Class 12 Education Chapter 4 – শিক্ষণ – All Exercise Solutions | AHSEC (Assamese Medium)
দ্বাদশ শ্ৰেণী শিক্ষা – অধ্যায় ৪: শিক্ষণ – সম্পূৰ্ণ অনুশীলনী সমাধান (AHSEC – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত শিক্ষণৰ সংজ্ঞা, উদ্দেশ্য, প্ৰক্ৰিয়া আৰু শিক্ষণ-শিকণৰ ধৰণৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। শিক্ষকৰ ভূমিকাৰ লগতে শিক্ষাৰ গুণগত মান বৃদ্ধিত শিক্ষণ পদ্ধতিসমূহৰ প্ৰভাৱৰ দিশত পৰ্যালোচনা কৰা হৈছে। শিক্ষণৰ মৌলিক উপাদান, শিক্ষণৰ প্ৰকাৰ, আৰু শিক্ষাৰ উদ্দেশ্যসমূহ স্পষ্টভাৱে বুজাই দিয়া হৈছে। Chapter QR Code: EDU12C4ASSAM। অস্পীন একেডেমী বিশেষভাৱে এই অধ্যায়ৰ সমাধানসমূহ সহজ আৰু বুজনীয়া ভাষাত প্ৰদান কৰে।
✅ কি শিকিব:
- শিক্ষণৰ পৰিভাষা আৰু তাৎপৰ্য
- শিক্ষণৰ প্ৰক্ৰিয়া আৰু মৌলিক উপাদানসমূহ
- বিভিন্ন শিক্ষণ পদ্ধতি (নির্দেশমূলক, অনুসন্ধানমূলক, সহযোগিতামূলক আদিৰ বিৱৰণ)
- শিক্ষাৰ গুণগত মান বৃদ্ধিত শিক্ষকৰ ভূমিকা
- শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্যসমূহ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- AHSEC শিৰোনামাধিন পাঠ্যক্ৰমৰ পূৰ্ণাঙ্গ সমাধান
- প্ৰতিটো অনুশীলনী আৰু প্ৰশ্নৰ বিশদ ব্যাখ্যা
- শিক্ষণ-শিকণৰ আধুনিক পদ্ধতিৰ বিৱৰণ
- অসমীয়া মাধ্যমৰ বাবে বাস্তৱিক আৰু সহজ উদাহৰণ
- পরীক্ষাত সাফল্যৰ বাবে গুৰুত্বপূৰ্ণ হাইলাইটেৰে সাজু কৰা
Class 12 Education (শিক্ষা) AHSEC Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough Class 12 Education (Assamese Medium) chapter-wise solutions PDF designed for AHSEC latest syllabus.
Includes clear answers, definitions, diagrams, and exam-focused explanations for strong preparation.
Ideal for self-study, homework, and quick revision.
গোট-৪
শিক্ষণ (Learning)
পাঠভিত্তিক প্রশ্নোত্তৰ
(TEXTUAL QUESTIONS AND ANSWERS)
১। শিক্ষণ কি?
উত্তৰঃ শিক্ষণ (Learning) হৈছে এক মৌলিক মানসিক প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো এক নিৰ্দিষ্ট অভিজ্ঞতা, অভ্যাস বা প্ৰশিক্ষণৰ ফলস্বৰূপে ব্যক্তিৰ আচৰণত আপেক্ষিকভাৱে স্থায়ী পৰিৱৰ্তন বা ৰূপান্তৰণ হয়।
মানুহে প্ৰবৃত্তিগতভাৱে পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিন্তু কেৱল প্ৰবৃত্তিমূলক আচৰণৰ ওপৰত নিৰ্ভৰ নকৰি, মানুহে বুদ্ধিমত্তা আৰু বিচাৰ-ক্ষমতাৰ দ্বাৰা নিজৰ এই অসংশোধিত প্ৰতিক্ৰিয়া আৰু আচৰণৰ সংশোধন আৰু বিকাশ সাধন কৰে, যাতে তেওঁলোকে ভিন ভিন পৰিস্থিতিৰ লগত ভালদৰে অভিযোজিত হ’ব পাৰে। আচৰণৰ এই ৰূপান্তৰণে মানুহৰ প্ৰকৃতি পৰিশোধন কৰে। এনেদৰেই অভিজ্ঞতাৰ জৰিয়তে জ্ঞান আহৰণ কৰা আৰু আচৰণৰ স্থায়ী পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াকে শিক্ষণ বুলি কোৱা হয়।
২। শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:
(ক) অভিজ্ঞতাৰ ফল: নতুন অভিজ্ঞতা, প্ৰশিক্ষণ আৰু অভ্যাসৰ ফলস্বৰূপে শিক্ষণ সংঘটিত হয়।
(খ) আচৰণৰ পৰিৱৰ্তন: ই আচৰণৰ স্থায়ী বা আপেক্ষিকভাৱে স্থায়ী পৰিৱৰ্তন।
(গ) অভিযোজন প্ৰক্ৰিয়া: শিক্ষণ হ’ল পৰিৱেশৰ লগত হোৱা ব্যক্তিৰ সমাযোজন (Adjustment) বা অভিযোজন (Adaptation) প্ৰক্ৰিয়া।
(ঘ) উদ্দেশ্যপ্ৰণোদিত: শিক্ষণ হৈছে এক উদ্দেশ্যপ্ৰণোদিত ক্ৰিয়া, য’ত কোনো লক্ষ্য বা সমস্যা সমাধানৰ উদ্দেশ্য থাকে।
(ঙ) সাৰ্বজনীন প্ৰক্ৰিয়া: ই এটা সাৰ্বজনীন প্ৰক্ৰিয়া— প্ৰতিটো জীৱৰ মাজত শিক্ষণ সংঘটিত হয়।
(চ) সমস্যা সমাধান: ই এক সমস্যা সমাধানকাৰী প্ৰক্ৰিয়া।
