Class 12 Political Science Chapter 8 – জাতি গঠনৰ প্ৰত্যাহ্বান – All Question Solutions | AHSEC Assam (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ অষ্টম অধ্যায় – জাতি গঠনৰ প্ৰত্যাহ্বানৰ সমস্ত অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত স্বাধীন-ত্তৰ ভাৰতৰ জাতি গঠন আৰু ইয়াৰন্মুখীন প্ৰত্যাহ্বানসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। ইয়াত জাতি গঠনৰ অৰ্থ, বিৱিধ জাতিগোটৰ সংঘাত, সাংস্কৃতিক, ধৰ্মীয় আৰু ভাষাগত প্ৰভেদসমূহ আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক সমস্যা বুজোৱা হৈছে। পাঠ্যখনে শিক্ষাৰ্থীক ভাৰতৰ বিৱিধ জাতিগোষ্ঠীৰ মাজত একতাৰ প্ৰয়োজন আৰু জাতিগত প্ৰত্যাহ্বানৰ প্ৰশমনলৈ গ্ৰহণ কৰা পদক্ষেপসমূহ বুজিবলৈ সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহত প্ৰতিটো প্ৰশ্নৰ বিশদ ব্যাখ্যা থাকে, যাৰ জৰিয়তে শিক্ষাৰ্থীবিলাকে বিষয়বস্তু সুগঠিতভাৱে বুজিবলৈ সক্ষম হয় আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিব পাৰে।
✅ কি শিকিব:
- জাতি গঠনৰ অৰ্থ আৰু প্ৰয়োজনীয়তা
- অসম, উত্তৰ-পূৱ ভাৰত আৰু ভাৰতৰ আন অঞ্চলসমূহৰ জাতিগত প্ৰত্যাহ্বানসমূহ
- ধৰ্ম, ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ দ্বাৰা সৃষ্ট জাতি সংঘাত
- জাতিগত সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ
- ভাৰতৰ ৰাজ্যিকতা আৰু জাতিগত একতাৰ গুৰুত্ব
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Class 12ৰ নতুন পাঠ্যক্ৰম অনুযায়ী সম্পূৰ্ণ সমাধান
- সহজ আৰু সুবোধ ভাষাত সুগঠিত উত্তৰ
- অসমীয়া মাধ্যমে শিক্ষাৰ্থীৰ বাবে অধিক সুবিধাজনক পাঠ্যসামগ্ৰী
- জাতিগত প্ৰত্যাহ্বানৰ প্ৰাকৃতিকতা আৰু প্ৰতিবিধানৰ বুজাবৰ সুবিধা
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12 Political Science, 2nd Year)
Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.
অধ্যায় – ১
জাতি গঠনৰ প্ৰত্যাহ্বান
(Challenges of Nation Building)
পাঠভিত্তিক প্রশ্নোত্তৰ
পাঠসংলগ্ন প্রশ্নোত্তৰ
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ২০)
মেপখন ভালকৈ নিৰীক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ
১। তলত দিয়া ৰাজ্যসমূহ কোনকেইখন পুৰণি ৰাজ্যৰ পৰা পৃথক কৰি আনি সৃষ্টি কৰা হৈছিলঃ
গুজৰাট, হাৰিয়ানা, মেঘালয়, ছত্তিছগড়
উত্তৰঃ গুজৰাট : বোম্বে প্রদেশ হাৰিয়ানা : পঞ্জাৱ
মেঘালয় : অসম ছত্তিছগড় : মধ্য প্রদেশ
২। ভাৰত বিভাজনে ক্ষতিগ্রস্ত কৰা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ পঞ্জাৱ আৰু বংগদেশ।
৩। এনে দুখন ৰাজ্যৰ নাম লিখা যি দুখন পূৰ্বতে কেন্দ্রীয়শাসিত অঞ্চল আছিল।
উত্তৰঃ গোৱা আৰু মেঘালয়।
পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ২৪-২৫)
১। দেশ বিভাজন বিষয়ক তলত দিয়া কোনটো ভাষ্য ভুল?
