SEBA Class 7 Assamese Chapter 15 গড়গাঁও Solutions & Summary
Explore the solutions for Class 7 Assamese Chapter 15 “গড়গাঁও” for SEBA Assam and SCERT Assam. This chapter discusses the historical significance of Gargaon, the former capital of the Ahom dynasty, highlighting its cultural heritage, architectural wonders, and its role in shaping Assamese history. Our solutions include detailed textbook answers, multiple-choice questions (MCQs), and a well-explained chapter summary to help students gain a deeper understanding of Assam’s rich historical background.
Class 7 Assamese
Chapter – 15 Ospin Academy
গড়গাঁও
ক-পাঠভিত্তিক ক্রিয়া |
---|
১। কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
২। ছন্দ, লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৩। তলৰ দফাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উত্তৰঃ ধোদৰ আলি আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত নির্মিত এটা আলি। এই আলিটো বর্তমানেও আছে। আলিটোৰ এমুৰে আছে বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু আনটো মূৰে আছে বৰ্তমানৰ গোলাঘাট জিলাৰ কমাৰবন্ধা। আলিটো দীঘলে প্রায় ২১০ কিল মিটাৰ। এই আলিটো স্বর্গদেৱে কাম- কাজ নকৰি শুই বহি থকা এচাম ধোদক বাধ্যতামূলকভাবে নিয়োগ কৰি নিৰ্মাণ কৰাইছিল। সেয়েহে সেই আলিটোৰ নাম ধোদৰ আলি হ’ল।
৪। উত্তৰ দিয়া-
(ক) গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে?
উত্তৰঃ গড়গাঁও কবিতাটি বিনন্দচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল।
(খ) গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়?
উত্তৰঃ গড়গাঁও কবিতাটিৰ ৰচকজনক ধ্বনি কবি বুলি জনা যায়।
(গ) মাৰ-নাও বুলিলে কি বুজা?
উত্তৰঃ মাৰ নাও বুলিলে বুজোঁ যে এখন বান্ধি লোৱা যোৰ নাও।
(ঘ) কবিতাটিত বর্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা।
উত্তৰঃ কবিতাটিত বর্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হ’ল – বিলত নগৰ হয়, নগৰত নৈ বয়, ধোদে ৰাজ আলি বান্ধে, কাৰেঙৰ দেৱাঁল গাঠে আৰু বৰনাও মাৰে।
(ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে?
উত্তৰঃ গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছে কাৰণ সেইখন ওলট পালট্ দেশ তাত বিভিন্ন ঘটনা ঘটে।
৫। চমু উত্তৰ দিয়া।
(ক) ‘দিখৌৰ সোঁতত যোৱা, ভটীয়নী বল পোৱা, উভতিব খোজে মাৰ-নাও’।
– মাৰ-নাও উভতিব খোজাৰ কাৰণ কি?
উত্তৰঃ মাৰ-নাও উভতিব খোজাৰ কাৰণ হ’ল- গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে।
(খ) ‘ওলট-পালট্ দেশ, কথাৰে নহয় শেষ, কটাৰীৰো ডাবে তাৰ কাটে’ বুলি কবিয়ে কি বুজাব খুজিছে?
উত্তৰঃ উক্ত কথাৰে কবিয়ে বুজাব খুজিছে যে ওলট-পালট দেশ বুলি কোৱাৰ কাৰণ হৈছে গড়গাঁৱত এটা নির্দিষ্ট নিয়মেৰে কোনো বস্তু পৰিচালিত নহয়। কটাৰীৰ ডাৱে কটাটো যেনে সম্ভৱ তেনে ইয়াৰ সকলাে মানুহৰ কাৰণেই সকলাে কাম কৰাটো সম্ভৱ আছিল।
(গ) ‘নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি, আদেশ মাথোন হয় ‘সাজ’
– কবিতাফাকিত থকা ‘সাজ’ শব্দই কি বুজাইছে?
উত্তৰঃ কবিতাফাকিত থকা ‘সাজ’ শব্দই সেইবিলাকক বুজাইছে কাৰেংঘৰ , অন্যান্য ঘৰ – দুৱাৰ , ৰাজধানী সুৰক্ষিত কৰিবলৈ ৰাজজধানী চাৰিওফালৰ গড় সজা।
(গ) অহা-যোৱা নাই তাত শেষ;
জনে জনে ভিন ভিন বেশ।
এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে?
