Class 12 Geography Chapter 16 – ভাৰতবৰ্ষৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন – All Question Solutions | ASSEB (AHSEC) Assamese Medium
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১৬ – ভাৰতবৰ্ষৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়নৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)
এই অধ্যায়ত ভাৰতৰ পৰিকল্পনা আৰু তাৰ বহনক্ষমতা আৰু উদীয়মান প্ৰযুক্তিৰ বিষয়ে বিশদ আলোচনা কৰা হৈছে। পৰিকল্পনাৰadequিত অধিগ্ৰহণ, সমন্বয়, আৰু আনুষ্ঠানিক উন্নয়ন কৌশলসমূহৰ সৈতে ভাৰতৰ বিকাশৰ দিশা, সামর্থ্য আৰু লক্ষ্যসমূহ বুজাইছে। এই অধ্যায়ে ভাৰতৰ বিভিন্ন দিশৰ উন্নয়ন নীতি আৰু পৰিকল্পনা পদ্ধতিৰ বাবে প্ৰয়োজনীয় দিশসমূহ ব্যাখ্যা কৰিছে।
✅ কি শিকিব:
- ভাৰতবৰ্ষত পৰিকল্পনাৰ পৰিমাণ, উদ্দেশ্য আৰু প্ৰক্ৰিয়া
- বহনক্ষম উন্নয়ন আৰু ইয়াৰ প্ৰয়োগ
- অর্থনৈতিক গতিশীলতা আৰু টেকসই উন্নয়ন নীতি
- ভাৰতৰ বিভিন্ন আঞ্চলিক আৰু কেন্দ্রীয় পৰিকল্পনা
- আধুনিক প্ৰযুক্তি আৰু টেকনোলজীভিত্তিক উন্নয়ন ধারণা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- ASSEB (AHSEC) পাঠ্যক্ৰমৰ সম্পূৰ্ণ আৰু দৃঢ় সমাধান
- অধ্যায় ১৬ৰ প্রশ্নৰ বিস্তাৰিত আৰু বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষা ও উপযুক্ত উদাহৰণ
- পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সহায়ক টিপচ আৰু সংশোধনী কাম
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Latest Syllabus)
Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!
অধ্যায়-৬
ভাৰতবৰ্ষৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
(Planning and sustainable development in Indian context)
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
১। নিম্নোল্লিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ—
(i) আঞ্চলিক পৰিকল্পনা জড়িত হৈ থাকেঃ
(ক) বিভিন্ন খণ্ডৰ অৰ্থনৈতিক বিকাশৰ সৈতে
(খ) অঞ্চল বিশেষে থকা উন্নয়ন ব্যৱস্থাৰ সৈতে
(গ) পৰিৱেশ প্ৰসাৰণত থকা আঞ্চলিক প্রভেদৰ সৈতে
(ঘ) গ্রাম্য অঞ্চলৰ উন্নয়নৰ সৈতে
উত্তৰঃ (খ) অঞ্চল বিশেষে থকা উন্নয়ন ব্যৱস্থাৰ সৈতে
(ii) নিম্নোল্লিখিত কোনটোৱে ITDPৰ অৰ্থ প্রকাশ কৰে?
(ক) সংহত পর্যটন উন্নয়ন কার্যসূচী
(খ) সংহত ভ্রমণ উন্নয়ন কার্যসূচী
(গ) সংহত জনজাতীয় উন্নয়ন কার্যসূচী
(ঘ) সংহত পৰিবহন উন্নয়ন কার্যসূচী
উত্তৰঃ (গ) সংহত জনজাতীয় উন্নয়ন কার্যসূচী
(iii) নিম্নোল্লিখিত কাৰকসমূহৰ ভিতৰত কোনটো কাৰক ইন্দিৰা গান্ধী খালৰ আধিপত্য অঞ্চলৰ বহনক্ষম উন্নয়নৰ বাবে অতি প্রয়োজনীয়?