(ছ) পৰিপক্কতাৰ ভূমিকা: শিক্ষণত দেহ-মানসিক পৰিপক্কতাৰ (Maturity) ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো অধিক পৰিপক্কতাই অধিক শিক্ষণ ক্ষমতা প্ৰদান কৰে।
(জ) স্থায়ীত্ব: অভ্যাস আৰু পুনৰাবৃত্তিয়ে শিক্ষণক স্থায়ী কৰে।
(ঝ) আগ্ৰহ আৰু প্ৰেৰণা: শিক্ষণ সংঘটিত হ’বলৈ আগ্ৰহ (Interest) আৰু অভিৰোচন বা প্ৰেৰণা (Motivation) অপৰিহাৰ্য।
(ঞ) ব্যক্তিকেন্দ্ৰিক কাৰ্য: শিক্ষণ হৈছে এক ব্যক্তিকেন্দ্ৰিক কাৰ্য, যি প্ৰতিজন ব্যক্তিৰ সামৰ্থ্য আৰু গতি অনুসৰি ভিন ভিন হ’ব পাৰে।
৩। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভৱ হয়? উদাহৰণেৰে সৈতে বুজাই লিখা।
উত্তৰঃ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি (Trial and Error Learning):
এই শিক্ষণ পদ্ধতিৰ প্ৰৱৰ্তক আছিল আমেৰিকান মনোবিজ্ঞানী এডৱাৰ্ড লী থৰ্ণডাইক (Edward L. Thorndike)। তেওঁৰ মতে, শিক্ষণ তেতিয়াহে সংঘটিত হয় যেতিয়া উদ্দীপক (Stimulus – S) আৰু প্ৰতিক্ৰিয়া (Response – R)ৰ মাজত সংযোগ (Bond) স্থাপন হয়।
শিক্ষণ সম্ভৱ হোৱাৰ প্ৰক্ৰিয়া:
এই পদ্ধতিয়ে কয় যে যেতিয়া শিকাৰুৱে এটা নতুন সমস্যাৰ সন্মুখীন হয়, তেতিয়া তেওঁ তাৰ সমাধান উলিয়াবলৈ বহুতো অন্ধ প্ৰচেষ্টা আৰু ভুল প্ৰয়াস কৰে। এই প্ৰচেষ্টাসমূহৰ মাজত, আকস্মিকভাৱে তেওঁ এটা শুদ্ধ বা সঠিক সঁহাৰি প্ৰদান কৰে। প্ৰয়াসৰ পুনৰাবৃত্তিত প্ৰতিবাৰে তেওঁ ভুলসমূহ এৰাই চলিবলৈ শিকে আৰু সঠিক সঁহাৰিটো বাছি লয়। ইয়াৰ ফলত শুদ্ধ সঁহাৰিটোৰ বাবে তেওঁ ক্ৰমান্বয়ে কম সময় ল’বলৈ ধৰে আৰু উদ্দীপক আৰু সঠিক প্ৰতিক্ৰিয়াৰ মাজত এক শক্তিশালী সংযোগ স্থাপন হয়। এইদৰেই ক্ৰমান্বয়ে ভ্ৰম সংশোধন হৈ হৈ শিক্ষণ লাভ হয়।
উদাহৰণ (থৰ্ণডাইকৰ কৌতুক বাকচৰ পৰীক্ষণ):
থৰ্ণডাইকে তেওঁৰ তত্ত্বটো প্ৰমাণ কৰিবলৈ এটা ভোকাতুৰ মেকুৰী আৰু এটা কৌতুক বাকচ (Puzzle Box) ব্যৱহাৰ কৰিছিল।
পৰীক্ষণ: মেকুৰীটোক কৌতুক বাকচটোৰ ভিতৰত আৱদ্ধ কৰি ৰখা হৈছিল। বাকচটোৰ দুৱাৰখন ভিতৰৰ পৰা এডাল ৰচী টানি খুলিব পৰাকৈ ৰখা হৈছিল। বাকচৰ বাহিৰত মেকুৰীটোৰ বাবে খাদ্য (মাছ) ৰখা হৈছিল।
প্ৰচেষ্টা আৰু ভুল: ভোকাতুৰ মেকুৰীটোৱে খাদ্য খাবলৈ বাহিৰলৈ ওলাবলৈ সকলো ধৰণৰ স্বাভাৱিক পন্থা (জঁপিয়াই, আঁচোৰ মাৰি) অৱলম্বন কৰিছিল। এই সকলোবোৰ আছিল অন্ধ প্ৰচেষ্টা আৰু ভুল।
আকস্মিক সাফল্য: এনেদৰে প্ৰয়াস চলাই থাকোঁতে এবাৰ মেকুৰীটোৱে আকস্মিকভাৱে ৰচীডাল টানিছিল, যাৰ ফলত দুৱাৰখন খোল খাই গৈছিল আৰু মেকুৰীটোৱে মাছখিনি খাবলৈ পাইছিল (সঠিক সঁহাৰি)।
পুনৰাবৃত্তি আৰু শিক্ষণ: পৰৱৰ্তী প্ৰচেষ্টাসমূহত মেকুৰীটোৱে ক্ৰমান্বয়ে কম সময়ত আৰু কম ভুল কৰি দুৱাৰখন খুলিবলৈ সক্ষম হৈছিল। যেতিয়ালৈ সি অকণো সময় নোলোৱাকৈ আৰু ভুল নকৰাকৈ দুৱাৰখন খুলিবলৈ সক্ষম হোৱা নাছিল, তেতিয়ালৈ তাক কৌতুক বাকচটোত প্ৰক্ষেপ কৰা হৈছিল। এইদৰেই প্ৰচেষ্টা আৰু ভুলৰ জৰিয়তে শিক্ষণ সম্পন্ন হৈছিল।
৪। অন্তর্দর্শন শিক্ষণ কি? এই শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য নিৰূপণ কৰা।
উত্তৰঃ অন্তৰ্দৰ্শন শিক্ষণ (Insight Learning): অন্তৰ্দৰ্শন শিক্ষণৰ প্ৰৱৰ্তক আছিল গেষ্টাল্ট মনোবিজ্ঞানী (Gestalt Psychologists) যেনে- কোহলাৰ (Köhler), কাফ্কা (Koffka) আৰু ৱাৰ্থিমাৰ (Wertheimer)। এই পদ্ধতিক সামগ্ৰিকতাবাদ শিক্ষণ পদ্ধতি বুলিও কোৱা হয়। এই তত্ত্ব মতে, শিক্ষণ হৈছে এক বৌদ্ধিক প্ৰক্ৰিয়া যি শিক্ষাৰ্থীৰ পৰ্যবেক্ষণ, বোধশক্তি আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ সৈতে জড়িত।