(ক) দেশ বিভাজন দ্বি-জাতিতত্ত্বৰ ফচল আছিল।
(খ) পঞ্জাব আৰু বংগদেশক ধৰ্মৰ ভিত্তিত ভাগ কৰা হৈছিল।
(গ) পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান সংলগ্ন হৈ থকা নাছিল।
(ঘ) দেশ বিভাজনৰ লগত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তর্ভুক্ত কৰা হৈছিল।
উত্তৰঃ (ঘ) দেশ বিভাজনৰ লগত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তর্ভুক্ত কৰা হৈছিল।
২। নিম্নলিখিত নীতিসমূহৰ লগত ঘটনাসমূহ সংযুক্ত কৰা:—
|
(ক) ধৰ্মৰ ভিত্তিত সীমা নির্ধাৰণ (খ) ভাষাৰ ওপৰত ভিত্তি কৰি সীমা নির্ধাৰণ (গ) ভৌগোলিক অৱস্থিতিৰ ওপৰত ভিত্তি কৰি দেশৰ ভিতৰতে সীমা অংকন কৰা (ঘ) ৰাজনৈতিক আৰু প্ৰশাসনীয় ভিত্তিত দেশৰ ভিতৰতে পৃথক সীমা অংকন কৰা |
১। ভাৰত আৰু বাংলাদেশ ২। ভাৰত আৰু পাকিস্তান ৩। ঝাৰখণ্ড আৰু ছত্তিছগড় ৪। হিমাচল প্রদেশ আৰু উত্তৰাখণ্ড |
|---|
উত্তৰঃ (ক) (২); (খ) (১); (গ) (৪); (ঘ) (৩)
৩। ৰাজ্যসমূহৰ নক্সাসহ বৰ্তমান ভাৰতৰ এখন ৰাজনৈতিক মানচিত্র অংকন কৰি তলত দিয়া দেশীয় ৰাজ্যসমূহৰ অৱস্থিতি দেখুওৱাঃ
(ক) জুনাগড় (খ) মণিপুৰ (গ) মহীশূৰ (ঘ) গোৱালিয়ৰ
উত্তৰঃ শিক্ষার্থীসকলে নিজে চেষ্টা কৰিব।
৪। তলৰ ভাষ্য দুটা মন দি পঢ়াঃ
বিস্ময় : “দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত চামিল হোৱাৰ লগে লগে গণতান্ত্রিক ব্যৱস্থা এই ৰাজ্যসমূহলৈ সম্প্রসাৰিত হয়”।
ইন্দ্রপ্রীত : “মই বিষয়টোত একমত নহয়, কাৰণ দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত চামিলকৰণৰ ক্ষেত্ৰত শক্তি প্রয়োগ কৰা হৈছিল আৰু গণতন্ত্র স্থাপন কৰা সম্ভব কেৱল সহমতৰ যোগেদিহে।
দেশীয় বাজ্যসমূহ ভাৰতীয় সংঘত চামিলকৰণ প্ৰক্ৰিয়া তথা এই বিষয়ত দেশীয় ৰাজ্যসমূহৰ জনগণৰ প্ৰতিক্রিয়া সন্দৰ্ভত তোমাৰ মতামত কি?
উত্তৰঃ মই প্রথমতে প্রকাশ কৰা মন্তব্যটোৰ সৈতে একমত। দেশীয় ৰাজ্যসমূহৰ জনসাধাৰণে তেওঁলোকৰ ৰাজ্যত গণতান্ত্রিক পদ্ধতি বিচাৰিছিল কিন্তু প্ৰায়বোৰ শাসকেই জনসাধাৰণক গণতান্ত্রিক শাসন প্রদান কৰিবলৈ অনিচ্ছুক হৈছিল কাৰণ এইটোৱে তেওঁলোকৰ ক্ষমতা হ্রাস কৰা সম্ভাৱনা আছিল। এই মানুহখিনিৰো ভাৰতবৰ্ষৰ বাকী জনসাধাৰণৰ দৰে গণতান্ত্রিক শাসন লাভ কৰাৰ অধিকাৰ আছিল। সেয়েহে, দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত চামিলকৰণৰ ক্ষেত্ৰত কিছু পৰিমাণে শক্তি প্রয়োগ কৰাটো উচিত আছিল কাৰণ শাসন আৰু প্ৰশাসনৰ বিষয়ত জনসাধাৰণৰ আগ্রহ বা স্বার্থইও গুৰুত্ব লাভ কৰে।
