Class 12 Geography Chapter 22 – অৰ্থনীতিঃ কৃষি আৰু ঔদ্যোগিক উন্নয়ন – All Question Solutions | ASSEB (AHSEC) Assamese Medium
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২২ – অৰ্থনীতি: কৃষি আৰু ঔদ্যোগিক উন্নয়ন (গোট-৪) সম্পূৰ্ণ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)
এই অধ্যায়ত ভাৰতৰ অৰ্থনীতিৰ দুটা মুখ্য খণ্ড – কৃষি আৰু ঔদ্যোগিক উন্নয়নৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। ইয়াত ভাৰতৰ কৃষিকাৰ্য, শস্য উৎপাদন, কৃষি প্ৰৱন্ধ প্রযুক্তি, ঔদ্যোগিক ক্ষেত্ৰত উৎপাদন, শিল্পশালা, আৰু অৰ্থনৈতিক বিকাশৰ অন্তৰ্গত বিভিন্ন দিশ বুজোৱা হৈছে। বিশেষকৈ অসমৰ কৃষি আৰু ঔদ্যোগিক πাফলিকতা আৰু উন্নয়নৰ দিশত গুৰুত্ব দিয়া হৈছে।
✅ এই অধ্যায়ত কি শিকিব:
- অসম তথা ভাৰতৰ কৃষিকাৰ্যৰ গুরুত্ব আৰু ধৰণ
- শস্য উৎপাদনৰ ধৰণ আৰু কৃষি প্ৰযুক্তি
- ভাৰতৰ ঔদ্যোগিক বিকাশ আৰু শিল্পৰ প্ৰকাৰসমূহ
- অৰ্থনীতিত কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰৰ ভূমিকা
- অসমৰ অৰ্থনৈতিত কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰৰ অৱদান
🎯 অসম একেডেমীৰ সুবিধা:
- ASSEB (AHSEC) পাঠ্যক্ৰম অনুযায়ী সুস্পষ্ট আৰু সম্পূৰ্ণ সমাধান
- অধ্যায় ২২ৰ সকলো প্ৰশ্নৰ বুজিবলৈ সহজ উত্তৰ
- অসমীয়া ভাষাত স্পষ্ট আৰু সংক্ষিপ্ত ব্যাখ্যা
- পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আৰু উদাহৰণ
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Latest Syllabus)
Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!
গোট-৩
অর্থনীতি: কৃষি আৰু ঔদ্যোগিক উন্নয়ন
(Economy: Agriculture, and Industrial base and development)
বহু বৈকল্পিক প্রশ্নোত্তৰঃ
(i) অসমত ______টা তেল শোধনাগাৰ আছে।
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উত্তৰঃ (ঘ) ৪
(ii) অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি?
(ক) গুৱাহাটী
(খ) ডিগবৈ
(গ) নুমলীগড়
(ঘ) বঙাইগাঁও
উত্তৰঃ (খ) ডিগবৈ
(iii) অসমত কিমানখন চাহ বাগিছা আছে?
(ক) ২৫০
(খ) ৩৫০
(গ) ৫৫০
(ঘ) ৮৫০
উত্তৰঃ (ঘ) ৮৫০
(iv) চাহ উদ্যোগ হৈছে________।
(ক) শ্রম প্রধান
(খ) মূলধন নিবিড়
(গ) (ক) আৰু (খ) উভয়ে
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) শ্রম প্রধান
(v) নিম্নোল্লিখিতসমূহৰ কোনটো এবিধ নগদী শস্য?
(ক) ধান
(খ) ঘেঁহু
(গ) কণীধান বা বজৰা
(ঘ) কফি
উত্তৰঃ (ঘ) কফি
(vi) অসমত________নিযুত হেক্টৰ মাটিত ধান খেতি কৰা হয়।
(ক) ২.০০
(খ) ৫.০০
(গ) ৪.০০
(ঘ) ৩.০০
উত্তৰঃ (ক) ২.০০
(vii) অসমত সাধাৰণতে নিম্নোল্লিখিত কোনবিধ তৈলবীজৰ খেতি কৰা হয়?
(ক) এৰা গছ
(খ) তিচি
(গ) সৰিয়হ
(ঘ) তিল
উত্তৰঃ (গ) সৰিয়হ
(viii) ক’ত আৰু কেতিয়া প্রথমটো চাহ নিলাম কেন্দ্র স্থাপন কৰা হৈছিল?