এই শিক্ষণত শিক্ষাৰ্থীয়ে সমস্যাটোৰ বিভিন্ন অংশসমূহ পৃথক পৃথকভাৱে নুবুজি, সামগ্ৰিক ৰূপত বোধ কৰিব লাগে। তেওঁ অংশসমূহক চিনাক্ত কৰি একত্ৰিত কৰাৰ প্ৰয়াস কৰি সংযোগ স্থাপন কৰিব লাগে। যেতিয়া তেওঁ সমস্যাটোৰ সম্পূৰ্ণ গাঁথনি বুজিবলৈ সক্ষম হয়, তেতিয়া সমাধানৰ ধাৰণাটো তেওঁৰ মনত হঠাতে আৰু স্পষ্টভাৱে উদয় হয়। এই “হঠাতে হোৱা উপলব্ধি”য়েই হৈছে অন্তৰ্দৰ্শন।
অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য (Educational Implications):
(ক) শিক্ষণৰ নীতি: ই “সমগ্ৰৰ পৰা অংশলৈ অগ্ৰসৰ হোৱা” মূলনীতিৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে, পাঠ্যক্ৰমৰ কোনো বিষয়ৰ সামগ্ৰিক ধাৰণাটো প্ৰথমে উপস্থাপন কৰা হয় আৰু তাৰ পাছতহে অংশসমূহ ব্যাখ্যা কৰা হয়।
(খ) বুদ্ধিমত্তা বিকাশ: এই পদ্ধতিত উচ্চস্তৰীয় বুদ্ধিমত্তা ব্যৱহৃত হয় বাবে ই বিশেষকৈ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী হয়।
(গ) জটিল বিষয়ৰ বাবে উপযোগী: জটিল বিষয়সমূহ (যেনে- গণিত, বিজ্ঞান, ব্যাকৰণ) বুজাৰ ক্ষেত্ৰত ই উপযোগী, কিয়নো ইয়াত যুক্তি আৰু বোধগম্যতাৰ প্ৰয়োজন হয়।
(ঘ) সৃজনশীলতাক উৎসাহ: ই সৃজনশীল আৰু গঠনাত্মক কামত সহায়কাৰী হোৱাৰ লগতে স্বতন্ত্ৰ গৱেষণা তথা পৰীক্ষণক উৎসাহিত কৰে।
(ঙ) আত্মনিৰ্ভৰশীলতা: এই পদ্ধতিয়ে শিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল আৰু সমস্যা সমাধানৰ বাবে নিজৰ বৌদ্ধিক শক্তিত আস্থাশীল কৰে।
৫। অনুবন্ধনৰ দ্বাৰা শিক্ষণ কাক বোলে? পেভলভৰ অনুবন্ধন প্ৰতিক্ৰিয়া তত্ত্বৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অনুবন্ধনৰ দ্বাৰা শিক্ষণ (Learning by Conditioning):
অনুবন্ধনৰ দ্বাৰা শিক্ষণ হৈছে সেই প্ৰক্ৰিয়া, য’ত কোনো এক স্বাভাৱিক প্ৰতিক্ৰিয়া (যেনে- খাদ্য দেখি লালটি ওলোৱা) ইয়াৰ স্বাভাৱিক উদ্দীপকৰ সলনি অন্য কোনো কৃত্ৰিম বা অস্বাভাৱিক উদ্দীপকৰ সৈতে সংযুক্ত বা অনুবন্ধিত হ’লে শিক্ষণ সম্পন্ন হয়। স্বাভাৱিক প্ৰতিক্ৰিয়াৰ বাবে শিক্ষণৰ প্ৰয়োজন নাই, সেয়েহে ই চৰ্তহীন। কিন্তু, এই প্ৰতিক্ৰিয়াক বহুবাৰ পুনৰাবৃত্তি কৰাৰ দ্বাৰা কৃত্ৰিম উদ্দীপকৰ প্ৰতি সঁহাৰি জনাবলৈ অনুবন্ধিত কৰিব পাৰি। এইদৰে জীৱৰ এটা নতুন আচৰণৰ সৃষ্টি কৰা যায় আৰু ইয়াকে ধ্ৰুপদী অনুবন্ধন বা “অনুবন্ধনৰ দ্বাৰা শিক্ষণ” বুলি কোৱা হয়।
পেভলভৰ অনুবন্ধন প্ৰতিক্ৰিয়া তত্ত্বৰ শৈক্ষিক তাৎপৰ্য:
(ক) অভ্যাস গঠন: এই পদ্ধতিৰ দ্বাৰা ল’ৰা-ছোৱালীবোৰে নিয়মানুৱৰ্তিতা, অনুশাসন, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ দৰে সু-অভ্যাসবোৰ গঠন কৰিব পাৰে, য’ত কোনো এক কৃত্ৰিম উদ্দীপক (যেনে- ঘণ্টা বা সংকেত) সু-অভ্যাসৰ সৈতে সংযুক্ত কৰা হয়।
(খ) বেয়া অভ্যাস দূৰ: অনুবন্ধনে অবাঞ্ছিত বা বেয়া অভ্যাসবোৰ আঁতৰ কৰাত সহায় কৰে (Dis-conditioning)।
(গ) প্ৰবলীকৰণৰ গুৰুত্ব: পুৰস্কাৰে শিক্ষাৰ্থীসকলক উন্নত প্ৰদৰ্শনৰ বাবে উৎসাহিত কৰে (ধনাত্মক প্ৰবলীকৰণ), আনহাতে শাস্তিয়ে নিৰুৎসাহিত কৰে। সেয়েহে, ধনাত্মক অনুবন্ধনৰ ব্যৱহাৰ কৰা উচিত।
(ঘ) পুনৰাবৃত্তিৰ ভূমিকা: এই পদ্ধতিত পুনৰাবৃত্তিৰ ওপৰত গুৰুত্ব দিয়া হয়, যিয়ে পঢ়া, লিখা আৰু বানান আদি শুদ্ধ কৰাত সহায় কৰে।
(ঙ) শৈশৱকালীন প্ৰশিক্ষণ: এই পদ্ধতিয়ে শৈশৱকালত শুদ্ধ তথা সঠিক প্ৰশিক্ষণ দিয়াত গুৰুত্ব প্ৰদান কৰে, কিয়নো এই সময়ত অনুবন্ধন সহজে হয়।
(চ) ভাষা বিকাশ: ই ভাষা সম্পর্কীয় বিকাশ আৰু নতুন শব্দৰ সৈতে সঠিক অৰ্থৰ অনুবন্ধন স্থাপনত সহায় কৰে।
৬। শিক্ষণৰ মূল নীতিসমূহ কি কি? এই নীতিসমূহ শ্ৰেণীকোঠাত কেনেকৈ ব্যৱহাৰ কৰা হয় আলোচনা কৰা।