৫। ১৯৪৭ চনৰ ১৫ আগষ্টত গান্ধী আৰু নেহৰুৱে কোৱা তলৰ কথাখিনি মন দি পঢ়া—
“আজি তোমালোকে তোমালোকৰ শিৰত এটা কাঁইটৰ মুকুট ধাৰণ কৰিছা। ক্ষমতা অতি লেতেৰা
বস্তু। ক্ষমতাৰ চকীত বহিলে তুমি সদা-সতর্ক হৈ থাকিব লাগিব। তোমালোকে এতিয়া আৰু বেছি
বিনয়ী আৰু ধৈর্যশীল হ’ব লাগিব। এতিয়া তোমালোকে নিজকে পৰীক্ষা কৰি চোৱাৰ বাবে
কোনো শেষ উদ্দেশ্য নাথাকিব।” —মহাত্মা গান্ধী।
“ভাৰতে আজি এটা স্বাধীন জীৱন আৰম্ভ কৰিব। আমি পুৰণি ব্যৱস্থাটোৰ পৰা ওলাই আহি নতুন
ব্যৱস্থাটোত প্ৰৱেশ কৰিম। আজি আমাৰ দুর্ভাগ্যৰ অৱসান ঘটিব আৰু ভাৰতে নিজকে পুনবাৱিষ্কাৰ
কৰিব। আমি আজি যি সাফল্য উদ্যাপন কৰিছোঁ, সি প্রকৃততে সুযোগ-সুবিধাৰ দুৱাৰ মুকলি
কৰাব এক আৰম্ভণিহে” —জৱাহৰলাল নেহৰু।
ওপৰত উল্লেখ কৰা ভাষ্য দুটাৰ পৰা আমাৰ জাতি-গঠন প্ৰক্ৰিয়াৰ কাৰ্যসূচীৰ বিষয়ে ব্যাখ্যা কৰা। ওপৰৰ কোনটো ভাষ্যই তোমাক আকৰ্ষণ কৰে আৰু কিয়?
উত্তৰঃ মহাত্মা গান্ধীয়ে তেওঁৰ উদ্ধৃতিটোত জাতি-গঠন প্রক্রিয়াৰ সৈতে জড়িত হৈ থকা প্রতিবন্ধকতাসমূহৰ বিষয়ে কৈছে। তেওঁ আমাক অর্থাৎ ভাৰতীয় জনসাধাৰণক মনত পেলাই দিছে যে জাতি-গঠন প্রক্রিয়াৰ সৈতে দায়িত্ববোধৰো কথা আহি পৰে। তেওঁৰ দৃষ্টিভংগীত জাতি-গঠনব প্রক্রিয়াটো সহজ কাম নহয়। এই প্রক্রিয়াটোৰ সৈতে বহুতো সমস্যাৰ অভাবনীয়ৰূপে উদ্ভৱ হ’ব।
আনহাতে, পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতৰ সন্মুখত পৰি থকা বৃহৎ সুযোগৰ কথা কৈছে। তেওঁ তেওঁৰ সগোত্র দেশবাসীক দেশখনৰ গৌৰৱপূৰ্ণ অতীত আৰু আৰম্ভ হ’বলগীয়া উজ্জ্বল নতুন ভৱিষ্যতৰ বিষয়ে সোঁৱৰাই দিছে।
দুয়োটাৰ ভিতৰত মোক পণ্ডিত জৱাহৰলাল নেহৰুৰ মন্তব্যটোৱে আকর্ষণ কৰে কাৰণ মহাত্মা গান্ধীৰ ধাৰণাটো কিছু পৰিমাণে নিৰাশাবাদী আৰু নেতিবাচক হোৱাৰ বিপৰীতে পণ্ডিত নেহৰুৰ মন্তব্যটো আশাবাদী আৰু ইতিবাচক পৰিলক্ষিত হৈছে।
৬। নেহৰুৱে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ সপক্ষে কি কি যুক্তি আগবঢ়াইছিল? এই যুক্তিসমূহ কেবল নৈতিক আৰু আবেগ-সর্বস্ব আছিল বুলি তুমি ভাবানে? নে এই যুক্তিসমূহত কিছু বিজ্ঞতাও আছিল?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। তেওঁ এই নীতি বাছি ল’বলৈ বাধ্য কৰোৱা কাৰণসমূহ আছিল:
(১) সাম্প্রদায়িক সংঘৰ্ষৰ অভিজ্ঞতা: নেহৰুৱে দেশখনৰ বিভিন্ন অংশত হিন্দু-মুছলিমৰ ব্যাপক সংঘৰ্ষৰ দ্বাৰা সৃষ্টি হোৱা ভয়ানক ধ্বংসলীলা প্ৰত্যক্ষ কৰিছিল। ধৰ্মনিৰপেক্ষতাই এই সংঘাতসমূহ দূৰ কৰাত সহায় কৰিব পাৰে।
