class-6-apun-path-chapter-6-question-answers-ajb
ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ৬ – মহোহো সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)
ষষ্ঠ শ্ৰেণীৰ ‘আপোন পাঠ’ (Apun Path) পাঠ্যক্ৰমৰ ষষ্ঠ অধ্যায় ‘মহোহো’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 6 Apun Path Chapter 6 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘মহোহো’ নামৰ এই পাঠটিত নামনি অসমৰ এক বিশেষ জনপ্ৰিয় লোক-উৎসৱ মহোহোৰ পৰম্পৰা আৰু আনন্দ-উলাহৰ বিষয়ে সুন্দৰকৈ দাঙি ধৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু লোক-সংস্কৃতিৰ বিষয়ে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- মহোহো পাঠৰ মূল বিষয়বস্তুৰ সহজ বিশ্লেষণ আৰু শব্দাৰ্থ।
- পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ আৰু সমাৰ্থক, বিপৰীত শব্দৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Apun Path Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু আপোন পাঠ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 6 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: আপোন পাঠ
মহোহো
পাঠভিত্তিক প্রশ্নোত্তৰ
১। শব্দার্থ লিখা-
লোকবিশ্বাস, চহকী, সামঞ্জস্য, বেশ, মাননি, দৃঢ় অবিচ্ছেদ্য।
উত্তৰঃ
|
শব্দ |
অর্থ |
|
লোকবিশ্বাস |
মানুহৰ মাজত প্রচলিত বিশ্বাস। |
|
চহকী |
ধনী, বিত্তবান। |
|
সামঞ্জস্য |
পৰস্পৰ মিল। |
|
বেশ |
সাজ-পাৰ। |
|
মাননি |
মান বা সন্মানার্থে দিয়া বস্তু, অৰিহণা। |
|
দৃঢ় |
কঠিন, টান। |
|
অবিচ্ছেদ্য |
এৰাব নোৱাৰা, ছিঙিব নোৱাৰা। |
২। চমুকৈ উত্তৰ দিয়া-
(ক) ‘মহোহো’ শব্দটো কেনেদৰে সৃষ্টি হৈছিল?
উত্তৰঃ এনে এটা অনুমান কৰা হয় যে, অসমীয়া শব্দ ‘মহ’ আৰু বড়ো ভাষাৰ শব্দ ‘হো’— এই দুয়োটা শব্দ মিলি লগ হৈয়েই ‘মহোহো’ নামৰ শব্দটোৰ উৎপত্তি হৈছে।
(খ) কোন তিথিত মহোহো উৎসৱ পালন কৰা হয়?
উত্তৰঃ অসমীয়া কেলেণ্ডাৰ বা বৰ্ষপঞ্জী অনুসৰি আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই মহোহো উৎসৱ পালন কৰা হয়।
(গ) মহোহো উৎসৱৰ গীতবোৰ মূলতঃ কেনেকুৱা?
উত্তৰঃ মহোহো উৎসৱত পৰিৱেশন কৰা গীতবোৰৰ আৰম্ভণি আৰু শেষৰ ফালে কোনো ধৰণৰ সংগতি দেখা নাযায়; অৰ্থাৎ গীতবোৰ যিটো বিষয় বা প্ৰসংগৰে আৰম্ভ হয়, একেবাৰে সুকীয়া আন এটা প্ৰসংগতহে গৈ তাৰ অন্ত পৰে।
(ঘ) লোকবিশ্বাস মতে ভালুকে কি খায়?
উত্তৰঃ মানুহৰ মাজত চলি অহা পৰম্পৰাগত বিশ্বাস মতে, ভালুকে মহ (mosquito) খায় বুলি জনা যায়।
(ঙ) ‘এউৰি মাগা’ কোন অঞ্চলত পালন কৰা হয়?
উত্তৰঃ ‘এউৰি মাগা’ নামৰ এই উৎসৱটি বিশেষকৈ নামনি অসমৰ বৃহত্তৰ বা অবিভক্ত গোৱালপাৰা জিলাত উদ্যাপন কৰা হয়।
৩। অলপ বহলাই আলোচনা কৰা-
(ক) মহোহো উৎসৱ কেনেদৰে পালন কৰা হয়?
