Class 12 Geography Chapter 13 – ভূমি সম্পদ আৰু কৃষিকার্য – All Question Solutions | ASSEB (AHSEC) Assamese Medium
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১৩ – ভূমি সম্পদ আৰু কৃষিকার্যৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)
এই অধ্যায়ত ভূমি সম্পদৰ প্ৰকাৰ, ভূমিৰ মূল্যায়ন আৰু কৃষিক্ষেত্ৰত ভূমিৰ ব্যৱহাৰৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। ভূমি এক গুৰুত্বপূর্ণ প্ৰাকৃতিক সম্পদ হিচাপে বিবেচিত, যি কৃষিকাৰ্যৰ আধাৰ হ’ব লগা উপাদান। এই অধ্যায়ত অসমৰ ভূমি সম্পদৰ বৈশিষ্ট্য, ভূমিৰ ধাৰণ আৰু বিস্তাৰো বুজোৱা হৈছে।
✅ কি শিকিব:
- ভূমি সম্পদৰ সংজ্ঞা আৰু প্ৰকাৰসমূহ
- কৃষিক্ষেত্ৰত ভূমিৰ ভূমিকা
- ভূমি ব্যৱহাৰ আৰু পৰিচালন
- অসমত ভূমি সম্পদৰ বিৱৰণ আৰু সমস্যা
- ভূমি সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- ASSEB (AHSEC) পাঠ্যক্ৰমৰ সുത്തৰ আৰু বিস্তৃত সমাধান
- অধ্যায় ১৩ৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুস্পষ্ট ভাষাৰ ব্যৱহাৰ
- পৰীক্ষাৰ প্ৰস্তুতিক লৈ সহায়ক উদাহৰণ আৰু টিপচ
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Latest Syllabus)
Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!
গোট-৩
অধ্যায়-৩
ভূমি সম্পদ আৰু কৃষিকার্য
(Land Resources and Agriculture)
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
১। নিম্নোল্লিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ—
(i) তলৰ কোনটো ভূমি ব্যবহাৰৰ শ্ৰেণীভুক্ত নহয়?
(ক) পতিত ভূমি
(খ) প্রান্তীয় ভূমি
(গ) নিগুট কৃষি ভূমি
(ঘ) কৃষিযোগ্য পতিত ভূমি
উত্তৰঃ (খ) প্রান্তীয় ভূমি
(ii) তলত উল্লেখ কৰা কোনটো প্ৰধান কাৰণৰ বাবে যোৱা চল্লিশ বছৰত বনভূমিৰ অংশ বৃদ্ধি পাইছে?
(ক) বনানিকৰণৰ বিস্তৃত কাৰ্যসূচী ৰূপায়ণ
(খ) সামূহিক বন ভূমিৰ বৃদ্ধি
(গ) বনানি বৃদ্ধিৰ বাবে চৰকাৰী অধিসূচনা জাৰী
(ঘ) বনাঞ্চল পৰিচালনাৰ বাবে মানুহৰ সহযোগ
উত্তৰঃ (গ) বনানি বৃদ্ধিৰ বাবে চৰকাৰী অধিসূচনা জাৰী
(iii) তলত উল্লেখ কৰা কোনটো জলসিঞ্চিত ভূমিৰ অৱনমনৰ ৰূপ?
(ক) অৱনলিকা খনন
(খ) বায়বীয় খনন
(গ) মৃত্তিকাৰ লৱণীকৰণ
(ঘ) ভূমিৰ পলস জমাকৰণ
উত্তৰঃ (গ) মৃত্তিকাৰ লৱণীকৰণ
(iv) তলৰ কোনবিধ শস্য শুষ্ক কৃষিভূমিত উৎপন্ন কৰা নহয়?
(ক) ৰাগি
(খ) জোৱাৰ
(গ) বাদাম
(ঘ) কুঁহিয়াৰ
উত্তৰঃ (ঘ) কুঁহিয়াৰ
(v) তলত দিয়া দেশসমূহৰ কোনটো গোটত অধিক উৎপাদনক্ষম ঘেঁহু আৰু ধান বিকশিত হৈছিল?