উত্তৰঃ শিক্ষণৰ মূল নীতিসমূহ হৈছে এডৱাৰ্ড এল. থৰ্ণডাইকৰ দ্বাৰা প্ৰৱৰ্তন কৰা প্ৰধান শিক্ষণৰ তিনিটা নীতি (Primary Laws of Learning)।
শিক্ষণৰ মূল নীতিসমূহ:
(ক) প্ৰস্তুতিৰ নীতি (Law of Readiness):
নীতি: এই নীতি অনুসৰি, যদি এটা সংযোগে কাৰ্য কৰিবলৈ প্ৰস্তুত (Ready) হয়, তেতিয়া কাৰ্যটোৱে সন্তুষ্টি প্ৰদান কৰে; আৰু যদি প্ৰস্তুত নাথাকে, তেতিয়া বিৰক্তি দিয়ে।
তাৎপৰ্য: শিক্ষণত সন্তুষ্টি লভিবলৈ হ’লে শিক্ষাৰ্থীজন দৈহিক, মানসিক আৰু আৱেগিকভাৱে সাজু হ’বই লাগিব।
(খ) পৰিণাম বা ফলাফলৰ নীতি (Law of Effect):
নীতি: এই নীতি অনুসৰি, যেতিয়া উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত হোৱা সংযোগে এক সন্তোষজনক ফলাফল দিয়ে, তেতিয়া সংযোগৰ শক্তি বৃদ্ধি হয়; আৰু যেতিয়া ফলাফল অসন্তোষজনক হয়, তাৰ শক্তি হ্ৰাস পায়।
তাৎপৰ্য: এই নীতিয়ে শিক্ষণত সন্তুষ্টি আৰু অসন্তুষ্টিৰ (পুৰস্কাৰ আৰু শাস্তি) ভূমিকাৰ ওপৰত গুৰুত্ব দিয়ে।
(গ) অনুশীলনৰ নীতি (Law of Exercise):
নীতি: এই নীতি অনুসৰি, যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্বন্ধ সঘনাই স্থাপন কৰা হয় (ব্যৱহাৰ), তেতিয়া সংযোগ শক্তি বৃদ্ধি হয়; আৰু দীঘলীয়া সময় ধৰি স্থাপন নহ’লে (অব্যৱহাৰ), ই হ্ৰাস পায়।
তাৎপৰ্য: এই নীতিয়ে পুনৰাবৃত্তি আৰু অনুশীলনে শিক্ষণক অধিক স্থায়ী কৰি তোলে বুলি প্ৰমাণ কৰে।
শ্ৰেণীকোঠাত এই নীতিসমূহৰ ব্যৱহাৰ:
(১) প্ৰস্তুতিৰ নীতিৰ প্ৰয়োগ:
আগ্ৰহ সৃষ্টি: শিক্ষকে পাঠদান আৰম্ভ কৰাৰ পূৰ্বে আলোচনা, প্ৰশ্ন বা কৌতূহল সৃষ্টিৰ দ্বাৰা শিক্ষাৰ্থীৰ মনত আগ্ৰহ আৰু প্ৰেৰণাৰ সৃষ্টি কৰা উচিত।
পূৰ্বজ্ঞানৰ সংযোগ: নতুন বিষয় আৰম্ভ কৰাৰ আগতে পূৰ্বজ্ঞানৰ মূল্যায়ন কৰি শিক্ষাৰ্থীক মানসিকভাৱে সাজু কৰা উচিত।
(২) পৰিণামৰ নীতিৰ প্ৰয়োগ:
পুৰস্কাৰ আৰু প্ৰশংসা: শিক্ষক এজনে ভালদৰে শিকাৰ বাবে পুৰস্কাৰ, প্ৰশংসা আৰু স্বীকৃতি প্ৰদান কৰিব লাগে। এই ধনাত্মক ফলসমূহে শিক্ষণত উৎসাহ যোগায় আৰু সংযোগৰ শক্তি বৃদ্ধি কৰে।
ইতিবাচক পৰিৱেশ: শিক্ষকে সেইবোৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে যিবোৰে ছাত্ৰ-ছাত্ৰীক আনন্দ দিয়ে আৰু তেওঁলোকক অনুপ্ৰাণিত কৰে। অবাঞ্ছনীয় আচৰণৰ বাবেহে শাস্তিৰ ব্যৱহাৰ কৰা উচিত।
(৩) অনুশীলনৰ নীতিৰ প্ৰয়োগ:
পুনৰাবৃত্তি: শ্ৰেণীকোঠাত যেতিয়া এটা নতুন বিষয়বস্তু শিকোৱা হয়, তেতিয়া ইয়াক এবাৰ হ’লেও পুনৰাবৃত্তি কৰিব লাগে।
নিয়মিত হোমৱৰ্ক/অভ্যাস: শিক্ষাৰ্থীসকলক সময়ে সময়ে ইয়াৰ অনুশীলন (Homework, Classwork) কৰিব দিব লাগে। এই পদক্ষেপে শিক্ষণক দীর্ঘস্থায়ী কৰে।
কায়িক দক্ষতা: কায়িক দক্ষতা (যেনে- সাঁতোৰ, লিখা, অঙ্কন) পুনৰাবৃত্তিৰ জৰিয়তেহে বৃদ্ধি পায়।
অবাঞ্ছনীয় আচৰণ হ্ৰাস: ছাত্ৰ-ছাত্ৰীসকলৰ অবাঞ্ছনীয় আচৰণ পুনৰাবৃত্তি কৰিবলৈ অনুমতি প্ৰদান নকৰি সেইবোৰ দূৰ কৰিব পাৰি।
৭। অন্তর্দর্শন শিক্ষণ কেনেকৈ সম্ভৱ হয়? উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা।
উত্তৰঃ অন্তর্দর্শন শিক্ষণ পদ্ধতিৰ প্ৰৱৰ্তক আছিল কহলাৰ, কাফ্কা আৰু ৱাৰ্থিমাৰ নামৰ তিনিজন জার্মান মনোবিজ্ঞানী। এই পদ্ধতিক সামগ্রিকতাবাদ শিক্ষণ পদ্ধতি বুলিও কোৱা হয়।
এই মনোবিজ্ঞানীকেইজনে প্রতিষ্ঠা কৰা সামগ্রিকতাবাদ তত্ত্ব মতে শিক্ষণ হৈছে এক বৌদ্ধিক প্রক্রিয়া যি শিক্ষক তথা শিকাৰুৰ পৰ্যবেক্ষণ, বোধ শক্তি আৰু অন্তর্দর্শন ক্ষমতাৰ সৈতে জড়িত হৈ থাকে। ইয়াত শিক্ষার্থীয়ে শিক্ষণ সংঘটিত হ’বলৈ পৰিস্থিতি বা সমস্যা এটাৰ বিভিন্ন অংশসমূহ নিশ্চিতভাৱে সামগ্রিক ৰূপত বোধ কৰিব লাগিব। তেওঁ অংশসমূহক চিনাক্ত কৰি এইবোৰ একত্ৰিত কৰাৰ প্ৰয়াস কৰি সংযোগ স্থাপন কৰিব লাগিব। যেতিয়া তেওঁ এইটো কৰিবলৈ সক্ষম হ’ব তেতিয়া সমগ্ৰ পৰিস্থিতিটোত অন্তর্নিহিত হৈ থকা ধাৰণাসমূহ তেওঁৰ সন্মুখত স্পষ্ট হৈ পৰিব আৰু সমাধান পাই যাব।
