Class 7 Science Chapter 9 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Solutions | AJB Assam
সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৯ – ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)
সপ্তম শ্ৰেণীৰ নতুন বিজ্ঞান (Science) পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন’ শিক্ষাৰ্থীসকলৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 9 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ আৰু নিৰ্ভুলভাৱে উপলব্ধ কৰোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি সুন্দৰভাৱে বিজ্ঞানৰ অনুশীলন কৰিব পাৰে।
‘ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন’ নামৰ এই পাঠটিত পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন, লোহাত মামৰ লগা (Rusting of Iron) প্ৰক্ৰিয়া আৰু স্ফটিকীকৰণ (Crystallization) আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞানৰ ভেটি সৱল কৰিবলৈ এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ পাৰ্থক্য, লোহাত মামৰ লগা প্ৰক্ৰিয়া আৰু স্ফটিকীকৰণৰ স্পষ্ট ধাৰণা।
- পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰতিটো চমু আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষামুখী নিৰ্দোষ সমাধান।
- পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু তাৰ সহজ উত্তৰ।
- নতুন আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল ভাষাত যুগুতোৱা উন্নত মানৰ বিজ্ঞানৰ নোটছ (Class 7 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা সহজ-সৰল উত্তৰ।
- বিজ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ ব্যৱহাৰিক উদাহৰণৰ সহায়ত বুজোৱা সমাধান।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 নতুন বিজ্ঞান (Science) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 7 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, step-by-step problem answers, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: বিজ্ঞান
ভৌতিক আৰু ৰাসায়নিক
পাঠভিত্তিক প্রশ্নোত্তৰ
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:-
(i) ভৌতিক পৰিৱৰ্তন ঘটিব যদি
(a) চূণত পানী যোগ কৰা হয়
(b) চেনি পানীত দ্রবীভূত কৰা হয়
(c) কাগজ জ্বলোৱা হয়
(d) এল পি জি জ্বলোৱা হয়
উত্তৰঃ (b) চেনি পানীত দ্রবীভূত কৰা হয়।
(ii) ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয়?
(a) তাপ উৎপন্ন হ’ব পাৰে
(b) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে
(c) অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে
(d) তাপ শোষিত হ’ব পাৰে
উত্তৰঃ (c) অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে।
(iii) ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ঘটিব যদি-
(a) মমবাতি জ্বলোৱা হয়
(b) বৰফ গলে
(c) পানী বাষ্পীভূত হয়
(d) মেগনেছিয়াম জ্বলোৱা হয়
উত্তৰঃ (a) মমবাতি জ্বলোৱা হয়।
2. ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন লিখা:-