উত্তৰঃ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা এই উৎসৱত গাঁৱৰ চেমনীয়া ল’ৰাসমূহ একত্ৰিত হৈ হাতত একোডাল টোকোন (বাঁহৰ লাখুটি) লৈ ঘৰে ঘৰে গৈ চোতালত মহখেদা গীত গাই ঘূৰি ফুৰে। গীত পৰিৱেশন কৰাৰ সময়ত দলৰ এজন ল’ৰাই গাত কলগছৰ চুচনি মেৰিয়াই লয় আৰু শুকান ঢকুৱাৰে নিৰ্মিত খাৰু, বাজু, লগতে বাঁহৰ মুকুট পৰিধান কৰি ভালুকৰ ৰূপ লয়। দলৰ আন এজন ল’ৰাই কান্ধত এখন জোলোঙা আঁৰি লয়। ভালুকৰ ৰূপ ধৰা ল’ৰাজনক ‘ভলুকা’ আৰু জোলোঙা লোৱাজনক ‘ভাল’ বুলি কোৱা হয়। এই ‘ভাল’ আৰু ‘ভলুকা’ক মাজত থৈ বাকী ল’ৰাবোৰে হাতত থকা টোকোনেৰে মাটিত চেও ধৰি শব্দ কৰি গীত গায়। তেওঁলোকে গোৱা গীতবোৰত টোকোনৰ মাৰ খাই মহবোৰ পলাই যোৱাৰ ইংগিত থাকে। ঘৰৰ গৰাকীয়ে এই মহোহো দলটিক বৰ আদৰ-সাদৰকৈ গ্ৰহণ কৰে। গীত গোৱাৰ পৰ্ব সমাপ্ত হোৱাৰ পিছত গৃহস্থই নিজৰ সাধ্যমতে দলটিক কিছু উপহাৰ বা মাননি দিয়ে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। এতিয়াও এনেকুৱা এটা লোকবিশ্বাস চলি আছে যে, মহোহো দলটো যদি কিবা কাৰণত অসন্তুষ্ট হৈ ঘূৰি যাবলগীয়া হয়, তেনেহ’লে সেই পৰিয়ালটোৰ অমংগল হয়।
(খ) মহোহো উৎসৱত অংশগ্ৰহণ কৰা শিল্পীসকলে কেনে ধৰণৰ সাজ-পাৰ পৰিধান কৰে?
উত্তৰঃ এই লোক-উৎসৱত ভাগ লোৱা ল’ৰাসকলে ভিন্ন ধৰণৰ সাজ-পাৰ পৰিধান কৰা দেখা যায়। মহোহো গীত গোৱাৰ সময়ত দলটোৰ এজন সদস্যই গাত কলৰ চুচনি মেৰিয়াই ভালুকৰ ভেশ ধৰে। ভালুকৰ ভাও লোৱা ল’ৰাজনে শুকান ঢকুৱাৰে সজা খাৰু আৰু বাঁহৰ মুকুট আদি পিন্ধি লয়। ইয়াৰ উপৰিও আন এজন ল’ৰাই কান্ধত এখন জোলোঙা ওলোমাই লয়। এই বিশেষ ভেশ লোৱা দুয়োজনৰ বাহিৰে, দলৰ বাকী সদস্যসকলে সাধাৰণতে চুৰিয়া আৰু চোলা পিন্ধি, আৰু মূৰত পাগুৰি মাৰি মহোহো গীত গাবলৈ আহে।
(গ) মহোহো উৎসৱ পালনৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰঃ আন আন পৰম্পৰাগত লোক-উৎসৱৰ দৰেই মহোহো উৎসৱ পালন কৰাৰো এক নিজা আৰু নিৰ্দিষ্ট লক্ষ্য আছে। এই উৎসৱ পালন কৰাৰ মুখ্য উদ্দেশ্যটোৱেই হৈছে ‘মহ খেদা’। তাৰোপৰি, এই উৎসৱৰ যোগেদি গাঁৱৰ লোকসকলে ইজনে সিজনৰ লগত মিলি ৰং-ধেমালি কৰি অলপ আনন্দময় সময় কটোৱাৰ এক উত্তম সুযোগ লাভ কৰে।
(ঘ) সমাজৰ বিভিন্ন মানুহৰ মাজত সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰাত মহোহো উৎসৱে কেনেদৰে ভূমিকা লৈছে?
