SEBA Class 7 Assamese Chapter 8 মিছাইল মানৱ Solutions & Summary
Find Class 7 Assamese Chapter 8 “মিছাইল মানৱ” solutions for SEBA Assam and SCERT Assam. This chapter narrates the fascinating story of a character known as “মিছাইল মানৱ,” who exemplifies innovation, courage, and determination in overcoming challenges. Our comprehensive solutions include detailed textbook answers, multiple-choice questions (MCQs), and a complete chapter summary that highlights the moral lessons, helping students prepare effectively for their exams.
Class 7 Assamese
Chapter – 8 Ospin Academy
মিছাইল মানৱ
ক-পাঠভিত্তিক ক্রিয়া |
---|
১। উত্তৰ দিয়া।
(ক) ‘মিছাইল মানৱ’ নামেৰে কাক জনা যায়?
উত্তৰঃ ‘মিছাইল মানৱ’ নামেৰে আব্দুল কালামক জনা যায়।
(খ) সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম কি?
উত্তৰঃ সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম হ’ল- ৰােহিণী উপগ্রহ।
(গ) আব্দুল কালামে শেষ নিশ্বাস ক’ত ত্যাগ কৰিছিল?
উত্তৰঃ আব্দুল কালামে শেষ নিশ্বাস শ্বিলঙত ত্যাগ কৰিছিল।
(ঘ) তেখেতৰ মতে শিশুৰ বাবে আদর্শ নায়ক কোন কোন?
উত্তৰঃ তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈকে পিতৃ-মাতৃ, প্রাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদর্শ নায়ক।’
২। উত্তৰ লিখা।
(ক) ‘সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম’ এই কথাষাৰি কোনে, কাক কৈছিল?
উত্তৰঃ ‘সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম’ এই কথাষাৰি এ. পি. জে. আব্দুল কালামে অকণীহঁতক কৈছিল।
(খ) তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল?
উত্তৰঃ তেখেতে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল।
(গ) আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্রভাৱান্বিত কৰিছিল?
উত্তৰঃ আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱান্বিত কৰিছিল।
(ঘ) মনে-প্রাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল?
উত্তৰঃ মনে-প্ৰাণে ভাৰতত তেখেতে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল।
৩। শব্দৰ লগত অৰ্থ মিলোৱা।
শব্দ |
অৰ্থ |
---|---|
উৎক্ষেপণ |
যাক দমাব বা বশ কৰিব নোৱাৰি |
প্ৰজ্বলিত |
ভিতৰুৱা |
অভ্যন্তৰীণ |
বৰকৈ জ্বলা (জুই) |
বিচক্ষণ |
প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা |
অদম্য |
দূৰৈৰ পৰা ভালকৈ চোৱা |
দিগন্ত |
অলংকাৰ |
ভূষণ |
দিগবলয় আকাশৰ সীমা |
নিৰীক্ষণ |
পাৰ্গত, উত্তম |
উত্তৰঃ
শব্দ |
অৰ্থ |
---|---|
উৎক্ষেপণ |
প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা |
প্ৰজ্বলিত |
বৰকৈ জ্বলা (জুই) |
অভ্যন্তৰীণ |
ভিতৰুৱা |
বিচক্ষণ |
পাৰ্গত, উত্তম |
অদম্য |
যাক দমাব বা বশ কৰিব নোৱাৰি |
দিগন্ত |
দিগবলয় আকাশৰ সীমা |
ভূষণ |
অলংকাৰ |
নিৰীক্ষণ |
দূৰৈৰ পৰা ভালকৈ চোৱা |
খ-ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ) |
---|
