= 4000 টকা

20. কেন্দ্ৰীয় বেংক (ভাৰতীয় ৰিজার্ভ বেংক)ৰ কাৰ্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ কাৰ্যসমূহ তলত সৱিশেষভাৱে বৰ্ণনা কৰা হ’ল:

(i) মুদ্ৰা জাৰিকৰণৰ বেংক (Bank of Issue): ভাৰতীয় ৰিজাৰ্ভ বেংক হৈছে দেশৰ সৰ্বোচ্চ মুদ্ৰা জাৰিকৰ্তা প্ৰতিষ্ঠান, যিয়ে সমগ্ৰ বেংকিং কাঠামো নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। মুদ্ৰা জাৰি কৰাৰ একচেটীয়া কৰ্তৃত্ব কেৱল কেন্দ্ৰীয় বেংকৰ হাতত থাকে। এই ক্ষমতাৰ জৰিয়তে ই অৰ্থনীতিৰ প্ৰয়োজনীয়তা অনুসৰি মুদ্ৰাৰ যোগানৰ পৰিমাণ সলনি কৰিবলৈ বিশেষ অধিকাৰ লাভ কৰে। ইয়াৰ ফলত প্ৰচলিত মুদ্ৰাত একৰূপতা নিশ্চিত হয়, যাৰ দ্বাৰা ভুৱা বা জাল মুদ্ৰা চিনাক্তকৰণ সহজ হয়। এই কাৰ্যই মুদ্ৰা ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা বজাই ৰখাৰ লগতে মুদ্ৰাৰ আভ্যন্তৰীণ আৰু বাহ্যিক মূল্যৰ স্থিৰতা অৱশ্যম্ভাৱী কৰে।

(ii) চৰকাৰৰ বেংক (Banker to the Government): ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰৰ লগতে জম্মু আৰু কাশ্মীৰৰ বাহিৰে সকলো ৰাজ্যিক চৰকাৰৰ বাবে বেংকাৰ, প্ৰতিনিধি আৰু বিত্তীয় পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰে। ই চৰকাৰৰ বেংকিং কাৰ্যসমূহ সম্পন্ন কৰে, আৰু চৰকাৰে নিজৰ অতিৰিক্ত নগদ ধন কেন্দ্ৰীয় বেংকৰ চলিত একাউণ্টত জমা ৰাখে। ই চৰকাৰলৈ ঋণ আৰু আগধন প্ৰদান কৰে, আৰু চৰকাৰৰ হৈ প্ৰতিভূতি ক্ৰয়-বিক্ৰয় কৰে। প্ৰতিনিধি হিচাপে, ৰাজহুৱা ঋণৰ পৰিচালনাৰ দায়িত্বও কেন্দ্ৰীয় বেংকৰ ওপৰত ন্যস্ত। বিত্তীয় পৰামৰ্শদাতাৰ ভূমিকাত থাকি ই চৰকাৰক সময়ে সময়ে আৰ্থিক, বিত্তীয় আৰু মৌদ্ৰিক বিষয়সমূহত পৰামৰ্শ আগবঢ়ায়, যি ইয়াৰ অন্যতম প্ৰধান কৰ্তব্য।

(iii) বেংকসমূহৰ বেংক আৰু তদাৰক কৰোঁতা (Banker’s bank and supervisor): কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ বেংক হোৱা বাবে ই অন্যান্য বেংকসমূহৰ বাবে বেংক হিচাপে কাৰ্যনিৰ্বাহ কৰে। বাণিজ্যিক বেংকে জনসাধাৰণৰ সৈতে যিধৰণৰ সম্পৰ্ক স্থাপন কৰে, কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ সৈতে তেনে সম্পৰ্কই গঢ়ি তোলে। বেংকসমূহৰ বেংক হিচাপে, ই এই বেংকসমূহৰ নগদ ধনৰ ভাণ্ডাৰৰ সংৰক্ষকৰ ভূমিকা পালন কৰে। বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ মুঠ আমানতৰ এটা নিৰ্দিষ্ট অংশ কেন্দ্ৰীয় বেংকত জমা ৰখাটো বাধ্যতামূলক। যেতিয়া বাণিজ্যিক বেংকসমূহে অন্য উৎসৰ পৰা তেওঁলোকৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হয়, তেতিয়া এই বেংকবোৰে শেষ আশ্ৰয়ৰ ঋণদাতা হিচাপে কেন্দ্ৰীয় বেংকৰ ওচৰ চাপে। সকলো বাণিজ্যিক বেংকৰে কেন্দ্ৰীয় বেংকত একাউণ্ট থকাৰ বাবে ই মুকলিকৰণ গৃহ (Clearing House) হিচাপেও কাম কৰে। কেন্দ্ৰীয় বেংকে পৰামৰ্শদাতা হিচাপে বাণিজ্যিক বেংকসমূহক পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে।