(ক) কৃষিকার্যৰ বিকাশ
(খ) পৰিৱেশ বিকাশ
(গ) যাতায়াত উন্নয়ন
(ঘ) স্থলভাগৰ উপনিৱেশিকতা
উত্তৰঃ (খ) পৰিৱেশ বিকাশ
২। ৩০টা মান শব্দৰে নিম্নোল্লিখিত প্রশ্নবোৰৰ উত্তৰ লিখাঃ—
(i) ভৰমৌৰ জনজাতীয় অঞ্চলত সংহত জনজাতীয় উন্নয়ন প্রকল্প (ITDP)ৰ সামাজিক উপকাৰবোৰ কি কি?
উত্তৰঃ ভৰমৌৰৰ জনজাতীয় অঞ্চলত সংহত জনজাতীয় উন্নয়ন প্ৰকল্পৰ (ITDP) ফলস্বৰূপে হোৱা প্ৰধান সামাজিক সুফলসমূহ হ’ল: সাক্ষৰতাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱা, লিংগ অনুপাতৰ উন্নত হোৱা আৰু বাল্য বিবাহৰ প্ৰচলন নোহোৱা হোৱা। এই অঞ্চলত মহিলাৰ সাক্ষৰতাৰ হাৰ ১৯৭১ চনৰ ১.৮৮ শতাংশৰ পৰা ২০১১ চনত ৬৫ শতাংশলৈ বৃদ্ধি হয়, যাৰ ফলত পুৰুষ আৰু মহিলাৰ মাজৰ সাক্ষৰতাৰ স্তৰত থকা বৈষম্য যথেষ্ট হ্ৰাস পায়।
(ii) বহনক্ষম উন্নয়নৰ ধাৰণাটো বৰ্ণনা কৰা।
উত্তৰঃ বিশ্ব পৰিৱেশ আৰু উন্নয়ন আয়োগে (WCED) ১৯৮৭ চনত ‘আমাৰ উমৈহতীয়া ভৱিষ্যত’ নামৰ প্ৰতিবেদনত বহনক্ষম উন্নয়নক এনেদৰে সংজ্ঞায়িত কৰিছিল: “ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাক ক্ষতিগ্ৰস্ত নকৰাকৈ বৰ্তমানৰ অভাৱ পূৰণ কৰিব পৰা পৰ্যায়ৰ উন্নয়নেই হ’ল বহনক্ষম উন্নয়ন।” ই পাৰিপাৰ্শ্বিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাসমূহৰ সুস্থিৰ বিকাশ আৰু সম্পদৰ সংৰক্ষণৰ পোষকতা কৰে।
(iii) ইন্দিৰা গান্ধী খালৰ অধীনস্থ অঞ্চলত জলসিঞ্চনৰ ধনাত্মক প্ৰভাৱবোৰ কি কি?
উত্তৰঃ পূৰ্বৰ ‘ৰাজস্থান খাল’ নামৰ ইন্দিৰা গান্ধী খালৰ জলসিঞ্চন ব্যৱস্থাৰ ফলত এই অঞ্চলৰ কৃষিভিত্তিক অৰ্থনীতিত ইতিবাচক পৰিৱৰ্তন আহিছে। এই এলেকাত মাটি আৰ্দ্ৰ কৰি শস্য উৎপাদন কৰাত সফল হৈছে। খালৰ জলসিঞ্চনৰ বাবে খেতি কৰা মাটিৰ পৰিমাণ আৰু শস্যৰ নিবিড়তা বৃদ্ধি পাইছে। ইয়াৰ ফলত পৰম্পৰাগত শস্য যেনে: বুট, বজৰা আৰু জোৱাৰৰ সলনি ঘেঁহু, কপাহ, বাদাম আৰু ধানৰ খেতিয়ে প্ৰাধান্য লাভ কৰিছে।
৩। ১৫০টা মান শব্দৰে নিম্নোল্লিখিত প্রশ্নবোৰৰ উত্তৰ লিখাঃ
(i) খৰাংপ্ৰৱণ অঞ্চল উন্নয়ন আঁচনিৰ ওপৰত এটি চমুটোকা লিখা। ভাৰতবৰ্ষৰ শুষ্কভূমিৰ কৃষিকাৰ্যৰ বিকাশত এই আঁচনিবোৰে কিদৰে সহায় কৰিছে?
