Class 6 Assamese Chapter 16 ভগিনী নিবেদিতা Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 6

Class 6 Assamese Chapter 16 – ভগিনী নিবেদিতা (Bhagini Nivedita) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)

ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১৬ – ভগিনী নিবেদিতা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় ‘ভগিনী নিবেদিতা’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত এটি অতি অনুপ্ৰেৰণাদায় আৰু মহান জীৱনীমূলক পাঠ। নতুন শিক্ষা নীতি (NEP) আৰু বৰ্তমানৰ নৱ্য পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Assamese Chapter 16 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ভগিনী নিবেদিতা’ নামৰ এই মহান পাঠটিত স্বামী বিবেকানন্দৰ অনুপ্ৰেৰণাত ভাৰতলৈ আহি দেশবাসীৰ সেৱা আৰু নাৰী শিক্ষাৰ বিকাশৰ বাবে আত্মোৎসৰ্গ কৰা ভগিনী নিবেদিতাৰ জীৱন আৰু আদৰ্শৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, ঐতিহাসিক গুৰুত্ব আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু বহু-বিকল্পী প্ৰশ্নসমূহো (MCQs) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ‘ভগিনী নিবেদিতা’ পাঠৰ মূল ভাৱ, দেশসেৱা আৰু জীৱনীৰ বিস্তৃত পৰিচয় তথা বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান আৰু প্ৰসংগ সংগতি মূলক উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, বানানৰ শুদ্ধতা, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্ সজ্জাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠটিৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese New Version Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus

Get comprehensive preparation for Class 6 Assamese (অসমীয়া) with this complete New Version Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 16 ভগিনী   নিবেদিতা

 শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: অসমীয়া

অধ্যায়-16                                           অস্পিন একাডেমী

ভগিনী   নিবেদিতা

পাঠভিত্তিক প্রশ্নোত্তৰ

 ১ । শব্দ-অৰ্থ

শব্দ

অৰ্থ

গুণমুগ্ধ

কাৰোবাৰ গুণৰ কথা জানি ভোল যোৱা

মনোকষ্ট

মনত পোৱা কষ্ট

দুৰৱস্থা

বৰ বেয়া অৱস্থা

বুদ্ধিদীপ্ত

জ্ঞানেৰে উজলি থকা

পূৰ্ণ যৌৱনা

গাভৰু

ব্যক্তিত্ব

কোনো লোকৰ চৰিত্ৰৰ লক্ষণ

দৃষ্টান্ত

উদাহৰণ

গুৰু দক্ষিণা

গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি

২। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। 

ক) ভগিনী নিবেদিতাৰ প্ৰকৃত নাম কি আছিল? তেওঁ কোন দেশৰ মহিলা আছিল?

উত্তৰঃ ভগিনী নিবেদিতাৰ প্ৰকৃত নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল। তেওঁ আয়াৰলেণ্ডৰ মহিলা আছিল।

খ) স্ত্ৰী শিক্ষাৰ বাবে কাম কৰিবলৈ ভগিনী নিবেদিতাক কোনে প্ৰেৰণা দিছিল?

উত্তৰঃ স্ত্ৰী শিক্ষাৰ বাবে কাম কৰিবলৈ ভগিনী নিবেদিতাক স্বামী বিবেকানন্দই প্ৰেৰণা দিছিল। বিবেকানন্দৰ এখন চিঠিয়ে তেওঁক এই কামৰ বাবে অতি উৎসাহ যোগাইছিল।

গ) সৰুতে ভগিনী নিবেদিতা কেনে স্বভাৱৰ ছোৱালী আছিল?

উত্তৰঃ সৰুতে ভগিনী নিবেদিতা কোমল মনৰ আধৰুৱা স্বভাৱৰ ছোৱালী আছিল। দুখীয়া আৰু নিপীড়িত লোকক সহায় কৰি ভাল পাইছিল। দুখীয়া-নিছলা লোকৰ দুখ-কষ্টই তেওঁকো মনোকষ্ট দিছিল।

ঘ) ভাৰতত নিবেদিতা কাৰ আশ্ৰয়ত থাকি সমাজসেৱা কৰিছিল?

উত্তৰঃ ভাৰতত নিবেদিতা সাৰদাদেৱীৰ আশ্ৰয়ত থাকি সমাজসেৱা কৰিছিল।

ঙ) প্লেগ মহামাৰীত পীড়িতসকললৈ নিবেদিতাই কেনেদৰে সেৱা আগবঢ়াইছিল?

উত্তৰঃ ১৮৯৯ চনত কলকাতা চহৰত প্লেগ মহামাৰীয়ে ভয়ংকৰ ৰূপত দেখা দিছিল। তেতিয়া নিবেদিতাই প্লেগৰ বিৰুদ্ধে যুঁজিবলৈ চাফাই অভিযান চলাইছিল। পীড়িতসকলৰ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছিল আৰু তেওঁৰ সুমধুৰ ভাষণ আৰু সাৱধানবাণীয়ে আক্ৰান্তসকলৰ মনলৈ আত্মবিশ্বাস ঘূৰাই আনিছিল।

চ) ভাৰতীয় সমাজৰ মৰ্মবেদনা বুজাত নিবেদিতাক কিহে সহায় কৰিছিল?