(iv) ঋণ নিয়ন্ত্ৰণ (Credit control): ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰয়োজনীয়তা অনুসৰি ঋণৰ প্ৰবাহ বৃদ্ধি বা হ্ৰাস কৰিব পৰাকৈ নিয়ন্ত্ৰিত কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে এই কাৰ্য তলত উল্লেখ কৰা দুটা প্ৰধান পদ্ধতিৰ দ্বাৰা সম্পন্ন কৰে:

(I) পৰিমাণগত পদ্ধতি (Quantitative Measures):

(a) ৰেপো হাৰ (Repo rate): এই হাৰত দেশৰ কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক তেওঁলোকৰ হ্ৰস্বম্যাদী প্ৰয়োজনীয়তা পূৰণৰ বাবে ঋণ প্ৰদান কৰে। কেন্দ্ৰীয় বেংকে স্বীকৃত প্ৰতিভূতি বা বিনিময় পত্ৰৰ বিপৰীতে বেংকসমূহক এই ঋণ আৰু আগধন আগবঢ়ায়। ৰেপো হাৰ বৃদ্ধি কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ কৰাৰ ব্যয় বাঢ়ে, যাৰ ফলত বেংকসমূহে ঋণৰ সূতৰ হাৰ বৃদ্ধি কৰিবলৈ বাধ্য হয়। ই ঋণ লোৱাক নিৰুৎসাহিত কৰি মুদ্ৰাৰ যোগান হ্ৰাস কৰে। ইয়াৰ বিপৰীতে, ৰেপো হাৰ হ্ৰাস হ’লে ঋণৰ ব্যয় কমি যায়, যাৰ ফলত বেংকসমূহে ঋণৰ সূতৰ হাৰ কমাই দিয়ে আৰু ধাৰ লোৱাটো কম খৰচী হৈ পৰে। ই মুদ্ৰাৰ যোগান বৃদ্ধি কৰে।

(b) মুকলি বজাৰৰ কাৰ্যকলাপ (Open Market Operation – OMO): ই কেন্দ্ৰীয় বেংকে জনসাধাৰণ আৰু বাণিজ্যিক বেংকসমূহৰ সৈতে চৰকাৰী প্ৰতিভূতি বা ঋণপত্ৰ বেচা-কিনা কৰা কাৰ্যকলাপক সূচায়।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণপত্ৰ বিক্ৰী কৰিলে বাণিজ্যিক বেংকসমূহৰ জমা ধন হ্ৰাস পায়। ই বেংকসমূহৰ ঋণ সৃষ্টি বা জমা সৃষ্টিৰ ক্ষমতাক নেতিবাচকভাৱে প্ৰভাৱিত কৰে আৰু এইদৰে মুদ্ৰাৰ যোগান হ্ৰাস হয়।

কেন্দ্ৰীয় বেংকে ঋণপত্ৰ ক্ৰয় (পুনৰ ক্ৰয়) কৰিলে বেংকসমূহৰ জমা ধন বাঢ়ে, যাৰ ফলত তেওঁলোকৰ ঋণ সৃষ্টি বা জমা সৃষ্টিৰ ক্ষমতা বৃদ্ধি হয় আৰু মুদ্ৰাৰ যোগান বাঢ়ে।

(c) বিধিগত সংৰক্ষিত পুঁজিৰ অনুপাত (Legal Reserve Ratio) বা পৰিৱৰ্তিত সংৰক্ষিত পুঁজিৰ অনুপাত (Variable Reserve Ratio): এই বিধিগত অনুপাত অনুসৰি বাণিজ্যিক বেংকসমূহে এক নিৰ্দিষ্ট পৰিমাণৰ নগদ ধন জমা ৰাখিবলৈ বাধ্য। এই সংৰক্ষিত ধন দুটা একাউণ্টত ৰখাৰ প্ৰয়োজন হয়।

নগদ সংৰক্ষিত পুঁজিৰ অনুপাত (Cash Reserve Ratio – CRR): ই বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ নিগুট চাহিদা আৰু কাল আমানতৰ যি ন্যূনতম অংশ ভাৰতীয় ৰিজাৰ্ভ বেংকত জমা ৰাখিবলগীয়া হয়, তাকে বুজায়। CRR-ৰ পৰিৱৰ্তনে বাণিজ্যিক বেংকসমূহৰ ঋণ সৃষ্টিৰ ক্ষমতাক প্ৰভাৱিত কৰে। CRR বৃদ্ধি হ’লে বাণিজ্যিক বেংকৰ অতিৰিক্ত জমা ভাণ্ডাৰ হ্ৰাস পায়, যাৰ ফলত ঋণ সৃষ্টিৰ ক্ষমতা সীমিত হয়। ই মুদ্ৰাৰ যোগান হ্ৰাস কৰে, আৰু ইয়াৰ বিপৰীত ফল হ’লে মুদ্ৰাৰ যোগান বৃদ্ধি হয়।