(২) ধৰ্মীয় বৈচিত্ৰ্য: ভাৰতত মুছলিম, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আদিৰ দৰে বহুতো ধৰ্মীয় গোষ্ঠী আছিল; গতিকে ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে অন্য ধৰ্মাৱলম্বী লোকসকল ভাৰতবিৰোধী হৈ পৰিব পাৰে। সকলোকে লগত লৈ যাবলৈ ধৰ্মনিৰপেক্ষতা অপৰিহাৰ্য আছিল।
(৩) সমাজবাদী চিন্তা: জৱাহৰলাল নেহৰু প্ৰধানতঃ এগৰাকী সমাজবাদী ব্যক্তি আছিল আৰু তেওঁৰ মুখ্য চিন্তাৰ বিষয় আছিল জনসাধাৰণৰ সামাজিক আৰু আৰ্থিক কল্যাণ। তেওঁ ব্যক্তিগত জীৱনত ধৰ্মক অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।
(৪) আধুনিক আৰু পশ্চিমীয়া শিক্ষাৰ প্ৰভাৱ: পশ্চিমীয়া শিক্ষাৰে শিক্ষিত নেহৰুক সমাজবাদী ধাৰণাই অধিক আকৰ্ষণ কৰিছিল। তেওঁ ভাৰতৰ বাবে এই নীতিকে আদৰ্শ আৰু বিজ্ঞানসন্মত নীতি বুলি ভাবিছিল।
মূল্যায়ন:
মই নাভাবো যে তেওঁৰ যুক্তিসমূহ কেৱল নৈতিক আৰু আৱেগ-সৰ্বস্ব আছিল। তেওঁৰ যুক্তিসমূহ সাধাৰণতে বিজ্ঞতাপূৰ্ণ আছিল, অৰ্থাৎ এইবোৰ প্ৰায়োগিক কাৰণ বা যুক্তিৰ (Pragmatic Reasons) ওপৰত প্ৰতিষ্ঠিত আছিল। প্রদত্ত পৰিস্থিতিত (বিভাজনৰ পিছত ব্যাপক ধৰ্মীয় সংঘাত আৰু দেশৰ বৃহৎ ধৰ্মীয় বৈচিত্ৰ্য) ধৰ্মীয় নিৰপেক্ষতা আছিল আটাইতকৈ কাৰ্যকৰী আৰু স্থিতিশীল বিকল্প। ধৰ্মনিৰপেক্ষতাৰ দ্বাৰাহে বিশাল বৈচিত্ৰ্যপূৰ্ণ এখন দেশৰ একতা বজাই ৰখা সম্ভৱ আছিল।
৭। স্বাধীনতাৰ সময়ত ভাৰতৰ পূব প্ৰান্তত জাতি গঠন প্রক্রিয়াই সম্মুখীন হোৱা প্রতিবন্ধকতাসমূহৰ লগত ভাৰতৰ পশ্চিম প্রান্তত জাতি গঠন প্রক্রিয়াই সম্মুখীন হোৱা অসুবিধাসমূহৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতৰ পূব আৰু পশ্চিম প্রান্তত জাতি গঠন প্রক্রিয়াই সম্মুখীন হোৱা প্রতিবন্ধকতাসমূহৰ মাজৰ দুটা প্রধান পার্থক্য আছিলঃ
(১) পূব প্রান্তত বহুতো জাতি-জনগোষ্ঠীয়, জনজাতীয়, ধর্মীয় সমষ্টিৰ লোকে বসবাস কৰিছিল কিন্তু পশ্চিম প্রান্ত ইয়াৰ বিপৰীত আছিল। এনেধৰণৰ পৰিস্থিতিত পূব প্রান্তত জাতি গঠন প্রক্রিয়া অধিক কষ্টসাধ্য হৈ উঠিছিল।
(২) ভাৰতৰ পূব প্রান্ত বহুতো ৰাজ্য আৰু প্ৰশাসনীয় মণ্ডলেৰে গঠিত আছিল, ইয়াৰ বিপৰীতে পশ্চিম প্রান্ত কেৱল কেইটামান প্রশাসনীয় মণ্ডলেৰে গঠিত আছিল। সেয়েহে, পূব প্রান্ততরৈ পশ্চিম প্রান্তৰ জাতি-গঠন প্রক্রিয়া বহু পৰিমাণে সহজসাধ্য আছিল।
৮। ৰাজ্য পুনৰগঠন আয়োগৰ দায়িত্ব কি আছিল? এই আয়োগৰ মুখ্য পৰামৰ্শটো কি আছিল?