উত্তৰঃ এই কথাফাকিৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে- কীর্তি কাহিনী আৰু মনােৰম ৰূপে দৃশ্য চাবলৈ নানানধৰণৰ বেশ ভুষাৰে অনবৰত মানুহ তালৈ অহা – যােৱা কৰি আছিল। মানুহৰ সোঁতৰ অন্ত নপৰিছিল।
৬। কবিতাটোৰ মূল কথাখিনি গদ্যত প্রকাশ কৰা।
উত্তৰঃ আহোম ৰাজ্যৰ কেইবাখনো ৰাজধানীৰ ভিতৰত গড়গাঁওখন আছিল অন্যতম। স্বৰ্গদেউসকলে নিজৰ ৰাজ্যৰ এই ৰাজধানীখন বৰ আটোম- ঢোকাৰিকৈ সজাইছিল। ৰজাৰ আদেশ তগৰ – চহৰ , গড় আদি নির্মাণ কার্যত মানুহবােৰ দিন – ৰাতি অনবৰত ব্যস্ত হৈ থাকে। লানি নিছিগা বনুৱাই হাঁহকণীৰ আঠাৰে চটা চটা ইটাৰে কাৰেংঘৰ আদি নির্মাণ কৰি আছে। মানুহবােৰৰ গাত অপাৰ শক্তি। বঠা নহ’লেও হাতেৰেই নাও বায়, অস্ত্র। নহ’লেও দাঁতেৰেই অস্ত্ৰৰ কাম কৰে। এই বিলাক কথা শুনি কৰি গৌৰৱত আত্মহাৰা হৈ পৰে।
৭। তলৰ দফাত থকা খালী ঠাই পূৰ কৰা।
(ক) বিদেশীৰ চকু থিৰ, ________ ওখ শিৰ,
________ মানুহৰ দেশ,
উজুটিত ভাগে ________ কোঢ়ালত হৰে মাত,
অহা-যোৱা নাই ________ শেষ;
জনে _________ _________জনে বেশ।
উত্তৰঃ বিদেশীৰ চকুথিৰ, স্বদেশীৰ ওখ শিৰ,
দেও-লগা মানুহৰ দেশ;
উজুটিত ভাগে দাঁত, কোঢ়ালত হৰে মাত,
অহা যােৱা নাই তাত শেষ;
জনে জনে ভিন ভিন বেশ।
(খ) সকলোৰে আছে ________,নোহোৱাৰ নাই নাম,
_______সদা পায় লাজ;
নাই দিন, নাই _________, নাই পানী, মাটি,
আদেশ ________হয় ‘সাজ’
ইচ্ছা _________ স্বৰ্গমহাৰাজ।
উত্তৰঃ সকলােৰে আছে কাম , নােহােৱাৰ নাই নাম,
কাপুৰুষে সদায় পায় লাজ;
নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি,
আদেশ মাথােন হয় “সাজ”
ইচ্ছা যেনে স্বর্গ মহাৰাজ।
৮। পাঠৰ পৰা অন্ত্যধ্বনিৰ মিল থকা শব্দবােৰ লিখা।
উদাহৰণ: দেশ – বেশ।
গড়গাঁও |
তল যাওঁ |
---|---|
হালে হালে |
পানী খালে |
থিৰ |
শিৰ |
যােৱা |
পােৱা |
দেশ |
শেষ |
ঘাটে |
বাটে |
কাম |
নাম |
লাজ |
সাজ |
ৰাতি |
মাটি |
হয় |
বয় |
আলি |
লালী |
সকলোটি |
মাটি |
হাত |
দাঁত |
৯। ‘ক’ অংশত দিয়া শব্দবোৰ ‘খ’ অংশৰ অৰ্থৰ লগত মিলোৱা।
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
ভটীয়নী |
শক্তিপোৱা |
বল পোৱা |
তল ওপৰ হোৱা বা কৰা |
মাৰ-নাও |
বহুলোকে একেলগে কৰা হাই-উৰুমী |
ওলট-পালট্ |
নিৰ্মান কৰা, প্ৰস্তুত কৰা |
বিদেশী |
নৈৰ ভাটি বা নামনিলৈ বৈ থকা |
শিৰ |
পৰদেশৰ, যিটো নিজৰ দেশৰ নহয় |
কোঢ়াল |
এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ |
সাজ |
এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোৰ-নাও |
ধোদ |
মূৰ |
উত্তৰঃ
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
ভটীয়নী |
নৈৰ ভাটি বা নামনিলৈ বৈ থকা |
বল পোৱা |
শক্তিপোৱা |
মাৰ-নাও |
এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোৰ-নাও |
ওলট-পালট্ |
তল ওপৰ হোৱা বা কৰা |