(ক) জাপান আৰু অস্ট্রেলিয়া
(খ) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান
(গ) মেক্সিকো আৰু ফিলিপাইন
(ঘ) মেক্সিকো আৰু ছিংগাপুৰ
উত্তৰঃ (গ) মেক্সিকো আৰু ফিলিপাইন
২। তলত দিয়া প্রশ্নবোৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ—
(i) অকৃষিযোগ্য পতিত ভূমি আৰু কৃষিযোগ্য পতিত ভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ
অকৃষিযোগ্য পতিত ভূমি | কৃষিযোগ্য পতিত ভূমি |
|---|---|
(ক) অকৃষিযোগ্য পতিত ভূমিয়ে, সেইসমূহ ভূমিক বুজায়, যিবোৰত প্রযুক্তি বিদ্যাৰ প্ৰয়োগ কৰিও কৃষিকার্য কৰিব পৰা নাযায়। | (ক) কৃষিযোগ্য পতিত ভূমি হৈছে সেইসমূহ ভূমি, য’ত ৫ বছৰতকৈ অধিক সময় ধৰি কোনোধৰণৰ কৃষিকার্য কৰা নহয়। |
(খ) এনে প্ৰকাৰৰ ভূমি বিভিন্ন প্ৰকাৰৰ প্রাকৃতিক কাৰক বা ভূমি অৱক্ষয়ৰ ফলত বিনষ্ট হয়। উদাহৰণস্বৰূপেঃ খাদ, মৰুভূমি। | (খ) ভূমি পুনৰুদ্ধাৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে এনে ভূমি কৃষিকাৰ্যৰ বাবে উপযোগী কৰি তুলিব পাৰি। |
(ii) নিগুটি কৃষিভূমি আৰু মুঠ শস্যভূমিৰ মাজৰ পাৰ্থক্য নির্ণয় কৰিব পাৰিবানে?
উত্তৰঃ
নিগুটি কৃষিভূমি | মুঠ শস্যভূমি |
|---|---|
(ক) এক ভূমিক্ষেত্র, য’ত শস্য সিঁচি কৃষিকার্য কৰা হয়, তাক নিগুটি কৃষিভূমি বুলি জনা যায়। | (ক) যিবোৰ ভূমিত বছৰটোত এবাৰ দুবাৰ, বা একাধিক সময় কৃষিকার্য কৰা হয়, তাক মুঠ শস্যভূমি বুলি কোৱা হয়। |
(খ) একাধিক শস্যৰ খেতি কৰা নহয়। | (খ) একাধিক শস্যৰ খেতি কৰা হয়। |
(iii) ভাৰতৰ দৰে দেশত বর্ধিত কৃষি গাঢ়তাৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ বর্ধিত কৃষি গাঢ়তাৰ লক্ষ্য হ’ল এডৰা ভূমিত কৃষিকাৰ্যৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উৎপাদনৰ পৰিমাণো বৃদ্ধি কৰা। কৃষিকার্য সম্পাদন হৈ যোৱা ভূমিত পুনৰ কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধি কৰাটোৱেই হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য। ভাৰতৰ দৰে দেশসমূহত ভূমিৰ অভাৱ দেখা যায়, সেয়েহে বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ বাবে নতুন কৃষিভূমি বৃদ্ধি কৰাটো জটিল হৈ পৰে।
(iv) মুঠ কৃষি উপযোগী ভূমি কিদৰে পৰিমাপ কৰিবা?
উত্তৰঃ মুঠ কৃষি উপযোগী ভূমি হ’ল মুঠ কৃষিভূমি সম্পদৰ মজুতকৰণৰ এক আনুমানিক হিচাপ। নিগুটি কৃষিভূমি, সকলো পতিত ভূমি আৰু কৃষি উপযোগী পতিত ভূমিক একেলগে সামৰি লৈ মুঠ কৃষি উপযোগী ভূমি পৰিমাপ কৰিব পাৰি।
(v) শুষ্কভূমিৰ কৃষি আৰু আৰ্দ্ৰভূমিৰ কৃষিৰ মাজৰ পাৰ্থক্য কি?
