Class 6 Assamese Chapter 14 বৰুণৰ প্ৰাতঃভ্রমণ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 6

Class 6 Assamese Chapter 14 – বৰুণৰ প্ৰাতঃভ্রমণ (Borunor Pratahbromon) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)

ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১৪ – বৰুণৰ প্ৰাতঃভ্রমণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ চতুৰ্দশ অধ্যায় ‘বৰুণৰ প্ৰাতঃভ্রমণ’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত এটি অতি সুন্দৰ আৰু স্বাস্থ্যসচেতনতা মূলক পাঠ। নতুন শিক্ষা নীতি (NEP) আৰু বৰ্তমানৰ নৱ্য পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Assamese Chapter 14 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বৰুণৰ প্ৰাতঃভ্রমণ’ নামৰ এই অনুপম পাঠটিত পুৱতি নিশাদুখনৰ প্ৰকৃতিৰ সতেজ পৰিৱেশ, প্ৰাতঃভ্ৰমণৰ লাভালাভ আৰু শাৰীৰিক সুস্থতাৰ গুৰুত্বৰ এক আকৰ্ষণীয় বৰ্ণনা দাঙি ধৰা হৈছে। বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু বহু-বিকল্পী প্ৰশ্নসমূহো (MCQs) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ‘বৰুণৰ প্ৰাতঃভ্রমণ’ পাঠৰ মূল ভাৱ, স্বাস্থ্যসচেতনতা আৰু সাহিত্যৰ বিস্তৃত পৰিচয় তথা বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান আৰু প্ৰসংগ সংগতি মূলক উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, বানানৰ শুদ্ধতা, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্ সজ্জাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠটিৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese New Version Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus

Get comprehensive preparation for Class 6 Assamese (অসমীয়া) with this complete New Version Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 14 বৰুণৰ প্ৰাতঃ

 শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: অসমীয়া

অধ্যায়-14                                                              অস্পিন একাডেমী

বৰুণৰ প্ৰাতঃ

পাঠভিত্তিক প্রশ্নোত্তৰ

১ ।

শব্দ

অৰ্থ

ঘড়ীৰ এলাম

এটা নির্দিষ্ট সময়ত শব্দ কৰি সংকেত দিয়াৰ ব্যৱস্থা

উম-ঘাম

খা-খবৰ, অনুসন্ধান, ভূ-ভা

আখৰে-আখৰে

অকণো ইফাল-সিফাল নোহোৱাকৈ

ঢলফাট

ৰাতিপুৱা বেলি ওলোৱাৰ আগতে আকাশত দেখা দিয়া পোহৰৰ ৰেঙনি

চূড়া

আটাইতকৈ ওখ অংশ, টিঙ

বিতত

বিচলিত, বিবুদ্ধি

ধলপুৱা

ৰাতিপুৱা সূর্যোদয়ৰ আগতে পোহৰ হোৱা অৱস্থা

পৰভাতে

(প্রভাতৰ কাব্যিক ৰূপ) ৰাতিপুৱাতে

শ্যামকানু

শ্যাম বৰণীয়া কানাই (শ্ৰীকৃষ্ণৰ বাল্যকালৰ নাম)

জ্বৰ ঘামে ঘমা

জ্বৰ উঠিলে যেনেদৰে ঘাম ওলায় তেনেদৰে ঘাম ওলোৱা

দোকমোকালি

ৰাতিপুৱাৰ ঠিক আগৰ সময়খিনি, এন্ধাৰ-পোহৰৰ দোমোজা

খলকনি

খল্ খল্ শব্দ

ধেনু

গাইগৰু

অণ্ঠ-কণ্ঠ

জিভাৰ মূলৰ পৰা নলীৰ বাট, ওঁঠৰ পৰা কণ্ঠলৈকে ঠাইখিনি, ডিঙি

অগা-দেৱা

সমুখেৰে জপিয়াই ফুৰা, আগে আগে জপিয়াই ফুৰা

চী-চিয়াই

চাঁ চিঁ শব্দ কৰা (চৰাই পোৱালিৰ মাত)

গুণ-গুণাই

গুণ-গুণ শব্দ কৰা (ভোমোৰাৰ শব্দ)

আত্মৰক্ষা

নিজকে বিপদৰ পৰা ৰক্ষা কৰা

 |

২। চমুকৈ উত্তৰ দিয়া

ক) সাধাৰণতে বৰুণ ৰাতিপুৱা কেই বজাত উঠে?

উত্তৰঃ সাধাৰণতে বৰুণ ৰাতিপুৱা ছয় বজাত উঠে।

খ) প্রাতঃভ্রমণ মানে কি বুজা? প্রাতঃভ্ৰমণ কৰাটো কিয় দৰকাৰী?