উত্তৰঃ ১৯৪৭ চনৰ আগষ্ট মাহৰ স্বাধীনতাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সন্মুখীন হোৱা তৃতীয় গুৰুত্বপূর্ণ
সমস্যাটো আছিল ৰাজ্যসমূহৰ পুনৰগঠন। ভাৰতৰ জাতীয় আন্দোলনৰ নেতাসকলে স্বাধীন ভাৰতঃ ভাষিক-নীতিৰ ভিত্তিত ৰাজ্যসমূহৰ গঠনৰ প্রতিশ্রুতি প্রদান কৰিছিল, কিন্তু স্বাধীনতা, আৰু দেশ বিভাজনৰ দুৰ্দশাৰ পিছত এই ভাব-ধাৰণাসমূহ পৰিৱৰ্তন হ’বলৈ আৰম্ভ হৈছিল। বহুতো নেতাই ভাষাৰ ভিত্তিত বাজ্যসমূহক বিচ্ছিন্ন কৰি পুনৰগঠন কৰাটোৱে পিছলৈ দেশখনত হিংসা আর ৰক্তপাতৰ সূত্রপাত ঘটাব পাৰে বুলি অনুভৱ কৰিছিল। সেয়েহে কেন্দ্রীয় নেতৃত্বই ৰাজ্য পুনৰগঠনৰ বিষয়টো স্থগিত ৰাখিবলৈ সিদ্ধান্ত লৈছিল। তেওঁলোকে অনুভৱ কৰিছিল যে দেশীয় ৰাজ্যসমূহৰ সমস্যাসমূহ সম্পূর্ণরূপে সমাধান হোৱাৰ পিছতহে ৰাজ্যসমূহৰ পুনৰগঠন বিষয়টো উত্থাপন করা হ’ব। যিয়েই নহওঁক, পট্টি শ্ৰীৰামুলুৰ দ্বাৰা পৰিচালিত জনপ্রিয় আন্দোলনৰ ফলস্বৰূপে ১৯৫৩ চনত অন্ধ্র প্রদেশ ৰাজ্যৰ গঠনে ১৯৫৩ চনত ৰাজ্য পুনৰগঠন আয়োগৰ প্ৰতিষ্ঠাৰ পথ প্রশস্ত কৰিছিল। এই আয়োগৰ মুখ্য কাম আছিল ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্রশ্নসমূহৰ মীমাংসা কৰা। এই আয়োগৰ পৰামৰ্শৰ ভিত্তিতে ১৯৫৬ চনত ৰাজ্য পুনৰগঠন আইনখন প্রণয়ন কৰি ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চলৰ সৃষ্টি কৰা হৈছিল। এই আয়োগৰ মুখ্য পৰামৰ্শটো আছিল যে ভাষা আৰু সংস্কৃতিৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰগঠন হ’ব লাগে।
৯। জাতি বুলিলে বহুলাংশে এক “কল্পনাপ্রসূত সম্প্রদায় “ক বুজায়-যি এক সামুহিক ইতিহাস, বিশ্বাস তথা ৰাজনৈতিক আশা-আকাংক্ষাৰ দ্বাৰা ঐক্যবদ্ধ হৈ থাকে। ভাৰতক জাতি হিচাপে প্রতিষ্ঠা কৰা বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ জাতি হৈছে সংস্কৃতি, পৰম্পৰা, ইতিহাস তথা ৰাজনৈতিক আশা-আকাংক্ষা আদিৰ দৰে নির্দিষ্ট কিছুমান উমৈহতীয়া বান্ধোনেৰে ঐক্যবদ্ধ হৈ থকা এক বৃহৎ লোকৰ সমষ্টি যিয়ে এটা একত্বন অনুভূতি উদ্ভূত কৰে। এইফালৰ পৰা ভাৰতক নিশ্চিতভাবে এটা জাতি বুলি অভিহিত কৰিব্ব পাৰি।