উত্তৰঃ
শুষ্কভূমিৰ কৃষি | আর্দ্রভূমিৰ কৃষি |
|---|---|
(ক) ভাৰতবৰ্ষত, বার্ষিক ৭৫ ছেন্টিমিটাৰৰ তলত বৃষ্টিপাত হোৱা অঞ্চলবোৰত শুষ্কভূমিৰ কৃষি কৰা হয়। | (ক) বাৰিষা কালত প্রয়োজনীয় মুঠ আৰ্দ্ৰতাৰ তুলনাত বৰষুণৰ পৰিমাণ অধিক হয়। |
(খ) এইবোৰ অঞ্চলত ডাঠ আৰু শুকান শস্য, যেনেঃ ৰাগি, বজৰা, মুগ, বুট আৰু জোৱাৰ (খাদ্য শস্য)ৰ খেতি কৰা হয়। | (খ) এইবোৰ অঞ্চলত গভীৰ পানীৰ শস্য, যেনেঃ ধান, মৰাপাট আৰু কুঁহিয়াৰৰ খেতি কৰা হয়। |
(গ) এইবোৰ অঞ্চলত মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু বৰষুণৰ পানী সংগ্ৰহৰ ব্যৱস্থা কৰা হয়। | (গ) পানীৰ পৰিমাণ অধিক হোৱাৰ বাবে জলাকর্ষী শস্যসমূহৰ খেতি কৰা হয়। |
৩। তলত দিয়া প্রশ্নবোৰ ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ—
(i) ভাৰতবৰ্ষত ভূমি সম্পদৰ লগত জড়িত বিভিন্ন পাৰিবেশিক সমস্যাবোৰ কি কি?
উত্তৰঃ ভাৰতবৰ্ষত ভূমি সম্পদে একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত ইয়াৰ উৎপাদন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইয়াৰ কাৰণসমূহ পাৰিৱেশিক আৰু মানৱ সৃষ্ট (অবৈধ কাৰ্যকলাপ) উভয় ক্ষেত্ৰতে হ’ব পাৰে। প্ৰধান পাৰিৱেশিক সমস্যাসমূহ হ’ল:
(ক) অনিয়মিত মৌচুমীৰ ওপৰত নিৰ্ভৰশীলতা: ভাৰতৰ মুঠ কৃষিভূমিৰ মাত্ৰ এক তৃতীয়াংশতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। দেশৰ কৃষিভূমিৰ মূল অংশ এতিয়াও বৰষুণৰ ওপৰত নিৰ্ভৰশীল। বৃষ্টিবাহী দক্ষিণ-পশ্চিম মৌচুমীৰ আগমনৰ অনিয়মৰ ফলত নদী সংযোগৰ জলসিঞ্চন ব্যৱস্থাও সময়োচিত পানী যোগানৰ বাবে অনুকূল নহয়। আনহাতে, ৰাজস্থান আৰু অন্যান্য খৰাং প্ৰৱণ অঞ্চলত বৰষুণৰ পৰিমাণ তেনেই কম। আনকি অধিক বৃষ্টিপাত হোৱা অঞ্চলবোৰতো বৰষুণ যথেষ্ট অনিয়মিত। এনে কাৰণবোৰৰ বাবে খৰাং আৰু বানপানীৰ সৃষ্টি হয়। কম বৃষ্টিপাতৰ অঞ্চলসমূহত খৰাং অৱস্থাটো এক সাধাৰণ পৰিঘটনা, যিয়ে কেতিয়াবা আকস্মিক বানৰ (flash flood) সৃষ্টি কৰে। ২০০৬ আৰু ২০১৭ চনত মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানত হোৱা আকস্মিক বান এই পৰিঘটনাৰ উদাহৰণ। ভাৰতীয় কৃষিৰ বাবে খৰাং আৰু বানপানীয়ে দুটা গুৰুতৰ ভাবুকি হিচাপে থিয় দি আছে।
(খ) নিম্ন হাৰৰ উৎপাদন: ভাৰতৰ কৃষি পথাৰসমূহত প্ৰায় সকলো শস্যৰ উৎপাদনৰ হাৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ তুলনাত নিম্ন পৰ্যায়ৰ। ভাৰতত ধান, ঘেঁহু, কপাহ আৰু তৈলবীজসমূহৰ উৎপাদনৰ হাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া বা জাপানৰ তুলনাত বহু কম। ভূমি সম্পদৰ ওপৰত অতি উচ্চ হেঁচা আৰু কৰ্মৰত শ্ৰমিকসকলৰ সীমিত দক্ষতাৰ বাবে ভাৰতীয় কৃষিখণ্ড আন্তঃৰাষ্ট্ৰীয় স্তৰতকৈ অধিক নিম্ন মানৰ। দেশৰ বেছিভাগ বৰ্ষানিৰ্ভৰ এলেকাত, বিশেষকৈ শুষ্কভূমিত খাদ্য শস্য, মাহজাতীয় শস্য আৰু তৈলবীজ উৎপাদনৰ হাৰ নগণ্য বুলিব পাৰি।