(ক) ১৯৭০ চনত গুৱাহাটীত
(খ) ১৯৬০ চনত ডিব্ৰুগড়ত
(গ) ১৯৮০ চনত যোৰহাটত
(ঘ) ১৯৭০ চনত নলবাৰী
উত্তৰঃ (ক) ১৯৭০ চনত গুৱাহাটীত
অতি চমু প্রশ্নোত্তৰঃ
১। অসমৰ ধানৰ তিনিটা প্ৰকাৰৰ নাম লিখা।
উত্তৰঃ শালি, আহু আৰু বাও ধান।
২। অসমৰ ক’ত প্ৰধানকৈ মাকৈৰ খেতি কৰা হয়?
উত্তৰঃ অসমত প্রধানকৈ কার্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া জিলা দুখনত মাকৈৰ খেতি কৰা হয়।
৩। অসমৰ কণীধানৰ দুটা প্ৰকাৰৰ নাম লিখা।
উত্তৰঃ (ⅰ) জোৱাৰ (ii) বজৰা
৪। অসমৰ মুঠ কৃষিক্ষেত্ৰৰ কিমান অংশত চাহখেতি কৰা হয়?
উত্তৰঃ ২.৭ লাখ হেক্টৰ।
৫। বাণিজ্যিক উদ্দেশ্যৰে অসমৰ কোন দুখন জিলাত কঁঠাল উৎপাদন কৰা হয়?
উত্তৰঃ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত।
৬। ২০০০-২০০১ বৰ্ষৰ পৰিসংখ্যা অনুসৰি প্ৰতি হেক্টৰত চেনিৰ উৎপাদন কিমান আছিল?
উত্তৰঃ প্রতি হেক্টৰত ৩৬,৮৯৮ কিঃগ্রাঃ।
৭। অসমত কিমান পৰিমাণৰ ৰবৰ উৎপাদন হয়?
উত্তৰঃ অসমৰ ৯৮৮৫ হেক্টৰ মাটিত ১৯৭ টন ৰবৰ উৎপাদন হয়।
৮। অসমৰ যিকোনো চাৰিখন ব্যক্তিগত ৰবৰ বাগানৰ নাম লিখা।
উত্তৰঃ (i) বুঢ়াপাহাৰ (ii) বঙাগড়া
(iii) শ’লমাৰা (iv) বৰগাঁও
৯। অসমৰ শোধনাগাৰ চাৰিটাৰ নাম লিখা।
উত্তৰঃ (i) ডিগবৈ শোধনাগাৰ
(ii) নুনমাটি শোধনাগাৰ
(iii) নুমলীগড় শোধনাগাৰ
(iv) বঙাইগাঁও শোধনাগাৰ আৰু পেট্রো-ৰাসায়নিক প্রকল্প
১০। অসমৰ ক’ত গেছ ক্ৰেকাৰ প্ৰকল্প আছে?
উত্তৰঃ ডিব্ৰুগড় জিলাৰ টেঙাখাতত।
১১। বঙাইগাঁও শোধনাগাৰ আৰু পেট্রো-ৰাসায়নিক প্ৰকল্পৰ চাৰিটা গোটৰ নাম লিখা।
উত্তৰঃ বঙাইগাঁও শোধনাগাৰ আৰু পেট্রো-ৰাসায়নিক প্ৰকল্পৰ চাৰিটা গোট হ’লঃ
(i) খাৰুৱা তেল শোধন গোট
(ii) কেৰাচিন টেডিং গোট
(iii) বিলম্বিত কোকৰ গোট
(iv) কোক দন্ধীকৰণ গোট
১২। অসমৰ একমাত্র বৃহৎ ৰাজহুৱা খণ্ডৰ সাৰ প্ৰকল্পটোৰ নাম লিখা।
উত্তৰঃ ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ ক’ৰৰ্পোৰেচন লিমিটেড (BVFCL)।
চমু প্রশ্নোত্তৰঃ
১। অসমত কৃষিৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰঃ অসমত কৃষিয়ে গুরুত্ব লাভ কৰাৰ প্ৰধান কাৰণসমূহ হৈছেঃ
(i) ৰাজ্যখনৰ খাদ্যৰ প্ৰয়োজনীয়তাৰ অধিকাংশই কৃষিয়ে পূৰণ কৰে।
(ii) ই অসমৰ প্রায় ৬৫% শ্রমিক জনসংখ্যাক কর্মসংস্থাপন প্রদান কৰে।
(iii) কৃষিয়ে চাহ, মৰাপাট, চেনি, ধান, আটাৰ মিল আদিৰ দৰে স্থানীয় উদ্যোগসমূহক কেঁচা-মালৰ যোগান ধৰে।
(iv) ই ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰে।
২। ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ সমস্যাসমূহ কি কি?