উত্তৰঃ খৰাংপ্ৰৱণ অঞ্চল উন্নয়ন আঁচনিখন (DPAP) চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত আৰম্ভ কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল খৰাং প্ৰৱণ অঞ্চলৰ লোকসকলক নিযুক্তি প্ৰদান কৰা আৰু উৎপাদনশীল সম্পত্তি সৃষ্টি কৰিবলৈ কাৰ্যসূচী হাতত লোৱা। আৰম্ভণিতে, এই আঁচনিয়ে শ্ৰমিক-নিবিড় অসামৰিক কাৰ্যৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিছিল। পিছলৈ ই জলসিঞ্চন প্ৰকল্প, ভূমি উন্নয়ন কাৰ্যসূচী, বনানিকৰণ, ঘাঁহনিৰ উন্নয়ন, আৰু গ্ৰাম্য মৌলিক আন্তঃগাঁথনি যেনে: বিদ্যুৎ, পথ, বজাৰ, ঋণ আৰু সেৱাৰ সৃষ্টি আৰু বিকাশৰ ওপৰত মনোনিৱেশ কৰে। বৰ্ধিত জনসংখ্যাৰ হেঁচাত সীমাৱদ্ধ ভূমিত কৃষিকাৰ্য কৰিবলগীয়া হোৱাৰ ফলত পাৰিস্থিতিক অৱনতি ঘটিছে, সেয়েহে খৰাংপ্ৰৱণ অঞ্চলসমূহত বিকল্প বৃত্তৰ সৃষ্টিৰ প্ৰয়োজন আহি পৰিছে।
ভাৰতবৰ্ষৰ খৰাং প্ৰৱণ অঞ্চলবোৰ ৰাজস্থান, গুজৰাট, পশ্চিম মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চল, অন্ধ্ৰপ্ৰদেশৰ ৰায়লসীমা আৰু তেলেংগানা মালভূমি, কৰ্ণাটক মালভূমি আৰু তামিলনাডুৰ উচ্চভূমি আৰু অন্তৰ্ৱতী অঞ্চলৰ অৰ্ধ-শুষ্ক আৰু শুষ্ক ক্ষেত্ৰলৈ বিস্তৃত। কিন্তু পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ ৰাজস্থানৰ খৰাং অঞ্চলত বিস্তৃত জলসিঞ্চন ব্যৱস্থাৰ বাবে সুৰক্ষিত হৈ আছে।
আঁচনিটোৰ লক্ষ্য বহনক্ষম উন্নয়ন আৰু পাৰিস্থিতিক ভাৰসাম্য প্ৰতিষ্ঠা কৰাৰ লগতে অঞ্চলসমূহত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা। এইসমূহৰ ফলস্বৰূপে শুষ্কভূমিৰ কৃষিকাৰ্যই বিকাশ লাভ কৰিছে। সংহত জলচ্ছেদ ব্যৱস্থাপনা (watershed management) আৰু অন্যান্য আঁচনি গ্ৰহণৰ ফলত উমৈহতীয়া সম্পদৰ ব্যৱহাৰ, যৌথ কৃষি আদিত অৰিহণা যোগাইছে, যাৰ জৰিয়তে কৃষিভূমিৰ আকাৰ আৰু উৎপাদন দুয়োটা বৃদ্ধি পাইছে। খৰাংপ্ৰৱণ অঞ্চল উন্নয়ন আঁচনিয়ে শুষ্কভূমিৰ অঞ্চলসমূহতো উপযুক্ত কৃষি প্ৰযুক্তিবিদ্যাৰ সুবিধা প্ৰদান কৰিছে আৰু সেয়েহে শুষ্কভূমিৰ কৃষি উৎপাদন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে।
(ii) ইন্দিৰা গান্ধী খালৰ অধীনস্থ অঞ্চলৰ বহনক্ষম উন্নয়নক উন্নত কৰা প্ৰচেষ্টাবোৰৰ বিষয়ে লিখা।
