SEBA Class 7 Science (Assamese Medium) Lesson 2 – জীৱৰ শ্বাস-প্ৰশ্বাস Solutions & Summary (দ্বিতীয় খণ্ড)
Get the complete SEBA Class 7 Science Lesson 2 – “জীৱৰ শ্বাস-প্ৰশ্বাস” solutions for Assamese medium students. This chapter, part of দ্বিতীয় খণ্ড (Part II), explains the process of respiration in organisms, the difference between aerobic and anaerobic respiration, respiratory organs in different animals, and the importance of oxygen. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and prepare effectively for exams.
Class 7 Science
পাঠ – ২ (দ্বিতীয় খণ্ড) Ospin Academy
জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
অনুশীলনী
প্রশ্ন ১: দৌৰ প্রতিযােগী এগৰাকীয়ে প্রতিযােগিতাৰ শেষত কিয় সাধাৰণতে লােৱাতকৈ ঘন আৰু গভীৰ উশাহ নিশাহ ল’ব লগা হয়?
উত্তৰঃ দৌৰ প্রতিযােগীক দৌৰা আৰু দৌৰাৰ পাছত সাধাৰণতে প্রয়ােজন হােৱাতকৈ বেছি শক্তিৰ প্রয়ােজন হয় । কাৰণ অধিক কার্য কৰিব লগা হয় । তাৰ বাবে শৰীৰত থকা খাদ্যৰ জাৰণ ( ভাঙন ) বেছিকৈ হ’ব লগা হয় । গতিকে বেছি অক্সিজেনৰ প্রয়ােজন হয় । ফলত বেছিকৈ উশাহ – নিশাহ ল’ব লগা হয় । অর্থাৎ ঘন আৰু গভীৰ উশাহ ল’ব লগা হয় ।
প্রশ্ন ২: সবাত আৰু অবাত শ্বসনৰ মাজৰ প্রভেদ আৰু সাদৃশ্য লিখা ।
সবাত শ্বসন
১. এই শ্বসনত অক্সিজেনৰ সহায়ত গ্লুক’জৰ জাৰণ ঘটে
২.গ্লুক’জৰ সম্পূর্ণ জাৰণ হয় ।
৩. ইয়াৰ ফলত কাৰ্বন ডাই অক্সাইড, পানী । আৰু
৪. উচ্চ শ্ৰেণীৰ প্ৰাণীত এই শ্বসন ঘটে ।
৫. শক্তি উৎপাদৰ পৰিমাণ বেছি।
অবাত শ্বসন
১. এই শ্বসনত অক্সিজেনৰ সহায়ত গ্লুক’জৰ ভাঙন ঘটে ।
২. গ্লুক’জৰ সম্পূর্ণ জাৰণ নহয় ।
৩. ইয়াৰ বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড, এলকহল আৰু শক্তি উৎপন্ন হয় ।
৪. সাধাৰণতে নিম্ন খাপৰ প্ৰাণীত এই শ্বসন ঘটে ।
৫. শক্তি উৎপাদনৰ পৰিমাণ তুলনামূলকভাৱে কম ।
অবাত আৰু সবাত শ্বসনৰ মাজৰ সাদৃশ্য হ’ল—
( ১ ) দুয়ােৰে ক্ষেত্ৰত গ্লুকজৰ ভাঙন ঘটে ।
( ২ ) ৰাসায়নিক বিক্রিয়াত কার্বন ডাই অক্সাইড , জলীয় ভাপ আৰু শক্তি উৎপন্ন হয় ।
প্রশ্ন ৩: যেতিয়া আমি ধূলি মিশ্রিত বায়ু সেৱন কৰাে তেতিয়া আমি সঘনে নাকেৰে শব্দ কৰাে কিয়?
উত্তৰঃ ধূলি মিশ্রিত বায়ুত ধূলি , ধােৱা , ফুলৰ ৰেণু আৰু অন্য বহুতাে অনাকাংক্ষিত কণিকা থাকে । এই বায়ু যেতিয়া সেৱন কৰা হয় , তেতিয়া নাসাগহৰত থকা চুলিত এই কণাবােৰ লাগি ধৰে । তথাপি কেতিয়াবা এই কণিকাবােৰ চুলিত নালাগি পাৰ হৈ গৈ নাসাগহৰৰ ছালত লাগি ধৰে । তেতিয়াই তাত উত্তেজনাৰ সৃষ্টি হয় , এই উত্তেজনাৰ ফলত নাকৰ শব্দ হয় । ইয়াক ঘঘোৰণিও বােলে । এই ঘঘোণিৰ দ্বাৰা ছালত লাগি থকা কণিকাবােৰ নিশাহত বাহিৰ ওলাই যায় । ফলত বিশুদ্ধ শৰীৰৰ ভিতৰলৈ যায় ।
প্রশ্ন ৪: তিনিটা পৰীক্ষা নল লােৱা । ইয়াৰ চাৰিভাগৰ তিনি ভাগলৈ পানী ভৰােৱা । ইয়াক A , B আৰু C নামেৰে চিনাক্ত কৰা । A- টিউবত এটা সৰু শামুক , B- টিউবত পানীত হােৱা এবিধ উদ্ভিদ , C- টিউবত শামুক আৰু উদ্ভিদ দুয়ােটাই ৰাখা । কোনটো পৰীক্ষানল ( টিউবত ) আটাইতকৈ বেছি CO₂ , গেছ পােৱা যাব?
