Class 6 Science Chapter 4 Solutions – চুম্বকৰ সৈতে খোলোঁ আহা | SCERT Assam | Assamese Medium

অধ্যায় ৪ – চুম্বকৰ সৈতে খোলোঁ আহাৰ

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৪ – চুম্বকৰ সৈতে খোলোঁ আহাৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 4 Solutions – চুম্বকৰ সৈতে খোলোঁ আহা (SCERT Assam – Assamese Medium)

Get complete step-by-step answers for Chapter 4 “চুম্বকৰ সৈতে খোলোঁ আহা” from Class 6 Science, prepared according to the Latest SCERT Assam Board syllabus. Every textbook exercise is solved for Assamese medium students in easy language, important for board exam preparation.

This chapter teaches you about magnets, their properties, uses, and simple experiments to understand magnetism. Ospin Academy creates practical, clear notes by using major English explanations and keywords from Assamese medium science syllabus.

Chapter QR Code: H8E5U7

What will you learn in Chapter 4?

  • Basic concept of magnet and magnetism (চুম্বক আৰু চুম্বকত্ব)
  • Different types of magnets and their uses
  • Simple activities and experiments with magnets
  • How magnets help in daily life
  • Board exam important questions and answers

Ospin Academy Advantages:

  • Latest syllabus based answers from SCERT Assam Board
  • All textbook exercises and extra notes included
  • Clear explanations for Assamese medium students
  • Board exam-oriented important notes
  • Chapter 4 PDF and QR code available
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
অধ্যায় ৪ – চুম্বকৰ সৈতে খোলোঁ আহাৰ

ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 4                         অস্পিন একাডেমী

চুম্বকৰ সৈতে খেলোঁ আহা

অনুশীলনী

Q.1. খালী ঠাই পূৰণ কৰা

(a) চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক_____ পদার্থ বোলে।

Ans: চুম্বকীয়

(b) বিভিন্ন কামৰ বাবে কৃত্রিমভাবে তৈয়াৰ কৰা চুম্বকক______ চুম্বক বুলি কোৱা হয়।

Ans: কৃত্রিম

(c) ৰবৰ_____ পদার্থ নহয়।

Ans: চুম্বকীয়

(d) এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ_____ দণ্ডচুম্বক পাম।

Ans: দুডাল

(e) দুডাল চুম্বকৰ একে মেৰুয়ে _____ কৰে।

Ans: বিকর্ষণ

(f) চুম্বকৰ সদায়______ টা মেক থাকে।

Ans:দুটা

Q.2. সত্য উক্তিবোৰত (✔) চিন দিয়া।

(a) চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে।

Ans: (×)

(b) চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকর্ষণ হয়।

Ans: (✔)

(c) ক’বাল্ট এবিধ চুম্বকীয় পদার্থ।

Ans: (✔)

(d) দণ্ডচুম্বকে সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।

Ans: (✔)

(e) গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়

Ans: (×)

Q.3. ‘ক’অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ স্তম্ভ

‘খ’ স্তম্ভ

1. কম্পাছ যন্ত্ৰৰ শলা

(a) প্রথমে আৱিষ্কাৰ হোৱা চুম্বক

2. লোৰ গজাল

(b) চুম্বকত্ব গুণ দীর্ঘসময়ৰ বাবে থাকে

3. মেগনেটাইট

(c) চুম্বকৰ দ্বাৰা আকর্ষিত হয়

4. স্থায়ী চুম্বক

(d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে।

Ans:

‘ক’ স্তম্ভ

‘খ’ স্তম্ভ

1. কম্পাছ যন্ত্ৰৰ শলা

(d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে।

2. লোৰ গজাল

(c) চুম্বকৰ দ্বাৰা আকর্ষিত হয়

3. মেগনেটাইট

(a) প্রথমে আৱিষ্কাৰ হোৱা চুম্বক

4. স্থায়ী চুম্বক

(b) চুম্বকত্ব গুণ দীর্ঘসময়ৰ বাবে থাকে

Q.4 স্তম্ভ-1 ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ-2ত প্রত্যেক ক্ষেত্রত কেনেধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা।

Ans:

স্তন্ত-1

স্তম্ভ-2

উত্তৰ-উত্তৰ

বিকর্ষণ

উত্তৰ-দক্ষিণ

আকর্ষণ

দক্ষিণ-উত্তৰ

আকর্ষণ

দক্ষিণ-দক্ষিণ

বিকর্ষণ

Q.5. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(ii) তলৰ কোনবিধ চুম্বকীয় পদার্থ?)

