SEBA Class 7 Assamese Chapter 6 নোকোৱাৰ পৰিণাম Solutions & Summary
Find Class 7 Assamese Chapter 6 “নোকোৱাৰ পৰিণাম” solutions for SEBA Assam and SCERT Assam. This chapter explores the impact of refusal and denial in various life situations. Our solutions include detailed textbook answers, multiple-choice questions (MCQs), and a well-explained summary, helping students understand the deeper meaning of the story and prepare effectively for their exams.
Class 7 Assamese
Chapter – 6 Ospin Academy
নোকোৱাৰ পৰিণাম
ক-পাঠভিত্তিক ক্রিয়া |
---|
১। নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে কোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
২। নাটিকাখনিৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্রেণীত উপস্থাপন কৰা।
৩। উত্তৰ দিয়া।
(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল?
উত্তৰঃ হুনমিলি, শৈলহঁতে মালা গাঁঠী ছাৰ, বাইদেউ সকলক শ্রদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল।
(খ) ‘চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল।’- কথাষাৰি কোনে কাক কৈছিল?
উত্তৰঃ ‘চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল।’ উক্ত কথাষাৰ মালতীয়ে হুনমিলিক কৈছে।
(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?
উত্তৰঃ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত ‘তেজৰে কমলাপতি ‘এই বৰগীতটি গাইছিল।
(ঘ) নাচি থাকোঁতে কোন মূর্ছা গৈছিল?
উত্তৰঃ নাচি থাকোতে শৈলবালা মূর্ছা গৈছিল।
(ঙ) শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?
উত্তৰঃ শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম মৃগী বেমাৰ।
(চ) ‘সময়ৰ টিকনিডাল হেনো আগফালে উৰে’ এই বাক্যশাৰী কোনে, কি প্রসংগত কৈছিল?
উত্তৰঃ এই কথাষাৰ হুনমিলিয়ে শৈলবালাক কৈছিল।
৪। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা।
‘কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে।
সময়ত ই হয়গৈ সর্বনাশৰ মূল।’
উত্তৰঃ ‘কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সর্বনাশৰ মূল।’ এই দুটা বাক্য পৰস্পৰে এটি অসংগতি দৰ্শায়। প্ৰথম বাক্যটোত কু-সংস্কাৰ আৰু লোকৰ নিন্দাৰ ভয়ৰ পৰা সন্তানৰ বেমাৰ লুকুৱাই থাকাৰ কথা ক’ৰা হৈছে, যেনে লোকৰ অধিকাংশ সন্তানৰ বেমাৰ লুকুৱাই থাকে। দ্বিতীয় বাক্যটোত সময়ৰ অস্তিত্ব শেষ হৈ যায় বুলি ক’ৰা হৈছে। এই বাক্য দুটাৰ মাজত সংগতি নাই।
৫। মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্রধান শিক্ষয়িত্রীয়ে কি বুলি বাধা দিছিল?
উত্তৰঃ মালতীয়ে শৈলবালাক চেন্দেল শুঙাবলৈ উদ্যত হওঁতে প্রধান শিক্ষয়িত্রীয়ে কৈছিল যে চেন্দেল পাত মুখত লগাবানে বনৌষধি কিবা এবিধ লগোৱাৰ কথা হলেওঁ বেলেগ কথা।
৬। দলত আলোচনা কৰি লিখা।
উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ’ব পাৰে?