উত্তৰঃ ভগিনী নিবেদিতাই স্বামী বিবেকানন্দৰ সৈতে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। তেওঁক এই ভ্ৰমণে ভাৰতীয় সমাজৰ মৰ্মবেদনা বুজাত সহায় কৰিছিল।

ছ) স্বামী বিবেকানন্দৰ প্ৰতি নিবেদিতাৰ ‘গুৰু দক্ষিণা’ কি আছিল?

উত্তৰঃ নিবেদিতাই ত্যাগ আৰু সমৰ্পণৰ মাজেৰে সমাজসেৱা কৰি গৈছিল। এইয়াই আছিল স্বামী বিবেকানন্দৰ প্ৰতি তেওঁৰ প্ৰকৃত ‘গুৰু দক্ষিণা’।

জ) কেতিয়াৰে পৰা স্বামী বিবেকানন্দৰ নাম জগতত ফাটি-ফুটি গৈছিল?

উত্তৰঃ আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত হোৱা ধৰ্মসভাত বক্তৃতা দিয়াৰ পাছৰেপৰা জগতত স্বামী বিবেকানন্দৰ নাম ফাটি-ফুটি গৈছিল।

ঝ) ভগিনী নিবেদিতাই স্বামী বিবেকানন্দৰ বক্তৃতাৰ পৰা কেনেদৰে উপকৃত হৈছিল?

উত্তৰঃ ভগিনী নিবেদিতাই স্বামী বিবেকানন্দৰ বক্তৃতাত মানৱতাৰ গান শুনিবলৈ পাইছিল। ভাৰতৰ প্ৰাচীন সভ্যতা আৰু ইয়াৰ উজ্জ্বল পৰম্পৰা সম্পৰ্কে জানিব পাৰিছিল। তদুপৰি তেওঁ পৰাধীন ভাৰতৰ জনগণৰ দুৰৱস্থা আৰু সমাজ সংস্কাৰৰ আৱশ্যকতাৰ বিষয়েও জানিব পাৰিছিল। এনেদৰেই ভগিনী নিবেদিতা স্বামী বিবেকানন্দৰ বক্তৃতা শুনি উপকৃত হৈছিল।

ঞ) মাতৃ সাৰদা দেৱী কোন আছিল?

উত্তৰঃ মাতৃ সাৰদা দেৱী আছিল শ্ৰীৰামকৃষ্ণ পৰমহংসৰ পত্নী।

৩। যি দেশত বা পৰিয়ালত নাৰীৰ অৱস্থা ভাল নহয়, তেওঁলোকক সন্মান কৰা নহয় বা উপযুক্ত স্থান দিয়া নহয়, সেই দেশৰ উন্নতিৰ বাবে তেওঁ কি পৰামৰ্শ দিছিল?

উত্তৰঃ ‘যি দেশত বা পৰিয়ালত নাৰীৰ অৱস্থা ভাল নহয়, তেওঁলোকক সন্মান কৰা নহয় বা উপযুক্ত স্থান দিয়া নহয়, সেই দেশৰ বা পৰিয়ালৰ উন্নতি আশা কৰাটো বৃথা।’ এইকথা স্বামী বিবেকানন্দই কৈছিল। মহিলাৰ উন্নতিৰ বাবে তেওঁ মহিলাসকলৰ অৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ, তেওঁলোকক শিক্ষিত কৰিবলৈ, তেওঁলোকক সক্ষম কৰি আত্মবিশ্বাস গঢ়ি তুলিবলৈ আৰু তেওঁলোকক সন্মান কৰিবলৈ পৰামৰ্শ দিছিল। লগতে তেওঁ এই কামৰ বাবে এখন আদৰ্শ মঠ আৰম্ভ কৰাৰ কথাও কৈছিল।

৪ । ভগিনী নিবেদিতাই ভাৰতৰ স্বাধীনতা আন্দোলনত কেনেদৰে ভাগ লৈছিল?

উত্তৰঃ ভগিনী নিবেদিতাই সমাজসেৱাৰ উপৰি ভাৰতৰ স্বাধীনতা আন্দোলনতো অংশগ্ৰহণ কৰিছিল। বিশেষকৈ স্বদেশী আন্দোলনত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তদুপৰি ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোঁতেও তেওঁ সহায় কৰিছিল

৫। বাক্য ৰচনা কৰা। 

উত্তৰঃ 

দুখীয়া-নিচলা: ড° বৰুৱাই দুখীয়া-নিচলাক সহায় কৰি ভাল পায়।

ফাটি-ফুটি: ডাক্তৰ হিচাপে তেওঁৰ খ্যাতি জগতত ফাটি-ফুটি পৰিছে।

দুখ-কষ্ট: আনৰ দুখ-কষ্টই নিবেদিতাকো মনোকষ্ট দিয়ে।

বৃথা: কষ্ট নকৰাকৈ ভাল ফল আশা কৰা বৃথা।

সমাগম: ধৰ্মসভাখনত মানুহৰ সমাগম দেখি মনটো ভাল লাগি গ’ল।

প্ৰতিফল: বাতুলে কু-কৰ্মৰ প্ৰতিফল হাতে হাতে পালে 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১৬ (ভগিনী নিবেদিতা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
ভগিনী নিবেদিতা পাঠটি কোন শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত?
এই পাঠটি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ষোড়শ অধ্যায় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি সামৰি লোৱা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, শব্দাৰ্থ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ SVN ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নসমূহ পৰীক্ষাত সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top