(a) আলপিন

(b) ৰবৰ

(c) প্লাষ্টিকৰ খাক

(d) কাঠৰ স্কেল

Ans:(a)

(ii) তলৰ কোনবিধ অচুম্বকীয় পদার্থ?

(a) লোৰ গজাল

(b) ৰাবাৰ বেন্ড

(c) ছেফটিপিন

(d) আলপিন

Ans:(b)

(iii) চুম্বকৰ কেইটা মেৰু থাকে?

(a) দুটা

(b) এটা

(c) তিনিটা

(d) চাৰিটা

Ans:(a)

Q.6. দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুড়ি আটাইতকৈ কম লাগি ধৰিব?

Ans: চুম্বকডালৰ মাজ অংশ লোৰ গুৰি আটাইতকৈ কম লাগি ধৰিব।

Q.7. এডাল দণ্ডচুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই। ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা?

Ans:ওলোমাই থ’লে চুম্বক এডাল সদায় নির্দিষ্ট দিশ নির্দেশ কৰি থাকে। এয়া হ’ল উত্তৰ-দক্ষিণ দিশ। উত্তৰ দিশ নির্দেশ কৰা মুৰটো হ’ল চুম্বকৰ উত্তৰ মেক আৰু দক্ষিণ দিশ নির্দেশ কৰা মূৰটো হ’ল দক্ষিণ মেৰু।

Q.8. একক মেৰুযুক্ত চুম্বক পাব পাৰোনে?

Ans: আমি একক মেকযুক্ত চুম্বক পাব নোৱাৰোঁ।

Q.9.চুম্বকৰ যিকোনো দুটা ধর্ম লিখা।

Ans:

(i) প্রত্যেক চুম্বকৰ দুটা মেৰু থাকে। উত্তৰ মেৰু আৰু দক্ষিণ মেৰু

(ii) দুড়াল চুম্বকৰ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে আৰু একে জাতীয় মেৰুৱে বিকৰ্ষণ কৰে।

Q.10. লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা?

Ans: পৰীক্ষাটোৰ বাবে আমাক এডাল দণ্ডচুম্বক আৰু এটা গজাল লাগিব আৰু অলপ লোৰ গুড়ি লাগিব। প্রথমে এখন কাঠৰ টেবুলত গজালটো থোরা। চুম্বকৰ এটা মেৰু গজালটোৰ এটা নির্দিষ্ট মূৰৰ পৰা ধৰা, জোঙা মুৰটোৰ পৰা আনটো মূৰলৈ ঘঁহা। তাৰ পিছত চুম্বক ডাল উঠাই আগৰদৰে সেই নির্দিষ্ট মূৰটোৰ পৰা আনটো মূৰলৈ পুনৰ ঘঁহা। এনেদৰে একোটা মুৰৰ পৰা 30-40বাৰ মান ঘঁহা। বিপৰীত দিশত নঘহিবা। এতিয়া এটা পিন বা লোৰগুড়ি গজালটোৰ ওচৰলৈ নিয়া। দেখিবলৈ পোৱা যাব যে গজালটোত পিন বা লোৰ গুড়ি লাগি ধৰিছে। অর্থাৎ গজালটোকে পিন বা লোৰ গুড়িক আকৰ্ষণ কৰিছে। গতিকে গজালটো চুম্বকত পৰিণত হৈছে।

Q.11. মুক্তভাবে ওলোমাই থ’লে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে?