জানো আহা: ষষ্ঠ শ্রেণীত তোমালোকে ণত্নবিধিৰ কথা পাই আহিছা। যেনে- গবেষণা, বাৰণ আদি শব্দ। এই পাঠটোত প্রক্ষেপণ, উৎক্ষেপণ, রূপায়ণ আদি শব্দৱোৰ মন কৰা। আগতে পাই অহা নিয়ম মতে এই শব্দ কেইটাৰ মূদ্ধণ্য ‘ণ’ৰ ঠিক আগত ‘ঋ’, ‘ৰ’ আৰু ‘ষ’ বর্ণটো নাই। এই ক্ষেত্রত আন এটা ণত্ববিধিৰ নিয়ম ইয়াত প্রয়োগ হৈছে। সেয়া হৈছে ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ বা ক,খ,গ,ঘ,ঙ (ক-বর্গ) বা ‘প,ফ,র,ভ,ম (প-বর্গ)’ বা য,ৱ, হ,য় বা, ং’ (অনুস্বৰ) থাকিলেও দন্তান মৃদ্ধণ্য ণ হয়। যেনে, প্রক্ষেপণ-প্র-ক্ষে-প-ণ (ইয়াত ণৰ আগত প বৰ্ণ থকাৰ কাৰণে মূর্ছণ্য ণ হৈছে), ৰাবণ-ৰা-ৰ-ণ (ইয়াত ৰ আৰুণৰ মাজত ব থকাৰ কাৰণে দন্ত্য ন মুদ্ধণ্য ণ হৈছে)। কিন্তু বাবষ আৰু নৰ মাজত অন্য বর্ণ থাকিলে দন্তান টো মূর্ছণ্য ণ নহয়। যেনে- ৰোদন, ৰঞ্জন, স্ৰজন। |
---|
৪। তলত উল্লেখ কৰা শব্দবােৰত কি বিধিমতে ‘ণ’ আৰু ‘ষ’ ব্যৱহাৰ হৈছে কোৱা।
প্রাণ, ভূষণ, ৰােহিণী, বিচক্ষণ, উৎক্ষেপণ, আভ্যন্তৰীণ।
উত্তৰঃ (i) প্রাণ,আভ্যন্তৰীণ: ৰ’ ৰ পিছত বহা কাৰণে মূর্ধন্য – ‘ণ ’ হৈছে।
(ii) ভূষণ: ‘ষ’ ৰ পিছত বহাৰ কাৰণে মূর্ধন্য – ‘ণ’ হৈছে।
(iii) ৰােহিণী, বিচক্ষণ আৰু উৎক্ষেপণ: ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনাে স্বৰবৰ্ণ ; ক – বর্গ, প – বর্গ বা য, ৱ, হ, য় বা ‘্’ অনুস্বৰ থাকিলেও দন্ত্য ন মূর্ধন্য ‘ণ’ হৈছে।
৫। ণত্ববিধিৰ নিয়ম খটুৱাই তলৰ শব্দবােৰত ‘ণ’ বা ‘ন’ বহুৱাই পূৰ কৰা ৷
ৰ___, ধ___, তৃ___, বর্জ___, শ্ৰৱ___, কৃপ___,
পঠ___, ৰঞ্জ___, ৰাৱ___, বিভীষ___, ৰামায়___, কীর্ত___।
উত্তৰঃ ৰণ, ধন, তৃণ, বর্জন, শ্ৰৱণ, কৃপণ, পঠন, ৰঞ্জন, ৰাৱণ, বিভীষণ, ৰামায়ণ, কীর্তন।
৬। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
শব্দ |
বিপৰীত অর্থ |
---|---|
জাগ্রহ |
|
কৃত্ৰিম |
|
সুপ্ত |
|
সফলতা |
|
উৎসাহ |
|
অক্ষম |
উত্তৰঃ
শব্দ |
বিপৰীত অর্থ |
---|---|
জাগ্রহ |
সুপ্ত |
কৃত্ৰিম |
অকৃত্রিম |
সুপ্ত |
জাগ্ৰত |
সফলতা |
বিফলতা |
উৎসাহ |
নিৰুৎসাহ |
অক্ষম |
অসক্ষম |
৭। বাক্য ৰচনা কৰা।
মনে – প্রাণে, শয়নে – সপােনে, আকাশী পথ, অদম্য ইচ্ছা, বিনিময়।
উত্তৰঃ (i) মনে – প্রাণে: যিকোনো কাম কৰোঁতে মনে – প্রাণে কৰিলেহে সফলতা পাব পাৰি ।
(ii) শয়নে – সপােনে: শয়নে – সপােনে চিন্তা কৰিলেহে ভাল কথাৰ সূত্ৰ উলিয়াব পাৰি।
(iii) আকাশী পথ: উৰা জাহাজবােৰ আকাশী পথেৰে চলাচল কৰে।
(iv) অদম্য ইচ্ছা: অদম্য ইচ্ছা আৰু চেষ্টা থাকিলেহে আশা কৰা ফল পাব পাৰি।
(v) বিনিময়: কঠোৰ শ্ৰম কৰাৰ বিনিময়ত সি চাকৰিটো পালে।
৮। উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা।
উত্তৰঃ প্র + চেষ্টা = প্রচেষ্টা: প্রয়াস, যত্ন।
প্র + ক্ষেপণ = প্রক্ষেপণ: জোৰেৰে দলিয়াই বা মাৰি পঠিওৱা।
প্র + জ্বলিত = প্রজ্বলিত: বৰকৈ জ্বলা ( জুই )।
উৎ + ক্ষেপণ = উৎক্ষেপণ: প্রচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা।
উৎ + পীড়ন = উৎপীড়ন: অত্যাচাৰ, উপদ্ৰৱ।
উৎ + সাহ = উৎসাহ: আনন্দৰে কামলৈ আগবাঢ়ি যােৱা ভাব, উদ্যোগ।