উত্তৰঃ ইন্দিৰা গান্ধী খাল প্ৰকল্পৰ পাৰিপাৰ্শ্বিক বহনক্ষমতা সন্দৰ্ভত ভালেমান পণ্ডিতে প্ৰশ্ন উত্থাপন কৰিছে। যোৱা চাৰিটা দশকত অঞ্চলটোৰ বিকাশৰ স্তৰৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশ অৱনমিত হোৱাৰ ধাৰণাটো যুক্তিযুক্ত বুলি বিবেচিত হৈছে। এই প্ৰকল্পই সামৰি লোৱা অঞ্চলটোৰ দীৰ্ঘম্যাদী উন্নয়নৰ বাবে প্ৰাকৃতিক ভাৰসাম্য অটুট ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যাৱশ্যক হৈ পৰিছে। সেয়েহে, পাৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত অধীনস্থ অঞ্চলটোৰ বহনক্ষম উন্নয়নৰ সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ উদ্দেশ্যে তলত দিয়া সাতটা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে:
(ক) প্ৰথমটো আৱশ্যকতা হ’ল কঠোৰ জল ব্যৱস্থাপনা নীতি ৰূপায়ণ কৰা। প্ৰথম স্তৰত, খাল প্ৰকল্পই সুৰক্ষিত জলসিঞ্চন পদ্ধতি অৱলম্বন কৰে আৰু দ্বিতীয় স্তৰত শস্য আৰু চৰণীয়া পথাৰৰ বিকাশৰ বাবে বিস্তৃত জলসিঞ্চন পদ্ধতি গ্ৰহণ কৰে।
(খ) শস্যৰ গাঁথনিত পানীৰ অধিক ব্যৱহাৰ কৰা শস্যক (Integrated Water Crop) অন্তৰ্ভুক্ত কৰিব নালাগে। জনসাধাৰণক ইয়াৰ পৰিণতি বুজাই দিয়াৰ লগতে টেঙা ফলৰ খেতিৰ দৰে ৰোপণ শস্য কৰিবলৈ উৎসাহ দিয়া প্ৰয়োজন।
(গ) অধীনস্থ অঞ্চলৰ উন্নয়ন আঁচনিসমূহ, যেনে: পানীৰ সোঁত বোৱাই নিয়া, কৃষিভূমিৰ বিকাশ আৰু সমতলকৰণ, আৰু ৱাৰাবন্দি প্ৰথা (পানীৰ সমান বিতৰণ নিশ্চিত কৰা) ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা উচিত।
(ঘ) পানী আৱদ্ধ হৈ থকা আৰু লৱণযুক্ত মাটিৰ অঞ্চলবোৰ পুনৰুদ্ধাৰত অগ্ৰাধিকাৰ দিয়া উচিত।
(ঙ) দ্বিতীয় স্তৰৰ ক্ষণস্থায়ী পৰিৱেশৰ বাবে বনানিকৰণ, বতাহৰোধী গছৰ জৰিয়তে পৰিৱেশ উন্নয়ন আৰু চৰণীয়া ভূমিৰ উন্নয়নৰ প্ৰয়োজন আছে।
(চ) এই অঞ্চল সামাজিকভাৱে বহনক্ষম তেতিয়াহে হ’ব, যেতিয়া নিজা মাটি থকা অথচ অৰ্থনৈতিকভাৱে পিছপৰা দৰিদ্ৰ কৃষকসকলক কৃষিকাৰ্য কৰিবলৈ পৰ্যাপ্ত বিত্তীয় আৰু আনুষ্ঠানিক সাহায্য প্ৰদান কৰা হয়।
(ছ) কেৱল কৃষিকাৰ্য আৰু পশুপালনৰ বিকাশেই অঞ্চলটোক অৰ্থনৈতিকভাৱে বহনক্ষম কৰি তুলিব নোৱাৰে। অৰ্থনীতিৰ আন খণ্ডসমূহৰ সৈতে কৃষি আৰু সংশ্লিষ্ট কাম-কাজবোৰৰ বিকাশ কৰাৰ প্ৰয়োজন আছে। ইয়াৰ দ্বাৰা বহুমুখী অৰ্থনীতিৰ ভেটি সুদৃঢ় হৈ উঠাৰ লগতে মূল গাঁও, কৃষি কেন্দ্ৰ আৰু বজাৰ কেন্দ্ৰবোৰৰ মাজত থকা যোগাযোগৰ ব্যৱস্থাসমূহ গঢ়ি উঠিব।
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১৬ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



