SEBA Class 7 Science Assamese Medium Chapter 1 – উদ্ভিদ পৰিপুষ্টি Solutions & Summary
Access the complete solution for Class 7 Science Assamese Medium Chapter 1 “উদ্ভিদ assaপৰিপুষ্টি” (Nutrition in Plants) for SEBA Assam students. This chapter covers essential topics like photosynthesis, modes of nutrition in plants, and the role of nutrients in plant growth. Our solutions include detailed answers, MCQs, and a summary to help students prepare effectively for their exams.
Class 7 Science
পাঠ – ১ Ospin Academy
উদ্ভিদৰ পুষ্টি
অনুশীলনী
প্রশ্ন ১: জীৱক কিয় খাদ্য প্রয়ােজন হয়?
উত্তৰঃ জীৱ এটাই তাৰ দেহৰ গঠন আৰু বৃদ্ধি ঘটাবলৈ আৰু জীৱন প্রক্রিয়া চলাবলৈ শক্তিৰ প্রয়ােজন হয় । খাদ্যই এই প্রয়ােজনীয় শক্তিৰ যােগান ধৰে ।
প্রশ্ন ২: পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজৰ প্রভেদ লিখা ।
উত্তৰঃ পৰজীৱী উদ্ভিদবােৰে আন উদ্ভিদৰ পৰা খাদ্য শােষণ কৰি তাৰ পুষ্টি সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদবােৰে মৰা , পচা আদি বস্তুৰ পৰাহে খাদ্য শােষণ কৰে । পৰজীৱী উদ্ভিদে তাৰ আশ্রয়দাতা উদ্ভিদৰ অনিষ্ট সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদৰ ক্ষেত্ৰত এনে নহয় ।
প্রশ্ন ৩: পাতত শ্বেতসাৰৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিব পাৰি?
উত্তৰঃ টাবত ৰােৱা সেউজীয়া পাতৰ একেধৰণৰ দুডাল উদ্ভিদৰ এডালক ৰ’দত আৰু আনডালক অন্ধকাৰ কোঠা এটাত ( বা কলা বাকচৰ ভিতৰত ) প্রায় ৭২ ঘণ্টাৰ বাবে ৰাখি থােৱা হ’ল । ৭২ ঘণ্টাৰ পিছত দুয়ােডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত দুটোপালমান আয়ডিনৰ দ্ৰব পেলাই দিয়া হ’ল । আয়’ডিনৰ দ্ৰবই শ্বেতসাৰৰ লগত বিক্রিয়া কৰি পাতৰ ৰং কলা – নীলা ( ডাঠ নীলা) কৰে । গতিকে দেখা যাব যে যিটো পাত সূৰ্যৰ পােহৰত আছিল তাৰ ৰং ডাঠ নীলা হয় আৰু আনটোৰ বৰণ সলনি নহয় ।
ইয়াৰ পৰা দেখা গ’ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে । এই শ্বেতসাৰ পাতে সূৰ্যৰ পােহৰতহে উৎপাদন কৰে ।
প্রশ্ন ৪: সেউজীয়া উদ্ভিদে খাদ্য সংশ্লেষণ কৰা প্ৰক্ৰিয়াৰ চমু বর্ণনা কৰা । অথবা , সালােক সংশ্লেষণ প্রক্রিয়াৰ চমু বর্ণনা দিয়া ।
উত্তৰঃ উদ্ভিদৰ পাত হ’ল খাদ্য প্রস্তুত কৰা কাৰখানা । ইয়াৰ বাবে প্রয়ােজনীয় দ্রব্য হ’ল পানী , বায়ুৰ কার্বন – ডাই – অক্সাইড , পাতত থকা ক্ল’ৰফিল আৰু সূৰ্যৰ পােহৰ ।
উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা খনিজ লৱণ সহ পানী শােষণ কৰি পাতত যােগান ধৰে । পাতত থকা ক্ষুদ্র ক্ষুদ্র ছিদ্ৰৰ সহায়ত ই বায়ুৰ পৰা কার্বন – ডাই – অক্সাইড আহৰণ কৰে । পাতত থকা হৰিৎ ( সেউজীয়া ) কণা বা ক্লৰ’ফিলে সূৰ্যৰ ৰশ্মি শােষণ কৰি লয় । এই তিনিও বিধৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি পাতত কার্বহাইড্রেট অণুৰ উৎপাদন হয় । অৱশ্যে বিক্রিয়া এক জটিল প্রক্রিয়াৰ মাজেৰে সংঘটিত হয় । উৎপাদিত কার্বহাইড্রেটৰ বহু সংখ্যক অণুক লগ লগাই ( সংশ্লেষণ কৰি ) জটিল শ্বেতসাৰৰ অণু প্রস্তুত কৰে । ইয়ে উদ্ভিদৰ ( জীৱৰ ) খাদ্য হিচাবে ব্যৱহাৰ হয় । সূৰ্যৰ পােহৰ ( আলােক ) ৰ সহায়ত এই প্রক্রিয়া সংঘটিত হয় বাবে ইয়াক সালােক সংশ্লেষণ ( Photosynthesis : Photo – light , Synthesis – to combine ) বোলে ।
সালােক সংশ্লেষণৰ বিক্রিয়াটো চমুকৈ তলত দিয়াৰ দৰে লিখিব পাৰি—
কার্বন ডাই অক্সাইড + পানী সূর্যৰ পােহৰ কার্বহাইড্রেট + অক্সিজেন
পত্রহৰিৎ
উল্লেখযােগ্য যে সালােকসংশ্লেষণ বিক্রিয়াত অতিৰিক্ত অক্সিজেন উৎপন্ন হয় । পাতে এই অক্সিজেন বায়ুমণ্ডলত এৰি দিয়ে । প্রাণীয়ে শ্বাস – প্রশ্বাসৰ বাবে এই অক্সিজেন ব্যৱহাৰ কৰে ।
প্রশ্ন ৫: এটা থুলমূল চিত্ৰৰ সহায়ত দেখুওৱা যে — উদ্ভিদ হ’ল জীৱৰ খাদ্যৰ মূল উৎস ।
উত্তৰঃ
চিত্ৰৰ পৰা দেখা গ’ল যে মানুহৰ খাদ্য ভাত , ডাইল , মাংস , গাখীৰ , কণী আদি সকলােৰাে মূল উৎস উদ্ভিদ । ঠিক তেনেদৰে অন্য জীৱ – জন্তুৰ ক্ষেত্ৰটো ( ছাগলী , গৰু , মূৰ্গী , মাছ আদিৰো ) খাদ্যৰ মূল উৎস হ’ল উদ্ভিদ ।
প্রশ্ন ৬: খালী ঠাই পূৰ কৰা :
( a ) উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰে বাবে ইহঁতক ……………বােলে ।
( b ) উদ্ভিদে সংশ্লেষণ কৰা খাদ্য …………..হিচাবে সঞ্চিত হয়।
( c ) সালােক সংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শােষণ কৰে তাক ……………. বােলে ।
( d ) সালােক সংশ্লেষণ প্রক্রিয়াত উদ্ভিদে …………… গ্রহণ কৰে আৰু ……….এৰি দিয়ে।
উত্তৰঃ (a) উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰে বাবে ইহঁতক স্বপােষী বােলে ।
(b) উদ্ভিদে সংশ্লেষণ কৰা খাদ্য শ্বেতসাৰ হিচাবে সঞ্চিত হয় ।
( c ) সালােক সংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শােষণ কৰে তাক ক্লৰফিল বােলে ।
(d ) সালােক সংশ্লেষণ প্রক্রিয়াত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্রহণ কৰে আৰু অক্সিজেন এৰি দিয়ে ।
প্রশ্ন ৭: তলত দিয়াবােৰৰ নাম লিখা :
( i ) হালধীয়া , নলীকা সদৃশ অকোৱা পকোৱা কাণ্ড থকা পৰজীৱী উদ্ভিদ ।
( ii ) পৰপােষিতা আৰু স্বপােষিতা উভয় গুণ সম্পন্ন উদ্ভিদ ।
( iii ) উদ্ভিদৰ পাতত থকা ছিদ্র যাৰ মাজেৰে ইহঁতে গেছৰ বিনিময় কৰে ।
উত্তৰঃ ( i ) স্বর্ণলতা
উত্তৰঃ ( ii ) ……..
