Class 7 Assamese Chapter 10 Solution – প্রত্যাহ্বান | SEBA Assam | SCERT Assam

SEBA Class 7 Assamese Chapter 10 প্রত্যাহ্বান Solutions & Summary

Find the solutions for Class 7 Assamese Chapter 10 “প্রত্যাহ্বান” for SEBA Assam and SCERT Assam. This chapter presents a compelling story about challenges, resilience, and the spirit of determination. Our detailed solutions include textbook answers, multiple-choice questions (MCQs), and a thorough chapter summary, helping students grasp the key concepts and moral lessons while preparing for exams.

Class 7 Assamese

Chapter – 10       Ospin Academy

প্ৰত্যাহ্বান

ক-পাঠভিত্তিক ক্রিয়া

১। পাঠটোৰ তিনিওটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।

(ক) সৰুকালত প্রিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল?

উত্তৰঃ সৰুকালত প্রিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা সহমর্মিতা পাইছিল আৰু কিছুমানে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল।

(খ) বিদ্যালয়ত নাম ভর্তি কৰোঁতে প্রিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল?

উত্তৰঃ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে প্রিন্সি গগৈক এখন বিদ্যালয়ে নামভৰ্তি কৰিবলৈ দিয়া নাছিল। পিছত সােণাৰিৰ ৰজাটপ প্রাথমিক বিদ্যালয়ে তেওঁক নামভৰ্তি কৰাৰ সুবিধা দিছিল।

(গ) পঢ়া-শুনাৰ লগতে প্রিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে?

উত্তৰঃ পঢ়া – শুনাৰ লগতে প্রিন্সি গগৈৰ ছবি আঁকা আৰু গান গােৱাত ৰাপ আছে।

(ঘ) দুর্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল?

উত্তৰঃ দুর্ঘটনাত পতিত হােৱাৰ পাছত জুলী বৰুৱাৰ মনত হতাশ ভাব জাগি উঠিছিল। সীমাহীন বিষাদ – বেদনাই তেওঁক আৱৰি ধৰিছিল।

(ঙ) সংগ্রামজ্যোতিয়ে ক’ত চিত্রকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল?

উত্তৰঃ সংগ্রামজ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গীল্ড’ত চিত্রকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।

(চ) সংগ্রামজ্যোতি কি বিষয়ত পাৰদৰ্শী?

উত্তৰঃ সংগ্রামজ্যোতি চিত্রাংকন বিষয়ত পাৰদৰ্শী।

(ছ) ‘আপোনাৰ দৰে মোৰো দুখন হাত আছিল’ কবিতাটি কোনে বচনা কৰিছিল?

উত্তৰঃ ‘আপোনাৰ দৰে মোৰো দুখন হাত আছিল’ কবিতাটি জুলী বৰুৱা।

২। উত্তৰ লিখা।

(ক) কোনখন বিদ্যালয়ে প্রিন্সি গগৈক আঁকোৱালি লৈছিল?

উত্তৰঃ ৰজাঢাপ প্ৰাথমিক বিদ্যালয়ে প্রিন্সি গগৈক আঁকোৱালি লৈছিল।

(খ) ‘এজোপা ববগছ হৈ ছাঁ দিব বিচাৰো’। – ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছা দিব বিচাৰিছে?

উত্তৰঃ ইয়াত জুলি বৰুৱাই প্ৰিন্সি গগৈক ছা দিব বিচাৰিছে অর্থাৎ, তেওঁলোকৰ বাবে অন্ন, বস্তু আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখে।

৩। সংগ্রামজ্যোতিয়ে বর্ণময় আৰু প্রাণবন্ত ৰূপত চিত্র অংকন কবি নিজে কেনেকৈ সফলতা অর্জন কৰিলে সেই বিষয়ে লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৪। বিপৰীতার্থক শব্দ লিখা।

এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্রত, অমংগল, সক্ষম, আনুষ্ঠানিক।

উত্তৰঃ

শব্দ

বিপৰীত অৰ্থ

এন্ধাৰ

পোহৰ

সফল

বিফল

স্বাভাৱিক

অস্বাভাৱিক

জাগ্ৰত

সুপ্ত

অমংগল

মংগল

সক্ষম

অসক্ষম

আনুষ্ঠানিক

অনানুষ্ঠানিক।

৫। যুৰীয়া শব্দবােৰ পাঠৰ পৰা বিচাৰি লিখাঃ

উত্তৰঃ মুখা-মুখি, বাধা-বিবাদ, বাধা-বিঘিনি, বিষাদ-বেদনা, ধোঁৱা- কোৱা, লেখা-মেলা, কলা- কীর্তি, গতি-পথ।

৬। বাক্য ৰচনা কৰা।

আনুষ্ঠানিক, গতিপথ, প্ৰচেষ্টা, যন্ত্ৰণা, কৰ্তব্য, প্ৰশংসা।

উত্তৰঃ (i) আনুষ্ঠানিক: স্কুলীয়া শিক্ষাক আনুষ্ঠানিক শিক্ষা বােলে।

(ii) গতিপথ: জুলী বৰুৱাৰ জীৱনৰ গতিপথেই সলনি হৈ গ’ল।

(iii) প্ৰচেষ্টা: কর্মত একান্ত প্রচেষ্টা থাকিলে সকলো কামত সফল হ’ব পাৰি।

(iv) যন্ত্ৰনা: দিব্যাংগসকলৰ জীৱন নির্বাহৰ যন্ত্রণা সকলােৱে অনুভৱ কৰা উচিত।

(v) কৰ্তব্য: নিজ কর্তব্যৰ প্রতি কেতিয়াও অৱহেলা কৰিব নালাগে।

(vi) প্ৰশংসা: ভাল কামত সমাজৰ পৰা প্রশংসা পায়।

৭। আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা।

উত্তৰঃ

দিব্যাংগসকলৰ সৰ্বাংগীণ উন্নতিৰ বাবে অসম, সর্বশিক্ষা অভিযান মিছনে লোৱা কেইটামান পদক্ষেপৰ বিষয়ে উল্লেখ কৰা হ’ল-