Ans:মুক্তভারে ওলোমাই থোৱা চুম্বক এডালে সদায় উত্তৰা-দক্ষিণাকৈ থাকে কাৰণ আমাৰ পৃথিৱীখন এডাল প্রকাণ্ড দণ্ড চুম্বকৰ দৰে। ইয়াক ভূ-চুম্বক বোলে। উত্তৰ দিশে ভূ-চুম্বকৰ দক্ষিণ মেৰু আৰু দক্ষিণ দিশে ভূ-চুম্বকৰ উত্তৰ মেৰু থাকে। গতিকে মুক্তভাবে ওলোমাই ৰখা চুম্বক এডাল উত্তৰা-দক্ষিণাকৈ থাকে।

Q.12. কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়?

Ans: কম্পাছ হৈছে কাঁচৰ ঢাকনিযুক্ত এটা সৰু বাকচ। ইয়াৰ সোঁমাজত এডাল সৰু শলা আকৃতিৰ চুম্বক থাকে। এই শলাডাল অনায়াসে ঘূৰিব পাৰে। স্থিৰ অৱস্থাত চুম্বক ডালৰ মূৰ দুটা সদায় উত্তৰা-দক্ষিণ্য হৈ থাকে। সুবিধাৰ বাবে চুম্বকডালৰ উত্তৰ মেৰুটো ৰঙা ৰঙেৰে বোলোবা হয়। কম্পাছৰ চুম্বক শলাডালৰ পৰা উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰি। লগে লগে-আন দিশো (পূব আৰু পশ্চিম) ঠাৱৰ কৰিব পাৰি।

Q.13. অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা?

Ans: এডাল অশ্বখুৰাকৃতিৰ চুম্বক, অলপ লোবগুড়ি আৰু এখন বগা কাগজ লাগিব। বগা কাগজখনত অশ্বখুৰাকৃতি চুম্বকডাল থৈ লোৰ গুড়ি অলপমান ছটিয়াই দিয়া। আমি দেখিবলৈ পাম যে অশ্বখুৰাকৃতিৰ চুম্বকডালৰ দুই মূৰত বেছি লোৰ গুড়ি লাগি ধৰিছে আৰু মাজ অংশত গুড়ি অতি কম লাগিছে। ইয়াৰ পৰা আমি বুজিম যে চুম্বক ডালৰ দুয়ো মূৰত আকর্ষণ বল বেছি আৰু মাজভাগত আকর্ষণ বল আটাইতকৈ কম। এই দুই মূৰক চুম্বক ডালৰ মেৰু বোলা হয়। ইয়াৰে এটা উত্তৰ মেৰু আৰু আনটো দক্ষিণ মেঝ। উত্তৰ মেৰুক ‘N’ আৰু দক্ষিণ মেৰুক ‘S’ৰে চিহ্নিত কৰা হয়। এইদৰে অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা চিনাক্ত কৰা হয়।

Q.14. তোমাক এডাল দণ্ডচুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ’ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ?

Ans: ওপৰৰ বস্তুকেইবিধৰ ভিতৰত লোৰ গজালটোক চুম্বকত পৰিণত কৰিব পাৰিম। কাৰণ প্লাষ্টিকৰ সৰু স্কেল আৰু কাঠৰ টুকুৰাটো অচুম্বকীয় পদার্থ যাক চুম্বকে আকর্ষণ নকৰে কিন্তু লোৰ গজালটো চুম্বকীয় পদার্থ গতিকে ইয়াক চুম্বকত পৰিণত কৰিব পৰা যাব। লোৰ গজালটোক চুম্বকত পৰিণত কৰিবলৈ আমি দণ্ডচুম্বক ডালক গজালটোৰ এটা মূৰৰপৰা আনটো মূৰলৈ কেইবাবাৰো ঘঁহাৰ পিছত গজালটোৰ ওচৰলৈ যদি লোৰ গুড়ি বা আন গজাল নিও দেখিম যে গজালটোৱে লোৰ গুড়ি বা আন গজালক আকর্ষণ কৰিছে। এইদবে আমি গজাল এটাক চুম্বকত পৰিণত কৰিব পাৰোঁ।

Q.15. তোমাক এডাল দণ্ডচুম্বক আৰু কিছুমান। আলপিন দিয়া হ’ল দণ্ডচুম্বক ডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা?