জানো আহা- কল্পনা চাওলা: (১৯৬২-২০০৩) কল্পনা চাওলা এগৰাকী ভাৰতীয় মূলৰ আমেৰিকাবাসী মহাকাশ অভিযন্তা আছিল। তেওঁ ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী আছিল। ১৯৯৭ চনত চাওলাই প্রথমবাৰৰ বাবে ‘অভিযান বিশেষজ্ঞ’ আৰু মূল ‘ব’বটিক আর্ম অপাৰেট’ৰ হিচাপে মহাকাশযান ‘কলম্বিয়া’ৰ যাত্রীৰূপে মহাকাশলৈ উৰা মাৰিছিল। ২০০৩ চনত দ্বিতীয়বাৰ মহাকাশ অভিযানলৈ গৈ উভতি আহোঁতে কলম্বিয়া মহাকাশযানখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ মুহূৰ্তত ধ্বংস হয়। সেই দুর্ঘটনাত যানখনৰ ছয়গৰাকী সহযাত্রী মহাকাশচাৰীৰ সৈতে কল্পনা চাওলাৰো মৃত্যু হয়। প্রয়াত কল্পনা চাওলাক ভাৰতৰ ৰাষ্ট্ৰীয় বীৰাঙ্গনাৰূপে (National Hero) স্বীকৃতি দিয়া হৈছে। তদুপৰি, পৃথিবীৰ ভালেমান দেশব বিশ্ববিদ্যালয় আৰু অন্যান্য প্রতিষ্ঠানে মৰণোত্তৰভাবে তেওঁক সন্মান যাচিছে। • ইউবি গ্যাগাৰিন: বিশ্বব প্রথম মহাকাশচাৰী। • ভেলেন্টিনা টেবেস্কোভা: বিশ্বৰ প্রথম মহিলা মহাকাশচাৰী। • বাকেশ শর্মা: প্রথম ভাৰতীয় মহাকাশযাত্রী। |
---|
৯। আব্দুল কালামৰ মতে পিতৃ-মাতৃ আৰু শিক্ষকসকল আদর্শ নায়ক। তোমাৰ আদৰ্শ নায়ক কোন?
উত্তৰঃ মােৰ আদৰ্শৰ নায়ক হ’ল – মােৰ মা – দেউতা আৰু শিক্ষাগুৰুসকল।
১০। বায়ুমণ্ডলত উৰা তলৰ ছবিকেইখন চোৱা আৰু সেইবোৰৰ বিষয়ে দলত আলোচনা কৰি কোৱা আৰু লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
ঘ-প্রকল্প |
---|
১১। তোমালোকে ব্যৱহাৰ কৰা ঘড়ী, কলম, ফেন, ৰেডিঅ’, দূৰদৰ্শন, ৰে’ল-গাড়ী, উৰাজাহাজ আদি সামগ্ৰীৰ আবিষ্কাৰকৰ তথ্য সংগ্ৰহ কৰি তলৰ তালিকাত লিখা-
সামগ্ৰীৰ নাম |
আৱিষ্কাৰকৰ নাম |
আৱিষ্কাৰৰ নাম |
---|---|---|
উত্তৰঃ
সামগ্ৰীৰ নাম |
আৱিষ্কাৰকৰ নাম |
আৱিষ্কাৰকৰ নাম |
---|---|---|
ঘড়ী |
খ্রীষ্টিয়ান হাইজেনচ |
১৬৫৭ |
কলম |
লুই এডছন ৱাটাৰমেন |
১৮৮৪ |
ফোন |
ছেমুৱেল আলেকজেণ্ডাৰ গ্রাহাম |
১৮৭৬ |
ৰেডিঅ |
গুগ্লিয়েলমা মাৰ্কিন |
১৮৯৫ |
দূৰদৰ্শন |
জন লােগি বেয়ার্ড |
১৯২৫ |
ৰে’লগাড়ী |
জেমছ ৱাট |
১৭৬৯ |
উৰাজাহাজ |
উইলবাৰ ৰাইট আৰু আৰভিল ৰাইট |
১৯০৩ |
ছপা যন্ত্ৰ |
যােহান গুটেনবার্গ |
১৪৫৫ |
চিলাই কল |
টমাছ ছেন্ট |
১৭৯০ |
বাইচাইকেল |
জন ডেনিছ |
১৮১৭-১৮ |
Q1: What is the main theme of Class 7 Assamese Chapter 8 মিছাইল মানৱ?
The chapter emphasizes the significance of innovation, courage, and determination in overcoming obstacles.
Q2: How does মিছাইল মানৱ reflect Assamese culture?
This chapter integrates traditional storytelling techniques with modern themes, showcasing values like ingenuity and perseverance that resonate with Assamese cultural traditions.
Q3: Why is Class 7 Assamese Chapter 8 important for SEBA students?
It offers students a blend of contemporary narrative and cultural values, enhancing their critical thinking and problem-solving skills while preparing them for examinations.
Q4: Where can I find Class 7 Assamese মিছাইল মানৱ solutions?
Detailed textbook solutions, MCQs, and a comprehensive chapter summary for SEBA Assam students are available on this page.
Q5: Where can I find solutions for all subjects?
To access solutions for all subjects, Click Here