উত্তৰঃ প্রাতঃভ্রমণ মানে ৰাতিপুৱা সোনকালে কৰা ভ্রমণ। প্রাতঃভ্রমণ কৰিলে, দেহ-মন ভালে থাকে। সেইবাবে প্রাতঃভ্রমণ কৰাটো দৰকাৰী।

গ) মাকে বৰুণক কি উপদেশ দিছিল?

উত্তৰঃ মাকে বৰণক সদায় কয়, কোনো কামতে পলম কৰিব নালাগে, আনৰ বাবে ৰৈ থাকিব নালাগে। ভাল কাম কৰিবলৈ মনত সাহস আৰু একাগ্রতা লাগে।

ঘ) প্রাতঃভ্রমণৰ বাবে দেউতাকে বৰুণক কি কৰিবলৈ কৈছিল? বৰুণৰ প্রাতঃভ্রমণ কৰা হ’লনে?

উত্তৰঃ প্রাতঃভ্ৰমণৰ বাবে দেউতাকে বৰুণক সোনকালে বিচনা এৰিবলৈ কৈছিল। বৰুণৰ প্ৰাতঃভ্ৰমণ কৰা নহ’ল। বৰুণে সপোনতহে প্রাতঃভ্রমণ কৰা দেখিলে।

ঙ) পাহাৰৰ চূড়াত থকা আহল-বহল ঠাইটুকুৰাত পকীঢাপ এটা কিয় সাজি দিয়া বুলি বৰুণে ভাবিছিল?

উত্তৰঃ পাহাৰৰ চূড়াত থকা আহল-বহল ঠাইটুকুৰাত পকীঢাপটো হয়তো প্ৰাতঃভ্রমণলৈ অহা মানুহবোৰ বহিবলৈ সাজি দিয়া হৈছে বুলি বৰুণে ভাবিছিল।

চ) কিহৰ শব্দত বৰুণৰ টোপনি ভাগিল? সাৰ পাই সি কি দেখিলে?

উত্তৰঃ মাক-দেউতাকৰ হাঁহিৰ খলকনিত বৰণৰ টোপনি ভাগিল। সাৰ পাই সি দেখিলে, সন্মুখত মাক-দেউতাক বহি আছে আৰু দুয়ো তাৰ মুখলৈ চাই আছে।

ছ) কপালত হাত থৈ মাকে বৰুণক কি কৈছিল?

উত্তৰঃ কপালত হাত থৈ মাকে বৰণক সুধিলে সি কি প্রাতঃভ্রমণৰ কথা বিৰবিবাই আছে, কিবা ভয়লগা সপোন দেখিছে নেকি সুধিলে।

জ) বৰুণে লতামাকৰি বাঘ ক’ত দেখিছিল?

উত্তৰঃ বৰণে লতামাকৰি বাঘ চিৰিয়াখানাত দেখিছিল। সপোনতো সি লতামাকৰি বাঘ দেখিছিল।

ঝ) ‘ৰাতি নুপুৱাওঁতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হোৱা নাই’-এই কথাষাৰ সপোনত বৰুণক কোনে কৈছিল?

উত্তৰঃ ‘ৰাতি নুপুৱাওঁতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হোৱা নাই’-এই কথাষাৰ সপোনত লতামাকৰি বাঘটোৱে বৰণক কৈছিল।

ঞ) প্রাতঃভ্রমণলৈ যাওঁতে বৰুণে কি পিন্ধি যোৱাৰ কথা ভাবিছিল?

উত্তৰঃ প্রাতঃভ্রমণলৈ যাওঁতে বৰুণে বগা হাফপেন্ট, নীলা স্পোর্টিং আৰু খেলিবলৈ যাওঁতে পিন্ধা জোতাযোৰ পিন্ধি যোৱাৰ কথা ভাবিছিলl

অন্যান্য প্ৰশ্নোত্তৰ

৩। সপোনত বাঘটো দেখি বৰুণৰ অৱস্থা কেনে হৈছিল? পাঁচটা বাক্য লিখা।

উত্তৰঃ সপোনত বাঘটো দেখি বৰুণৰ অৱস্থা কাহিল হৈছিল। তাৰ বহাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈছিল। সি জ্বৰ-ঘামে ঘামিছিল। অণ্ঠ-কণ্ঠ শুকাই গৈছিল। তাৰ ওঁঠ ফুটি মাত নোলোৱা হৈছিল আৰু সি ভয়তে পেপুৱা লাগিছিল।

৪। সপোনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে কি কি দেখিছিল?

উত্তৰঃ সপোনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে দেখিলে আকাশৰ শুক্লপক্ষৰ জোনটোৱে ৰাস্তাটো উজ্জ্বলাই ৰাখিছে, গছ-বনবোৰত পৰি জোনাকে অপৰূপ সৌন্দর্যৰ সৃষ্টি কৰিছে। গছৰ ডালত বাহ সাজি থকা চৰাইবোৰে কিৰিলিয়াইছে, পোৱালীবোৰে চী-চিয়াইছে; এজাক কাউৰীয়ে কা কা কৰি উৰি গৈছে। দুটামান শহা-পহুৱে অগা-দেৱা কৰি থকাও সি দেখিবলৈ পাইছিল। লগতে বৰুণে সপোনত এটা লতামাকৰি বাঘ দেখিছিল।

৫। বৰুণে টোপনিত জ্বৰ ঘামে ঘামিছিল কিয়?