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
খ ভাষা অধ্যয়ন (ব্যাবহাৰিক ব্যাকৰণ) |
---|
জানো আহা- ‘_______বাধকৰোঁ মাক-দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই’। পাঠত পোৱা ওপৰৰ বাক্যটোত থকা দেউতাকে পদটো সম্বন্ধবাচক, দেউতা শব্দটোৰ লগত প্রথমতে ক আৰু তাৰ পাছত -এ বিভক্তি লগ লাগি গঠিত হৈছে। সম্বন্ধবাচক শব্দত বিভক্তি লগাই কথা কোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য। সেইকাৰণে ককা, আইতা, ভাই, ভনী, খুৰা, খুৰী আদি বিশেষ্য শব্দ যাৰ লগত সম্বন্ধযুক্ত হয়, তাৰ মান অনুসৰি অনাদৰত -ব. এব, আদবত -বা -এবা আৰু মান্যার্থত ক, অক লগ লাগে। তাৰ পাছতহে কাৰক বিভক্তি যোগ হয়। উদাহৰণ স্বৰূপে তোৰ দেউতাবে (দেউতা+ব+এ) খেতি-বাতি কৰিছিল। তোমাৰ আইতাৰাই (আইতা+বা+ই) বিয়ানাম গাইছে। তেওঁৰ ককাকে (ককা+ক+এ) সাধুকথা কয়। তেখেতৰ খুৰাকে (খুৰা+ক+এ) বেহেলা বজায়। সিহঁতৰ মাকে (মা+ক+এ) তাঁত বয়। |
---|
৭। তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা
মাৰা, ভায়েৰ, ভনীয়েৰা, খুড়ীয়েকক
উত্তৰঃ (i) মাৰা = মা + ৰা।
(ii) ভায়েৰা = ভাই + এ + ৰা।
(iii) ভনীয়েৰা = ভনী + এ + ৰা।
(iv) খুৰীয়েকক = খুৰী + এ + ক + ক।
জানো আহা-
(ক) সর্বনাশ। চেন্ডেলপাটি মুখত লগাবানে?
(খ) শৈল, ফোঁটটো লৈ লোৱা।
(গ) এৰা, ৰিহাখন ঠিক-ঠাক কবি লওঁ ৰ’বা।
ওপৰৰ প্ৰথম বাক্যটোত চেন্ডেল শব্দৰ লগত লগ হোৱা পাট, ফোট শব্দৰ লগত টো আৰু বিহা শব্দৰ লগত খন যোগ হৈছে। এনেদবে শব্দত যোগ হোরা পাট, টো, খন আদিক নির্দিষ্টতাবাচক প্রতায় বোলে।
অসমীয়া ভাষাত ইয়াৰ বাহিৰে জন, জনী, গৰাকী, টো, টি, টা, কণ, কণি, খিলা, চটা, ডাল, ডালি, খন, খনি, গছ, গছি, পাট, পার্টি আদি বহুতো নির্দিষ্টতাবাচক প্রত্যয় আছে। (যিহেতু এইবোৰ মূল শব্দৰ পাছত বহে সেই কাৰণে, তাৰ আগত এডাল
(-) দিয়া হৈছে। কিন্তু প্রয়োগৰ সময়ত (-) ডালৰ প্রয়োজন নাই। যেনেঃ-পাট, চেন্ডেলপাট)।
৮। বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নির্দিষ্টতাবাচক প্রত্যয়বোৰ মিলোৱা।
ক |
খ |
---|---|
পান |
গৰাকী |
বহী |
জনী |
ল’ৰা |
খিলা |
ছোৱালী |
খন |
মহিলা |
টো |
উত্তৰঃ
ক |
খ |
---|---|
পান |
খিলা |
বহী |
খন |
ল’ৰা |
টো |
ছোৱালী |
জনী |
মহিলা |
গৰাকী |
৯। ‘চোৱাচোন। ফুলবোৰ কিমান সতেজ আৰু জীপাল।’ এই বাক্যটিত থকা ‘জীপাল’ শব্দটো জীপ শব্দৰ লগত ‘আল’ প্রত্যয় যোগ হৈ ‘জীপাল’ শব্দ গঠিত হৈছে।
তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা-
উত্তৰঃ
ৰস |
ৰসাল |
---|---|
ভয় |
ভয়াল |
উম |
উমাল |
খং |
খঙাল |
১০। নাটিকাখনিৰ প্রথম দৃশ্যৰ লগত থকা ছবিখন চোৱা আৰু ছবিখনত দেখা কথাখিনি বর্ণনা কৰা।
উত্তৰঃ
এই ছবিখনত আমি দেখিবলৈ পাইছে যে মানুহৰ ঘৰ – দুৱাৰ, গছ – গছনিৰে এখনি সৰু মনােৰম গাঁও। বকুলৰ গছজোপা বৰকৈ ফুলি আছে। তাৰ তলত তিনিজনী ছােৱালীয়ে কথাপাতি হাঁহি ফুর্তিৰে তলসৰা বকুল ফুল বুটলি দুটি কৰণিত ভৰাই লৈছে। এগৰাকী বয়সস্থ মহিলাই লাখুঁটিত ধৰি প্রাতঃভ্রমণ কৰিছে। এজনী ছােৱালী আৰু দুজন ল’ৰাই দুটি কুকুৰক কিবা খাবলৈ দিছে। ওচৰতে শালিকী দুটাই আহাৰ বিচাৰি ফুৰিছে। বহি থকা মানুহ এজনৰ ওচৰতে ৰৈ এগৰাকী মহিলাই তেওঁৰ লগত কথা পাতি আছে।
