SEBA Class 7 Assamese Chapter 13 প্রাকৃতিক দুর্যোগ Solutions & Summary
Explore the solutions for Class 7 Assamese Chapter 13 “প্রাকৃতিক দুর্যোগ” for SEBA Assam and SCERT Assam. This chapter deals with natural disasters, their causes, and the impact they have on human life and the environment. It also discusses the importance of disaster preparedness and resilience. Our solutions provide detailed textbook answers, multiple-choice questions (MCQs), and a well-explained chapter summary, helping students understand the importance of awareness and preparation for natural calamities.
Class 7 Assamese
Chapter – 13 Ospin Academy
প্রাকৃতিক দুৰ্যোগ
ক-পাঠভিত্তিক ক্রিয়া |
---|
১। উত্তৰ দিয়া।
(ক) অসমত প্রলয়ংকৰী ভূমিকম্প হোৱা চন দুটা কি কি?
উত্তৰঃ অসমত প্রলয়ংকৰী ভূমিকম্প হোৱা চন দুটা হ’ল- ১৮৯৮ আৰু ১৯৫০।
(খ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল?
উত্তৰঃ ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল খাছীয়া জয়ন্তী পাহাৰত আছিল।
(গ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল?
উত্তৰঃ ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভূমিকম্প হৈছিল।
(ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল?
উত্তৰঃ ১৯৫০ চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল।
২। তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা।
(ক) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল?
উত্তৰঃ ১৮৯৭ চনৰ ভূমিকম্প হোৱাৰ লগতে চানডুবি বিল সৃষ্টি হল।
(খ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ ১৯৫০ চনত ভূমিকম্পৰ ফলত গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ফলত অসমত প্রলয়ংকৰী বানপানী হৈছিল আৰু বহুত নদীৰ গতিপথ পৰিৱৰ্তন হৈছিল।
(গ) ‘ছুনামি’ কি?
উত্তৰঃ সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদ্দ্গীৰণ আৰু সমুদ্র গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবলঢৌক ছুনামি বুলি কয়।
(ঘ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাব পেলাইছিল?
উত্তৰঃ ভাৰতবৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰতবৰ্ষৰ তামিলনাড়ু, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলত ছুনামিয়ে প্ৰভাৱ পেলাইছিল।
খ-ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ) |
---|
৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা।
পাহাৰ, বনভোজ, চানডুবি বিল, আনন্দ, আতংক, ভূমিকম্প।
উত্তৰঃ (i) পাহাৰ: ৰামে পাহাৰ ভৈয়াম থকা ঠাইত থাকি ভাল পায়।
(ii) বনভোজ: বিদ্যালয়ৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষক- শিক্ষকত্ৰিয়ে বনভোজ খাবলৈ লৈ যায়।
(iii) চানডুবি বিল: অসমত ভূমিকম্প হোৱাৰ পাছত ১৮৯৭ চানডুবি বিল সৃষ্টি হৈছিল।