উত্তৰঃ A , B আৰু C পৰীক্ষা নল তিনিটাত ঘটা পৰিঘটনাসমূহ তলত দিয়া ধৰণে দেখুওৱা হ’ল—
পৰীক্ষা নল- A :- এই পৰীক্ষানলত শামুকে শ্বসন ক্রিয়াত কার্বন ডাই অক্সাইড ( CO₂ ) গেছ উৎপন্ন কৰিব । এই কার্বন ডাই অক্সাইড পানীৰ ওপৰত জমা হ’ব ।
পৰীক্ষানল- B :- এই পৰীক্ষানলত উদ্ভিদে শ্বসনত এৰি দিয়া CO₂ গেছ পুনৰ সালােক সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰিব । ফলত CO₂ ৰ পৰিমাণ কমি যাব ।
পৰীক্ষানল- C :- এই পৰীক্ষানলত শামুক আৰু উদ্ভিদ উভয়ে শ্বসনত CO₂ ত্যাগ কৰিব । উদ্ভিদে সালােক সংশ্লেষণত তাৰে কিছু CO₂ গেছ ব্যৱহাৰ কৰিব । ফলত তুলনামূলকভাৱে CO₂ গেছৰ পৰিমাণ B- ত কৈ বেছি হ’ব যদিও A- ত কৈ কমিব ।
গতিকে দেখা গ’ল যে A- পৰীক্ষানলত আটাইতকৈ বেছি CO₂ গেছ জমা হ’ব ।
প্রশ্ন ৫: শুদ্ধ উত্তৰ বাছি উলিওৱা ।
( a ) পঁইতাচোৰাত তাৰ শৰীৰত তলৰ কোনবিধ অংগৰে বায়ু সােমায় ?
( i ) হাওঁফাওঁ।
( ii ) ফুল।
( iii )স্পাইৰেল( চর্মৰন্ধ )।
( iv ) ছাল।
উত্তৰঃ ( iii )স্পাইৰেল( চর্মৰন্ধ ) ।
( b ) বেছিকৈ কৰা ব্যায়ামৰ পাছত আমাৰ ভৰি টনটনায়। তাৰ কাৰণ তলৰ কোনটো নুঞ্জীভূক্ত হােৱাৰ বাবে হয় ?
( i ) কার্বন ডাই অক্সাইড।
( ii ) লেক্টিক এছিড।
( iii ) এলকহল।
( iv ) পানী।
উত্তৰঃ ( i ) কার্বন ডাই অক্সাইড ।
( c ) জিৰণি লৈ থকা সময়ত প্রাপ্তবয়স্ক লােক এজনৰ উশাহ – নিশাহৰ হাৰৰ বিস্তাৰ হল—
( i ) 9-12
( ii ) 15-18
( iii ) 21 – 24
( iv ) 30 – 33
উত্তৰঃ ( ii ) 15-18
( d ) নিশাহৰ সময়ত কামি হাড়ৰ গতি –
( i ) উৰ্দ্ধমুখী।
( ii ) নিম্নমুখী।
( iii ) বহির্মুখী।
( iv ) গতি।
উত্তৰঃ ( d ) ( ii ) নিম্নমুখী ।
প্রশ্ন ৬: স্তম্ভ- I ৰ লগত স্তম্ভ- II ৰ তথ্যবােৰ মিলােৱা ।
স্তম্ভ- I স্তম্ভ- II
( a ) ইষ্ট ( i ) কেঁচু
( b ) মধ্যচ্ছদা ( ii ) ফুল ( gills )
( c ) ছাল ( iii ) এলকহল
( d ) পাত ( iv ) বক্ষ গহ্বৰ
( e ) মাছ ( v ) হাওঁফাওঁ আৰু ছাল
( f ) ভেকুলী ( vi ) পত্ৰৰন্ধ
( vii ) শ্বাসনলী
উত্তৰঃ স্তম্ভ- I স্তম্ভ- II
( a ) ইষ্ট ( iii ) এলকহল
( b ) মধ্যচ্ছদা ( iv ) বক্ষ গহ্বৰ
( c ) ছাল ( i ) কেঁচু
( d ) পাত ( vi ) পত্ৰৰন্ধ
( e ) মাছ ( ii ) ফুল ( gills )
( f ) ভেকুলী ( v ) হাওঁফাওঁ আৰু ছাল
প্রশ্ন ৭: সঁচাৰ বাবে ‘ T ‘ আৰু মিছাৰ বাবে ‘ F ‘ লিখা ।