উত্তৰঃ আমাৰ সমাজত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ আৰু শ্ৰেণীৰ মানুহে মিলাপ্ৰীতিৰে একেলগে বাস কৰে। মহোহো উৎসৱ পালনৰ সময়ত সমাজৰ সকলো শ্ৰেণীৰ মানুহে নিজৰ জাতি বা ধৰ্মৰ ভেদাভেদ পাহৰি একত্ৰিত হৈ আনন্দ-উলাহেৰে অংশগ্ৰহণ কৰা দেখা যায়। এই লোক-উৎসৱৰ যোগেদিয়েই সমাজৰ ভিন ভিন সম্প্ৰদায়ৰ মানুহৰ মাজত থকা ভাতৃত্ববোধ আৰু একতাৰ বান্ধোনডাল ক্ৰমে অধিক কটকটীয়া হৈ উঠে।
(ঙ) ব’হাগ বিহুৰ হুঁচৰিৰ সৈতে মহোহো উৎসৱৰ কেনেকুৱা দিশৰ সাদৃশ্য আছে?
উত্তৰঃ ব’হাগ বিহুৰ সময়ত গোৱা হুঁচৰিৰ লগত মহোহো উৎসৱৰ ভালেমান দিশত সাদৃশ্য পৰিলক্ষিত হয়। হুঁচৰিৰ দৰেই মহোহো উৎসৱতো গাঁৱৰ চেমনীয়া ল’ৰাসমূহ ঘৰে ঘৰে গৈ চোতালত মহখেদা গীত গায় আৰু ঘৰৰ গৰাকীৰ কুশল কামনাৰে আশীৰ্বাদ দিয়ে। হুঁচৰি দলৰ এজন সদস্যই যেনেকৈ কান্ধত জোলোঙা লয়, ঠিক তেনেকৈয়ে মহোহো দলটোৰো এজন সদস্যই কান্ধত এখন জোলোঙা লৈ ফুৰে। ৰঙালী বিহুত ঘৰৰ মানুহে হুঁচৰি দলটোক পদূলিমুখৰ পৰা আগবঢ়াই অনাৰ দৰেই মহোহো দলটোকো গৃহস্থই বৰ আদৰ-যত্ন কৰে। হুঁচৰি গোৱা দলটিক গৃহস্থই সন্মান জনাই মাননি দিয়াৰ লেখিয়াকৈ মহোহো দলটোকো গৃহস্থই দক্ষিণা বা মাননি আগবঢ়ায়। মুঠতে ক’বলৈ গ’লে, ব’হাগ বিহুৰ হুঁচৰিৰ দৰেই মহোহো উৎসৱৰ সময়তো সমাজত এক উলহ-মালহ আৰু আনন্দৰ পৰিৱেশ সৃষ্টি হয়।
৪। চমু টোকা লিখা-
(ক) মহোহো উৎসৱৰ গীত: মহোহো উৎসৱত গোৱা গীতবোৰৰ মূল বিষয়বস্তু মহ খেদা কাৰ্যৰ লগত জৰিত যদিও, ইয়াৰ লগত আন কেতবোৰ সৰু-সুৰা বিষয়ো সাঙোৰ খাই পৰে। এই গীতবোৰ যি প্ৰসংগৰে আৰম্ভ হয়, একেবাৰে সুকীয়া আন এটা প্ৰসংগৰেহে তাৰ অন্ত পৰে; অৰ্থাৎ গীতবোৰৰ আৰম্ভণি আৰু সামৰণিৰ মাজত কোনো ধৰণৰ সংগতি নাথাকে। মহোহো গীত গোৱাৰ সময়ত দলটোৰ যি দুজন ল’ৰাই ক্ৰমে জোলোঙা লয় আৰু ভালুকৰ ভাও ধৰে, তেওঁলোকক ‘ভাল’ আৰু ‘ভলুকা’ বোলা হয় আৰু গীতৰ মাজতো তেওঁলোকৰ নাম উল্লেখ থাকে। গৃহস্থই নিজৰ সামৰ্থ্য অনুযায়ী কিবা উপহাৰ বা মাননি দি দলটোৰ পৰা আশীৰ্বাদ খুজিলে, তেওঁলোকক গীতৰ সুৰতেই আশীৰ্বাদ দিয়া হয়। প্ৰকৃত অৰ্থত, মহোহো উৎসৱৰ এই গীতবোৰ গাঁৱৰ গৰখীয়া বা চেমনীয়া ল’ৰাহঁতৰ মনৰ সহজ-সৰল ভাৱপ্ৰকাশ বুলিয়েই ক’ব পাৰি।