(iv) আনন্দ: বিহুৰ উৎসৱ আহিলে আমি সকলোৰে মন আনন্দ হৈ উঠে।
(v) আতংক: ভূমিকম্পৰ তীব্র জোকাৰণিয়ে আতংকৰ সৃষ্টি কৰে।
(vi) ভূমিকম্প: ১৯৫০ চনত ভাৰতত দ্বিতীয় ভূমিকম্প হৈছিল।
জানো আহা- পাঠত পোৱা তলৰ শব্দকেইটা কেনেকৈ গঠন হৈছে চোৱা- প্রকৃতি + ইক = প্রাকৃতিক। ৰূপান্তৰ + ইত = ৰূপান্তৰিত। জয়ন্ত + ঈয়া = জয়ন্তীয়া। সাবধান + তা = সাৱধানতা। ওপৰৰ উদাহৰণকেইটাত শব্দৰ পাছত প্রত্যয় লগ হৈ একোটা অর্থপূর্ণ শব্দ গঠন হৈছে। প্রথম শব্দটো হৈছে মূল শব্দ বা প্রকৃতি। এই মূল শব্দ বা প্রকৃতিৰ লগত একোটাকৈ প্রত্যয় সংযোগ কৰা হৈছে। এই সংযোজিত ৰূপটোৱেই হ’ল প্রত্যয়। যেনে- প্রকৃতি + ইক প্রাকৃতিক। ইয়াৰে প্রত্যয় হ’ল ‘ইক্’। |
---|
৪। উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অর্থ জানি লোৱা।
(ক)
উত্তৰঃ
শব্দ |
অৰ্থ |
---|---|
সাৱধানতা |
সতর্কতা , তৎপৰতা |
বিচ্ছিন্নতা |
বেলেগ, এৰা-এৰি |
বিভিন্নতা |
নানানতা |
বিশালতা |
বিস্তৃতি , বৃহত্তম |
প্ৰসাৰতা |
বিস্তাৰিত |
জানো আহা- ‘জম্মু-কাশ্মীৰ আৰু গুজৰাট ৰাজ্য ভূমিকম্পপ্রৱণ অঞ্চল হিচাপে চিহ্নিত হৈছে।’ ‘প্রাকৃতিক দুর্যোগসমূহৰ ভিতৰত ভূমিকম্প বা ভূঁইকপ অন্যতম।’ ওপৰৰ বাক্য দুটালৈ চোৱা। ইয়াৰ প্ৰথম বাক্যটোত ‘আৰু’ আৰু দ্বিতীয় বাক্যটোত ‘বা’ এই দুটা শব্দই বাক্যকেইটাক সংযোগ আৰু বিযোজক কৰিছে। বাক্যকেইটাত ‘আৰু’ শব্দই বাক্যত যোৰা লগোৱা আৰু ‘বা’ শব্দটোৱে এটাৰ সলনি আনটো ব্যৱহাৰ হোৱা বুজাইছে। এই আৰু বা বা শব্দ দুটাত কোনো বিভক্তি চিন যোগ হোৱা দেখা নাই। নাইবা এনে শব্দত কোনো লিংগ আৰু বচন আদি একোবেই নাথাকে। সেইবাবে এনেধৰণৰ শব্দবোৰক অব্যয় পদ বোলে। তলত অব্যয় পদৰ ভাগসমূহৰ নাম আৰু উদাহৰণ দিয়া হ’ল- সংযোজক বা যোজক অব্যয়: দুটা বা তাতকৈ বেছি শব্দ বা বাক্য যোগ কৰে। যেনে- আৰু, এতেকে, কাৰণ, যদি, কিয়নো, গতিকে ইত্যাদি। উদাহৰণ হৰি আৰু মই গুৱাহাটীলৈ যাম। বিযোজক অব্যয়: দুটা পদ বা বাক্যক পৃথক কৰে। যেনে- বা, নাইবা, অথবা, কিম্বা আদি। উদাহৰণ- এটা পদুম ফুল বা এখিলা পাণ আঁকা। ভাববোধক অব্যয়: মনৰ ভাব প্রকাশ কবে। যেনে-হায় হায়, আঃ, উঃ, ইস্, বাঃ বাঃ, ছিঃ ছিঃ আদি। উদাহৰণ বাঃ বাঃ কি বঢ়িয়া খেল। সম্বোধনবোধক অব্যয়: সম্বোধনৰ বাবে ব্যৱহাৰ হয়। যেনে- হেব, হেবা, ঐ, ঔ, হে, ইয়েবা আদি। উদাহৰণ- হেৰা ল’ৰা, গৰুকেইটা খেদি দিয়া। প্রশ্নবোধক অব্যয়: কোনো কথা সোধা বা প্রশ্ন কৰাত ব্যৱহাৰ হয়। যেনে- নে, নেকি, জানো, কেনে, কোন ইত্যাদি। উদাহৰণ- তুমি ভাত খাবা নে? সন্মতিসূচক অব্যয়: সন্মতি প্রকাশ কৰাত ব্যৱহাৰ হয়। যেনে- এবা, বাক, হয়, ও আদি। উদাহৰণ- এবা, তুমি ঠিকেই কৈছা। সময়সূচক অব্যয়: সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ হয়। যেনে- এতিয়া, যেতিয়া, কেতিয়া, অথনি আদি। উদাহৰণ- তুমি ঘৰলৈ কেতিয়া আহিবা? |
---|
৫। তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা।
ফবিদা – হেৰা মনু, তুমি কেনেকৈ যাবা?