(১) বৈচিত্র্যৰ মাজত ঐক্য: ভাৰতৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যটো হৈছে ইয়াৰ বিচিত্ৰতা। ভাৰত এখন ধৰ্ম, ৰীতি-নীতি পৰম্পৰা, জীৱন ধাৰণৰ প্ৰক্ৰিয়া আদি প্ৰায় সকলোবোৰ ক্ষেত্রতে অত্যধিক বৈচিত্র্য পৰিলক্ষিত হোৱা দেশ। ইয়াৰ লোকসকলে বিভিন্ন ধর্ম অনুসৰণ কৰে, বিভিন্ন ধৰণৰ সাজ-পোছাক পৰিধান কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰীতি-নীতি পালন কৰে। এই সকলোবোৰতে বৈচিত্র্য থকাৰ পিছতো ইয়াৰ জনসাধাৰণৰ মাজত একত্বৰ বান্ধোন পৰিলক্ষিত হয়। এনে ধৰণৰ একতা দেখা গৈছিল ১৯৬৫,১৯৭১ আৰু ১৯৯৯ চনত যেতিয়া আমাৰ দেশখনক চুবুৰীয়া দেশে আক্রমণ কৰিছিল।
(২) উমৈহতীয়া অতীত বুৰঞ্জীঃ ইয়াৰ জনসাধাৰণে নিজৰ অতীত বুৰঞ্জীক লৈ গৌৰাবান্বিত। দেশৰ স্বাধীনতা সংগ্ৰামক জাতীয় আন্দোলন। হচাপে অভিহিত কৰা হৈছে। মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্র জাতিটোবে দেশৰ স্বাধীনতা সংগ্ৰামত অংশ গ্রহণ কৰিছিল। ৰাণী লক্ষ্মীবাই, ভগত সিং, সুভাষ চন্দ্র বসু, মহাত্মা গান্ধী আদিৰ দৰে জাতীয় নেতাসকলক দেশৰ প্রতিজন লোকেই ভাল পায় আৰু প্রশংসা কৰে।
(৩) ধৰ্মনিৰপেক্ষতা: এই দেশৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি ৰখা অন্য এক বান্ধোন হৈছে
ধৰ্মনিৰপেক্ষতাৰ মনোভাৱ। ভাৰত হৈছে বহু ধৰ্মৰ দেশ। ইয়াত কোনো বাষ্ট্রীয় ধর্ম নাই। ইয়াত কোনো নির্দিষ্ট ধর্মক অত্যধিক গুৰুত্ব আৰোপ কৰা নহয়। ভাৰতক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত ধৰ্মনিৰপেক্ষতা হৈছে এটা অন্যতম স্তম্ভ।
(৪) সার্বভৌম ৰাষ্ট্র: বর্তমান ভাৰত এখন সার্বভৌম স্বাধীন বাষ্ট্র। আমি কাৰো তলতীয়া নহয়। ভাৰতে ইয়াৰ নিজস্ব বৈদেশিক নীতি পালন কৰে।
(৫) গণতন্ত্র: বর্তমান ভাৰতক বিশ্বৰ এখন বৃহৎ গণতান্ত্রিক দেশ হিচাপে গণ্য কৰা হয়। ভাৰতে কেন্দ্ৰীয় মন্ত্রী-পৰিষদ, নির্বাচিত সদন, নির্বাচন, ৰাজনৈতিক প্রতিযোগিতা, লিখিত সংবিধান, স্বতন্ত্র আইন ব্যৱস্থা আদিৰ দৰে গণতান্ত্রিক পদ্ধতিসমূহ অনুসৰণ কৰে। এইসকলোবোৰ বৈশিষ্ট্যই ভাৰতক এটা জাতি বা এখন ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে।
১০। তলৰ দফাটো মন দি পঢ়ি প্রশ্নসমূহৰ উত্তৰ উলিয়াবৰ চেষ্টা কৰাঃ