বিধিগত তাৰল্য অনুপাত (Statutory Liquidity Ratio – SLR): ই বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ মুঠ চাহিদা আৰু কাল আমানতৰ যি ন্যূনতম অংশ নিজৰ লগত ৰাখিব লাগে, তাকেই সূচায়। SLR-ৰ পৰিৱৰ্তনে বেংকসমূহৰ চৰকাৰী প্ৰতিভূতি বিক্ৰী কৰাৰ স্বাধীনতাক আৰু সেইবোৰৰ বিপৰীতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ লোৱাৰ সামৰ্থ্যক প্ৰভাৱিত কৰে। SLR বৃদ্ধি হ’লে মুদ্ৰাৰ যোগান হ্ৰাস হয় আৰু ইয়াৰ ওলোটা ফলত মুদ্ৰাৰ যোগান বৃদ্ধি হয়। কেন্দ্ৰীয় বেংকে CRR/SLR সলনি কৰি বেংকৰ ঋণ সৃষ্টিৰ সামৰ্থ্য নিয়ন্ত্ৰণ কৰিব পাৰে।

(II) গুণবাচক পদ্ধতি (Qualititative Measures)

(a) আকাংক্ষিত সীমা বা প্ৰান্ত (Margin requirement): ই ঋণৰ ধনৰাশি আৰু ধাৰ গ্ৰহণকাৰীয়ে ঋণৰ জামিন হিচাপে আগবঢ়োৱা সম্পত্তিৰ বজাৰ মূল্যৰ মাজৰ পাৰ্থক্য। আকাংক্ষিত সীমা সলনি কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহে প্ৰতিভূতিৰ বিপৰীতে প্ৰদান কৰা ঋণৰ পৰিমাণ সলনি কৰিব পাৰে। আকাংক্ষিত সীমা বৃদ্ধি হ’লে ঋণ লোৱাৰ সামৰ্থ্য হ্ৰাস পায় আৰু মুদ্ৰাৰ যোগানো কমি যায়। ইয়াৰ বিপৰীতে, সীমা হ্ৰাস হ’লে মানুহক অধিক ঋণ ল’বলৈ উৎসাহিত কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ বাবে বেলেগ বেলেগ আকাংক্ষিত সীমা নিৰ্ধাৰণ কৰে।

(b) ঋণৰ সমভাজন (Rationing of Credit): ই বিভিন্ন ব্যৱসায়িক কাৰ্যকলাপৰ বাবে উপলব্ধ ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰাক সূচায়। যেতিয়া অৰ্থনৈতিক ব্যৱস্থাটোত নিৰ্দিষ্ট কামৰ বাবে ঋণৰ প্ৰবাহ বিশেষভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন হয়, তেতিয়া ঋণৰ সমভাজন প্ৰৱৰ্তন কৰা হয়।

(c) প্ৰত্যক্ষ পদক্ষেপ বা কাৰ্য (Direct action): কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা নামানিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে সদস্য বেংকসমূহৰ বিৰুদ্ধে জৰিমনা বা অৰ্থদণ্ডৰ ৰূপত প্ৰত্যক্ষ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(d) নৈতিক হেঁচা (Moral suasion): ভাৰতীয় ৰিজাৰ্ভ বেংকে সদস্য বেংকসমূহক কেতিয়াবা অধিক ঋণ দিবলৈ বা কেতিয়াবা ঋণ নিদিবলৈ অনুৰোধ কৰে, বিশেষকৈ ব্যতিক্রমী ক্ষেত্ৰত। কেন্দ্ৰীয় বেংকক সঘনে সদস্য বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰাৰ অধিকাৰ দিয়া হয়। এই নৈতিক হেঁচাৰ ব্যৱহাৰ কেন্দ্ৰীয় বেংকে পৰিমাণগত আৰু গুণবাচক উভয় প্ৰকাৰৰ ঋণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰিব পাৰে। এইবোৰ প্ৰত্যক্ষ নিৰ্দেশনা সাধাৰণতে আগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ডলৈ ঋণ মঞ্জুৰি কৰাৰ পৰামৰ্শ বা বিশেষ ধৰণৰ ঋণ নিষিদ্ধকৰণৰ ৰূপত প্ৰদান কৰা হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ৯ – সঘনাই সোধা প্ৰশ্ন
বেংক মানে কি?
বেংক হৈছে আৰ্থিক লেনদেনৰ সন্থা যি মুদ্ৰা জমা লয় আৰু ঋণ দিয়ে।
কেন্দ্ৰীয় বেংকৰ ভূমিকা কি?
কেন্দ্ৰীয় বেংক দেশৰ মুদ্ৰা নিয়ন্ত্ৰণ আৰু অৰ্থনৈতিক স্থিতি ৰক্ষা কৰাত সহায় কৰে।
বাণিজ্যিক বেংকৰ কাৰ্য্য কি কি?
বাণিজ্যিক বেংকে জমা গ্ৰহণ, ঋণ প্ৰদান, আৰু অন্যান্য আৰ্থিক সেৱা প্ৰদান কৰে।
বেংকৰ প্ৰকাৰবোৰ কি কি?
কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, কো-অপাৰেটিভ বেংক আদি প্ৰকাৰৰ বেংক থাকে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top