দিব্যাংগ বা বিশেষভাবে সক্ষম শিশু চিনাক্তকৰণ

বিদ্যালয়ত নামভৰ্তি কৰণ

সফল শিক্ষক নিয়োগ

বিশেষভাবে সক্ষম ছাত্রীক বৃত্তি প্রদান

দৃষ্টি বাধাগ্রস্তসকলৰ বাবে ব্রেইল পাঠ্যপুথি, ব্রেইল শিক্ষণ-শিকন সামগ্রী যোগান

সহায়ক সা-সঁজুলি, যেনে- শ্রৱণযন্ত্র, হুইল চেয়াৰ, তিনিচকীয়া চাইকেল, ফেন ইত্যাদি বিতৰণ।

জানো আহা-

প্রিন্সি, জুলী আৰু সংগ্রামজ্যোতিৰ দৰে শিলচৰৰ উদাৰবন্দৰ পংকজ চক্রবর্তীও তেনে এজন দিব্যাংগ লোক। দৃষ্টিহীন যদিও তেখেত একেধাৰে সুৰকাৰ, গীতিকাৰ আৰু গায়ক। তেখেতে ‘নজৰুল মেমোৰিয়েল মিউজিক একাডেমি’ প্রতিষ্ঠা কৰি ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগবঢ়াই নিয়াত আগভাগ লৈছে। সংগীতক পেছা আৰু নিচা হিচাপে লোৱা পংকজ চক্রবর্তীয়ে ‘কবি সুবদাস সম্মান’ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ মাননীয় ৰাজ্যপালে তেখেতক এই সম্মান প্রদান কৰে।

৮। বিশেষভাবে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাব আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা।

উত্তৰঃ দিব্যাংগ বা বিশেষভাৱে সক্ষমসকল সমাজৰে অংগ আৰু সমাজত জীয়াই থকাৰ তেওঁলােকৰাে অধিকাৰ আছে। তেওঁলােক সাধাৰণ মানুহৰ দৰে সক্ষম নহ’লেও বিশেষ এক ধৰণে সক্ষম আৰু আত্মবিশ্বাসেৰে কৰ্ম কৰি জীয়াই থাকে। সেয়ে এনে লােকক মই যথেষ্ট আদৰ আৰু সন্মান কৰো।

কেইটামান জানিবলগীয়া কথা

৩ ডিচেম্বৰত ‘আন্তর্জাতিক অক্ষম-ব্যক্তিৰ দিৱস’ পালন কৰা হয়।

‘১৯৯৫ চনৰ আইন’ অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিয়ে আন ব্যক্তিৰ সমানে সুযোগ, সুৰক্ষা, অধিকাৰ লাভ কৰিব আৰু সকলোতে অংশগ্রহণ কৰিব পাৰিব। ৩% ভূমি বিশেষভাবে সক্ষম ব্যক্তির বাবে সংৰক্ষিত থাকিব।

৮০% শতাংশতকৈ অধিক অক্ষমতা থকা ১৮ বছৰৰ উৰ্দ্ধৰ লোকৰ বাবে ‘ইন্দিৰা গান্ধী জাতীয় অক্ষমতা পেন্সন আঁচনি’ৰ ব্যৱস্থা কৰা হৈছে।

‘২০০৬ বিশেষভাবে ৰাষ্ট্ৰীয় সক্ষম লোকৰ সুৰক্ষা নীতি’ অনুসৰি অক্ষমতাৰ প্ৰতিৰোধ, সুৰক্ষাৰ উপায়, অক্ষম নাৰী আৰু শিশু আদিৰ সংস্থাপন আৰু সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে।

৯। ধৰা, তোমাৰ বিদ্যালয়ত ছাত্র এজনে বাষ্ট্রীয় পর্যায়ত সংগীত প্রতিযোগিতাত পুৰস্কৃত হৈছে। তেওঁৰ এই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাৎকাৰ কেনেকৈ ল’বা তাৰে এটা আৰ্হি প্রস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১০। শিক্ষা-দীক্ষা, খেলা-ধূলা, সৃষ্টিশীল সাহিত্য, ছবি আঁকা আদিত পাৰদৰ্শিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Q1: What is the main theme of Class 7 Assamese Chapter 10 প্রত্যাহ্বান?

The chapter centers on the themes of overcoming challenges, resilience, and the power of determination in the face of adversity.

Q2: How does প্রত্যাহ্বান reflect Assamese culture?

This chapter incorporates elements of Assamese values such as perseverance and strength, highlighting moral lessons that are deeply rooted in the culture.

Q3: Why is Class 7 Assamese Chapter 10 important for SEBA students?

It helps students understand the importance of resilience, determination, and the ability to confront challenges, fostering life skills and personal growth.

Q4: Where can I find Class 7 Assamese প্রত্যাহ্বান solutions?

Detailed textbook solutions, MCQs, and a comprehensive chapter summary for SEBA Assam students are available on this page.

Q5: Where can I find solutions for all subjects?

To access solutions for all subjects, Click Here

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top