Ans: আমি কম্পাছ ব্যৱহাৰ কৰি এডাল দণ্ডচুম্বকৰ মেৰু দুটা উলিয়াব পাৰোঁ। আমি দণ্ডচুম্বক ডাল কম্পাছ এডালৰ এটা মেৰৰ ওচৰলৈ নিলে যদি কম্পাছ ডালৰ উত্তৰ মেৰুটোৱে দণ্ডচুম্বকৰ মেৰুটোক বিকর্ষণ কৰে তেতিয়াহ’লে আমি বুজিম যে দণ্ডচুম্বকৰ সেইটো মেৰু উত্তৰ মেৰু হ’ব আৰু দণ্ডচুম্বকডালৰ আনটো মেৰু দক্ষিণ মেৰু হ’ব।

Q.16. তোমাক এডাল দণ্ডচুম্বক আৰু এটা কম্পাছ যন্ত্র দিয়া হ’ল। চুম্বক ডালত মেৰু চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা?

Ans: আমি কম্পাছ ব্যৱহাৰ কৰি এডাল দণ্ডচুম্বকৰ মেৰু দুটা উলিয়াব পাৰোঁ। আমি দণ্ডচুম্বক ডাল কম্পাছ এডালৰ এটা মেৰৰ ওচৰলৈ নিলে যদি কম্পাছ ডালৰ উত্তৰ মেৰুটোৱে দণ্ডচুম্বকৰ মেৰুটোক বিকর্ষণ কৰে তেতিয়াহ’লে আমি বুজিম যে দণ্ডচুম্বকৰ সেইটো মেৰু উত্তৰ মেৰু হ’ব আৰু দণ্ডচুম্বকডালৰ আনটো মেৰু দক্ষিণ মেৰু হ’ব।

Q.17. ষ্টিলৰ বেজী এটা মজিয়াত পৰি গ’ল, তুমি হাতেৰে উঠাব পৰা নাই। বেজীটো কি উপায়েৰে উঠাৰ পাৰিবা?

Ans: আমি মজিয়াত পৰি যোৱা বেজীটো চুম্বকৰ সহায়ত মজিয়াৰ পৰা উঠাব পাৰোঁ। এডাল শক্তিশালী চুম্বক ষ্টিলৰ বেজীটোৰ ওচৰলৈ নিলে বেজীটো চুম্বক ডালত লাগি ধৰিব আৰু তেনেকৈ আমি বেজীটো উঠাব পাৰিম।

Q.18. ধৰা হ’ল, তুমি এখন নতুন ঠাইলৈ ফুৰিব গ’লা। তোমাৰ লগত এটা কম্পাছযন্ত্র আছে। তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা?

Ans: কম্পাছ এডালৰ সোঁমাজত এডাল সৰু শলা আকৃতিৰ চুম্বক থাকে। এই শলাডাল অনায়াসে ঘূৰিব পাৰে। স্থিৰ অৱস্থাত চুম্বকডালৰ মুৰ দুটা সদায় উত্তৰা-দক্ষিণা হৈ থাকে। সুবিধাৰ বাবে চুম্বক ডালৰ উত্তৰ মেৰুটো ৰঙা ৰঙেৰে বোলোৱা হয়। কম্পাছৰ চুম্বক শলাডালৰ পৰা উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰি। লগে লগে আন দিশো (পূব আৰু পশ্চিম) ঠাৱৰ কৰিব পাৰি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 6 Science Chapter 4 – Frequently Asked Questions
What is “চুম্বকৰ সৈতে খোলোঁ আহা” about?
It covers magnets, types of magnets, their properties, daily uses, and basic experiments for students.
Are the solutions based on Latest SCERT Assam syllabus?
Yes, all notes and answers follow the SCERT Assam syllabus for board exam success.
What is Chapter 4 QR Code?
The QR Code for this chapter is H8E5U7 which helps access textbook materials quickly.
How to prepare for magnetism chapter in board exam?
Read textbook questions, practice activities, and revise Ospin Academy notes and Assamese keywords.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top