SEBA Class 7 Science Assamese Medium (প্ৰথম খণ্ড) Lesson 2 – প্ৰাণী পৰিপুষ্টি Solutions & MCQs

SEBA Class 7 Science (Assamese Medium) Lesson 2 – প্ৰাণী পৰিপুষ্টি Solutions & Summary

Get the complete SEBA Class 7 Science Lesson 2 – “প্ৰাণী পৰিপুষ্টি” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains how animals obtain and process their food, covering digestion, nutrition, and absorption mechanisms. Our solutions include textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students build a strong foundation for exams.

Class 7 Science
পাঠ – ২                         Ospin Academy
প্ৰাণীৰ পুষ্টি

অনুশীলনী

প্রশ্ন ১: খালী ঠাই পূৰ কৰা :

( a ) মানুহৰ পুষ্টি প্রধান স্তৰবােৰ হ’ল ………., …………., ……………, …………..আৰু…………… ।

( b ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি হল ………….. ।

( c ) পাকস্থলীয়ে হাইড্র’ক্লৰিক এছিড আৰু ………… ৰস নিসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্রিয়া কৰে ।

( d ) ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ওলােৱা আঙুলিৰ দৰে প্ৰবৰ্দ্ধবােৰক …………….. বােলা হয় ।

( e ) এমিবাই তাৰ খাদ্য …………..ত পাচন ঘটায় ।

উত্তৰঃ ( a ) মানুহৰ পুষ্টি প্রধান স্তৰবােৰ হ’ল খাদ্যগ্রহণ ,পাচন , শোষণ, আত্মীকৰণ, আৰু নির্গমণ ।

( b ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি হল যকৃৎ (লিভাৰ )

(c ) পাকস্থলীয়ে হাইড্র’ক্লৰিক এছিড আৰু পাচক ৰস নিসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্রিয়া কৰে ।

( d ) ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ওলােৱা আঙুলিৰ দৰে প্ৰবৰ্দ্ধবােৰক খাদ্য ৰসধানী ( ফুড ভেকুঅ’ল ) বােলা হয় ।

প্রশ্ন ২: সঁচা-মিছা লিখা ।

( a ) পেটত পাচন আৰম্ভ হয় ।

উত্তৰঃ মিছা ।

( b ) জিভাই লালটিৰ লগত খাদ্য মিহলি কৰাত সহায় কৰে ।

উত্তৰঃ সঁচা ।

( c ) পিত্তথলি ( গল ব্লাডাৰ ) পিত্তৰস সাময়িকভাবে জমা কৰি ৰাখে ।

উত্তৰঃ সঁচা ।

( d ) পাগুলি খােৱা জন্তুবােৰে ( ৰুমিনেন্ট ) গিলি থােৱা ঘাঁহবােৰ উগাৰি আনে আৰু কিছুসময় পাগুলি থাকে ।

উত্তৰঃ সঁচা ।

প্রশ্ন ৩: শুদ্ধ উত্তৰটো বাছি উলিওৱা—

( a ) চৰী সম্পূৰ্ণৰূপে হজম হােৱা অংগ হ’ল—

( i ) পাকস্থলী।

( ii ) মুখগহ্বৰ।

( iii ) ক্ষুদ্রান্ত্র।

( iv ) বৃহদান্ত্র।

উত্তৰঃ ( iii ) ক্ষুদ্রান্ত্র ।

( b ) হজম নােহােৱা খাদ্যৰ পৰা নিৰ্গত পানী ভাগ প্রধানকৈ শােষিত হােৱা অংগটো হ’ল–

( i ) পাকস্থলী।

( ii ) খাদ্যনলী।

( iii ) ক্ষুদ্রান্ত্র।

( iv ) বৃহদান্ত্র।

উত্তৰঃ ( iv ) বৃহদান্ত্র ।

প্রশ্ন ৪: স্তম্ভ- I ৰ লগত স্তম্ভ- II ৰ তথ্যবােৰ মিলােৱা-

স্তম্ভ- I স্তম্ভ- II

খাদ্য উপাদান পাচনৰ সামগ্রী।

কার্ব’হাইড্রেট ফেটিএছিড আৰু গ্লিচাৰল।

প্ৰ’টিন চেনী।

চৰ্বী এমিন’ এচিড।

উত্তৰঃ স্তম্ভ- I স্তম্ভ- II

খাদ্য উপাদান পাচনৰ সামগ্রী।

কার্ব’হাইড্রেট চেনী।

প্ৰ’টিন এমিন’ এচিড।

চৰ্বী ফেটিএছিড আৰু গ্লিচাৰল।

প্রশ্ন ৫: ভিলি কি ? ইয়াক ক’ত পােৱা যায় আৰু ইয়াৰ কাৰ্য কি ?