উত্তৰঃ ( iii ) ষ্ট’মাটা ( পত্ৰৰন্ধ )
প্রশ্ন ৮: শুদ্ধ উত্তৰ বাছি উলিওৱা :
( a ) স্বর্ণলতা হ’ল :
( i ) স্ব – পােষী।
( ii ) পৰজীৱী।
( iii ) মৃতজীৱী।
( iv ) পােষক ( host )
উত্তৰঃ ( ii ) পৰজীৱী ।
( b ) যিবিধ উদ্ভিদে পতংগ ধৰি লৈ তাক ভক্ষণ কৰি পুষ্টি সাধন কৰে সেইবিধ হলঃ
( i ) স্বর্ণলতা।
( ii ) চীনা গােলাপ ( চীনা বােজ )
( iii ) কলহ লতা।
( iv ) গােলাপ ।
উত্তৰঃ ( iii ) কলহ লতা ।
প্রশ্ন ৯: স্তম্ভ- I ত দিয়াবােৰক স্তম্ভ- II ৰ লগত শুদ্ধকৈ মিলােৱা ।
স্তম্ভ- I স্তম্ভ- Il
ক্লৰ’ফিল বেক্টেৰিয়া
নাইট্র’জেন পৰপােষী
স্বর্ণলতা কলহলতা
প্ৰাণী পাত
পতংগ পৰজীৱী
উত্তৰঃ স্তম্ভ- I স্তম্ভ- II
ক্লৰ’ফিল পাত
নাইট্র’জেন বেক্টেৰিয়া
স্বর্ণলতা পৰজীৱী
প্রাণী পৰপােষী
পতংগ কলহলতা
প্রশ্ন ১০: সঁচা মিছা বাছি উলিওৱা :
( i ) সালােক সংশ্লেষণত কার্বন ডাই অক্সাইড নির্গত হয়।
উত্তৰঃ ( ii ) মিছা
( ii ) যি বিলাক উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰে সেইবিলাক উদ্ভিদক মৃতজীৱী বােলা হয় ।
উত্তৰঃ ( i ) মিছা
( iii ) সালােক সংশ্লেষণত উৎপন্ন হােৱা দ্রব্য প্র’টিন নহয়।
উত্তৰঃ ( iii ) সঁচা
( iv ) সালােক সংশ্লেষণত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয়।
উত্তৰঃ ( iv ) সঁচা
প্রশ্ন ১১: তলৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা :
( a ) উদ্ভিদৰ কোন অংগই বায়ুৰ পৰা কার্বন ডাই অক্সাইড সালােক সংশ্লেষণৰ বাবে গ্রহণ কৰে –
( i ) চুলি শিপা।
( ii ) পত্ৰৰন্ধ।
( iii ) পত্ৰ সিৰা।
( iv ) বেটুপাত।
উত্তৰঃ ( ii ) পত্ৰৰন্ধ।
( b ) উদ্ভিদে বায়ুমণ্ডলৰ পৰা কার্বন ডাই অক্সাইড আহৰণ কৰাৰ ক্ষেত্ৰত মূলত তলৰ কোন অংগৰ ব্যৱহাৰ হয় –
( i ) শিপা।
( ii ) কাণ্ড।
( iii ) ফুল।
( iv ) পাত।
উত্তৰঃ ( iv ) পাত।
FAQs
Q1: What is the main topic of Class 7 Science Assamese Medium Chapter 1 “উদ্ভিদ পৰিপুষ্টি”?
This chapter explains how plants obtain nutrients, focusing on photosynthesis and different types of plant nutrition.
Q2: Where can I find SEBA Class 7 Science Chapter 1 solutions in Assamese?
You can find detailed solutions, including MCQs and textbook answers, on this page.
Q3: How will these solutions help in exam preparation?
These solutions provide step-by-step explanations, key concepts, and important questions, making learning easier and exam preparation more effective.
Q4: Is the Class 7 Science Chapter 1 PDF available for free?
No, this is a premium resource that provides high-quality solutions for purchase.
Q5: Where can I find solutions for all Class 7 Science chapters?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):