মনু – বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ।
ফবিদা – পিছে মই এতিয়া নাযাও দিয়া।
মনু – বাৰু, হ’ব দিয়া।
ফৰিদা- উঃ, আজি যে কি গৰম। মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবা নে?
মনু – হয়, দিছোঁ ৰ’বা।
ফবিদা – তুমি কাৰ লগত বজাৰলৈ যাবা?
মই – আৰু শেবালি একেলগে যাম।
উত্তৰঃ
হেৰা মনু, তুমি কেনেকৈ যাবা? |
সম্বোধনবোধক অব্যয়। |
---|---|
বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ। |
সময়সূচক অব্যয়। |
পিছে মই এতিয়া নাযাও দিয়া। |
বিয়োজক অব্যয়। |
বাৰু, হ’ব দিয়া। |
ভাৱবোধক অব্যয়। |
উঃ, আজি যে কি গৰম। মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবা নে? |
প্ৰশ্নবোধক অব্যয় |
হয়, দিছোঁ ৰ’বা। |
সন্মতিসূচক অব্যয় |
তুমি কাৰ লগত বজাৰলৈ যাবা? |
প্ৰশ্নবোধক অব্যয় |
আৰু শেবালি একেলগে যাম। |
সংযোজক অব্যয় |
৬। পাঠত থকা যুৰীয়া শব্দবােৰ বিচাৰি লিখা।
উত্তৰঃ পাঠত থকা যুৰীয়া শব্দবােৰ হ’ল-
(i) চহৰ – নগৰ।
(ii) ঘৰ – দুৱাৰ।
(iii) হাজাৰ – হাজাৰ।
(iv) লাহে – লাহে।
(v) জম্মু – কাশ্মীৰ।
(vi) মুখে – মুখে।
(vii) উঠা – নমা।
(viii) ক্ষয় – ক্ষতি।
(ix) আলৈ – আহুকাল।
গ-জ্ঞান সম্প্রসাৰণ |
---|
জানো আহা- ভূমিকম্প সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞানীসকলক ভূমিকম্প বিজ্ঞানী (ছিজম’লজিস্ট) বোলে। ভূমিকম্পৰ প্রবলতা যিটো হিচাপত জোখ লোবা হয়, তাক ‘ৰিষ্টাৰ স্কেল’ বুলি কোৱা হয়। চার্লছ ৰিখটাৰে এই স্কেল আৱিষ্কাৰ কৰা বাবে ইয়াৰ নাম ‘বিষ্টাৰ স্কেল’। NDRF-The National Disaster Response Force (বাষ্ট্রীয় দুর্যোগ প্রশমন ব্যৱস্থাপনা বাহিনী) – দেশত সংঘটিত হোৱা প্রাকৃতিক দুর্যোগ, দুর্ঘটনা (স্কুল, জল) আৰু বিপদৰ আগৰ আৰু পাছৰ সময়ত উদ্ধাৰ কাৰ্যৰ বাবে নিয়োজিত প্রশিক্ষণপ্রাপ্ত এটা বাহিনী। এই বাহিনীয়ে ছুনামি, ভূমিকম্প, বানপানী, ভূমিস্খলন, গৰাখহনীয়া আদি দুর্যোগৰ সময়ত উদ্ধাৰ কাৰ্যত সেৱা আগবঢ়ায়। SDRF State Disaster Response Force (বাজ্যিক দুর্যোগ প্রশমন বাহিনী) – ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী সঞ্চালকৰ অধীনত আৰক্ষী, নদী আৰক্ষী, অগ্নি নির্বাপক বাহিনী আৰু প্রশাসনিক বিষয়াবে সম্মিলিত উদ্ধাৰকাৰী বাহিনী। এই বাহিনীয়েও হুনামি, ভূমিকম্প, বানপানী, গৰাখহনীয়া ‘আদি দুর্যোগৰ সময়ত উদ্ধাৰ কার্যত সেৱা আগবঢ়ায়। |
---|
৭। তােমালােকে ভূমিকম্প, বানপানী আৰু ধুমুহা – বতাহ আদিৰ পৰা পােৱা অভিজ্ঞতা সমূহ কোৱা।