(i) আইবনৰ পৰা দা গঢ়োৱা হৈছে।
উত্তৰঃ ভৌতিক পৰিৱৰ্তন
(ii) পানীত চূণ মিহলোৱা হৈছে।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন
(iii) চূণ পানীক ষ্ট্র এডালেৰে ফুৱাই দিয়া হৈছে।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন (কাৰণ নতুন পদাৰ্থ কেলছিয়াম কাৰ্বনেট উৎপন্ন হয়)
(iv) পানীত কপাৰ ছালফেট দ্ৰৱীভূত কৰা হৈছে।
উত্তৰঃ ভৌতিক পৰিৱৰ্তন
(v) কাটি থোৱা আলু ক’লা পৰিছে।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন
(vi) গজাল এটাৰ বৰণ মুগা হৈছে।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন
(vii) খাদ্য হজম হৈছে।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন
3. খালী ঠাই পূৰ কৰাঁ :-
(i) নতুন পদাৰ্থৰ সৃষ্টি হোৱা পৰিৱৰ্তন হ’ল ৰাসায়নিক পৰিৱৰ্তন।
(ii) অৱস্থাৰ পৰিৱৰ্তন ঘটা পৰিৱৰ্তন হ’ল ভৌতিক পৰিৱৰ্তন।
(iii) অক্সিজেন আৰু পানীৰ (বা জলীয় বাষ্পৰ) উপস্থিতিত আইৰনত মামৰ ধৰে।
(iv) মামৰ প্ৰতিৰোধৰ বাবে জিংকৰ প্ৰলেপ প্রয়োগ কৰা প্ৰক্ৰিয়াটোৰ নাম হ’ল জিংকলেপন বা গেলভেনেজাইচন (Galvanization)।
(v) সালোকসংশ্লেষণত তাপ শোষিত হয়। (টোকা: পূৰ্বৰ উত্তৰ ‘অক্সিজেন’ ভুল আছিল।)
(vi) মামৰক ৰসায়নবিজ্ঞানত Fe₂O₃·xH₂O ৰে বুজোৱা হয়। (টোকা: ইয়াত ‘x’ য়ে পানীৰ অণুৰ নিৰ্দিষ্ট নোহোৱা সংখ্যা বুজায়।)
4. চুণ পানীৰ মাজেৰে কাৰ্বন-ডাই-অক্সাইড গেছ যাব দিয়া হৈছে। চুণ পানীৰ কেনেকুৱা পৰিৱৰ্তন দেখিবা? কিয় এনে পৰিৱৰ্তন হয় লিখাঁ।
উত্তৰঃ চূণপানীৰ মাজেৰে কাৰ্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে চূণপানীখিনি ঘোলা হৈ পৰে।
ইয়াৰ কাৰণ হ’ল— চূণপানীত কেলছিয়াম হাইড্ৰক্সাইড থাকে। যেতিয়া ইয়াৰ মাজেৰে কাৰ্বন-ডাই-অক্সাইড গেছ পাৰ হৈ যায়, তেতিয়া দুয়োটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটে। এই বিক্ৰিয়াৰ ফলত কেলছিয়াম কাৰ্বনেট নামৰ এবিধ বগা ৰঙৰ নতুন অদ্ৰৱণীয় পদাৰ্থ সৃষ্টি হয় আৰু ইয়াৰ বাবেই পানীখিনি ঘোলা দেখা যায়।
ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল:
কেলছিয়াম হাইড্ৰক্সাইড + কাৰ্বন-ডাই-অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী
বা, Ca(OH)₂ + CO₂ → CaCO₃ + H₂O
5. নেমু টেঙাৰ ৰসত ছ’ডা যোগ কৰা হৈছে। তুমি কি দেখিবা আৰু কিয় দেখিবা লিখাঁ।
উত্তৰঃ নেমুটেঙাৰ ৰসত খোৱা ছ’ডা যোগ কৰিলে আমি তীব্ৰ বুৰবুৰণিৰ সৈতে এবিধ গেছ নিৰ্গত হোৱা দেখিবলৈ পাম।
ইয়াৰ কাৰণ হ’ল— নেমুটেঙাত ছাইট্ৰিক এছিড থাকে। আনহাতে, খোৱা ছ’ডা হৈছে ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেট (NaHCO₃)। এই দুয়োটা পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটিলে কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়। উৎপন্ন হোৱা এই কাৰ্বন-ডাই-অক্সাইড গেছখিনিয়েই বুৰবুৰণি আকাৰে বাহিৰলৈ ওলাই আহে।
6. অলপমান গাখীৰ এটা কাচৰ গিলাছত লোৱাঁ। গাখীৰখিনিত অলপমান নেমু টেঙাৰ ৰস যোগ কৰাঁ। গিলাছটো লৰোঁৱা। গাখীৰখিনিৰ কিবা পৰিৱৰ্তন দেখিলানে? এয়া কি পৰিৱৰ্তন হ’ব?