(গ) কৃষিভূমিৰ অৱনমন: আসোঁৱাহপূৰ্ণ জলসিঞ্চন ব্যৱস্থাৰ ফল আৰু কৃষিভূমিৰ উপযুক্ত যত্নৰ অভাৱত ভাৰতৰ বিস্তীৰ্ণ কৃষিভূমিৰ কিছুমান বৃহৎ অঞ্চলত মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ লগতে এলানি নতুন সমস্যাৰ উদ্ভৱ হৈছে। ই এক গুৰুতৰ সমস্যা কিয়নো ই মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰে। এই অৱস্থাটো বিশেষকৈ জলসিঞ্চিত অঞ্চলত অধিক সংকটজনক হৈ পৰে। মাটিৰ ক্ষাৰীকৰণ আৰু লৱণীকৰণ (alkalinization and salinization) আৰু জলবদ্ধতাৰ বাবে বৃহৎ পৰিমাণৰ কৃষিভূমিৰ উৰ্বৰতা হ্ৰাস পাইছে। অত্যধিক ৰাসায়নিক পদাৰ্থ, যেনে: কীটনাশক আৰু ৰোগনাশক দ্ৰৱ্যৰ ব্যৱহাৰে ভূ-ভাগক বিষাক্ত পদাৰ্থৰে দূষিত কৰি তুলিছে। জলসিঞ্চন পুষ্ট কৃষিভূমিত পূৰ্বৰ মাহজাতীয় শস্যসমূহ আঁতৰাই কেৱল ধান বা ঘেঁহু খেতিৰ প্ৰচলন কৰা হয়, যাৰ ফলত একাধিক শস্য উৎপাদন কৰিব পৰা ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। ই নাইট্ৰ’জেন স্থিৰীকৰণৰ দৰে প্ৰাকৃতিক উৰ্বৰক প্ৰক্ৰিয়াসমূহ কমাইছে। আৰ্দ্ৰ আৰু অৰ্ধ-শুষ্ক ক্ৰান্তীয় বৰ্ষানিৰ্ভৰ অঞ্চলতো পানী আৰু বতাহৰ দ্বাৰা হোৱা ভূমি অৱক্ষয় কেতিয়াবা মানুহৰ কাৰ্যকলাপৰ দ্বাৰাও প্ৰভাৱিত হয়।
(ii) স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত কৃষি উন্নয়নৰ কাৰণে হাতত লোৱা গুৰুত্বপূৰ্ণ আঁচনিবোৰ কি কি আছিল?
উত্তৰঃ স্বাধীনতা লাভৰ পূৰ্বে ভাৰতীয় কৃষি অৰ্থনীতি অধিকভাৱে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। বিংশ শতিকাৰ প্ৰথমাৰ্ধত এই কৃষি প্ৰণালী সম্পূৰ্ণ অনিশ্চয়তাৰ মাজেৰে চলি আছিল আৰু এই সময়ছোৱাত খৰাং আৰু দুৰ্ভিক্ষৰ পৰিস্থিতি দেখা গৈছিল। দেশ বিভাজনৰ ফলত বিভাজনপূৰ্ব ভাৰতৰ এক তৃতীয়াংশ জলসিঞ্চন এলেকা পাকিস্তানৰ অধীনলৈ যায়, যাৰ ফলত স্বাধীন ভাৰতৰ জলসিঞ্চিত অংশৰ বৃহৎ হ্ৰাস হয়। স্বাধীনতাৰ পিছত, চৰকাৰৰ প্ৰধান লক্ষ্য আছিল খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰা। ইয়াৰ বাবে তলত দিয়া ধৰণে কৌশল গ্ৰহণ কৰা হৈছিল:
(ক) নগদী শস্যৰ পৰা খাদ্যশস্যলৈ ৰূপান্তৰণ (অধিক খাদ্যশস্য উৎপাদনৰ বাবে);
(খ) কৃষিকাৰ্য সমাপ্ত হোৱা ভূমিত পুনৰ শস্য উৎপাদন বৃদ্ধি কৰা; আৰু
(গ) কৃষি উপযোগী আৰু পতিত ভূমিত হাল বাই কৃষিৰ অধীনৰ এলেকা বৃদ্ধি কৰা।