উত্তৰঃ ভূমিকম্প: ভূমিকম্প হলে আমি ভয়তে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মা – দেউতাহঁতৰ ওচৰত খালী ঠাইত বহু আৰু মা – দেউতাহঁতে ভগবানৰ নাম লােৱা দেখিলে আমি ভয়তে ভগৱানৰ নাম লওঁ। কিছুমানে আকৌ হৰি বােল হৰি বোল বুলি হৰিধ্বনি দিয়া শুনাে , —নামঘৰত নাগাৰাতাে কোবাই শব্দ কৰা শুনাে ।
বানপানী: বানপানী হলে গােটেই ঠাইত পানী আৰু বোকা হৈ থাকে। ঘৰ – চোতাল, বাট – পথ বুৰাই পেলালেও ভয় লাগে। মানুহ আৰু পােহনীয়া জীৱ – জন্তুৰ বিলাই – বিপত্তা হৈ যায় সেইবোৰ দেখি বহুত দুখ লাগে।
বতাহ: বতাহ হ’ল বায়ুমণ্ডলৰ প্ৰাকৃতিক বৈশিষ্ট্য সলনি কৰা যিকোনো ৰাসায়নিক, ভৌতিক বা জৈৱিক কাৰকৰ দ্বাৰা ঘৰৰ ভিতৰৰ বা বাহিৰৰ পৰিৱেশ দূষিত কৰা ঘৰুৱা দহন যন্ত্ৰ, মটৰ গাড়ী, উদ্যোগিক সুবিধা আৰু বনজুই বায়ু প্ৰদূষণৰ সাধাৰণ উৎস।
৮। ভূমিকম্পৰ সময়ত মাৰা-দেউতাৰাই তোমালোকক কি কি কৰিবলৈ কয়?
উত্তৰঃ ভূমিকম্পৰ সময়ত মা – দেউতাৰাই আমাক ভিতৰৰ পৰা বাহিৰত ওলাবলৈ নিদিয়ে আৰু লগতে লাইটৰ, চিলিণ্ডাৰৰ চুইচ বন্ধ কৰিবলৈ, জুই থাকিলে তৎক্ষণাত পানী ঢালি নুমাই থবলৈ কয়।
৯। তলৰ ছবিখন চোৱা আৰু তাত দেখা দৃশ্যৰ আলমত পাঁচশাৰি বাক্য লিখি ছবিখনৰ নামকৰণ কৰা।
উত্তৰঃ (১) ল’ৰা ছােৱালীবােৰ স্কুললৈ যােৱাৰ সময়তেই প্রবল ধাৰে বৰষুণ আহিল।
(২) ফলত গােটেই চহৰখনৰ বাটপথ বুৰি গ’ল।
(৩) গাড়ী – মটৰবােৰাে চকা ডুবি যােৱাত চলাব নােৱাৰি ঠায়ে ঠায়ে ৰৈ থাকিল।
(৪) আলৰ বুঢ়া – বুঢ়ী দুগৰাকীয়ে টোকন ধৰি এজনী সৰু – ছােৱালীৰ হাতত ধৰি কোনাে কমে লাহে লাহে পানী আৰু বৰষুণৰ মাজেৰে গৈ আছে।
(৫) মাকহঁতে ল’ৰা – ছােৱালীৰ বেগবােৰ এহাতে লৈ আনহাতেৰে সিহঁতক ধৰি তিতি বুৰি পানীৰ মাজেৰে যাবলৈ চেষ্টা কৰিছে।
১০। ভূমিকম্পৰ ধ্বংসলীলা বা বানপানীৰ ধ্বংসলীলা সম্পর্কে বর্ণনা কৰি প্রত্যেকেই একোটা কবিতা, গল্প বা দফা একোটা প্রস্তুত কৰা।
উত্তৰঃ ভূমিকম্পৰ ফলত বিভিন্ন প্ৰভাৱ পৰে, যেনে মাটি কঁপোৱা আৰু মাটিৰ তৰলীকৰণ, যাৰ ফলত যথেষ্ট ক্ষতি আৰু জীৱন হেৰুৱাবলগীয়া হয়। যেতিয়া বৃহৎ ভূমিকম্পৰ কেন্দ্ৰবিন্দু সাগৰৰ পাৰত অৱস্থিত হয়, তেতিয়া সাগৰৰ তলৰ অংশ যথেষ্ট পৰিমাণে স্থানান্তৰিত হ’ব পাৰে যাতে চুনামীৰ সৃষ্টি হয়। ভূমিকম্পৰ ফলত ভূমিস্খলনৰ সূচনা হ’ব পাৰে।
১১। আকস্মিক বক্তৃতা প্রতিযোগিতাত অংশগ্ৰহণ কৰা।
বিষয়: বানপানী, ভূমিকম্প, ব্রহ্মপুত্র নদী, ধুমুহা, বতাহ, হিমালয় পর্বত, গণতন্ত্র দিৱস।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