এই তত্ত্বৰ প্রৱর্তক বিজ্ঞানীসকলে তেওঁলোকৰ তত্ত্বক পৰীক্ষণৰ দ্বাৰা প্ৰমাণ কৰিবলৈ এটা চিম্পাঞ্জীক পিঞ্জৰাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল আৰু পিঞ্জৰাটোৰ বাহিৰফালে খাদ্যবস্তু সিঁচৰতি কৰি ৰখা হৈছিল। চিম্পাঞ্জীটোৱে পিঞ্জৰাৰ ভিতৰৰ পৰা হাতেৰে খাদ্য ঢুকি পাবলৈ কৰা অসাৰ প্ৰয়াসৰ পিছত সি তাৰ চাৰিওফালে চাইছিল আৰু সি পিঞ্জৰাটোৰ ভিতৰত দুডাল কাঠী দেখা পাইছিল। তথাপি সি দুয়োডাল কাঠীৰ এডালেৰেও খাদ্যবস্তু ঢুকি পোৱা নাছিল। তাৰ পিছত সি উপলব্ধি কৰিছিল যে দুয়োডাল কাঠীক জোৰা দি এডাল দীঘল কাঠী কৰিব পৰা যায় যিডালেৰে খাদ্যখিনি ঢুকি পাব পৰা যায়।
এইদৰে চিম্পাঞ্জীটোৱে সমগ্ৰ পৰিস্থিতিটোৰ অংশসমূহ চিনাক্ত কৰি লৈ এইবোৰক একত্ৰিত কৰি আৰু এইবোৰৰ মাজত সহঃসম্বন্ধ স্থাপন কৰি সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছিল।
৮। থৰ্ণডাইকৰ শিক্ষণৰ নীতিসমূহ ব্যাখ্যা কৰা আৰু সিহঁতৰ শৈক্ষিক তাৎপর্য দেখুওৱা।
উত্তৰঃ ই এল. থর্ণডাইকে শিক্ষণৰ ওপৰত বহুতো পৰীক্ষা চলাইছিল আৰু এই পৰীক্ষাসমূহৰ
পৰা শিক্ষণৰ কিছুমান সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰি তেওঁ শিক্ষণৰ তিনিটা প্রধান নীতিৰ কথা উল্লেখ কৰিছিল। এই নীতিকেইটা হ’লঃ
(ক) প্রস্তুতিৰ নীতিঃ এই নীতি অনুসৰি, “যেতিয়া এটা সংযোগে কার্য কৰিবলৈ প্রস্তুত হয় তেতিয়া কার্যটোৱে সন্তুষ্টি প্রদান কৰে আৰু যেতিয়া প্রস্তুত নাথাকে তেতিয়া কার্যটোৱে বিৰক্তি দিয়ে।” এই নীতিয়ে ইয়াকে দেখুৱাই দিয়ে যে শিক্ষণত সন্তুষ্টি লভিবলৈ হ’লে শিক্ষার্থীজন দৈহিকভাৱে প্রস্তুত হ’বই লাগিব। যেতিয়া তেওঁ প্রস্তুত নাথাকিব আৰু তেওঁক বাধ্য কৰা হ’ব ই অসন্তুষ্টিজনক হ’ব আৰু শিক্ষণৰ কোনো ফল লাভ কৰিব পৰা নাযাব। তলত উল্লেখ কৰা ধৰণে শ্ৰেণীকোঠাত এই নীতিসমূহ প্রয়োগ কৰিব পৰা যায়ঃ
(১) পৰিণামৰ নীতিঃ শ্ৰেণীকোঠাত শিক্ষক এজনে ভালদৰে শিকাৰ বাবে পুৰস্কাৰ প্ৰদান কৰিব আৰু ভালদৰে নপঢ়া বা নিশিকাৰ বাবে শাস্তিৰ ভাবুকি প্রদান কৰিব পাৰে। ইয়াৰ ফলত শিক্ষার্থীসকলে অধ্যয়ন কৰিবলৈ অনুপ্রাণিত হ’ব। পুৰস্কাৰ, প্রশংসা আৰু স্বীকৃতিয়ে শিক্ষণত উৎসাহ-জন্মায়, সেয়ে শিক্ষকে এইকেইটা প্রয়োগ কৰা উচিত। অবাঞ্চনীয় আচৰণ নকৰালৈকে শাস্তি প্রদান কৰিব নালাগে। শিক্ষকে অনুকূল ফলাফল লাভ কৰিবলৈ সেইবোৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে যিবোৰে ছাত্র-ছাত্রীক আনন্দ দিয়ে আৰু অনুপ্রাণিত কৰে।
(২) অনুশীলনৰ নীতিঃ শ্ৰেণীকোঠাত যেতিয়া এটা নতুন বিষয়বস্তু শিকোৱা হয়, তেতিয়া ইয়াক এবাৰ হ’লেও পুনৰাবৃত্তি কৰিব লাগে আৰু তাৰ পিছত শিক্ষার্থীসকলক সময়ে সময়ে ইয়াৰ অনুশীলন কৰিব দিব লাগে। এই পদক্ষেপে শিক্ষণক দীর্ঘস্থায়ী কৰে। কায়িক দক্ষতাও পুনৰাবৃত্তিৰ জৰিয়তে বৃদ্ধি পায়। একেদৰে, ছাত্ৰ-ছাত্ৰীসকলৰ অবাঞ্চনীয় আচৰণ পুনৰাবৃত্তি কৰিবলৈ অনুমতি প্রদান নকৰি তেওঁলোকৰ এনে আচৰণ দূৰ কৰিব পাৰি।
