SEBA Class 7 Assamese Chapter 11 গছ ভালপোৱা ককাৰ খং Solutions & Summary
Find the solutions for Class 7 Assamese Chapter 11 “গছ ভালপোৱা ককাৰ খং” for SEBA Assam and SCERT Assam. This chapter narrates an intriguing story about a crow’s love for a tree, offering valuable lessons on nature, respect, and understanding. Our solutions provide detailed textbook answers, multiple-choice questions (MCQs), and a thorough chapter summary, helping students connect with the story and prepare for their exams.
Class 7 Assamese
Chapter – 11 Ospin Academy
গছ ভাল পোৱাৰ ককাৰ খং
ক-পাঠভিত্তিক ক্রিয়া |
---|
১। কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
২। কবিতাটো ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৩। কোৱা আৰু লিখা।
(ক) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে?
উত্তৰঃ কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে।
(খ) আমলখি গছজোপা কিয় কাটিলে?
উত্তৰঃ আমলখি গছজোপা পিছে ৰভাখন দিবলৈকে কাটিলে।
(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে?
উত্তৰঃ বোৱাৰী আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে।
(ঘ) সহজতে কি বস্তু ঘূৰাই নাপাৰ বুলি ককাই কৈছে?
উত্তৰঃ সহজতে আমলখি গছজোপা ঘূৰাই নাপাৰ বুলি ককাই কৈছে।
৪। কোৱা আৰু লিখা।
(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল?
উত্তৰঃ বিয়া খাবলৈ আহি ককাই দেখিলে যে ৰঘুনাথে ৰভাখন দিবৰ বাৱে আমলখি গছজোপা কাটি দিলে সেইকাৰণে ককাৰ বৰ খং উঠিছিল।
(খ) বিয়া ঘৰত ককাই কিয় একো নাখালে?
উত্তৰঃ আমলখি গছজোপা কটাৰ বাবে খং কৰি বিয়াঘৰত ককাই একো নাখালে।
(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল?
উত্তৰঃ খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীর্বাদ দিব বিচাৰিছে।
৫। তলৰ কবিতা ফাকি গদ্যৰূপত লিখা-
‘আলহী-অতিথি যাব
ৰভা নাইকিয়া হ’ব
বোৱাৰীয়ে ঘৰখন
দিবহি পূৰাই,
পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই?’
উত্তৰঃ আলহী – অতিথি যােৱাৰ পাছত ৰভাখন নাইকিয়া হ’ব। বােৱাৰী আহি ঘৰখন পূৰাই দিবহি। তেতিয়া ককাই কলে যে ৰঘুনাথ কোৱাচোন , সহজতে আমলখি গছজোপা আৰু ঘূৰাই পাবানে?
৬। কবিতাটোৰ মূলভাব লিখা।
উত্তৰঃ ৰঘুনাথে নিজৰ পুতেকৰ বিয়া পাতিবলৈ লৈ ৰভাপতাৰ বাবে অসুবিধাৰ হোৱাৰ কাৰণে ৰভাৰ ঠাইত থকা এটি আমলখি গছজোপা কাটি পেলালে। এই গছ কটা দেখি গছ ভালপোৱা ককাজনৰ বৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব।
৭। বাক্য ৰচনা কৰা:
এজোলােকা, আলহী – অতিথি, সহজতে, ৰভা।
উত্তৰঃ (i) এজোলােকা: বিয়ালৈ গৈ কবিয়ে দৰাক এজোলােকা আশীর্বাদ দিলে।
(ii) আলহী – অতিথি: বিয়া – সবাহত ঘৰখন আলহী – অতিথিৰে ভৰি পৰে।
(iii) সহজতে: হেৰাই যােৱা সুবিধা সহজতে ঘূৰাই পােৱা নাযায়।
(iv) ৰভা: বিয়া – সবাহত গাঁও অঞ্চলত একোখন ৰভা দিয়া হয়।