বিদেশী |
পৰদেশৰ, যিটো নিজৰ দেশৰ নহয় |
শিৰ |
মূৰ |
কোঢ়াল |
বহুলোকে একেলগে কৰা হাই-উৰুমী |
সাজ |
নিৰ্মান কৰা, প্ৰস্তুত কৰা |
ধোদ |
এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ |
খ-ভাষা অধ্যয়ন (ব্যাবহাৰিক ব্যাকৰণ) |
---|
১০। উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া–
উদাহৰণ: বিদেশ – বিদেশী।
বিশেষ্য |
বিশেষণ |
---|---|
স্বদেশ |
|
দেশ |
|
পাৰদেশ |
|
সুখ |
|
কপাহ |
|
আকাশ |
|
গোলাপ |
|
বাদাম |
|
দুখ |
উত্তৰঃ
বিশেষ্য |
বিশেষণ |
---|---|
স্বদেশ |
স্বদেশী |
দেশ |
দেশী |
পৰদেশ |
পৰদেশী |
সুখ |
সুখী |
কপাহ |
কপাহী |
আকাশ |
আকাশী |
গোলাপ |
গোলামী |
বাদাম |
বাদমী |
দুখ |
দুখী |
জানো আহা- অসমীয়া ভাষাত এনে কিছুমান শব্দ আছে যিবোবে একাধিক অর্থ প্রকাশ কৰে। যেনে– সাজ – নিৰ্মাণ কৰ। গঁড – নাকৰ ওপৰত খড়গ থকা জন্তু। সাজ – পোছাক গড় – শত্রুক বাধা দিবলৈ সজা ওখ আৰু দীঘল বেৰ সাঁজ – গধূলি গড় – আবাদ, খেতি নকৰা বা পতিত মাটি। সাজ – বাচন গড় – একে জাতীয় একাধিক সংখ্যাৰ সমষ্টিক শাৰী সংখ্যাবে হৰণ কৰি পোৱা ফল। |
---|
১১। বাক্য ৰচনা কৰা।
বাৰ (সপ্তাহৰ বাৰ)
পাৰ (নদীৰ পাৰ)
টকা (টকা-পইচা)
বাৰ (অ) (সংখ্যা)
পাৰ (তা) (চৰাই)
টকা (বাঁহৰ এবিধ বাদা)
উত্তৰঃ বাৰ ( সপ্তাহৰ বাৰ ): সপ্তাহৰ প্রতিটো বাৰৰ নাম বেলেগ বেলেগ।
(i) বাৰ (অ) (সংখ্যা): বাৰ মাহে এবছৰ হয়।
(ii) পাৰ (নদীৰ পাৰ): পানীৰ ঢৌত নদীৰ পাৰ খহি যায়।
(iii) পাৰ (অ) চৰাই: পাৰ এবিধ পােহনীয়া চৰাই।
(iv) টকা (টকা – পইচা): টকা – পইচা থাকিলেই মানুহ সুখী হ’ব নােৱাৰে।
(v) টকা (বাঁহৰ এবিধ বাদ্য): বিহুত ঢােল, পেপা, টকা আদি বজায়।
গ- জ্ঞান সম্প্রসাৰণ |
---|
জানো আহা- ‘গড়গাঁও’- গড়গাঁও বৰ্তমানৰ শিবসাগৰ জিলাত অৱস্থিত। ইয়াতেই এসময়ত আহোমসকলৰ ৰাজধানী আছিল। এতিয়াও তাত আহোম ৰাজপ্রাসাদৰ ধ্বংসাবশেষ দেখিবলৈ পোৱা যায়। |
---|
নাও শব্দৰ আগত আন শব্দ যোগ কৰি কিছুমান যুৰীয়া শব্দ গঠন কৰিব পাৰি। তলত তেনে কেইটামান যুৰীয়া শব্দ দিয়া হ’ল। মাৰ-নাও – এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোৰ-নাও বৰ-নাও – চৈ দিয়া ডাঙৰ নাও। খেল-নাও – নাও খেল প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ বিশেষভাৱে নির্মিত ৰং-বিৰঙৰ নাও। পাল-নাও – বতাহ লাগি নাও চলিবৰ কাৰণে কাপোৰ তৰি দিয়া নাও। হোলোং-নাও – এডাল কাঠ খুলি সজা ডাঙৰ নাও। |
---|
১২। দলত আলোচনা কৰি কোৱা।
(ক) জল পৰিবহণৰ ক্ষেত্ৰত নাৱে আমাক কেনেদৰে সহায় কৰে?
উত্তৰঃ জলপৰিবহণৰ ক্ষেত্ৰত নাৱে আমাক নদী ইপাৰ পৰা সিপাৰ লৈ যোৱাত সহায় কৰে। বস্তুবোৰ বেচা – কিনাত সহায় কৰে। তাৰােপৰি বানপানীৰ সময়ত মানুহ, জন্তু, বস্তু আদি উদ্ধাৰ কার্যত বৰ সহায়ক হয়।
(খ) তলত দিয়া ছবিবোৰত কি কি দেখিছা?