প্ৰথম অৱস্থাত, এই কৌশলে খাদ্যশস্যৰ উৎপাদন বৃদ্ধিত সহায় কৰিছিল। কিন্তু ১৯৫০ চনৰ শেষৰফালে কৃষি উৎপাদন স্থবিৰ হৈ পৰিছিল। এই সমস্যা সমাধান কৰিবলৈ গহন কৃষি বিকাশ আঁচনি (IADP) আৰু গহন কৃষি এলেকা আঁচনি (IAAP) মুকলি কৰা হৈছিল। কিন্তু ১৯৬০ৰ মাজভাগত হোৱা দুটা খৰাং পৰিস্থিতিৰ ফলত দেশত খাদ্য শস্যৰ তীব্ৰ নাটনিৰ সৃষ্টি হৈছিল আৰু অন্য দেশৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিবলগা হৈছিল।
১৯৬০ৰ মাজভাগত উদ্ভাৱন কৰা ঘেঁহু (মেক্সিকো) আৰু ধানৰ (ফিলিপাইন) নতুন জাতক অধিক উৎপাদনক্ষম প্ৰজাতি (HYV) বুলি জনা গৈছিল। ভাৰতে এই ব্যৱস্থাটোৰ সুবিধা লৈ পঞ্জাব, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটত অধিক উৎপাদনক্ষম প্ৰজাতিৰ সৈতে ৰাসায়নিক সাৰৰ এক সংহত প্ৰযুক্তি (package technology) আৰম্ভ কৰা হৈছিল। কৃষিৰ এই নতুন প্ৰযুক্তিত জলসিঞ্চনৰ জৰিয়তে কৃষিভূমি আৰ্দ্ৰ কৰি লোৱাটো অতি আৱশ্যকীয়। কৃষি বিকাশৰ এই নতুন কৌশলে সমগ্ৰ কৃষিখণ্ডক প্ৰভাৱিত কৰি অতি দ্ৰুত হাৰত খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰিছিল। কৃষিখণ্ডৰ এই বিকাশক ‘সেউজ বিপ্লৱ’ বুলি জনা গৈছিল। ই অধিক কৃষি-মূলধন, কৃষিজাত দ্ৰব্যৰ উদ্যোগ আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশ সাধন কৰিছিল। এই কৌশলে দেশখনক খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিছিল। কিন্তু প্ৰথম অৱস্থাত সেউজ বিপ্লৱ কেৱল জলসিঞ্চিত অঞ্চলতহে আৱদ্ধ আছিল। ই ১৯৭০ৰ দশকলৈকে কৃষি বিকাশৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্যতাৰ সৃষ্টি কৰিছিল, তাৰ পিছত এই প্ৰযুক্তি দেশখনৰ পূব আৰু মধ্য অংশলৈ সম্প্ৰসাৰিত হৈছিল। ১৯৮০ৰ দশকত পৰিকল্পনা আয়োগে বৰ্ষানিৰ্ভৰ এলেকাৰ কৃষিকাৰ্যৰ সম্ভাৱ্য সমস্যাৱলীৰ ওপৰত গভীৰভাৱে মনোনিৱেশ কৰে। দেশজুৰি কৃষিকাৰ্যৰ উন্নয়নত ভাৰসাম্য প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮৮ চনত এই আয়োগে কৃষি জলবায়ু পৰিকল্পনা কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ দ্বাৰা আয়োগে জলবায়ুৰ লগত সংগতি ৰাখি বিভিন্ন অঞ্চলত শস্যৰ শ্ৰেণী পৰিৱৰ্তন কৰাৰ লগতে দুগ্ধ উৎপাদন, হাঁহ-কুকুৰা পালন, উদ্যান কৃষি, পশুপালন আৰু মীনপালন আদি কৃষিৰ আনুষঙ্গিক ক্ষেত্ৰসমূহ সম্প্ৰসাৰণ কৰাত গুৰুত্ব দিয়ে। ১৯৯০ চনৰ পিছৰ সময়ছোৱাত ভাৰতত মুক্ত অৰ্থনীতি আৰু উদাৰ বাণিজ্যিক নীতিয়ে খোপনি লোৱাৰ ফলস্বৰূপে দেশৰ কৃষিখণ্ডৰ ওপৰত নতুন প্ৰভাৱ আৰম্ভ হয়।
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১৩ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