উত্তৰঃ কাঁচৰ গিলাচত লোৱা গাখীৰখিনিত নেমুটেঙাৰ ৰস যোগ কৰি লৰাই দিলে দেখা যাব যে গাখীৰখিনি ফাটি গৈছে আৰু ই দৈত পৰিণত হৈছে।
নেমুত ছাইট্ৰিক এছিড থাকে। এই এছিডৰ প্ৰভাৱত গাখীৰত ৰাসায়নিক ক্ৰিয়া ঘটি লেক্টিক এছিড উৎপন্ন হয় আৰু এৱা গাখীৰখিনি দৈত ৰূপান্তৰিত হয়। যিহেতু ইয়াত নতুন পদাৰ্থৰ সৃষ্টি হৈছে, সেয়েহে এয়া এক ৰাসায়নিক পৰিৱৰ্তন।
7. তুতীয়া আৰু খোৱা ছ’ডাৰ ৰাসায়নিক নাম লিখাঁ।
উত্তৰঃ তুতীয়াৰ ৰাসায়নিক নাম হ’ল— কপাৰ ছালফেট (Copper Sulphate), ইয়াৰ সংকেত: CuSO₄
খোৱা ছ’ডাৰ ৰাসায়নিক নাম হ’ল— ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেট (Sodium Hydrogen Carbonate), ইয়াৰ সংকেত: NaHCO₃
৪. কেনেকুৱা পৰিৱৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি ক’ব পাৰি লিখাঁ।
উত্তৰঃ তলত উল্লেখ কৰা পৰিৱৰ্তনসমূহ ঘটিলে তাক ভৌতিক পৰিৱৰ্তন বুলি ক’ব পাৰি:
(i) যদি কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়।
(ii) যদি পদাৰ্থৰ কেৱল আকাৰ আৰু আকৃতিৰহে পৰিৱৰ্তন ঘটে।
(iii) যদি পদাৰ্থৰ বৰণ বা ৰঙৰ সালসলনি হয়।
(iv) যদি পদাৰ্থৰ কেৱল অৱস্থাৰ (কঠিন, জুলীয়া বা গেছীয়) পৰিৱৰ্তন ঘটে।
9. ৰাসায়নিক পৰিৱৰ্তনত কি কি ঘটিব পাৰে লিখাঁ।
উত্তৰঃ এটা ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হ’লে তলত দিয়া পৰিঘটনাৱলী ঘটিব পাৰে:
(i) নতুন ধৰ্মবিশিষ্ট পদাৰ্থৰ সৃষ্টি হয়।
(ii) বিক্ৰিয়াটোত তাপ উৎপন্ন হ’ব পাৰে অথবা শোষিত হ’ব পাৰে।
(iii) পৰিৱৰ্তনৰ ফলত গেছ নিৰ্গত হ’ব পাৰে।
(iv) পদাৰ্থৰ বৰণৰ স্থায়ী পৰিৱৰ্তন ঘটিব পাৰে।
(v) পোহৰ বা শব্দ শক্তি নিৰ্গত হ’ব পাৰে।
অতিৰিক্ত প্রশ্নোত্তৰঃ
প্রশ্ন:- 1. ক্রিষ্টেলীভৱন কি?
উত্তৰঃ কোনো পদাৰ্থৰ দ্ৰৱৰ পৰা পদাৰ্থবিধক স্ফটিক বা ক্ৰিষ্টেল (Crystal) আকাৰত ঘূৰাই পোৱা প্ৰক্ৰিয়াটোকেই ক্ৰিষ্টেলীভৱন (Crystallization) বুলি কোৱা হয়। ই এবিধ ভৌতিক পৰিৱৰ্তন। উদাহৰণস্বৰূপে, সাগৰৰ পানীত নিমখ আৰু অন্যান্য দ্ৰব্য মিহলি হৈ থাকে। এই পানীভাগ সৰু সৰু পুখুৰীত আৱদ্ধ কৰি ৰাখিলে সূৰ্যৰ তাপত পানীখিনি লাহে লাহে বাষ্পীভূত হৈ উৰি যায়। পানী ক্ৰমান্বয়ে কমি যোৱাৰ ফলত নিমখৰ দ্ৰৱটো গাঢ় হৈ পৰে আৰু এসময়ত ই সংপৃক্ত অৱস্থা পায়। তেতিয়া এই সংপৃক্ত দ্ৰৱৰ পৰা নিমখখিনি স্ফটিক আকাৰত পৃথক হৈ পুখুৰীৰ তলিত জমা হয়। এইদৰে দ্ৰৱৰ পৰা কঠিন পদাৰ্থ পৃথক কৰা পদ্ধতিটোকেই ক্ৰিষ্টেলীভৱন বোলে।
প্রশ্ন:- 2. কপাৰ ছালফেটৰ ৰং কি?