উত্তৰঃ বৰুণে সপোনত এটা লতামাকৰি বাঘ দেখিছিল, সেইকাৰণে সি জ্বৰ ঘামে ঘামিছিল।

৬। বৰুণৰ মনত বাঘৰ ভয় বেছি আছিল কিয়?

উত্তৰঃ বৰণৰ মনত বাঘৰ ভয় বেছি আছিল কাৰণ আজিকালি চহৰৰ মাজতে বাঘ ওলায় আৰু বাঘে কেইবাজনো মানুহক আঁচুৰিছেও।

৭। আজিকালি বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে কিয়?

উত্তৰঃ আজিকালি মানুহে পাহাৰ আৰু বননিৰ গছ-লতা কাটি খাস্তাং কৰিছে; সেয়েহে বাঘৰ বাবে থকা ঠাইৰ অভাৱ হৈছে। আনহাতে সিহঁতৰ খাদ্য পাবলৈকো টান হৈছে। সেইবাবে বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে।

৮। বৰুণে সপোনত দেখা বাঘটো কি বাঘ আছিল? তিনিবিধ বাঘৰ নাম লিখা।

উত্তৰঃ বৰুণে সপোনত দেখা বাঘটো লতামাকৰি বাঘ আছিল। আন তিনিবিধ বাঘৰ নাম হ’ল- ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ আৰু ধূসৰীয়া নাহৰফুটুকী বাঘ।

ব্যাকৰণ আৰু বাক্য ৰচনা

৯। (১). ‘কালি’ আৰু ‘কাইলৈ’ৰ মাজত পার্থক্য দেখুৱাবলৈ দুটা বাক্য ৰচনা কৰা।

উত্তৰঃ কালি: কালি আমাৰ বিদ্যালয় বন্ধ আছিল

কাইলৈ: কাইলৈ আমি মাহীৰ ঘৰলৈ যাম।

৯। (২) (ক). যুৰীয়া শব্দ কাক বোলে? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ এটা শব্দৰ অর্থ স্পষ্টকৈ বুজাবলৈ কেতিয়াবা একে অর্থ থকা বা অর্থ নথকা আন এটা একে শব্দ যোগ কৰা হয়। এই দুটা শব্দক একেলগে যুৰীয়া শব্দ বোলে। যেনে- মানুহ-দুনুহ, দুখ-বেজাৰ, উলহ-মালহ।

৯। (২) (খ). পাঠটিত থকা যুৰীয়া শব্দবোৰ বাচি উলিওৱা।

উত্তৰঃ পাঠটিত থকা যুৰীয়া শব্দবোৰ হ’লঃ অত-ত’ত, এটা-দুটা, আহল-বহল, দেহ-মন, হাত-মুখ, লৰা-লৰি, উম-ঘাম, আখৰে-আখৰে, গালে-মুখে, মানুহ-দুনুহ, গছ-বন, অগা-দেৱা, গছ-লতা, ধীৰ-স্থিৰ, অণ্ঠ-কণ্ঠ আদি।

১০। বাক্য ৰচনা কৰা – ঘোৰ্ঘোৰণি, আহল-বহল, ধীৰ-স্থিৰ, দোকমোকালি, উম-ঘাম, শেহাই-শেহাই

উত্তৰঃ ঘোৰ্ঘোৰণি: অনবৰতে গাড়ী-মটৰৰ ঘোৰ্ঘোৰণি শুনি শুনি আমনি লাগিছে।

আহল-বহল: বৰুণৰ পঢ়া কোঠাটো বেছ আহল-বহল।

ধীৰ-স্থিৰ: কনকৰ দেউতাক ধীৰ-স্থিৰ স্বভাৱৰ লোক।

দোকমোকালি: ৰমেনে দোকমোকালিতে বিচনাৰ পৰা উঠি পথাৰলৈ গ’ল।

উম-ঘাম: দেউতা শুই উঠাৰ কোনো উম-ঘাম নাপায় ৰাকেশ অকলেই প্রাতঃভ্রমণলৈ ওলাল।

শেহাই-শেহাই: ককাকে অকণক শেহাই-শেহাই কথাকেইটা ক’লে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১৪ (বৰুণৰ প্ৰাতঃভ্রমণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
বৰুণৰ প্ৰাতঃভ্রমণ পাঠটি কোন শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত?
এই পাঠটি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ চতুৰ্দশ অধ্যায় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি সামৰি লোৱা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, শব্দাৰ্থ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ SVN ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নসমূহ পৰীক্ষাত সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top