উত্তৰঃ ভিলি ( villi ) :- ক্ষুদ্রান্ত্রৰ অন্তভাগৰ বেৰৰ পৰা হাজাৰ হাজাৰ সংখ্যক আঙুলিৰ দৰে ওলাই অহা প্ৰবৰ্দ্ধবােৰকে ভিলি বােলে । ইয়াক ক্ষুদ্রান্ত্রৰ বেৰৰ অন্তভাগত পােৱা যায় ।

কার্য :- ভিলিবােৰে ক্ষুদ্রান্ত্রৰ পৃষ্ঠকালি বঢ়াই দিয়ে আৰু এনেকৈ পাচন হােৱা খাদ্য শােষণত সহায় কৰে ।

প্রশ্ন ৬: পিত্তৰস ক’ত উৎপন্ন হয়? ই খাদ্যৰ কোনটো উপাদান হজম কৰাত সহায় কৰে?

উত্তৰঃ পিত্তৰস যকৃতত উৎপন্ন হয় । এই ৰস পিত্তথলিত সঞ্চিত হৈ থাকে আৰু ই চর্বীজাতীয় খাদ্য হজম কৰাত সহায় কৰে ।

প্রশ্ন ৭: ৰুমিনেটিং ( পাগুলি খােৱা ) প্রাণীয়ে হজম কৰিব পৰা অথচ মানুহে হজম কৰিব নােৱাৰা খাদ্যবিধৰ নাম লিখা । হজম কৰিব নােৱাৰাৰ কাৰণাে দিয়া ।

উত্তৰঃ মানুহে হজম কৰিব নােৱাৰা অথচ পাণ্ডলি খােৱা জন্তুৱে ( ৰুমিনেল ) হজম কৰিব পৰা খাদ্যবিধ ছেলুল’জ নামৰ এবিধ কার্ব’হাইড্রেট ।

ৰুমিনেটবােৰৰ ক্ষুদ্রান্ত্র আৰু বৃহদান্ত্রৰ মাজত ৰূমেন নামৰ এটি ডাঙৰ কোঠালি থাকে । যিটো মানুহৰ নাথাকে । এই কোঠালিটোত এবিধ বেক্টেৰিয়া থাকে আৰু ইহঁতে ছেলুল’জ হজম কৰাত সহায় কৰে ।

প্ৰশ্ন ৮: আমি গ্লুক’জৰ পৰা তাৎক্ষণিক শক্তি কিয় পাওঁ?

উত্তৰঃ কাৰণ গ্রুক’জ হ’ল সৰলতম কার্ব’হাইড্রেট । ইয়াৰ অণু আমাৰ দেহৰ কোষত অক্সিজেনৰ সহায়ত সহজে ভাঙি কার্বন ডাই অক্সাইড , পানী আৰু শক্তি উৎপন্ন হয় ।

প্রশ্ন ৯: পােষ্টিক নলীৰ কোনবােৰ অংগ তলত দিয়া কার্যসমূহৰ লগত জড়িত?

( i ) খাদ্য শােষণ।

( ii ) খাদ্য চোবােৱা।

( iii ) বেক্টেৰিয়া নাশ কৰণ।

( iv ) খাদ্যৰ পূৰ্ণ পাচন।

( v ) মল প্রস্তুত।

উত্তৰঃ ( i ) ক্ষুদ্রান্ত্র।

( ii ) মুখ গহৰ।

( iii ) পাকস্থলী।

( iv ) ক্ষুদ্রান্ত্র।

( v ) বৃহদান্ত্র।

প্রশ্ন ১০: মানুহ আৰু এমিবাৰ পুষ্টিৰ এটাকৈ মিল আৰু এটাকৈ অমিল দেখুওৱা ।

উত্তৰঃ মানুহ আৰু এমিবাৰ পুষ্টিৰ এটাকৈ মিল আৰু এটাকৈ অমিল হল—

মিল :- মানুহৰ খাদ্য পাচনৰ ক্ষেত্ৰত পাকস্থলী আৰু ক্ষুদ্রান্ত্রৰ পৰা পাচক ৰস নিসৰণ হয় আৰু ই খাদ্য হজম হােৱাত সহায় কৰে ।