জানো আহা- ‘বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই’? আকাৰান্ত ধাতুত ‘ই’ প্রত্যয় যোগ কৰি অসমাপিকা ক্রিয়া গঠন কৰা হয়। ওপৰৰ কবিতা দুশাৰীত থকা ‘পূৰাই’ আৰু ‘ঘূৰাই’ অসমাপিকা ক্রিয়া দুটিৰ গঠন চাওঁ আহা। ইয়াত ‘পূৰ’ আৰু ঘূৰ’ ধাতুত প্রথমে ‘আ’ যোগ হৈ ক্রমে ‘পূৰা’ আৰু ‘ঘূৰা’ পাচনি ধাতু গঠিত হৈছে। এই পাচনি ধাতু দুটাত ‘ই’ প্রত্যয় যোগ হৈ ক্রমে ‘পূৰাই’ আৰু ‘ঘূৰাই’ অসমাপিকা ক্রিয়া গঠিত হৈছে। |
---|
৮। ‘ক’-অংশৰ লগত ‘খ’-অংশৰ অৰ্থৰ মিল থকা শব্দবোৰ আঁচ টানি মিলোৱা-
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
ৰভা |
দৰব |
দৰা |
বৃক্ষ |
গছ |
বৰ |
ঔষধ |
কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি |
উত্তৰঃ
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
ৰভা |
কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি |
দৰা |
বৰ |
গছ |
বৃক্ষ |
ঔষধ |
দৰব |
৯। তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদবে বুজাবা কোৱা।
উত্তৰঃ আমাৰ ওচৰ চুবুৰীয়াই গছ কাটিলে এনেদৰে বুজাম গছে আমাক সকলো ধৰণৰ সুবিধা দিয়ে। গছে আমাক সকলোকে অক্সিজেন দিয়ে আৰু জুই জ্বলা বলৈ খৰি দিয়ে আৰু বস্ত্ৰ কাৰণে কপাহ দিয়ে।
১০। ‘কেৱল বৃক্ষৰোপণ কৰিলেই নহয়, তাক প্রতিপালন কৰাটোও আমাৰেই দায়িত্ব’ কথাষাৰ দলীয়ভাবে আলোচনা কৰা আৰু দলৰ এজনে বর্ণনা কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
১১। ‘গছ আমাৰ পৰম মিত্র’- এই বিষয়টো লৈ শ্রেণীত পতা তর্ক প্রতিযোগিতাত অংশগ্রহণ কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
১২। আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ বিষয়ে লিখা।
উত্তৰঃ আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ নাম হ’ল-
১। শিলিখা।
২। কমলা।
৩। কঁঠাল।
৪। আম।
৫। কল।
১৩। কিছুমান গছৰ ফল-ফুল, ডাল-পাত, গা-গছ আদি আটাইবোৰ অংশই আমাৰ বাবে অতি উপকাৰী। ‘কলগছ’ তেনে এবিধ উপকাৰী গছ। কলগছৰ উপকাৰিতাৰ বিষয়ে দলত আলোচনা কৰি তলৰ তালিকাখন পূৰ কৰা।
গছৰ |
ফল |
ফুল |
পাত |
গা-গছ |
---|---|---|---|---|
কলগছ |
উত্তৰঃ
গছৰ |
ফল |
ফুল |
পাত |
গা-গছ |
---|---|---|---|---|
কলগছ |
কলগছৰ ফলক কল বােলা হয়। বহু প্রকাৰৰ কল আছে। আঠিয়া বা ভীমকল কেঁচুৱাকে ধৰি সকলাে লােকৰে বৰ পুষ্টিকৰ। বাকী সকলাে কলেই মানুহকে ধৰি অন্য জন্তুৰাে পুষ্টিকৰ খাদ্য। প্রসাদ হিচাপেও কল পুজা – পার্বণ আদিত ব্যৱহাৰ কৰা হয়। কাছকল তৰকাৰী কৰিও খােৱা হয়। |
কলগছৰ ফুলক কলফুল তথা কলডিল বােলে। ই অতি ভিটামিনযুক্ত পাচলি৷ ইয়াক ভাজি, খাৰ কৰি আৰু অন্যভাৱেও সিদ্ধ কৰি খাব পাবি। |
কল গছৰ পাত আমি পূজা কৰোঁতে ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা আমি পথাৰত ভাত খোৱা সময়তো ব্যৱহাৰ কৰোঁ। |
কলগছ বৰ উপকাৰী। হাতীৰ ই প্রধান খাদ্য। আনহাতে পুলি কলগছ পচলা হিচাপে মানুহে ৰান্ধি খােৱাৰ উপৰি ইয়াৰ মূৰা আৰু গা – গছ ফালি ৰ’দত শুকাই পুৰি কলাখাৰ তৈয়াৰ কৰে। সকাম নিকামত ইয়াৰ দোনা বা পটুৱা খাদ্য খােৱাৰ আৰু শৰাই আদি আপনাত আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। |
১৪। সাঁথৰ ভাঙা:
(ক) খাল – বিল শুকাই গ’ল,
গছৰ আগত পানী ৰ’ল।
উত্তৰঃ নাৰিকল।
(খ) ৰজাৰ লাঠি
ঘন ঘন গাঁঠি,
উত্তৰ কুঁহিয়াৰ।