( i ) বেছিকৈ ব্যায়াম কৰাৰ পাছত মানুহ এজনৰ শ্বাস – প্রশ্বাসৰ গতি কমি যায় ।
উত্তৰঃ F
( ii ) উদ্ভিদে মাত্র দিনত সালােক সংশ্লেষণ আৰু ৰাতি শ্বাস – প্রশ্বাস কার্য সম্পন্ন কৰে ।
উত্তৰঃ F
( iii ) ভেকুলীৰ ছাল আৰু হাওঁফাওঁ উভয়েৰে শ্বাস কার্য সম্পন্ন কৰে ।
উত্তৰঃ T
( iv ) মাছৰ শ্বাস – প্রশ্বাসৰ বাবে হাওঁফাওঁ আছে ।
উত্তৰঃ F
( v ) উশাহৰ সময়ত বক্ষ গহ্বৰৰ আয়তন বৃদ্ধি পায় ।
উত্তৰঃ T
প্রশ্ন ৮: তুলৰ বর্গক্ষেত্ৰটোত কিছুমান ইংৰাজী আখৰ দিয়া হৈছে । এই আখৰবােৰে জীৱৰ শ্বাসতন্ত্রৰ লগত জড়িত কিছুমান অংগৰ ইংৰাজী প্রতিশব্দ বুজায় । শব্দবােৰ থিয় , পথালি , কোণীয়া যিকোনাে দিশৰ পৰা গঠিত হ’ব পাৰে । তলত শব্দবােৰৰ গঠনৰ বাবে ইংগিতাে দিয়া হৈছে । শব্দবােৰ উলিওৱা ।
ইংগিত
( i ) পতংগৰ বায়ু নলীকা ।
( ii ) বক্ষ গহ্বৰক আবৰি থকা জঁকা ।
( iii ) বক্ষ গহ্বৰত থকা পেশীয় অংগ ।
( iv ) পাতৰ পৃষ্ঠত থকা কিছুমান সৰু সৰু বিন্ধা ।
( v ) পতংগৰ শৰীৰৰ কাষত থকা কিছুমান সৰু ৰন্ধ ।
( vi ) মানুহৰ শ্বাস অংগ ।
( vii ) আমি যি বিন্ধাৰে উশাহ লওঁ ।
( viii ) এবিধ অবাত শ্বসন সম্পন্ন জীৱ ।
( ix ) এবিধ ট্রেকীয়াযুক্ত ক্ষুদ্র জীৱ ।
উত্তৰঃ
( i ) TRACHEA
( ii ) RIBS
( iii ) DIAPHRAGM
( iv ) STOMATA
( v ) SPIRACLES
( vi ) LUNGS
( vii ) NOSTRILS
( viii ) YEAST
( ix ) ANT
প্রশ্ন ৯: পর্বতাৰােহীবােৰে তেওঁলােকৰ লগত অক্সিজেন কঢ়িয়াই নিয়াৰ কাৰণ হল-
( a ) 5 কি.মি. উচ্চতাৰ ওপৰত বায়ু নাথাকে ।
( b ) তাত মানুহ এজনৰ বাবে প্রয়ােজনীয় বায়ু ভূ – পৃষ্ঠতকৈ কম ।
( c ) ভূ – পৃষ্ঠৰ বায়ুতকৈ তাৰ বায়ুৰ উচ্চতা বেছি
( d ) ভূ – পৃষ্ঠৰ বায়ুৰ চাপতকৈ তাৰ চাপ বেছি ।
উত্তৰঃ ( b ) তাত মানুহ এজনৰ বাবে প্রয়ােজনীয় বায়ু ভূ – পৃষ্ঠতকৈ কম ।
FAQs
Q1: What topics are covered in Class 7 Science Chapter 2 “জীৱৰ শ্বাস-প্ৰশ্বাস”?
This chapter covers types of respiration, the role of oxygen, respiratory systems in animals and plants, and the effects of respiration on energy production.
Q2: Where can I find SEBA Class 7 Science Chapter 2 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 2 “জীৱৰ শ্বাস-প্ৰশ্বাস” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 2 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):