উত্তৰঃ প্ৰথম ছবিত নাৱত নাৱৰীয়া এজনে দুজন মতা মানুহ আৰু দুগৰাকী মহিলাক এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈ আছে।
দ্বিতীয় ছবিত বানপানী হোৱাৰ ফলত ঘৰ বাৰী সকলো ডুবি নষ্ট হোৱাৰ কাৰণে উদ্ধাৰ নাৱৰ যোগেদি পুৰুষ আৰু মহিলাসকলে বস্তুবাণী লৈ বেলেগ এখন সুৰক্ষিত ঠাইত যাবলৈ ওলাইছে।
তৃতীয় ছবিত দেখিবলৈ পাইছোঁ যে কিছুমান পুৰুষ সকলে জীৱ-জন্তুক লৈ বেপাৰ – বাণিজ্য কৰিবলৈ এখন চহৰলৈ লৈ গৈ আছে।
চতুৰ্থ ছবিত দেখিবলৈ পাইছোঁ যে কিছুমান মাছমৰিয়া সকলে জালৰ সৈতে মাছ ধৰি আছে।
জানো আহা- বিলত নগৰ হয়, নগৰত নৈ বয়____________ তোমালোকে ‘প্রাকৃতিক দুর্যোগ’ পাঠটোত কেনেদৰে ভূমিকম্পৰ ফলত পাহাৰো যে বিল হৈছে সেই কথা পাইছা। ‘চানডুবি’ বিলখনো তেনেকৈয়ে সৃষ্টি হৈছে। আজিকালি অবশ্যে মানুহেও পাহাব কাটি সমভূমি কৰিছে আৰু খাল-বিল পুতি নগৰ কৰিছে। |
---|
১৩। তোমালোকৰ ওচৰে পাজৰে খাল-বিল পুতি, পাহাৰ কাটি মানুহে ঘৰ-দুৱাৰ সজাৰ ফলত কি কি সুবিধা-অসুবিধা হোৱা দেখিছা, দলত আলোচনা কৰি লিখা।
উত্তৰঃ এই পাঠটোত বৰষুণৰ সময়ত অনেক দুঃস্থিতি উঠে। খাল-বিল পুতি ঘৰ-দুৱাৰ সজাৰ ফলত বৰষুণৰ সময়ত ওখ ঠাইত পানী বৈ গৈ পৰিবলৈ ঠাই নােহােৱা হৈছে। ফলত কোনাে পানী নুঠা ঠাইত, ঘৰ দুৱাৰ আদি, ৰাস্তা-পদূলি কৃত্রিম বানত ডুবি যায়, থকা-মেলা, খােৱা-বােৱা আৰু যাতায়াতত হঠাতে মানুহৰ নগুৰ-নাগতি হৈ পৰে। পাহাৰবােৰ কাটাৰ ফলত ভূমিস্খলন হৈ তলত থকা ঘৰ-দুৱাৰ পুতি পেলায়, মানুহৰ মৃত্যু ঘটায়। তাৰােপৰি গৰমৰ প্রকোপ বাঢ়ে, বৰষুণৰ পৰিমাণ সেই অঞ্চলত কমি যায়।
ঘ- প্রকল্প |
---|
১৪। শিৱসাগৰ জিলাৰ ৰজাদিনীয়া কীর্তি চিহ্নসমূহৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
১৫। স্বদেশপ্রেমমূলক আৰু বুৰঞ্জীমূলক কবিতা সংগ্রহ কৰি লিখা। লগতে কবিতাৰ নাম আৰু কবিৰ পৰিচয় লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
Q1: What is the main theme of Class 7 Assamese Chapter 15 গড়গাঁও?
The chapter explores the historical and cultural importance of Gargaon, the capital of the Ahom kingdom, showcasing its role in Assamese history.
Q2: How does গড়গাঁও reflect Assamese heritage?
This chapter highlights the architectural and cultural significance of Gargaon, emphasizing its contribution to Assamese identity and heritage.
Q3: Why is Class 7 Assamese Chapter 15 important for SEBA students?
It helps students understand the historical background of Assam, the Ahom dynasty’s contributions, and the importance of preserving cultural heritage.
Q4: Where can I find Class 7 Assamese গড়গাঁও solutions?
Detailed textbook solutions, MCQs, and a complete chapter summary for SEBA Assam students are available on this page.
Q5: Where can I find solutions for all subjects?
To access solutions for all subjects, Click Here