(খ) হুঁচৰি: ৰঙালী বা ব’হাগ বিহুৰ এটি অতি গুৰুত্বপূৰ্ণ অংশ হৈছে হুঁচৰি গোৱা। গাঁৱৰ ডেকা আৰু চেমনীয়া ল’ৰাসমূহে ঘৰে ঘৰে গৈ অতি আনন্দৰে গৃহস্থৰ কুশল প্ৰাৰ্থনা কৰি হৰিধ্বনি দিয়ে। তেওঁলোকে ঢোল, পেঁপা, গগণা আদি বাদ্যযন্ত্ৰৰ মধুৰ সুৰৰ সৈতে নাচ-গানেৰে গোটেই পৰিৱেশটো জীপাল কৰি তুলে। ইয়াৰ ফলত গৃহস্থৰ মন উলাহত ভৰি পৰে আৰু তেওঁলোকে নিজৰ সাধ্যমতে মাননি দি হুঁচৰি দলটোক সন্মান কৰে। অসমীয়া সমাজত পাৰস্পৰিক মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন সুদৃঢ় কৰাৰ ক্ষেত্ৰত হুঁচৰিয়ে এক বিশেষ আৰু উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।
(গ) লোক উৎসৱ: অতীজৰে পৰা কোনো বিশেষ উপলক্ষত সমাজত পালিত হৈ অহা আৰু জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ পাহৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে উলাহ-মালহৰে অংশগ্ৰহণ কৰা উৎসৱসমূহকেই লোক উৎসৱ বোলা হয়। এনে উৎসৱবোৰত সমাজখনৰ সংস্কৃতি আৰু পৰম্পৰা সুন্দৰকৈ ফুটি উঠে আৰু ইয়াৰ মাজত কোনো ধৰণৰ কৃত্ৰিমতা দেখা নাযায়। এখন সমাজৰ সমূহ জনসাধাৰণে বা কোনো নিৰ্দিষ্ট সম্প্ৰদায়ে উদ্যাপন কৰা উৎসৱবোৰকো লোক উৎসৱ বুলি ধৰা হয়। এই লোক উৎসৱসমূহৰ যোগেদি সমাজৰ লোকসকলৰ মাজত থকা সম্প্ৰীতি আৰু একতাৰ বান্ধোনডাল ক্ৰমে অধিক মজবুত হৈ পৰে।
৫। উদাহৰণটো চাই বাকীকেইটা কৰা-
উত্তৰঃ
|
শব্দ |
বিপৰীত শব্দ |
|
গৃহস্থ |
অতিথি |
|
আশীৰ্বাদ |
অভিশাপ |
|
মঙ্গল |
অমঙ্গল |
|
বিশ্বাস |
অৱিশ্বাস |
|
আৰম্ভণি |
শেষ, অন্ত |
|
আনন্দ |
নিৰানন্দ, দুখ |
|
সন্তুষ্ট |
অসন্তুষ্ট |
|
উজনি |
নামনি |
৬। অৰ্থৰ পাৰ্থক্য স্পষ্ট হোৱাকৈ বাক্য ৰচনা কৰা-
দল, দ’ল, মহ, ম’হ, পানী, পাণি, বল, ব’ল, ৰদ, ৰ’দ।
উত্তৰঃ
দলঃ (গোট বা সমাৱেশ) ভাৰতীয় ক্ৰিকেট দলটোৱে কালিলৈ খেলিবলৈ যাব।
দ’লঃ (মঠ, মন্দিৰ) শিৱসাগৰত থকা শিৱ দ’ল অসমৰ এক প্ৰাচীন স্মৃতিচিহ্ন।
মহঃ (তেজ খোৱা ক্ষুদ্ৰ পতঙ্গ) মহৰ কামোৰৰ পৰা বাচিবলৈ আঠুৱা তৰি শুব লাগে।
ম’হঃ (তৃণভোজী জন্তু) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুতো বনৰীয়া ম’হ দেখা যায়।
পানী: (জল) বিশুদ্ধ পানীহে খাবলৈ ব্যৱহাৰ কৰিব লাগে।