১১। পঢ়ো আহা-
কদমণি গাঁও নিৱাসী ৩৫ বছৰীয়া কুলেন চন্দ্র দাসে কৃষিকর্ম কৰি জীৱিকা নির্বাহ কৰে। সেইদিনা দেওবাৰ, তেওঁ পুৱতিনিশা ওচৰৰে বিলত মাছ মাৰিবলৈ গৈছিল। মাছ মাৰি থাকোঁতে হঠাতে তেওঁক বিষাক্ত সাপে দংশন কৰিলে। তেওঁ লৰালৰিকৈ ঘৰলৈ আহি কথাটো পৰিয়ালক জনালে। ঘৰখনত হুৱা-দুৱা লাগিল। ককায়েকে ততাতৈয়াকৈ ওজাক মাতি আনি জৰা-ফুঁকা আৰম্ভ কৰিলে। পিছে লাহে লাহে ৰোগীৰ অৱস্থা বেয়াৰ ফাললৈ ঢাল খালে। সর্প দংশনৰ বাতৰি গোটেই গাঁৱতে বিয়পি পৰিল। স্থানীয় প্রাথমিক বিদ্যালয়ৰ শিক্ষক অর্জুন শর্মাই কথাটো শুনি দাসৰ ঘৰলৈ আহিল। তেখেতে লগে লগে ১০৮ সেৱাক মাতি দাসক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলে চিকিৎসালয়ত চিকিৎসকৰ আশাসুধীয়া চেষ্টাৰ ফলত দাসৰ স্বাস্থ্য ক্রমে ভাললৈ আহিবলৈ ধৰিলে। আজিৰ যুগতো এনেধৰণে জৰা-ফুঁকা কৰা কাৰ্যৰ বাবে দাসৰ পৰিয়ালক সকলোৱে সমালোচনা কৰিলে।
১২। তোমাৰ গাঁৱত বা ওচৰ-চুবুৰীয়াই এনেধৰণৰ সমস্যা (সর্প দংশন, জণ্ডিচ, বসন্ত) আদিত পৰিলে তুমি কেনে ধৰণৰ মতামত আগবঢ়াৱা আৰু কি ধৰণে সহায় কৰিবা কোৱা।
উত্তৰঃ সর্প দংশন, জণ্ডিচ , বসন্ত আদি ৰােগত ভুগিলে অন্ধবিশ্বাসত থাকি জৰা ফুকা, জাব – জৰিৰে ৰােগ ভাল কৰিব নিবিচাৰি ততালিকে ডাক্তৰৰ সহায় ল’ব লাগে। প্রয়ােজন হলে ১০৮ , ১০২ সেৱাক মাতি ৰােগীক ডাক্তৰৰ ওচৰলৈ নিয়াব লাগে। আজিৰ বিজ্ঞানৰ যুগত বেমাৰৰ উন্নত চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰ হােৱা সত্ত্বেও কিছুমান অন্ধবিশ্বাসী মানুহে জৰা – ফুকা কৰি এনেবােৰ ৰােগ ভাল কৰিবলৈ চাই ৰােগীক মৃত্যু মুখত পেলায়। ই বৰ পৰিতাপৰ কথা।
১৩। তুমি নিশ্চয় ভাওনা, ভ্রাম্যমাণ থিয়েটাৰৰ নাটক আৰু দূৰদর্শনৰ নাটক বা ধাৰাবাহিক চাইছা। তুমি চাই আনন্দ লভা এনে নাটকসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
Q1: What is the significance of Class 7 Assamese Chapter 6 নোকোৱাৰ পৰিণাম?
The chapter highlights the consequences of refusal and denial in various life situations, teaching an important moral lesson.
Q2: How does নোকোৱাৰ পৰিণাম contribute to Assamese literature?
This chapter reflects Assamese cultural values and educates students about decision-making and its impacts.
Q3: Why is Class 7 Assamese Chapter 6 important for SEBA students?
It helps students develop analytical thinking and understand how choices shape our lives.
Q4: Where can I find Class 7 Assamese নোকোৱাৰ পৰিণাম solutions?
You can access detailed textbook solutions, MCQs, and a summary for SEBA Assam students on this page.
Q5: Where can I find solutions for all subjects?
To get solutions for all subjects, [Click Here].