উত্তৰঃ অঞ্চলটোৰ কৃষিক প্রভাৱিত কৰা আৰ্থ-সামাজিক কাৰকবোৰ হ’লঃ
(i) কৃষিভূমিৰ বিখণ্ডনঃ কৃষি ভূমিবোৰ উপ-বিভাজনৰ মাজেৰে পাৰ হৈ
আর্থিকভাৱে গুৰুত্বহীন ক্ষুদ্র ভূ-খণ্ডলৈ ৰূপান্তৰিত তথা বিখণ্ডিত হয়, যাৰ ফলত এইবোৰ আধুনিক যান্ত্রিক পদ্ধতিসমূহৰ বাবে অনুপোযুক্ত হৈ পৰাৰ লগতে যিকোনো গধুৰ পুঁজি নিৱেশৰ বাবে অযোগ্য হৈ পৰে।
(ii) পুৰণিকলীয়া পদ্ধতি আৰু সা-সঁজুলিঃ অসমৰ কৃষকসকলৰ মাজত বর্তমানেও পুৰণিকলীয়া কৃষি পদ্ধতি আৰু সা-সঁজুলিবোৰেই প্ৰচলিত হৈ আছে আৰু প্ৰায়বোৰ কৃষকে বলধ গৰৰ সহায়ত কাঠৰ নাঙলৰ দ্বাৰা কৃষিভূমি চহ কৰে।
(iii) অপর্যাপ্ত জলসিঞ্চনৰ সুবিধাঃ অসমত প্ৰধানকৈ ছয় মাহ, অর্থাৎ মে’ৰ পৰা অক্টোবৰলৈহে বৃষ্টিপাত হয়। শীতকালৰ দীঘলীয়া খৰাং পৰিস্থিতিৰ ফলত বাকী ছয়টা শুষ্ক মাহত অধিক পৰিমাণৰ শস্যৰ খেতি কৰিব পৰা নাযায়।
(iv) ভূ-খননঃ মানৱ বসতি, বাট-পথৰ নিৰ্মাণ, কাঠ আহৰণৰ বাবে ক্ৰমান্বয়ে বনাঞ্চলসমূহ ধ্বংস কৰাৰ লগতে অত্যধিক পশু চৰণৰ ফলত কৃষি ভূমি তথা বনাঞ্চলৰ আৱৰণ হ্রাস হোৱা।
৩। অসমৰ ফলমূল উৎপাদনৰ ওপৰত এটা চমুটোকা লিখা।
উত্তৰঃ কল হৈছে অসমৰ এবিধ গুৰুত্বপূৰ্ণ ফল। অসমত বহুতো প্ৰকাৰৰ কল পোৱা যায়। ইয়াৰ ভিতৰত “মালভোগ” হৈছে এবিধ দামী কলৰ প্ৰকাৰ। অসম তামোলৰ বাবে অতি বিখ্যাত। পাণ পাতৰ সৈতে তামোল খোৱাটোৱেই কেবল ইয়াৰ সাৰ্বজনীন ব্যৱহাৰ নহয় বৰঞ্চ বহুতো সামাজিক তথা পৰম্পৰাগত আচাৰ-অনুষ্ঠানতো ইয়াক ব্যৱহাৰ কৰা হয়। অসমত পৰম্পৰাগতভাৱে ধঁপাতৰ খেতি কৰা হয় যদিও ই অতি কম পৰিমাণে ঘৰুৱা ব্যৱহাৰৰ বাবেহে কৰা হয়।
৪। অসমত চাহ উদ্যোগৰ অৱদান সম্পর্কে লিখা।
উত্তৰঃ চাহ উৎপাদন হৈছে অসমৰ এক অন্যতম প্রধান উদ্যোগ। ই ৰাজ্যখনৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যখনৰ সমৃদ্ধি বহু পৰিমাণে চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। এই দুই শতিকাৰ পুৰণি উদ্যোগটোৰ বৰ্তমানৰ বাৰ্ষিক ব্যৱসায়িক লেনদেন মূল্য হৈছে প্রায় ৩০০০ কোটি টকা। ই ৰপ্তানি শুল্ক, আবকাৰী শুল্ক, আদি হিচাপে অসম চৰকাৰক’ কৰ পৰিশোধ কৰি উত্তম আয় প্রদান কৰে।
চাহ হৈছে এবিধ পৰম্পৰাগত ৰপ্তানি সামগ্রী আৰু সেয়েহে ইয়াক আটাইতকৈ গুৰুত্বপূর্ণ বৈদেশিক মুদ্রা উপাৰ্জনকাৰী হিচাপে গণ্য কৰা হয়।
৫। অসমৰ ক’ত প্রাকৃতিক গেছ পোৱা যায়?