পাণিঃ (হাত) বীণাপাণি হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আন এটি নাম।
বলঃ (শক্তি, সামৰ্থ্য) ৰোগত ভুগি থকা বাবে মানুহজনৰ দেহত অলপো বল নাইকিয়া হৈছে।
ব’লঃ (যোৱা বুজাবলৈ) ৰামে হৰিক ক’লে, “ব’ল, আমি খেলপথাৰলৈ যাওঁ।”
ৰদঃ (বাতিল বা বাতিল কৰা) কিনকিনিয়া বৰষুণৰ বাবে আজিৰ খেলখন ৰদ কৰা হ’ল।
ৰ’দঃ (সূৰ্যৰ পোহৰ) গৰমকালি দুপৰীয়াৰ ৰ’দৰ উত্তাপ বৰ বেছি হয়।
১। ভাষা বুলিলে কি বুজা? ।
উত্তৰঃ মানুহে নিজৰ মনৰ ভাৱ বা চিন্তা ইজনে সিজনৰ লগত আদান-প্ৰদান কৰাৰ মুখ্য মাধ্যমটোকেই ভাষা বুলি কোৱা হয়। মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে মুখৰ বাগ্যন্ত্ৰৰ সহায়ত যিবোৰ অৰ্থপূৰ্ণ, নিৰ্দিষ্ট আৰু সুশৃংখল ধ্বনি উচ্চাৰণ কৰে, সেই ধ্বনিসমূহৰ সামগ্ৰিক ৰূপটোকে ভাষা বোলে।
২। উপভাষা কি? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ কোনো এটা বৃহৎ ভাষা-গোষ্ঠীৰ অন্তৰ্গত বেলেগ বেলেগ ভৌগোলিক অঞ্চলসমূহত সৃষ্টি হোৱা মূল ভাষাৰ সুকীয়া ৰূপবোৰকেই উপভাষা বুলি কোৱা হয়। এই উপভাষাসমূহৰ মাজত সাধাৰণতে শব্দৰ ব্যৱহাৰ আৰু উচ্চাৰণৰ দিশত কিছু অমিল বা পাৰ্থক্য দেখা পোৱা যায়।
যেনে: অসমীয়া ভাষাৰ ক্ষেত্ৰত কামৰূপীয়া আৰু গোৱালপৰীয়া উপভাষা হৈছে নিৰ্দিষ্ট অঞ্চলত প্ৰচলিত ভাষাৰ দুটা সুকীয়া ৰূপ।
৩। মান্য ভাষা কাক বোলে? উদাহৰণ দি বুজাই লিখা।।
উত্তৰঃ কোনো এটা ভাষা-গোষ্ঠীৰ অন্তৰ্গত চলি থকা উপভাষাসমূহৰ মাজৰ পৰা যিকোনো এটা উপভাষাই সমাজ, সংস্কৃতি, ৰাজনীতি বা অৰ্থনীতিৰ প্ৰভাৱত কেতিয়াবা এক বিশেষ মৰ্যাদা লাভ কৰে। অৰ্থাৎ, আনবোৰ উপভাষাক বাদ দি কেৱল সেই নিৰ্দিষ্ট উপভাষাটোকহে চৰকাৰী কাম-কাজ, শিক্ষাদান আৰু অন্যান্য ৰাজহুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এনেদৰে সকলোৰে দ্বাৰা গ্ৰহণযোগ্য হোৱা উপভাষাটোক মান্য ভাষা বুলি কোৱা হয়। বৰ্তমান অসমত চলি থকা উপভাষাসমূহৰ ভিতৰত উজনি অসমৰ উপভাষাটোক শিক্ষা আৰু ৰাজহুৱা কাম-কাজত বেছিকৈ ব্যৱহাৰ কৰা হয়। সেয়েহে, উজনি অসমৰ এই ভাষাৰ ৰূপটোকে সাম্প্ৰতিক সময়ত অসমীয়াৰ মান্য ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।