“জাতি গঠনৰ ইতিহাসত কেৱল ছোভিয়েট ৰাছিয়াৰ লগতহে ভাৰতৰ জাতি গঠন প্ৰক্ৰিয়াৰ মিল থকা দেখা যায়। ছোভিয়েট বাছিয়াতো বিভিন্ন জনগোষ্ঠীয়, ধর্মীয় আৰু বিভিন্ন সামাজিক শ্রেণীত বিভক্ত জনসাধাৰণৰ মাজত এক তীব্র ঐক্যবোধ সৃষ্টি কৰা হৈছিল। ভৌগোলিক আকাৰ আৰু জনসংখ্যাৰ পৰিমাণ তুলনামূলকভাবে যথেষ্ট বেছি আছিল। ৰাষ্ট্ৰই যিসমূহ গাঁথনিৰ জৰিয়তে কাম কৰিবলগীয়া হৈছিল সেইবোৰো বৰ সঠিক নাছিল; জনসাধাৰণো কিছুমান বিশ্বাসক কেন্দ্ৰ কৰি বহুবিভক্ত হৈ আছিল। ইয়াৰোপৰি সমাজখন ঋণী আৰু ৰোগগ্রস্ত আছিল।” — ৰামচন্দ্র গুহ।
(ক) লেখকে ভাৰতৰ আৰু ৰাছিয়াৰ মাজত দেখা পোৱা সাদৃশ্যখিনি লিখি উলিওৱা আৰু ভাৰতত দেখা সাদৃশ্যসমূহৰ এটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ ভাৰত আৰু ছোভিয়েট বাছিয়া উভয়ৰে মাজত বহুতো উমৈহতীয়া বৈশিষ্ট্য দেখা যায়। দুয়োখন দেশতে বহুতো জনগোষ্ঠী, ধর্মীয় গোট, ভাষা আদি আছে। দুয়োখন দেশবে সমাজ ব্যৱস্থা বিভিন্ন সামাজিক গোট আৰু উপগোটত বিভক্ত।
(খ) লেখকে ভাৰত আৰু ৰাছিয়াৰ জাতি গঠন প্ৰক্ৰিয়াৰ সাদৃশ্যৰ বিষয়ে উল্লেখ কৰিলেও কোনো বৈসাদৃশ্যৰ বিষয়ে উল্লেখ করা নাছিল। তুমি দুটা বৈসাদৃশ্যৰ বিষয়ে ক’ব পাৰিবানে?
উত্তৰঃ দুয়োটা আৰ্হিৰ মাজৰ দুটা বৈসাদৃশ্য হৈছে:
(১) ছোভিয়েট বাছিয়াই সাম্যবাদী চৰকাৰৰ আৰ্হি অনুসৰণ কৰে, কিন্তু ভাৰতে গণতান্ত্রিক পদ্ধতিৰ চৰকাৰৰ আৰ্হি অনুসৰণ কৰে।
(২) পূৰ্বৰ ছোভিয়েট ৰাছিয়াত জনসাধাৰণে বহুতো অধিকাৰ ভোগ কৰিব পৰা নাছিল; ইয়াৰ বিপৰীতে ভারতীয়সকলে ভাৰতত প্রয়োজনীয় সকলোবোৰ অধিকাৰ ভোগ কৰি আহিছে।
(গ) এই দুয়োটা আৰ্হিৰ কোনটো বেছি কাৰ্যকৰী আছিল আৰু কিয়?
উত্তৰঃ যদি আমি ছোভিয়েট বাছিয়াৰ আৰু ভাৰতৰ ৰাজনৈতিক গঠনলৈ চাওঁ তেন্তে ভাৰতৰ ৰাজনৈতিক গঠনৰ আৰ্হিক অধিক কার্যকৰী হোৱা প্রত্যক্ষ কৰোঁ। ১৯৯০ চনত “ছোভিয়েট সংঘ” বুলি কোৱা সু-প্রতিষ্ঠিত ৰাজনৈতিক অস্তিত্বৰ বিখণ্ডন তথা পতন হৈছিল। কিন্তু ভাৰতৰ ৰাজনৈতিক ব্যবস্থা এতিয়াও কোনো বৃহৎ সমস্যা নোহোৱাকৈ শক্তিশালী আৰু মজবুত হৈ আছে। ছোভিয়েট ৰাছিয়াৰ দৰে ভাৰতত কেতিয়াও সামৰিক একনায়ত্ববাদ বা ৰাজনৈতিক বিশৃংখলতা সংঘটিত হোৱা নাই।
জাতি গঠনৰ প্ৰত্যাহ্বান – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