(খ) পৰিণাম বা ফলাফলৰ নীতিঃ এই নীতি অনুসৰি, “যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশোধিত সংযোগ স্থাপন হয় আৰু তাৰ ফলাফল সন্তোষজনক হয়, তেতিয়া সেই সংযোগৰ শক্তি বৃদ্ধি হয় আৰু যেতিয়া পৰিণতি অসন্তোষজনক হয় তাৰ শক্তি হ্রাস পায়।” ইয়াৰ অৰ্থ হৈছে যেতিয়া উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত হোৱা সংযোগে এক সন্তুষ্টিজনক ফলাফল দিয়ে তেতিয়া সংযোগৰ শক্তি বৃদ্ধি হয় আৰু সফল শিক্ষণ সংঘটিত হয়। শিক্ষার্থীয়ে তেতিয়া এই সংযোগৰ পুনৰাবৃত্তি কৰিবলৈ অনুপ্রাণিত হয় আৰু শিক্ষণত উন্নতি সাধন হয়। কিন্তু, যদিহে ফলাফল অসন্তোষজনক হয় শিক্ষার্থীয়ে ইয়াৰ পুনৰাবৃত্তি কৰিবলৈ উৎসাহী হৈ নুঠে। সেয়েহে, পৰিণামৰ নীতিক সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি বুলিও কোৱা হয়।
(গ) অনুশীলনৰ নীতিঃ এই নীতি অনুসৰি, “যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশোধিত সম্বন্ধ স্থাপন কৰা হয়, তেতিয়া অন্যবোৰৰ অৱস্থা একেই থাকিলে সংযোগ শক্তি যথেষ্ট বৃদ্ধি হয় আৰু যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংশোধিত সম্বন্ধ দীর্ঘ সময় ধৰি স্থাপন নহয় তেতিয়াহ’লে সেই সংযোগ শক্তি হ্রাস পায়। “ইয়াৰ অৰ্থ হৈছে অনুশীলন আৰু পুনৰাবৃত্তিৰ দ্বাৰা পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ শক্তি বৃদ্ধি পায় আৰু পুনৰাবৃত্তিৰ অভাৱত ই হ্রাস পায়। অর্থাৎ, পুনৰাবৃত্তি আৰু অনুশীলনে শিক্ষণক অধিক দীর্ঘস্থায়ী কৰি তোলে আৰু পুনৰাবৃত্তিবা অনুশীলনৰ অভাৱ শিক্ষাৰ্থীৰ বাবে পাহৰি যোৱাৰ কাৰণ হ’ব পাৰে। এই নীতিক ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি বুলিও কোৱা হয়।
থর্ণডাইকৰ এই তিনিওটা শিক্ষণ নীতিৰে যথেষ্ট শৈক্ষিক তাৎপর্য আছে।
(ক) প্রস্তুতিৰ নীতিঃ পাঠ এটা শিকাবলৈ যাওঁতে শিক্ষকে শিক্ষার্থীসকল পাঠটো গ্রহণ কৰিবলৈ প্রস্তুত হয়নে নহয় সেই বিষয়ে জ্ঞাত হ’লেহে শিক্ষণ ফলপ্রসূ হয়। শিক্ষণ ফলপ্রসূ হ’বলৈ শিক্ষক আৰু শিক্ষার্থী উভয়ে শিক্ষণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্রস্তুত হ’ব লাগিব। প্রস্তুতি অবিহনে কোনো শিক্ষণ ফলৱর্তী নহয়।
(খ) ফলাফলৰ নীতিঃ শিক্ষণত ফলাফলৰ নীতিৰ গুৰুত্ব অধিক। শিক্ষকসকলে শ্রেণীত ভাল ফলাফল লাভ কৰা শিক্ষাৰ্থীক প্রশংসা বা পুৰষ্কাৰৰ দ্বাৰা উৎসাহী কৰিলে আগলৈ আৰু উন্নত ফলাফল প্ৰদৰ্শনৰ বাবে তেওঁলোক উৎসাহিত হয়। শাস্তি যথাসম্ভৱ পৰিহাৰ কৰিব লাগে যদিও নপঢ়া বা নিশিকাৰ বাবে শিক্ষকসকলে শিক্ষার্থীক শাস্তিৰ ভাবুকি প্রদান কৰিব পাৰে। ইয়াৰ ফলত শিক্ষার্থীসকলৰ অনাকাংক্ষিত আচৰণসমূহ দূৰ হয় আৰু অনুকূলীয় আচৰণবোৰ শক্তিশালী হয়।
(গ) অনুশীলনৰ নীতিঃ শ্ৰেণীকোঠাত অনুশীলনৰ নীতি অধিকভাৱে প্রয়োগ কৰিব পাৰি। ইয়াৰ দ্বাৰা শিক্ষার্থীসকলে পাঠ এটা স্পষ্টভাৱে বুজিব পাৰে আৰু ই শিক্ষার্থীসকলক তেওঁলোকে আহৰণ কৰা জ্ঞান দীর্ঘদিন ধৰি সজীৱ কৰি ৰখাত সহায় কৰে।
৯। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছেঃ
(ক) ই এক ক্রমাগত প্রক্রিয়া।
(খ) এই পদ্ধতি পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল।
(গ) ইয়াত প্ৰাৰম্ভিক অৱস্থাত ভুলৰ সংখ্যা আৰু সময়ৰ পৰিমাণ অধিক হয়, যি পৰৱৰ্তী প্রচেষ্টাত নিম্নগামী হয়।
(ঘ) চূড়ান্তভাৱে ভুল প্রচেষ্টাসমূহ ত্যাগ কৰি শুদ্ধ প্রচেষ্টাৰ দিশে গতি কৰা হয়।
(ঙ) ইয়াক অন্ধ যান্ত্রিক শিক্ষণ পদ্ধতি হিচাপে বর্ণনা কৰা হয়।
(চ) ই শিক্ষণৰ এটা সৰল পদ্ধতি। ইয়াত উচ্চ বৌদ্ধিক ক্ষমতা বা বিশেষ মানসিক ক্ষমতাৰ প্রয়োজন নহয়।
১০। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শৈক্ষিক অৱদান হৈছেঃ
(ক) এই শিক্ষণ পদ্ধতিয়ে শিক্ষার্থীসকলক নিজস্বভাৱে পুনঃ পুনঃ প্ৰচেষ্টাৰ দ্বাৰা বিভিন্ন বিষয় শিকিবলৈ সক্ষম কৰি তোলে।
(খ) ছাত্র-ছাত্রীসকলৰ মূলমন্ত্র হৈছে “পুনঃ পুনঃ চেষ্টা কৰা” বহুতো বিফল প্রয়াসৰ পিছতো ছাত্র-ছাত্রীসকলে পুনঃ পুনঃ প্রয়াস কৰি সফলতা অর্জন কৰিব পাৰে।