উত্তৰঃ কপাৰ ছালফেটৰ ৰং নীলা।
প্রশ্ন:- 3. সালোক সংশ্লেষণ কি?
উত্তৰঃ যি প্ৰক্ৰিয়াৰ জৰিয়তে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড আৰু মাটিৰ পানী ব্যৱহাৰ কৰি নিজৰ আহাৰ প্ৰস্তুত কৰে, তাক সালোকসংশ্লেষণ (Photosynthesis) বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত সূৰ্যৰ শক্তি (তাপ আৰু পোহৰ) শোষিত হয় আৰু নতুন পদাৰ্থ উৎপন্ন হোৱাৰ বাবে ই এক ৰাসায়নিক পৰিৱৰ্তন।
প্রশ্ন:- 4. মামৰ কি?
উত্তৰঃ মামৰ হৈছে আইৰণ (লো) আৰু অক্সিজেনৰ সংযোগত সৃষ্টি হোৱা এবিধ যৌগ। পানী বা জলীয় বাষ্পৰ উপস্থিতিত লো আৰু অক্সিজেনৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি মামৰ উৎপন্ন হয়।
বিক্ৰিয়াটো এনেদৰে প্ৰকাশ কৰিব পাৰি:
আইৰণ + অক্সিজেন + পানী → মামৰ
বিজ্ঞানৰ ভাষাত এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ হ’ল:
4Fe + 3O₂ + 2H₂O → 2Fe₂O₃·+H₂O (মামৰ)
প্রশ্ন:- 5. জিংকলেপন (galvanization) কাক বোলে?
উত্তৰঃ আইৰণ বা লোৰে নিৰ্মিত সামগ্ৰীসমূহক মামৰে ধৰাৰ পৰা ৰক্ষা কৰিবলৈ তাৰ ওপৰত জিংক (Zinc) ধাতুৰ এটা পাতল প্ৰলেপ দিয়া হয়। আইৰণৰ ওপৰত জিংকৰ প্ৰলেপ দিয়াৰ এই পদ্ধতিটোকেই জিংকলেপন বা গেলভেনেজাইচন বোলা হয়।
প্রশ্ন:- 6. চুণ আৰু পানীৰ ফলত কি উৎপন্ন হ’ব?
উত্তৰঃ চূণ (CaO) আৰু পানীৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটিলে কেলছিয়াম হাইড্ৰক্সাইড বা শমিত চূণ [Ca(OH)₂] নামৰ এবিধ নতুন পদাৰ্থ উৎপন্ন হয়। এই বিক্ৰিয়াত যথেষ্ট পৰিমাণৰ তাপো উৎপন্ন হয়, যাৰ বাবে বিক্ৰিয়া ঘটা পাত্ৰটো গৰম হৈ পৰে।
সমীকৰণটো হ’ল: চূণ + পানী → কেলছিয়াম হাইড্ৰক্সাইড + তাপ
বা, CaO + H₂O → Ca(OH)₂ + তাপ
প্রশ্ন:- 7. তুতীয়া কি?
উত্তৰঃ তুতীয়া হৈছে কপাৰ ছালফেট (Copper Sulphate) নামৰ এবিধ নীলা ৰঙৰ ৰাসায়নিক যৌগ। ই পানীত সহজে দ্ৰৱীভূত হয়।