এমিবাৰ পাচনৰ ক্ষেত্ৰটো খাদ্য ৰসধানীৰ পৰা পাচক ৰস নিসৰণ হয় আৰু খাদ্য হজম হােৱাত এই ৰসে সহায় কৰে ।

অমিল :- এমিবাৰ ক্ষেত্ৰত ক্ষুদ্রাতি ক্ষুদ্র খাদ্যবােৰ ই ইয়াৰ কূটপদেৰে আৱৰি লৈ দেহৰ ভিতৰত সােমাই লয় । তাত খাদ্য ভেকুঅ’লৰ সৃষ্টি কৰে ।

মানুহৰ ক্ষেত্ৰত খাদ্য মুখেৰে গ্ৰহণ কৰাৰ পাছত ই পূর্ণ পাচনতন্ত্র এটাৰ বিভিন্ন অংগৰ মাজেৰে যায় আৰু ক্রমান্বয়ে বিভিন্ন অংগৰ সহায়ত হজম ক্রিয়া সম্পূর্ণ হয় ।

প্রশ্ন ১১: স্তম্ভ- I ৰ লগত স্তম্ভ- II বােৰ মিলােৱা ।

স্তম্ভ- I স্তম্ভ- II

( a ) লালটি গ্রন্থি ( i ) পিত্ত ৰস নিঃসৰণ।

( b ) পাকস্থলী ( ii ) হজম নােহােৱা খাদ্যৰ ভৰাল।

( c ) যকৃত ( iii ) লালটি নিঃসৰণ।

( d ) ৰেক্টাম ( মলভাণ্ড ) ( iv ) এছিড নিঃসৰণ।

( e ) ক্ষুদ্রান্ত্র ( v ) পাচন সম্পূর্ণ হয় ।

( f ) বৃহদান্ত্র ( vi ) পানীৰ শোষণ।

(vii) বিষ্ঠা নির্গমণ ।

উত্তৰঃ স্তম্ভ- I স্তম্ভ- II

( a ) লালটি গ্রনি ( iii ) লালটি নিঃসৰণ।

( b )পাকস্থলী ( iv) এচিড নিঃসৰণ।

( c ) যকৃত ( i ) পিত্ত ৰস নিঃসৰণ।

( d ) ৰেক্টাম ( মলভাণ্ড ) ( ii )হজম নোহোৱা খাদ্যৰ ভঁৰাল।

( e ) ক্ষুদ্রান্ত্র ( v ) পাচন সম্পূৰ্ণ হয়

( f ) বৃহদান্ত্র ( vi )বিষ্ঠা নির্গমণ

প্রশ্ন ১২: তলৰ পাচন তন্ত্ৰটোৰ বিভিন্ন অংগসমূহ চিনাক্ত কৰা।

উত্তৰঃ

Class 7 Science Assamese
Diagram of digestive system

প্রশ্ন ১৩: আমি মাত্র কেঁচা পাতজাতীয় শাক পাচলি / তৃণ খাইয়ে ওপৰতে জীয়াই থাকিব পাৰোনে ? আলােচনা কৰা ।

উত্তৰঃ হয় আমি মাত্ৰ কেঁচা পাতজাতীয় শাক পাচলি খাইয়াে জীয়াই থাকিব পাৰো । আমি পৰপােষী প্রাণী । গতিকে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নােৱাৰে । উদ্ভিদে প্রস্তুত কৰা কাৰ্ব’হাইড্রেট জাতীয় খাদ্য খাই আমি জীৱন ধাৰণ কৰাে । কার্ব’হাইড্রেটে শক্তি যােগান ধৰে । তাৰােপৰি কাৰ্ব’হাইড্রেট সংশ্লেষিত হৈ শ্বেতসাৰ আৰু প্রটিনাে উদ্ভিদে তৈয়াৰ কৰে । গতিকে মাত্র উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি জীৱন ধাৰণ কৰিব পাৰাে ।

FAQs

Q1: What topics are covered in Class 7 Science Chapter 2 “প্ৰাণী পৰিপুষ্টি”?

This chapter explains animal nutrition, including digestion in humans, digestion in ruminants, and food absorption.

Q2: Where can I find SEBA Class 7 Science Chapter 2 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 2 প্ৰাণী পৰিপুষ্টি on this page.

Q3: How do these solutions help in exam preparation?

These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and score well in exams.

Q4: Is the Class 7 Science Chapter 2 solution PDF free?

No, this is a premium resource with high-quality solutions, available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top