উত্তৰঃ উত্তৰ-পূৱ ভাৰতত প্রধানকৈ অসম আৰু ত্ৰিপুৰাত প্রাকৃতিক গেছ পোৱা যায়। অসমত, উজনি ব্রহ্মহ্মপুত্র উপত্যকাৰ প্ৰায় সকলোবোৰ পেট্রোলিয়াম উৎপাদনকাৰী
অঞ্চল, বিশেষকৈ নাহৰকটীয়া, মৰাণ, লাকোৱা আৰু ৰুদ্রসাগৰত “সংলগ্ন প্রাকৃতিক গেছ” পোৱা যায়। আনহাতে, বৰাক উপত্যকাত শিলচৰৰ পৰা ৬০ কিঃমিঃ দূৰত থকা আদমটিলা গঠনত “মুক্ত প্রাকৃতিক গেছ” পোৱা যায়। ভাৰতীয় তেল নিগম আৰু অসম গেছ এজেঞ্চীয়ে ডিব্ৰুগড় জিলাত অৰুণাচলৰ সমীপত তেল আৰু গেছ ক্ষেত্ৰৰ আবিষ্কাৰ কৰিছে।
৬। অসমত খেতি কৰা ধানৰ জাত তিনিটা কি কি? ব্যাখ্যা কৰা।
উত্তৰঃ খেতি কৰা বতৰৰ ওপৰত নিৰ্ভৰ কৰি অসমত উৎপাদিত ধানক তিনিটা জাতত ভাগ কৰিব পাৰিঃ—
(i) শালি (ii) আহু আৰু (iii) বাও ধান
(i) মে’ মাহৰ শেষৰ পৰা ছেপ্টেম্বৰ মাহলৈকে গ্রীষ্মকালত শালি ধানৰ খেতি কৰা হয় আৰু নৱেম্বৰৰ শেষৰ পৰা জানুৱাৰীৰ আৰম্ভণিলৈকে চপোৱা হয়।
(ii) মার্চ আৰু এপ্রিল মাহত শুষ্ক পথাৰত আহু ধানৰ খেতি কৰা হয় আৰু গ্রীষ্মকালত চপোৱা হয়। এইজাত ধান অতি নিম্ন ভূমি অঞ্চল বা তুলনামূলকভাবে ওখ ঠাইত খেতি কৰা হয় য’ত আহু ধানৰ বাবে গ্রীষ্মকালতো পর্যাপ্ত পানী জমা নহয়।
(iii) বাওধান হৈছে মূলতঃ দীঘল কাণ্ডৰ ধানৰ জাত যি গভীৰ আৰু স্থবিৰ পানীতো দীর্ঘদিনলৈ থিয় দি থাকিব পাৰে। বসন্ত কালত মাটি শুকান হৈ থকাৰ সময়ত বীজ সিঁচা হয় আৰু শীতকালত চপোৱা হয়।
৭। নুমলীগড় শোধনাগাৰৰ ওপৰত এটা চমুটোকা লিখা।
উত্তৰঃ ৰাজ্যখনৰ চতুৰ্থটো শোধনাগাৰ হৈছে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ। এই শোধনাগাৰত শোধন কৰিবলৈ উজনি অসমৰ ভাৰতীয় তেল নিগম আৰু তেল আৰু প্রাকৃতিক গেছ নিগম উভয়ৰে তৈলক্ষেত্ৰসমূহৰ পৰা নমাই অনা হয়। ই হৈছে এটা অন্যতম অত্যাধুনিক শোধনাগাৰ আৰু ইয়াত খাৰুৱা তেল শোধন, ভেকুৱাম ডিষ্টিলেচন, ক’ক দন্ধীকৰণ, ছালফাৰ ৰিকোভাৰী গোট আদিৰ দৰে বিভিন্ন প্রচেছিং গোট আছে। এই শোধনাগাৰটোত ৰন্ধন গেছ, উচ্চ ক্ষমতাৰ ডিজেল, বিমানন টার্বো ইন্ধন, নেত্থা, কেৰাচিন আদি প্ৰস্তুত কৰা হয়।
৮। অসমৰ ৰেচম উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ৰেচম উৎপাদন হৈছে অসমৰ এটা পৰম্পৰা। অসমত তিনি প্ৰকাৰৰ ৰেচম সূতা, অর্থাৎ এৰী, মুগা আৰু পাট সূতাৰ উৎপাদন কৰা হয়।
পাট বা বিশুদ্ধ ৰেচম মূলতঃ অসমতে সীমাবদ্ধ। ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় ৰেচম
উৎপাদনৰ ১০% অসমে উৎপাদন কৰে। মুগাক সোণালী ৰেচম বুলি জনা যায় আৰু ই অসমতে প্রধানকৈ উৎপাদন হয়। অসমৰ শুৱালকুছি ৰেচম উদ্যোগৰ বাবে অতি বিখ্যাত। এৰী সাধাৰণতে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু কাৰ্বি আংলং তথা উত্তৰ কাছাৰ পাৰ্বত্য জিলাত উৎপাদিত হয়।
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২২ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