ঘূর্ণীবতাহঃ ঘূর্ণীবতাহো এক প্রাকৃতিক দুর্যোগ। ভাৰত মহাসাগৰৰ জলপৃষ্ঠৰ ওপৰত এক বিশাল আকাৰৰ ঘূর্ণীবতাহ মাজে মাজে হৈ থাকে। সাগৰৰ জলপৃষ্ঠত বায়ুমণ্ডলৰ বেছি নিম্নচাপ থকা অঞ্চলক কেন্দ্ৰ কৰিয়েই ঘূর্ণীবতাহৰ সৃষ্টি হয়। পৰিৱেশ বিজ্ঞানৰ মতে চক্রাকাৰে জলপৃষ্ঠৰ ওপৰত ই আৰম্ভ হৈ ১০ মিটাৰমান ওপৰলৈ উঠি তীব্র গতিবে ঘূৰি ঘূৰি সাগৰীয় উপকূলৰ ফালে গতি কৰে। তোমালোকে বাতৰিকাকত আদিত ‘ফণী’ (Fani) ঘূর্ণীবতাহৰ কথা নিশ্চয় পঢ়িছা। ২৬ এপ্রিল, ২০১৯৩ আৰম্ভ হোৱা এই ঘূর্ণীবতাহটো যথেষ্ট শক্তিশালী আছিল। ইয়াৰ বাবে ক্ষতিগ্রস্ত হোৱা ঠাইসমূহ হৈছে বাংলাদেশ, শ্রীলংকা, পূৰ্বভাৰত। ফণীয়ে ভাৰতৰ উৰিষ্যাত যথেষ্ট ক্ষতি সাধন কৰিছে। বিশ্ব বতৰ সংস্থাই ঘূর্ণীবতাহৰ আগজাননী পোৱা মাত্রেই নির্দিষ্ট এলেকালৈ বাতৰি পঠিয়ায়। ইয়াৰ আগজাননী পোৱাৰ লগে লগে চৰকাৰে উপযুক্ত বাবস্থা লয় আৰু তেতিয়া ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস পায়। |
---|
১২। চাৰি/পাঁচজনীয়া দলত লগ হৈ প্রাকৃতিক দুর্যোগৰ ছবিসমূহ (পুৰণি আলোচনী, বাতৰিকাকতৰ পৰা) সংগ্ৰহ কৰি এখন চার্ট প্রস্তুত কৰা আৰু শ্ৰেণীকোঠাত আবি থোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
১৩। প্রাকৃতিক দুর্যোগ (বানপানী/ভূমিকম্প)ৰ সময়ত ল’বলগা সাৱধানতা সম্পর্কে লিখি পোষ্টাৰ প্রস্তুত কৰা। (দলীয়ভাবে)
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
Q1: What is the main theme of Class 7 Assamese Chapter 13 প্রাকৃতিক দুর্যোগ?
The chapter focuses on natural disasters, their causes, and how they affect the environment and human life, while emphasizing the need for disaster preparedness.
Q2: How does প্রাকৃতিক দুর্যোগ reflect Assamese culture?
The chapter highlights the challenges faced by Assamese communities due to natural disasters, and it underscores the importance of unity and resilience in the face of adversity.
Q3: Why is Class 7 Assamese Chapter 13 important for SEBA students?
It helps students understand the science behind natural disasters, their impact, and the significance of being prepared for such events, fostering critical thinking and awareness.
Q4: Where can I find Class 7 Assamese প্রাকৃতিক দুর্যোগ solutions?
Detailed textbook solutions, MCQs, and a complete chapter summary for SEBA Assam students are available on this page.
Q5: Where can I find solutions for all subjects?
To access solutions for all subjects, Click Here