১৫। যিকোনো শুভ কার্য বা অনুষ্ঠানৰ শুভাৰম্ভ এজোপা গছপুলি ৰোপণেৰে কৰিব পাৰি। তোমালোকে জন্মদিনৰ দিনাও একোটিকৈ গছপুলি ৰোপণ কৰিবা। জন্মদিনৰ বাহিৰে আৰু কি কি শুভদিনত গছ ৰোপণ কৰিব পাৰি দলত আলোচনা কৰি এখন আঁচনি (পৰিকল্পনা) প্রস্তুত কৰা।
গছপুলি ৰোপণ কৰা আঁচনি–
তাৰিখ |
উৎসৱ/উপলক্ষ্য |
---|---|
জানুৱাৰী |
বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত |
উত্তৰঃ
তাৰিখ |
উৎসৱ/উপলক্ষ্য |
---|---|
২ জানুৱাৰী |
বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত |
২১ মাৰ্চ |
বিশ্ব বন দিৱস |
২২ এপ্ৰিল |
ধৰিত্ৰী দিৱস |
৫ জুন |
বিশ্ব পৰিবেশ দিৱস |
ঘ-প্রকল্প |
---|
১৬। তুমি থকা ঠাইখনৰ ওচৰে-পাজৰে থকা গছ-গছনিবোৰৰ নামৰ এখন তালিকা প্রস্তুত কৰা। যদি তোমালোকৰ ওচৰত গছবোৰ নাথাকিলেহেঁতেন, তেতিয়া কেনেকুৱা হ’লহেঁতেন দলত আলোচনা কৰি লিখা।
উত্তৰঃ মই থকা ওচৰ-পাজৰে থকা গছ – গছনিৰ নাম হল- আম, নাৰিকল, তামােল, কঁঠাল, কলগছ, আমলখি, শিলিখা, লেচু, মহানিম, নিম, কাজী নেমু, গােল নেমু, নাহৰ, চিৰিচ গছ, নৰসিংহ, ইত্যাদি।
যদি মই থকা ওচৰত গছবোৰ নাথাকিলেহেঁতেন, তেতিয়া বৰ বেয়া লগা মন হলে হেঁতেনে কাৰণ গছ-গছনি আমাৰ মিত্ৰ। গছে কথা পাতিব নোৱাৰিলেও আমাক নানা ধৰণৰ অসুবিধাত সহায় কৰে।
১৭। গছ সংৰক্ষণৰ বাবে পাঁচটা শ্লোগান প্রস্তুত কৰা।
উত্তৰঃ গছ সংৰক্ষণৰ বাবে ইয়াত পাঁচটা শ্লোগান হ’ল-
১। গছবোৰে জীৱন বজাই ৰাখে, সংৰক্ষণ আমাৰ কৰ্তব্য।
২। প্ৰকৃতিৰ সৌন্দৰ্য সুৰক্ষিত কৰক, গছবোৰ সংৰক্ষণ কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।
৩। জীৱন সংৰক্ষণৰ বাবে গছবোৰ সংৰক্ষণ কৰক।
৪। এটা গছ, এটা জীৱন, এটা গ্ৰহ।
৫। গছৰ সংৰক্ষণ হৈছে মানৱতাৰ দায়িত্ব।
১৮। ড° ভবেন্দ্রনাথ শইকীয়াই ৰচনা কৰা শিশু-সাহিত্যসমূহ আৰু তেওঁ পৰিচালনা কৰা কথা ছবিৰ নাম সংগ্ৰহ কৰি এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ
শিশুৰ সাহিত্য সমূহ |
কথা ছবিৰ নাম |
---|---|
নন্টে ফন্টেৰ প্ৰথম অভিযান। |
শ্ৰীংখাল (দ্য কুইভাৰ) |
জাতিংগা গল্প |
মণ্টু বাগিচা |
মন্টু বাগিচা। |
|
অংকীয়া নাট |
|
Q1: What is the main theme of Class 7 Assamese Chapter 11 গছ ভালপোৱা ককাৰ খং?
The chapter emphasizes the bond between nature and animals, focusing on respect for the environment and the lessons we can learn from it.
Q2: How does গছ ভালপোৱা ককাৰ খং reflect Assamese culture?
This chapter showcases Assamese values of harmony with nature, respect for living beings, and the importance of environmental conservation.
Q3: Why is Class 7 Assamese Chapter 11 important for SEBA students?
It helps students understand the relationship between humans, animals, and nature, fostering a sense of responsibility towards the environment.
Q4: Where can I find Class 7 Assamese গছ ভালপোৱা ককাৰ খং solutions?
Detailed textbook solutions, MCQs, and a comprehensive chapter summary for SEBA Assam students are available on this page.
Q5: Where can I find solutions for all subjects?
To access solutions for all subjects, Click Here