(গ) এই পদ্ধতিয়ে “ক্রিয়াৰ যোগেদি শিক্ষণ লাভ কৰা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অর্থাৎ ই অভিজ্ঞতাৰ দ্বাৰা শিকাত জোৰ দিয়ে, সেয়েহে ই হৈছে এক ব্যৱহাৰিক শিক্ষা।
(ঘ) এই পদ্ধতিৰ দ্বাৰা শিক্ষক আৰু শিক্ষার্থী উভয়ে ব্যৱহাৰিক জ্ঞানৰ দ্বাৰা অধিক অভিজ্ঞতা লাভ কৰে।
(ঙ) এই পদ্ধতিয়ে দৈনন্দিন জীৱনৰ সাধাৰণ সমস্যাসমূহ সমাধান কৰে।
(চ) এই পদ্ধতিৰ দ্বাৰা সু-অভ্যাস গঠন কৰাৰ লগতে কু-অভ্যাসবোৰ আঁতৰ কৰিব পাৰি।
(ছ) এই পদ্ধতিটো কম বুদ্ধিসম্পন্ন ল’ৰা-ছোৱালীৰ বাবে এটা উপযোগী শিক্ষণ পদ্ধতি।
(জ) এই পদ্ধতিত অধিক বৌদ্ধিক ক্ষমতাৰ প্রয়োজন নোহোৱা হেতুকে কুমলীয়া বয়সৰ ল’ৰা-ছোৱালীয়ে ইয়াৰ দ্বাৰা অধিক ভালকৈ শিকিব পাৰে।
১১। “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণ সংশোধন কৰা কাৰ্য।” বহলাই লিখা।
উত্তৰঃ “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্রশিক্ষণৰ দ্বাৰা আচৰণ সংশোধন কৰা কাৰ্য।”- এই উক্তিটো আগবঢ়াইছিল ই.এ. গেইটে। মানুহে নিজৰ স্বাভাৱিক প্রকৃতি বা প্রবৃত্তিসমূহৰ দ্বাৰা অবিৰতভাৱে চাৰিওফালৰ পৰিৱেশৰ প্রতি প্রতিক্রিয়া তথা সঁহাৰি প্ৰদৰ্শন কৰে, আৰু এইদৰে মানুহৰ আচৰণসমূহৰ সংশোধন হ’বলৈ ধৰে। এই সংশোধনেই হৈছে শিক্ষণ আৰু এইধৰণৰ সংশোধনৰ দ্বাৰাই মানুহে নতুন অভ্যাস, আচৰণ তথা ক্রিয়াকলাপ শিকে। মানুহে প্রতিদিনে নতুন পৰিস্থিতি তথা বিভিন্ন পৰিৱেশৰ সন্মুখীন হয় যিবোৰৰ সৈতে মানুহে নিজকে অহৰহভাৱে সমাযোজন কৰি ল’বলগীয়া হয়, যাৰ পৰিণামস্বৰূপেও মানুহৰ আচৰণবোৰ পৰিশোধিত হ’বলৈ ধৰে। মানুহে সদায় নতুন অভিজ্ঞতা তথা প্রশিক্ষণ আহৰণ কৰি থাকে যিয়ে তেওঁলোকৰ অমার্জিত সহজাত আচৰণবোৰ পৰিশোধিত কৰি থাকে। মানুহৰ অবিৰত পৰিৱৰ্তন তথা পুৰণি আচৰণৰ সংশোধনত শিক্ষণ প্রতিফলিত হয় আৰু এইদৰে এই প্ৰক্ৰিয়াটো সমগ্র জীৱনজুৰি চলি থাকে।
১২। চমুটোকা লিখা।
(ক) অনুবন্ধনৰ দ্বাৰা শিক্ষণ।
উত্তৰঃ অনুবন্ধনৰ দ্বাৰা শিক্ষণ হৈছে সেই প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো এক নিৰপেক্ষ উদ্দীপক (Neutral Stimulus) আৰু এটা স্বাভাৱিক উদ্দীপক (Natural Stimulus) ৰ মাজত সঘনাই সংযোগ স্থাপন কৰি এটা আচৰণ সৃষ্টি কৰা হয়। ইয়াৰ ফলত নিৰপেক্ষ উদ্দীপকটোৱে এক নিৰ্দিষ্ট সঁহাৰি সৃষ্টি কৰিবলৈ সক্ষম হয়। শিক্ষণৰ এই পদ্ধতি মূলতঃ দুটা প্ৰকাৰত বিভক্ত: ধ্ৰুপদী অনুবন্ধন (Classical Conditioning) (যেনে- পাভলভৰ পৰীক্ষা) আৰু কাৰ্য্যকৰী অনুবন্ধন (Operant Conditioning) (যেনে- স্কীনাৰৰ পৰীক্ষা)। এই শিক্ষণ পদ্ধতিয়ে আচৰণৰ পৰিৱৰ্তন, অভ্যাস গঠন আৰু আৱেগিক সঁহাৰিসমূহৰ বিকাশত গুৰুত্ব দিয়ে।
(খ) অন্তর্দর্শন শিক্ষণ পদ্ধতি।
উত্তৰঃ অন্তৰ্দৰ্শন শিক্ষণ হৈছে সেই পদ্ধতি, য’ত শিক্ষাৰ্থীয়ে (বা প্ৰাণীয়ে) কোনো সমস্যাৰ সমাধান হঠাতে আৰু সম্পূৰ্ণভাৱে বিচাৰি উলিয়ায়। ইয়াত শিক্ষাৰ্থীয়ে পৰীক্ষা আৰু ভুলৰ জৰিয়তে নহৈ, সমস্যাটোৰ সকলো অংশৰ মাজৰ সম্পৰ্ক আৰু সমগ্ৰ পৰিস্থিতিটো বুজি পোৱাৰ জৰিয়তে সমাধানলৈ আহে। গেষ্টাল্ট মনোবিজ্ঞানী (Gestalt Psychologists) যেনে- কোহলাৰে (Köhler) তেওঁৰ শিম্পাঞ্জীৰ ওপৰত কৰা পৰীক্ষাৰ জৰিয়তে এই তত্ত্ব প্ৰমাণ কৰিছিল। এই পদ্ধতিয়ে সমস্যা সমাধানৰ বাবে চিন্তা, বোধগম্যতা আৰু বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব দিয়ে।
(গ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ।
উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ হৈছে সেই শিক্ষণ পদ্ধতি, য’ত শিক্ষাৰ্থীয়ে (বা প্ৰাণীয়ে) কোনো সমস্যাৰ সমাধান নোপোৱালৈকে বাৰে বাৰে বিভিন্ন ধৰণেৰে চেষ্টা চলাই থাকে। এই প্ৰচেষ্টাসমূহৰ মাজত থকা ভুলসমূহ ক্ৰমান্বয়ে হ্ৰাস কৰি সঠিক সঁহাৰিটো বাছি লোৱা হয়। এডৱাৰ্ড এল. থৰ্ণডাইকে (E.L. Thorndike) তেওঁৰ মেকুৰীৰ ওপৰত কৰা পৰীক্ষাৰ দ্বাৰা এই তত্ত্বৰ প্ৰবৰ্তন কৰিছিল। এই শিক্ষণত উদ্যম (Striving), বাধা (Obstacles) আৰু সাফল্য (Success) এই তিনিটা উপাদান জড়িত হৈ থাকে। এই পদ্ধতিয়ে অভ্যাস গঠন আৰু দক্ষতা আহৰণত সহায় কৰে।
(ঘ) ফলাফলৰ নীতি।
উত্তৰঃ ফলাফলৰ নীতি হৈছে ই. এল. থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ তিনিটা প্ৰধান নীতিৰ ভিতৰত অন্যতম। এই নীতি অনুসৰি, যেতিয়া কোনো সঁহাৰিৰ ফলত শিক্ষাৰ্থী সন্তুষ্ট হয় বা এটা ধনাত্মক ফল লাভ কৰে, তেতিয়া সেই সঁহাৰিটো ভৱিষ্যতে পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ বিপৰীতে, যেতিয়া কোনো সঁহাৰিৰ ফলত শিক্ষাৰ্থী অসন্তুষ্ট হয় বা এটা ঋণাত্মক ফল লাভ কৰে, তেতিয়া সেই সঁহাৰিটো পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। এই নীতিয়ে শিক্ষণ প্ৰক্ৰিয়াত প্ৰবলীকৰণ (Reinforcement) আৰু শাস্তিৰ গুৰুত্বক আঙুলিয়াই দিয়ে।
(ঙ) প্ৰস্তুতিৰ নীতি।
উত্তৰঃ প্ৰস্তুতিৰ নীতিও থৰ্ণডাইকৰ শিক্ষণৰ তিনিটা প্ৰধান নীতিৰ ভিতৰত অন্যতম। এই নীতিয়ে বুজায় যে শিক্ষাৰ্থীয়ে যদি কিবা এটা শিকিবলৈ বা কিবা এটা ক্ৰিয়া কৰিবলৈ মানসিক, শাৰীৰিক আৰু আৱেগিকভাৱে সাজু থাকে, তেন্তে তেওঁৰ শিক্ষণ সন্তুষ্টিদায়ক হয়। ইয়াৰ বিপৰীতে, যদি শিক্ষাৰ্থী সাজু নোহোৱাকৈ কোনো ক্ৰিয়া কৰিবলৈ বাধ্য হয়, তেন্তে তেওঁৰ বিৰক্তি জন্মে। আকৌ, যদি শিক্ষাৰ্থী সাজু হৈও ক্ৰিয়া কৰিবলৈ দিয়া নহয়, তেতিয়াও তেওঁ অসন্তুষ্ট হয়। এই নীতিয়ে শিক্ষাদানৰ পূৰ্বে শিক্ষাৰ্থীৰ আগ্ৰহ আৰু প্ৰেৰণাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
(চ) অনুশীলনৰ নীতি।
উত্তৰঃ অনুশীলনৰ নীতিও ই. এল. থৰ্ণডাইকৰ শিক্ষণ নীতিসমূহৰ অন্যতম। এই নীতিয়ে কয় যে কোনো এটা সংযোগ বা সঁহাৰি যিমানেই বেছিকৈ ব্যৱহাৰ (Use) কৰা হয়, সিমানেই ই শক্তিশালী হয়; আৰু যিমানেই কম ব্যৱহাৰ (Disuse) কৰা হয়, সিমানেই ই দুৰ্বল হৈ যায়। এই নীতিৰ দুটা উপ-নীতি আছে: ব্যৱহাৰৰ নীতি (Law of Use) আৰু অব্যৱহাৰৰ নীতি (Law of Disuse)। এই নীতি অনুসৰি, শিক্ষণৰ বাবে পুনৰাবৃত্তি (Repetition) আৰু নিয়মিত অভ্যাস অপৰিহাৰ্য। এই নীতিয়ে দক্ষতা আহৰণ আৰু অভ্যাস গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১৩। তলত দিয়া উক্তিবোৰ সঁচা নে মিছা লিখা।
(ক) শিক্ষণ সমস্যা সমাধান কার্য।
উত্তৰঃ সঁচা
(খ) অন্তৰ্দৰ্শনৰ দ্বাৰা শিক্ষণ হৈছে শিক্ষণৰ এক যান্ত্রিক প্রক্রিয়া।
উত্তৰঃ মিছা
(গ) শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল নহয়।
উত্তৰঃ মিছা
(ঘ) অন্তৰ্দৰ্শন শিক্ষাৰ উচ্চ পদ্ধতি।
উত্তৰঃ সঁচা
(ঙ) শিক্ষণ এক জীৱনজোৰা প্রক্রিয়া।
উত্তৰঃ সঁচা
(চ) শিক্ষণ আচৰণৰ ভেটি।
উত্তৰঃ সঁচা
১৪। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰাঃ
(ক) প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি________ৰ দ্বাৰা সমর্থিত আছিল।
উত্তৰঃ এডৱার্ড লী থর্ণডাইক
(খ) গেষ্টাল্ট এটা________শব্দ।
উত্তৰঃ জার্মান
(গ) অনুশীলনৰ নীতি________ৰ দ্বাৰা প্ৰকাশিত হৈছিল।
উত্তৰঃ ই. এল. থর্ণডাইক
(ঘ) অভিজ্ঞতাৰ যোগেদি_______সংশোধনেই হৈছে শিক্ষণ।
উত্তৰঃ আচৰণ
(ঙ) __________শিক্ষণৰ অনুবন্ধন (মৌলিক) তত্ত্বৰ এজন প্রৱর্তক আছিল।
উত্তৰঃ আইভান পেভলভ।
দ্বাদশ শ্ৰেণী শিক্ষা অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



